Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test
    Medium Selection - Premium Education Portal

    Please choose your option, either Assamese medium or English medium

    অ

    Assamese Medium

    অসমীয়া মাধ্যম
    EN

    English Medium

    Academic Resources










    Unit 4

    ১৮৫৭ চনৰ বিদ্ৰোহ – ইয়াৰ কাৰণ আৰু ফলাফল, ১৮৫৮ চনৰ ভাৰত চৰকাৰ আইন


    ১ নম্বৰীয়া প্ৰশ্নোত্তৰ (১৫ টা) :

    ১. কোনজন মোগল সম্ৰাটে চুৰাটত ইষ্ট ইণ্ডিয়া কোম্পানীক ফেক্ট'ৰী প্ৰতিষ্ঠাৰ অনুমতি প্ৰদান কৰিছিল? [GU 2024]

    উত্তৰ: মোগল সম্ৰাট জাহাঙ্গীৰে।

    ২. চিৰাজ-উদ-দৌলাক কোনে হত্যা কৰিছিল? [GU 2024]

    উত্তৰ: মহম্মদ আলী বেগ (মীৰ জাফৰৰ পুত্ৰ মীৰণৰ আদেশত)।

    ৩. বৃটিছ শাসিত ভাৰতত প্ৰথমগৰাকী বংগদেশৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? [GU 2024]

    উত্তৰ: ৱাৰেন হেষ্টিংছ (Warren Hastings)।

    ৪. কোনখন যুদ্ধত টিপু চুলতানৰ পৰাজয় আৰু মৃত্যু হৈছিল? [GU 2024]

    উত্তৰ: চতুৰ্থ ইংগ-মহীশূৰ যুদ্ধত (১৭৯৯ চনত)।

    ৫. ১৯০৫ চনৰ স্বদেশী আন্দোলনৰ তাৎক্ষণিক কাৰণ কি আছিল? [GU 2024]

    উত্তৰ: লৰ্ড কাৰ্জনৰ দ্বাৰা কৰা বংগ বিভাজন (Partition of Bengal)।

    ৬. ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল?

    উত্তৰ: মংগল পাণ্ডে।

    ৭. ১৮৫৮ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

    উত্তৰ: লৰ্ড কেনিং (Lord Canning)।

    ৮. ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত আৰু কাৰ উদ্যোগত প্ৰতিষ্ঠা হৈছিল?

    উত্তৰ: ১৮৮৫ চনত, অৱসৰপ্ৰাপ্ত আই.চি.এছ. বিষয়া এলান অক্টাভিয়ান হিউমৰ (A.O. Hume) উদ্যোগত।

    ৯. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?

    উত্তৰ: উমেশ চন্দ্ৰ বেনাৰ্জী (Womesh Chandra Bonnerjee)।

    ১০. সৰ্বভাৰতীয় মুছলিম লীগ কোন চনত আৰু ক'ত গঠিত হৈছিল?

    উত্তৰ: ১৯০৬ চনৰ ৩০ ডিচেম্বৰত, ঢাকাত।

    ১১. বংগ বিভাজন কোন তাৰিখে কাৰ্যকৰী কৰা হৈছিল?

    উত্তৰ: ১৯০৫ চনৰ ১৬ অক্টোবৰত।

    ১২. 'অভিনৱ ভাৰত' নামৰ বৈপ্লৱিক গুপ্ত সমিতিটো কোনে প্ৰতিষ্ঠা কৰিছিল?

    উত্তৰ: বিনায়ক দামোদৰ চাভাৰকাৰে (ভি. ডি. চাভাৰকাৰ)।

    ১৩. ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল?

    উত্তৰ: দ্বিতীয় বাহাদুৰ শ্বাহ (বাহাদুৰ শ্বাহ জফৰ)।

    ১৪. ১৮৫৭ চনৰ বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ কি আছিল?

    উত্তৰ: এনফিল্ড ৰাইফলত ব্যৱহৃত চৰ্বিযুক্ত কাৰ্টিজৰ প্ৰচলন।

    ১৫. কোনখন চুক্তিয়ে দ্বিতীয় ইংগ-মৰাঠা যুদ্ধৰ সূচনা কৰিছিল?

    উত্তৰ: ১৮০২ চনৰ বেচিনৰ চুক্তি (Treaty of Bassein)।

    ২ নম্বৰীয়া প্ৰশ্নোত্তৰ (১৫ টা) :

    ১. ১৭৬৪ খ্ৰীঃৰ বক্সাৰ যুদ্ধৰ দুটা গুৰুত্ব উল্লেখ কৰা। [GU 2024]

    উত্তৰ: প্ৰথমতে, এই যুদ্ধত জয়ে ইংৰাজসকলক উত্তৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰে আৰু মোগল সম্ৰাট দ্বিতীয় শ্বাহ আলমে কোম্পানীৰ আশ্ৰয় ল'বলৈ বাধ্য হয়। দ্বিতীয়তে, ইয়াৰ ফলস্বৰূপে কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰে, যাৰ ফলত প্ৰত্যক্ষ ৰাজহ অধিকাৰ কোম্পানীৰ হাতলৈ যায়।

    ২. ১৮৫৭ চনৰ বিদ্ৰোহত কানপুৰ আৰু লক্ষ্ণৌত কোনে বিদ্ৰোহীসকলক নেতৃত্ব দিছিল? [GU 2024]

    উত্তৰ: ১৮৫৭ চনৰ বিদ্ৰোহত কানপুৰত শেষ পেশ্বৱা দ্বিতীয় বাজিৰাওৰ তোলনীয়া পুত্ৰ নানা চাহেব আৰু তেওঁৰ সেনাপতি তাত্যা টোপে নেতৃত্ব দিছিল। আনহাতে, লক্ষ্ণৌত অৱধৰ নবাব ৱাজিদ আলী শ্বাহৰ পত্নী বেগম হজৰত মহলে নিজ নাবালক পুত্ৰ বিৰজিছ কাদিৰক নবাব ঘোষণা কৰি নেতৃত্ব দিছিল।

    ৩. নৰমপন্থী আৰু চৰমপন্থীসকলৰ মাজত থকা দুটা আদৰ্শগত পাৰ্থক্য উল্লেখ কৰা। [GU 2024]

    উত্তৰ: প্ৰথমতে, নৰমপন্থীসকলে ব্ৰিটিছ ন্যায়পৰায়ণতাত বিশ্বাস ৰাখি আবেদন-নিবেদন আৰু সাংবিধানিক প্ৰক্ৰিয়াৰে স্বায়ত্তশাসন বিচাৰিছিল। আনহাতে, চৰমপন্থীসকলে আবেদন নীতি নাকচ কৰি 'স্বৰাজ'ক জন্মস্বত্ব বুলি গণ্য কৰিছিল আৰু বয়কট, ধৰ্মঘট তথা গণ-আন্দোলনৰ ওপৰত আস্থা ৰাখিছিল।

    ৪. বৃটিছ ভাৰতত এলাহাবাদ চুক্তিৰ (১৭৬৫ খৃঃ) কি বিত্তীয় প্ৰভাৱ পৰিছিল? [GU 2024]

