অধ্যায়ঃ ১
ভাৰতৰ ৰাজনৈতিক দল
MAIN CONTENT
অ নু শীল নী
অতি চমু উত্তৰৰ প্ৰশ্ন :
১। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।
উত্তৰ: চীন। (ইয়াৰোপৰি সাম্যবাদী ৰাষ্ট্ৰসমূহতো একদলীয় ব্যৱস্থা দেখা যায়)।
২। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি?
উত্তৰ: দ্বিদলীয় ব্যৱস্থা।
৩। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ: ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ’ল— (ক) সংগঠন আৰু (খ) নীতি-আদৰ্শ তথা আঁচনি।
৪। ৰাজনৈতিক দলৰ এটা প্রধান কার্য উল্লেখ কৰা।
উত্তৰ: জনমত গঠন কৰা। (আন এটা প্ৰধান কাৰ্য হ'ল জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা)।
৫। অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা।
উত্তৰ: অসম গণ পৰিষদ (AGP)।
৬। ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি?
উত্তৰ: ঝাৰখণ্ড মুক্তি মৰ্চা (JMM)।
৭। ইউ পি এ (UPA)ৰ সম্পূৰ্ণ অৰ্থ লিখা?
উত্তৰ: সংযুক্ত গণতান্ত্রিক মৰ্চা বা United Progressive Alliance।
৮। ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো?
উত্তৰ: ভাৰতীয় জাতীয় কংগ্ৰেছ।
৯। কাৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ'চিয়েচন' গঠন হৈছিল?
উত্তৰ: এছ. এন. বেনাৰ্জীৰ (সুৰেন্দ্ৰনাথ বেনার্জী) নেতৃত্বত ১৮৭৬ চনত গঠন হৈছিল।
১০। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ: উমেশ চন্দ্ৰ বেনাৰ্জী।
চমু উত্তৰৰ প্ৰশ্ন :
১। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্রধান বৈশিষ্ট্য কি?
উত্তৰ: ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য হ’ল ইয়াৰ বহুদলীয় ব্যৱস্থা। ইয়াত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলৰ লগতে অসংখ্য আঞ্চলিক দলেও নিৰ্বাচনত অংশগ্ৰহণ কৰে, যিয়ে ভাৰতৰ দৰে বৈচিত্ৰ্যপূৰ্ণ দেশত প্ৰকৃত গণতান্ত্ৰিক পৰিৱেশ সৃষ্টি কৰে।
২। গণতান্ত্রিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী?
উত্তৰ: গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে বহুদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী। অৱশ্যে লক্ষ্য কৰা যায় যে বহুদলীয় ব্যৱস্থাতকৈ ইংলেণ্ড বা আমেৰিকাৰ দৰে দ্বিদলীয় ব্যৱস্থা থকা গণতন্ত্ৰ অধিক সুস্থিৰ আৰু সবল হয়।
৩। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা।
উত্তৰ: গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ চাৰিটা প্ৰধান বৈশিষ্ট্য হ’ল— (ক) সু-সংগঠিত সংগঠন, (খ) নিৰ্দিষ্ট নীতি-আদৰ্শ আৰু আঁচনি, (গ) নিৰ্বাচনৰ জৰিয়তে ক্ষমতা দখলৰ আকাংক্ষা আৰু (ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান।
৪। পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰ: ভাৰতৰ পাঁচটা উল্লেখযোগ্য আঞ্চলিক ৰাজনৈতিক দল হ’ল— (ক) অসম গণ পৰিষদ (অসম), (খ) আকালি দল (পঞ্জাৱ), (গ) ডি. এম. কে. (তামিলনাডু), (ঘ) তেলেগু দেশম (অন্ধ্ৰপ্ৰদেশ) আৰু (ঙ) শিৱসেনা (মহাৰাষ্ট্ৰ)।
৫। মৰ্চা চৰকাৰ বুলিলে কি বুজা?
উত্তৰ: যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও দল একগোট হৈ উমৈহতীয়া লক্ষ্যৰে যি চৰকাৰ গঠন কৰে তাকে মৰ্চা চৰকাৰ বোলে।
দীঘল উত্তৰৰ প্ৰশ্ন :
১। সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়?
