অধ্যায়ঃ 5
কয়লা আৰু পেট্র'লিয়াম
MAIN CONTENT
অনুশীলনী :
(১) জীৱাশ্ম ইন্ধন মানে কি বুজা? উদাহৰণ দিয়া।
উত্তৰ: যিবোৰ প্ৰাকৃতিক সম্পদ বা ইন্ধন মৃত জীৱৰ অৱশেষৰ পৰা (অৰ্থাৎ জীৱাশ্মৰ পৰা) উৎপন্ন হয়, সেইবোৰক জীৱাশ্ম ইন্ধন বোলা হয় ।
উদাহৰণ: কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ।
(২) অংগাৰীকৰণ মানে কি?
উত্তৰ: কয়লাৰ মূল উপাদান হ’ল কাৰ্বন । মৃত উদ্ভিদসমূহ উচ্চ চাপ আৰু উচ্চ উষ্ণতাত ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক অংগাৰীকৰণ (Carbonisation) বোলে ।
(৩) ৰাস্তা পকী কৰোঁতে আজিকালি আলকতৰাৰ সলনি ব্যৱহাৰ কৰা সামগ্ৰীবিধৰ নাম কি?
উত্তৰ: আজিকালি ৰাস্তা পকা কৰোঁতে আলকতৰাৰ সলনি বিটুমেন (Bitumen) নামৰ এবিধ সামগ্ৰী ব্যৱহাৰ কৰা হয় । এই সামগ্ৰীবিধ পেট্ৰ’লিয়ামৰ পৰা উৎপন্ন কৰা হয় ।
(৪) পেট্র’ল আৰু পেৰাফিন মমৰ ব্যৱহাৰ লিখা।
উত্তৰ:
পেট্ৰ’লৰ ব্যৱহাৰ: মটৰৰ ইন্ধন, উৰাজাহাজৰ ইন্ধন আৰু কোনো বস্তু শুকানকৈ ধুবলৈ (Dry cleaning) দ্ৰাবক হিচাপে ব্যৱহাৰ কৰা হয় ।
পেৰাফিন মমৰ ব্যৱহাৰ: মমবাতি, মলম, ভেছলিন আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় ।
(৫) মৃত গছ-গছনিৰ পৰা কয়লা কিদৰে সৃষ্টি হৈছিল বর্ণনা কৰা।
উত্তৰ: প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীৰ নিম্নভূমিৰ জলাহসমূহ অটব্য অৰণ্যৰে ভৰি আছিল । বানপানী, ভূমিকম্প আদিৰ দৰে প্ৰাকৃতিক ঘটনাৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল । পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত অধিক মাটি জমা হোৱাত এইবোৰ সংকুচিত হৈ গভীৰলৈ সোমাই যায় । গভীৰত অত্যধিক উষ্ণতা আৰু উচ্চ চাপৰ প্ৰভাৱত এই মৃত গছ-গছনিবোৰ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হয় ।
(৬) পেট্রলিয়ামৰ শোধন মানে কি?
উত্তৰ: পেট্ৰ’লিয়াম হ’ল পেট্ৰ’লিয়াম গেছ, পেট্ৰ’ল, ডিজেল, পিচ্ছিলক তেল, খনিজ মম আদি বিভিন্ন উপাদানৰ এটা মিশ্ৰণ । পেট্ৰ’লিয়ামৰ এই উপাদানসমূহক বা অংশসমূহক ইটোৰ পৰা সিটোক পৃথক কৰা প্ৰক্ৰিয়াটোক শোধন (Refining) বুলি কোৱা হয় । এই কাৰ্য তেল শোধনাগাৰত সম্পন্ন কৰা হয় ।
(৭) খালী ঠাই পূৰ কৰা :
(ক) কোনো বস্তু পিছল কৰিবলৈ ________ তেল ব্যৱহাৰ কৰা হয়।
উত্তৰ: কোনো বস্তু পিছল কৰিবলৈ পিচ্ছিলক (Lubricating) তেল ব্যৱহাৰ কৰা হয় ।
(খ) কয়লাৰ প্ৰধান উপাদান হৈছে ________।
উত্তৰ: কয়লাৰ প্ৰধান উপাদান হৈছে কাৰ্বন।
(গ) আলকতৰা প্ৰায় ________ বিধ পদাৰ্থৰ এটি মিশ্ৰণ।
উত্তৰ: আলকতৰা প্ৰায় ২০০ বিধ পদাৰ্থৰ এটি মিশ্ৰণ ।
(ঘ) ________ ৰ পৰা ভেছলিন প্ৰস্তুত কৰা হয়।
উত্তৰ: পেৰাফিন মম ৰ পৰা ভেছলিন প্ৰস্তুত কৰা হয় ।
(৮) তলৰ উক্তিসমূহ শুদ্ধ/অশুদ্ধ চিহ্নিত কৰা।
(ক) ক’ক হ’ল কাৰ্বনৰ এটি অশুদ্ধ ৰূপ। —
উত্তৰ: অশুদ্ধ (কাৰণ ক’ক হ’ল কাৰ্বনৰ এটা প্ৰায় বিশুদ্ধ ৰূপ) ।
(খ) নেপ্থালিন পেট্র’লিয়ামৰ পৰা প্ৰস্তুত কৰা হয়। —
উত্তৰ: অশুদ্ধ (কাৰণ নেপ্থালিন আলকতৰাৰ পৰাহে প্ৰস্তুত কৰা হয়) ।
(গ) কোনো বস্তু ওপঙাই ৰাখিবলৈ প্ৰয়োজন হোৱা দ্ৰাবক হিচাপে পেট্র’ল ব্যৱহাৰ হয়। —
উত্তৰ: অশুদ্ধ (পাঠ্যপুথি অনুসৰি কোনো বস্তু শুকানকৈ ধুবলৈহে দ্ৰাবক হিচাপে পেট্ৰ’ল ব্যৱহাৰ হয়) ।
(ঘ) সূৰ্যৰ ৰশ্মি নিঃশেষীয় প্ৰাকৃতিক সম্পদ। —
উত্তৰ: অশুদ্ধ (কাৰণ সূৰ্যৰ ৰশ্মি এক অনিঃশেষীয় প্ৰাকৃতিক সম্পদ) ।
(৯) কি কি কাৰণত ইন্ধন হিচাপে প্ৰাকৃতিক গেছৰ বিশেষ গুৰুত্ব আছে?
উত্তৰ: ইন্ধন হিচাপে প্ৰাকৃতিক গেছৰ গুৰুত্বৰ কাৰণসমূহ হ’ল:
ই এক তুলনামূলকভাৱে পৰিষ্কাৰ ইন্ধন।
নলীৰ মাজেৰে ইয়াক অতি সহজতে পৰিবহণ কৰিব পাৰি।
ইয়াৰ দহনৰ দ্বাৰা অতি উচ্চ শক্তি লাভ কৰিব পাৰি।
ইয়াৰ দহনত ছাই উৎপন্ন নহয়, সেয়ে ই বায়ু প্ৰদূষণ নকৰে।
(১০) সংকুচিত প্ৰাকৃতিক গেছ মানে কি?
উত্তৰ: প্ৰাকৃতিক গেছক যেতিয়া উচ্চ চাপৰ অধীনত সংকুচিত অৱস্থালৈ লৈ যোৱা হয়, তাক সংকুচিত প্ৰাকৃতিক গেছ বা চমুকৈ চি.এন.জি. (CNG - Compressed Natural Gas) বোলে ।
কয়লা আৰু পেট্র'লিয়াম অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন