Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    পাঠ - ১

    মুদ্রা আৰু বেংক ব্যৱস্থা

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤

    অতি চমু উত্তৰৰ প্ৰশ্ন :

    ১। বিনিময় প্রথা কি? 

    উত্তৰঃ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ পোনপটীয়া বা প্রত্যক্ষ বিনিময়েই হ'ল বিনিময় প্রথা।

    ২। মুদ্রা কি? 

    উত্তৰঃ বিনিময়ৰ মাধ্যম হিচাপে যাৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে আৰু যিয়ে মূল্যৰ মাপকাঠি তথা মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে, তেনে যিকোনো সামগ্ৰীয়েই হ'ল মুদ্রা।

    ৩। মুদ্রাৰ এটা মুখ্য কার্য উল্লেখ কৰা। 

    উত্তৰঃ মুদ্রাৰ এটা মুখ্য কাৰ্য হ'ল— ই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে।

    ৪। অবিহিত মুদ্রাৰ এটা উদাহৰণ দিয়া। 

    উত্তৰঃ অবিহিত মুদ্রাৰ এটা উদাহৰণ হ'ল— চেক (Cheque)।

    ৫। প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি? 

    উত্তৰঃ যি কাগজী মুদ্রাক বিনিময়ত সমমূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰ কৰিব পাৰি, তেনে মুদ্রাক প্রতিনিধিত্বমূলক কাগজী মুদ্রা বোলে।

    ৬। বেংক কি? 

    উত্তৰঃ বেংক হ’ল এবিধ বিত্তীয় অনুষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে, অৰ্থাৎ সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সেই ধন ঋণ লওঁতাসকললৈ আগবঢ়ায়।

    ৭। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল? 

    উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক ১৯৩৫ চনত স্থাপিত হৈছিল।

    ৮। চলিত আমানত কি? 

    উত্তৰঃ চলিত আমানত হ'ল বেংকত জমা থকা এনে এক ধন যাৰ জৰিয়তে আমানতকাৰীয়ে যিকোনো সময়তে চেকৰ সহায়ত নিজৰ জমা ধন উলিয়াই আনিব পাৰে।

    চমু উত্তৰৰ প্ৰশ্ন :

    ১। সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে? 

    উত্তৰঃ বিনিময় হ’বলৈ হ’লে দুয়োজন ব্যক্তিৰ মাজত অভাৱৰ মিল বা সংগতি থাকিব লাগে। ধৰা হ’ল 'ক'ক চাউলৰ বিনিময়ত মাছ লাগে, কিন্তু মাছ থকা 'খ'ক চাউল নালাগে। এনে পৰিস্থিতিত অভাৱৰ মিল নথকাৰ বাবে বিনিময় সম্ভৱ নহয়, যিটো বিনিময় প্ৰথাৰ এক ডাঙৰ সমস্যা।

    ২। মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা? 

    উত্তৰঃ সাধাৰণ সামগ্ৰীবোৰ বেছি দিনলৈ সাঁচি ৰাখিব নোৱাৰি কাৰণ সেইবোৰ সোনকালে নষ্ট হয়। কিন্তু মুদ্রাক ভৱিষ্যতৰ বাবে সঞ্চয় কৰি ৰাখিব পাৰি আৰু প্ৰয়োজন অনুসৰি সামগ্ৰী কিনিবলৈ ব্যৱহাৰ কৰিব পাৰি। ইয়াকে মূল্যৰ ভাণ্ডাৰ বোলা হয়।

    ৩। মুদ্রাৰ কোনটো বৈশিষ্ট্য আটাইতকৈ গুৰুত্বপূর্ণ আৰু কিয়? 

    উত্তৰঃ মুদ্রাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল— ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা। কাৰণ যদি কোনো বস্তু বিনিময়ৰ মাধ্যম হিচাপে সকলোৱে গ্ৰহণ নকৰে, তেন্তে সি কেতিয়াও মুদ্রা হ'ব নোৱাৰে।

    ৪। মুদ্রাৰ তাৰল্য গুণ কি? 