    উত্তৰ: এলাহাবাদ চুক্তিৰ জৰিয়তে কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰি বিশাল পৰিমাণৰ ভূমি ৰাজহ সংগ্ৰহৰ একচেটিয়া অধিকাৰ পায়। ইয়াৰ বিনিময়ত কোম্পানীয়ে সম্ৰাটক বছৰি ২৬ লাখ টকা আৰু নবাবক প্ৰশাসনীয় ব্যয়ৰ বাবে ৫৩ লাখ টকা দিয়াৰ চুক্তি কৰে, যাৰ ফলত বিত্তীয় অতিৰিক্ত পুঁজি কোম্পানীৰ বাণিজ্যিক ব্যৱসায়ত ব্যৱহাৰ হ'বলৈ ধৰে।

    ৫. ভাৰতীয় সমাজত প্ৰচলিত দুটা কি কু-প্ৰথা বিলুপ্ত কৰাৰ বাবে লৰ্ড উইলিয়াম বেন্টিংকে প্ৰচেষ্টা চলাইছিল? [GU 2024]

    উত্তৰ: লৰ্ড উইলিয়াম বেন্টিংকে ১৮২৯ চনত আইন প্ৰণয়ন কৰি হিন্দু সমাজত চলি থকা 'সতীদাহ প্ৰথা' নিষিদ্ধ আৰু দণ্ডনীয় অপৰাধ ঘোষণা কৰিছিল। ইয়াৰ উপৰিও তেওঁ উত্তৰ আৰু মধ্য ভাৰতত বিস্তৃত হৈ থকা নৰবলি আৰু 'ঠগী' নামৰ ডকাইত-হত্যাকাৰী গোটসমূহক কঠোৰ হাতেৰে দমন কৰিছিল।

    ৬. ১৮৫৮ চনৰ ভাৰত চৰকাৰ আইনৰ দুটা প্ৰধান ব্যৱস্থা কি আছিল?

    উত্তৰ: প্ৰথমতে, এই আইনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পেলায় আৰু ভাৰতৰ শাসনভাৰ পোনপটীয়াকৈ ব্ৰিটিছ ৰাজমুকুটৰ অধীনলৈ নিয়ে। দ্বিতীয়তে, দ্বৈত শাসন ব্যৱস্থা (Board of Control আৰু Court of Directors) বাতিল কৰি ভাৰত সচিব (Secretary of State for India) আৰু ১৫ জনীয়া ভাৰত পৰিষদৰ হাতত দায়িত্ব ন্যস্ত কৰা হয়।

    ৭. লৰ্ড কাৰ্জনে বংগ বিভাজন কৰাৰ আঁৰৰ দুটা মূল উদ্দেশ্য কি আছিল?

    উত্তৰ: প্ৰশাসনিক যুক্তি হিচাপে বংগ প্ৰদেশখন বৃহৎ বুলি কোৱা হৈছিল যদিও প্ৰকৃত উদ্দেশ্য আছিল জাতীয়তাবাদী আন্দোলনৰ প্ৰাণকেন্দ্ৰ বংগভূপতিক দুৰ্বল কৰা। দ্বিতীয়তে, ধৰ্মৰ ভিত্তিত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিভাজন আনি ঐক্য বিনষ্ট কৰা।

    ৮. ১৮১৩ চনৰ চনদ আইনত শিক্ষা সম্পৰ্কীয় কি ব্যৱস্থা কৰা হৈছিল? [GU 2024]

    উত্তৰ: ১৮১৩ চনৰ চনদ আইনত (Charter Act) ভাৰতীয় প্ৰজাৰ মাজত সাহিত্যৰ পুনৰুত্থান আৰু আধুনিক বিজ্ঞানৰ জ্ঞান সম্প্ৰসাৰণৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে বছৰি ন্যূনতম এক লাখ টকা ব্যয় কৰাৰ আনুষ্ঠানিক ব্যৱস্থা গ্ৰহণ কৰে।

    ৯. মুছলিম লীগ প্ৰতিষ্ঠাৰ মূল দুটা উদ্দেশ্য কি আছিল?

    উত্তৰ: প্ৰথমতে, ভাৰতীয় মুছলমানসকলৰ মাজত ব্ৰিটিছ চৰকাৰৰ প্ৰতি আনুগত্য বৃদ্ধি কৰা আৰু চৰকাৰৰ নীতিসমূহৰ প্ৰতি থকা ভুল ধাৰণা দূৰ কৰা। দ্বিতীয়তে, মুছলমানসকলৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থ সংৰক্ষণ কৰি চৰকাৰৰ ওচৰত দাঙি ধৰা।

    ১০. স্বদেশী আন্দোলনৰ সময়ত 'বয়কট' শব্দটোৰ প্ৰকৃত তাৎপৰ্য কি আছিল?

    উত্তৰ: বয়কটৰ মূল অৰ্থ আছিল ইংৰাজ নিৰ্মিত কাপোৰ, নিমখ, চেনি আদি বিদেশী পণ্য বৰ্জন কৰি ব্ৰিটিছৰ অৰ্থনৈতিক স্বাৰ্থত আঘাত হনা। ইয়াৰ সমান্তৰালকৈ চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়, আদালত আৰু ব্ৰিটিছ প্ৰদত্ত উপাধিও বৰ্জন কৰা হৈছিল।

    ১১. ভাৰতত বৈপ্লৱিক জাতীয়তাবাদৰ উত্থানৰ দুটা কাৰণ উল্লেখ কৰা।

    উত্তৰ: কংগ্ৰেছৰ নৰমপন্থী দলৰ শান্তিপূৰ্ণ আৰু আবেদনমূলক ৰাজনীতিত যুৱপ্ৰজন্ম সন্তুষ্ট হ'ব পৰা নাছিল। লগতে বংগ বিভাজনৰ পিছত চৰকাৰৰ বৰ্বৰ দমন-পীড়নে যুৱকসকলক হিংসা আৰু সশস্ত্ৰ সংগ্ৰামেৰে স্বাধীনতা অৰ্জনৰ পথ ল'বলৈ বাধ্য কৰাইছিল।

    ১২. ১৮৫৭ চনৰ বিদ্ৰোহক কিয় 'চিপাহী বিদ্ৰোহ'তকৈ অধিক বুলি কোৱা হয়?

    উত্তৰ: এই বিদ্ৰোহ কেৱল চিপাহীসকলৰ মাজতেই সীমাবদ্ধ নাছিল; ইয়াত কৃষক, শিল্পী, জমিদাৰ, স্থানচ্যুত ৰজা আৰু সাধাৰণ নাগৰিক সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। ব্ৰিটিছ ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে ই আছিল এক গণ-জাগৰণ।

    ১৩. স্বদেশী আন্দোলনত মহিলা আৰু ছাত্ৰসমাজৰ ভূমিকা কেনে আছিল?

