Skip to Content
NoteSL
  • Home
  • Notification
  • Privacy Policy
  • About
  • Terms and Condition's
  • Student Helping
NoteSL
      • Home
      • Notification
      • Privacy Policy
      • About
      • Terms and Condition's
      • Student Helping

    অধ্যায়ঃ ৪

    স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

    MAIN CONTANT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    অতি চমু উত্তৰৰ প্ৰশ্ন:


    ১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

    উত্তৰ: ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি হৈছিল ।

    ২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?

    উত্তৰ: ১৮২৬ চনৰপৰা ১৮৫৮ চনলৈ সময়ছোৱাক কোম্পানিৰ দিন বা কোম্পানিৰ আমোল বুলি কোৱা হয় ।

    ৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?

    উত্তৰ: ১৮৩৬ চনত অসমৰ বিদ্যালয়, কার্যালয় আৰু আদালতত বাংলা ভাষাৰ প্রচলন হৈছিল ।

    ৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?

    উত্তৰ: ১৮৭৩ চনত অসমীয়া ভাষাক স্কুল আৰু অফিচ-কাছাৰীত মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল ।

    ৫। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল?

    উত্তৰ: অসম ছাত্ৰ সম্মিলনৰ মুখপত্ৰ আছিল 'মিলন' ।

    ৬। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?

    উত্তৰ: ৰায়ত সভাৰ মুখ্য উদ্দেশ্য আছিল গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা আৰু পূর্ববংগৰপৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা ।

    ৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?

    উত্তৰ: ১৯৩৩ চনত সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিল ।

    ৮। আহোম সভাৰ সম্পাদক কোন আছিল?

    উত্তৰ: আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁইবৰুৱা ।

    ৯। যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

    উত্তৰ: ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজানিক সভা স্থাপিত হৈছিল ।

    ১০। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?

    উত্তৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ ।

    ১১। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল?

    উত্তৰ: আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি (১৯৩০ চনত) ।

    ১২। অসমৰ প্ৰথম প্রধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল?

    উত্তৰ: গোপীনাথ বৰদলৈ ১৯৪৬ চনত অসমৰ প্ৰথম প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ।

    ১৩। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?

    উত্তৰ: ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল ।

    ১৪। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?

    উত্তৰ: ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ।

    ১৫। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?

    উত্তৰ: ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ বেৰী-হোৱাইট মেডিকেল স্কুলক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হয় ।

    ১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?

    উত্তৰ: ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল ।

    চমু উত্তৰৰ প্ৰশ্ন:

    ১। ‘অসমীয়া লিটাৰেৰী চ'চাইটি'ৰ বিষয়ে চমুকৈ লিখা।

    উত্তৰ: ১৮৭২ চনত কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলৰ উদ্যোগত দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত 'অসমীয়া লিটাৰেৰী চ'চাইটি' (Assamese Literary Society) গঠন হৈছিল । এইটোৱেই আছিল কলিকতাত গঠিত প্ৰথম অসমীয়া সংগঠন । ইয়াৰ মূল উদ্দেশ্য আছিল সাহিত্য চৰ্চা কৰা, যদিও ইয়াৰ মাজত ৰাজনৈতিক চিন্তাও প্ৰকাশ পাইছিল । ১৮৭২ চনত এই সংগঠনৰ তৰফৰপৰা জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু ৰেল সংযোগৰ বাবে এখন স্মাৰক-পত্র দাখিল কৰিছিল ।

    ২। জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া।

    উত্তৰ: ১৮৮৯ চনত চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাৰ প্ৰকাশ পোৱা ‘জোনাকী’ আলোচনীয়ে অসমত এক নতুন সাহিত্যিক তথা জাতীয়তাবাদী যুগৰ সূচনা কৰিছিল । জোনাকীয়ে পোনতে ৰাজনীতিৰ পৰা আঁতৰি থকাৰ কথা ক’লেও ইয়াৰ পাতত প্ৰকাশ পোৱা কবিতা আৰু প্ৰবন্ধসমূহত জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল । লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক এই যুগৰ 'ত্ৰিমূৰ্তি' বোলা হয় । ইয়াৰ উপৰি কমলাকান্ত ভট্টাচাৰ্য আৰু কনকলাল বৰুৱাই অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতাৰ বিষয়ে লিখি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিছিল ।

    ৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা।

    উত্তৰ: পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত গঠিত হোৱা আহোম সভাৰ (পিছলৈ সদৌ অসম আহোম এছ'চিয়েছন) মূল ৰাজনৈতিক দাবীসমূহ আছিল:

    • আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্রদান কৰা ।


    • তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা ।


    • আহোমসকলৰ বাবে পৃথক সমষ্টি (separate electorate) গঠন কৰা ।


    ৪। আছাম এছ'চিয়েচনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?

