Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায় : ৩

    কৃত্রিম আঁহ আৰু প্লাষ্টিক

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤

    অনুশীলনীৰ :

    (১) উত্তৰ দিয়া:

    (ক) কৃত্ৰিম আঁহ বুলিলে কি বুজা?

    উত্তৰ: যিবোৰ আঁহ মানুহে কৃত্ৰিমভাৱে ৰাসায়নিক পদ্ধতিৰে প্ৰস্তুত কৰে, তেনে আঁহবোৰক সাংশ্লেষিক, কৃত্ৰিম অথবা মানৱসৃষ্ট আঁহ বোলে । এইসমূহ সাধাৰণতে পেট্ৰ’লিয়ামৰ কেঁচামাল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় ।

    (খ) প্লাষ্টিকৰ ভাগ কেইটা আৰু কি কি?

    উত্তৰ: প্লাষ্টিক সাধাৰণতে দুই প্ৰকাৰৰ: ১. থাৰ্ম' প্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক । ২. থাৰ্ম' ছেটিং প্লাষ্টিক বা তাপদৃঢ় প্লাষ্টিক ।

    (গ) কাঠ পচিবৰ বাবে কিমান সময়ৰ প্ৰয়োজন?

    উত্তৰ: কাঠ পচিবৰ বাবে প্ৰায় ১০ ৰপৰা ১৫ বছৰ সময়ৰ প্ৰয়োজন ।

    (ঘ) 4R নীতি কি?

    উত্তৰ: ৪R নীতি হৈছে— হ্ৰাস কৰা (Reduce), পুনৰ ব্যৱহাৰ কৰা (Reuse), পুনৰাৱৰ্তন কৰা (Recycle) আৰু পুনৰুদ্ধাৰ কৰা (Recover) ।

    (২) তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰক "পুনৰাবৰ্তন কৰিব পৰা" আৰু "পুনৰাবৰ্তন কৰিব নোৱাৰা" হিচাপে শ্ৰেণীভুক্ত কৰা।

    উত্তৰ:

    পুনৰাবৰ্তন কৰিব পৰা

    পুনৰাবৰ্তন কৰিব নোৱাৰা

    প্লাষ্টিকৰ খেলনা, প্লাষ্টিকৰ বাতি, কেৰি-বেগ, বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ, প্লাষ্টিকৰ চকী

    কুকাৰৰ নাল, বৈদ্যুতিক ছুইচ

    (৩) তলত দিয়াবোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ? ব্যাখ্যা কৰা।

    (a) বিদ্যুৎৰ প্লাগ / ছুইচ / প্লাগ ব’ৰ্ড 

    উত্তৰ: এইবোৰ বেকেলাইট নামৰ তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় কাৰণ ই তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী । ইয়াৰ মাজেৰে বিদ্যুৎ চালিত হ'লেও ই গলি নাযায়।

    (b) ছছপেনৰ নাল 

    উত্তৰ: ছছপেনৰ নালবোৰ তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় কাৰণ এই প্লাষ্টিক তাপ পালে গলি নাযায় আৰু অধিক তাপ সহ্য কৰিব পাৰে ।

    (c) অগ্নি প্ৰতিৰোধী কাপোৰ

    উত্তৰ:  মেলামাইন নামৰ তাপদৃঢ় প্লাষ্টিকে অগ্নি প্ৰতিৰোধ কৰিব পাৰে আৰু অন্য প্লাষ্টিকতকৈ অধিক তাপ সহ্য কৰিব পাৰে । সেয়ে অগ্নি-নিৰ্বাপক বাহিনীৰ কাপোৰত ইয়াৰ প্ৰলেপ দিয়া হয়।

    (৪) তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য উল্লেখ কৰা।

    উত্তৰ: 

