Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায়- 9

    উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    অনুশীলনী

    ১। খালী ঠাই পূৰণ কৰা :

    (ক) প্ৰাকৃতিক আৱাসস্থানত প্ৰাণীবোৰক সংৰক্ষণ কৰা স্থানক ______ বোলে।

    উত্তৰ: প্ৰাকৃতিক আৱাসস্থানত প্ৰাণীবোৰক সংৰক্ষণ কৰা স্থানক অভয়াৰণ্য বোলে ।

    (খ) কেৱল এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক ______ বোলা হয়।

    উত্তৰ: কেৱল এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক থলুৱা প্ৰজাতি বোলা হয় ।

    (গ) পৰিভ্ৰমী চৰাইবোৰ ______ পৰিবৰ্তনৰ বাবে বহুত দূৰলৈ উৰি যায়।

    উত্তৰ: পৰিভ্ৰমী চৰাইবোৰ জলবায়ুৰ পৰিবৰ্তনৰ বাবে বহুত দূৰলৈ উৰি যায় ।

    ২। তলত দিয়াবোৰৰ পাৰ্থক্য লিখা। 

    (ক) অভয়াৰণ্য আৰু সংৰক্ষিত জীৱমণ্ডল। 

    উত্তৰ: 

    অভয়াৰণ্য (Sanctuary)সংৰক্ষিত জীৱমণ্ডল (Biosphere Reserve)

    যি অঞ্চলত প্ৰাণীসমূহ আৰু সিহঁতৰ আৱাসস্থানক কোনো ক্ষতি নোহোৱাকৈ সুৰক্ষিত কৰি ৰখা হয় ।

    বন্যপ্ৰাণী, উদ্ভিদ আৰু প্ৰাণীসম্পদৰ লগতে তাত বাস কৰা জনজাতীয় লোকৰ জীৱনধাৰা সংৰক্ষণ কৰা বৃহৎ অঞ্চল ।

    ই তুলনামূলকভাৱে সৰু অঞ্চল ।

    ই এক অতি বৃহৎ সুৰক্ষিত অঞ্চল ।

    মূলতঃ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নিৰ্মিত ।

    জৈৱ বৈচিত্ৰ্য আৰু সেই অঞ্চলৰ সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ বাবে নিৰ্মিত ।

    (খ) চিৰিয়াখানা আৰু অভয়াৰণ্য। 

    উত্তৰ: 

    চিৰিয়াখানা (Zoo)অভয়াৰণ্য (Sanctuary)

    ই এক কৃত্ৰিম আৱাসস্থান য’ত প্ৰাণীক আৱদ্ধ ঠাইত ৰখা হয় ।

    ই প্ৰাণীবোৰৰ নিজা প্ৰাকৃতিক আৱাসস্থান ।

    প্ৰাণীবোৰ আৱদ্ধ হৈ থাকে আৰু মানুহৰ তত্ত্বাৱধানত থাকে ।

    প্ৰাণীবোৰে মুক্তভাৱে আৰু কোনো বাধা নোহোৱাকৈ বিচৰণ কৰিব পাৰে ।

    ই মানৱনিৰ্মিত কৃত্ৰিম পৰিৱেশ ।

    ই প্ৰাকৃতিক পৰিৱেশ ।

    (গ) লুপ্তপ্ৰায় আৰু বিলুপ্ত প্ৰজাতি। 

    উত্তৰ: 

    লুপ্তপ্ৰায় প্ৰজাতি (Endangered Species)বিলুপ্ত প্ৰজাতি (Extinct Species)

    যিবোৰ প্ৰাণীৰ সংখ্যা অতিশয় কমি গৈছে আৰু বিলুপ্ত হোৱাৰ পথত ।

    যিবোৰ প্ৰাণী ইতিমধ্যে পৃথিৱীৰ পৰা চিৰদিনৰ বাবে নোহোৱা হৈ গৈছে ।

    বাঘ, সোণালী বান্দৰ, এশিঙীয়া গঁড় আদি ।

    ডাইন'ছ'ৰ ।

    এইবোৰৰ খতিয়ান 'ৰেড ডেটা বুক'ত পোৱা যায় ।

    এইবোৰৰ কোনো জীৱন্ত সদস্য বৰ্তমান পৃথিৱীত নাই ।

    (ঘ) উদ্ভিদকুল আৰু প্ৰাণীকুল।

    উত্তৰ: 

