পাঠ - 2
পৰিবেশ আৰু পৰিৱেশৰ সমস্যা
MAIN CONTENT
অনুশীলনী
১। পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।
উত্তৰ: সাধাৰণ অৰ্থত পৰিৱেশ (Environment) মানে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায় । বহল অৰ্থত, স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ ফলত সৃষ্টি হোৱা সামগ্ৰিক অৱস্থাই হৈছে পৰিৱেশ ।
২। পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।
উত্তৰ:
জৈৱ উপাদান: উদ্ভিদ, অণুজীৱ আৰু মানুহকে ধৰি বিভিন্ন প্ৰকাৰৰ প্ৰাণী ।
অজৈৱ উপাদান: মাটি, পানী আৰু বায়ু ।
৩। স্থলমণ্ডল বুলিলে কি বুজায় লিখা।
উত্তৰঃ পৃথিৱীৰ কঠিন উপৰিভাগ যি শিল, বালি, মাটি আৰু খনিজ পদাৰ্থৰ দ্বাৰা গঠিত, তাকেই স্থলমণ্ডল (Lithosphere) বোলা হয় । এই মণ্ডলে পৃথিৱীৰ মহাদেশকেইখনক সামৰি লৈছে আৰু ই ভূ-পৃষ্ঠৰ প্ৰায় ২৯ শতাংশ আগুৰি আছে । স্থলমণ্ডলতে আমি পাহাৰ-পৰ্বত, মালভূমি, সমভূমি, নদী-উপত্যকা আৰু উপকূল আদি বিভিন্ন অবয়ব দেখিবলৈ পাওঁ । স্থলমণ্ডলৰ গুণাগুণ আৰু ইয়াত ঘটা পৰিৱৰ্তনসমূহ পৰিৱেশৰ অন্য তিনিটা মণ্ডল— জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল । মানুহৰ সকলো কাম-কাজ আৰু সভ্যতাৰ বিকাশ ঘাইকৈ এই স্থলমণ্ডলৰ ওপৰতে ভিত্তি কৰি গঢ়ি উঠিছে ।
৪। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগত থকা পানীৰ অংশসমূহকেই জলমণ্ডল (Hydrosphere) বোলে । ইয়াৰ ভিতৰত ঘাইকৈ বিশাল সাগৰ আৰু মহাসাগৰবোৰ পৰে, যিয়ে ভূ-পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ আগুৰি আছে । ইয়াৰ উপৰি স্থলমণ্ডলৰ বুকুত থকা নদ-নদী, হ্ৰদ, বিল আৰু অন্যান্য সৰু-বৰ জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্ভুক্ত । জলমণ্ডলৰ স্থিতি আৰু পৰিৱৰ্তন স্থলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ক্ৰিয়া-কলাপৰ ওপৰত নিৰ্ভৰ কৰে । সাগৰ-মহাসাগৰৰ পানীয়ে পৃথিৱীৰ জলবায়ু নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা লয় । বৰ্তমান সময়ত মানুহৰ বিভিন্ন কাৰ্যকলাপৰ বাবে সাগৰ আৰু নদীৰ পানী প্ৰদূষিত হোৱা দেখা গৈছে ।
৫। বায়ুমণ্ডল কিহেৰে গঠিত লিখা।
উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ প্ৰায় ১০,০০০ কিলোমিটাৰ উচ্চতালৈ বিয়পি থকা গেছীয় তৰপটোৱেই হ’ল বায়ুমণ্ডল (Atmosphere) । ই বিভিন্ন গেছৰ মিশ্ৰণৰ দ্বাৰা গঠিত । ইয়াৰ প্ৰধান গেছসমূহ হ’ল— নাইট্ৰ’জেন (৭৮.০৮%), অক্সিজেন (২০.৯৪%), কাৰ্বন-ডাই-অক্সাইড (০.০৩৫%), আৰ্গন, হাইড্ৰ’জেন আদি । গেছীয় পদাৰ্থৰ উপৰি বায়ুমণ্ডলত জলীয় বাষ্প আৰু ধূলিকণাও মিহলি হৈ থাকে । বায়ুমণ্ডলে সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মি শোষণ কৰি পৃথিৱীৰ জীৱজগতক ৰক্ষা কৰে । অৱশ্যে প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুত বিষাক্ত গেছৰ পৰিমাণ বাঢ়িলে বায়ু প্ৰদূষণৰ সৃষ্টি হয় ।
৬। জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।
উত্তৰঃ পৰিৱেশৰ যিবোৰ অংশত উদ্ভিদ আৰু প্ৰাণী বৰ্তি থাকে, সেই সমগ্ৰ অংশক জীৱমণ্ডল (Biosphere) বোলা হয় । ইয়াৰ বিস্তৃতি স্থলমণ্ডলৰ উপৰিভাগ, সাগৰ-মহাসাগৰৰ গভীৰলৈ আৰু বায়ুমণ্ডলৰ যিমান উচ্চতালৈ চৰাই-চিৰিকটি বা পতংগ উৰি ফুৰিব পাৰে, সেইখিনিলৈ বিয়পি আছে । জীৱমণ্ডলত বৰ্তমানলৈকে প্ৰায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত মানুহ মাত্ৰ এটা প্ৰজাতি । জীৱমণ্ডলৰ স্থিতি সম্পূৰ্ণৰূপে পৰিৱেশৰ আন তিনিটা মণ্ডলৰ মাজত চলি থকা আন্তঃক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল । বৰ্তমান জনসংখ্যা বৃদ্ধি আৰু উদ্যোগীকৰণৰ ফলত জীৱমণ্ডলৰ পৰিসৰ ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে ।
৭। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পৃথিৱীৰ পৰিৱেশ এটা বিশাল আৰু জটিল তন্ত্ৰ, যি স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ পাৰস্পৰিক সম্পৰ্কৰ দ্বাৰা গঠিত । এই চাৰিওটা মণ্ডল ইটো সিটোৰ লগত ওতপ্ৰোতভাৱে জড়িত আৰু নিৰ্ভৰশীল । উদাহৰণস্বৰূপে, বায়ুমণ্ডলৰ পৰিৱৰ্তনে জলমণ্ডলত প্ৰভাৱ পেলায় আৰু জলমণ্ডলৰ স্থিতি স্থলমণ্ডলৰ ওপৰত নিৰ্ভৰ কৰে । এই চাৰিটা মণ্ডলৰ মাজত চলি থকা নিৰন্তৰ আন্তঃক্ৰিয়া আৰু শক্তিৰ আদান-প্ৰদানেই পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰিছে । যদি কোনো কাৰণত এটা মণ্ডলৰ উপাদানৰ ভাৰসাম্য হেৰায়, তেন্তে ই গোটেই পৰিৱেশ তন্ত্ৰটোত প্ৰভাৱ পেলায় আৰু নানা পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰে ।
৮। পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।
উত্তৰঃ পৰিৱেশ এক গতিশীল তন্ত্ৰ আৰু সময়ৰ লগে লগে ইয়াৰ পৰিৱৰ্তন ঘটে । এই পৰিৱৰ্তনৰ প্ৰধান কাৰকসমূহ হ’ল:
জনসংখ্যা বৃদ্ধি: ক্ৰমবৰ্ধিত জনসংখ্যাই পৰিৱেশৰ ওপৰত অধিক হেঁচা সৃষ্টি কৰিছে ।
উদ্যোগীকৰণ আৰু নগৰীকৰণ: কল-কাৰখানাৰ স্থাপন আৰু চহৰৰ প্ৰসাৰে প্ৰাকৃতিক আৱৰণ ধ্বংস কৰিছে ।
যাতায়াত আৰু পৰিবহণ: ৰাস্তা-ঘাট আৰু যান-বাহনৰ বৃদ্ধিয়ে পৰিৱেশৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছে ।