    তাপ নমনীয় প্লাষ্টিক

    তাপদৃঢ় প্লাষ্টিক

    যিবোৰ প্লাষ্টিক তাপ পালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি ।

    এইবোৰক এবাৰ এটা আকৃতি দিয়াৰ পাছত পুনৰ তপ্তালেও আকাৰ সলনি কৰিব নোৱাৰি ।

    ইয়াক পুনৰাৱৰ্তন কৰিব পাৰি ।

    ইয়াক সাধাৰণতে পুনৰাৱৰ্তন কৰিব নোৱাৰি।

    উদাহৰণ: পলিথিন আৰু PVC ।

    উদাহৰণ: বেকেলাইট আৰু মেলামাইন ।


    (৫) "পৰাপক্ষত প্লাষ্টিক বৰ্জন কৰা উচিত" — কাৰণ দৰ্শাই ব্যাখ্যা কৰা।

    উত্তৰ: প্লাষ্টিক বৰ্জন কৰা উচিত কাৰণ:

    • প্লাষ্টিক জৈৱ অপচনশীল পদাৰ্থ, অৰ্থাৎ ই সহজে পচি নাযায় আৰু পৰিৱেশ প্ৰদূষণ ঘটায় ।


    • প্লাষ্টিক দহন কৰিলে বায়ুমণ্ডললৈ বিষাক্ত ধোঁৱা নিৰ্গত হয় যি বায়ু প্ৰদূষিত কৰে ।


    • পেলনীয়া প্লাষ্টিক বা পলিথিন খালে গৰু বা অন্য প্ৰাণীৰ মৃত্যু হ'ব পাৰে ।


    • প্লাষ্টিকৰ বাবে নলা-নৰ্দমাবোৰ বন্ধ হৈ পৰে ।

    (৬) কৃত্ৰিম আঁহৰ বৈশিষ্ট্যসমূহ কি কি?

    উত্তৰ: কৃত্ৰিম আঁহৰ বৈশিষ্ট্যসমূহ হ’ল:

    • এই আঁহবোৰ পাতল, নমনীয় আৰু যথেষ্ট মজবুত ।


    • এইবোৰ সহজে ধুব পাৰি আৰু ধুলে সোনকালে শুকায় ।


    • বহুদিন টিকে আৰু ইয়াৰ দাম প্ৰাকৃতিক আঁহতকৈ কম ।


    • এইবোৰত সহজে ভাঁজ বা শোটোৰা নপৰে ।


    (৭) ৰান্ধনীশালত কাম কৰোঁতে কৃত্ৰিম আঁহৰদ্বাৰা তৈয়াৰী পোছাক কিয় পৰিধান কৰিব নালাগে?

    উত্তৰ: কৃত্ৰিম আঁহসমূহ তপ্ত কৰিলে বা তাপ পালে গলি যায় । যদি কাপোৰত জুই লাগে, সেই কাপোৰ গলি গৈ পিন্ধি থকা মানুহজনৰ শৰীৰত লাগি ধৰে, যিটো অতি বিপদজনক । সেইবাবে ৰান্ধনীশালত কাম কৰোঁতে এনে কাপোৰ পিন্ধিব নালাগে ।

    (৮) প্লাষ্টিকৰ লগত পৰিৱেশৰ সম্পৰ্ক কি বুজাই লিখা। 

    উত্তৰ: প্লাষ্টিক আৰু পৰিৱেশৰ সম্পৰ্ক অতি নেতিবাচক। প্লাষ্টিক এবিধ জৈৱ অপচনশীল পদাৰ্থ হোৱাৰ বাবে ই মাটিত বছৰ বছৰ ধৰি থাকি মাটিৰ উৰ্বৰা শক্তি হ্ৰাস কৰে । জলাশয়ত পেলালে পানী প্ৰদূষিত কৰে আৰু পলিথিনৰ মোনা আদিৰ বাবে নলা-নৰ্দমা বন্ধ হৈ কদৰ্যময় পৰিৱেশৰ সৃষ্টি হয় । আকৌ ইয়াক দহন কৰিলে বিষাক্ত গেছ ওলাই বায়ু প্ৰদূষণ কৰে । গতিকে প্লাষ্টিকে পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰাত বৃহৎ ভূমিকা লয় ।

    (৯) শুদ্ধ উত্তৰটো বাছি উলিওৱা।

    কৃত্ৰিম আঁহসমূহৰপৰা ৰেয়ন বেলেগ, কিয়নো ?

