Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    পাঠ - ৩

    পৃথিৱীৰ ভূগোল

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤

    অনুশীলনী 

    ১। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।

    উত্তৰ: পৃথিৱীৰ উপৰিভাগ স্থলমণ্ডল আৰু জলমণ্ডলেৰে গঠিত। পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ। ইয়াৰে প্ৰায় ২৯ শতাংশ (১৪৯ নিযুত বৰ্গ কি.মি.) স্থলভাগ আৰু ৭১ শতাংশ (৩৬১ নিযুত বৰ্গ কি.মি.) জলভাগে আৱৰি আছে। স্থলমণ্ডলটো এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এণ্টাৰ্কটিকা—এই সাতখন মহাদেশেৰে গঠিত। আনহাতে, জলমণ্ডলটো প্ৰশান্ত, আটলাণ্টিক, ভাৰত, উত্তৰ আৰু দক্ষিণ—এই পাঁচখন মহাসাগৰেৰে গঠিত।

    ২। মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?

    উত্তৰ: মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি, আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল, যাক 'পেঞ্জিয়া' (Pangaea) বুলি কোৱা হৈছিল। এই পেঞ্জিয়াৰ চাৰিওফালে থকা বিশাল জলভাগক 'পান্থালাছা' (Panthalassa) বোলা হৈছিল। পৰৱৰ্তী সময়ত পেঞ্জিয়াৰ মাজত 'টেথিছ সাগৰ'ৰ সৃষ্টি হৈ ইয়াক উত্তৰ আৰু দক্ষিণ—এই দুটা ভাগত বিভক্ত কৰিছিল।

    ৩। মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পৰ্কে চমুকৈ লিখা।

    উত্তৰ: মহাসাগৰৰ তলিভাগ সমান নহয়, ই অত্যন্ত ওখোৰা-মোখোৰা। মহাসাগৰৰ তলিৰ প্ৰধান অবয়বসমূহ হ’ল:

    • মহীসোপান (Continental Shelf): উপকূলৰ কাষৰ প্ৰায় ২০০ মিটাৰ পৰ্যন্ত অগভীৰ অংশ।

    • মহীঢাল (Continental Slope): মহীসোপানৰ পিছৰ প্ৰায় ২০০০ মিটাৰ পৰ্যন্ত গভীৰ অংশ।

    • গভীৰ সমুদ্ৰতল: ৪০০০ মিটাৰ পৰ্যন্ত গভীৰ সমতল অংশ।

    • সামুদ্ৰিক খাত (Trench): মহাসাগৰৰ আটাইতকৈ গভীৰ অংশ। প্ৰশান্ত মহাসাগৰৰ মেৰিয়ানা খাত (১১,০২২ মিটাৰ) পৃথিৱীৰ গভীৰতম খাত। ইয়াৰ উপৰি সামুদ্ৰিক শৈলসিৰা, টিলা আৰু দ্বীপ আদিও মহাসাগৰৰ তলিত দেখা যায়।

    ৪। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা।

    উত্তৰ: পৃথিৱীৰ স্থলভাগ বা মহাদেশসমূহ আৰু জলভাগ বা মহাসাগৰসমূহ গোটেই পৃথিৱীত সমানে বিস্তৃত হৈ থকা নাই। স্থলভাগৰ বৃহৎ অংশ (৬৭ শতাংশ) উত্তৰ গোলাৰ্ধত অৱস্থিত। আনহাতে, জলমণ্ডলৰ বৃহৎ অংশ (৫৭ শতাংশ) দক্ষিণ গোলাৰ্ধত অৱস্থিত। মহাদেশসমূহৰ ভিতৰত এছিয়া বৃহত্তম আৰু মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ বৃহত্তম।

