Skip to Content
NoteSL
  • Home
  • Notification
  • Privacy Policy
  • About
  • Terms and Condition's
  • Class 9 Science
  • Student Helping
  • earn and referral
NoteSL
      • Home
      • Notification
      • Privacy Policy
      • About
      • Terms and Condition's
      • Class 9 Science
      • Student Helping
      • earn and referral

    অধ্যায় - 16

    পোহৰ

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    অনুশীলনীঃ

    ১। যদি A ঘনতৰ মাধ্যম আৰু B লঘুতৰ মাধ্যম হয়, তেনেহ'লে, পোহৰৰ বেগ— 

    (ক) দুয়োটা মাধ্যমত সমান 

    (খ) মাধ্যম Bতকৈ Aত বেছি। 

    (গ) মাধ্যম Aতকৈ মাধ্যম Bত বেছি।

    উত্তৰ: (গ) মাধ্যম Aতকৈ মাধ্যম Bত বেছি।

    ২। এটা মাধ্যমৰপৰা আন এটা মাধ্যমত প্ৰৱেশ কৰিলে পোহৰ ৰশ্মিৰ দিশ সলনি হয়। এই পৰিঘটনাটোক কি বুলি কোৱা হয়?

    উত্তৰ: এই পৰিঘটনাটোক পোহৰৰ প্ৰতিসৰণ (Refraction of Light) বুলি কোৱা হয়।

    ৩। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

    (ক) পোহৰ ৰশ্মি পানীৰপৰা বায়ুত প্ৰৱেশ কৰিলে, প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ – (কাষ চাপে, আঁতৰি যায়) 

    উত্তৰ: পোহৰ ৰশ্মি পানীৰপৰা বায়ুত প্ৰৱেশ কৰিলে, প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ আঁতৰি যায়।

    (খ) পোহৰ ৰশ্মি বায়ুৰপৰা কাঁচত প্রবেশ কৰিলে প্রতিসৰিত ৰশ্মি অভিলম্বৰ— (আঁতৰি যায়, কাষ চাপে)

    উত্তৰ: পোহৰ ৰশ্মি বায়ুৰপৰা কাঁচত প্রবেশ কৰিলে প্রতিসৰিত ৰশ্মি অভিলম্বৰ কাষ চাপে।

    (গ) বায়ুৰপৰা পোহৰ ৰশ্মি পানীত প্রবেশ কৰিলে ইয়াৰ বেগ (বাঢ়ে, কমে, একে থাকে)।

    উত্তৰ:  বায়ুৰপৰা পোহৰ ৰশ্মি পানীত প্রবেশ কৰিলে ইয়াৰ বেগ কমে।

    ৪। "পৰিষ্কাৰ পানীত থকা মাছ এটা ওপৰৰপৰা চালে প্রকৃত গভীৰতাতকৈ ইয়াক কিছু ওপৰত থকা যেন লাগে।" কিয় এনে হয় ৰশ্মি চিত্র আঁকি বুজাই লিখা

    উত্তৰ: পোহৰৰ প্ৰতিসৰণৰ বাবে এনে হয়। মাছৰপৰা অহা পোহৰ ৰশ্মি যেতিয়া ঘন মাধ্যম (পানী)ৰ পৰা লঘু মাধ্যম (বায়ু)লৈ আহে, তেতিয়া ই অভিলম্বৰ পৰা আঁতৰি যায়। এই প্ৰতিসৰিত ৰশ্মি আমাৰ চকুৱে পাছলৈ বঢ়াই দিলে মাছটোৰ এটা অসৎ প্ৰতিবিম্ব প্ৰকৃত গভীৰতাতকৈ কিছু ওপৰত দেখা পায়।


    ৫। পোহৰৰ প্ৰতিসৰণ কাক বোলে?

