Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায় - 1

    ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤

    প্রশ্নাৱলী 

    প্ৰশ্ন ১: বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয় ? 

    উত্তৰ: মেগনেছিয়াম এবিধ অতি সক্ৰিয় ধাতু। বায়ুত মুকলিকৈ থৈ দিলে ই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ফিতাডালৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ (MgO) এটা তৰপ সৃষ্টি কৰে। এই তৰপটোৱে ফিতাডাল পুনৰ দহন হোৱাত বাধা দিয়ে । সেইবাবে, মেগনেছিয়ামৰ ফিতাডাল জ্বলোৱাৰ আগতে বালীয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি ল’ব লাগে।

    প্ৰশ্ন ২: তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।

    (i) হাইড্ৰ’জেন + ক্ল’ৰিন → হাইড্ৰ’জেন ক্ল’ৰাইড

    উত্তৰ: 

    (ii) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

    উত্তৰ: 

    (iii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্ৰক্সাইড + হাইড্ৰ’জেন

    উত্তৰ: 

    প্ৰশ্ন ৩: তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

    (i) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়।

    উত্তৰ: 

    (ii) ছ’ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ’ক্লৰিক এচিডৰ দ্ৰৱ (পানীত) ৰ সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

    উত্তৰ: 

    প্রশ্নাৱলী 

    প্ৰশ্ন ১: এটা পদাৰ্থ 'X' ৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়।

    (i) পদাৰ্থ 'X' ৰ নাম আৰু সংকেত লিখা।

    উত্তৰ: পদাৰ্থ 'X' হ’ল কেলছিয়াম অক্সাইড (পোৰা চুন)। ইয়াৰ ৰাসায়নিক সংকেত হ’ল CaO ।

    (ii) পানীৰে সৈতে পদাৰ্থ 'X' এ কৰা বিক্ৰিয়াটো লিখা।

    উত্তৰ: 

    প্ৰশ্ন ২: কাৰ্যকলাপ 1.7 ত (পানীৰ বিদ্যুৎ বিশ্লেষণ) এটা পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটোতকৈ দুগুণ কিয়? গেছটোৰ নাম লিখা।

    উত্তৰ: পানীৰ ৰাসায়নিক সংকেত হ’ল H2O। ইয়াৰ অৰ্থ হ’ল পানীৰ এটা অণুত দুটা হাইড্ৰ’জেন পৰমাণু আৰু এটা অক্সিজেন পৰমাণু থাকে। যেতিয়া পানীৰ বিদ্যুৎ বিশ্লেষণ কৰা হয়, তেতিয়া তলৰ বিক্ৰিয়াটো ঘটে:

    যিহেতু বিক্ৰিয়াটোত উৎপন্ন হোৱা হাইড্ৰ’জেন আৰু অক্সিজেনৰ অনুপাত ২:১, সেয়েহে এটা পৰীক্ষানলত সংগ্ৰহ কৰা হাইড্ৰ’জেন গেছৰ পৰিমাণ আনটোতকৈ (অক্সিজেনতকৈ) দুগুণ হয় I

    প্রশ্নাৱলী 

    প্ৰশ্ন ১: লোৰ গজাল এটা ক’পাৰ ছালফেট দ্ৰৱত ডুবাই ৰাখিলে ৰঙৰ পৰিবৰ্তন ঘটে কিয়?

    উত্তৰ: লো (Fe) ক’পাৰতকৈ (Cu) অধিক সক্ৰিয় ধাতু । যেতিয়া লোৰ গজাল এটা ক’পাৰ ছালফেট (CuSO4) দ্ৰৱত ডুবাই দিয়া হয়, তেতিয়া লোৱে ক’পাৰক অপসাৰিত কৰি আইৰণ ছালফেট (FeSO4) উৎপন্ন কৰে । ইয়াৰ ফলত দ্ৰৱটোৰ নীলা ৰং পাতল হৈ ঈষৎ সেউজীয়া হয় আৰু ক’পাৰখিনি লোৰ গজালৰ ওপৰত মুগা ৰঙৰ চামনি হিচাপে জমা হয় ।