    ৫। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।

    উত্তৰ: পৃথিৱীৰ স্থলভাগৰ উপৰিভাগ পৰ্বত-পাহাৰ, মালভূমি, সমভূমি আদিৰে গঠিত। পৃথিৱীৰ বিভিন্ন মহাদেশত উচ্চতম শৃংগ (যেনে: এভাৰেষ্ট), দীৰ্ঘতম পৰ্বতমালা (যেনে: এণ্ডিজ), বিশাল সমভূমি আৰু মৰুভূমি (যেনে: চাহাৰা) আদি দেখা যায়। এই ভূ-অবয়বসমূহৰ ভিন্নতাৰ বাবেই পৃথিৱীৰ জলবায়ু, উদ্ভিদ আৰু মানুহৰ জনবসতি ঠাইভেদে বেলেগ বেলেগ হয়।

    ৬। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

    উত্তৰ: এছিয়া মহাদেশৰ প্ৰধান প্ৰাকৃতিক বৈশিষ্ট্যসমূহ হ’ল:

    • ই পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ আৰু ই স্থলভাগৰ প্ৰায় ৩০ শতাংশ আগুৰি আছে।

    • মহাদেশখনৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ আৰু পূবে প্ৰশান্ত মহাসাগৰ অৱস্থিত।

    • ইয়াত পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট (৮,৮৪৮ মিটাৰ) আৰু সৰ্বোচ্চ মালভূমি পামিৰ অৱস্থিত।

    • ইয়ানিছি, ওবি, লেনা, গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, হোৱাংহো আদি ইয়াৰ প্ৰধান নদী।

    • ইয়াত থৰ, গোবি আৰু আৰবৰ দৰে বিশাল মৰুভূমিও আছে।

    ৭। কাৰণ দৰ্শাই উত্তৰ লিখা :

    (ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থূপ খাই আছে কিয়? 

    উত্তৰ: পৃথিৱীৰ স্থলভাগৰ বৃহৎ অংশ (প্ৰায় ৬৭ শতাংশ) উত্তৰ গোলাৰ্ধত অৱস্থিত। ইয়াৰ অনুকূল ভৌগোলিক অৱস্থান, সমভূমি আৰু সাৰুৱা নদী উপত্যকাসমূহৰ বাবে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰে।

    (খ) এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়? 

    উত্তৰ: এণ্টাৰ্কটিকা মহাদেশখন পৃথিৱীৰ দক্ষিণ মেৰু অঞ্চলত অৱস্থিত হোৱাৰ বাবে ই গোটেই বছৰজুৰি ডাঠ বৰফেৰে ঢাক খাই থাকে। ইয়াত অত্যধিক ঠাণ্ডা আৰু প্ৰতিকূল জলবায়ুৰ বাবে কোনো স্থায়ী জনবসতি নাই।

    ৮। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া :

    (ক) এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে? 

    উত্তৰ: ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে।

    (খ) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক’ত অৱস্থিত? 

    উত্তৰ: এণ্ডিজ পৰ্বতমালা (প্ৰায় ৮০০০ কি.মি.); ই দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম অংশত অৱস্থিত।

    (গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা। 

    উত্তৰ: বৃহত্তম মহাদেশ—এছিয়া; ক্ষুদ্ৰতম মহাদেশ—ওছেনিয়া।

    (ঘ) পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত? 

    উত্তৰ: ৰাছিয়া দেশখন ইউৰোপ আৰু এছিয়া—এই দুয়োখন মহাদেশলৈ বিস্তৃত।

    (ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা। 

    উত্তৰ: বৃহত্তম দেশ—ৰাছিয়া; ক্ষুদ্ৰতম দেশ—ভেটিকান চিটী।

    (চ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি? ই মহাদেশৰ কোন অংশত অৱস্থিত? 

    উত্তৰ: ৰ’কি পৰ্বত শ্ৰেণী; ই মহাদেশখনৰ পশ্চিম অংশত অৱস্থিত।

    (ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত? 