    উদ্ভিদকুল (Flora)প্ৰাণীকুল (Fauna)

    কোনো এটা নিৰ্দিষ্ট অঞ্চলত পোৱা সকলো ধৰণৰ উদ্ভিদৰ সমষ্টি ।

    কোনো এটা নিৰ্দিষ্ট অঞ্চলত বাস কৰা সকলো ধৰণৰ প্ৰাণীৰ সমষ্টি ।

    শাল, চেগুন, আজাৰ, আমগছ, বট গছ আদি ।

    বাঘ, হাতী, সোণালী বান্দৰ, হৰিণা, বিভিন্ন চৰাই আদি ।

    ৩। তলত দিয়াবোৰৰ ওপৰত নিৰ্বনীকৰণৰ প্ৰভাৱসমূহ আলোচনা কৰা। 

    (ক) বন্যপ্ৰাণী 

    উত্তৰ:নিৰ্বনীকৰণে বন্যপ্ৰাণীৰ ওপৰত অতি ভয়াবহ প্ৰভাৱ পেলায়। অৰণ্যসমূহ হৈছে বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থান । গছ-গছনি কটাৰ ফলত এই প্ৰাণীসমূহৰ আশ্ৰয়স্থল ধ্বংস হয় আৰু খাদ্যৰ নাটনি ঘটে । আৱাসস্থলৰ ধ্বংস আৰু নতুন প্ৰজাতিৰ প্ৰৱৰ্তনে থলুৱা প্ৰজাতিসমূহৰ স্থিতি বিপদাপন্ন কৰি তোলে । যিবোৰ প্ৰাণীৰ সংখ্যা অতিশয় কমি গৈছে সেইবোৰ লুপ্তপ্ৰায় স্তৰ পায়গৈ । বহুতো প্ৰাণীয়ে নিজৰ বাসস্থান হেৰুৱাই লোকালয়লৈ ওলাই আহে আৰু অৱশেষত অস্তিত্বৰ সংকটত পৰে ।

    (খ) পৰিৱেশ 

    উত্তৰ:নিৰ্বনীকৰণে পৰিৱেশৰ ভাৰসাম্যত ব্যাঘাত জন্মায় । ই বায়ুমণ্ডলত প্ৰদূষণৰ মান বৃদ্ধি কৰে । গছ কমি গ’লে সালোক-সংশ্লেষণৰ বাবে ব্যৱহৃত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ হ্ৰাস পায়, যাৰ ফলত বায়ুমণ্ডলত এই গেছৰ মাত্ৰা বৃদ্ধি হয় । ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয় । তদুপৰি ই জলচক্ৰৰ বিজুতি ঘটায় আৰু বৰষুণৰ পৰিমাণ কমাই দিয়ে । নিৰ্বনীকৰণে মাটিৰ পানী ধাৰণ ক্ষমতাও হ্ৰাস কৰে ।

    (গ) গাঁও (গ্ৰামাঞ্চল)

    উত্তৰ:গ্ৰামাঞ্চলৰ কৃষি আৰু অৰ্থনীতি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। নিৰ্বনীকৰণৰ ফলত অধিক ভূমি ক্ষয় হয় আৰু মাটিৰ উৰ্বৰতম স্তৰটো আঁতৰি যায় । ইয়াৰ ফলত সাৰুৱা ভূমি মৰুভূমিলৈ পৰিৱৰ্তিত হয়, যাক মৰুভূমিকৰণ বোলা হয় । ইয়াৰ উপৰি গাঁওসমূহত বানপানী আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পায় । অৰণ্যৰ ওপৰত নিৰ্ভৰশীল জনজাতীয় লোকসকলে তেওঁলোকৰ জীৱিকা আৰু খাদ্যৰ সন্ধানত সমস্যাৰ সন্মুখীন হয় ।

    (ঘ) নগৰ (চহৰাঞ্চল) 

    উত্তৰ: নগৰীয়া জীৱনত নিৰ্বনীকৰণে প্ৰত্যক্ষ প্ৰদূষণৰ সৃষ্টি কৰে । গছ-গছনিৰ অভাৱত চহৰৰ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড বৃদ্ধি হয় আৰু অক্সিজেনৰ মাত্ৰা কমি যায় । গছ কমি যোৱাৰ বাবে নগৰ অঞ্চলত ভূ-গৰ্ভস্থ পানীৰ স্তৰ যথেষ্ট পৰিমাণে কমি যায় । ইয়াৰ ফলত খোৱা পানীৰ সংকট গা কৰি উঠে। তদুপৰি গোলকীয় উষ্ণতা বৃদ্ধিয়ে চহৰৰ গৰম অসহ্য কৰি তোলে আৰু চহৰীয়া স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় ।