    উত্তৰ: ১৯০৩ চনত গঠিত আছাম এছ'চিয়েচনে চৰকাৰৰ ওচৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছিল:

    • পৌৰসভা আৰু লোকেল ব’ৰ্ডত চৰকাৰী বিষয়া আৰু চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা ।


    • বৰ্ধিত খাজনা, শুল্ক আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা ।


    • কটন কলেজত অসমীয়া শিক্ষক নিযুক্তি আৰু কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ দাবী ।


    • মণ্টেগ’-ছেমছফ’ৰ্ড সংস্কাৰত অসমক অন্তৰ্ভুক্ত কৰাৰ দাবী ।


    ৫। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা। 

    উত্তৰ: ১৯২১ চনৰ অসহযোগ আন্দোলনত অসমৰ বহুতো নেতাই সক্ৰিয় নেতৃত্ব দিছিল। সেইসকলৰ ভিতৰত উল্লেখযোগ্য হ’ল:

    • নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন (প্ৰধান নেতৃত্ব)।

    • কুলধৰ চলিহা, চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা।

    • অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ।

    • বিষ্ণুৰাম মেধি, কামিনী কুমাৰ চন্দ আৰু বহুতো।

    ৬। কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা। 

    উত্তৰ: ১৯৩০ চনত আইন অমান্য আন্দোলনৰ সময়ত অসমৰ শিক্ষা বিভাগৰ সঞ্চালক জে. আৰ. কানিংহামে এক দমনমূলক নিৰ্দেশনা জাৰি কৰিছিল, যাক 'কানিংহাম চাৰ্কুলাৰ' বোলা হয় । এই চাৰ্কুলাৰ মতে ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কাম-কাজত অংশ নলওঁ বুলি লিখিত প্ৰতিশ্ৰুতি দিব লাগিছিল । ইয়াক উলংঘা কৰিলে ছাত্ৰক জৰিমনা বিহাৰ লগতে বৃত্তিৰ পৰাও বঞ্চিত কৰাৰ ভাবুকি দিয়া হৈছিল । এই অপমানজনক নিৰ্দেশনাৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্ৰ প্ৰতিবাদ কৰি শিক্ষানুষ্ঠান ত্যাগ কৰিছিল ।

    দীঘল উত্তৰৰ প্ৰশ্নসমূহৰ উত্তৰ:

    ১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। 

    উত্তৰ: ১৮৮৮ চনত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলৰ উদ্যোগত 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' (অ.ভা.উ.সা. সভা) গঠন কৰা হৈছিল। অসমীয়া ভাষা-সংস্কৃতিৰ সুৰক্ষা আৰু বিকাশৰ ক্ষেত্ৰত এই সভাৰ ভূমিকা অপৰিসীম। কাৰ্যাৱলী আৰু ভূমিকা:

    • ভাষাৰ শুদ্ধতা ৰক্ষা: অসমীয়া ভাষাৰ এক শুদ্ধ আৰু বৈজ্ঞানিক ব্যাকৰণ প্ৰস্তুত কৰাত এই সভাই গুৰুত্ব দিছিল। ইয়াৰ ফলস্বৰূপেই হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ প্ৰকাশত সহায় হৈছিল।

    • পুথি সংকলন: অসমৰ পুৰণি পুথিসমূহ সংগ্ৰহ কৰা আৰু সেইবোৰ ছপা কৰি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাটো সভাৰ অন্যতম লক্ষ্য আছিল।