    উত্তৰ: চাহাৰা মৰুভূমি; ই আফ্ৰিকা মহাদেশত অৱস্থিত।

    (জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা। 

    উত্তৰ: উত্তৰ দিশলৈ প্ৰবাহিত নদী: ওবি আৰু লেনা। পূব দিশলৈ প্ৰবাহিত নদী: হোৱাংহো আৰু ইয়াংজে কিয়াং।

    (ঝ) অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী, নদী আৰু মৰুভূমিৰ নাম লিখা। 

    উত্তৰ: পৰ্বতশ্ৰেণী: গ্ৰেট ডিভাইডিং ৰেঞ্জ; নদী: মূৰে (Murray); মৰুভূমি: গ্ৰেট ভিক্টোৰিয়া।

    (ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা। 

    উত্তৰ: ইটালী, গ্ৰীচ আৰু স্পেইন।

    ৯। চমুটোকা লিখা :

    (ক) পেঞ্জিয়া

    উত্তৰঃমহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি, আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীৰ সকলো স্থলভাগ একত্ৰিত হৈ এটা বিশাল ভূখণ্ড হিচাপে আছিল। এই একত্ৰিত স্থলমণ্ডলটোক 'পেঞ্জিয়া' (Pangaea) বোলা হয়। পেঞ্জিয়াৰ চাৰিওফালে পান্থালাছা নামৰ এক বিশাল জলমণ্ডলে আগুৰি আছিল। পৰৱৰ্তী সময়ত পেঞ্জিয়াৰ সোঁমাজেৰে পূবা-পশ্চিমাকৈ 'টেথিছ সাগৰ'ৰ সৃষ্টি হৈ ইয়াক উত্তৰ অংশ 'লাউৰেচিয়া' আৰু দক্ষিণ অংশ 'গণ্ডোৱানালেণ্ড' নামেৰে দুভাগত বিভক্ত কৰিছিল। এই পেঞ্জিয়াৰ বিভাজনৰ ফলতেই বৰ্তমানৰ মহাদেশসমূহৰ সৃষ্টি হৈছে।

    (খ) উত্তৰ মহাসাগৰ

    উত্তৰঃউত্তৰ মহাসাগৰ পৃথিৱীৰ আটাইতকৈ সৰু বা ক্ষুদ্ৰতম মহাসাগৰ। ইয়াৰ মাটিকালি প্ৰায় ১৪ নিযুত বৰ্গ কিলোমিটাৰ। এই মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত বাবে ইয়াৰ আকৃতি প্ৰায় ঘূৰণীয়া। ই এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশৰে আগুৰি আছে। উত্তৰ মেৰু অঞ্চলত অৱস্থিত হোৱা বাবে বছৰটোৰ বেছিভাগ সময় এই মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই থাকে। ইয়াৰ তলিৰ গড় গভীৰতা প্ৰায় ৩৫০০ মিটাৰ।

    (গ) ওছেনিয়া মহাদেশ

    উত্তৰঃঅষ্ট্ৰেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি প্ৰশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপপুঞ্জক লৈ ওছেনিয়া মহাদেশ গঠিত। ই সম্পূৰ্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত অৱস্থিত। এই মহাদেশৰ বৃহত্তম দেশ হ'ল অষ্ট্ৰেলিয়া। ওছেনিয়া মহাদেশৰ চাৰিওফালে প্ৰশান্ত, ভাৰত আৰু দক্ষিণ মহাসাগৰে আগুৰি আছে। ইয়াৰ মূল ভূ-খণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি য'ত মূৰে আৰু ডালিং নামৰ দুখন প্ৰধান নদী আছে। ইয়াৰ পশ্চিম অংশত বিশাল মৰুভূমি আছে।

    (ঘ) এছিয়া মহাদেশৰ নদ-নদী

    উত্তৰঃএছিয়া মহাদেশৰ ভূ-প্ৰকৃতি পৰ্বত আৰু মালভূমিৰে ভৰা বাবে ইয়াৰ পৰা বহুতো ডাঙৰ নদীৰ উৎপত্তি হৈছে। উত্তৰ দিশলৈ প্ৰবাহিত প্ৰধান নদীসমূহ হ’ল— ওবি, ইয়েনিছি আৰু লেনা। পূব দিশলৈ আমুৰ, হোৱাংহো, ইয়াংজে কিয়াং আৰু চিকিয়াং নদী বৈ গৈছে। দক্ষিণ আৰু দক্ষিণ-পূব দিশৰ প্ৰধান নদীসমূহ হ’ল— সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, নৰ্মদা, টাপ্টি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, ইৰাৱতী আৰু মেকং। এই নদীসমূহে মহাদেশখনত সাৰুৱা সমভূমি আৰু ব-দ্বীপৰ সৃষ্টি কৰি কৃষিকাৰ্যত সহায় কৰিছে।