    প্ৰশ্ন ২: এটা দ্বি-অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

    উত্তৰ: ছিলভাৰ নাইট্ৰেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ মাজত হোৱা বিক্ৰিয়া:

     (ইয়াত আয়নৰ বিনিময় ঘটিছে, সেয়েহে ই এটা দ্বি-অপসৰণ বিক্ৰিয়া) I

    প্ৰশ্ন ৩: তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা।

    (i) 

    উত্তৰ: জাৰিত পদাৰ্থ: ছ’ডিয়াম (Na), কাৰণ ই অক্সিজেন লাভ কৰিছে ।

    বিজাৰিত পদাৰ্থ: অক্সিজেন (O2)।

    (ii)  

    উত্তৰ : জাৰিত পদাৰ্থ: হাইড্ৰ’জেন (H2), কাৰণ ই অক্সিজেন লাভ কৰিছে ।

    বিজাৰিত পদাৰ্থ: ক’পাৰ অক্সাইড (CuO), কাৰণ ই অক্সিজেন হেৰুৱাইছে ।


    অনুশীলনী :

    ১. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?

    (a) লেড বিজাৰিত হৈছে।

    (b) কাৰ্বন ডাই-অক্সাইড জাৰিত হৈছে।

    (c) কাৰ্বন জাৰিত হৈছে।

    (d) লেড অক্সাইড বিজাৰিত হৈছে।

    (i) (a) আৰু (b)

    (ii) (a) আৰু (c)

    (iii) (a), (b) আৰু (c)

    (iv) সকলো

    উত্তৰ : (i) (a) আৰু (b)।

    ২. 

    ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ—

    (a) এটা সংযোজন বিক্ৰিয়াৰ

    (b) এটা দ্বিপ্ৰতিস্থাপন বিক্ৰিয়াৰ

    (c) এটা বিয়োজন বিক্ৰিয়াৰ

    (d) এটা অপসাৰণ বিক্ৰিয়াৰ

    উত্তৰ: (d) এটা অপসাৰণ বিক্ৰিয়াৰ।

    ৩. কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক চিন দিয়া।

    (a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়।

    (b) ক্ল’ৰিন গেছ আৰু আইৰন হাইড্ৰ’ক্সাইড উৎপন্ন হয়।

    (c) বিক্ৰিয়া নঘটে।

    (d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।

    উত্তৰ:(a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়।

    ৪. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?

    উত্তৰ: যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত থকা প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা সমান থাকে, তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। ভৰৰ নিত্যতা সূত্ৰ অনুসৰি, বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে । সেয়েহে, বিক্ৰিয়াৰ আগৰ আৰু পাছৰ মুঠ ভৰ সমান ৰাখিবলৈ সমীকৰণসমূহ সন্তুলিত কৰিব লাগে ।

    ৫. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।

    (a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনেৰে সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে।

    উত্তৰ: 

    (b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।

    উত্তৰ: 

    (c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটেৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে।

    উত্তৰ: 

    (d) পটাছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

    উত্তৰ: 

    ৬. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা।

    উত্তৰ: 


    ৭. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

    (a) কেলছিয়াম হাইড্ৰ’ক্সাইড + কাৰ্বন ডাই অক্সাইড → কেলছিয়াম কাৰ্বনেট + পানী।

    উত্তৰ: 

    (b) জিংক + ছিলভাৰ নাইট্ৰেট → জিংক নাইট্ৰেট + ছিলভাৰ।

    উত্তৰ: 

    (c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ।

    উত্তৰ: 

    (d) বেৰিয়াম ক্ল’ৰাইড + পটাছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটাছিয়াম ক্ল’ৰাইড।

    উত্তৰ: 

    ৮. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা।

    (a) পটাছিয়াম ব্ৰ’মাইড (aq) + বেৰিয়াম আয়’ডাইড (aq)→ পটাছিয়াম আয়’ডাইড (aq) + বেৰিয়াম ব্ৰ’মাইড (s)

    উত্তৰ: 