    উত্তৰ: মহিলাসকলে ঘৰৰ সীমা অতিক্ৰমি আন্দোলনত অংশ লৈ বিদেশী কাপোৰ আৰু বাচন-বৰ্তন ত্যাগ কৰিছিল। ছাত্ৰ সমাজে বিদেশী বস্তু বিক্ৰী কৰা দোকানৰ সন্মুখত পিকেটিং কৰি আৰু স্বদেশী মেলা আয়োজন কৰি আন্দোলনক এক গণ-উন্মাদনা প্ৰদান কৰিছিল।

    ১৪. আলিগড় আন্দোলন আৰু জাতীয় জাগৰণৰ মাজত থকা সংঘাত কি আছিল?

    উত্তৰ: চাৰ ছৈয়দ আহমদ খানে বিশ্বাস কৰিছিল যে মুছলমানসকলে ৰাজনীতিত নামি কংগ্ৰেছক সমৰ্থন কৰিলে ব্ৰিটিছ চৰকাৰৰ ৰোষত পৰিব আৰু শৈক্ষিক বিকাশ স্তব্ধ হ'ব। সেয়ে তেওঁ মুছলমানসকলক কংগ্ৰেছৰ পৰা আঁতৰি থাকি চৰকাৰৰ প্ৰতি অনুগত হৈ আধুনিক শিক্ষা লোৱাৰ পৰামৰ্শ দিছিল।

    ১৫. ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।

    উত্তৰ: প্ৰথমতে, সৰ্বভাৰতীয় স্তৰত একত্ৰিত নেতৃত্ব, স্পষ্ট লক্ষ্য আৰু সুসংগঠিত পৰিকল্পনাৰ অভাৱ আছিল। দ্বিতীয়তে, ব্ৰিটিছ সেনাৰ উন্নত অস্ত্ৰ-শস্ত্ৰ, আধুনিক যোগাযোগ ব্যৱস্থা (টেলিগ্ৰাফ, ৰে'ল) আৰু ভাৰতৰ বহু স্থানীয় ৰজা-মহাৰজাৰ ব্ৰিটিছক দিয়া সহায়।

    ৫ নম্বৰীয়া প্ৰশ্নোত্তৰ (১০ টা) :

    ১. ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰধান সামাজিক আৰু ধৰ্মীয় কাৰণসমূহ আলোচনা কৰা।

    উত্তৰ: ১৮৫৭ চনৰ মহাবিদ্ৰোহ কেৱল সামৰিক অসন্তুষ্টি নাছিল, ইয়াৰ আঁৰত গভীৰ সামাজিক আৰু ধৰ্মীয় ক্ষোভ আছিল। ব্ৰিটিছসকলে নিজকে ভাৰতীয়সকলতকৈ উন্নত বুলি ভাবিছিল আৰু ভাৰতীয়সকলক তুচ্ছ-তাচ্ছিল্য কৰিছিল। চৰকাৰৰ পৃষ্ঠপোষকতাত খ্ৰীষ্টান মিছনেৰীসকলে কাৰাগাৰ, চিকিৎসালয় আৰু বিদ্যালয়সমূহত ধৰ্মান্তৰকৰণ কাৰ্য ব্যাপক কৰি তুলিছিল, যাৰ ফলত হিন্দু আৰু মুছলমানসকলে নিজৰ ধৰ্ম বিপন্ন বুলি ভাবিছিল। ১৮৫০ চনৰ 'লেক্স লোকি আইন' (Lex Loci Act) অনুসৰি ধৰ্মান্তৰিত খ্ৰীষ্টানসকলকো পৈতৃক সম্পত্তিৰ অধিকাৰ দিয়াৰ ব্যৱস্থাই ধৰ্মীয় সমাজত তীব্ৰ অসন্তোষ জন্মাইছিল। ইয়াৰ উপৰিও সতীদাহ প্ৰথা বিলোপ, বিধৱা বিবাহ আইন প্ৰৱৰ্তন আদি সংস্কাৰক ভাৰতীয় সমাজে নিজৰ পৌৰাণিক ধৰ্মীয় পৰম্পৰাত ব্ৰিটিছৰ অনাহুত হস্তক্ষেপ বুলি বিবেচনা কৰিছিল। শেষত, এনফিল্ড ৰাইফলৰ কাৰ্টিজত গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ কৰা বাতৰিয়ে দুয়োটা সম্প্ৰদায়ৰ মাজত ধৰ্ম নষ্ট কৰাৰ ষড়যন্ত্ৰ হিচাপে জুইত ঘিউ ঢালি বিদ্ৰোহৰ পথ মুকলি কৰিছিল।

    ২. ১৮৫৮ চনৰ মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰ আৰু ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰা।

    উত্তৰ: ১৮৫৮ চনৰ ১ নৱেম্বৰত এলাহাবাদৰ এক দৰবাৰত লৰ্ড কেনিঙে মহাৰাণী ভিক্টোৰিয়াৰ ঐতিহাসিক ঘোষণাপত্ৰ পাঠ কৰে। এই ঘোষণাই ভাৰতীয় ইতিহাসত এক নতুন যুগৰ সূচনা কৰে। ঘোষণাপত্ৰৰ মূল বক্তব্য আছিল—

    ১/ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ আনুষ্ঠানিক অৱসান ঘটাই ব্ৰিটিছ চৰকাৰে ভাৰতৰ শাসনভাৰ প্ৰত্যক্ষভাৱে নিজৰ হাতলৈ নিয়ে।

    ২/ দেশীয় ৰাজ্যসমূহ আৰু অধিগ্ৰহণ কৰা নহ'ব আৰু স্বত্ববিলোপ নীতি বাতিল কৰি ৰজাসকলক দত্তক পুত্ৰ গ্ৰহণৰ অধিকাৰ দিয়া হয়।

    ৩/ ভাৰতীয়সকলৰ প্ৰাচীন ধৰ্ম, ৰীতি-নীতি আৰু পৰম্পৰাত চৰকাৰে কোনো ধৰণৰ হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দিয়া হয়।

    ৪/ যোগ্যতা আৰু মেধাৰ ভিত্তিত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ভাৰতীয়ক চৰকাৰী চাকৰিৰ সুবিধা দিয়াৰ কথা কোৱা হয়।

    যদিও এই প্ৰতিশ্ৰুতিসমূহ বাস্তৱত বহু পৰিমাণে প্ৰৱঞ্চনা হিচাপে ৰৈ গ'ল, তথাপি ই ভাৰতীয় প্ৰশাসনত কোম্পানীৰ শোষণৰ অন্ত পেলাই সাংবিধানিক বিকাশৰ দুৱাৰ মুকলি কৰিছিল।

    ৩. ভাৰতত জাতীয় জাগৰণৰ বিকাশৰ কাৰকসমূহ চমুকৈ বিশ্লেষণ কৰা। [GU 2024]

    উত্তৰ: ঊনবিংশ শতিকাৰ শেষভাগত ভাৰতত জাতীয় জাগৰণ আৰু জাতীয়তাবাদী চেতনাৰ উন্মেষ ঘটে। ইয়াৰ মূল কাৰকসমূহ হ'ল—

    ১/ পাশ্চাত্য শিক্ষা আৰু আধুনিক চিন্তা: ইংৰাজী শিক্ষাৰ প্ৰসাৰে ভাৰতীয়সকলক পাশ্চাত্যৰ স্বাধীনতা, সমতা, গণতন্ত্ৰ আৰু জাতীয়তাবাদৰ ভাবাদৰ্শৰ সৈতে চিনাকি কৰাই দিয়ে।