    উত্তৰ: পোহৰ এটা স্বচ্ছ মাধ্যমৰপৰা আহি আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰিলে দুয়োটা মাধ্যমৰ সন্ধি তলত পোহৰৰ দিশ সামান্য সলনি হয়। ইয়াকে পোহৰৰ প্ৰতিসৰণ বোলে।

    ৬। বায়ুৰপৰা কাঁচলৈ আৰু কাঁচৰপৰা বায়ুলৈ পোহৰ কেনেকৈ প্ৰতিসৰিত হয় চিত্ৰসহ ব্যাখ্যা কৰা।

    উত্তৰ:

    পোহৰৰ প্ৰতিসৰণ নিৰ্ভৰ কৰে মাধ্যমটো কিমান ঘন বা পাতল তাৰ ওপৰত । বায়ু, পানী আৰু কাঁচৰ ভিতৰত বায়ু আটাইতকৈ পাতল (লঘুতৰ) মাধ্যম আৰু কাঁচ আটাইতকৈ ঘন (ঘনতৰ) মাধ্যম । বায়ুৰপৰা কাঁচলৈ আৰু কাঁচৰপৰা বায়ুলৈ পোহৰৰ প্ৰতিসৰণ তলত দিয়া ধৰণে হয়—

    ১. বায়ুৰপৰা কাঁচলৈ পোহৰৰ প্ৰতিসৰণ:

    • যেতিয়া পোহৰ ৰশ্মি লঘুতৰ মাধ্যম (বায়ু)ৰ পৰা ঘনতৰ মাধ্যম (কাঁচ)লৈ হেলনীয়াকৈ প্ৰৱেশ কৰে, তেতিয়া প্ৰতিসৰিত ৰশ্মিডাল অভিলম্বৰ কাষ চাপি যায় ।


    • এই ক্ষেত্ৰত আপতন কোণ (i) প্ৰতিসৰণ কোণ (r)তকৈ ডাঙৰ হয় ।


    ২. কাঁচৰপৰা বায়ুলৈ পোহৰৰ প্ৰতিসৰণ:

    • যেতিয়া পোহৰ ৰশ্মি ঘনতৰ মাধ্যম (কাঁচ)ৰ পৰা লঘুতৰ মাধ্যম (বায়ু)লৈ প্ৰৱেশ কৰে, তেতিয়া প্ৰতিসৰিত ৰশ্মিডাল অভিলম্বৰ পৰা আঁতৰি যায় ।


    • এই ক্ষেত্ৰত আপতন কোণ (i)তকৈ প্ৰতিসৰণ কোণ (r) ডাঙৰ হয় ।

    অনুশীলনী:

    ১। লেন্স কাক বোলে? প্রধান লেন্স দুবিধৰ নাম কি কি?

    উত্তৰ: দুখন গোলকীয় তলৰ বা এখন গোলকীয় আৰু এখন সমতলৰ মাজত আবদ্ধ প্রতিসাৰক মাধ্যমক লেন্স বোলে। প্রধান লেন্স দুবিধ হ’ল— (১) উত্তল লেন্স আৰু (২) অবতল লেন্স।

    ২। লেন্সৰ আলোককেন্দ্ৰ কাক বোলে চিত্ৰ আঁকি দেখুওৱা।

    উত্তৰ: লেন্সৰ মধ্যাংশত আৰু মুখ্য অক্ষৰ ওপৰত থকা যিটো বিন্দুৰ অভিমুখে অহা পোহৰ ৰশ্মি প্ৰতিসৰণৰ পিছত দিশ পৰিৱৰ্তন নকৰাকৈ লেন্স পাৰ হৈ যায়, সেই বিন্দুটোক আলোককেন্দ্ৰ (Optical Centre) বোলে।

    ৩। উত্তল লেন্সক অভিসাৰী লেন্স আৰু অবতল লেন্সক অপসাৰী লেন্স বুলি কিয় কোৱা হয় চিত্র আঁকি দেখুওৱা।

    উত্তৰ: উত্তল লেন্সত পোহৰৰ ৰশ্মি পৰিলে নিৰ্গত ৰশ্মিবোৰ পৰস্পৰৰ কাষ চাপি আহে (একত্ৰিত হয়), সেয়ে ইয়াক অভিসাৰী লেন্স বোলে। আনহাতে, অবতল লেন্সৰ ওপৰত আপতিত ৰশ্মিবোৰ প্ৰতিসৰণৰ পিছত পৰস্পৰৰ পৰা আঁতৰি যায়, সেয়ে ইয়াক অপসাৰী লেন্স বোলে।