    • শৈক্ষিক কাম-কাজ: অসমৰ সকলো বিদ্যালয়ত অসমীয়া ভাষাৰ শুদ্ধ প্ৰচলন কৰিবলৈ এই সভাই ব্ৰিটিছ চৰকাৰক হেঁচা দিছিল।

    • জোনাকীৰ প্ৰকাশ: ১৮৮৯ চনত সভাৰ মুখপত্ৰ হিচাপে ‘জোনাকী’ আলোচনী প্ৰকাশ পায়, যিয়ে অসমীয়া সাহিত্যত ‘জোনাকী যুগ’ৰ সূচনা কৰি জাতীয়তাবাদৰ বীজ সিঁচিছিল।

    • সংস্কৃতিৰ প্ৰসাৰ: সভাৰ উদ্যোগত অসমৰ বিভিন্ন ঠাইত শাখা সভা গঠন কৰি ভাষা-জননীৰ সেৱা কৰাৰ বাবে এক সৰ্বাত্মক পৰিৱেশ সৃষ্টি কৰা হৈছিল।

    ২। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা। 

    উত্তৰ: ১৯১৬ চনত গুৱাহাটীত লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত 'অসম ছাত্ৰ সন্মিলন'ৰ প্ৰথম অধিবেশন বহিছিল। ই আছিল অসমৰ ছাত্ৰ সমাজৰ প্ৰথম আৰু শক্তিশালী সংগঠন। অৱদানসমূহ:

    • জাতীয়তাবাদৰ বিকাশ: ছাত্ৰ সন্মিলনে অসমীয়া ছাত্ৰসকলৰ মাজত দেশপ্ৰেম আৰু জাতীয়তাবাদৰ ভাৱ জগাই তুলিছিল।

    • ভাষা-সাহিত্যৰ সেৱা: ইয়াৰ মুখপত্ৰ ‘মিলন’ৰ জৰিয়তে ছাত্ৰসকলক সাহিত্য চৰ্চাত উৎসাহিত কৰা হৈছিল।

    • স্বাধীনতা আন্দোলনত অংশগ্ৰহণ: আৰম্ভণিতে ৰাজনীতিৰ পৰা আঁতৰি থকাৰ কথা ক’লেও, ১৯২১ চনৰ পৰা ছাত্ৰ সন্মিলনে অসহযোগ আন্দোলন আৰু পৰৱৰ্তী সময়ত স্বাধীনতা আন্দোলনত সক্ৰিয় নেতৃত্ব দিছিল।

    • সামাজিক সংস্কাৰ: কানি নিবাৰণ, স্বদেশী বস্তুৰ ব্যৱহাৰ আৰু অস্পৃশ্যতা দূৰীকৰণৰ দৰে সামাজিক কামত ছাত্ৰসকলে গাঁৱে গাঁৱে গৈ সজাগতা সৃষ্টি কৰিছিল।

    ৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। 

    উত্তৰ: ১৯ শতিকাৰ শেষৰ ফালে ব্ৰিটিছ চৰকাৰৰ শোষণ আৰু অত্যধিক খাজনাৰ বিৰুদ্ধে অসমৰ খেতিয়কসকল একত্ৰিত হৈ ৰায়ত সভা গঠন কৰিছিল। উদ্দেশ্য আৰু ভূমিকা:

    • খাজনা হ্ৰাস: ব্ৰিটিছ চৰকাৰে বৃদ্ধি কৰা ভূমিৰ খাজনা হ্ৰাস কৰাই আছিল ৰায়ত সভাসমূহৰ প্ৰধান উদ্দেশ্য।

    • গ্ৰেজিং কৰৰ বিৰোধিতা: গৰু-ম'হৰ চৰণীয়া পথাৰৰ ওপৰত লগোৱা 'গ্ৰেজিং টেক্স' উঠাই দিয়াৰ বাবে সভাসমূহে দাবী উত্থাপন কৰিছিল।

    • প্ৰব্ৰজন ৰোধ: পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজনৰ ফলত ভূমিৰ ওপৰত পৰা চাপৰ বিৰোধিতা কৰা হৈছিল।

    • সদৌ অসম ৰায়ত সভা: ১৯৩৩ চনত তিতাবৰত 'সদৌ অসম ৰায়ত সভা' গঠন কৰা হয়, যিয়ে অসমৰ কৃষক আন্দোলনক এক সৰ্বভাৰতীয় মৰ্যাদা দিছিল। নবীন চন্দ্ৰ বৰদলৈৰ দৰে নেতাই ইয়াত নেতৃত্ব দিছিল।