    (ঙ) পৃথিৱী 

    উত্তৰ:গোটেই পৃথিৱীৰ বাবে নিৰ্বনীকৰণ এক ডাঙৰ ভাবুকি । ই গোলকীয় উষ্ণতা বৃদ্ধি কৰি মেৰু অঞ্চলৰ বৰফ গলাই সাগৰৰ জলপৃষ্ঠ বঢ়াই দিব পাৰে । নিৰ্বনীকৰণৰ ফলত পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যতা ধ্বংস হয় । ই বায়ুমণ্ডলৰ জলচক্ৰ সলনি কৰি দিয়ে, যাৰ ফলত কোনো ঠাইত প্ৰচণ্ড বানপানী আৰু কোনো ঠাইত তীব্ৰ খৰাং হয় । ইয়াৰ ফলত মাটিৰ গুণাগুণ সলনি হয় আৰু পৃথিৱীখন ক্ৰমান্বয়ে মানুহৰ বাসৰ অনুপযোগী হৈ পৰে ।

    (চ) উত্তৰ প্ৰজন্ম

    উত্তৰ:আমি যদি বৰ্তমানৰ হাৰত গছ কাটি থাকোঁ, তেন্তে উত্তৰ প্ৰজন্মই এক ভয়ংকৰ পৰিৱেশৰ সন্মুখীন হ’ব । তেওঁলোকে বিশুদ্ধ বায়ু, পৰ্যাপ্ত পানী আৰু প্ৰাকৃতিক সম্পদৰ অভাৱত ভুগিব । অৰণ্যৰ পৰা পোৱা লাগতিয়াল দ্ৰব্য যেনে কাঠ, কাগজ আৰু ঔষধৰ নাটনি হ’ব । আমি যদি আমাৰ সেউজ সম্পদ তেওঁলোকৰ বাবে থৈ যাব খোজোঁ, তেন্তে অধিক গছ ৰোপণ কৰাটোৱেই একমাত্ৰ বিকল্প । অন্যথা উত্তৰ প্ৰজন্মই কেৱল এক প্ৰদূষিত পৃথিৱীহে উপহাৰ পাব।

    ৪। কি হ’ব পাৰে যদি— 

    (ক) আমি গছ কাটি থাকোঁ। 

    উত্তৰ:

    ১. বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব, কাৰণ উদ্ভিদে সালোক-সংশ্লেষণৰ বাবে ব্যৱহাৰ কৰিবলৈ গছৰ সংখ্যা কমি যাব । 

    ২. পৃথিৱীত বৃদ্ধি হোৱা উষ্ণতাই জলচক্ৰৰ বিজুতি ঘটাব আৰু ইয়াৰ ফলত বৰষুণৰ পৰিমাণ কমি যাব । 

    ৩. গোলকীয় উষ্ণতা বৃদ্ধি পাব । 

    ৪. বৰষুণৰ পৰিমাণ কমি যোৱাৰ ফলত তীব্ৰ খৰাঙৰ সৃষ্টি হ'ব পাৰে । 

    ৫. গছ কমি যোৱাৰ ফলত অধিক ভূমি ক্ষয় হ’ব আৰু মাটিৰ গুণাগুণ সলনি হ’ব ।

    (খ) প্ৰাণীৰ বাসস্থান বাধাগ্রস্ত হয়। 

    উত্তৰ:

    ১. বন্যপ্ৰাণীৰ খাদ্য আৰু আশ্ৰয়ৰ উৎস নাইকীয়া হৈ পৰিব, যিটো সিহঁতৰ অস্তিত্বৰ বাবে এক ডাঙৰ ভাবুকি । 

    ২. প্ৰাণীবোৰে সিহঁতৰ প্ৰাকৃতিক আৱাসস্থানত মুক্তভাৱে বিচৰণ কৰিবলৈ আৰু প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰিবলৈ অসমৰ্থ হ'ব । 

    ৩. আৱাসস্থানৰ ধ্বংস আৰু বাধাৰ বাবে বন্যপ্ৰাণীসমূহৰ স্থিতি বিপদাপন্ন বা লুপ্তপ্ৰায় হৈ পৰিব । 