    (b) জিংক কাৰ্বনেট (s)  → জিংক অক্সাইড (s) + কাৰ্বন ডাই অক্সাইড (g)

    উত্তৰ: 

    (c) হাইড্ৰ’জেন (g) + ক্ল’ৰিন (g) →  হাইড্ৰ’জেন ক্ল’ৰাইড (g)

    উত্তৰ: 

    (d) মেগনেছিয়াম (s) + হাইড্ৰ’ক্লৰিক এছিড (aq) → মেগনেছিয়াম ক্ল’ৰাইড (aq) + হাইড্ৰ’জেন (g)

    উত্তৰ: 

    ৯. তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কি ?

    উত্তৰ: তাপবৰ্জী বিক্ৰিয়া: যিবোৰ বিক্ৰিয়াত সামগ্ৰী উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় । উদাহৰণ:

    তাপগ্ৰাহী বিক্ৰিয়া: যিবোৰ বিক্ৰিয়াত শক্তি (তাপ) শোষিত হয় । উদাহৰণ:

    ১০. শ্বসনক তাপবৰ্জী বিক্ৰিয়া কিয় বোলা হয় ? ব্যাখ্যা কৰা।

    উত্তৰ: শ্বসন প্ৰক্ৰিয়াত আমাৰ শৰীৰৰ কোষত থকা গ্লুক'জ অক্সিজেনৰ সৈতে লগ হৈ শক্তি (তাপ) উৎপন্ন কৰে । যিহেতু ইয়াত শক্তি নিৰ্গত হয়, সেয়েহে ইয়াক তাপবৰ্জী বিক্ৰিয়া বোলা হয়।

    ১১. বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা।

    উত্তৰ: সংযোজন বিক্ৰিয়াত দুই বা ততোধিক পদাৰ্থ লগ হৈ এটা সামগ্ৰী উৎপন্ন কৰে । আনহাতে, বিয়োজন বিক্ৰিয়াত এটা বিক্ৰিয়ক ভাঙি একাধিক সৰল পদাৰ্থ উৎপন্ন হয় ।

    ১২. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়াৰ একোটিকৈ সমীকৰণ লিখা।

    উত্তৰ: বিয়োজন বিক্ৰিয়াৰ উদাহৰণ:

    ১৩. অপসৰণ আৰু দ্বিপ্ৰতিস্থাপন বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা।

    উত্তৰ : অপসাৰণ: এটা অধিক সক্ৰিয় মৌলই আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা আঁতৰাই পঠিয়ায় । 

    যেনে: 

    দ্বিঅপসৰণ: দুটা যৌগৰ মাজত আয়নৰ বিনিময় ঘটে । 

    যেনে: 

    ১৪. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা।

    উত্তৰ : 

    ১৫. অধঃক্ষেপণ বিক্ৰিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা।

    উত্তৰ : যি বিক্ৰিয়াত পানীত অদ্ৰাব্য এটা গোটা পদাৰ্থ (অধঃক্ষেপ) উৎপন্ন হয়, তাক অধঃক্ষেপণ বিক্ৰিয়া বোলে । উদাহৰণ:

    ১৬. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।

    (a) জাৰণ।

    উত্তৰ : জাৰণ: বিক্ৰিয়াত অক্সিজেন লাভ কৰা বা হাইড্ৰ'জেন হেৰুওৱা প্ৰক্ৰিয়া । উদাহৰণ:

     

    (b) বিজাৰণ।

    ​উত্তৰ : বিজাৰণ: বিক্ৰিয়াত অক্সিজেন হেৰুওৱা বা হাইড্ৰ'জেন লাভ কৰা প্ৰক্ৰিয়া । উদাহৰণ:

    ১৭. এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।

    উত্তৰ :  মৌল 'X' হ’ল ক’পাৰ (Cu) আৰু ক’লা ৰঙৰ যৌগটো হ’ল ক’পাৰ (II) অক্সাইড (CuO)।

    ১৮. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ?