বননি ধ্বংস: মানুহে নিজৰ প্ৰয়োজনত অৰণ্যভূমি হ্ৰাস কৰাৰ ফলত পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে ।
প্ৰাকৃতিক কাৰক: ভূমিকম্প, আগ্নেয় উদ্গিৰণ, ঘূর্ণী বতাহ আদিও পৰিৱৰ্তনৰ কাৰক ।
৯। পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা।
উত্তৰঃ পৰিৱেশৰ বিভিন্ন উপাদানসমূহৰ মাজত যেতিয়ালৈকে ভাৰসাম্য অৱস্থা বিৰাজ কৰে, তেতিয়ালৈকে কোনো সমস্যাই দেখা নিদিয়ে । কিন্তু যেতিয়া প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত এই উপাদানবোৰৰ স্বাভাৱিক ধৰ্ম বা পাৰস্পৰিক সম্পৰ্কত ব্যাঘাত জন্মে, তেতিয়াই পৰিৱেশৰ সমস্যাৰ সৃষ্টি হয় । যোৱা কেইটামান শতিকাত মানুহৰ সাংখ্যিক বৃদ্ধি আৰু সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলত পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত হৈছে । অৰণ্য ধ্বংস, বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ বৃদ্ধি আৰু প্ৰদূষণে পৰিৱেশত ন ন জটিলতাৰ সৃষ্টি কৰিছে । পৰিৱেশৰ লগত জড়িত এনে ধৰণৰ নেতিবাচক প্ৰভাৱ বা সংকটবোৰকেই পাৰিৱেশিক সমস্যা (Environmental Problem) বুলি কোৱা হয় ।
১০। ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।
উত্তৰঃ ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাসমূহক সিহঁতৰ উৎপত্তি আৰু বিস্তৃতিৰ ভিত্তিত তিনিটা প্ৰধান ভাগত ভগাব পাৰি:
স্থানীয় সমস্যা (Local problem): এই সমস্যাবোৰ এটা অতি সৰু ভৌগোলিক এলেকাত সীমাবদ্ধ হৈ থাকে । যেনে— এটা সৰু উদ্যোগৰ মাটি প্ৰদূষণ ।
আঞ্চলিক সমস্যা (Regional problem): এই সমস্যাবোৰ একোটা বৃহৎ ভৌগোলিক অঞ্চল জুৰি বিয়পি থাকে । যেনে— ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানী সমস্যা ।
গোলকীয় সমস্যা (Global problem): এই সমস্যাবোৰে সমগ্ৰ পৃথিৱীকে সামৰি লয় আৰু ইয়াৰ কোনো নিৰ্দিষ্ট ভৌগোলিক সীমা নাথাকে । যেনে— গোলকীয় উত্তাপ বৃদ্ধি বা সাগৰপৃষ্ঠৰ উত্থান ।
১১। পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।
উত্তৰঃ যিবোৰ পাৰিৱেশিক সমস্যা উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা একোটা অতি সীমিত বা সৰু এলেকাত আবদ্ধ থাকে, তাকেই পৰিৱেশৰ স্থানীয় সমস্যা বোলে । এই সমস্যাবোৰৰ প্ৰভাৱ কেৱল সেই নিৰ্দিষ্ট ঠাইখনতে সীমাবদ্ধ হৈ থাকে আৰু ই আন ঠাইৰ পৰিৱেশত বিশেষ প্ৰভাৱ নেপেলায় । উদাহৰণ:
কোনো এটা সৰু কল-কাৰখানাই তাৰ আশে-পাশে কৰা সীমিত মাটি বা পানী প্ৰদূষণ ।