    ২/ যোগাযোগ ব্যৱস্থাৰ উন্নতি: ৰে'লৱে, ডাক আৰু টেলিগ্ৰাফ ব্যৱস্থাই দেশৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত যোগাযোগ সহজ কৰি ভৌগোলিক বিচ্ছিন্নতা দূৰ কৰে।

    ৩/ বাতৰিকাকত আৰু জাতীয় সাহিত্য: দেশীয় ভাষাৰ বাতৰিকাকত আৰু সাহিত্যিকসকলৰ লেখাই জনসাধাৰণৰ মাজত জাতীয় চেতনা জগাই তোলে।

    ৪/ অৰ্থনৈতিক শোষণ: দাদাভাই নৌৰজী আদি নেতাসকলে ব্ৰিটিছৰ দ্বাৰা দেশৰ সম্পদ বহিৰ্গমন (Drain of Wealth) উদঙাই দিয়াত ব্ৰিটিছ শাসনৰ প্ৰকৃত স্বৰূপ উন্মোচিত হয়।

    ৫/ লৰ্ড লিটনৰ দমনমূলক নীতি: লিটনৰ ভাৰ্নাকুলাৰ প্ৰেছ এক্ট আৰু অস্ত্ৰ আইনে শিক্ষিত সমাজক সংগঠিত হ'বলৈ প্ৰেৰণা যোগায়।

    ৪. ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ মূল পটভূমি আৰু উদ্দেশ্য আলোচনা কৰা।

    উত্তৰ: ১৮৮৫ চনৰ ডিচেম্বৰ মাহত বোম্বাইৰ গোকুলদাস তেজপাল সংস্কৃত কলেজত এলান অক্টাভিয়ান হিউমৰ প্ৰচেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়। দেশৰ বিভিন্ন প্ৰান্তৰ ৭২ জন প্ৰতিনিধি এই প্ৰথম অধিৱেশনত উপস্থিত আছিল।

    মূল উদ্দেশ্যসমূহ আছিল:

    ১/ দেশৰ বিভিন্ন অঞ্চলৰ জাতীয়তাবাদী কৰ্মী আৰু চিন্তাশীল ব্যক্তিৰ মাজত পাৰস্পৰিক সৌহাৰ্দ্য আৰু সম্প্ৰীতি স্থাপন কৰা।

    ২/ জাতি, ধৰ্ম, ভাষা আৰু প্ৰাদেশিক সংকীৰ্ণতা দূৰ কৰি এক অখণ্ড ভাৰতীয় জাতীয় ঐক্য গঢ়ি তোলা।

    ৩/ ভাৰতীয়সকলৰ অভাৱ-অভিযোগ আৰু ৰাজনৈতিক দাবীসমূহ সন্মিলিতভাৱে আলোচনা কৰি ব্ৰিটিছ চৰকাৰৰ দৃষ্টিগোচৰ কৰা।

    ৪/ দেশৰ অৰ্থনৈতিক আৰু প্ৰশাসনিক সংস্কাৰ সাধনৰ বাবে জনমত গঠন কৰা।

    যদিও আৰম্ভণিতে ইয়াক চৰকাৰী ক্ষোভ প্ৰশমনৰ 'সুৰক্ষা ভাল্ভ' (Safety Valve) হিচাপে সৃষ্টি কৰা বুলি ভবা হৈছিল, কালক্ৰমত ই ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মূল নেতৃত্বকাৰী জাতীয় সংগঠনত পৰিণত হয়।

    ৫. লৰ্ড কাৰ্জনৰ বংগ বিভাজন পৰিকল্পনা আৰু ইয়াৰ প্ৰকৃত উদ্দেশ্য ব্যাখ্যা কৰা।

    উত্তৰ: লৰ্ড কাৰ্জনে ১৯০৫ চনত বংগ প্ৰদেশক দ্বিখণ্ডিত কৰে। ভৌগোলিকভাৱে বংগ, বিহাৰ আৰু উৰিষ্যাক লৈ গঠিত বিশাল বংগ প্ৰদেশৰ জনসংখ্যা আছিল প্ৰায় ৮ কোটি।

    কাৰ্জনৰ যুক্তি আৰু প্ৰকৃত উদ্দেশ্য:

    চৰকাৰী পক্ষৰ পৰা যুক্তি দিয়া হৈছিল যে প্ৰশাসনিক সুচলতাৰ বাবে ইমান ডাঙৰ প্ৰদেশ এখন এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা কঠিন। কিন্তু ইয়াৰ আঁৰৰ ৰাজনৈতিক উদ্দেশ্য আছিল সুকীয়া:

    ১/ বংগদেশ আছিল ভাৰতীয় জাতীয়তাবাদী আন্দোলন আৰু বৌদ্ধিক বিপ্লৱৰ মূল ঘাটি। কাৰ্জনৰ উদ্দেশ্য আছিল বঙালী জাতীয়তাবাদৰ কেন্দ্ৰবিন্দুক ভাঙি পেলোৱা।

    ২/ ধৰ্মীয় বিভাজন সৃষ্টি কৰা—পূব বংগত মুছলমান সংখ্যাগৰিষ্ঠ আৰু পশ্চিম বংগত হিন্দু সংখ্যাগৰিষ্ঠ প্ৰদেশ গঠন কৰি দুই সম্প্ৰদায়ৰ মাজত অনৈক্যৰ বীজ ৰোপণ কৰা।

    ৩/ বঙালীভাষীসকলক নিজৰ ভূখণ্ডতেই উৰিয়া আৰু হিন্দীভাষীৰ তুলনাত সংখ্যালঘু কৰি তোলা। এই পদক্ষেপে দেশজুৰি ব্যাপক গণ-প্ৰতিবাদৰ সৃষ্টি কৰিছিল।

    ৬. স্বদেশী আৰু বয়কট আন্দোলনৰ প্ৰধান কাৰ্যসূচী আৰু পদ্ধতিসমূহ আলোচনা কৰা।

    উত্তৰ: বংগ বিভাজনৰ বিৰুদ্ধে গঢ়ি উঠা স্বদেশী আন্দোলনে ভাৰতীয় সংগ্ৰামক এক নতুন মাত্ৰা প্ৰদান কৰে। ইয়াৰ কাৰ্যসূচী মূলত দুটা দিশত বিভক্ত আছিল—ধ্বংসাত্মক (বয়কট) আৰু গঠনমূলক (স্বদেশী)।

    ১/ বয়কট আন্দোলন: ইংৰাজৰ অৰ্থনৈতিক লাভালাভ বন্ধ কৰিবলৈ মানুহে বিদেশী বস্ত্ৰ, বিলেতী নিমখ, চেনী আদি বৰ্জন কৰে। বিদেশী কাপোৰৰ ৰাজহুৱা দাহন কৰা হয় আৰু চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰা হয়।