    উত্তৰ: লোৰ বস্তুক বায়ুমণ্ডলৰ জলীয় বাষ্প আৰু অক্সিজেনৰ পৰা ৰক্ষা কৰি মামৰে ধৰা (ক্ষয়ীভৱন) প্ৰক্ৰিয়া ৰোধ কৰিবলৈ ৰঙৰ প্ৰলেপ দিয়া হয় ।

    ১৯. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ?

    উত্তৰ: তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু দীৰ্ঘদিন ধৰি মুকলিকৈ ৰাখিলে ই বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি জাৰিত হয় । ইয়াৰ ফলত খাদ্যৰ সোৱাদ আৰু গোন্ধ সলনি হৈ এক প্ৰকাৰৰ দুৰ্গন্ধৰ সৃষ্টি হয়, যাক ৰেনচিডিটি (Rancidity) বা চৰ্বিৰ দুৰ্গন্ধিতা বোলে । নাইট্ৰ’জেন এবিধ নিষ্ক্ৰিয় গেছ । যেতিয়া পেকেটৰ ভিতৰত থকা অক্সিজেন আঁতৰাই নাইট্ৰ’জেন ভৰোৱা হয়, তেতিয়া ই খাদ্যৰ জাৰণ প্ৰক্ৰিয়া মন্থৰ কৰে । ইয়াৰ ফলত খাদ্যবোৰ বহু দিনলৈ সতেজ হৈ থাকে ।

    ২০. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

    (a) ক্ষয়ীভৱন।

    উত্তৰ: যেতিয়া এটা ধাতু তাৰ চাৰিওকাষৰ পৰিবেশত থকা জলীয় বাষ্প, অক্সিজেন বা এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ধাতুটো লাহে লাহে নষ্ট হ’বলৈ ধৰে । এই প্ৰক্ৰিয়াটোকে ক্ষয়ীভৱন বোলে । ইয়াৰ ফলত ধাতুৰ গুণাগুণ নষ্ট হয়। উদাহৰণস্বৰূপে, লোৰ বস্তুত ৰঙচুৱা মুগা বৰণৰ মামৰে ধৰা প্ৰক্ৰিয়াটোৱেই হ’ল ক্ষয়ীভৱন ।

    (b) চৰ্বিৰ দুৰ্গন্ধিতা।

    উত্তৰ: তেল বা চৰ্বিযুক্ত খাদ্যবস্তু বায়ুৰ অক্সিজেনৰ সংস্পৰ্শত আহিলে সিহঁতৰ জাৰণ ঘটে । ইয়াৰ ফলত খাদ্যবস্তুৰ গোন্ধ আৰু সোৱাদৰ পৰিৱৰ্তন ঘটি দুৰ্গন্ধযুক্ত হৈ পৰে । এই অৱস্থাটোক চৰ্বিৰ দুৰ্গন্ধিতা বা ৰেনচিডিটি বোলে । খাদ্যবস্তু বায়ুৰুদ্ধ পাত্ৰত ৰাখি বা নাইট্ৰ’জেন গেছ ব্যৱহাৰ কৰি এই জাৰণ প্ৰক্ৰিয়া ৰোধ কৰিব পাৰি ।

    অধ্যায় 1: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (সম্পূৰ্ণ ১০০ টকা MCQ)

    Download OMR SHEET


    গুৰুত্বপূৰ্ণ ২ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ : 

    ১. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয় ?

    উত্তৰ: মেগনেছিয়াম অতি সক্ৰিয় ধাতু হোৱা বাবে ই বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ওপৰত মেগনেছিয়াম অক্সাইডৰ এটা তৰপ গঠন কৰে । এই তৰপটোৱে ফিতাডাল পুনৰ দহন হোৱাত বাধা দিয়ে, সেয়েহে মেগনেছিয়াম ফিতাডাল বালীয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি ল’ব লাগে ।

    ২. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?