বিল এখন পানীৰে ভৰি যোৱা বা শুকুৱাই দিয়াৰ ফলত স্থানীয়ভাৱে সৃষ্টি হোৱা পানীৰ নাটনি ।
কোনো এটা নিৰ্দিষ্ট ঠাইত নদীয়ে কৰা খহনীয়াৰ সমস্যা । এনে সমস্যাবোৰ স্থানীয়ভাৱে সমাধান কৰিব পৰা যায়।
১২। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ পৰিৱেশৰ আঞ্চলিক সমস্যা হ’ল সেইবোৰ যিবোৰ একোটা বিস্তৃত ভৌগোলিক অঞ্চলত দেখা যায় আৰু কেতিয়াবা একাধিক ৰাষ্ট্ৰকো সামৰি লয় । ইয়াৰ দুটা প্ৰধান উদাহৰণ হ’ল:
বানপানী সমস্যা: অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানী এক ভয়াৱহ আঞ্চলিক সমস্যা, যিয়ে প্ৰতিবছৰে বিশাল অঞ্চল জুৰি জন-ধনৰ ক্ষতি কৰে ।
পানী প্ৰদূষণ: উত্তৰ ভাৰতৰ মাজেদি বৈ যোৱা গংগা নদীৰ পানী প্ৰদূষণ এটা অন্যতম আঞ্চলিক সমস্যা । নদীখনৰ পাৰত থকা অগণন নগৰ আৰু উদ্যোগে পেলাই দিয়া আৱৰ্জনাই নদীখনৰ এক বৃহৎ অংশৰ পানী ব্যৱহাৰৰ অনুপযোগী কৰি পেলাইছে ।
১৩। কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।
উত্তৰঃ যিবোৰ পাৰিৱেশিক সমস্যাই সমগ্ৰ পৃথিৱীখনকে সামৰি লয় আৰু ইয়াৰ কোনো নিৰ্দিষ্ট ভৌগোলিক সীমা নাথাকে, তেনে সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় । এই সমস্যাবোৰ সমগ্ৰ মানৱজাতি আৰু জীৱজগতৰ বাবে এক ভয়াৱহ ভাবুকি হৈ পৰে । এই সমস্যাবোৰৰ সমাধান কেৱল এখন দেশৰ বাবে সম্ভৱ নহয়, ইয়াৰ বাবে আন্তৰ্জাতিক সহযোগিতাৰ প্ৰয়োজন । উদাহৰণ: গোলকীয় উত্তাপ বৃদ্ধি (Global Warming) এটা প্ৰধান গোলকীয় সমস্যা । যিহেতু বায়ুমণ্ডলৰ লগত ই জড়িত, ইয়াৰ প্ৰভাৱ পৃথিৱীৰ জলভাগ, স্থলভাগ আৰু প্ৰাণীজগতৰ ওপৰত সমানভাৱে পৰে ।
১৪। পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা।
উত্তৰঃ বৰ্তমান পৃথিৱীত মানুহৰ ক্ৰমবৰ্ধিত কাৰ্যকলাপৰ বাবে পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে আৰু নানা ধৰণৰ জটিল সমস্যাৰ সৃষ্টি হৈছে । পৰিৱেশৰ কেইটামান প্ৰধান সমস্যা তলত উল্লেখ কৰা হ’ল:
প্ৰদূষণ: মাটি, পানী আৰু বায়ু প্ৰদূষণ বৰ্তমানৰ এক সৰ্বাত্মক সমস্যা ।
গোলকীয় উত্তাপ বৃদ্ধি: বায়ুমণ্ডলত সেউজগৃহ গেছৰ বৃদ্ধিয়ে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি কৰিছে ।
মৰুকৰণ: উৰ্বৰ ভূমি মৰুভূমিলৈ ৰূপান্তৰিত হোৱা এক ভয়াৱহ সমস্যা ।
ভূমিক্ষয় আৰু ভূমিস্খলন: বনাঞ্চল ধ্বংসৰ ফলত মাটিৰ অৱক্ষয় ঘটিছে ।
সাগৰপৃষ্ঠৰ উত্থান: বৰফ গলাৰ ফলত উপকূলীয় অঞ্চলসমূহ বুৰ যোৱাৰ আশংকাই দেখা দিছে ।
১৫। প্ৰদূষণৰ অৰ্থ লিখা।