    উত্তৰঃ মুদ্রাক যদি তৎক্ষণাত আৰু প্রত্যক্ষভাৱে সমমূল্যৰ যিকোনো সা-সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি, তেন্তে তাক মুদ্রাৰ তাৰল্য গুণ বুলি কোৱা হয়। স্থাবৰ সম্পত্তিৰ (যেনে মাটি) তুলনাত নগদ ধনৰ তাৰল্য গুণ আটাইতকৈ বেছি।

    ৫। 'মুদ্রা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী'— ব্যাখ্যা কৰা। 

    উত্তৰঃ বজাৰত উপলব্ধ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্রাৰ জৰিয়তে প্ৰকাশ কৰা হয়। মুদ্রাই জোখ-মাখৰ একক হিচাপে কাম কৰে বাবে ইয়াৰ সহায়ত যিকোনো সামগ্ৰীৰ বিনিময় মূল্য বা দাম নিৰ্ধাৰণ কৰিব পাৰি।

    ৬। সসীম বিহিত আৰু অসীম বিহিত মুদ্রাৰ পার্থক্য কি?

    উত্তৰঃ

    পাৰ্থক্যৰ বিষয়সসীম বিহিত মুদ্ৰা (Limited Legal Tender)অসীম বিহিত মুদ্ৰা (Unlimited Legal Tender)
    ১. লেনদেনৰ পৰিসৰ

    কেৱল এটা নিৰ্দিষ্ট সীমা বা কম পৰিমাণৰ লেনদেনৰ বাবেহে ব্যৱহাৰ কৰিব পাৰি I

    যিকোনো অধিক মূল্যৰ লেনদেন যিকোনো পৰিমাণলৈকে সম্পাদন কৰিব পাৰি I

    ২. গ্ৰহণৰ বাধ্যবাধকতা

    এজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট পৰিমাণৰ ওপৰত এই মুদ্ৰা গ্ৰহণ নকৰিবও পাৰে I

    যিকোনো পৰিমাণৰ দেনা-পাওনা পৰিশোধৰ বাবে গ্ৰহণ কৰিবলৈ চৰকাৰীভাৱে বাধ্য I

    ৩. মুদ্ৰাৰ প্ৰকাৰ

    ভাৰতত প্ৰচলিত কম মূল্যৰ ধাতুৰ মুদ্ৰাসমূহ ইয়াৰ অন্তৰ্ভুক্ত I

    ভাৰতত প্ৰচলিত অধিক মূল্যৰ কাগজী নোটসমূহ ইয়াৰ উদাহৰণ I

    ৪. উদ্দেশ্য

    ইয়াৰ দ্বাৰা সৰু সৰু লেনদেনসমূহ কৰাত সুবিধা হয় I

    ইয়াৰ দ্বাৰা বৃহৎ পৰিমাণৰ বাণিজ্যিক বা ব্যৱসায়িক লেনদেন সহজ হয় I

    ৫. অসুবিধা

    অধিক মূল্যৰ লেনদেনত এই মুদ্ৰা ব্যৱহাৰ কৰিলে লওঁতাজনৰ বাবে বেমেজালি বা অসুবিধাৰ সৃষ্টি হয় I

    অধিক মূল্যৰ লেনদেনৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ সহজতে গ্ৰহণ কৰিব পাৰি I

    ৭। আঞ্চলিক গ্রাম্য বেংকে কি কার্য সম্পাদন কৰে? 

    উত্তৰঃ আঞ্চলিক গ্রাম্য বেংকৰ মুখ্য কাৰ্যবোৰ হ’ল:

    • দুখীয়া গাঁওবাসীক মহাজনৰ শোষণৰ পৰা ৰক্ষা কৰিবলৈ কম সুতৰ হাৰত ঋণ প্ৰদান কৰা।


    • গ্ৰাম্য অঞ্চলৰ সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কামত ব্যৱহাৰ কৰা।


    ৮। অনা-বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ কি অর্থত বেলেগ? 

