Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায় - 12

    শব্দ

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    A. অনুশীলনী

    ১। কম্পনে শব্দৰ সৃষ্টি কৰে। এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

    উত্তৰ: কোনো বস্তু কপিলেহে শব্দৰ সৃষ্টি হয় । উদাহৰণস্বৰূপে, এখন ৰবৰ বেণ্ড দুডাল পেঞ্চিলৰ সহায়ত টানি ধৰি মাজত টানি এৰি দিলে দেখা যায় যে ৰবৰডাল কঁপিবলৈ ধৰে আৰু এটা শব্দৰ সৃষ্টি হয় । যেতিয়াই এই কঁপনি বা কম্পন বন্ধ হয়, শব্দটোও নাইকিয়া হৈ পৰে ।

    ২। অতিশব্দ আৰু অৱশ্ৰাব্য শব্দ কি কি?

    উত্তৰ: অতিশব্দ (Ultrasound): যিবোৰ শব্দৰ কম্পনাংক ২০,০০০ হাৰ্টজতকৈ বেছি, তাক অতিশব্দ বোলে । মানুহে এই শব্দ নুশুনে, কিন্তু কুকুৰ, বাদুলি আদিয়ে শুনিবলৈ পায় ।

    অৱশ্ৰাব্য শব্দ (Infrasound): যিবোৰ শব্দৰ কম্পনাংক ২০ হাৰ্টজতকৈ কম, তাক অৱশ্ৰাব্য শব্দ বা অৱশব্দ বোলে ।

    ৩। এক হাৰ্টজ কাক বোলে?

    উত্তৰ: কোনো কম্পনশীল পদাৰ্থই এক ছেকেণ্ডত এবাৰ কঁপিলৈ সেই কম্পনাংকক এক হাৰ্টজ বোলে ।

    ৪। মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা।

    উত্তৰ: শব্দ প্ৰদূষণ মানুহৰ বাবে অতি অপকাৰী কাৰণ ই বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে, যেনে—

    • টোপনি নোহোৱা বা অনিদ্ৰা ।


    • উচ্চ ৰক্তচাপ আৰু উৎকণ্ঠা ।


    • অবিৰতভাৱে উচ্চ স্বৰৰ শব্দ শুনি থাকিলে মানুহৰ স্থায়ী বা অস্থায়ীভাৱে শ্ৰৱণ বিসংগতি (কাণেৰে কমকৈ শুনা) হ’ব পাৰে ।


    ৫। বিজুলী পোহৰ দেখাৰ অলপ পিছতহে ঢেৰেকনিৰ শব্দ শুনা যায় কিয়?

    উত্তৰ: শব্দৰ বেগতকৈ পোহৰৰ বেগ বহুত বেছি । সেইবাবে আকাশত বিজুলী আৰু ঢেৰেকনি একে সময়তে সৃষ্টি হ’লেও পোহৰ আমাৰ ওচৰলৈ সোনকালে আহি পায় আৰু শব্দ আহিবলৈ অলপ সময় লাগে ।

    ৬। শব্দ ভালদৰে প্ৰতিফলিত কৰিব পৰা দুবিধ পদাৰ্থৰ আৰু শব্দ ভালদৰে প্ৰতিফলন নকৰা দুবিধ পদাৰ্থৰ নাম লিখা।

    উত্তৰ:

    • ভালদৰে প্ৰতিফলিত কৰা পদাৰ্থ: ধাতুৰ পাত আৰু কঠিন কাঠ ।


    • প্ৰতিফলন নকৰা (শোষণ কৰা) পদাৰ্থ: কাপোৰ আৰু থাৰ্মক’ল ।


    ৭। ডাঙৰ প্ৰেক্ষাগৃহত শব্দৰ প্ৰতিফলন হ’লে কি অসুবিধা হ’ব?