উত্তৰঃ অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশৰ স্বাভাৱিক ধৰ্ম বিনষ্ট কৰি জীৱজগতৰ ক্ষতিসাধন কৰা প্ৰক্ৰিয়াটোকেই প্ৰদূষণ (Pollution) বুলি কোৱা হয় । ঘাইকৈ মানুহে সৃষ্টি কৰা বিভিন্ন পেলনীয়া বা বিষাক্ত দ্ৰব্য যেতিয়া পৰিৱেশৰ উপাদানত (মাটি, পানী, বায়ু) অধিক মাত্ৰাত মিহলি হয়, তেতিয়াই সেই উপাদানবোৰ দূষিত হৈ পৰে । যিবোৰ দ্ৰব্যই পৰিৱেশ প্ৰদূষিত কৰে, সেইবোৰক প্ৰদূষক (Pollutant) বোলা হয় । ধূলি, ধোঁৱা, ছাঁই, বিষাক্ত গেছ (যেনে— কাৰ্বন মন’ক্সাইড, ছালফাৰ ডাই-অক্সাইড), সীহ আদি প্ৰদূষকৰ কিছুমান উদাহৰণ । পৰিৱেশৰ উপাদানভেদে প্ৰদূষণক মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ আৰু পানী প্ৰদূষণ হিচাপে ভাগ কৰিব পাৰি ।
১৬। পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।
উত্তৰঃ পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, অণুজীৱ বা বৰ্জিত দ্ৰব্য মিহলি হৈ পানীৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰা আৰু ব্যৱহাৰৰ অনুপযোগী কৰা প্ৰক্ৰিয়াটোকেই পানী প্ৰদূষণ বোলে ।
পানী প্ৰদূষণৰ কাৰণ:
ঔদ্যোগিক আৱৰ্জনা: কল-কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত ৰাসায়নিক মিশ্ৰিত পানী নদী বা জলাশয়ত পেলাই দিলে পানী প্ৰদূষিত হয় ।
নগৰীকৰণ: চহৰ-নগৰৰ পেলনীয়া জাবৰ-জোঁথৰ আৰু নলাৰ লেতেৰা পানী নদীৰ বুকুত পৰিলে পানী বেয়াকৈ দূষিত হয় ।
কৃষি কাৰ্য: কৃষি পথাৰত ব্যৱহৃত ৰাসায়নিক সাৰ আৰু কীটনাশক বৰষুণৰ পানীৰ সৈতে বৈ গৈ জলাশয়ত মিহলি হয় I
জাহাজ দুৰ্ঘটনা: সাগৰত তেলবাহী জাহাজ দুৰ্ঘটনাগ্ৰস্ত হ’লেও সাগৰৰ পানী প্ৰদূষিত হয় ।
১৭। মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰঃ মাটি প্ৰকৃতিৰ এবিধ অপৰিহাৰ্য সম্পদ । কিন্তু মানুহৰ বিভিন্ন অসাৱধান কাৰ্যৰ বাবে মাটি ইয়াৰ উৰ্বৰতা হেৰুৱাই প্ৰদূষিত হৈ পৰিছে । মাটি প্ৰদূষণৰ কাৰণ:
আধুনিক কৃষি: খেতি পথাৰত অত্যাধিক ৰাসায়নিক সাৰ, কীটনাশক আৰু অপতৃণনাশক ব্যৱহাৰ কৰিলে মাটিৰ প্ৰাকৃতিক গুণ নষ্ট হয় আৰু উপকাৰী অণুজীৱ ধ্বংস হয় ।
ঔদ্যোগিক আৱৰ্জনা: কল-কাৰখানাৰ বিষাক্ত আৱৰ্জনা, প্লাষ্টিক আৰু কাঁচ মাটিত মিহলি হ’লে মাটি প্ৰদূষিত হয় ।
খনিজ উত্তোলন: ভূ-গৰ্ভৰ পৰা কয়লা বা খাৰুৱা তেল উত্তোলন কৰোঁতে সেইবোৰৰ কিছু অংশ মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে । মাটি প্ৰদূষণে কেৱল খেতিৰ অনিষ্ট কৰাই নহয়, ই মানুহৰ স্বাস্থ্যৰ ওপৰতো কু-প্ৰভাৱ পেলায় ।
১৮। বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।