    ৪. প্ৰাণীবোৰে জীয়াই থাকিবলৈ অসুবিধাৰ সন্মুখীন হ’ব আৰু সিহঁতৰ স্বাভাৱিক বংশবৃদ্ধিত ব্যাঘাত জন্মিব । 

    ৫. অৱশেষত প্ৰজাতিবোৰ পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিলুপ্ত হৈ যাব পাৰে ।

    (গ) মাটিৰ উৰ্বৰতম স্তৰ উন্মুক্ত হয়।

    উত্তৰ:

    ১. গছ-গছনিৰ অভাৱত মাটিৰ ওপৰৰ স্তৰটো খহি যাব বা বতাহ-পানীয়ে উটুৱাই নিব, যাক ভূমি ক্ষয় বোলা হয় । 

    ২. মাটিৰ উৰ্বৰতম স্তৰটো আঁতৰি গ’লে তলৰ টান আৰু শিলাময় স্তৰটো ওলাই পৰিব । 

    ৩. এই উন্মুক্ত মাটিত জৈৱ মৃত্তিকা বা হিউমাছৰ পৰিমাণ অতি কমি যাব । 

    ৪. মাটিৰ উৰ্বৰতা আৰু পানী ধাৰণ ক্ষমতা যথেষ্ট হ্ৰাস পাব । 

    ৫. সাৰুৱা ভূমি ক্ৰমান্বয়ে মৰুভূমিলৈ পৰিৱৰ্তিত হ’ব, যাক মৰুভূমিকৰণ বোলে ।

    ৫। চমু উত্তৰ দিয়া—

    (ক) আমি কিয় জৈৱ বৈচিত্ৰ্যতা সংৰক্ষণ কৰিব লাগে?

    উত্তৰ: পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আৰু মানৱ জাতিৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ জৈৱ বৈচিত্ৰ্যতা সংৰক্ষণ কৰা অপৰিহাৰ্য ।

    (খ) সংৰক্ষিত অৰণ্যবোৰো বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণ নিৰাপদ নহয়। কিয়? 

    উত্তৰ: কাৰণ অৰণ্যৰ ওচৰে-পাঁজৰে থকা একাংশ মানুহে অবৈধ বেদখল কৰে আৰু চোৰাং চিকাৰীয়ে প্ৰাণী চিকাৰ কৰে ।

    (গ) কিছুমান জনজাতীয় লোক অৰণ্যৰ ওপৰত নিৰ্ভৰশীল। কেনেদৰে? 

    উত্তৰ: তেওঁলোকে খাদ্য, ইন্ধন হিচাপে কাঠ, ঔষধ আৰু বাসস্থানৰ বাবে সম্পূৰ্ণৰূপে অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰে ।

    (ঘ) নিৰ্বনীকৰণৰ কাৰণ আৰু পৰিণতি কি?

    উত্তৰ: কাৰণ: কৃষিকাৰ্যৰ বাবে ভূমি আহৰণ, গৃহ আৰু কাৰখানা নিৰ্মাণ আদি ।

    পৰিণতি: গোলকীয় উষ্ণতা বৃদ্ধি, বানপানী, খৰাং আৰু মৰুভূমিকৰণ ।

    (ঙ) ৰেড ডেটা বুক কি? 

    উত্তৰ: ই হৈছে সকলো লুপ্তপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ খতিয়ান বা তালিকা ৰখা এখন সমল-পুথি ।

    (চ) প্ৰব্ৰজন/পৰিভ্ৰমণ বুলিলে কি বুজা? 

    উত্তৰ: প্ৰজনন বা প্ৰতিকূল জলবায়ুৰ পৰা ৰক্ষা পাবলৈ কোনো প্ৰজাতিৰ জীৱই নিজৰ আৱাসস্থানৰ পৰা অন্য দূৰ ঠাইলৈ কৰা সাময়িক যাত্ৰাক প্ৰব্ৰজন বোলে ।

    ৬। কাৰখানা আৰু বাসস্থানৰ বাঢ়ি অহা চাহিদা পূৰণ কৰাৰ বাবে গছবোৰ অবিৰতভাৱে কটা হয়। এনে ধৰণৰ প্ৰকল্পৰ বাবে গছ কটা বিবেচনেনে? আলোচনা কৰা আৰু এটা চমু টোকা প্ৰস্তুত কৰা।