উত্তৰ: যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে সংযুক্ত বা মৰ্চা চৰকাৰ বোলে। মৰ্চাত যোগ দিয়া দলবিলাকৰ আদৰ্শ ভিন্ন হ'লেও ক্ষমতা দখলৰ স্বাৰ্থত আৰু এক উমৈহতীয়া লক্ষ্য আগত ৰাখি তেওঁলোক জোঁট বন্ধনত আৱদ্ধ হয়।
সংযুক্ত চৰকাৰ গঠন হোৱাৰ পৰিস্থিতিসমূহ হ’ল— প্ৰথমতে, নিৰ্বাচনৰ ফলাফলত কোনো এটা দলেই চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ নকৰিলে এনে চৰকাৰ গঠিত হয়। দ্বিতীয়তে, দেশত ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি পালে আৰু একক দলৰ প্ৰাধান্য হ্ৰাস পালে মৰ্চা চৰকাৰৰ প্ৰাসংগিকতা বাঢ়ে। তৃতীয়তে, চৰকাৰত বিভিন্ন আঞ্চলিক স্বাৰ্থ আৰু জনগোষ্ঠীয় প্ৰতিনিধিত্ব সুনিশ্চিত কৰিবলৈও দলসমূহ একগোট হয়। ভাৰতত ১৯৭৭ চনত মোৰাৰজী দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল।
২। সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা।
উত্তৰ: মৰ্চা চৰকাৰৰ ব্যৱস্থাটো বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ। ইয়াৰ দুটা গুণ আৰু দুটা দোষ তলত আলোচনা কৰা হ’ল:
গুণ:
অস্বেচ্চাচাৰী চৰকাৰ: মৰ্চা চৰকাৰত কোনো এটা দলে এককভাৱে সিদ্ধান্ত ল’ব নোৱাৰে। যিকোনো সিদ্ধান্ত অংশীদাৰ দলবিলাকৰ মাজত হোৱা আলোচনাৰ পিছতহে লোৱা হয়, যাৰ ফলত ক্ষমতাৰ অপব্যৱহাৰ আৰু চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ আশংকা কমি যায়।
আঞ্চলিক প্ৰতিনিধিত্ব: এনে চৰকাৰত বিভিন্ন অঞ্চল আৰু জাতি-গোষ্ঠীৰ আঞ্চলিক দলসমূহে অংশগ্ৰহণ কৰাৰ সুযোগ পায়। ইয়াৰ ফলত স্থানীয় সমস্যাসমূহ সমাধানৰ বাবে অধিক সুবিধা পোৱা যায়।
দোষ:
অস্থিৰতা: মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষ হ’ল ইয়াৰ অস্থিৰতা। মৰ্চাৰ কোনো এটা দলে নিজা স্বাৰ্থত আঘাত পালে যিকোনো সময়তে সমৰ্থন উঠাই ল’ব পাৰে, যাৰ ফলত চৰকাৰৰ পতন ঘটে।
দীৰ্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতা: চৰকাৰখনৰ স্থায়িত্বৰ ক্ষেত্ৰত সদায় এক অনিশ্চয়তা থকা বাবে দীৰ্ঘম্যাদী উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি কাৰ্যকৰী কৰাত বাধাৰ সৃষ্টি হয়।
৩। গণতন্ত্রত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা।
উত্তৰ: শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই কেতিয়াও প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰে। গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ:
চৰকাৰৰ ওপৰত নজৰ: বিৰোধী দলে শাসনত থকা দলটোৰ কাম-কাজৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে যাতে চৰকাৰে জাতীয় স্বাৰ্থৰ বিপৰীতে কোনো কাম কৰিব নোৱাৰে।
গঠনমূলক সমালোচনা: চৰকাৰৰ আঁচনি আৰু ভুল নীতিসমূহ সংসদৰ মজিয়াত সমালোচনা কৰি চৰকাৰক উচিত পথত অগ্ৰসৰ হ’বলৈ বাধ্য কৰে।
জনমত গঠন: বিৰোধী দলে জনসাধাৰণৰ অভাৱ-অভিযোগসমূহ সংসদত দাঙি ধৰি জনমত গঠন কৰাত সহায় কৰে।
সংবিধান সুৰক্ষা: সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত আৰু জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাত বিৰোধী দলে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰে।
বিকল্প চৰকাৰ: প্ৰয়োজন সাপেক্ষে বিৰোধী দলে বিকল্প চৰকাৰ গঠনৰ বাবেও সাজু থাকিব লাগে।
৪। আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা।
উত্তৰ: ভাৰতবৰ্ষৰ দৰে বৈচিত্ৰ্যপূৰ্ণ দেশত আঞ্চলিক দলৰ জন্ম হোৱাৰ কেইবাটাও মূল কাৰণ আছে:
সৰ্বভাৰতীয় দলৰ বৈষম্য: ৰাষ্ট্ৰীয় দলসমূহৰ বৈষম্যমূলক নীতি আৰু আঞ্চলিক সমস্যাৰ প্ৰতি দেখুওৱা অৱহেলাই আঞ্চলিক দলৰ জন্ম দিয়ে।
সাংস্কৃতিক ভিন্নতা: ভাৰতৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীয়ে নিজৰ স্বকীয় চিনাকি আৰু সংস্কৃতি অক্ষুণ্ণ ৰাখিবৰ বাবে আঞ্চলিক দল গঠন কৰে।