    উত্তৰঃ অনা-বেংক বিত্তীয় প্রতিষ্ঠানসমূহ বেংকৰ পৰা দুটা দিশত বেলেগ:

    • এই প্রতিষ্ঠানসমূহে চেকৰ সুবিধা নিদিয়ে, অৰ্থাৎ গ্ৰাহকে চেকৰ জৰিয়তে ধন উলিয়াব নোৱাৰে।


    • বেংকত থকা সঞ্চয়ৰ বীমা থাকে, কিন্তু অনা-বেংক প্রতিষ্ঠানৰ সঞ্চয়ত তেনে সুৰক্ষা নাথাকে।


    দীঘল উত্তৰৰ প্ৰশ্ন :

    ১। বিনিময় প্রথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা। 

    উত্তৰঃ বিনিময় প্রথাৰ চাৰিটা প্রধান অসুবিধা হ’ল:

    • সংগতিবিহীন অভাৱ: এজনৰ ওচৰত থকা বস্তু আনজনৰ প্ৰয়োজন নহ’লে বিনিময় সম্ভৱ নহয়।


    • মূল্যৰ উমৈহতীয়া এককৰ অভাৱ: এটা বস্তুৰ বিনিময়ত আন এটা বস্তু কিমান পৰিমাণে দিব লাগিব, তাৰ কোনো সঠিক জোখ নাছিল।


    • বিভাজনীয়তাৰ অসুবিধা: বহুতো সামগ্ৰী (যেনে গৰু) সৰু সৰু ভাগত ভগাব নোৱাৰি বাবে বিনিময়ত অসুবিধা হৈছিল।


    • মূল্যৰ ভাণ্ডাৰৰ অভাৱ: মাছ, গাখীৰ আদি সামগ্ৰী বেছি দিনলৈ সাঁচি ৰাখিব নোৱাৰি বাবে সঞ্চয় কৰাটো অসম্ভৱ আছিল।


    ২। মুদ্রাৰ যিকোনো চাৰিটা প্রধান বৈশিষ্ট্য ব্যাখ্যা কৰা। 

    উত্তৰঃ মুদ্রাৰ চাৰিটা বৈশিষ্ট্য হ’ল:

    • সাধাৰণ গ্ৰহণযোগ্যতা: বিনিময়ৰ মাধ্যম হিচাপে ই সকলোৰে গ্ৰহণযোগ্য হ'ব লাগিব।


    • চিনাক্তকৰণ: মুদ্রাক সহজতে চিনি পাব পৰা হ’ব লাগিব।


    • স্থায়িত্ব: মুদ্রা সহজে নষ্ট হোৱা বস্তু হ'ব নোৱাৰিব; ই বেছি দিন টিকিব লাগিব।


    • তাৰল্য: মুদ্রাক তৎক্ষণাত সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পৰা গুণ থাকিব লাগিব।


    ৩। মুদ্রাই সম্পাদন কৰা চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা। 

    উত্তৰঃ মুদ্রাৰ চাৰিটা কাৰ্য হ'ল:

    • বিনিময়ৰ মাধ্যম: মুদ্রাই সামগ্ৰী কিনা-বেচাৰ কামটো সহজ কৰি তোলে।


    • মূল্যৰ মাপকাঠি: সকলো সামগ্ৰীৰ মূল্য মুদ্রাত প্ৰকাশ কৰা হয়।


    • স্থগিত দেনা-পাওনাৰ মানদণ্ড: ঋণ লোৱা বা ধাৰে সামগ্ৰী কিনাৰ পাছত ভৱিষ্যতে কৰিবলগীয়া পৰিশোধ মুদ্রাত কৰা হয়।


    • মূল্যৰ ভাণ্ডাৰ: মানুহে মুদ্রাক ভৱিষ্যতৰ বাবে সঞ্চয় কৰি ৰাখিব পাৰে।


    ৪। চেক এখন মুদ্রা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা। 

    উত্তৰঃ প্ৰকৃততে চেক মুদ্রা নহয়; ই কেৱল মুদ্রা পৰিশোধৰ এটা আদেশহে। ইয়াৰ কাৰণবোৰ হ’ল:

    • চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা নাই; এজন দোকানীক চেক দিলে তেওঁ ল'বলৈ বাধ্য নহয়।


    • ই বিহিত মুদ্রা নহয়, অৰ্থাৎ চেক গ্ৰহণ নকৰিলে কোনো ব্যক্তিক আইনীভাৱে দণ্ড দিয়া নহয়। গতিকে ইয়াক 'নিকট মুদ্রা' (Near Money) বুলিহে কোৱা হয়।


    ৫। মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা প্রধান অসুবিধা ব্যাখ্যা কৰা। 

    উত্তৰঃ মুদ্রাৰ চাৰিটা অসুবিধা হ’ল:

    • মূল্যৰ অস্থিৰতা: মুদ্রাস্ফীতি হ’লে বা বস্তুৰ দাম বাঢ়িলে টকাৰ মূল্য কমি যায়, যাৰ ফলত মানুহৰ কষ্ট হয়।


    • সামাজিক বৈষম্য: মুদ্রাই ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান বৃদ্ধি কৰি সামাজিক বৈষম্যৰ সৃষ্টি কৰে।


    • মূল্যবোধৰ অৱক্ষয়: টকাৰ লোভত পৰি মানুহে দুৰ্নীতি, অনিয়ম আদি অসামাজিক কামত লিপ্ত হয়।


    • ক’লা মুদ্রাৰ সৃষ্টি: আয়কৰ ফাঁকি দিয়া বা অবৈধ কামৰ জৰিয়তে ক’লা মুদ্রাৰ সৃষ্টি হয়, যিয়ে অৰ্থনীতিৰ ক্ষতি কৰে।


    ৬। কেন্দ্রীয় বেংকৰ চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা। 

    উত্তৰঃ কেন্দ্রীয় বেংকৰ (ভাৰতীয় ৰিজাৰ্ভ বেংক) চাৰিটা কাৰ্য হ’ল:

    • নোট ছপা কৰা: দেশত কাগজী মুদ্রা ছপা কৰাৰ একচেটীয়া অধিকাৰ কেৱল কেন্দ্রীয় বেংকৰহে আছে।


    • বেংকসমূহৰ বেংক: ই আন সকলো বেংকৰ হিচাপ পৰীক্ষা কৰে আৰু বিপদৰ সময়ত সহায় কৰে।


    • মুদ্রা আৰু ঋণ নিয়ন্ত্রণ: দেশত মুদ্রাৰ যোগান আৰু বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতা নিয়ন্ত্রণ কৰে।


    • বৈদেশিক মুদ্রাৰ ৰক্ষক: দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্রাৰ ভাণ্ডাৰ কেন্দ্রীয় বেংকে ৰক্ষণাবেক্ষণ দিয়ে।


    ৭। বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য ব্যাখ্যা কৰা। 

    উত্তৰঃ বাণিজ্যিক বেংকৰ দুটা প্রধান কাৰ্য হ’ল:

    • সঞ্চয় সংগ্ৰহ: বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা চলিত আমানত, সঞ্চয় আমানত আৰু স্থিৰ আমানতৰ জৰিয়তে ধন সংগ্ৰহ কৰে।

    • ঋণ প্ৰদান: বেংকে সংগ্ৰহ কৰা সঞ্চয়ৰ এটা অংশ কৃষক, ব্যৱসায়ী আৰু উদ্যোগপতিসকলক ঋণ হিচাপে আগবঢ়ায়।

    ৮। তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহে কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা:

    (ক) আই ডি বি আই (IDBI - Industrial Development Bank of India)

