অতি চমু উত্তৰ)
১. ধ্ৰুপদী বাস্তৱবাদৰ মতে আন্তৰ্জাতিক ৰাজনীতিৰ চালিকা শক্তি কি? [2025]
উত্তৰ: ধ্ৰুপদী বাস্তৱবাদৰ মতে মানৱ প্ৰকৃতিৰ ক্ষমতা লিপ্সা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাই আন্তৰ্জাতিক ৰাজনীতিৰ মূল চালিকা শক্তি।
২. নব্য-বাস্তৱবাদৰ (Neo-Realism) মুখ্য প্ৰৱক্তা কোন? [2025]
উত্তৰ: কেনেথ ৱাল্টজ (Kenneth Waltz)।
৩. 'Politics Among Nations' গ্ৰন্থখনৰ লেখক কোন? [2025]
উত্তৰ: হেন্স জে. মৰগেন্থ' (Hans J. Morgenthau)।
৪. নব্য-বাস্তৱবাদে আন্তৰ্জাতিক ব্যৱস্থাক কি প্ৰকৃতিৰ বুলি গণ্য কৰে? [2025]
উত্তৰ: নৈৰাজ্যিক (Anarchic) প্ৰকৃতিৰ।
৫. আন্তৰ্জাতিক সম্পৰ্কৰ উদাৰতাবাদী দৃষ্টিভঙ্গীৰ মূল ভিত্তি কি? [2025]
উত্তৰ: সহযোগিতা, গণতান্ত্ৰিক মূল্যবোধ, আন্তঃনিৰ্ভৰশীলতা আৰু বিশ্বশান্তি।
৬. 'গণতান্ত্ৰিক শান্তি তত্ত্ব' (Democratic Peace Theory) কোন দৃষ্টিভঙ্গীৰ অন্তৰ্গত? [2025]
উত্তৰ: উদাৰতাবাদী দৃষ্টিভঙ্গীৰ অন্তৰ্গত।
৭. নব্য-উদাৰ প্ৰতিষ্ঠানবাদৰ (Neo-Liberal Institutionalism) এজন প্ৰধান তাত্বিকৰ নাম লিখা।
উত্তৰ: ৰবাৰ্ট কিয়'হেন (Robert Keohane)।
৮. মাৰ্ক্সবাদী তত্ত্ব অনুসৰি আন্তৰ্জাতিক ব্যৱস্থাৰ চালিকা শক্তি কি?
উত্তৰ: বিশ্ব পুঁজিবাদী অৰ্থনীতি আৰু শ্ৰেণী সংগ্ৰাম।
৯. 'World-Systems Theory' (বিশ্ব ব্যৱস্থা তত্ত্ব) কোনে আগবঢ়াইছিল? [2025]
উত্তৰ: ইমানুৱেল ৱালাৰষ্টাইন (Immanuel Wallerstein)।
১০. আন্তৰ্জাতিক সম্পৰ্কত নিৰ্ভৰশীলতা তত্ত্ব (Dependency Theory) কিহৰ লগত জড়িত? [2025]
উত্তৰ: অনুন্নত বা উন্নয়নশীল দেশসমূহৰ উন্নত পুঁজিবাদী দেশসমূহৰ ওপৰত অৰ্থনৈতিক নিৰ্ভৰশীলতা আৰু শোষণৰ লগত জড়িত।
১১. 'Bananas, Beaches and Bases' নামৰ বিখ্যাত নাৰীবাদী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? [2025]
উত্তৰ: চিন্থিয়া এনল' (Cynthia Enloe)।
১২. নাৰীবাদী দৃষ্টিভঙ্গীয়ে পৰম্পৰাগত নিৰাপত্তাৰ সংজ্ঞাক কি বুলি সমালোচনা কৰে? [2025]
উত্তৰ: পুৰুষতান্ত্ৰিক আৰু কেৱল সামৰিক সুৰক্ষা-কেন্দ্ৰিক বুলি।
১৩. 'Six Principles of Political Realism' কোনে আগবঢ়াইছিল?
উত্তৰ: হেন্স মৰগেন্থ'য়ে।
১৪. নব্য-বাস্তৱবাদৰ আন এটা জনপ্ৰিয় নাম কি? [2025]
উত্তৰ: গাঁথনিগত বাস্তৱবাদ (Structural Realism)।
১৫. উদাৰতাবাদৰ মতে আন্তৰ্জাতিক সংঘাত হ্ৰাস কৰাৰ অন্যতম মাধ্যম কি?