    উত্তৰ: কাৰখানা আৰু বাসস্থানৰ চাহিদা পূৰণৰ বাবে গছ কটাটো কোনো কাৰণতে যুক্তিসংগত নহয় । যদিও ঔদ্যোগিকীকৰণ আৰু নগৰীকৰণে অৰ্থনৈতিক বিকাশ আনে, ইয়াৰ ফলত হোৱা নিৰ্বনীকৰণে মানৱ জাতিৰ কল্যাণ আৰু অস্তিত্ব ৰক্ষাৰ বাবে অপৰিহাৰ্য উদ্ভিদ আৰু প্ৰাণীকুলক ধ্বংস কৰে । অৰণ্য ধ্বংস কৰাৰ ফলত পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত হয়, গোলকীয় উষ্ণতা বৃদ্ধি পায় আৰু বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যায় । ইয়াৰ ফলত প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী আৰু খৰাঙৰ সম্ভাৱনা বৃদ্ধি পায় । যদি আমি কেৱল উন্নয়নৰ স্বাৰ্থত গছ কাটি থাকোঁ, তেন্তে ভৱিষ্যতে আমি বিশুদ্ধ অক্সিজেন, পানী আৰু অৰণ্যৰ পৰা পোৱা প্ৰাকৃতিক সম্পদসমূহৰ তীব্ৰ নাটনিৰ সন্মুখীন হ’ম । গতিকে, বহনক্ষম উন্নয়নৰ বাবে গছ কটাৰ পৰিবৰ্তে বিকল্প ভূমি ব্যৱহাৰ আৰু অধিক বৃক্ষৰোপণৰ (Reforestation) ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় ।

    ৭। তোমাৰ এলেকাৰ সেউজ সম্পদৰ ৰক্ষণাবেক্ষণৰ বাবে তুমি কেনেদৰে অৰিহণা যোগাবা? তুমি গ্ৰহণ কৰা কাৰ্য পদ্ধতিৰ এখন তালিকা প্ৰস্তুত কৰা।

    উত্তৰ: আমাৰ এলেকাৰ সেউজ সম্পদসমূহ ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব। ইয়াৰ বাবে মই গ্ৰহণ কৰিব পৰা কাৰ্য পদ্ধতিসমূহ হ’ল:


    • অধিক বৃক্ষৰোপণ: প্ৰতিটো বিশেষ দিনত বা খালী থকা ঠাইত স্থানীয় প্ৰজাতিৰ গছপুলি ৰোপণ কৰা ।



    • সজাগতা সৃষ্টি: বন্ধু-বান্ধৱী আৰু আত্মীয়সকলক গছৰ গুৰুত্ব আৰু ইয়াৰ সুফলসমূহৰ বিষয়ে বুজাই দিয়া ।



    • কাগজ সঞ্চয়: কাগজৰ অপব্যয় ৰোধ কৰা, কাৰণ কাগজ তৈয়াৰ কৰিবলৈ বহুতো পৈণত গছৰ প্ৰয়োজন হয় ।


    • গছ কটা প্ৰতিৰোধ: কোনোৱে বিনা কাৰণত গছ কাটিলে সেই বিষয়ে স্থানীয় কৰ্তৃপক্ষক জনোৱা বা বাধা দিয়া।