    ২/ স্বদেশী উদ্যোগ আৰু পণ্য: ব্ৰিটিছ সামগ্ৰীৰ বিকল্প হিচাপে স্বদেশী তাঁতশাল, বস্ত্ৰ উদ্যোগ, দিয়াচলাই আৰু চাবোন কাৰখানা গঢ়ি তোলা হয়।

    ৩/ জাতীয় শিক্ষা: চৰকাৰী নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ সতীশচন্দ্ৰ মুখাৰ্জীৰ 'ডন ছচাইটি' আৰু 'জাতীয় শিক্ষা পৰিষদ'ৰ অধীনত বংগ জাতীয় কলেজকে ধৰি বহুতো জাতীয় বিদ্যালয় স্থাপন কৰা হয়।

    ৪/ সাংস্কৃতিক জাগৰণ: ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীত (যেনে: 'আমাৰ সোণাৰ বাংলা') আৰু অবনীন্দ্ৰনাথ ঠাকুৰৰ স্বদেশী চিত্ৰকলাই জনসাধাৰণক দেশপ্ৰেমত উদ্বুদ্ধ কৰি তোলে।

    ৭. মুছলিম লীগ গঠনৰ ঐতিহাসিক পটভূমি আৰু গুৰুত্ব বিশ্লেষণ কৰা। [GU 2024]

    উত্তৰ: ১৯০৬ চনৰ ৩০ ডিচেম্বৰত ঢাকাত নবাব চালিমুল্লাহৰ উদ্যোগত আৰু আগা খানৰ সভাপতিত্বত সৰ্বভাৰতীয় মুছলিম লীগ গঠিত হয়।

    পটভূমি আৰু গুৰুত্ব:

    ১/ ব্ৰিটিছ চৰকাৰৰ বিভাজন আৰু শাসন (Divide and Rule) নীতিৰ অধীনত মুছলমান অভিজাত শ্ৰেণীক সন্তুষ্ট কৰাৰ চেষ্টা চলিছিল। ১৯০৬ চনৰ অক্টোবৰত আগা খানৰ নেতৃত্বত 'ছিমলা ডেপুটেশ্যন' ভাইচৰয় লৰ্ড মিণ্টোক সাক্ষাৎ কৰি পৃথক নিৰ্বাচনমণ্ডল দাবী কৰে।

    ২/ আলিগড় আন্দোলনৰ ফলশ্ৰুতিত এচাম শিক্ষিত মুছলমানে নিজৰ সুকীয়া ৰাজনৈতিক অস্তিত্ব বজাই ৰখাৰ পোষকতা কৰিছিল।

    ৩/ কংগ্ৰেছক হিন্দু সংখ্যাগৰিষ্ঠ দল বুলি অপপ্ৰচাৰ চলাই মুছলিম লীগে নিজকে মুছলমানৰ একমাত্ৰ মুখপাত্ৰ হিচাপে দাঙি ধৰিবলৈ যত্ন কৰে।

    ইয়াৰ ফলত ব্ৰিটিছ চৰকাৰে ১৯০৯ চনৰ মৰ্লে-মিণ্টো সংস্কাৰত মুছলমানসকলৰ বাবে 'পৃথক নিৰ্বাচনমণ্ডল' (Separate Electorate) ব্যৱস্থা প্ৰৱৰ্তন কৰে, যিয়ে ভাৰতৰ ৰাজনীতিত সাম্প্ৰদায়িকতাৰ বীজ গভীৰ কৰি তোলে।

    ৮. ভাৰতত বৈপ্লৱিক জাতীয়তাবাদী আন্দোলনৰ উত্থান আৰু বিকাশ চমুকৈ লিখা।

    উত্তৰ: বিংশ শতিকাৰ প্ৰথম দশকত কংগ্ৰেছৰ শান্তিপূৰ্ণ আবেদন নীতিৰ বিফলতা আৰু বংগ বিভাজনৰ ফলত ভাৰতীয় যুৱসমাজৰ এক বৃহৎ অংশ সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি আকৰ্ষিত হয়।

    বিকাশ আৰু কাৰ্যকলাপ:

    ১/ গুপ্ত সমিতি গঠন: মহাৰাষ্ট্ৰত ভি. ডি. চাভাৰকাৰৰ 'অভিনৱ ভাৰত' আৰু বংগত বাৰীন্দ্ৰ কুমাৰ ঘোষ আৰু ভূপেন্দ্ৰনাথ দত্তৰ নেতৃত্বত 'অনুশীলন সমিতি' আৰু 'যুগান্তৰ' নামৰ বৈপ্লৱিক দল গঠিত হয়।

    ২/ সশস্ত্ৰ কাৰ্যপন্থা: বিপ্লৱীসকলে অন্যায়কাৰী ব্ৰিটিছ বিষয়া হত্যা, অস্ত্ৰ সংগ্ৰহৰ বাবে ধন লুট আৰু বোমা তৈয়াৰৰ কাৰ্যসূচী গ্ৰহণ কৰে। ১৯০৮ চনত ক্ষুদিৰাম বসু আৰু প্ৰফুল্ল চাকীয়ে কুখ্যাত ন্যায়াধীশ কিংসফোৰ্ডক লক্ষ্য কৰি বোমা নিক্ষেপ কৰে।

    ৩/ বিদেশে পৰা কাৰ্যকলাপ: শ্যামজী কৃষ্ণবৰ্মা, মাডাম কামা আৰু লালা হৰদয়ালে (গদৰ পাৰ্টি) বিদেশৰ ভূমিত থাকি বিপ্লৱীসকলক অস্ত্ৰ আৰু প্ৰচাৰৰে সহায় কৰিছিল।

    যদিও চৰকাৰৰ চৰম দমন-পীড়নে এই আন্দোলনক এক গণ-বিপ্লৱলৈ ৰূপান্তৰ হ'বলৈ নিদিলে, তথাপি ই ভাৰতীয় স্বাধীনতা সংগ্ৰামত অপৰিসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অনন্য দৃষ্টান্ত স্থাপন কৰে।

    ৯. ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰকৃতি (Nature) সম্পৰ্কে ঐতিহাসিকসকলৰ দৃষ্টিভংগী ব্যাখ্যা কৰা।

    উত্তৰ: ১৮৫৭ চনৰ বিদ্ৰোহৰ চৰিত্ৰ সম্পৰ্কে ঐতিহাসিকসকলৰ মাজত মতভেদ আছে:

    ১/ সামৰিক বিদ্ৰোহ (Sepoy Mutiny): চাৰ জন লৰেন্স, জন চিলী আদি সাম্ৰাজ্যবাদী ঐতিহাসিকসকলে ইয়াক কেৱল "চৰ্বিযুক্ত কাৰ্টিজৰ বিৰুদ্ধে চিপাহীসকলৰ এটা স্বাৰ্থপৰ আৰু বিশৃংখল বিদ্ৰোহ" বুলি অভিহিত কৰিছে।

    ২/ প্ৰথম স্বাধীনতা সংগ্ৰাম: বিনায়ক দামোদৰ চাভাৰকাৰে তেওঁৰ গ্ৰন্থত ইয়াক "ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম" (First War of Indian Independence) বুলি আখ্যা দিয়ে। তেওঁৰ মতে, ই আছিল বিদেশী শাসন ওফৰাই স্বাধীনতা পুনৰুদ্ধাৰৰ এক জাতীয় প্ৰচেষ্টা।

