Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায় - 18

    তৰা আৰু সৌৰজগত

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    অনুশীলনী :

    ১। তলৰ বাক্যসমূহ সত্য (স) আৰু অসত্য (অ) হিচাপে চিহ্নিত কৰা:

    ক) চন্দ্ৰ পৃথিৱীৰ এটা কৃত্রিম উপগ্রহ।

    উত্তৰ: অসত্য (অ) (কাৰণ চন্দ্ৰ পৃথিৱীৰ এটা প্ৰাকৃতিক উপগ্ৰহ)।

    খ) বুধ সৌৰজগতৰ ক্ষুদ্রতম গ্রহ।

    উত্তৰ: সত্য (স) ।

    গ) উপগ্রহবোৰ সৌৰজগতৰ সদস্য নহয়।

    উত্তৰ: অসত্য (অ) (কাৰণ উপগ্ৰহবোৰ সৌৰজগতৰ অন্যতম সদস্য)।

    ঘ) নেপচুন সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্রহ।

    উত্তৰ: সত্য (স) ।

    ঙ) সৌৰজগতত নটা গ্রহ আছে।

    উত্তৰ: অসত্য (অ) (কাৰণ বৰ্তমান সৌৰজগতত আঠটা গ্ৰহ আছে)।

    ২। খালী ঠাই পূৰ কৰা:

    ক) তৰাবোৰে পূবৰ পৰা পশ্চিমলৈ গতি কৰে।

    খ) আৰ্যভট্ট ভাৰতৰ প্ৰথম কৃত্রিম উপগ্রহ।

    গ) পৃথিৱীৰ প্ৰায় সকলো শক্তিৰ উৎস হ’ল সূৰ্য।

    ঘ) আলোকবর্ষ হ’ল পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্ব।

    ঙ) শুক্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্রহ।

    ৩। সৌৰজগতৰ চিত্ৰ আঁকি তাত গ্ৰহবোৰৰ স্থান দেখুওৱা।

    উত্তৰ: 

    ৪। তাৰকাপুঞ্জ মানে কি? যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা।

    উত্তৰ: যিবিলাক তৰাই আকাশত থুপ বান্ধি একোটা বিশেষ চিনাকি আকৃতি লাভ কৰে, সেইবোৰক তাৰকাপুঞ্জ বোলে। দুটা তাৰকাপুঞ্জৰ নাম হ'ল— সপ্তৰ্ষিমণ্ডল (Ursa Major) আৰু কালপুৰুষ (Orion)।

    ৫। সৌৰজগতৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু গ্ৰহটোৰ নাম লিখা।

    উত্তৰ: সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি আৰু আটাইতকৈ সৰু গ্ৰহটো হ'ল বুধ।

    ৬। গ্ৰহৰ বাহিৰে সৌৰজগতৰ আন দুটা সদস্যৰ নাম লিখা।

    উত্তৰ: গ্ৰহৰ বাহিৰে সৌৰজগতৰ আন দুটা সদস্য হ'ল— ধূমকেতু আৰু গ্ৰহাণুপুঞ্জ।

    ৭। বৃহস্পতি গ্ৰহৰ উপগ্ৰহ কেইটা?

    উত্তৰ: জানিব পৰা মতে বৃহস্পতি গ্ৰহৰ ৬৮ টা উপগ্ৰহ আছে।

    ৮। সপ্তর্ষিমণ্ডলৰ সহায়ত কেনেকৈ ধ্ৰুৱতৰাৰ স্থান বিচাৰি উলিয়াব পাৰি ব্যাখ্যা কৰা।

    উত্তৰ: ৰাতিৰ আকাশত সপ্তৰ্ষিমণ্ডল বা উৰ্ষা মেজৰ তাৰকাপুঞ্জৰ সহায়ত অতি সহজে ধ্ৰুৱতৰাক চিনাক্ত কৰিব পাৰি । ইয়াৰ বাবে সপ্তৰ্ষিমণ্ডলৰ শেষৰ ফালে থকা উজ্জ্বল তৰা দুটাৰ মাজেৰে এডাল কাল্পনিক সৰল ৰেখাৰ কথা ভাবিব লাগে । এই সৰল ৰেখাডাল উত্তৰ দিশত তৰা দুটাৰ মাজৰ দূৰত্বৰ প্ৰায় পাঁচ গুণ আগবঢ়াই দিলে আকাশত এটা তৰা পোৱা যাব যিটো খুব বেছি উজ্জ্বল নহয় । এই তৰাটোৱেই হ’ল ধ্ৰুৱতৰা । মনত ৰাখিবা যে ধ্ৰুৱতৰা সদায় উত্তৰ দিশত স্থিৰ হৈ থাকে, যাৰ সহায়ত অতীজৰে পৰা দিক নিৰ্ণয় কৰা হৈছে ।