    (ঙ) আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ

    উত্তৰঃআফ্ৰিকা মহাদেশখন বহুতো গুৰুত্বপূৰ্ণ নদী আৰু হ্ৰদেৰে ভৰপূৰ। ইয়াৰ হ্ৰদসমূহৰ ভিতৰত পৃথিৱীৰ অন্যতম বৃহৎ হ্ৰদ ভিক্টোৰিয়া বিশেষভাৱে উল্লেখনীয়। ইয়াৰ বাহিৰেও মহাদেশখনত এলবাৰ্ট, টাংগানিকা, চাড, ভোল্টা, ন্যাচা, মালাৱি, টুকানা, কিভু আদি বহুতো সৰু-বৰ হ্ৰদ আছে। এই হ্ৰদসমূহ মহাদেশখনৰ জলবায়ু আৰু অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ নীল নদীৰ দৰে বিশাল নদীৰ উৎস হিচাপেও এই হ্ৰদসমূহৰ ভূমিকা আছে।

    (চ) ইউৰোপ মহাদেশৰ নদ-নদী

    উত্তৰঃইউৰোপ মহাদেশখন বহুতো নদ-নদী আৰু হ্ৰদেৰে ভৰা। ইয়াৰ নদীসমূহৰ ভিতৰত ভল্গা, ডানিয়ুব, ৰাইন, ডন আৰু ইউৰাল আদি প্ৰধান। ৰাছিয়াৰ ভল্গা নদী ইউৰোপৰ আটাইতকৈ দীঘল নদী। আনহাতে, গ্ৰেট ব্ৰিটেইনৰ থেমচ, ইটালীৰ পো, ফ্ৰান্সৰ চেইন আৰু ৰোণ, জাৰ্মানীৰ এলবে আদিও উল্লেখযোগ্য নদী। এই নদীসমূহে মহাদেশখনৰ সমভূমি অঞ্চলসমূহৰ মাজেৰে প্ৰবাহিত হৈ যোগাযোগ আৰু কৃষিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে।

    (ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল

    উত্তৰঃউত্তৰ আমেৰিকা মহাদেশৰ পূব অংশত উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্ল’ৰিডা পৰ্যন্ত এক ওখোৰা-মোখোৰা উচ্চভূমি অঞ্চল অৱস্থিত, যাক আপেলেছিয়ান উচ্চভূমি বোলা হয়। এই অঞ্চলটো প্ৰাচীন পৰ্বত-পাহাৰ, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত। ইয়াৰ দক্ষিণ অংশত এলিঘেনি আৰু ব্লুৰিজ নামৰ পৰ্বতশ্ৰেণী আছে। এই উচ্চভূমিৰ পূবফালে আটলাণ্টিক মহাসাগৰৰ এক বিস্তৃত উপকূলীয় সমতল ভূমি আছে। এই অঞ্চলটো খনিজ সম্পদৰ বাবেও চহকী।

    (জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ

    উত্তৰঃউত্তৰ আমেৰিকা মহাদেশখন হ্ৰদৰ বাবে পৃথিৱী বিখ্যাত। ইয়াৰ প্ৰধান হ্ৰদসমূহ হ'ল— ছুপেৰিঅ’ৰ, হুৰ’ন, মিচিগন, এৰি আৰু ওণ্টেৰিও। এই পাঁচটা হ্ৰদক একেলগে 'বৃহৎ হ্ৰদসমূহ' (Great Lakes) বোলা হয়। ইয়াৰে ছুপেৰিঅ’ৰ পৃথিৱীৰ বৃহত্তম বিশুদ্ধ পানীৰ হ্ৰদ। ইয়াৰ উপৰিও মহাদেশখনত গ্ৰেট বিয়াৰ, গ্ৰেট শ্লেভ, উইনিপেগ আৰু গ্ৰেট ছল্ট নামৰ আন কেইবাটাও উল্লেখযোগ্য হ্ৰদ আছে। এই হ্ৰদসমূহ মহাদেশখনৰ জল পৰিবহণ আৰু পৰিৱেশৰ বাবে অত্যন্ত প্ৰয়োজনীয়।

