Skip to Content
Note SL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
Note SL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায়ঃ 5

    কয়লা আৰু পেট্র'লিয়াম

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    অনুশীলনী :

    (১) জীৱাশ্ম ইন্ধন মানে কি বুজা? উদাহৰণ দিয়া।

    উত্তৰ: যিবোৰ প্ৰাকৃতিক সম্পদ বা ইন্ধন মৃত জীৱৰ অৱশেষৰ পৰা (অৰ্থাৎ জীৱাশ্মৰ পৰা) উৎপন্ন হয়, সেইবোৰক জীৱাশ্ম ইন্ধন বোলা হয় ।

    উদাহৰণ: কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ।

    (২) অংগাৰীকৰণ মানে কি?

    উত্তৰ: কয়লাৰ মূল উপাদান হ’ল কাৰ্বন । মৃত উদ্ভিদসমূহ উচ্চ চাপ আৰু উচ্চ উষ্ণতাত ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক অংগাৰীকৰণ (Carbonisation) বোলে ।

    (৩) ৰাস্তা পকী কৰোঁতে আজিকালি আলকতৰাৰ সলনি ব্যৱহাৰ কৰা সামগ্ৰীবিধৰ নাম কি?

    উত্তৰ: আজিকালি ৰাস্তা পকা কৰোঁতে আলকতৰাৰ সলনি বিটুমেন (Bitumen) নামৰ এবিধ সামগ্ৰী ব্যৱহাৰ কৰা হয় । এই সামগ্ৰীবিধ পেট্ৰ’লিয়ামৰ পৰা উৎপন্ন কৰা হয় ।

    (৪) পেট্র’ল আৰু পেৰাফিন মমৰ ব্যৱহাৰ লিখা।

    উত্তৰ:

    • পেট্ৰ’লৰ ব্যৱহাৰ: মটৰৰ ইন্ধন, উৰাজাহাজৰ ইন্ধন আৰু কোনো বস্তু শুকানকৈ ধুবলৈ (Dry cleaning) দ্ৰাবক হিচাপে ব্যৱহাৰ কৰা হয় ।


    • পেৰাফিন মমৰ ব্যৱহাৰ: মমবাতি, মলম, ভেছলিন আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় ।


    (৫) মৃত গছ-গছনিৰ পৰা কয়লা কিদৰে সৃষ্টি হৈছিল বর্ণনা কৰা।

    উত্তৰ: প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীৰ নিম্নভূমিৰ জলাহসমূহ অটব্য অৰণ্যৰে ভৰি আছিল । বানপানী, ভূমিকম্প আদিৰ দৰে প্ৰাকৃতিক ঘটনাৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল । পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত অধিক মাটি জমা হোৱাত এইবোৰ সংকুচিত হৈ গভীৰলৈ সোমাই যায় । গভীৰত অত্যধিক উষ্ণতা আৰু উচ্চ চাপৰ প্ৰভাৱত এই মৃত গছ-গছনিবোৰ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হয় ।

    (৬) পেট্রলিয়ামৰ শোধন মানে কি?

    উত্তৰ: পেট্ৰ’লিয়াম হ’ল পেট্ৰ’লিয়াম গেছ, পেট্ৰ’ল, ডিজেল, পিচ্ছিলক তেল, খনিজ মম আদি বিভিন্ন উপাদানৰ এটা মিশ্ৰণ । পেট্ৰ’লিয়ামৰ এই উপাদানসমূহক বা অংশসমূহক ইটোৰ পৰা সিটোক পৃথক কৰা প্ৰক্ৰিয়াটোক শোধন (Refining) বুলি কোৱা হয় । এই কাৰ্য তেল শোধনাগাৰত সম্পন্ন কৰা হয় ।

    (৭) খালী ঠাই পূৰ কৰা :