    উত্তৰ: যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা সমান থাকে, তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে । ভৰৰ নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে, সেয়েহে বিক্ৰিয়াৰ দুয়োফালে পৰমাণুৰ সংখ্যা একে ৰাখিবলৈ সমীকৰণসমূহ সন্তুলিত কৰিব লাগে ।

    ৩. সংযোজন বিক্ৰিয়া কাক বোলে? এটা উদাহৰণ দিয়া।

    উত্তৰ: যি বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে, তাক সংযোজন বিক্ৰিয়া বোলে । উদাহৰণ: কেলছিয়াম অক্সাইড আৰু পানীৰ বিক্ৰিয়া । 

     

    ৪. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ?

    উত্তৰ: সংযোজন বিক্ৰিয়াত একাধিক বিক্ৰিয়ক লগ হৈ এটা নতুন পদাৰ্থ উৎপন্ন কৰে । আনহাতে, বিযোজন বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি একাধিক সৰল পদাৰ্থ উৎপন্ন হয় । সেয়েহে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় ।

    ৫. তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ পাৰ্থক্য কি ?

    উত্তৰ: যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলে । আনহাতে, যিবোৰ বিক্ৰিয়াত শক্তি বা তাপ শোষিত হয়, সেইবোৰক তাপগ্ৰাহী বিক্ৰিয়া বোলে ।

    ৬. শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হয় ?

    উত্তৰ: শ্বসন প্ৰক্ৰিয়াত আমাৰ দেহৰ কোষত থকা গ্লুক’জ অক্সিজেনৰ সৈতে লগ হৈ শক্তি উৎপন্ন কৰে । যিহেতু এই বিক্ৰিয়াত শক্তি (তাপ) মুক্ত হয়, সেয়েহে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বোলা হয় ।

    ৭. অপসৰণ বিক্ৰিয়া কাক বোলে ? এটা উদাহৰণ দিয়া।

    উত্তৰ: যি বিক্ৰিয়াত অধিক সক্ৰিয় এটা মৌলই আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে, তাক অপসৰণ বিক্ৰিয়া বোলে । উদাহৰণ: 

    ৮. দ্বি-অপসৰণ বিক্ৰিয়া কি ? উদাহৰণসহ লিখা।

    উত্তৰ: যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে, তাক দ্বি-অপসৰণ বিক্ৰিয়া বোলা হয় । উদাহৰণ: ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ বিক্ৰিয়া । 

     

    ৯. অধঃক্ষেপণ বিক্ৰিয়া মানে কি বুজা ?

    উত্তৰ: যি ৰাসায়নিক বিক্ৰিয়াত পানীত অদ্ৰাব্য এটা গোটা পদাৰ্থ (অধঃক্ষেপ) গঠন হয়, তাক অধঃক্ষেপণ বিক্ৰিয়া বোলে । উদাহৰণস্বৰূপে, বেৰিয়াম ছালফেটৰ বগা অধঃক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াটো ।

    ১০. জাৰণ আৰু বিজাৰণৰ সংজ্ঞা দিয়া।

    উত্তৰ: কোনো বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে বা হাইড্ৰ’জেন হেৰুৱালে তাক জাৰণ বোলে । আনহাতে, পদাৰ্থ এটাই অক্সিজেন হেৰুৱালে বা হাইড্ৰ’জেন লাভ কৰিলে তাক বিজাৰণ বোলে ।

    ১১. ৰেডক্স (Redox) বিক্ৰিয়া কি ? উদাহৰণ দিয়া।

    উত্তৰ: যি বিক্ৰিয়াত এটা বিক্ৰিয়ক জাৰিত হোৱাৰ লগে লগে আনটো বিক্ৰিয়ক বিজাৰিত হয়, তাক জাৰণ-বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে । উদাহৰণ: 

     

    ১২. ক্ষয়ীভৱন বুলিলে কি বুজা ? ইয়াৰ দুটা উদাহৰণ দিয়া।

    উত্তৰ: যেতিয়া ধাতু এটা তাৰ চৌপাশৰ জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ লাহে লাহে নষ্ট হয়, সেই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বোলে । উদাহৰণ: (i) লোত মামৰে ধৰা, (ii) ছিলভাৰৰ ওপৰত পৰা কলা চামনি ।

    ১৩. দুৰ্গন্ধিতা বা ৰেনচিডিটি (Rancidity) কি ? ইয়াক কেনেকৈ ৰোধ কৰিব পাৰি ?