    ১০। পাৰ্থক্য লিখা :

    (ক) মহীসোপান আৰু মহীতাল

    উত্তৰঃ

    ক্ৰমিক নংমহীসোপান (Continental Shelf)মহীঢাল (Continental Slope)
    ১উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশক মহীসোপান বোলে।মহীসোপানৰ পিছৰ পৰা গভীৰ সমুদ্ৰতললৈ থকা ঢালযুক্ত অংশক মহীঢাল বোলে।
    ২ইয়াৰ গভীৰতা সাধাৰণতে ২০০ মিটাৰ পৰ্যন্ত হয়।ইয়াৰ গভীৰতা প্ৰায় ২০০০ মিটাৰ পৰ্যন্ত হ’ব পাৰে।
    ৩ই স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযোগস্থলৰ ঠিক পাছতেই অৱস্থিত।ই মহীসোপান আৰু গভীৰ সমুদ্ৰতলৰ মাজত অৱস্থিত।
    ৪ইয়াৰ ঢাল অতি মৃদু বা অতি কম হয়।ইয়াৰ ঢাল যথেষ্ট থিয় বা বেছি হয়।
    ৫ইয়াত সূৰ্যৰ পোহৰ সহজে প্ৰৱেশ কৰিব পাৰে আৰু ই সামুদ্ৰিক সম্পদৰ বাবে গুৰুত্বপূৰ্ণ।ইয়াত পোহৰৰ পৰিমাণ কমি যায় আৰু ই গভীৰ সাগৰৰ আৰম্ভণি সূচায়।

    (খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ

    উত্তৰঃ

    ক্ৰমিক নংএভাৰেষ্ট শৃংগ গডউইন অষ্টিন শৃংগ
    ১ই পৃথিৱীৰ সৰ্বোচ্চ বা উচ্চতম শৃংগ।ই পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ।
    ২ইয়াৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা ৮,৮৪৮ মিটাৰ।ইয়াৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা ৮,৬১১ মিটাৰ।
    ৩ই হিমালয় পৰ্বতশ্ৰেণীৰ অন্তৰ্গত।ই কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত।
    ৪ই নেপাল আৰু চীনৰ (তিব্বত) সীমান্তত অৱস্থিত।ই ভাৰতবৰ্ষৰ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত।
    ৫ই এছিয়া মহাদেশৰ তথা বিশ্বৰ আটাইতকৈ ওখ বিন্দু।ই এছিয়া মহাদেশৰ দ্বিতীয়টো গগনচুম্বী শৃংগ।

    (গ) ওছেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ

    উত্তৰঃ

    ক্ৰমিক নংওছেনিয়া মহাদেশএণ্টাৰ্কটিকা মহাদেশ
    ১অষ্ট্ৰেলিয়া মহাদ্বীপ আৰু ইয়াৰ কাষৰীয়া দ্বীপপুঞ্জক লৈ এই মহাদেশ গঠিত।দক্ষিণ মেৰু অঞ্চলক কেন্দ্ৰ কৰি থকা বৰফে আৱৰা অংশক লৈ এই মহাদেশ গঠিত।
    ২ই পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ।ই মাটিকালিৰ হিচাপত পৃথিৱীৰ পঞ্চম বৃহত্তম মহাদেশ।
    ৩ইয়াত মানুহৰ স্থায়ী জনবসতি আছে আৰু ইয়াত মুঠ ১৪ খন দেশ আছে।ইয়াত কোনো স্থায়ী জনবসতি নাই।
    ৪ইয়াৰ জলবায়ু নাতিশীতোষ্ণ তথা বসবাসৰ উপযোগী।ইয়াৰ জলবায়ু অতিপাত ঠাণ্ডা আৰু ই বছৰটোৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে।
    ৫ই সম্পূৰ্ণভাৱে দক্ষিণ গোলাৰ্ধত অৱস্থিত।ই পৃথিৱীৰ চৰম দক্ষিণ মেৰু বিন্দুৰ চাৰিওফালে অৱস্থিত।