    (ক) কোনো বস্তু পিছল কৰিবলৈ ________ তেল ব্যৱহাৰ কৰা হয়।

    উত্তৰ: কোনো বস্তু পিছল কৰিবলৈ পিচ্ছিলক (Lubricating) তেল ব্যৱহাৰ কৰা হয় ।

    (খ) কয়লাৰ প্ৰধান উপাদান হৈছে ________।

    উত্তৰ: কয়লাৰ প্ৰধান উপাদান হৈছে কাৰ্বন।

    (গ) আলকতৰা প্ৰায় ________ বিধ পদাৰ্থৰ এটি মিশ্ৰণ।

    উত্তৰ: আলকতৰা প্ৰায় ২০০ বিধ পদাৰ্থৰ এটি মিশ্ৰণ ।

    (ঘ) ________ ৰ পৰা ভেছলিন প্ৰস্তুত কৰা হয়। 

    উত্তৰ: পেৰাফিন মম ৰ পৰা ভেছলিন প্ৰস্তুত কৰা হয় ।

    (৮) তলৰ উক্তিসমূহ শুদ্ধ/অশুদ্ধ চিহ্নিত কৰা। 

    (ক) ক’ক হ’ল কাৰ্বনৰ এটি অশুদ্ধ ৰূপ। — 

    উত্তৰ: অশুদ্ধ (কাৰণ ক’ক হ’ল কাৰ্বনৰ এটা প্ৰায় বিশুদ্ধ ৰূপ) । 

    (খ) নেপ্থালিন পেট্র’লিয়ামৰ পৰা প্ৰস্তুত কৰা হয়। — 

    উত্তৰ: অশুদ্ধ (কাৰণ নেপ্থালিন আলকতৰাৰ পৰাহে প্ৰস্তুত কৰা হয়) । 

    (গ) কোনো বস্তু ওপঙাই ৰাখিবলৈ প্ৰয়োজন হোৱা দ্ৰাবক হিচাপে পেট্র’ল ব্যৱহাৰ হয়। — 

    উত্তৰ: অশুদ্ধ (পাঠ্যপুথি অনুসৰি কোনো বস্তু শুকানকৈ ধুবলৈহে দ্ৰাবক হিচাপে পেট্ৰ’ল ব্যৱহাৰ হয়) । 

    (ঘ) সূৰ্যৰ ৰশ্মি নিঃশেষীয় প্ৰাকৃতিক সম্পদ। — 

    উত্তৰ: অশুদ্ধ (কাৰণ সূৰ্যৰ ৰশ্মি এক অনিঃশেষীয় প্ৰাকৃতিক সম্পদ) ।

    (৯) কি কি কাৰণত ইন্ধন হিচাপে প্ৰাকৃতিক গেছৰ বিশেষ গুৰুত্ব আছে?

    উত্তৰ: ইন্ধন হিচাপে প্ৰাকৃতিক গেছৰ গুৰুত্বৰ কাৰণসমূহ হ’ল:

    • ই এক তুলনামূলকভাৱে পৰিষ্কাৰ ইন্ধন।

    • নলীৰ মাজেৰে ইয়াক অতি সহজতে পৰিবহণ কৰিব পাৰি।

    • ইয়াৰ দহনৰ দ্বাৰা অতি উচ্চ শক্তি লাভ কৰিব পাৰি।

    • ইয়াৰ দহনত ছাই উৎপন্ন নহয়, সেয়ে ই বায়ু প্ৰদূষণ নকৰে।

    (১০) সংকুচিত প্ৰাকৃতিক গেছ মানে কি? 

    উত্তৰ: প্ৰাকৃতিক গেছক যেতিয়া উচ্চ চাপৰ অধীনত সংকুচিত অৱস্থালৈ লৈ যোৱা হয়, তাক সংকুচিত প্ৰাকৃতিক গেছ বা চমুকৈ চি.এন.জি. (CNG - Compressed Natural Gas) বোলে ।

    কয়লা আৰু পেট্র'লিয়াম অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন


    বিজ্ঞান কুইজ - কয়লা আৰু পেট্ৰ'লিয়াম




























    Student Review & Feedback

    আপোনাৰ মূল্যৱান মতামত দিয়ক (Share your thoughts & reviews)

    ⏳ Reviews will be verified & published within 24 hours

    📌 পৰীক্ষিত আৰু প্ৰকাশিত মতামত (Verified Reviews)

    🔒 100% Verified

    Loading verified reviews...

    ⏳

    মতামত সফলতাৰে জমা হ'ল!

    Thank you! Your feedback has been received.

    আপোনাৰ মতামত সংৰক্ষণ কৰা হৈছে। সুৰক্ষা আৰু পৰীক্ষণৰ পাছত ২৪ ঘণ্টাৰ ভিতৰত ইয়াক ৱেবচাইটত প্ৰকাশ কৰা হ'ব।












    🚨 Submit Complaint 🚨
    Hii, মই Doli Maam
    কিবা Problem আছিল নেকি Platformat?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    প্ৰশ্ন বাৰ্তা (Greeting)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    স্বাগতম, Student! Class details synced
    Please enter your real first and last name in English (minimum 2 words). Please enter a valid 10-digit Indian mobile number starting with 6, 7, 8, or 9. Please enter your authentic institution name (generic dummy entries like 'XYZ' are not allowed).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!
    Please accept the Terms & Conditions and Privacy Policy to continue.

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    আপোনাক সংশ্লিষ্ট WhatsApp চেনেললৈ লৈ যোৱা হৈছে...

    Join WhatsApp Channel Now
    Supplementary guidance only and always follow your teachers.


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website