অধ্যায়ঃ 2
মূল অৰ্থনৈতিক সমস্যাসমূহ
MAIN CONTENT
অ নু শী ল নী
অতি চমু/ চমু উত্তৰৰ প্ৰশ্ন :
১। সংজ্ঞা লিখা—
(ক) দৰিদ্ৰতা
উত্তৰ: দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্রয়োজনসমূহ যেনে— খাদ্য, বস্ত্র, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যর্থ হয়।
(খ) নিবনুৱা
উত্তৰ:অৰ্থনীতিত কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা থকা স্বত্বেও যেতিয়া কোনো লোকে উপযুক্ত সংস্থাপন বিচাৰি নাপায়, তেনে লোকক নিবনুৱা বোলা হয়।
(গ) জনসংখ্যাৰ ঘনত্ব
উত্তৰ:প্ৰতি বৰ্গকিলোমিটাৰ এলেকাত বসবাস কৰা লোকৰ গড় সংখ্যাকেই জনসংখ্যাৰ ঘনত্ব বোলে।
(ঘ) লিংগ অনুপাত
উত্তৰ: প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যাকেই লিংগ অনুপাত বোলে।
(ঙ) চৰম দৰিদ্ৰতা
উত্তৰ: যেতিয়া এজন ব্যক্তিয়ে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অতি নিম্নতম মানদণ্ড যেনে— কেলৰিভিত্তিক খাদ্য আহৰণ কৰিব নোৱাৰে, তাক চৰম দৰিদ্ৰতা বোলে।
(চ) আপেক্ষিক দৰিদ্ৰতা
উত্তৰ:বিভিন্ন স্তৰৰ জনসমষ্টিৰ মাজত আয়ৰ তুলনা কৰি যি দৰিদ্ৰতা নিৰূপণ কৰা হয়, তাকেই আপেক্ষিক দৰিদ্ৰতা বোলে। ই সম্পদ আৰু আয়ৰ অসম বিতৰণৰ বাবে সৃষ্টি হয়।
(ছ) বহনক্ষম উন্নয়ন
উত্তৰ:যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ’ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যৎ প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয়, তাকেই বহনক্ষম উন্নয়ন বোলে।
(জ) সেউজ অর্থনীতি
উত্তৰ: যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তাক সেউজ অৰ্থনীতি বোলা হয়।
২। দৰিদ্ৰতাৰ সীমাৰেখা কি? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি?
উত্তৰ: দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ (Poor) আৰু অদৰিদ্ৰ (non-poor) এই দুটা ভাগত ভাগ কৰে। ভাৰতৰ পৰিকল্পনা আয়োগৰ মতে কেলৰিভিত্তিক সীমাৰেখা হ’ল:
গাঁও অঞ্চলত: দৈনিক জনমূৰি ন্যূনতম ২৪০০ কেলৰি।
চহৰ অঞ্চলত: দৈনিক জনমূৰি ন্যূনতম ২১০০ কেলৰি।
৩। ২০১১ চনৰ লোকপিয়লমতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান?
উত্তৰ: ২০১১ চনৰ লোকপিয়লমতে—
ভাৰতবৰ্ষৰ জনসংখ্যা: ১২১ কোটি।
অসমৰ জনসংখ্যা: প্ৰায় ৩ কোটি ১২ লাখ।
৪। বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে?
উত্তৰ: বিশ্বৰ মাটিকালিৰ ২.৪ শতাংশ ভাৰতবৰ্ষত আছে।
৫। ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান?
উত্তৰ: ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য হ’ল কেৰালা আৰু ইয়াৰ লিংগ অনুপাত হ’ল প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে ১০৮৪ গৰাকী মহিলা।
৬। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰ: অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গকিলোমিটাৰত ৩৯৭ জন।
৭। ছদ্মবেশী নিবনুৱা কাক কয়?