    ৪। যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। 

    উত্তৰ: ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাটত 'যোৰহাট সাৰ্বজনিক সভা' স্থাপন কৰা হয়। ই আছিল অসমৰ প্ৰথমটো সুসংগঠিত ৰাজনৈতিক অনুষ্ঠান। উদ্দেশ্য আৰু কাৰ্যাৱলী:

    • জনসাধাৰণৰ প্ৰতিনিধিত্ব: চৰকাৰৰ ওচৰত ৰাইজৰ আশা-আকাংক্ষা আৰু অভাৱ-অভিযোগসমূহ উপস্থাপন কৰা।

    • ভূমি নীতিৰ বিৰোধিতা: ১৮৮৬ চনৰ চৰকাৰী ভূমি নীতিৰ বিৰুদ্ধে এই সভাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।

    • আৰ্থিক উন্নয়ন: খেতিয়কৰ অৱস্থাৰ উন্নতি আৰু চাহ শিল্পৰ সমস্যা সমাধানৰ বাবে সভাই চৰকাৰক স্মাৰক-পত্ৰ দিছিল।

    • ৰাজনৈতিক সচেতনতা: ১৮৯৩ চনৰ বৰ্ধিত খাজনাৰ বিৰোধিতা আৰু ১৯০৫ চনৰ বংগ বিভাজনৰ বিৰুদ্ধে জনমত গঠন কৰি এই সভাই অসমত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰিছিল।

    ৫। আছাম এছ'চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। 

    উত্তৰ: ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত 'আছাম এছ'চিয়েচন' গঠন কৰা হৈছিল। ই আছিল অসমৰ মধ্যবিত্ত শ্ৰেণীৰ এক শক্তিশালী মঞ্চ। অৱদানসমূহ:

    • শিক্ষা বিস্তাৰ: কটন কলেজত অসমীয়া শিক্ষক নিযুক্তি আৰু কাৰিকৰী শিক্ষাৰ বাবে বৃত্তি আদিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক বাধ্য কৰিছিল।

    • কানি নিবাৰণ: অসমৰ পৰা কানি (Opium) নিৰ্মূল কৰিবলৈ এই এছ'চিয়েচনে তীব্ৰ আন্দোলন চলাইছিল।

    • সংবিধানিক সংস্কাৰ: ১৯১৭ চনত মণ্টেগ’-ছেমছফ’ৰ্ড সংস্কাৰৰ অধীনত অসমক এক সুকীয়া প্ৰদেশ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছিল।

    • অৰ্থনৈতিক সংস্কাৰ: বৰ্ধিত ৰাজহ আৰু নিমখৰ ওপৰত লগোৱা কৰ হ্ৰাস কৰিবলৈ জনমত গঠন কৰিছিল। ১৯২১ চনত এই সংগঠনটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত একীভূত হয়।

    ৬। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া। 

    উত্তৰ: ১৯২১ চনৰ জুন মাহত অসমত আনুষ্ঠানিকভাবে ‘অসম প্ৰদেশ কংগ্ৰেছ কমিটি’ (APCC) গঠন কৰা হয়। ইয়াৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। মুখ্য ভূমিকা:

    • স্বাধীনতা আন্দোলনৰ নেতৃত্ব: অসহযোগ, আইন অমান্য আৰু ভাৰত ত্যাগ আন্দোলনত অসমৰ কংগ্ৰেছ কমিটিয়ে নেতৃত্ব দিছিল।

    • গান্ধীবাদী নীতিৰ প্ৰচাৰ: মহাত্মা গান্ধীৰ খাদী প্ৰচাৰ, কানি নিবাৰণ আৰু অস্পৃশ্যতা দূৰীকৰণৰ কাৰ্যসূচীসমূহ গাঁৱে-ভূঞে বিয়পাই দিছিল।

    • জনমত গঠন: চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে অসমৰ জনসাধাৰণক একত্ৰিত কৰি এক শক্তিশালী জাতীয় ভাবধাৰা গঢ়ি তুলিছিল।