    ৪। উত্তল অথবা অবতল লেন্সৰ (ক) ভাঁজকেন্দ্র, (খ) মুখ্য অক্ষ, (গ) ফ'কাছ (ঘ) ফ'কাছ দৈর্ঘ্য কাক বোলে চিত্র আঁকি বুজাই লিখা।

    উত্তৰ: 

    ভাজকেন্দ্ৰ (Centre of Curvature):কোনো লেন্সৰ পৃষ্ঠ দুখন যি দুটা গোলকৰ অংশ, সেই গোলক দুটাৰ কেন্দ্ৰ দুটাক লেন্সখনৰ ভাজকেন্দ্ৰ বুলি কোৱা হয়। 

    মুখ্য অক্ষ (Principal axis):উত্তল বা অৱতল লেন্সৰ গোলকীয় তল দুখনৰ ভাজকেন্দ্ৰ দুটা সংযোগ কৰা ৰেখাডালক মুখ্য অক্ষ বা প্ৰধান অক্ষ বোলে।

    আলোক কেন্দ্ৰ (Optical Centre):পাতল উত্তল বা অৱতল লেন্সৰ মধ্য অংশত আৰু মুখ্য অক্ষৰ ওপৰত থকা বিন্দু ($O$) এটাৰ অভিমুখে অহা ৰশ্মি প্ৰতিসৰণৰ পিছত দিশ পৰিৱৰ্তন নকৰাকৈ লেন্স পাৰ হৈ যায়। এই O বিন্দুটোক লেন্সৰ আলোক কেন্দ্ৰ বোলে।

    ফ’কাচ (Focus): মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰৰ ৰশ্মি প্ৰতিসৰণৰ পিছত উত্তল লেন্সৰ ক্ষেত্ৰত $F$ বিন্দুত লগ লাগে আৰু অৱতল লেন্সৰ ক্ষেত্ৰত F' বিন্দুৰ পৰা অহা যেন লাগে। F বা F' বিন্দুক লেন্সৰ ফ’কাচ বিন্দু বা নাভি বোলে।

    ফ’কাচ দৈৰ্ঘ্য (Focal length): আলোককেন্দ্ৰ (O) আৰু ফ’কাচ বিন্দুৰ (F) মাজৰ দূৰত্বক ফ’কাচ দৈৰ্ঘ্য বোলে।

     

    ৮। খালী ঠাই পূৰণ কৰা: 

    (ক) দুখন গোলাকাৰ তলেৰে আৱৰা মাধ্যমক লেন্স বোলে। 

    (খ) উত্তল লেন্সক অভিসাৰী লেন্স আৰু অবতল লেন্সক অপসাৰী লেন্স বোলে। 

    (গ) উত্তল লেন্সৰ মাজৰ ভাগ ডাঠ আৰু অবতল লেন্সৰ মাজৰ ভাগ পাতল হয়।

    (ঘ) প্ৰতিখন লেন্সৰ দুটা নাভি থাকে। 

    (ঙ) অৱতল লেন্সত সদায় অসৎ, থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠিত হয়। 

    (চ) লেন্সৰ আলোককেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মিৰ দিশ সলনি নহয়।

    ৯। এটা শব্দত উত্তৰ দিয়া।

    (ক) লেন্সত এনে এটা বিন্দু আছে যাৰ মাজেৰে পোহৰ দিশ পৰিৱৰ্তন নকৰাকৈ পাৰ হৈ যায়। সেই বিন্দুটোৰ নাম কি?

    উত্তৰ: আলোককেন্দ্ৰ (Optical Centre)

    (খ) উত্তল লেন্সৰ ফ'কাছ বিন্দুত অৱস্থিত বস্তু এটাৰ প্ৰতিবিম্ব ক'ত গঠিত হয়?

    উত্তৰ: অসীমত

    (গ) উত্তল লেন্সৰ ক্ষেত্ৰত, লক্ষ্যবস্তুৰ সমান আকৃতিৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো ক'ত ৰাখিব লাগিব?

    উত্তৰ: ভাঁজকেন্দ্ৰত (C বা 2F ত)

    (ঘ) লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ প্ৰতিবিম্ব পাবলৈ উত্তল লেন্সৰ কোন অৱস্থানত বস্তুটো ৰাখিব লাগিব?

    উত্তৰ: ফ'কাছ (F) আৰু ভাঁজকেন্দ্ৰ (C)ৰ মাজত (সৎ প্ৰতিবিম্বৰ বাবে) অথবা ফ'কাছ (F) আৰু আলোককেন্দ্ৰ (O)ৰ মাজত (অসৎ প্ৰতিবিম্বৰ বাবে)।

    (ঙ) লক্ষ্যবস্তুতকৈ আকাৰত সৰু আৰু অসৎ প্ৰতিবিম্ব পাবলৈ কি লেন্স ব্যৱহাৰ কৰিবা?

    উত্তৰ: অৱতল লেন্স

    ১০। সত্য নে অসত্য কোৱা :

    (ক) উত্তল লেন্সে অসৎ প্ৰতিবিম্ব গঠন কৰিব পাৰে।

    উত্তৰ: সত্য (যেতিয়া লক্ষ্যবস্তু ফ'কাছ আৰু আলোককেন্দ্ৰৰ মাজত থাকে)।

    (খ) অৱতল লেন্সে সৎ প্ৰতিবিম্ব গঠন কৰিব পাৰে।

    উত্তৰ: অসত্য (অৱতল লেন্সে সদায় অসৎ প্ৰতিবিম্বহে গঠন কৰে)।

    (গ) অসীম দূৰত্বত অৱস্থিত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব নাভিত গঠিত হয়।

    উত্তৰ: সত্য

    (ঘ) উত্তল লেন্সক অপসাৰী লেন্স বোলা হয়।

    উত্তৰ: অসত্য (উত্তল লেন্সক অভিসাৰী লেন্সহে বোলে)।

    (ঙ) প্ৰতিখন লেন্সৰ দুয়োফালে দুটা ফ'কাছ বিন্দু থাকে।

    উত্তৰ: সত্য

    অনুশীলনী:

    ১। খালী ঠাই পূৰণ কৰা:

    (ক) হালধীয়া বস্তুৱে হালধীয়া ৰঙৰ পোহৰ প্ৰতিফলিত কৰে ।

    (খ) ক'লা বস্তুৱে তাৰ ওপৰত পৰা সকলো ৰঙৰ পোহৰ শোষণ কৰে ।

    (গ) বগা বস্তুৱে তাৰ ওপৰত পৰা সকলো ৰঙৰ পোহৰ প্ৰতিফলিত কৰে ।

    (ঘ) প্রিজমৰদ্বাৰা সূৰ্যৰ বগা পোহৰক সাতটা ৰঙলৈ বিশ্লেষণ কৰাকে পোহৰৰ বিচ্ছুৰণ বা বিক্ষেপণ বোলা হয় ।

    (ঙ) নীলা ৰঙৰ কাচ এখনে ইয়াৰ মাজেৰে কেৱল নীলা ৰঙৰ ৰশ্মিহে যাবলৈ দিয়ে ।

    ২। হালধীয়া ফুল এপাহ সূৰ্যৰ পোহৰত কিয় হালধীয়া দেখি বুজাই লিখা।

    উত্তৰ: সূৰ্যৰ বগা পোহৰ দৰাচলতে সাতটা ৰঙৰ সমষ্টি । হালধীয়া ফুলে সূৰ্যৰ বগা পোহৰৰ সাতটা ৰঙৰ ভিতৰত হালধীয়া ৰংটোহে প্ৰতিফলিত কৰে আৰু বাকী ছয়টা ৰং শোষণ কৰি লয় । যিহেতু এই প্ৰতিফলিত হালধীয়া ৰশ্মি আমাৰ চকুত পৰে, সেয়েহে আমি ফুলপাহ হালধীয়া দেখোঁ ।

    ৩। তুমি পিন্ধি থকা বগা চোলাটো সূৰ্যৰ পোহৰত কিয় বগা দেখি বুজাই লিখা।

    উত্তৰ: বগা বস্তুৱে সূৰ্যৰ বগা পোহৰত থকা সাতোটা ৰঙৰ আটাইকেইটা ৰঙেই প্ৰতিফলিত কৰে আৰু কোনো ৰং শোষণ নকৰে । যিহেতু চোলাটোৱে পোহৰৰ সকলো ৰঙেই সমানে প্ৰতিফলিত কৰি আমাৰ চকুলৈ পঠিয়ায়, সেয়েহে চোলাটো বগা দেখা যায় ।

    ৪। "জাৰকালি ক'লা কাপোৰ পৰিধান কৰা ভাল।" ইয়াৰ কাৰণ কি?