    উত্তৰ: ডাঙৰ প্ৰেক্ষাগৃহত শব্দৰ প্ৰতিফলন হ'লে উৎসৰ পৰা পোনে পোনে অহা শব্দ আৰু বেৰৰ পৰা প্ৰতিফলিত হৈ অহা শব্দৰ মাজত অলপ সময়ৰ ব্যৱধান থাকে । ইয়াৰ ফলত শব্দবোৰ স্পষ্টকৈ শুনা নাযায় আৰু খেলিমেলিৰ সৃষ্টি হয়।

    ৮। ডাঙৰ প্ৰেক্ষাগৃহত শব্দৰ প্ৰতিফলন দূৰ কৰিবলৈ কি ব্যৱস্থা কৰা হয়?

    উত্তৰ: ডাঙৰ প্ৰেক্ষাগৃহৰ বেৰ আৰু চালত শব্দ শোষণ কৰিব পৰা পদাৰ্থৰ আৱৰণ দিয়া থাকে । এনে আৱৰণে শব্দৰ প্ৰতিফলন হ্ৰাস কৰে ।

    B. শুদ্ধ উত্তৰটো বাছি উলিওৱা

    ক) শব্দ সঞ্চাৰিত হ’ব পৰা মাধ্যম হৈছে — 

    (i) একমাত্ৰ গেছ 

    (ii) গোটা পদাৰ্থ মাত্ৰ 

    (iii) একমাত্ৰ জুলীয়া পদাৰ্থ 

    (iv) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ

    উত্তৰ: (iv) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ

    খ) পানীত শব্দৰ বেগ — 

    (i) 1200 মি:/ছে: 

    (ii) 1300 মি:/ছে: 

    (iii) 1400 মি:/ছে: 

    (iv) 1450 মি:/ছে:

    উত্তৰ: (iii) 1400 মি:/ছে:

    গ) মানুহৰ শ্ৰাব্য কম্পনাংকৰ পৰিসৰ — 

    (i) 20-2000 হাৰ্টজ 

    (ii) 200-200,000 হাৰ্টজ 

    (iii) 20-20,000 হাৰ্টজ 

    (iv) 20-200,000 হাৰ্টজ

    উত্তৰ: (iii) 20-20,000 হাৰ্টজ

    ঘ) কাৰ মাত কম কম্পনাংকৰ হ’ব — 

    (i) কেঁচুৱা ছোৱালী 

    (ii) কেঁচুৱা ল’ৰা 

    (iii) পুৰুষ 

    (iv) মহিলা

    উত্তৰ: (iii) 20-20,000 হাৰ্টজ

    C. শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা

    (ক) বাদুলিয়ে সৃষ্টি কৰা শব্দ মানুহে শুনে। —

    উত্তৰ:  অশুদ্ধ 

    (খ) চন্দ্ৰপৃষ্ঠতো দুজন মানুহে কথা পাতিব পাৰিব। — 

    উত্তৰ: অশুদ্ধ (কাৰণ মাধ্যম নাই) 

    (গ) সকলো বস্তুৱে কম-বেছি পৰিমাণে শব্দ প্ৰতিফলিত কৰে। —

    উত্তৰ:  শুদ্ধ (ঘ) বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ’ব নোৱাৰে। — শুদ্ধ 