নিৰাপত্তাহীনতা: সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱেও এনে দলৰ জন্মত ইন্ধন যোগায়।
কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ: সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ আৰু অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতাৰ বাবে আঞ্চলিকতাবাদ শক্তিশালী হয়।
অঞ্চলৰ উন্নয়ন: নিজ নিজ অঞ্চলৰ সম্পদৰ ওপৰত কৰ্তৃত্ব লাভ আৰু উন্নয়নৰ স্বাৰ্থত আঞ্চলিক দলসমূহৰ প্ৰাসংগিকতা বাঢ়িছে।
৫। গণতান্ত্রিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পর্কে লিখা।
উত্তৰ: গণতন্ত্ৰ আৰু ৰাজনৈতিক দল এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে গণতন্ত্ৰ অচল আৰু গণতন্ত্ৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ইয়াৰ প্ৰয়োজনীয়তাসমূহ হ’ল:
যোগসূত্ৰ: ৰাজনৈতিক দলসমূহ শাসক আৰু জনসাধাৰণৰ মাজৰ এক শক্তিশালী যোগসূত্ৰ। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে।
চৰকাৰ গঠন: গণতন্ত্ৰত নিৰ্বাচনৰ জৰিয়তে চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ ল’বলৈ ৰাজনৈতিক দলৰ প্ৰয়োজন।
ৰাজনৈতিক শিক্ষা: ৰাজনৈতিক দলে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত আৰু সচেতন কৰি তোলে।
জনমত গঠন: দেশৰ বিভিন্ন সমস্যাসমূহৰ ওপৰত জনমত গঠন কৰা আৰু সেইসমূহ সু-সংগঠিত ৰূপ দিয়াটো ৰাজনৈতিক দলৰ প্ৰধান কাম।
সংবিধানৰ ৰক্ষক: বিৰোধী দল হিচাপে ৰাজনৈতিক দলে চৰকাৰৰ স্বেচ্চাচাৰিতা ৰোধ কৰি গণতন্ত্ৰক সুৰক্ষা দিয়ে।
৬। ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা।
উত্তৰ: এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে একোটা ৰাজনৈতিক দলৰ কেইবাটাও গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু কাৰ্যাৱলী আছে:
বৈশিষ্ট্য:
সংগঠন: প্ৰতিটো ৰাজনৈতিক দলৰ এক সু-সংগঠিত সাংগঠনিক গাঁথনি থাকে।
নীতি-আদৰ্শ: দলবোৰৰ নিৰ্দিষ্ট নীতি-আদৰ্শ আৰু আঁচনি থাকে যাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে জনসাধাৰণৰ সমৰ্থন বিচাৰে।
ক্ষমতা দখল: নিৰ্বাচনৰ জৰিয়তে সাংবিধানিক পদ্ধতিৰে ক্ষমতা দখল কৰাটো দলসমূহৰ অন্যতম লক্ষ্য।
জাতীয় স্বাৰ্থ: প্ৰতিটো দলেই জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰয়োজনীয়।
কাৰ্যাৱলী:
জনমত গঠন: জনসাধাৰণৰ মাজত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা আৰু জনমত গঠন কৰা।
প্ৰাৰ্থী নিৰ্বাচন: নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰা আৰু নিৰ্বাচনী প্ৰচাৰ চলোৱা।
চৰকাৰ গঠন আৰু বিৰোধিতা: নিৰ্বাচনত জয়ী হ’লে চৰকাৰ গঠন কৰা আৰু পৰাজিত হ’লে বিৰোধীৰ ভূমিকা পালন কৰা।
৭। সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা।
উত্তৰ: বৰ্তমান সময়ত সংযুক্ত বা মৰ্চা চৰকাৰৰ ধাৰণাটোৱে বিশেষ গুৰুত্ব লাভ কৰাৰ মূল কাৰণসমূহ হ’ল:
ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি: ভাৰতত ৰাষ্ট্ৰীয় দলৰ উপৰি আঞ্চলিক দলৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলত কোনো এটা দলৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা কঠিন হৈ পৰিছে।
একক দলৰ প্ৰাধান্য হ্ৰাস: এটা সময়ত কংগ্ৰেছ দলৰ যি আধিপত্য আছিল, সেয়া ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ ফলত মৰ্চা চৰকাৰৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল।
ৰাজহুৱা ধনৰ অপব্যয় ৰোধ: নিৰ্বাচনত কোটি কোটি টকা খৰচ হয়। যদি কোনো দলেই চৰকাৰ গঠন কৰিব নোৱাৰে, তেন্তে পুনৰ নিৰ্বাচন পাতিবলগীয়া হয়। এনে পৰিস্থিতিত মৰ্চা চৰকাৰ গঠনে ৰাজহুৱা ধনৰ অপব্যয় ৰোধ কৰে।
আঞ্চলিক প্ৰতিনিধিত্ব: কেন্দ্ৰীয় চৰকাৰত বিভিন্ন ৰাজ্যৰ আঞ্চলিক দলসমূহৰ অংশগ্ৰহণে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো অধিক সবল কৰে আৰু আঞ্চলিক সমস্যাসমূহে গুৰুত্ব পায়।