উত্তৰঃ বায়ুমণ্ডলৰ বিভিন্ন গেছৰ নিৰ্দিষ্ট অনুপাত যেতিয়া প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত সলনি হয় আৰু ই জীৱজগতৰ অনিষ্ট কৰে, তেতিয়াই বায়ু প্ৰদূষণ হয় ।
বায়ু প্ৰদূষণৰ কাৰণ:
প্ৰাকৃতিক কাৰক: আগ্নেয় উদ্গিৰণৰ ফলত নিৰ্গত হোৱা ধোঁৱা, ছাঁই আৰু বিষাক্ত গেছে বায়ু দূষিত কৰে । ১৯৯১ চনত ফিলিপাইনছৰ মাউন্ট পিনাটু’ব’ৰ উদ্গিৰণে বৃহৎ অংশৰ বায়ু প্ৰদূষিত কৰিছিল ।
মানৱসৃষ্ট কাৰক: উদ্যোগৰ ধোঁৱা, যানবাহনৰ পৰা নিৰ্গত কাৰ্বন মন’অক্সাইড, নাইট্ৰ’জেন ডাই-অক্সাইড আৰু ছালফাৰ ডাই-অক্সাইডে বায়ু বেয়াকৈ প্ৰদূষিত কৰে । তদুপৰি আণৱিক বিস্ফোৰণ আৰু জীৱাশ্ম ইন্ধনৰ দহনেও বায়ুমণ্ডলত বিষাক্ত পদাৰ্থ সংযোগ কৰে । ইয়াৰ ফলত এচিড বৰষুণৰ দৰে ভয়াৱহ সমস্যাৰ সৃষ্টি হয় ।
১৯। মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া।
উত্তৰঃ যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম আৰু বাষ্পীভৱন বেছি, ফলত পৰিৱেশ শুকান আৰু গছ-গছনি অতি তৰাং হয়, তেনে ঠাইক মৰুভূমি বোলে । পৃথিৱীৰ স্থলভাগৰ প্ৰায় ২০ শতাংশ মৰুভূমিয়ে আগুৰি আছে ।
মৰুকৰণৰ সংজ্ঞা: মৰুকৰণ (Desertification) হৈছে এক প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিলৈ ৰূপান্তৰিত কৰে । ৰাষ্ট্ৰসংঘৰ ১৯৭৭ চনৰ নাইৰ’বি সন্মিলনৰ মতে— "মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে" । মৰুকৰণে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটায় আৰু নতুন নতুন ঠাইক মৰুভূমিত পৰিণত কৰে । বৰ্তমান পৃথিৱীৰ ৩৫ শতাংশ ভূমি ইয়াৰ কবলত পৰিছে ।
২০। মৰুকৰণৰ কাৰণ দৰ্শোৱা।
উত্তৰঃ মৰুকৰণ প্ৰক্ৰিয়াৰ বাবে প্ৰাকৃতিক আৰু মানৱসৃষ্ট উভয় কাৰক জগৰীয়া ।
প্ৰাকৃতিক কাৰক: বৃষ্টিপাতৰ অভাৱত হোৱা দীৰ্ঘদিনীয়া খৰাং বতৰে ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰি মৰুকৰণ ত্বৰান্বিত কৰে । বৰ্তমানৰ গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত পৰিৱেশ আৰু অধিক শুকান হৈ পৰিছে, যিয়ে মৰুকৰণক ভয়াৱহ ৰূপ দিছে ।
মানৱসৃষ্ট কাৰক: মানুহৰ বিভিন্ন কাৰ্যকলাপ ইয়াৰ বাবে ঘাইকৈ দায়ী । অত্যাধিক পশুচাৰণ (Overgrazing), খেতিৰ মাটি বঢ়াবলৈ কৰা বননি ধ্বংস আৰু অবৈজ্ঞানিক কৃষি পদ্ধতিয়ে মাটিক মৰুভূমিলৈ ঠেলি দিয়ে । ক্ৰমবৰ্ধিত জনসংখ্যাৰ হেঁচাই মৰু আৰু মৰুপ্ৰায় অঞ্চলবোৰত পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰি মৰুকৰণত সহায় কৰিছে ।
২১। মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?