    উত্তৰঃ ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক ১৯৬৪ চনত স্থাপিত হৈছিল. এই বেংকৰ মূল উদ্দেশ্য হ'ল উদ্যোগিক খণ্ডৰ প্ৰসাৰ আৰু বিকাশৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা. ই পোনপটীয়াভাৱে উদ্যোগসমূহক ঋণ প্ৰদান কৰাৰ উপৰিও ৰাজ্যিক বিত্তীয় নিগম আৰু বাণিজ্যিক বেংকসমূহক বিত্তীয় সহায় কৰি পৰোক্ষভাৱেও উদ্যোগসমূহক লাভান্বিত কৰে. ইয়াৰ উপৰিও, অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলৰ উদ্যোগসমূহক ৰেহাই সুদৰ হাৰত ঋণ প্ৰদান কৰে. উদ্যোগবিহীন জিলাসমূহত উদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে এই বেংকটোৱে বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি জনসাধাৰণক আগুৱাই নিয়াত সহায় কৰে I

    (খ) আঞ্চলিক গ্ৰাম্য বেংক (Regional Rural Bank)

    উত্তৰঃ ১৯৭৫ চনত ভাৰতবৰ্ষত প্ৰথমটো আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল. এই বেংকৰ প্ৰধান কাৰ্য হ'ল গ্ৰাম্য অৰ্থনীতি সবল কৰা. ই গাঁওবাসী লোকসকলক মহাজনৰ শোষণৰ পৰা ৰক্ষা কৰিবলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰে. গ্ৰাম্য অঞ্চলত থকা সৰু সৰু সঞ্চয়সমূহ সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই ধন ব্যৱহাৰ কৰাটো এই বেংকৰ অন্য এক উল্লেখযোগ্য কাম. ২০১৪ চনৰ তথ্য অনুসৰি ভাৰতবৰ্ষত বৰ্তমান ৫৭ টা আঞ্চলিক গ্ৰাম্য বেংক সক্ৰিয় হৈ আছে যিবোৰে গ্ৰাম্য উন্নয়নৰ বাবে কাম কৰি আহিছে I

    (গ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক (NABARD 

    উত্তৰঃ ১৯৮২ চনত নাবার্ড (NABARD) স্থাপন কৰা হয়. পূৰ্বে গ্ৰাম্য ঋণৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে যিবোৰ দায়িত্ব পালন কৰিছিল, সেই সকলোবোৰ কাৰ্য বৰ্তমান নাবার্ডে পালন কৰে. ই গাঁও অঞ্চলৰ কৃষি, বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত অনুষ্ঠানসমূহৰ সৰ্বোচ্চ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হিচাপে পৰিচিত. নাবার্ডে ঋণ প্ৰদান প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰা, আঁচনিসমূহৰ পুনৰীক্ষণ কৰা আৰু সমন্বয় ৰক্ষাত গুৰুত্ব দিয়ে. ই ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰিজাৰ্ভ বেংকৰ মাজত সমন্বয় ৰক্ষা কৰি গ্ৰাম্য উন্নয়নৰ কামবোৰ পৰিচালনা কৰে I

    (ঘ) ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (SIDBI)

    উত্তৰঃ ১৯৮৯ চনত সংসদত ছিদবি আইন গৃহীত হয় আৰু ১৯৯০ চনৰ পৰা ই কাৰ্যকৰী হয়. ইয়াৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত. এই বেংকৰ মূল কাম হ'ল ক্ষুদ্ৰ উদ্যোগসমূহক আধুনিকীকৰণ কৰা আৰু নতুন প্ৰযুক্তিবিদ্যাৰ ব্যৱস্থা কৰা. ক্ষুদ্ৰ উদ্যোগত উৎপাদিত সামগ্ৰীবোৰৰ বাবে বজাৰৰ সুবিধা কৰি দিয়াটো ইয়াৰ অন্য এক লক্ষ্য. অৰ্ধ-নগৰ এলেকাৰ ক্ষুদ্ৰ উদ্যোগত অধিক নিযুক্তিৰ সৃষ্টি কৰি গাঁৱৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিৰ্গমন ৰোধ কৰিবলৈ ই চেষ্টা কৰে. ৰাজ্যিক বিত্ত নিগম আৰু বাণিজ্যিক বেংকৰ জৰিয়তে ই ক্ষুদ্ৰ উদ্যোগলৈ ঋণ আগবঢ়ায় I

    মুদ্রা আৰু বেংক ব্যৱস্থা 100 MCQ

    Download OMR SHEET






















































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website