    (ঙ) শব্দ প্ৰদূষণে শ্রবণ বিসংগতি সৃষ্টি কৰিব পাৰে। —

    উত্তৰ:  শুদ্ধ

    D. উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা :

    (i) কম্পনাংকৰ একক হৈছে ——————। 

    উত্তৰ:  কম্পনাংকৰ একক হৈছে হাৰ্টজ।

    (ii) শব্দৰ বেগতকৈ ————— বেগ বেছি। 

    উত্তৰ:  শব্দৰ বেগতকৈ পোহৰৰ বেগ বেছি ।

    (iii) বাদুলিয়ে উচ্চ ————— অতি শব্দ নিৰ্গত কৰে। 

    উত্তৰ:  বাদুলিয়ে উচ্চ কম্পনাংকৰ অতি শব্দ নিৰ্গত কৰে ।

    (iv) আমি ————— ৰে শব্দ শুনো। 

    উত্তৰ:  আমি কাণেৰে শব্দ শুনো ।

    (v) গৰম বায়ুত শব্দৰ বেগ —————।

    উত্তৰ:   গৰম বায়ুত শব্দৰ বেগ বেছি।

    E. দীঘল প্ৰশ্নোত্তৰ

    (i) জুলীয়া পদাৰ্থৰ মাজেদি শব্দ সঞ্চাৰিত হোৱাৰ এটা পৰীক্ষা বৰ্ণনা কৰা।

    উত্তৰ: এটা বাল্টি পানীৰে পূৰ্ণ কৰি এখন হাতত সৰু টিলিঙা ঘণ্টা এটা লৈ পানীৰ মাজত টিলিঙাটো জোকাৰি দিব লাগে । সাৱধান হ'ব লাগে যাতে টিলিঙাটো বাল্টিৰ গাত নালাগে । এতিয়া কাণখন পানীৰ পৃষ্ঠত ৰাখিলে টিলিঙাটোৰ শব্দ স্পষ্টকৈ শুনা পোৱা যায় । ইয়াৰ পৰাই প্ৰমাণ হয় যে জুলীয়া পদাৰ্থৰ মাজেদি শব্দ সঞ্চাৰিত হয় ।

    (ii) মাধ্যম নহ’লে শব্দ সঞ্চাৰিত হ’ব নোৱাৰে। তাকে প্ৰতিপন্ন কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

    উত্তৰ: এটা টেবুল ঘড়ী কাচৰ পাত্ৰৰ ভিতৰত ৰাখিলে বাহিৰৰ পৰা শব্দ শুনা যায় । এতিয়া পাম্পৰ সহায়ত পাত্ৰটোৰ ভিতৰৰ বায়ুখিনি উলিয়াই আনিলে শব্দ ক্ৰমান্বয়ে ক্ষীণ হৈ পৰে । যেতিয়া পাত্ৰটো সম্পূৰ্ণৰূপে বায়ুশূন্য হ’ব, তেতিয়া শব্দ আৰু বাহিৰলৈ ওলাই আহিব নোৱাৰে । এই পৰীক্ষাই প্ৰমাণ কৰে যে শব্দ সঞ্চাৰণৰ বাবে মাধ্যমৰ প্ৰয়োজন ।

    (iii) সাগৰত ভাহি থকা জাহাজ এখনৰপৰা পানীৰ তললৈ পঠিওৱা এটা শব্দ 2 ছেকেণ্ড পিছত জাহাজলৈ প্ৰতিফলিত হৈ আহিল। সেই ঠাইত সাগৰৰ গভীৰতা কিমান? 

    উত্তৰ: দিয়া আছে, 

     

    (iv) 1/15 ছেকেণ্ড ব্যৱধানত দুটা শব্দ কাণত পৰিলেহে মানুহে শব্দ দুটাৰ পাৰ্থক্য ধৰিব পাৰে। প্ৰতিধ্বনি শুনিবলৈ এজন মানুহ আৰু এখন পাহাৰৰ মাজত সৰ্বনিম্ন দূৰত্ব কিমান হ’ব লাগিব?

    উত্তৰ: 

    প্ৰতিধ্বনি শুনিবলৈ এজন মানুহ আৰু এখন পাহাৰৰ মাজত সৰ্বনিম্ন দূৰত্ব প্ৰায় ১১.৪৬ মিটাৰ হ’ব লাগিব।



    শব্দ অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন


    অষ্টম শ্ৰেণী বিজ্ঞান কুইজ - শব্দ
    অষ্টম শ্ৰেণী বিজ্ঞান: শব্দ (১-১০০ MCQ)



























































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website