উত্তৰ: কোনো এটা কামত প্ৰয়োজনতকৈ অধিক লোক নিয়োজিত হৈ থকা অৱস্থাক ছদ্মবেশী নিবনুৱা বোলে। যিহেতু এই অতিৰিক্ত লোকসকলক কামৰ পৰা আঁতৰাই দিলেও মুঠ উৎপাদনৰ কোনো ক্ষতি নহয়।
৮। মুদ্ৰাস্ফীতি কি?
উত্তৰ: অৰ্থনীতিত একে লেথাৰিয়ে সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক মুদ্ৰাস্ফীতি বোলে। মুদ্ৰাস্ফীতি হ’লে বস্তুৰ মূল্য বৃদ্ধি পায় কিন্তু মুদ্ৰাৰ মূল্য কমি যায়।
৯। মুদ্ৰাস্ফীতিৰ কাৰণবোৰ কি কি?
উত্তৰ: মুদ্ৰাস্ফীতিৰ মূল কাৰণ দুটা:
চাহিদাজনিত কাৰণ: দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা বৃদ্ধি পালে আৰু সেই অনুপাতে যোগান বৃদ্ধি নাপালে এই স্ফীতি হয়।
ব্যয়জনিত কাৰণ: উৎপাদন ব্যয় যেনে— মজুৰি বৃদ্ধি বা দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা মূল্য বৃদ্ধিক ব্যয়জনিত মুদ্ৰাস্ফীতি বোলে।
১০। দমিত মুদ্ৰাস্ফীতি কাক বোলে?
উত্তৰ: যেতিয়া চৰকাৰে বিভিন্ন প্রত্যক্ষ ব্যৱস্থাৰ (যেনে— ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰী ভাবে দৰ নিৰ্ধাৰণ আদি) যোগেদি দৰ নিয়ন্ত্ৰণ কৰি মুদ্ৰাস্ফীতিক মুক্ত মুদ্ৰাস্ফীতিতকৈ কমত ৰাখে, তেনে অৱস্থাক দমিত মুদ্ৰাস্ফীতি বোলে।
১১। অসংগঠিত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে?
উত্তৰ: অসংগঠিত খণ্ডত শ্ৰমিকৰ সংখ্যা ১০ জনতকৈ কম থাকে।
১২। কর্মী জনসংখ্যা =
(সম্পূৰ্ণ কৰা)
উত্তৰ: খালী ঠাইত মুঠ জনসংখ্যা হ’ব।
১৩। বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল?
উত্তৰ: বহনক্ষম উন্নয়নৰ সংজ্ঞাটো ব্রুণ্টলেণ্ড আয়োগে (Brundtland Commission) ১৯৮৭ চনত আগবঢ়াইছিল।
১৪। পৰিবেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ কি হোৱাটো বিচাৰে?