    (ক) প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি।

    (খ) ইয়াক কাঠৰ মণ্ডৰপৰা পোৱা যায়।

    উত্তৰ: (খ) ইয়াক কাঠৰ মণ্ডৰপৰা পোৱা যায়।

    কৃত্রিম আঁহ আৰু প্লাষ্টিক অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন


    Class 8 Science 100 MCQ Quiz


    গুৰুত্বপূৰ্ণ ২ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ :

    ১/ কৃত্রিম বা সাংশ্লেষিক আঁহ বুলিলে কি বুজা ? 

    উত্তৰ: যিবোৰ আঁহ প্ৰাকৃতিক উৎসৰ পৰা পোৱা নাযায় আৰু মানুহে কৃত্ৰিমভাৱে বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰে, তেনে আঁহবোৰক সাংশ্লেষিক বা মানৱসৃষ্ট আঁহ বোলা হয় ।

    ২/ ৰেয়নক কিয় 'কৃত্রিম পাট' বুলি কোৱা হয় ? 

    উত্তৰ: ঊনৈশ শতিকাৰ শেষৰ ফালে বিজ্ঞানীসকলে পাটৰ দৰে গুণাগুণ থকা এবিধ আঁহ প্রস্তুত কৰাত সফল হৈছিল । যিহেতু এই আঁহ দেখিবলৈ পাটৰ দৰে আৰু পাটতকৈ বহু সস্তা, সেয়ে ইয়াক কৃত্রিম পাট বোলা হয় ।

    ৩/ নাইলনৰ দুটা বিশেষ গুণ উল্লেখ কৰা।

    উত্তৰ: নাইলনৰ দুটা বিশেষ গুণ হ’ল—

    • নাইলনৰ আঁহবোৰ নমনীয়, পাতল আৰু যথেষ্ট মজবুত ।

    • এইবোৰ উজ্জ্বল হোৱাৰ লগতে ধুবলৈ অতি সহজ ।

    ৪/ নাইলনৰ সূতাৰে কিয় পেৰাছুট আৰু পৰ্বতাৰোহণৰ ৰছী তৈয়াৰ কৰা হয় ? 

    উত্তৰ: নাইলনৰ আঁহবোৰ ইমানেই টান আৰু শক্তিশালী যে এডাল নাইলনৰ সূতা আচলতে তীখাৰ তাঁৰ এডালতকৈও বেছি শক্তিশালী । সেয়েহে সুৰক্ষাৰ বাবে পেৰাছুট আৰু পৰ্বতাৰোহণৰ ৰছীত ইয়াক ব্যৱহাৰ কৰা হয় ।

    ৫/ পলিকট (Polycot) আৰু পলিউল (Polywool) কিহৰ মিশ্ৰণ ? 

    উত্তৰ: পলিকট হ’ল পলিয়েষ্টাৰ আৰু কটন বা কপাহৰ মিশ্ৰণ । আনহাতে, পলিউল হ’ল পলিয়েষ্টাৰ আৰু ঊণৰ এক মিশ্ৰণ ।

    ৬/ এক্রাইলিক আঁহৰ জনপ্ৰিয়তাৰ কাৰণ কি ? 

    উত্তৰ: প্ৰাকৃতিক উৎসৰ পৰা পোৱা ঊণবোৰ বৰ দামী হয় । ইয়াৰ বিপৰীতে এক্ৰাইলিক দেখাত ঊণৰ দৰে হ’লেও ই যথেষ্ট সস্তা, বহু দিন টিকে আৰু বিভিন্ন ৰঙত পোৱা যায় ।

    ৭/ পেট্র'কেমিকেল বা পেট্ৰ'ৰাসায়নিক কাক বোলে ? 