উত্তৰ: আন্তৰ্জাতিক অনুষ্ঠান আৰু মুক্ত বাণিজ্যৰ প্ৰসাৰ।
২ নম্বৰীয়া প্ৰশ্নোত্তৰ (চমু উত্তৰ) :
১৬. ধ্ৰুপদী বাস্তৱবাদ আৰু নব্য-বাস্তৱবাদৰ মাজৰ দুটা মূল পাৰ্থক্য লিখা। [2025]
উত্তৰ:
ধ্ৰুপদী বাস্তৱবাদে ক্ষমতাৰ সংগ্ৰামক মানৱ প্ৰকৃতিৰ ওপৰত ব্যাখ্যা কৰে, আনহাতে নব্য-বাস্তৱবাদে ইয়াক আন্তৰ্জাতিক ব্যৱস্থাৰ নৈৰাজ্যিক গাঁথনিৰ ফল বুলি বিশ্লেষণ কৰে।
ধ্ৰুপদী বাস্তৱবাদে ৰাষ্ট্ৰক প্ৰধান একক ধৰে, কিন্তু নব্য-বাস্তৱবাদে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ আন্তঃগাঁথনি আৰু ক্ষমতা বিতৰণক মূল গুৰুত্ব দিয়ে।
১৭. হেন্স মৰগেন্থ'য়ে প্ৰণয়ন কৰা দুখন গ্ৰন্থৰ নাম লিখা। [2025]
উত্তৰ:
Politics Among Nations: The Struggle for Power and Peace
Scientific Man vs. Power Politics
১৮. নৱ-উদাৰতাবাদৰ (Neo-liberalism) দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ:
আন্তৰ্জাতিক অনুষ্ঠান আৰু নিয়ম-নীতিৰ জৰিয়তে ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সম্ভৱ বুলি বিশ্বাস কৰে।
গোলকীয় বাণিজ্য, অৰ্থনৈতিক আন্তঃনিৰ্ভৰশীলতা আৰু মুক্ত বজাৰ অৰ্থনীতিৰ প্ৰসাৰত গুৰুত্ব দিয়ে।
১৯. আন্তৰ্জাতিক সম্পৰ্কৰ নাৰীবাদী দৃষ্টিভঙ্গীৰ দুজন প্ৰধান তাত্বিকৰ নাম উল্লেখ কৰা। [2025]
উত্তৰ:
জে. এন টিচনাৰ (J. Ann Tickner)
চিন্থিয়া এনল' (Cynthia Enloe)
২০. নিৰাপত্তা দ্বিধাদ্বন্দ্ব (Security Dilemma) বুলিলে কি বুজা? [2025]
উত্তৰ: এনে এক পৰিস্থিতি য'ত এখন ৰাষ্ট্ৰই নিজৰ নিৰাপত্তা বৃদ্ধিৰ বাবে সামৰিক শক্তি বঢ়ালে প্ৰতিবেশী বা আন ৰাষ্ট্ৰই নিজকে অসুৰক্ষিত অনুভৱ কৰে আৰু অস্ত্ৰ প্ৰতিযোগিতাত লিপ্ত হয়, যাৰ ফলত সামগ্ৰিকভাৱে কাৰো নিৰাপত্তা নিশ্চিত নহয়।
২১. আন্তৰ্জাতিক সম্পৰ্কত মাৰ্ক্সবাদী তত্ত্বৰ মূল ভিত্তি কি কি? [2025]
উত্তৰ:
অৰ্থনৈতিক শোষণ আৰু অসমতা হ'ল বিশ্ব ৰাজনীতিৰ মূল কাৰণ।
ৰাষ্ট্ৰ কোনো নিৰপেক্ষ প্ৰতিষ্ঠান নহয়, বৰঞ্চ ই আন্তৰ্জাতিক পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাৰ এক আহিলা।
২২. বিশ্ব ব্যৱস্থা তত্ত্বত (World-Systems Theory) উল্লেখিত তিনিটা স্তৰ কি কি? [2025]
উত্তৰ:
কেন্দ্ৰীয় ৰাষ্ট্ৰসমূহ (Core States)
অৰ্ধ-প্ৰান্তীয় ৰাষ্ট্ৰসমূহ (Semi-Periphery States)
প্ৰান্তীয় ৰাষ্ট্ৰসমূহ (Periphery States)
২৩. প্ৰত্যক্ষ লাভ (Absolute Gains) আৰু তুলনামূলক লাভৰ (Relative Gains) পাৰ্থক্য কি? [2025]
উত্তৰ: প্ৰত্যক্ষ লাভত কোনো চুক্তিত সকলো পক্ষৰ নিজা লাভ হৈছে নে নাই সেয়া চোৱা হয় (উদাৰতাবাদৰ সমৰ্থিত); কিন্তু তুলনামূলক লাভত আন পক্ষতকৈ নিজৰ লাভ বেছি হৈছে নে নাই তাক গুৰুত্ব দিয়া হয় (বাস্তৱবাদৰ সমৰ্থিত)।
২৪. জে. এন টিচনাৰে মৰগেন্থ'ৰ তত্ত্বক কিদৰে সমালোচনা কৰিছে? [2025]
উত্তৰ: টিচনাৰৰ মতে মৰগেন্থ'ৰ বাস্তৱবাদী সূত্ৰসমূহ সম্পূৰ্ণ পুৰুষতান্ত্ৰিক দৃষ্টিভঙ্গীৰে নিৰ্মিত। তেওঁ ক্ষমতা আৰু স্বাৰ্থৰ পৰিৱৰ্তে সহযোগিতা আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাক অধিক মানৱীয় বুলি সংজ্ঞায়িত কৰিছে।
২৫. প্ৰতিৰোধমূলক বাস্তৱবাদ (Defensive Realism) আৰু আক্ৰমণাত্মক বাস্তৱবাদৰ (Offensive Realism) মূল পাৰ্থক্য কি?
উত্তৰ: প্ৰতিৰোধমূলক বাস্তৱবাদে ৰাষ্ট্ৰই নিজৰ সুৰক্ষা আৰু স্থিতাৱস্থা বজাই ৰাখিবলৈ বিচাৰে বুলি কয় (কেনেথ ৱাল্টজ); আনহাতে আক্ৰমণাত্মক বাস্তৱবাদে ৰাষ্ট্ৰই নিজৰ সুৰক্ষাৰ বাবে আধিপত্য (Hegemony) বিস্তাৰ কৰিবলৈ সদায় ক্ষমতা বৃদ্ধিৰ চেষ্টা কৰে বুলি কয় (জন মিয়াৰশ্বাইমাৰ)।
২৬. জটিল আন্তঃনিৰ্ভৰশীলতা (Complex Interdependence) বুলিলে কি বুজা?