উত্তৰ: পৰিবেশ চিন্তাবিদসকলৰ মতে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ হোৱাটো বিচাৰে— "চিন্তা বিশ্বব্যাপী হওক, কাৰ্যপন্থা স্থানীয় হওক" (Think globally; act locally)।
দীঘল উত্তৰৰ প্ৰশ্ন :
১। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা।
উত্তৰ: ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি। ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা ১২১ কোটি আৰু ইয়াৰ বৃদ্ধিৰ হাৰ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক। ভাৰত তথা অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ তলত আলোচনা কৰা হ’ল:
উচ্চ জন্ম হাৰ: উন্নত চিকিৎসা বিজ্ঞানৰ বাবে মৃত্যুৰ হাৰ কমিছে যদিও জন্মৰ হাৰ সেই অনুপাতে কম হোৱা নাই।
নিৰক্ষৰতা আৰু অজ্ঞানতা: দেশৰ এক বুজন সংখ্যক লোক এতিয়াও নিৰক্ষৰ আৰু তেওঁলোকে জনসংখ্যা বৃদ্ধিৰ ভয়াৱহতা উপলব্ধি কৰিব নোৱাৰে।
দৰিদ্ৰতা: দৰিদ্ৰ পৰিয়ালবোৰত অধিক সন্তানক অধিক আয়ৰ উৎস হিচাপে গণ্য কৰা হয়, যি জনসংখ্যা বৃদ্ধিত অৰিহণা যোগায়।
সামাজিক ধাৰণা: আমাৰ সমাজত এতিয়াও পুত্ৰ সন্তানৰ কামনা বা বাল্য বিবাহৰ দৰে কু-প্ৰথা প্ৰচলিত হৈ আছে।
প্ৰব্ৰজন: বিশেষকৈ অসমৰ ক্ষেত্ৰত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু নেপালৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশে জনসংখ্যা বৃদ্ধিৰ সমস্যাটোক অধিক জটিল কৰি তুলিছে।
এইদৰে জনসংখ্যা বৃদ্ধিয়ে দেশৰ অৰ্থনৈতিক উন্নয়নত বাধাৰ সৃষ্টি কৰে।
২। দৰিদ্ৰতা কাক কয় ? দৰিদ্ৰতাৰ সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে ব্যাখ্যা কৰা।
উত্তৰ: দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ যেনে— খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয়। সম্পদ আৰু আয়ৰ অসম বিতৰণে এখন দেশৰ অৰ্থনীতিত ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান বৃদ্ধি কৰে।
দৰিদ্ৰতাৰ সীমাৰেখাৰ দ্বাৰা নিৰূপণ: দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি জনসাধাৰণক 'দৰিদ্ৰ' আৰু 'অদৰিদ্ৰ' এই দুটা ভাগত বিভক্ত কৰে। ভাৰতবৰ্ষত দৰিদ্ৰতা নিৰূপণৰ বাবে কেলৰিভিত্তিক ব্যাখ্যাটো অধিক প্ৰচলিত:
কেলৰিভিত্তিক নিৰূপণ: ভাৰতৰ পৰিকল্পনা আয়োগৰ মতে, গাঁও অঞ্চলত দৈনিক জনমূৰি ন্যূনতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি ন্যূনতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়।
ব্যয়ভিত্তিক নিৰূপণ: এই ন্যূনতম কেলৰি আহৰণ কৰিবলৈ চলিত দৰৰ হিচাপত এজন ব্যক্তিক মাহিলী কিমান টকাৰ প্ৰয়োজন হয়, তাৰ দ্বাৰাও সীমাৰেখা নিৰ্ধাৰণ কৰা হয়। উদাহৰণস্বৰূপ, ২০০০-০১ চনত গ্রামাঞ্চলত ৩২৮ টকা আৰু চহৰাঞ্চলত ৪৫৪ টকা জনমূৰি মাহিলী ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল।
এই সীমাৰেখাই চৰকাৰক দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে আঁচনি যুগুত কৰাত সহায় কৰে।
৩। মুদ্ৰাস্ফীতি কাক বোলে ? মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা।