    উত্তৰ: পেট্রলিয়ামৰ পৰা আহৰণ কৰা কেঁচামাল ব্যৱহাৰ কৰি যিবোৰ সাংশ্লেষিক বা কৃত্রিম আঁহ বিভিন্ন প্ৰক্ৰিয়াৰদ্বাৰা প্ৰস্তুত কৰা হয়, সেইবোৰক সাধাৰণতে পেট্র'কেমিকেল বুলি কোৱা হয় ।

    ৮/ পাকঘৰত কাম কৰোঁতে কৃত্রিম আঁহৰ কাপোৰ পিন্ধাটো কিয় বিপদজনক ? 

    উত্তৰ: কৃত্রিম আঁহৰ কাপোৰত জুই লাগিলে ই গলি গৈ পিন্ধি থকা মানুহজনৰ শৰীৰত লাগি ধৰে । সেয়েহে পাকঘৰ বা পৰীক্ষাগাৰত কাম কৰোঁতে এনে কাপোৰ পিন্ধা বিপদজনক ।

    ৯/ প্লাষ্টিকৰ যিকোনো দুটা বিশেষ ধৰ্ম লিখা।

    উত্তৰ: প্লাষ্টিকৰ দুটা ধৰ্ম হ’ল—

    • প্লাষ্টিক গলাই যিকোনো আকৃতিৰ সাঁচত ঢালিব পাৰি ।

    • প্লাষ্টিকসমূহ তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী ।

    ১০/ থার্ম প্লাষ্টিক বা তাপ নমনীয় প্লাষ্টিক কাক বোলে ? 

    উত্তৰ: যিবোৰ প্লাষ্টিক তাপ পালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি, তেনে প্লাষ্টিকক থার্ম প্লাষ্টিক বোলে । উদাহৰণস্বৰূপ— পলিথিন আৰু PVC ।

    ১১/ থার্ম ছেটিং বা তাপদৃঢ় প্লাষ্টিক বুলিলে কি বুজা ? 

    উত্তৰ: যিবোৰ প্লাষ্টিকক এবাৰ এক নিৰ্দিষ্ট আকৃতি দিয়াৰ পাছত পুনৰ তপতালেও আৰু আকাৰ দিব নোৱাৰি, সেইবোৰক তাপদৃঢ় প্লাষ্টিক বোলে । উদাহৰণ— বেকেলাইট আৰু মেলামাইন ।

    ১২/ বেকেলাইট ক'ত আৰু কিয় ব্যৱহাৰ কৰা হয় ? 

    উত্তৰ: বেকেলাইট তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী । সেয়েহে ইয়াক বৈদ্যুতিক ছুইচ আৰু বিভিন্ন বাচন-বৰ্তনৰ নাল (Handle) বনাবলৈ ব্যৱহাৰ কৰা হয় ।

    ১৩/ মেলামাইনৰ দুটা বৈশিষ্ট্য লিখা।

    উত্তৰ: মেলামাইনৰ বৈশিষ্ট্যসমূহ হ’ল—

    • ই অগ্নি বোধ কৰিব পাৰে ।

    • আন প্লাষ্টিকতকৈ ই অধিক তাপ সহ্য কৰিব পাৰে ।

    ১৪/ লোৰ তুলনাত প্লাষ্টিকৰ পাত্ৰ ব্যৱহাৰ কৰাৰ সুবিধা কি ? 