    • পৰিচৰ্যা: কেৱল গছ ৰোপণ কৰাই নহয়, সেইবোৰ ডাঙৰ নোহোৱালৈকে সঠিক যত্ন লোৱা।

    • উপহাৰ হিচাপে গছ: জন্মদিন বা আন অনুষ্ঠানত আনক গছপুলি উপহাৰ হিচাপে দিয়া।


    • আইনৰ প্ৰতি সন্মান: চৰকাৰী বনাঞ্চল সংৰক্ষণ আইনসমূহ মানি চলা ।


    ৮। নিৰ্বনীকৰণে কিদৰে বৰষুণৰ পৰিমাণ হ্রাস কৰে? ব্যাখ্যা কৰা।

    উত্তৰ: নিৰ্বনীকৰণে বৰষুণৰ পৰিমাণ হ্ৰাস কৰাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। উদ্ভিদসমূহে সালোক-সংশ্লেষণৰ বাবে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰে । যেতিয়া গছৰ সংখ্যা কমি যায়, বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পায় । এই কাৰ্বন-ডাই-অক্সাইডে পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা তাপৰ ৰশ্মিবোৰ ধৰি ৰাখে, যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পায় । পৃথিৱীত বৃদ্ধি হোৱা এই উষ্ণতাই স্বাভাৱিক জলচক্ৰৰ বিজুতি ঘটায় । যেতিয়া জলচক্ৰৰ ধাৰা সলনি হয়, তেতিয়া বৰষুণৰ পৰিমাণ ক্ৰমান্বয়ে কমি যায় । তদুপৰি গছ-গছনিৰ বাষ্পীভৱন প্ৰক্ৰিয়াৰ অভাৱত বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ হ্ৰাস পায়, যিয়ে বৰষুণ হোৱাত বাধাৰ সৃষ্টি কৰে। এনেদৰে নিৰ্বনীকৰণে পৰিৱেশত খৰাঙৰ সৃষ্টি কৰিব পাৰে ।

    ৯। তোমাৰ ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ বিচাৰি উলিওৱা। ভাৰতবৰ্ষৰ পৰিলেখন মানচিত্ৰত এইবোৰ চিনাক্ত কৰা আৰু এইবোৰৰ অৱস্থান দেখুওৱা।

    উত্তৰ: অসমত বৰ্তমান সাতখন ৰাষ্ট্ৰীয় উদ্যান আছে। তোমালোকৰ পাঠ্যপুথিৰ তথ্য অনুসৰি মূল কেইখনমান হ'ল: 

    ১. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান: ই গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত । ই এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত । 

    ২. মানাহ ৰাষ্ট্ৰীয় উদ্যান: ই বাগসা আৰু চিৰাং জিলাত অৱস্থিত । ই এক বিশ্ব ঐতিহ্য ক্ষেত্ৰ । 

    ৩. নামেৰি ৰাষ্ট্ৰীয় উদ্যান: ই শোণিতপুৰ জিলাত অৱস্থিত । 

    ৪. ওৰাং (ৰাজীৱ গান্ধী) ৰাষ্ট্ৰীয় উদ্যান: ই শোণিতপুৰ আৰু দৰং জিলাত অৱস্থিত । 

    ৫. ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান: ই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত । 

    ৬. ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান: ই কোকৰাঝাৰ জিলাত অৱস্থিত । 

    ৭. দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান: ই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত । ভাৰতবৰ্ষৰ মানচিত্ৰত অসম উত্তৰ-পূব দিশত অৱস্থিত। এই উদ্যানসমূহ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ আৰু দক্ষিণ পাৰে অৱস্থিত।

    ১০। কাগজ কিয় সঞ্চয় কৰিব লাগে? তুমি কেনেদৰে কাগজ সঞ্চয় কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰা।

    উত্তৰ: কাগজ সঞ্চয় কৰাটো অতি প্ৰয়োজনীয় কাৰণ এক টন কাগজ তৈয়াৰ কৰিবলৈ প্ৰায় ১৭ জোপা পৈণত গছৰ প্ৰয়োজন হয় । কাগজ সঞ্চয় কৰিলে আমি কেৱল গছবোৰকেই নহয়, লগতে কাগজ তৈয়াৰ কৰাত ব্যৱহৃত শক্তি, পানী আৰু ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যৰ পৰিমাণো হ্ৰাস কৰিব পাৰোঁ ।

    মই কাগজ সঞ্চয় কৰাৰ বাবে গ্ৰহণ কৰা পদ্ধতিসমূহ হ’ল:

    • কাগজৰ সদায় দুয়োপাৰ ব্যৱহাৰ কৰোঁ।

    • পুৰণি বহীৰ খালী থকা পাতবোৰ 'ৰাফ' কামৰ বাবে ব্যৱহাৰ কৰোঁ।

    • ব্যৱহৃত কাগজ পুনৰাবৰ্তনৰ (Recycle) বাবে পঠাওঁ, কাৰণ এখন কাগজ ৫ ৰ পৰা ৭ বাৰ পৰ্যন্ত পুনৰ ব্যৱহাৰ কৰিব পাৰি ।

    • ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি কাগজৰ ব্যৱহাৰ কমাবলৈ চেষ্টা কৰোঁ।

    • বন্ধু-বান্ধৱীক কাগজ অপচয় নকৰিবলৈ উৎসাহিত কৰোঁ।

    • অনাৱশ্যকভাৱে কাগজ ফালি নেপেলাওঁ।


    উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন













































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website