উত্তৰ: ৰবাৰ্ট কিয়'হেন আৰু জোচেফ নাইৰ দ্বাৰা আগবঢ়োৱা এই ধাৰণা অনুসৰি বৰ্তমান বিশ্বত ৰাষ্ট্ৰসমূহৰ মাজত বিভিন্ন স্তৰত (অৰ্থনীতি, প্ৰযুক্তি, সমাজ) এনে নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছে য'ত সামৰিক শক্তিৰ প্ৰয়োগ ক্ৰমান্বয়ে অপ্ৰাসংগিক হৈ পৰিছে।
২৭. মাৰ্ক্সীয় দৃষ্টিভঙ্গীত 'Global North' আৰু 'Global South'ৰ সম্বন্ধ কি? [2025] উত্তৰ: মাৰ্ক্সবাদৰ মতে Global North (উন্নত ধনী দেশসমূহ)য়ে শোষণৰ মাধ্যমৰে Global South (উন্নয়নশীল আৰু দুখীয়া দেশসমূহ)ৰ কেঁচামাল আৰু সস্তা শ্ৰম ব্যৱহাৰ কৰি নিজৰ পুঁজিবাদ সুদৃঢ় কৰি ৰাখিছে।
২৮. উদাৰতাবাদত 'নৰ্মেন এঞ্জেলৰ যুক্তি' (Norman Angell's Argument) কি আছিল?
উত্তৰ: নৰ্মেন এঞ্জেলে যুক্তি দিছিল যে আধুনিক অৰ্থনৈতিক আন্তঃনিৰ্ভৰশীলতাই যুদ্ধক সকলো পক্ষৰ বাবেই অৰ্থনৈতিকভাৱে ধ্বংসাত্মক আৰু লাভহীন কৰি তুলিছে।
২৯. নাৰীবাদী তত্ত্বৰ 'লিংগ' (Gender) আৰু 'জৈৱিক লিংগ'ৰ (Sex) মাজৰ পাৰ্থক্য কি?
উত্তৰ: 'Sex' হ'ল জৈৱিক আৰু প্ৰাকৃতিক পাৰ্থক্য; কিন্তু 'Gender' হ'ল সমাজ আৰু সংস্কৃতিয়ে নাৰী আৰু পুৰুষৰ ওপৰত আৰোপ কৰা সামাজিক ভূমিকা আৰু বৈষম্যমূলক গাঁথনি।
৩০. নব্য-বাস্তৱবাদ অনুসৰি বিশ্ব ব্যৱস্থাৰ গাঁথনি কেনেদৰে নিৰ্ধাৰিত হয়?
উত্তৰ: বিশ্ব ব্যৱস্থাত মহাশক্তি বা বৃহৎ ৰাষ্ট্ৰসমূহৰ মাজত সামৰিক আৰু অৰ্থনৈতিক ক্ষমতাৰ বিতৰণৰ (Distribution of Capabilities) ওপৰত ভিত্তি কৰি ব্যৱস্থাটো একমেৰু, দ্বিমেৰু বা বহুমিক বুলি নিৰ্ধাৰিত হয়।
৫ নম্বৰীয়া প্ৰশ্নোত্তৰ (ব্যাখ্যামূলক উত্তৰ) :
৩১. আন্তৰ্জাতিক সম্পৰ্কৰ বাস্তৱবাদী তত্ত্বৰ মূল অভিধাৰণাসমূহ আলোচনা কৰা। [2025]
উত্তৰ: বাস্তৱবাদ আন্তৰ্জাতিক সম্পৰ্কৰ অন্যতম প্ৰাচীন আৰু প্ৰভাৱশালী তত্ত্ব। ইয়াৰ মূল অভিধাৰণাসমূহ হ'ল:
ৰাষ্ট্ৰকেন্দ্ৰিকতা (Statism): বাস্তৱবাদৰ মতে আন্তৰ্জাতিক ৰাজনীতিৰ একমাত্ৰ আৰু মুখ্য কৰ্তা হ'ল সাৰ্বভৌম ৰাষ্ট্ৰসমূহ। অনা-ৰাষ্ট্ৰীয় সংস্থাসমূহৰ ভূমিকা ইয়াত গৌণ।
নৈৰাজ্যবাদ (Anarchy): আন্তৰ্জাতিক ব্যৱস্থাত কোনো কেন্দ্ৰীয় নিয়ন্ত্ৰক বা সৰ্বোচ্চ শাসনকৰ্তা নাথাকে। এই নৈৰাজ্যৰ বাবে ৰাষ্ট্ৰসমূহে সদায় নিৰাপত্তাহীনতাত ভোগে।
স্ব-নিৰ্ভৰশীলতা (Self-Help): কোনো সৰ্বোচ্চ কৰ্তৃত্ব নথকাৰ বাবে প্ৰতিখন ৰাষ্ট্ৰই নিজৰ অস্তিত্ব আৰু নিৰাপত্তাৰ বাবে কেৱল নিজৰ সামৰিক শক্তিৰ ওপৰতহে নিৰ্ভৰ কৰিবলগীয়া হয়।
ক্ষমতাৰ অন্বেষণ: হেন্স মৰগেন্থ'ৰ মতে, সকলো ৰাজনীতি ক্ষমতাৰ বাবে সংগ্ৰাম। ৰাষ্ট্ৰৰ মূল লক্ষ্য হ'ল জাতীয় স্বাৰ্থ ৰক্ষাৰ্থে ক্ষমতা বৃদ্ধি কৰা।
যুক্তিবাদী কৰ্তা (Rational Actor): ৰাষ্ট্ৰসমূহে সদায় লাভ-লোকচানৰ হিচাপ কৰি নিজৰ জাতীয় স্বাৰ্থ সৰ্বাধিক কৰিবলৈ যুক্তিসংগত সিদ্ধান্ত লয়।
৩২. নব্য-বাস্তৱবাদৰ গাঁথনিগত দৃষ্টিভঙ্গী (Structural Realism) বিশ্লেষণ কৰা। [2025]
উত্তৰ: কেনেথ ৱাল্টজে ১৯৭৯ চনত প্ৰকাশিত তেওঁৰ Theory of International Politics গ্ৰন্থত নব্য-বাস্তৱবাদৰ ভেটি স্থাপন কৰে।
গাঁথনিৰ গুৰুত্ব: ৱাল্টজৰ মতে যুদ্ধ বা সংঘাত মানুহৰ মানসিক প্ৰকৃতিৰ বাবে নহয়, বৰঞ্চ আন্তৰ্জাতিক ব্যৱস্থাৰ নৈৰাজ্যিক গাঁথনিৰ বাবেহে হয়।
ৰাষ্ট্ৰৰ অভিন্ন ভূমিকা: ব্যৱস্থাটোৰ ভিতৰত সকলো ৰাষ্ট্ৰৰে কাৰ্যগত লক্ষ্য একে— নিজৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তা বজাই ৰখা।