    (ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি

    উত্তৰঃ

    ক্ৰমিক নংগোবি মৰুভূমি (Gobi Desert)আটাকামা মৰুভূমি (Atacama Desert)
    ১ই এছিয়া মহাদেশত অৱস্থিত।ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।
    ২ই এটা শীতল মৰুভূমিৰ উদাহৰণ।ই এটা প্ৰধানকৈ উষ্ণ মৰুভূমি।
    ৩ই মংগোলীয়া আৰু চীনৰ বিস্তৃত অংশত বিয়পি আছে।ই দক্ষিণ আমেৰিকাৰ এণ্ডিজ পৰ্বতমালাৰ কাষৰীয়া অংশত অৱস্থিত।
    ৪ই মধ্য অক্ষাংশত অৱস্থিত হোৱা বাবে ইয়াৰ জলবায়ু চৰম ভাবাপন্ন।ই পৃথিৱীৰ অন্যতম বৃষ্টিহীন বা শুকান অঞ্চল।
    ৫ইয়াত বালিৰ লগতে পাথৰুৱা ভূ-ভাগ বেছিকৈ দেখা যায়।ই এণ্ডিজ পৰ্বতমালাৰ ছাঁ পৰা অঞ্চল বা বৃষ্টিহীন অঞ্চলত অৱস্থিত।

    ১১। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

    ১১। শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

    (ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন? 

    (১) প্ৰশান্ত মহাসাগৰ 

    (২) ভাৰত মহাসাগৰ 

    (৩) আটলাণ্টিক মহাসাগৰ 

    (৪) দক্ষিণ মহাসাগৰ

    উত্তৰঃ(৩) আটলাণ্টিক মহাসাগৰ।

    (খ) পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন? 

    (১) উত্তৰ আমেৰিকা মহাদেশ 

    (২) ইউৰোপ মহাদেশ 

    (৩) এণ্টাৰ্কটিকা মহাদেশ 

    (৪) ওছেনিয়া মহাদেশ

    উত্তৰঃ (৪) ওছেনিয়া মহাদেশ।

    (গ) ফ’লেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? 

    (১) আটলাণ্টিক মহাসাগৰ 

    (২) উত্তৰ মহাসাগৰ 

    (৩) প্ৰশান্ত মহাসাগৰ 

    (৪) ভাৰত মহাসাগৰ

    উত্তৰঃ (১) আটলাণ্টিক মহাসাগৰ।

    (ঘ) এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? 

    (১) ভূমধ্য সাগৰ 

    (২) লোহিত সাগৰ 

    (৩) কাস্পিয়ান সাগৰ 

    (৪) আৰৱ সাগৰ

    উত্তৰঃ (২) লোহিত সাগৰ।

    (ঙ) এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? 

    (১) ইউৰাল পৰ্বতমালা 

    (২) ককেচাচ পৰ্বত 

    (৩) কাস্পিয়ান সাগৰ 

    (৪) ভল্গা নদী

    উত্তৰঃ (১) ইউৰাল পৰ্বতমালা।

    (চ) ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত? 

    (১) উত্তৰ আমেৰিকা 

    (২) দক্ষিণ আমেৰিকা 

    (৩) আফ্ৰিকা 

    (৪) এছিয়া

    উত্তৰঃ (২) দক্ষিণ আমেৰিকা।

    (ছ) ব্ৰাজিলৰ ৰাজধানী কি? 

    (১) ৰিও ডি জেনেইৰো 

    (২) চাও পাওলো 

    (৩) ব্ৰাচিলিয়া 

    (৪) লিমা

    উত্তৰঃ (৩) ব্ৰাচিলিয়া।







    পৃথিৱীৰ ভূগোল অধ্যায়ৰ ১০০ MCQ

    Download OMR SHEET



    পৃথিৱীৰ ভূগোল কুইজ







































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website