    উত্তৰ: লোৰ দৰে ধাতুত জলীয়বাষ্প আৰু বায়ুৰ সংস্পৰ্শত মামৰে ধৰে, কিন্তু প্লাষ্টিকে পানী বা বায়ুৰ লগত কোনো বিক্ৰিয়া নকৰে । সেয়েহে ই সহজে ক্ষয় নহয় আৰু বহু দিন টিকে ।

    ১৫/ টেফ্ল'ন (Teflon) কি আৰু ইয়াৰ ব্যৱহাৰ কি ? 

    উত্তৰ: টেফ্ল'ন এবিধ বিশেষ প্লাষ্টিক যাৰ ওপৰত তেল আৰু পানী লাগি নধৰে । সেয়েহে ৰান্ধনিশালৰ বাচনত 'আঁট নোখোৱা' প্ৰলেপ (Non-stick coating) দিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ।

    ১৬/ জৈৱ পচনশীল পদাৰ্থ কাক বোলে ? 

    উত্তৰ: যিবোৰ পদাৰ্থ প্ৰাকৃতিক প্ৰক্ৰিয়াৰে অণুজীৱৰ বিক্ৰিয়াৰ ফলত সহজে পচি মাটিৰ লগত মিহলি হৈ যায়, সেইবোৰক জৈৱ পচনশীল (Bio-degradable) পদাৰ্থ বোলে ।

    ১৭/ প্লাষ্টিকে কেনেকৈ বায়ু প্ৰদূষণ ঘটায় ? 

    উত্তৰ: প্লাষ্টিকৰ দহন প্ৰক্ৰিয়া অতি লেহেম আৰু ই সম্পূৰ্ণৰূপে পুৰি নাযায় । দহনৰ সময়ত প্লাষ্টিকে বায়ুমণ্ডললৈ বহুতো বিষাক্ত ধোঁৱা এৰি দিয়ে, যিয়ে বায়ু প্ৰদূষিত কৰে ।

    ১৮/ পেলনীয়া প্লাষ্টিকৰ মোনাই গৰু বা অন্য প্ৰাণীৰ কেনেকৈ ক্ষতি কৰে ? 

    উত্তৰ: গৰুৱে আৱৰ্জনাৰ সৈতে পলিথিনৰ মোনা গিলিলে ই সিহঁতৰ শ্বাস-প্ৰশ্বাসত বাধা দিয়ে নতুবা পাকস্থলীত এটা তৰপৰ সৃষ্টি কৰে । ই প্ৰাণীবোৰৰ মৃত্যুৰ কাৰণো হ’ব পাৰে ।

    ১৯/ পৰিৱেশ সুৰক্ষাৰ বাবে '4R' নীতিটো কি ? 

    উত্তৰ: '4R' নীতিটো হ’ল— হ্ৰাস কৰা (Reduce), পুনৰ ব্যৱহাৰ কৰা (Reuse), পুনৰাৱৰ্তন কৰা (Recycle) আৰু পুনৰুদ্ধাৰ কৰা (Recover) ।

    ২০/ প্লাষ্টিকৰ দুটা অসুবিধাজনক গুণ উল্লেখ কৰা।

    উত্তৰ: প্লাষ্টিকৰ দুটা অসুবিধা হ’ল—

    • প্লাষ্টিক পচিবলৈ বহুত বছৰ লাগে, সেয়ে ই জৈৱ অপচনশীল ।

    • ই পৰিৱেশত প্ৰদূষণ ঘটায় আৰু দহন কৰিলে বিষাক্ত ধোঁৱা উৎপন্ন কৰে ।


    গুৰুত্বপূৰ্ণ ৫ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ :

    ১/ সাংশ্লেষিক বা কৃত্রিম আঁহৰ ৫ টা প্ৰধান বৈশিষ্ট্য বৰ্ণনা কৰা। 

    উত্তৰ: কৃত্রিম আঁহবোৰৰ কেইবাটাও বিশেষত্ব আছে, যাৰ বাবে এইবোৰ বৰ জনপ্ৰিয় । ইয়াৰ ৫ টা বৈশিষ্ট্য হ’ল—