ক্ষমতাৰ বিতৰণ: ৰাষ্ট্ৰসমূহৰ মাজত কেৱল সামৰিক আৰু অৰ্থনৈতিক ক্ষমতাৰ পাৰ্থক্য (Distribution of Capabilities) থাকে। ক্ষমতাৰ এই বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি বিশ্ব ব্যৱস্থা দ্বিমেৰু বা বহুমিক হয়।
ভাৰসাম্য ৰক্ষা (Balance of Power): নব্য-বাস্তৱবাদৰ মতে ৰাষ্ট্ৰসমূহে মিত্ৰজোট গঠন কৰি বা নিজৰ শক্তি বৃদ্ধি কৰি ক্ষমতাৰ ভাৰসাম্য বজাই ৰাখে যাতে কোনো একক শক্তিয়ে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে।
৩৩. উদাৰতাবাদী দৃষ্টিভঙ্গীয়ে আন্তৰ্জাতিক ৰাজনীতিত অনুষ্ঠানসমূহৰ ভূমিকাক কিদৰে ব্যাখ্যা কৰে? [2025]
উত্তৰ: উদাৰতাবাদ, বিশেষকৈ নব্য-উদাৰ প্ৰতিষ্ঠানবাদে আন্তৰ্জাতিক সংগঠনসমূহৰ ভূমিকাক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে:
সহযোগিতা বৃদ্ধি: ৰাষ্ট্ৰসমূহৰ মাজত নৈৰাজ্যিক পৰিৱেশ থাকিলেও ৰাষ্ট্ৰসংঘ, বিশ্ব বাণিজ্য সংস্থাৰ দৰে অনুষ্ঠানে নিয়ম আৰু কাঠামো প্ৰদান কৰি সহযোগিতা সহজ কৰি তোলে।
বিশ্বাসহীনতা হ্ৰাস: এই প্ৰতিষ্ঠানসমূহে তথ্যৰ আদান-প্ৰদান সুচল কৰে, যাৰ ফলত ৰাষ্ট্ৰসমূহৰ মাজৰ সন্দেহ আৰু ভুল বুজাবুজি হ্ৰাস পায়।
সংঘাতৰ শান্তিপূৰ্ণ সমাধান: আন্তৰ্জাতিক আইন আৰু নিয়মাৱলী প্ৰয়োগ কৰি বিবাদসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ মঞ্চ প্ৰদান কৰে।
পাৰস্পৰিক নিৰ্ভৰশীলতাৰ সুবিধা: উদাৰতাবাদৰ মতে আন্তৰ্জাতিক অনুষ্ঠানে সামূহিক সমস্যাসমূহ (যেনে- জলবায়ু পৰিৱৰ্তন, দৰিদ্ৰতা) সমাধান কৰাত সকলোৰে সমভাগী লাভ (Absolute Gains) নিশ্চিত কৰে।
৩৪. নব্য-উদাৰতাবাদ (Neo-Liberalism) আৰু ধ্ৰুপদী উদাৰতাবাদৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য আলোচনা কৰা। [2025]
উত্তৰ: ধ্ৰুপদী উদাৰতাবাদ আৰু নব্য-উদাৰতাবাদ দুয়ো শান্তিপূৰ্ণ সহাৱস্থান আৰু মুক্ত সমাজৰ সমৰ্থক যদিও দুয়োৰে মাজত কিছু তাত্বিক পাৰ্থক্য আছে:
তাত্বিক ভিত্তি: ধ্ৰুপদী উদাৰতাবাদ মানৱ প্ৰকৃতিৰ নৈতিকতা, যুক্তি আৰু ব্যক্তিস্বাধীনতাৰ ওপৰত প্ৰতিষ্ঠিত। আনহাতে, নব্য-উদাৰতাবাদে বাস্তৱবাদৰ নৈৰাজ্যিক ব্যৱস্থাক স্বীকাৰ কৰে যদিও প্ৰতিষ্ঠানৰ জৰিয়তে শান্তি সম্ভৱ বুলি যুক্তি দিয়ে।
প্ৰতিষ্ঠানৰ ওপৰত গুৰুত্ব: ধ্ৰুপদী উদাৰতাবাদে গণতন্ত্ৰ আৰু নৈতিক মূল্যবোধত গুৰুত্ব দিছিল; নব্য-উদাৰতাবাদে আন্তৰ্জাতিক প্ৰতিষ্ঠান আৰু শাসন ব্যৱস্থাৰ (Global Governance) কাৰ্যকাৰিতাৰ ওপৰত অধিক বৈজ্ঞানিক গৱেষণা আগবঢ়ায়।
অৰ্থনৈতিক নীতি: নব্য-উদাৰতাবাদে বজাৰ অৰ্থনীতি, ব্যক্তিগতকৰণ আৰু অবাধ বাণিজ্যিক বিশ্বায়নৰ ওপৰত অত্যধিক গুৰুত্ব দিয়ে।
৩৫. আন্তৰ্জাতিক সম্পৰ্কত মাৰ্ক্সবাদী দৃষ্টিভঙ্গীৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা। [2025]
উত্তৰ: মাৰ্ক্সবাদী দৃষ্টিভঙ্গীয়ে আন্তৰ্জাতিক ৰাজনীতিক ক্ষমতাৰ সংগ্ৰামৰ পৰিৱৰ্তে অৰ্থনৈতিক শ্ৰেণী সংগ্ৰাম হিচাপে চায়:
অৰ্থনৈতিক নিৰ্ধাৰণবাদ (Economic Determinism): বিশ্বৰাজনীতিৰ গতিবিধি অৰ্থনৈতিক ব্যৱস্থা আৰু উৎপাদন পদ্ধতিয়ে নিৰ্ধাৰণ কৰে।
শ্ৰেণী শোষণ: বিশ্বখন মূলত দুটা শ্ৰেণীত বিভক্ত— পুঁজিবাদী শোষণকাৰী শ্ৰেণী (Bourgeoisie) আৰু শোষিত সৰ্বহাৰা শ্ৰেণী (Proletariat)।