    উত্তৰ: ক'লা বস্তুৱে তাৰ ওপৰত পৰা সূৰ্যৰ বগা পোহৰৰ সাতোটা ৰঙৰ আটাইকেইটা ৰঙেই শোষণ কৰি লয় আৰু কোনো অংশ প্ৰতিফলিত নকৰে । পোহৰৰ এই সকলো ৰং শোষণ কৰাৰ ফলত ক'লা কাপোৰে তাপ ধৰি ৰাখিব পাৰে, যিয়ে জাৰকালি আমাৰ দেহটো গৰম কৰি ৰাখিবলৈ সহায় কৰে। সেয়েহে জাৰকালি ক'লা কাপোৰ পিন্ধা ভাল।

    ৫। "গ্ৰীষ্মৰ দিনত বগা পোছাক পৰিধান কৰা ভাল।" ইয়াৰ কাৰণ কি?

    উত্তৰ: বগা কাপোৰে সূৰ্যৰ পোহৰত থকা সাতোটা ৰঙৰ আটাইবোৰ ৰঙেই প্ৰতিফলিত কৰে আৰু কোনো ৰং শোষণ নকৰে । যিহেতু বগা কাপোৰে তাপ শোষণ নকৰি প্ৰতিফলিতহে কৰে, সেয়েহে ই দেহটোক শীতল কৰি ৰাখে। সেইবাবে গ্ৰীষ্মৰ প্ৰখৰ তাপৰ পৰা বাচিবলৈ বগা পোছাক পৰিধান কৰা ভাল।

    ৬। "গছৰ সেউজীয়া পাত এখিলা ৰঙা ৰঙৰ কাচ এখনৰ মাজেৰে চালে ক'লা দেখা যায়।" ইয়াৰ কাৰণ কি বুজাই লিখা।

    উত্তৰ: গছৰ পাতে সূৰ্যৰ পোহৰৰ পৰা কেৱল সেউজীয়া ৰংটোহে প্ৰতিফলিত কৰে । আনহাতে, ৰঙা ৰঙৰ কাচ এখনে ইয়াৰ মাজেৰে কেৱল ৰঙা পোহৰহে পাৰ হৈ যাবলৈ দিয়ে আৰু আন ৰংবোৰ শোষণ কৰে । যেতিয়া আমি পাতখিলা ৰঙা কাচৰ মাজেৰে চাওঁ, পাতৰ পৰা প্ৰতিফলিত হৈ অহা সেউজীয়া পোহৰখিনি ৰঙা কাচখনে সম্পূৰ্ণৰূপে শোষণ কৰি লয় । ফলত কাচখনৰ মাজেৰে পাৰ হৈ আমাৰ চকুত কোনো পোহৰ নপৰে, যাৰ বাবে আমি পাতখিলা ক'লা দেখোঁ ।


    অনুশীলনী:

    ১. অণুবীক্ষণ যন্ত্ৰ কাক বোলে? যৌগিক অণুবীক্ষণৰ ৰশ্মি চিত্ৰ আঁকি কাৰ্যপ্ৰণালী বৰ্ণনা কৰা।

    উত্তৰ: ওচৰৰে সৰু বস্তু এটাক ডাঙৰকৈ চাব পৰা আলোক যন্ত্ৰক অণুবীক্ষণ যন্ত্ৰ (Microscope) বোলে ।

    যৌগিক অণুবীক্ষণৰ কাৰ্যপ্ৰণালী: যৌগিক অণুবীক্ষণ যন্ত্ৰত দুই বা ততোধিক উত্তল লেন্স ব্যৱহাৰ কৰা হয় । ইয়াৰ কাৰ্যপ্ৰণালী তলত দিয়া হ'ল:

    • ইয়াত লক্ষ্য বস্তুৰ পিনে থকা লেন্সখনক 'অভিলক্ষ্য' (Objective) আৰু চকুৰ পিনে থকা লেন্সখনক 'অভিনেত্ৰ' (Eye-piece) বোলে ।


    • লক্ষ্য বস্তু (PQ) অভিলক্ষ্য লেন্সৰ ফ'কাছৰ ঠিক বাহিৰত ৰখা হয়, যাৰ ফলত ইয়াৰ এটা সৎ আৰু ওলোটা প্ৰতিবিম্ব (Q1P1) সৃষ্টি হয় ।


    • এই প্ৰতিবিম্বটোৱেই দ্বিতীয়খন লেন্স বা অভিনেত্ৰৰ বাবে লক্ষ্য বস্তু হিচাপে কাম কৰে ।


    • যিহেতু এই প্ৰতিবিম্বটো অভিনেত্ৰৰ ফ'কাছ দূৰত্বৰ ভিতৰত থাকে, সেয়েহে অভিনেত্ৰই ইয়াৰ এটা অতিশয় ডাঙৰ আৰু অসৎ প্ৰতিবিম্ব (P2Q2) গঠন কৰে ।


    • এইদৰেই এটা অতি ক্ষুদ্রকায় বস্তুক আমি যথেষ্ট ডাঙৰকৈ দেখিবলৈ পাওঁ ।


    ২. দূৰবীণ কাক বোলে? দূৰবীণৰ গঠন প্ৰণালী চিত্ৰৰ সহায়েৰে বুজাই লিখা।

    উত্তৰ: দূৰৈৰ বস্তু এটাক ওচৰতে স্পষ্টকৈ চাব পৰা আলোক যন্ত্ৰক দূৰবীণ বা দূৰবীক্ষণ যন্ত্ৰ (Telescope) বোলে ।

    গঠন প্ৰণালী:

    • দূৰবীণত দুখন উত্তল লেন্স ব্যৱহাৰ কৰা হয়— অভিলক্ষ্য আৰু অভিনেত্ৰ ।


    • দূৰৈৰ লক্ষ্য বস্তুৰ পৰা অহা পোহৰৰ সমান্তৰাল ৰশ্মিবোৰ অভিলক্ষ্য লেন্সত পৰি ইয়াৰ ফ'কাছৰ ওচৰত এটা সৎ আৰু ক্ষুদ্ৰ প্ৰতিবিম্ব গঠন কৰে ।


    • এই প্ৰতিবিম্বটো অভিনেত্ৰৰ ফ'কাছৰ ভিতৰত থাকে ।


    • অভিনেত্ৰৰ মাজেৰে চালে সেই ক্ষুদ্ৰ প্ৰতিবিম্বটোৰ এটা ওলোটা আৰু বৰ্ধিত প্ৰতিবিম্ব দেখা পোৱা যায় ।


    ৩. মানুহৰ চকুৰ পৰিষ্কাৰ চিত্ৰ অংকন কৰি ইয়াৰ বিভিন্ন অংগসমূহ চিহ্নিত কৰা।

    উত্তৰ: মানুহৰ চকু এটা অতি সূক্ষ্ম জৈবিক আলোক যন্ত্ৰ । 

    তলত চকুৰ চিত্ৰত চিহ্নিত কৰিবলগীয়া প্ৰধান অংগসমূহ হ’ল:

    • কৰ্ণিয়া: চকুৰ সমুখভাগত থকা স্বচ্ছ আৱৰণ ।


    • আইৰিছ: কৰ্ণিয়াৰ পিছফালে থকা পৰিৱৰ্তনশীল পৰ্দা ।


    • চকুৰ মণি: আইৰিছৰ মাজত থকা ক'লা ছিদ্ৰটো ।


    • চকুৰ লেন্স: প্ৰ’টিনেৰে তৈয়াৰী উত্তল লেন্স ।


    • ৰেটিনা: চকুৰ ভিতৰৰ পৰ্দা য'ত প্ৰতিবিম্ব গঠিত হয় ।


    • ভিট্ৰিয়াছ হিউমাৰ: লেন্স আৰু ৰেটিনাৰ মাজত থকা জেলী সদৃশ পদাৰ্থ ।


    ৪. খালী ঠাই পূৰণ কৰা :-

    (ক) অণুবীক্ষণৰ সহায়ত ক্ষুদ্রকায় বস্তু এটাক ডাঙৰকৈ চাব পৰা যায় । 

    (খ) দূৰবীণৰ সহায়ত দূৰৈৰ বস্তু এটাক ওচৰতে চাব পৰা যায় । 

    (গ) অণুবীক্ষণ কিম্বা দূৰবীক্ষণ যন্ত্ৰত লক্ষ্য বস্তুৰ পিনে থকা লেন্সখনক অভিলক্ষ্য আৰু চকুৰ পিনে থকা লেন্সখনক অভিনেত্ৰ বোলে । 

    (ঘ) আমাৰ চকুৰ লেন্সখন উত্তল প্ৰকৃতিৰ আৰু ই প্ৰ’টিনেৰে তৈয়াৰী । 

    (ঙ) চকুৰ পৰ্দাখনৰ নাম ৰেটিনা । 

    (চ) কৰ্ণিয়া হ'ল চকুৰ সমুখভাগত থকা স্বচ্ছ আৱৰণ । 

    (ছ) আইৰিছে চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে । 

    (জ) নিকট দৃষ্টিসম্পন্ন মানুহে ওচৰৰ বস্তু ভালকৈ দেখা পায়, কিন্তু দূৰৰ বস্তু মনিব নোৱাৰে ।

    (ঝ) সুদূৰ দৃষ্টিসম্পন্ন মানুহে দূৰৰ বস্তু ভালদৰে দেখা পায়, কিন্তু ওচৰৰ বস্তু ভালদৰে মনিব নোৱাৰে । 

    (ঞ) নিকট দৃষ্টি বিকাৰ অৱতল লেন্সৰ চছমাৰ সহায়েৰে আৰু সুদূৰ দৃষ্টিৰ বিকাৰ উত্তল লেন্সৰ চছমাৰ সহায়েৰে নোহোৱা কৰিব পাৰি । 

    (ট) আমাৰ চকুৰ পৰ্দাখনৰ নাম ৰেটিনা ।

    ৫। চমু উত্তৰ দিয়া :

    ক) আমাৰ চকুত থকা লেন্সখন কি প্ৰকৃতিৰ?

    উত্তৰ: আমাৰ চকুত থকা লেন্সখন উত্তল প্ৰকৃতিৰ ।

    খ) আমি চকুৰে দেখা বস্তুৰ প্ৰতিবিম্ব ক’ত গঠিত হয়?

    উত্তৰ: চকুৰ ৰেটিনাত (Retina) গঠিত হয় ।

    গ) চকুৰ সম্মুখ ভাগত থকা স্বচ্ছ আৱৰণখনৰ নাম কি?

    উত্তৰ: চকুৰ সম্মুখ ভাগত থকা স্বচ্ছ আৱৰণখনৰ নাম হ'ল কৰ্ণিয়া (Cornea) ।

    ঘ) লেন্স আৰু ৰেটিনাৰ মাজৰ ঠাইখিনিত থকা জেলী সদৃশ পদার্থবিধৰ নাম কি?

    উত্তৰ: ভিট্ৰিয়াছ হিউমাৰ (Vitreous Humour) ।

    ঙ) লেন্সৰ সম্মুখত থকা পনীয়া পদাৰ্থবিধৰ নাম কি?

    উত্তৰ: একুৱাছ হিউমাৰ (Aqueous Humour) ।

    চ) চকুৰ মণিটো ক’লা দেখা যায় কিয়? 

    উত্তৰ: চকুৰ মণিয়ে ইয়াৰ ওপৰত পৰা সকলো পোহৰ শোষণ কৰি লয়, কোনো পোহৰ প্ৰতিফলিত নকৰে। সেইবাবে ইয়াক ক'লা দেখা যায় ।

    ছ) চকুৰ ৰেটিনাত থকা দুবিধ স্নায়ুকোষৰ নাম লিখা?