উত্তৰঃ হয়, মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ, কিন্তু ই এক জটিল প্ৰত্যাহ্বান । যিহেতু মৰুকৰণ গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে গোলকীয় সমস্যাৰ লগত জড়িত, সেয়েহে ইয়াৰ সমাধানৰ বাবে আন্তৰ্জাতিক সহযোগিতা অতি প্ৰয়োজনীয় ।
সমাধানৰ উপায়:
পৰিকল্পিত বৃক্ষৰোপণ আৰু ভূমিৰ সেউজ আৱৰণ ৰক্ষা কৰিব লাগিব ।
পশুচাৰণ নিয়ন্ত্ৰণ কৰিব লাগিব যাতে মাটিৰ উপৰিভাগ নষ্ট নহয় ।
আধুনিক আৰু বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰয়োগ কৰি ভূমিৰ উৰ্বৰতা ৰক্ষা কৰিব লাগিব ।
গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবলৈ ব্যৱস্থা ল'ব লাগিব । মানুহৰ কাৰ্যাৱলী প্ৰকৃতিৰ অনুকূলে পৰিচালিত হ'লেহে এই সমস্যা ৰোধ কৰা সম্ভৱ হ’ব ।
২২। গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।
উত্তৰঃ বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত পৃথিৱীৰ গড় তাপমাত্ৰা ক্ৰমান্বয়ে বাঢ়ি যোৱা পৰিঘটনাটোক গোলকীয় উত্তাপ বৃদ্ধি (Global Warming) বোলে ।
গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণ:
সেউজগৃহ গেছ: কাৰ্বন-ডাই-অক্সাইড (CO2), মিথেন (CH4), নাইট্ৰাছ অক্সাইড (N2O) আৰু জলীয় বাষ্পই সূৰ্যৰ তাপ শোষণ কৰি বায়ুমণ্ডল গৰম কৰি ৰাখে ।
জীৱাশ্ম ইন্ধন: যান-বাহন আৰু উদ্যোগত ব্যৱহৃত কয়লা, পেট্ৰ’ল আদি জীৱাশ্ম ইন্ধনৰ দহনে বায়ুত CO2ৰ পৰিমাণ যোৱা ১৫০ বছৰত ৩০ শতাংশ বৃদ্ধি কৰিছে ।
বননি ধ্বংস: গছ-গছনি ধ্বংস কৰাৰ ফলত বায়ুমণ্ডলৰ অতিৰিক্ত CO2 শোষণ নোহোৱা হৈছে ।
আগ্নেয় উদ্গিৰণ: ইয়াৰ ফলতো বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়ে ।
২৩। গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।
উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে সমগ্ৰ মানৱজাতি আৰু পৰিৱেশৰ বাবে ভয়াৱহ সংকটৰ সৃষ্টি কৰিব । ইয়াৰ ফলত হ’ব পৰা প্ৰধান সমস্যাবোৰ হ’ল:
মেৰু অঞ্চলৰ বৰফ গলন: উত্তৰ আৰু দক্ষিণ মেৰুৰ বিশাল বৰফৰ স্তুপ গলি যাবলৈ ধৰিব ।
সাগৰপৃষ্ঠৰ উত্থান: বৰফ গলাৰ ফলত সাগৰৰ পানীৰ স্তৰ এক মিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে, যিয়ে উপকূলীয় অঞ্চলৰ প্ৰায় ৫ নিযুত বৰ্গ কিলোমিটাৰ ভূমি আৰু বহুতো দ্বীপ জলমগ্ন কৰিব ।
প্ৰাণীজগতৰ ক্ষতি: উদ্ভিদ আৰু প্ৰাণীৰ ভৌগোলিক বিতৰণ সলনি হ’ব আৰু বহুতো প্ৰজাতি বিলুপ্ত হ’ব ।
কৃষিৰ ওপৰত প্ৰভাৱ: শস্য উৎপাদন হ্ৰাস পাব আৰু মৰুকৰণ প্ৰক্ৰিয়া তীব্ৰতৰ হ’ব ।
জলবায়ুৰ পৰিৱৰ্তন: খৰাং বতৰ, অতিবৃষ্টি আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাব ।
২৪। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি?
উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাটো বৰ্তমান বিশ্ববাসীৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান । ইয়াৰ বাবে নিম্নলিখিত পদক্ষেপবোৰ ল’ব পাৰি:
সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস: কল-কাৰখানা আৰু যান-বাহনৰ পৰা নিৰ্গত হোৱা CO2 আৰু অন্যান্য ক্ষতিকাৰক গেছৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগিব ।
বিকল্প শক্তিৰ ব্যৱহাৰ: জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে সৌৰ শক্তি, বায়ু শক্তি আদি নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰত গুৰুত্ব দিব লাগে ।
বৃক্ষৰোপণ: অধিক পৰিমাণে গছ ৰোপণ কৰিব লাগে যাতে বায়ুমণ্ডলৰ অতিৰিক্ত কাৰ্বন-ডাই-অক্সাইড শোষণ হ’ব পাৰে ।
আন্তৰ্জাতিক সহযোগিতা: ৰাষ্ট্ৰসংঘৰ নেতৃত্বত সকলো দেশে গোলকীয় উত্তাপ বৃদ্ধি ৰোধৰ বাবে যুটীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হ’ব লাগিব ।
২৫। তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে? যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা।
উত্তৰঃ (এইটো ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অঞ্চল অনুসৰি লিখিব লাগে। ধৰা হ’ল এজন ছাত্ৰ গুৱাহাটী মহানগৰীৰ।) মোৰ ঠাইখনত (গুৱাহাটীত) বৰ্তমান আটাইতকৈ ডাঙৰ সমস্যা হ’ল কৃত্ৰিম বান আৰু পানী প্ৰদূষণ ।
কাৰণ: গুৱাহাটীৰ মাজেদি বৈ যোৱা ভৰলু নৈখনত মহানগৰীৰ আৱৰ্জনা আৰু কল-কাৰখানাৰ পেলনীয়া বস্তু পেলাই দিয়াৰ ফলত পানী বেয়াকৈ প্ৰদূষিত হৈছে । ইয়াৰ উপৰি প্লাষ্টিকৰ জাবৰবোৰে নলা-নৰ্দমা বন্ধ কৰি দিয়াৰ ফলত বৰষুণৰ পানী ওলাই যাব নোৱাৰে আৰু কৃত্ৰিম বানৰ সৃষ্টি হয় ।
সমাধানৰ উপায়:
প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে যাতে নলাবোৰ বন্ধ নহয়।
জাবৰ-জোঁথৰবোৰ নদী বা নলাত নেপেলাই সঠিক ঠাইত ব্যৱস্থাপনা কৰিব লাগে।
প্ৰত্যেকজন নাগৰিক সজাগ হ’ব লাগে আৰু চৰকাৰে নদীসমূহ প্ৰদূষণমুক্ত কৰিবলৈ কঠোৰ ব্যৱস্থা ল’ব লাগে ।