সাম্ৰাজ্যবাদ: লেনিনৰ মতে সাম্ৰাজ্যবাদ হ'ল পুঁজিবাদৰ সৰ্বোচ্চ স্তৰ। পুঁজিবাদী দেশসমূহে অতিৰিক্ত মূলধন বিনিয়োগ আৰু সস্তা সম্পদৰ বাবে দুখীয়া দেশসমূহক উপনিবেশত পৰিণত কৰে।
ৰাষ্ট্ৰৰ চৰিত্ৰ: ৰাষ্ট্ৰ সাৰ্বজনীন কল্যাণৰ আহিলা নহয়, বৰঞ্চ শাসকীয় পুঁজিবাদী শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাৰ এক যন্ত্ৰ।
৩৬. ইমানুৱেল ৱালাৰষ্টাইনৰ 'বিশ্ব ব্যৱস্থা তত্ত্ব' (World-Systems Theory) চমুকৈ আলোচনা কৰা। [2025]
উত্তৰ: ইমানুৱেল ৱালাৰষ্টাইনে সমগ্ৰ বিশ্ব অৰ্থনীতিক এটা অবিভাজ্য একক হিচাপে চাই বিশ্ব ব্যৱস্থাক তিনিটা শ্ৰেণীত বিভক্ত কৰিছে:
কেন্দ্ৰীয় ৰাষ্ট্ৰসমূহ (Core): এইবোৰ অত্যন্ত উন্নত, ঔদ্যোগিক আৰু শক্তিশালী পুঁজিবাদী দেশ (যেনে- আমেৰিকা, পশ্চিম ইউৰোপ)। তেওঁলোকে উচ্চ প্ৰযুক্তি আৰু পুঁজি নিয়ন্ত্ৰণ কৰে।
প্ৰান্তীয় ৰাষ্ট্ৰসমূহ (Periphery): এইবোৰ অনুন্নত আৰু দুখীয়া দেশ (যেনে- আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ একাংশ)। তেওঁলোকে কেঁচামাল আৰু সস্তা শ্ৰম কেন্দ্ৰীয় দেশসমূহলৈ যোগান ধৰি অহৰহ শোষিত হয়।
অৰ্ধ-প্ৰান্তীয় ৰাষ্ট্ৰসমূহ (Semi-Periphery): এইবোৰ এনে মধ্যম স্তৰৰ দেশ (যেনে- ভাৰত, ব্ৰাজিল), য'ত কেন্দ্ৰ আৰু প্ৰান্ত দুয়োৰে বৈশিষ্ট্য থাকে। তেওঁলোকে প্ৰান্তীয় দেশক শোষণ কৰে আৰু কেন্দ্ৰৰ দ্বাৰা নিজে শোষিত হয়। ইয়াৰ দ্বাৰা বিশ্ব অসমতা স্থায়ী হৈ থাকে।
৩৭. আন্তৰ্জাতিক সম্পৰ্কৰ নাৰীবাদী দৃষ্টিভঙ্গীয়ে পৰম্পৰাগত তত্ত্বক কিদৰে প্ৰত্যাহ্বান জনায়? [2025]
উত্তৰ: নাৰীবাদী দৃষ্টিভঙ্গীয়ে মূলসুঁতিৰ আন্তৰ্জাতিক তত্ত্বসমূহক পুৰুষতান্ত্ৰিক বুলি কঠোৰ সমালোচনা কৰে:
পুৰুষতান্ত্ৰিক পক্ষপাতিত্ব: পৰম্পৰাগত বাস্তৱবাদে ব্যৱহাৰ কৰা ক্ষমতা, সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু যুদ্ধ আদিৰ ধাৰণাবোৰ পুৰুষসুলভ মানসিকতাৰে গঢ়া।
নাৰীৰ অৱদানৰ অৱহেলা: বৈদেশিক নীতি, কূটনীতি আৰু যুদ্ধৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা আৰু তেওঁলোকৰ ওপৰত পৰা প্ৰভাৱক পৰম্পৰাগত তত্ত্বই সম্পূৰ্ণভাৱে আওকাণ কৰে।
নিৰাপত্তাৰ পুনৰ সংজ্ঞায়ন: নাৰীবাদৰ মতে নিৰাপত্তা কেৱল সীমাৰ সুৰক্ষা বা সামৰিক শক্তিয়েই নহয়; ইয়াৰ ভিতৰত সামাজিক ন্যায়, দৰিদ্ৰতা আৰু ঘৰুৱা হিংসাৰ পৰা মুক্তি আদিও অন্তৰ্ভুক্ত হ'ব লাগে।
৩৮. জে. এন টিচনাৰৰ নাৰীবাদী নিৰাপত্তাৰ ধাৰণাটো ব্যাখ্যা কৰা। [2025]
উত্তৰ: জে. এন টিচনাৰে তেওঁৰ বিখ্যাত গ্ৰন্থ Gender in International Relations-ত হেন্স মৰগেন্থ'ৰ ছটা বাস্তৱবাদী নীতিক নাৰীবাদী দৃষ্টিভঙ্গীৰে পুনৰ্নিৰ্মাণ কৰিছে:
পাৰস্পৰিক নিৰ্ভৰশীলতা: ৰাজনীতি কেৱল ক্ষমতা আৰু স্বাৰ্থৰ দ্বাৰা চালিত নহয়; সহযোগিতা আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাও মানৱ সমাজৰ অন্যতম স্বভাৱ।
সামূহিক নিৰাপত্তা: আনক দমন কৰি ব্যক্তিগত নিৰাপত্তা লাভ কৰিব নোৱাৰি; নিৰাপত্তা কেৱল সামূহিক আৰু বহুখলপীয়া হ'ব লাগিব।
নৈতিকতা আৰু ন্যায়: ৰাজনীতিত নৈতিকতাক জাতীয় স্বাৰ্থৰ তলত ৰখা অনুচিত। বহনক্ষম বিশ্বশান্তিৰ বাবে সৰ্বজনীন নৈতিক আৰু মানৱীয় মূল্যবোধ প্ৰয়োজন।
৩৯. বাস্তৱবাদ আৰু উদাৰতাবাদৰ মাজৰ মূল নীতিগত পাৰ্থক্যসমূহ আলোচনা কৰা। [2025]
উত্তৰ: বাস্তৱবাদ আৰু উদাৰতাবাদ আন্তৰ্জাতিক সম্পৰ্কৰ দুটা পৰস্পৰবিৰোধী তত্ত্ব:
মানৱ প্ৰকৃতি: বাস্তৱবাদে মানুহক স্বাৰ্থপৰ আৰু ক্ষমতা-লোভী বুলি ভাবে; উদাৰতাবাদে মানুহক যুক্তিবাদী, সংস্কাৰকামী আৰু সহযোগী বুলি বিশ্বাস কৰে।
মূল উদ্দেশ্য: বাস্তৱবাদৰ লক্ষ্য হ'ল জাতীয় স্বাৰ্থ আৰু সামৰিক শক্তি বৃদ্ধি; উদাৰতাবাদৰ লক্ষ্য হ'ল মুক্ত বাণিজ্য, গণতন্ত্ৰ আৰু বিশ্বশান্তি প্ৰতিষ্ঠা।
লাভৰ ধাৰণা: বাস্তৱবাদে তুলনামূলক লাভত (Relative Gains) গুৰুত্ব দিয়ে (কোনে কাৰ তুলনাত বেছি পালে); উদাৰতাবাদে নিৰপেক্ষ বা প্ৰত্যক্ষ লাভত (Absolute Gains) বিশ্বাস কৰে (সকলোৰে সামূহিক লাভ)।
প্ৰতিষ্ঠানৰ গুৰুত্ব: বাস্তৱবাদে আন্তৰ্জাতিক অনুষ্ঠানক শক্তিহীন বুলি ভাবে; উদাৰতাবাদে ইয়াক শান্তি আৰু সহযোগিতাৰ প্ৰধান মাধ্যম বুলি জ্ঞান কৰে।
৪০. একবিংশ শতিকাত মাৰ্ক্সবাদী তত্ত্বৰ প্ৰাসংগিকতা মূল্যায়ন কৰা। [2025]
উত্তৰ: শীতল যুদ্ধৰ অৱসান আৰু ছোভিয়েত ইউনিয়নৰ পতনৰ পিছতো মাৰ্ক্সবাদী দৃষ্টিভঙ্গীৰ প্ৰাসংগিকতা ম্লান পৰা নাই:
গোলকীয় অসমতা বৃদ্ধি: বৰ্তমান বিশ্বায়নৰ যুগত ধনী আৰু দুখীয়া ৰাষ্ট্ৰসমূহৰ মাজৰ ব্যৱধান তীব্ৰভাৱে বৃদ্ধি পাইছে, যাৰ ব্যাখ্যা মাৰ্ক্সবাদী নিৰ্ভৰশীলতা তত্ত্বই সঠিকভাৱে দিয়ে।
বহুজাতিক নিগমৰ শোষণ: বহুজাতিক নিগমসমূহে (MNCs) তৃতীয় বিশ্বৰ দেশসমূহৰ শ্ৰমিক আৰু প্ৰাকৃতিক সম্পদ শোষণ কৰি মূলধন কেন্দ্ৰীভূত কৰা কাৰ্যক মাৰ্ক্সীয় দৃষ্টিকোণেৰে সুন্দৰকৈ বিশ্লেষণ কৰিব পাৰি।
নব্য-উপনিবেশবাদ: ৰাজনৈতিকভাৱে মুক্ত হ'লেও অৰ্থনৈতিকভাৱে দুখীয়া দেশসমূহ আজিও IMF আৰু বিশ্ববেংকৰ দৰে প্ৰতিষ্ঠানৰ জৰিয়তে উন্নত পশ্চিমীয়া দেশৰ অধীন হৈ আছে, যি মাৰ্ক্সীয় অৰ্থনৈতিক বিশ্লেষণৰ গুৰুত্বকেই প্ৰমাণ কৰে।
Very Short Answer :
1. According to Classical Realism, what is the driving force of international politics? [2025]
Answer: According to Classical Realism, the innate human lust for power and the pursuit of national interest are the primary driving forces of international politics.
2. Who is the principal proponent of Neo-Realism? [2025]
Answer: Kenneth Waltz.
3. Who is the author of the book Politics Among Nations? [2025]
Answer: Hans J. Morgenthau.
4. How does Neo-Realism characterize the international system? [2025]
Answer: As anarchic in nature.
5. What is the fundamental basis of the Liberal perspective in International Relations?
Answer: Cooperation, democratic values, economic interdependence, and global peace.
6. Under which theoretical perspective does the 'Democratic Peace Theory' fall?
Answer: The Liberal perspective.
7. Name a prominent theorist of Neo-Liberal Institutionalism.
Answer: Robert Keohane.
8. According to Marxist theory, what drives the international system?
Answer: The global capitalist economy and class struggle.
9. Who formulated the 'World-Systems Theory'?
Answer: Immanuel Wallerstein.
10. What is Dependency Theory in International Relations concerned with? [2025]
Answer: The economic dependence and systemic exploitation of underdeveloped or developing nations by advanced capitalist states.