    উত্তৰ: ৰ'ড (Rods) আৰু ক'ন (Cones) ।

    জ) আইৰিছ (Iris) ৰ মাজত ক’লা ৰঙৰ ছিদ্ৰ এটা আছে। ইয়াৰ নাম কি?

    উত্তৰ: ইয়াৰ নাম চকুৰ মণি (Pupil) ।

    ৬। দৃষ্টিদোষ কাক বোলে? দুবিধ প্রধান দৃষ্টিদোষৰ নাম লিখা?

    উত্তৰ: বয়সৰ কাৰণে বা স্বাস্থ্যজনিত বিভিন্ন কাৰণত চকুৰ ওচৰত বা আঁতৰত থকা বস্তুৰ স্পষ্ট আৰু অবিকৃত প্ৰতিবিম্ব ৰেটিনাত সৃষ্টি নোহোৱা সমস্যাক দৃষ্টিদোষ বোলে । দুবিধ প্ৰধান দৃষ্টিদোষ হ’ল— 

    ১। নিকট দৃষ্টি (Myopia) । 

    ২। সুদূৰ দৃষ্টি (Hypermetropia) ।

    ৭। নিকট দৃষ্টি কাক বোলে? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্ৰ আঁকি বুজাই লিখা।

    উত্তৰ: যি দৃষ্টিদোষৰ ফলত মানুহে ওচৰৰ বস্তু ভালকৈ দেখা পায় কিন্তু দূৰৰ বস্তু মনিব নোৱাৰে, তাক নিকট দৃষ্টি (Myopia) বোলে ।

    নিৰাময়ৰ উপায়: এনে বিকাৰগ্ৰস্ত চকুৱে দূৰৰ সমান্তৰাল ৰশ্মিবোৰ ৰেটিনাৰ সমুখতে ফ'কাছ কৰে । ইয়াক নিৰাময় কৰিবলৈ চকুৰ লেন্সৰ অভিসাৰী ক্ষমতা কমাবৰ বাবে উপযুক্ত পাৱাৰৰ অৱতল বা অপসাৰী লেন্সৰ চছমা ব্যৱহাৰ কৰিব লাগে ।

    ৮। সুদূৰ দৃষ্টি কাক বোলে? এই বিকাৰ কেনেকৈ আঁতৰাব পাৰি চিত্ৰসহ বৰ্ণনা কৰা।

    উত্তৰ: যি দৃষ্টিদোষৰ বাবে মানুহে দূৰৰ বস্তু ভালদৰে দেখা পায় কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ মনিব নোৱাৰে, তাক সুদূৰ দৃষ্টি (Hypermetropia) বোলে ।

    নিৰাময়ৰ উপায়: উপযুক্ত ফ’কাছ দূৰত্বৰ উত্তল লেন্স (চছমা) ব্যৱহাৰ কৰি প্ৰতিবিম্ব ৰেটিনাত গঠন কৰিব পাৰি। একেজন মানুহৰ চকুত ওপৰত উল্লেখ কৰা দুয়োবিধ দোষ অৰ্থাৎ নিকট দৃষ্টি আৰু সুদূৰ দৃষ্টি থাকিব পাৰে। এনে ব্যক্তিৰ বাবে চছমাৰ ওপৰৰ অংশ অৱতল লেন্স (দূৰৰ বস্তু চাবৰ বাবে) আৰু তলৰ অংশত উত্তল লেন্স (ওচৰৰ বস্তু চাবৰ বাবে) লগোৱা হয়। এনে চছমাক বাই ফ’কেল (Bi-focal) বা দ্বি-ফ’কাছযুক্ত চছমা বুলি কোৱা হয়।





    পোহৰ অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন








































    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli

    🚨 Submit Complaint 🚨

    NoteSL

    We offer a unique, engaging experience that empowers students to become truly self-sufficient. By providing instant, high-quality solutions to every academic doubt, we remove learning roadblocks in real-time. Our mission is to transform the educational journey into a seamless, independent, and rewarding path toward mastery for every learner.

    notestudylearn@gmail.com

    Quicks Links

    About Us

    Privacy Policy

    Terms & Conditions

    Contact Us

    Affiliate Disclosure

    We share educational news & study materials on social media.

    Copyright © 2026 NoteSL

    Powered by Odoo - Create a free website