    ৩/ সামন্তবাদী প্ৰতিৰোধ: ড° আৰ. চি. মজুমদাৰৰ মতে, এই বিদ্ৰোহ "প্ৰথমও নাছিল, জাতীয়ও নাছিল আৰু স্বাধীনতা সংগ্ৰামো নাছিল", বৰঞ্চ পদচ্যুত সামন্ত আৰু ৰজাসকলে নিজৰ পুৰণি ক্ষমতা ৰক্ষাৰ বাবে কৰা এক প্ৰতিৰোধ আছিল।

    কিন্তু আধুনিক ঐতিহাসিকসকলৰ মতে, কৃষক-জনতাৰ ব্যাপক অংশগ্ৰহণে ইয়াক এক ঔপনিৱেশিক-বিৰোধী গণ-বিদ্ৰোহৰ মৰ্যাদা প্ৰদান কৰে।

    ১০. ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ প্ৰধান কাৰণসমূহ বিশ্লেষণ কৰা।

    উত্তৰ: ১৮৫৭ চনৰ বিদ্ৰোহ ব্যাপক হোৱা সত্ত্বেও কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণত বিফল হয়:

    ১/ কেন্দ্ৰীয় নেতৃত্ব আৰু সমন্বয়ৰ অভাৱ: বিদ্ৰোহীসকলৰ কোনো একত্ৰিত কমাণ্ড নাছিল। শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ বৃদ্ধ আৰু দুৰ্বল আছিল। নানা চাহেব, লক্ষ্মীবাঈ বা কুঁৱৰ সিং সকলোৱে নিজ নিজ এলেকাত সুকীয়াকৈ যুঁজিছিল।

    ২/ সীমিত ভৌগোলিক বিস্তাৰ: বিদ্ৰোহ মূলতঃ উত্তৰ আৰু মধ্য ভাৰততে সীমাবদ্ধ আছিল। দক্ষিণ ভাৰত, পঞ্জাব, ৰাজপুতনা আৰু পূব ভাৰত প্ৰায় শান্ত আছিল।

    ৩/ আধুনিক অস্ত্ৰ আৰু যোগাযোগৰ অভাৱ: ব্ৰিটিছ বাহিনীৰ হাতত উন্নত এনফিল্ড ৰাইফল, ব্ৰিটিছ নৌবাহিনী আৰু উন্নত যুদ্ধ কৌশল আছিল। লগতে ডাক আৰু টেলিগ্ৰাফ ব্যৱস্থাই তেওঁলোকক ক্ষিপ্ৰ যোগাযোগত সহায় কৰিছিল।

    ৪/ ভাৰতীয় শাসক আৰু জমিদাৰৰ অসহযোগিতা: গোৱালিয়ৰৰ সিন্ধিয়া, হায়দৰাবাদৰ নিজাম, নেপালৰ গুৰ্খা আৰু বহুতো বৃহৎ জমিদাৰে ব্ৰিটিছক সহায় কৰিছিল, যাক লৰ্ড কেনিঙে "ধুমুহাত বান্ধি দিয়া ব্ৰেকৱাটাৰ" বুলি অভিহিত কৰিছিল।








































    Unit 4

    The Revolt of 1857 – its causes and consequences, the Government of India Act of 1858


    1-Mark Questions (15 Questions) :

    1. Who was the Mughal Emperor to grant permission to the East India Company to establish a factory at Surat? [GU 2024]

    Answer: Mughal Emperor Jahangir.

    2. Who killed Siraj-ud-Daulah? [GU 2024]

    Answer: Mohammad Ali Beg (under the orders of Miran, son of Mir Jafar).

    3. Who was the first Governor-General of Bengal under British India? [GU 2024]

    Answer: Warren Hastings.

    4. In which battle was Tipu Sultan defeated and killed? [GU 2024]

    Answer: The Fourth Anglo-Mysore War (1799).

    5. What was the immediate cause of the Swadeshi Movement, 1905? [GU 2024]

    Answer: The Partition of Bengal promulgated by Lord Curzon.

    6. Who was the first martyr of the Revolt of 1857?

    Answer: Mangal Pandey.

    7. Who became the first Viceroy of India under the Government of India Act of 1858?

    Answer: Lord Canning.

    8. In which year and under whose initiative was the Indian National Congress established?

    Answer: In 1885, under the initiative of retired civil servant Allan Octavian Hume (A.O. Hume).

    9. Who was the first President of the Indian National Congress?

    Answer: Womesh Chandra Bonnerjee.

    10. In which year and where was the All-India Muslim League established?

    Answer: On December 30, 1906, in Dhaka.

    11. On which date did the Partition of Bengal officially come into effect?

    Answer: October 16, 1905.

    12. Who founded the revolutionary secret society named 'Abhinav Bharat'?

    Answer: Vinayak Damodar Savarkar (V. D. Savarkar).

    13. Who was the titular Mughal Emperor during the Revolt of 1857?

    Answer: Bahadur Shah II (Bahadur Shah Zafar).

    14. What was the immediate trigger for the outbreak of the Revolt of 1857?

    Answer: The introduction of the greased Enfield rifle cartridges.

    15. Which treaty led to the outbreak of the Second Anglo-Maratha War?

    Answer: The Treaty of Bassein (1802).

    2-Mark Questions (15 Questions) :

    1. Mention two significances of the Battle of Buxar (1764 CE). [GU 2024]

    Answer: First, the victory firmly established the British East India Company as the supreme political power in Northern India, reducing the Mughal Emperor Shah Alam II to a pensioner. Second, it led directly to the grant of the Diwani rights over Bengal, Bihar, and Orissa, transferring direct revenue control into British hands.

    2. Who led the Rebels of 1857 in Kanpur and in Lucknow? [GU 2024]

    Answer: In Kanpur, the rebellion was led by Nana Saheb (the adopted son of Peshwa Baji Rao II) alongside commander Tantia Tope. In Lucknow, it was led by Begum Hazrat Mahal, who proclaimed her minor son Birjis Qadir as the Nawab of Awadh.

    3. Mention two ideological differences between the Moderates and the Extremists. [GU 2024]

    Answer: First, the Moderates believed in British justice, relying on constitutional methods such as petitions, prayers, and protests for gradual reform. In contrast, the Extremists rejected mendicant politics, declared Swaraj (self-rule) as a fundamental birthright, and advocated mass strikes, boycotts, and direct passive resistance.

    4. What was the financial impact of the Treaty of Allahabad (1765 CE) on British India? [GU 2024]

    Answer: The Treaty granted the Company the Diwani (revenue collecting rights) of Bengal, Bihar, and Orissa in exchange for an annual tribute of 26 lakh rupees to the Emperor and 53 lakh rupees for administrative charges to the Nawab. This allowed the British to finance their trade and military campaigns entirely using Indian tax revenues without importing bullion from Britain.