11. Who authored the seminal feminist work Bananas, Beaches and Bases?
Answer: Cynthia Enloe.
12. How does the feminist perspective critique the conventional definition of security?
Answer: As patriarchal and narrowly focused on state-centric military security.
13. Who formulated the 'Six Principles of Political Realism'? [2025] Answer: Hans J. Morgenthau.
14. What is the alternative name for Neo-Realism? [2025]
Answer: Structural Realism.
15. According to Liberalism, what serves as a key mechanism for mitigating international conflict? [2025]
Answer: The expansion of international institutions and free trade.
2-Mark Questions (Short Answer) :
16. State two core differences between Classical Realism and Neo-Realism. [2025]
Answer:
Classical Realism explains the struggle for power through human nature, whereas Neo-Realism attributes it to the anarchic structure of the international system.
Classical Realism treats the state as the primary unit of analysis, while Neo-Realism emphasizes the systemic structure and the international distribution of capabilities.
17. Name two books authored by Hans Morgenthau. [2025]
Answer:
Politics Among Nations: The Struggle for Power and Peace
Scientific Man vs. Power Politics
18. Mention two key features of Neo-Liberalism. [2025]
Answer:
It posits that sustained international cooperation is achievable through formal international institutions and regimes.
It prioritizes global free trade, economic interdependence, and market-oriented mechanisms.
19. Name two prominent theorists associated with the feminist approach to International Relations. [2025]
Answer:
J. Ann Tickner
Cynthia Enloe
20. What is meant by the 'Security Dilemma'? [2025]
Answer: A structural condition where actions taken by a state to heighten its own security (such as increasing military strength) inadvertently lead neighboring states to feel insecure, triggering an arms race that leaves all participants less secure overall.
21. What are the two core tenets of the Marxist approach to International Relations? [2025]
Answer:
Economic exploitation and systemic inequality constitute the root causes of world politics.
The state is not a neutral arbiter, but an instrument designed to protect the interests of the transnational capitalist class.
22. What are the three structural tiers in Wallerstein's World-Systems Theory? [2025]
Answer:
Core States
Semi-Periphery States
Periphery States
23. Distinguish between Absolute Gains and Relative Gains. [2025]
Answer: Absolute gains focus on whether all participating parties achieve an overall net benefit regardless of the distribution (emphasized by Liberalism), whereas relative gains focus on individual comparative advantages and how much more one state gains relative to another (emphasized by Realism).
24. How did J. Ann Tickner critique Hans Morgenthau’s realist principles? [2025]
Answer: Tickner argued that Morgenthau's principles reflect a masculine bias by defining politics solely in terms of power and self-interest, proposing instead a reformulated framework grounded in cooperation, mutual empowerment, and interdependence.
25. Differentiate between Defensive Realism and Offensive Realism. [2025]
Answer: Defensive Realism posits that states are security-maximizers seeking only to maintain the status quo and ensure survival (Kenneth Waltz), while Offensive Realism argues that states are power-maximizers compelled to pursue regional hegemony to guarantee security (John Mearsheimer).
26. What is meant by 'Complex Interdependence'?
Answer: Developed by Robert Keohane and Joseph Nye, it refers to a global reality characterized by multiple transnational channels of connection across societies, an absence of a clear hierarchy among issues, and the diminished utility of military force.
27. How does the Marxist perspective conceptualize the relationship between the Global North and Global South?
Answer: Marxism views it as an exploitative structural relationship where the advanced capitalist nations of the Global North extract raw materials and cheap labor from the Global South to sustain their own accumulation of capital.
28. What was the central argument of Norman Angell regarding modern war?
Answer: Norman Angell argued that deep international economic interdependence makes military conquest economically irrational and mutually destructive for both victor and vanquished.
29. What is the difference between 'Sex' and 'Gender' in Feminist IR theory? [2025]
Answer: 'Sex' refers to biological differences, whereas 'Gender' denotes the socially and culturally constructed identities, roles, and power relations ascribed to men and women.
30. How is the structure of the international system determined according to Neo-Realism?
Answer: It is determined by the ordering principle of anarchy and the distribution of material capabilities among great powers, resulting in unipolar, bipolar, or multipolar configurations.
5-Mark Questions (Explanatory Answer) :
31. Discuss the fundamental assumptions of Realism in International Relations.
Answer: Realism remains one of the most foundational and enduring paradigms in International Relations. Its key assumptions comprise:
Statism: Realism posits that sovereign states are the primary, rational actors in international politics, rendering non-state actors secondary.
Anarchy: The international system lacks an overarching central governing authority to enforce rules or resolve disputes, producing a condition of structural anarchy.
Self-Help: In an anarchic environment without a global sovereign, states must ultimately rely on their own internal and external capabilities to ensure survival.
Pursuit of Power: As argued by Hans Morgenthau, international politics is a struggle for power where states act perpetually to maximize their national interest and security.
Rationality: States act as unitary, rational actors that systematically evaluate costs, benefits, and national interests when formulating foreign policy.
32. Analyze the structural framework of Neo-Realism (Structural Realism).
Answer: Pioneered by Kenneth Waltz in his 1979 work Theory of International Politics, Neo-Realism shifted the analytical focus from human psychology to system-level dynamics:
Primacy of Structure: Waltz contends that international conflict arises not from flawed human nature, but from the constraints imposed by the anarchic structure of the international system.
Functional Uniformity: Across the anarchic system, all sovereign states perform identical essential tasks—primarily the preservation of territorial integrity and sovereign survival.
Distribution of Capabilities: States differ only in their relative material, economic, and military capabilities, and changes in this distribution dictate systemic shifts.
Balance of Power: To counter emerging threats and mitigate systemic instability, states engage in internal balancing (military build-ups) or external balancing (alliances) to prevent the emergence of a single hegemon.