    • বৰদলৈ মন্ত্ৰীসভা: ১৯৪৬ চনত কংগ্ৰেছৰ নেতৃত্বত গঠিত মন্ত্ৰীসভাই অসমক ‘গ্ৰুপ’ (Grouping system) আঁচনিৰ পৰা ৰক্ষা কৰি ভাৰতৰ সৈতে অবিচ্ছেদ্য অংগ কৰি ৰাখিছিল।

    ৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। 

    উত্তৰ: ১৯০৫ চনৰ বংগ বিভাজনৰ ফলত ভাৰতত যি স্বদেশী আন্দোলন আৰম্ভ হৈছিল, তাৰ প্ৰভাৱ অসমতো গভীৰভাৱে পৰিছিল। অসমৰ ভূমিকা:

    • বিদেশী বস্তু বৰ্জন: ধুবুৰী, গুৱাহাটী, ডিব্ৰুগড় আদি ঠাইত বিদেশী কাপোৰ আৰু বস্তু বৰ্জন কৰা হৈছিল।

    • স্বদেশী ব্যৱহাৰ: জনসাধাৰণে এৰি, মুগা আৰু খাদী কাপোৰ ব্যৱহাৰ কৰিবলৈ লৈছিল।

    • ছাত্ৰ সমাজৰ অংশগ্ৰহণ: ছাত্ৰসকলে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সভা আয়োজন কৰিছিল।

    • সংগঠনৰ ভূমিকা: আছাম এছ'চিয়েচন আৰু যোৰহাট সাৰ্বজনিক সভাই বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰি চৰকাৰক স্মাৰক-পত্ৰ প্ৰদান কৰিছিল। অম্বিকাগিৰী ৰায়চৌধুৰীৰ দৰে নেতাই ইয়াৰ জৰিয়তে উগ্ৰ জাতীয়তাবাদৰ সূচনা কৰিছিল।

    ৮। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। 

    উত্তৰ: ১৯২১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনত অসমে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল। অসমৰ ভূমিকা:

    • বৰ্জন কাৰ্যসূচী: চন্দ্ৰনাথ শৰ্মা, নবীন চন্দ্ৰ বৰদলৈৰ দৰে নেতাই ওকালতি ত্যাগ কৰিছিল। হাজাৰ হাজাৰ ছাত্ৰই চৰকাৰী স্কুল-কলেজ ত্যাগ কৰিছিল।

    • গান্ধীজীৰ অসম ভ্ৰমণ: ১৯২১ চনত গান্ধীজীৰ অসম ভ্ৰমণে জনসাধাৰণৰ মাজত অভূতপূৰ্ব উৎসাহ জগাই তুলিছিল। বিদেশী কাপোৰৰ দাহ কৰা হৈছিল।

    • কানি নিবাৰণ: অসমত এই আন্দোলনৰ এক অন্যতম দিশ আছিল কানি নিবাৰণ। কানিৰ দোকানৰ সন্মুখত পিকেটিং কৰা হৈছিল।

    • শ্ৰমিক আন্দোলন: চাহ বাগিচাৰ শ্ৰমিকসকলে ‘গান্ধী মহাৰাজৰ জয়’ ধ্বনি দি বাগিচা ত্যাগ কৰি আন্দোলনত জপিয়াই পৰিছিল।

    ৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। 

    উত্তৰ: ১৯৩০ চনত আৰম্ভ হোৱা আইন অমান্য আন্দোলনত অসমৰ ভূমিকা আছিল উল্লেখনীয়। অসমৰ ভূমিকা:

    • কানিংহাম চাৰ্কুলাৰৰ বিৰোধিতা: শিক্ষা সঞ্চালক কানিংহামে জাৰি কৰা দমনমূলক চাৰ্কুলাৰৰ বিৰুদ্ধে ছাত্ৰসকলে সৰ্বাত্মক প্ৰতিবাদ কৰিছিল আৰু বহুতে শিক্ষানুষ্ঠান ত্যাগ কৰিছিল।

    • মহিলাৰ ভূমিকা: পুষ্পলতা দাস, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দৰে নেত্ৰীসকলে পিকেটিং আৰু হৰতালত সক্ৰিয় নেতৃত্ব দিছিল।