    উত্তৰ: তেল বা চৰ্বিযুক্ত খাদ্যবস্তু জাৰিত হ’লে ইয়াৰ স্বাদ আৰু গোন্ধ সলনি হয়, ইয়াকে দুৰ্গন্ধিতা বোলে । ইয়াক ৰোধ কৰিবলৈ খাদ্যবস্তুত প্ৰতিজাৰক (antioxidant) যোগ কৰা হয় বা বায়ুৰুদ্ধ পাত্ৰত ৰখা হয় ।

    ১৪. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয় ?

    উত্তৰ: লোৰ বস্তু বায়ু আৰু জলীয় বাষ্পৰ সংস্পৰ্শত আহিলে ক্ষয়ীভৱন বা মামৰে ধৰে । ৰঙৰ প্ৰলেপ দিলে লোৰ পৃষ্ঠভাগ বায়ুৰ সংস্পৰ্শৰ পৰা আঁতৰত থাকে আৰু মামৰে ধৰাৰ পৰা ৰক্ষা পৰে ।

    ১৫. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ’জেন গেছৰ পেকেটত ভৰোৱা হয় কিয় ?

    উত্তৰ: তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু অক্সিজেনৰ সংস্পৰ্শত আহিলে জাৰিত হৈ দুৰ্গন্ধী হয় । নাইট্ৰ’জেন এটা নিষ্ক্ৰিয় গেছ হোৱা বাবে ই খাদ্যবস্তুৰ জাৰণ প্ৰক্ৰিয়া ৰোধ কৰে আৰু খাদ্য সতেজ কৰি ৰাখে ।

    ১৬. তাপীয় বিযোজন কি ? এটা উদাহৰণ দিয়া।

    উত্তৰ: যেতিয়া এটা বিযোজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয়, তাক তাপীয় বিযোজন বোলে । উদাহৰণ: কেলছিয়াম কাৰ্বনেটক তাপ দিলে পোৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় । 

    ১৭. পানীৰ বিদ্যুৎ বিশ্লেষণৰ সময়ত দুয়োটা পৰীক্ষানলত জমা হোৱা গেছৰ আয়তন সমান নহয় কিয় ?

    উত্তৰ: পানীৰ এক অণু গঠিত হওঁতে দুভাগ হাইড্ৰ’জেন আৰু এভাগ অক্সিজেনৰ প্ৰয়োজন হয় । সেয়ে বিদ্যুৎ বিশ্লেষণৰ সময়ত এটা পৰীক্ষানলত জমা হোৱা হাইড্ৰ’জেন গেছৰ আয়তন আনটো পৰীক্ষানলত জমা হোৱা অক্সিজেনৰ দুগুণ হয় ।

    ১৮. ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত থৈ দিলে কি পৰিৱৰ্তন ঘটে ?

    উত্তৰ: বগা ৰঙৰ ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত থৈ দিলে মটীয়া (grey) ৰঙৰ ছিলভাৰ ধাতু আৰু ক্ল’ৰিন গেছলৈ বিযোজিত হয় । 

    ১৯. কপাৰ পাউদাৰ গৰম কৰিলে ইয়াৰ উপৰিভাগ কলা পৰে কিয় ?

    উত্তৰ: কপাৰ পাউদাৰ গৰম কৰিলে ই বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কপাৰ (II) অক্সাইডৰ এটা কলা তৰপ গঠন কৰে । 

     

    ২০. তলৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ চিনাক্ত কৰা:

    উত্তৰ: এই বিক্ৰিয়াটোত:

    • জাৰিত হোৱা পদাৰ্থ: ছডিয়াম (Na), কাৰণ ই অক্সিজেন লাভ কৰিছে ।


    • বিজাৰিত হোৱা পদাৰ্থ: অক্সিজেন (O2) ।





    *******
































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website