    ৯। কৃত্রিম উপগ্রহবোৰৰপৰা কি কি তথ্য লাভ কৰিব পাৰি? ই কেনেকৈ আমাক সহায় কৰে?

    উত্তৰ: কৃত্রিম উপগ্ৰহবোৰৰ পৰা আমি বতৰৰ আগজাননী পাব পাৰোঁ। ই আমাক নিম্নলিখিত ধৰণে সহায় কৰে:

    • দূৰদৰ্শন আৰু অনাতাঁৰ তৰংগ প্ৰেৰণত সহায় কৰে।


    • দূৰসংযোগ আৰু দূৰ সংবেদন কাৰ্যত ব্যৱহাৰ হয়।


    • GPS-ৰ সহায়ত যিকোনো ঠাইৰ সঠিক স্থান নিৰ্ণয় কৰিব পাৰি।

    ১০। চমুটোকা লিখা :

    ক) ধূমকেতু।

    উত্তৰ: ধূমকেতুবোৰে সূৰ্যৰ চাৰিওফালে অতি উপবৃত্তাকাৰ কক্ষপথেৰে পৰিভ্ৰমণ কৰে । ইহঁতৰ পৰিভ্ৰমণকাল সাধাৰণতে বহুত দীঘলীয়া হয় । ধূমকেতুক সাধাৰণতে এটা উজ্জ্বল মূৰ আৰু এডাল দীঘল নেজৰ সৈতে দেখা যায় । বহুতো ধূমকেতু এটা নিৰ্দ্ধাৰিত সময়ৰ মূৰে মূৰে আৱিৰ্ভাৱ হয় । উদাহৰণস্বৰূপে, হেলিৰ ধূমকেতু প্ৰায় ৭৬ বছৰৰ মূৰে মূৰে দেখা যায় । ইয়াক ১৯৮৬ চনত শেষবাৰৰ বাবে দেখা গৈছিল ।

    খ) উল্কা আৰু উল্কাপিণ্ড।

    উত্তৰ: উল্কাবোৰ হৈছে মহাকাশত থকা কিছুমান সৰু সৰু বস্তু যিবোৰ কেতিয়াবা পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে । প্ৰৱেশৰ সময়ত হোৱা তীব্ৰ ঘৰ্ষণৰ ফলত ইহঁত উত্তপ্ত হৈ জ্বলি উঠে আৰু বাষ্পীভূত হয় । সেয়ে আকাশত উজ্জ্বল পোহৰৰ এটা আঁচ দেখা যায় । আনহাতে, যিবোৰ উল্কা সম্পূৰ্ণৰূপে জ্বলি শেষ হোৱাৰ আগতেই পৃথিৱীৰ পৃষ্ঠত পৰেহি, সেইবোৰক উল্কাপিণ্ড বোলে ।

    গ) গ্ৰহাণুপুঞ্জ।

    উত্তৰ: মঙল আৰু বৃহস্পতি গ্ৰহৰ কক্ষপথৰ মাজত এক বৃহৎ খালী ঠাই বা ব্যৱধান আছে । এই খালী ঠাইখিনি বহুসংখ্যক সৰু সৰু বস্তুৰে ভৰি আছে যিবোৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে । এই বস্তুবোৰৰ সমষ্টিকেই গ্ৰহাণুপুঞ্জ (Asteroid Belt) বোলে । কেৱল শক্তিশালী দূৰবীক্ষণ যন্ত্ৰৰ সহায়তহে এই গ্ৰহাণুপুঞ্জসমূহ দেখিবলৈ পোৱা যায় ।


    তৰা আৰু সৌৰজগত অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন
































































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website