    • কৰ বন্ধ আন্দোলন: খেতিয়কসকলে খাজনা দিবলৈ অস্বীকাৰ কৰিছিল।

    • দমন নীতি: চৰকাৰে এই আন্দোলন দমন কৰিবলৈ কংগ্ৰেছৰ বহু নেতাক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

    ১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা। 

    উত্তৰ: ১৯৪২ চনৰ ৮ আগষ্টত আৰম্ভ হোৱা ভাৰত ত্যাগ আন্দোলন আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্তিম আৰু আটাইতকৈ শক্তিশালী যুদ্ধ। অসমৰ ভূমিকা:

    • শাস্তি সেনা আৰু মৃত্যু বাহিনী: অসমত আন্দোলনটোক পৰিচালনা কৰিবলৈ ‘শাস্তি সেনা’ আৰু প্ৰাণ আহুতি দিবলৈ ‘মৃত্যু বাহিনী’ গঠন কৰা হৈছিল।

    • ছহিদ কনকলতা: গহপুৰ থানাৰ ওপৰত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ যাওঁতে ১৪ বছৰীয়া কিশোৰী কনকলতা বৰুৱা পুলিচৰ গুলীত ছহিদ হয়। একে সময়তে মুকুন্দ কাকতিও ছহিদ হয়।

    • ৰে’ল বগৰোৱা ঘটনা: সৰুপথাৰত ৰে’ল বগৰোৱাৰ অভিযোগত ১৯৪৩ চনত কুশল কোঁৱৰক ফাঁচী দিয়া হয়।

    • অন্যান্য ছহিদ: বৰহমপুৰত ভোগেশ্বৰী ফুকননী আৰু ঢেকীয়াজুলিত বহুতো লোকে প্ৰাণ আহুতি দিছিল। অসমৰ প্ৰতিটো কোণতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এক বিপ্লৱৰ সূচনা হৈছিল।

    ১১। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। 

    উত্তৰ: ১৯৪৬ চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠন হোৱা কংগ্ৰেছ মন্ত্ৰীসভাই অসমৰ শিক্ষা খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহ:

    • গুৱাহাটী বিশ্ববিদ্যালয়: ১৯৪৮ চনৰ ২৬ জানুৱাৰীত অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়।

    • অসম চিকিৎসা মহাবিদ্যালয়: ১৯৪৭ চনৰ ৩ নৱেম্বৰত ডিব্ৰুগড়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়।

    • অসম কৃষি বিশ্ববিদ্যালয়: খেতিয়কৰ উন্নতিৰ বাবে জোৰহাটত কৃষি মহাবিদ্যালয় স্থাপনৰ পথ প্ৰশস্ত কৰা হয়।

    • অন্যান্য: ইয়াৰ উপৰি গুৱাহাটীত উচ্চ ন্যায়ালয় আৰু আকাশবাণী কেন্দ্ৰ স্থাপনৰ প্ৰাৰম্ভিক কাম-কাজসমূহো এই মন্ত্ৰীসভাৰ দিনতেই আগবাঢ়িছিল। বৰদলৈ মন্ত্ৰীসভাৰ এই উদ্যোগসমূহেই আধুনিক অসম গঢ়াত মূল ভূমিকা লৈছিল।

    স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ অধ্যায়ৰ ১০০ MCQ

    Download OMR SHEET


    Assam History Quiz


























    Hi! Any problem?
    Click to send message.
    👋
    Store
    Shop
    Buy Book
    Book
    YouTube
    YT
    Instagram
    Insta
    WhatsApp
    WA
    Home
    Home
    Class
    Class
    FYUGP
    FYUGP
    Mock Test
    Mock Test

    🚨 Submit Complaint 🚨

    NoteSL

    We offer a unique, engaging experience that empowers students to become truly self-sufficient. By providing instant, high-quality solutions to every academic doubt, we remove learning roadblocks in real-time. Our mission is to transform the educational journey into a seamless, independent, and rewarding path toward mastery for every learner.

    notestudylearn@gmail.com

    Quicks Links

    About Us

    Privacy Policy

    Terms & Conditions

    Contact Us

    Affiliate Disclosure

    We share educational news & study materials on social media.

    Copyright © 2026 NoteSL

    Powered by Odoo - Create a free website