33. How does Liberalism evaluate the role of international institutions in global politics?
Answer: Liberalism, particularly Neo-Liberal Institutionalism, rejects the realist view that international institutions are ineffective, assigning them a central role in maintaining global stability:
Facilitating Cooperation: Institutions provide structured forums, shared norms, and verifiable rules that make ongoing cooperation viable despite systemic anarchy.
Reducing Information Asymmetry: By ensuring transparency and regular information exchange, institutions reduce uncertainty, miscalculation, and mutual suspicion among states.
Lowering Transaction Costs: International organizations streamline multilateral bargaining, manage collective action dilemmas, and reduce the overall costs of negotiating agreements.
Providing Non-Violent Dispute Mechanisms: Institutions establish legal frameworks, adjudication bodies, and diplomatic channels to resolve interstate crises peacefully.
34. Discuss the theoretical distinctions and common ground between Classical Liberalism and Neo-Liberalism.
Answer: While both paradigms champion individual freedom, international trade, and peaceful coexistence, they differ significantly in their methodological orientation:
Theoretical Foundations: Classical Liberalism is anchored in Enlightenment philosophy, emphasizing innate human reason, moral progress, and domestic political reform. Neo-Liberalism adopts a structural, rational-choice framework that takes systemic anarchy as a starting point.
Institutional Focus: Classical Liberalism focuses heavily on democratic governance and moral imperatives; Neo-Liberalism concentrates on the functional efficacy of international regimes and governance architectures.
Economic Orientation: Neo-Liberalism places greater emphasis on free-market deregulation, transnational trade flows, and economic privatization as mechanisms driving systemic interdependence.
35. Discuss the core features of the Marxist approach to International Relations.
Answer: Marxism rejects the traditional view of international relations as a mere interstate power struggle, analyzing it instead through the prism of global economic structures and class dynamics:
Economic Determinism: The material base, modes of production, and capitalist relations determine the political superstructure and diplomatic interactions of states.
Class Conflict: Global politics is fundamentally divided along transnational class lines between the owners of capital (Bourgeoisie) and the wage laborers (Proletariat).
Imperialism: As articulated by V.I. Lenin, imperialism represents the monopoly stage of capitalism, wherein industrialized states colonize or dominate periphery regions to secure raw materials and surplus capital outlets.
Instrumental Nature of the State: The state is not a neutral protector of the common good, but an apparatus operated to enforce the domestic and international interests of the capitalist class.
36. Briefly examine Immanuel Wallerstein's World-Systems Theory. [2025]
Answer: Immanuel Wallerstein conceptualizes the global capitalist economy as an integrated, singular world-system characterized by an unequal international division of labor:
Core Nations: High-income, industrialized countries (such as the United States and Western European states) that control advanced technology, high-profit manufacturing, and financial capital.
Periphery Nations: Structurally disadvantaged and underdeveloped regions (such as parts of Africa and Latin America) that export low-cost raw materials and agricultural commodities while providing cheap labor, resulting in continuous exploitation.
Semi-Periphery Nations: Intermediate industrializing economies (such as India and Brazil) that exhibit characteristics of both the core and periphery. They exploit periphery areas while being exploited by core powers, acting as a structural buffer that stabilizes the capitalist world-system.
37. How does the Feminist approach challenge traditional theories of International Relations?
Answer: Feminist International Relations critically interrogates the gender-blind and male-centric foundations of conventional paradigms:
Critique of Hegemonic Masculinity: Feminists argue that core concepts such as national sovereignty, power, rationality, and national defense are heavily gendered, equating strength with masculinity and cooperation with weakness.
Visibility of Women: It demonstrates how traditional paradigms ignore the experiences, unpaid labor, and diplomatic contributions of women during conflict, peacebuilding, and economic globalization.
Reframing Security: Feminist theorists expand the definition of security beyond state military apparatuses to encompass human security, ecological survival, and protection against gender-based structural violence.
38. Explain J. Ann Tickner’s feminist reformulation of security and international theory.
Answer: In her prominent work Gender in International Relations, J. Ann Tickner provided a feminist critique and reformulation of Hans Morgenthau's realist principles:
Interdependence over Domination: Politics is not driven solely by power and self-interest; human survival inherently relies on social cooperation, empathy, and collective interdependence.
Multidimensional Security: True security cannot be attained by dominating adversaries or expanding military forces; it requires eliminating structural inequalities and addressing socioeconomic deprivation.
Integration of Ethics and Politics: Tickner rejects the separation of political action from universal moral and humanitarian principles, asserting that sustainable global stability requires normative and inclusive standards.
39. Discuss the fundamental differences between Realism and Liberalism.
Answer: Realism and Liberalism offer contrasting interpretations of the international arena:
View of Human Nature: Realism views human nature as inherently self-seeking, competitive, and power-driven; Liberalism sees individuals as rational, progressive, and capable of constructive cooperation.
Primary Objectives: Realism prioritizes national survival, self-help, and military strength; Liberalism focuses on promoting human rights, economic interdependence, and collective security.
Nature of Gains: Realism is concerned with relative gains (who gains more in comparative terms); Liberalism is guided by absolute gains (whether mutual cooperation yields positive-sum benefits for all).
Significance of Institutions: Realism views international organizations as weak reflections of state power; Liberalism views them as transformative vehicles capable of structuring durable global peace.
40. Evaluate the relevance of Marxist theory in the contemporary 21st century. [2025]
Answer: Despite the end of the Cold War and the collapse of the Soviet bloc, the Marxist critique provides essential analytical tools for modern global politics:
Explaining Global Inequalities: The widening economic disparity between the Global North and Global South under contemporary neoliberal globalization is effectively explained by Marxist core-periphery and dependency models.
Corporate Exploitation: Marxist frameworks provide critical insight into how multinational corporations (MNCs) leverage labor arbitrage and resource extraction across the developing world to concentrate capital.
Neo-Colonial Dynamics: Although formal empires have dissolved, subtle economic subjugation persists through international financial institutions (such as the IMF and World Bank), affirming the ongoing utility of Marxist political-economy analysis.