    1. স্থায়িত্ব: কৃত্রিম আঁহেৰে তৈয়াৰী পোছাকবোৰ বহুদিনলৈ টিকে ।

    2. খৰতকীয়া শুকোৱা: এই আঁহৰ কাপোৰবোৰ ধুলে অতি সোনকালে শুকায় ।

    3. সহজ লভ্যতা: এইবোৰ বজাৰত সহজে পোৱা যায় আৰু প্ৰাকৃতিক আঁহতকৈ বেছি সুলভ ।

    4. যতন লোৱাত সহজ: কৃত্রিম কাপোৰবোৰ সহজে ৰাখিব পাৰি আৰু ইয়াত ভাঁজ নপৰে ।

    5. শোষণ ক্ষমতা: এই আঁহে প্ৰাকৃতিক কাপোৰতকৈ কম পানী শোষণ কৰে ।

    ২/ ব্যৱহাৰ আৰু গুণাগুণৰ ওপৰত ভিত্তি কৰি নাইলন আৰু ৰেয়নৰ মাজত পাৰ্থক্য লিখা। 

    উত্তৰ: নাইলন আৰু ৰেয়নৰ মাজৰ পাৰ্থক্যসমূহ তলত দিয়া হ’ল—

    1. উৎস: ৰেয়ন কাঠৰ মণ্ডৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয় । আনহাতে, নাইলন কয়লা, পানী আৰু বায়ুৰ পৰা প্ৰস্তুত কৰা হয় ।

    2. প্ৰকৃতি: ৰেয়নক সম্পূৰ্ণ সাংশ্লেষিক বুলিব নোৱাৰি কাৰণ ইয়াৰ উৎস প্ৰাকৃতিক । কিন্তু নাইলন হ’ল প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহ ।

    3. শক্তিশালী: নাইলনৰ আঁহ তীখাৰ তাঁৰতকৈও বেছি শক্তিশালী । ৰেয়ন পাটৰ দৰে কোমল আৰু উজ্জ্বল ।

    4. ব্যৱহাৰ: ৰেয়নৰ লগত কপাহ মিহলাই বিছনা চাদৰ আৰু উণ মিহলাই কাৰ্পেট বনোৱা হয় । আনহাতে, নাইলনৰ পৰা মোজা, ৰছী, তম্বু আৰু পেৰাছুট তৈয়াৰ কৰা হয় ।

    5. খৰচ: ৰেয়ন পাটতকৈ সস্তা আৰু নাইলন ইয়াৰ মজবুত গুণৰ বাবে জনপ্ৰিয় ।

    ৩/ তাপ নমনীয় (Thermoplastic) আৰু তাপদৃঢ় (Thermosetting) প্লাষ্টিকৰ ৫ টা পাৰ্থক্য লিখা। 

    উত্তৰ: এই দুই প্ৰকাৰৰ প্লাষ্টিকৰ পাৰ্থক্যসমূহ হ’ল —

    1. তাপৰ প্ৰভাৱ: তাপ পালে তাপ নমনীয় প্লাষ্টিক সহজে বিকৃত হয় । কিন্তু তাপদৃঢ় প্লাষ্টিকক এবাৰ আকৃতি দিয়াৰ পাছত তপতালেও আকাৰ সলাব নোৱাৰি ।

    2. ভাঁজ কৰা: তাপ নমনীয় প্লাষ্টিক সহজে ভাঁজ কৰিব পাৰি । তাপদৃঢ় প্লাষ্টিক সহজে ভাঁজ কৰিব নোৱাৰি ।

    3. পুনৰাবৰ্তন: তাপ নমনীয় প্লাষ্টিকবোৰ পুনৰাৱৰ্তন কৰিব পাৰি । তাপদৃঢ় প্লাষ্টিক পুনৰাৱৰ্তন কৰা কঠিন ।