    5. Mention two social evils in Indian society that Lord William Bentinck wanted to abolish. [GU 2024]

    Answer: Lord William Bentinck enacted Regulation XVII in 1829, which legally declared the practice of Sati illegal and punishable by criminal courts. Additionally, he took rigorous legislative and police measures to suppress the predatory system of Thuggee and banned female infanticide.

    6. State two major provisions of the Government of India Act of 1858.

    Answer: First, it liquidated the East India Company and transferred the government, territories, and revenues of India directly to the British Crown. Second, it abolished the dual control of the Court of Directors and the Board of Control, creating the office of the Secretary of State for India assisted by a 15-member Council.

    7. State two primary objectives behind Lord Curzon's Partition of Bengal.

    Answer: While administrative efficiency was offered as the public rationale, the real political motive was to weaken the nerve center of Indian nationalism in Bengal. Second, it aimed to divide the population on communal lines by carving out a Muslim-majority Eastern Bengal and Assam, fostering friction between Hindus and Muslims.

    8. What was the provision made in the Charter Act of 1813 regarding the development of education in India? [GU 2024]

    Answer: The Charter Act of 1813 incorporated a specific clause directing the East India Company to allocate a minimum sum of one lakh rupees annually for the revival, promotion of literature, and introduction of modern scientific knowledge among the native inhabitants of India.

    9. Mention two core objectives behind the foundation of the All-India Muslim League.

    Answer: First, to promote among Indian Muslims feelings of loyalty toward the British government and remove misunderstandings regarding official measures. Second, to protect and advance the political rights and distinct socio-political interests of the Muslim community through direct representation to the government.

    10. What was the strategic significance of the term 'Boycott' during the Swadeshi Movement?

    Answer: 'Boycott' was designed as an economic weapon to hurt British commercial interests by refusing to purchase British manufactured goods (like Manchester cloth and Liverpool salt). It expanded into a broader political boycott of government schools, colleges, courts, and official titles to reject colonial legitimacy.

    11. Outline two factors responsible for the rise of Revolutionary Nationalism in India.

    Answer: First, the failure of the moderate political approach (petitions and appeals) to extract concessions, combined with the disillusionment following the Surat Split (1907). Second, the brutal state repression and crackdowns during the anti-partition agitation compelled radical youth to adopt clandestine armed resistance.

    12. Why is the Revolt of 1857 considered more than a mere 'Sepoy Mutiny'?

    Answer: The revolt was not restricted to barracks; it transformed into a broad civil uprising involving peasants, dispossessed landlords, traditional artisans, and deposed rulers. It drew its energy from widespread socio-economic exploitation, expressing deep popular hostility against alien British domination.

    13. What was the role of students and women in the Swadeshi Movement?

    Answer: Students acted as the vanguard by organizing picketing outside shops selling foreign goods and popularizing Swadeshi goods at fairs. Women broke traditional domestic seclusion to participate in public demonstrations, boycott foreign utensils, and contribute their personal jewelry to national strike funds.

    14. What was the core conflict between the Aligarh Movement and early Congress nationalism?

    Answer: Sir Syed Ahmad Khan feared that Western-style electoral democracy would result in permanent Hindu majority domination over the Muslim minority. Consequently, the Aligarh leadership advised Muslims to keep away from the Congress agitation and focus entirely on modern English education while remaining loyal to the British Raj.

    15. Mention two principal reasons for the failure of the Revolt of 1857.

    Answer: First, the rebellion lacked centralized leadership, unified military coordination, and a coherent modern ideology. Second, British military forces possessed superior firepower, advanced logistics (telegraph and railways), and received crucial assistance from native princes like the Scindias and the Nizam.

    5-Mark Questions (10 Questions) :

    1. Discuss the principal social and religious causes of the Revolt of 1857.

    Answer: The Revolt of 1857 was driven by deep-seated religious and social anxieties alongside military grievances. The racial arrogance of British officials, combined with open contempt for native customs, created profound resentment.

    The aggressive proselytization by Christian missionaries in prisons, schools, and cantonments led Indians to believe the government was actively conspiring to destroy their faith. This was exacerbated by the Lex Loci Act of 1850, which enabled converts to Christianity to inherit ancestral property, viewed as state patronization of conversion.

    Furthermore, socio-religious legislative interventions—such as the abolition of Sati (1829), the Hindu Widows' Remarriage Act (1856), and the taxation of temple and mosque lands—were perceived as unwarranted invasions into traditional socio-religious spheres. The final rupture occurred with the introduction of the Enfield rifle cartridges greased with animal fat (tallow from cows and lard from pigs). Loading required biting the cartridge, directly violating the religious taboos of both Hindu and Muslim sepoys, which turned latent suspicions into open rebellion.

    2. Explain the provisions and significance of Queen Victoria’s Proclamation of 1858.

    Answer: On November 1, 1858, Lord Canning read Queen Victoria’s Proclamation at a grand Durbar in Allahabad, marking the constitutional transition of India from Company rule to the direct control of the British Crown.

    Key Provisions:

    • End of Annexations: It formally discarded Lord Dalhousie's Doctrine of Lapse, guaranteeing the integrity of native princely states and their right of adoption.

    • Religious Non-Interference: The British Crown pledged complete neutrality in Indian socio-religious matters, promising not to impose Christianity or interfere in ancient customs.

    • Equal Opportunity: It promised that all Indian subjects, irrespective of race, caste, or creed, would be eligible for public administrative appointments based strictly on education, merit, and ability.

    • Amnesty: General amnesty was granted to all rebels, except those convicted of murdering British subjects.

    Significance:

    Although many promises remained unfulfilled in practice, the Proclamation ended the era of aggressive territorial expansion and initiated bureaucratic administrative consolidation.

    3. Analyze the major factors responsible for the growth of National Awakening in India. [GU 2024]

    Answer: The latter half of the nineteenth century witnessed the emergence of modern Indian national consciousness due to several interconnected structural factors:

    • Western Education and Ideals: English education exposed the emerging Indian middle class to European political theories of liberty, democracy, and national sovereignty, fostering critical assessments of colonial governance.

    • Administrative and Communication Unification: Uniform legal systems, along with the pan-Indian network of railways, postal services, and electric telegraphs, physically linked remote regions and enabled political leaders to organize across provincial boundaries.

    • Role of the Press and Vernacular Literature: Vernacular newspapers and literary figures (such as Bankim Chandra Chatterjee and Bharatendu Harishchandra) popularized nationalist ideals and critiqued colonial exploitation.

    • Economic Critique of Imperialism: Economists like Dadabhai Naoroji formulated the 'Drain of Wealth' theory, proving that India's chronic poverty was a direct structural consequence of British economic exploitation.

    • Reactionary Policies of Lord Lytton: Repressive measures—such as the Vernacular Press Act (1878), the Arms Act (1878), and the controversy surrounding the Ilbert Bill (1883)—convinced educated Indians that organized collective agitation was necessary.

    4. Discuss the background and key objectives behind the foundation of the Indian National Congress (1885).

    Answer: The Indian National Congress was founded in December 1885 at Bombay during a meeting convened at Gokuldas Tejpal Sanskrit College, initiated by retired British civil servant Allan Octavian Hume.

    Background:

    Regional associations like the Indian Association of Calcutta and the Poona Sarvajanik Sabha had already begun articulating political demands. The need for an all-India platform became imperative after the Ilbert Bill controversy, which exposed European racial opposition to native legal parity. Hume acted as a catalyst, coordinating with Indian leaders to launch a representative organization.

    Core Objectives:

    • Promoting National Unity: Eradicating provincial, religious, and caste prejudices to consolidate a pan-Indian national identity.

    • Fostering Friendly Relations: Building networks among political and social activists across different regions.

    • Formulating Political Demands: Synthesizing public opinion to place constitutional, administrative, and financial demands systematically before the colonial government.

    • Political Education: Training public opinion and articulating legitimate grievances within constitutional bounds.

    5. Critically evaluate Lord Curzon's policy regarding the Partition of Bengal.

    Answer: In 1905, Viceroy Lord Curzon executed the Partition of Bengal, dividing the old province into Western Bengal (Hindu-majority) and Eastern Bengal and Assam (Muslim-majority).

    The Official Rationale:

    The colonial administration argued that Bengal, comprising over 78 million people across Bengal, Bihar, and Orissa, had become unmanageable for a single Lieutenant-Governor, necessitating administrative reorganization for efficient governance.

    The Imperial Motive:

    The primary objective was political rather than administrative. Bengal was the intellectual epicenter of the emerging nationalist struggle. By dividing the Bengali-speaking population, Curzon sought to neutralize their political cohesion:

    • It reduced the linguistic Bengali population to a minority in Western Bengal by clubbing them with Hindi and Odia speakers.

    • It institutionalized communal divisions by offering Eastern Bengal as a separate province with privileges tailored to affluent Muslim elites, aiming to drive a wedge between Hindu and Muslim communities.

    The partition sparked the Swadeshi Movement, transforming moderate constitutional agitation into a mass struggle.

    6. Examine the main programs and methods adopted during the Swadeshi and Boycott Movement.

    Answer: The anti-partition agitation developed into the Swadeshi and Boycott Movement (1905–1908), introducing new methods of political struggle.

    Key Programs:

    • Economic Boycott: Public bonfires of foreign textiles, picketing of retail shops selling imported goods, and social boycotts of individuals using foreign articles.

    • Swadeshi Enterprise: Domestic industries were promoted to build economic self-reliance. Swadeshi textile mills, soap and match factories, handloom cooperatives, and national banks were established.

    • National Education: In response to the Carlyle Circular penalizing student activists, the National Council of Education was formed, leading to the establishment of the Bengal National College (with Aurobindo Ghosh as principal) and technical institutes.

    • Mass Mobilization and Culture: The movement mobilized the public through Samitis (such as the Swadesh Bandhab Samiti) and cultural expressions, including patriotic songs by Rabindranath Tagore, popular theatre (Jatra), and national festivals.

    7. Discuss the historical background and significance of the establishment of the Muslim League. [GU 2024]

    Answer: The All-India Muslim League was established on December 30, 1906, at Dhaka during the All-India Muslim Educational Conference, led by Nawab Salimullah, the Aga Khan, and Mohsin-ul-Mulk.

    Historical Context:

    • Divide and Rule: The British actively encouraged separate political platforms to counter the secular, unified nationalism of the Indian National Congress.

    • The Shimla Deputation (1906): A delegation of Muslim elites led by the Aga Khan met Viceroy Lord Minto, demanding separate electorates and representation proportional to their political importance rather than numerical strength.

    Significance:

    • It institutionalized a distinct political voice for Indian Muslims, creating an elite-dominated organization loyal to the Crown.

    • The British accepted their core demand in the Morley-Minto Reforms of 1909 by introducing 'Separate Electorates' for Muslims. This introduced communal representation into Indian constitutional law, laying the groundwork for religious polarization in national politics.

    8. Trace the rise and development of Revolutionary Nationalism in the early 20th century.

    Answer: Revolutionary nationalism arose as an alternative to the moderate methods of the Congress, especially after the government's violent suppression of the Swadeshi movement.

    Key Phases and Trajectory:

    • Secret Societies: Underground revolutionary organizations formed to recruit youth and impart military training. Notable groups included Anushilan Samiti and Jugantar in Bengal (led by Barindra Kumar Ghosh and Bhupendranath Datta) and Abhinav Bharat in Maharashtra (founded by the Savarkar brothers).

    • Direct Action: The revolutionaries targeted oppressive colonial officials, organized political robberies (swadeshi dacoities) to fund arms purchases, and set up clandestine bomb-manufacturing units (such as the Manicktolla factory).

    • International Networks: Revolutionary activities extended abroad through Shyamji Krishna Varma's India House in London, Madam Bhikaiji Cama in Paris, and the Ghadar Movement founded by Lala Har Dayal in North America.

    Though harsh state suppression, executions, and deportations prevented these groups from mobilizing a general armed uprising, their sacrifice inspired broader anti-colonial sentiment.

    9. Explain the divergent historical perspectives regarding the nature and character of the Revolt of 1857.

    Answer: Historians hold differing interpretations regarding the character of the 1857 uprising:

    • Imperialist/Colonial View: Contemporary British historians, including Sir John Lawrence and Sir John Seeley, characterized the uprising strictly as a "wholly unpatriotic and selfish Sepoy Mutiny," attributing it entirely to the greased cartridge controversy without broader civilian legitimacy.

    • Nationalist Perspective: V. D. Savarkar framed the uprising as the "First War of Indian Independence," arguing it was a planned, national struggle aimed at liberating India from alien subjugation.

    • Revisionist/Marxist View: Historians like Dr. R. C. Majumdar offered a cautious assessment, famously stating it was "neither first, nor national, nor a war of independence," noting that rebel leaders fought primarily to restore their individual feudal domains. Conversely, Marxist scholars view it as a peasant-soldier insurrection against colonial agrarian and fiscal exploitation.

    Modern historiography views it as a major anti-colonial upheaval combining military mutiny, peasant rebellion, and traditional resistance.

    10. Analyze the primary causes for the failure of the Revolt of 1857.

    Answer: Despite widespread participation, the Revolt of 1857 was crushed by early 1859 due to major structural limitations:

    • Lack of Unified Leadership and Vision: The movement lacked a single military command. Emperor Bahadur Shah Zafar was an ineffective figurehead. Leaders like Nana Saheb, Rani Lakshmibai, and Kunwar Singh operated in regional silos without a common national strategy.

    • Geographical and Social Limitations: The uprising remained concentrated in Northern and Central India (Awadh, Rohilkhand, Bihar, and parts of MP). Southern India, Punjab, Rajasthan, and Eastern Bengal remained largely unaffected.

    • Military and Logistical Superiority: The British military possessed superior modern weaponry, naval control, and telegraph infrastructure that allowed rapid troop deployment.

    • Collaboration of Native Elites: Powerful native rulers—including Scindia of Gwalior, the Holkars of Indore, the Nizam of Hyderabad, and the Sikh aristocracy—actively supported the British. Lord Canning observed that these loyal princes served as "breakwaters in the storm" that prevented the colonial apparatus from collapsing.

































































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website