উত্তৰ: সাধাৰণ অৰ্থত সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক মুদ্ৰাস্ফীতি বোলে। অৰ্থনীতি বিজ্ঞানৰ মতে, একে লেথাৰিয়ে সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা আৰু মুদ্ৰাৰ ক্ৰয় ক্ষমতা হ্ৰাস পোৱা অৱস্থাই হ’ল মুদ্ৰাস্ফীতি।
মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা মূল পদ্ধতিসমূহ হ’ল:
মৌদ্ৰিক নীতি: কেন্দ্ৰীয় বেংকে বেংকৰ হাৰ বৃদ্ধি কৰি বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতা হ্ৰাস কৰে। ইয়াৰ ফলত বজাৰত মুদ্ৰাৰ যোগান হ্ৰাস পায় আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰিত হয়।
ৰাজকোষীয় নীতি: চৰকাৰে ইয়াৰ ব্যয় কৰ্তন কৰি দেশত সামগ্ৰিক চাহিদা হ্ৰাস কৰিব পাৰে। তদুপৰি বিভিন্ন প্ৰকাৰৰ কৰ আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত ক্ৰয় ক্ষমতা হ্ৰাস কৰি আৰু ৰাজহুৱা ঋণ গ্ৰহণ কৰিও মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰি।
উৎপাদন বৃদ্ধি নীতি: দেশৰ অব্যৱহৃত সম্পদসমূহ সঠিকভাৱে ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিলে বজাৰত সামগ্ৰীৰ যোগান বৃদ্ধি হয়। যেতিয়া চাহিদাৰ অনুপাতে যোগান বৃদ্ধি হয়, তেতিয়া দৰ স্তৰ স্বাভাৱিকতে নিয়ন্ত্ৰিত হয়।
দমিত মুদ্ৰাস্ফীতি: চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু দৰ নিৰ্ধাৰণৰ দৰে প্ৰত্যক্ষ ব্যৱস্থাৰ জৰিয়তেও মূল্যবৃদ্ধি ৰোধ কৰে।
৪। নিবনুৱা সমস্যা কাক বোলে ? ইয়াৰ প্ৰকাৰ কি কি ? এই সমস্যাৰ মূল কাৰণসমূহ উল্লেখ কৰা।
উত্তৰ: সাধাৰণতে নিবনুৱা শব্দটোৱে কৰ্মহীনতাক বুজায়। অৰ্থনীতিত নিবনুৱা বুলি ক'লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে, কিন্তু কোনো উপযুক্ত সংস্থাপন নাপায়।
নিবনুৱাৰ প্ৰকাৰ: নিবনুৱা সমস্যা মূলত দুই প্ৰকাৰৰ— গ্ৰাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা।
১/ গ্ৰাম্য নিবনুৱা: ইয়াৰ আকৌ দুটা ভাগ আছে—
(ক) ঋতুজ নিবনুৱা (যেনে— কৃষক) আৰু
(খ) ছদ্মবেশী নিবনুৱা (য’ত প্ৰয়োজনতকৈ অধিক লোক একে কামতে নিয়োজিত হৈ থাকে)।
২/ চহৰীয়া নিবনুৱা: ইয়াৰো দুটা ভাগ আছে—
(ক) ঔদ্যোগিক নিবনুৱা আৰু
(খ) শিক্ষিত নিবনুৱা (উপযুক্ত ডিগ্ৰী থকা সত্ত্বেও কাম নোপোৱা লোক)।
সমস্যাৰ মূল কাৰণসমূহ:
দ্ৰুত জনসংখ্যা বৃদ্ধি: জনসংখ্যা বৃদ্ধিৰ অনুপাতে নিযুক্তিৰ সুবিধা বৃদ্ধি নোহোৱাটোৱেই প্ৰধান কাৰণ।
নিয়োগবিহীন উন্নয়ন: দেশৰ আয় বা উৎপাদন বৃদ্ধি পালেও সেই অনুপাতে নিয়োগৰ সুযোগ সৃষ্টি হোৱা নাই।
স্থবিৰ কৃষি উন্নয়ন: আধুনিক কৃষি পদ্ধতিৰ অভাৱত কৃষি খণ্ডত নিযুক্ত লোকসকলে বছৰটোৰ সকলো সময়তে কাম নাপায়।
ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা: বৰ্তমানৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক কাৰিকৰী বা বৃত্তিমুখী শিক্ষাৰ সলনি কেৱল ডিগ্ৰীমুখী কৰি তোলাত শিক্ষিত নিবনুৱা বাঢ়িছে।
মন্থৰ ঔদ্যোগীকৰণ: ঔদ্যোগিক উন্নয়নৰ মন্থৰ গতিৰ বাবে চহৰীয়া লোকৰ মাজত নিয়োগৰ অভাৱ ঘটিছে।