    4. উদাহৰণ: পলিথিন আৰু PVC হ’ল তাপ নমনীয় প্লাষ্টিক । বেকেলাইট আৰু মেলামাইন হ’ল তাপদৃঢ় প্লাষ্টিক ।

    5. ব্যৱহাৰ: ফণি, খেলনা আৰু পাত্ৰ বনাবলৈ তাপ নমনীয় প্লাষ্টিক ব্যৱহাৰ হয় । বৈদ্যুতিক ছুইচ আৰু বাচনৰ নাল বনাবলৈ তাপদৃঢ় প্লাষ্টিক ব্যৱহাৰ হয় ।

    ৪/ প্লাষ্টিকে কেনেকৈ পৰিৱেশৰ ক্ষতি কৰে আৰু এয়া ৰোধ কৰিবলৈ কি ব্যৱস্থা ল’ব পাৰি ? 

    উত্তৰ: প্লাষ্টিক পৰিৱেশৰ বাবে অতি ক্ষতিকাৰক । ইয়াৰ কাৰণ আৰু প্ৰতিকাৰসমূহ হ’ল—

    1. প্ৰদূষণ: প্লাষ্টিক পচিবলৈ বহু বছৰ লাগে, সেয়ে ই মাটি প্ৰদূষণ ঘটায় ।

    2. দহন: প্লাষ্টিক পুৰিলে বায়ুমণ্ডললৈ বিষাক্ত ধোঁৱা এৰি দি বায়ু প্ৰদূষিত কৰে ।

    3. জলনিৰ্গমন: য’তে-ত’তে পেলোৱা পলিথিনে নলা-নৰ্দমা বন্ধ কৰি পেলায় ।

    4. প্ৰাণীৰ ক্ষতি: আৱৰ্জনাৰ সৈতে প্লাষ্টিক খালে গৰু বা অন্য প্ৰাণীৰ মৃত্যু হ’ব পাৰে ।

    5. সমাধান: দোকানলৈ যাওঁতে মৰাপাট বা কাপোৰৰ মোনা ব্যৱহাৰ কৰা উচিত । লগতে জৈৱ পচনশীল আৰু অপচনশীল আৱৰ্জনাবোৰ পৃথককৈ সংগ্ৰহ কৰিব লাগে ।

    ৫/ প্লাষ্টিকৰ ৫ টা উল্লেখনীয় বৈশিষ্ট্য আৰু ইয়াৰ দৈনন্দিন ব্যৱহাৰ আলোচনা কৰা। 

    উত্তৰ: আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিক এক অপৰিহাৰ্য সামগ্ৰী । ইয়াৰ ৫ টা বৈশিষ্ট্য হ’ল—

    1. অ-বিক্ৰিয়াজাত: প্লাষ্টিকে পানী আৰু বায়ুৰ লগত কোনো বিক্ৰিয়া নকৰে, সেয়ে ই সহজে ক্ষয় নহয় ।

    2. পাতল আৰু মজবুত: ধাতুৰ তুলনাত পাতল হোৱাৰ বাবে ইয়াক গাড়ী বা আকাশীযানত ব্যৱহাৰ কৰা হয় ।

    3. কু-পৰিবাহী: প্লাষ্টিক তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী, সেয়ে বৈদ্যুতিক তাঁৰৰ ওপৰত ইয়াৰ আৱৰণ থাকে ।

    4. স্বাস্থ্য সেৱা: টেবলেটৰ পেকেট, চিৰিঞ্জ আৰু চিকিৎসকৰ হাতমোজা প্লাষ্টিকেৰে তৈয়াৰী ।

    5. বিশেষ প্ৰলেপ: টেফ্ল’ন নামৰ প্লাষ্টিকত তেল আৰু পানী লাগি নধৰে, সেয়ে ইয়াক ৰন্ধন সৰঞ্জামৰ 'নন-ষ্টিক' প্ৰলেপ হিচাপে ব্যৱহাৰ কৰা হয় ।





    *************
















































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website