Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায় - 6

    কলা

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    প্ৰশ্নাৱলী 

    ১. কলা কি?

    উত্তৰ: একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি-প্ৰকৃতিৰ কোষৰ সমষ্টিয়ে কলা গঠন কৰে। তেজ, ফ্লোৱেম, পেশী আদি হ'ল কিছুমান কলাৰ উদাহৰণ।

    ২. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?

    উত্তৰ: বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকে শ্ৰমবিভাজন দেখুৱায়। জীৱ দেহৰ নিৰ্দিষ্ট স্থানত কোষবিলাক একোটা সমষ্টি হিচাপে থাকি নিৰ্দিষ্ট কাৰ্য অতি দক্ষতাৰে সম্পন্ন কৰে। উদাহৰণস্বৰূপে, পেশী কলাই সংকোচন আৰু প্ৰসাৰণৰ দ্বাৰা চলন কাৰ্য কৰে, স্নায়ু কোষে বাৰ্তা প্ৰেৰণ কৰে আৰু সংবহন কলাই উদ্ভিদৰ দেহৰ পানী আৰু আহাৰ পৰিবহন কৰে।

    প্ৰশ্নাৱলী 

    ১. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।

    উত্তৰ: বিভিন্ন প্ৰকাৰৰ সৰল স্থায়ী কলাসমূহ হ’ল:

    • পেৰেণকাইমা (Parenchyma)
    • ক’লেণকাইমা (Collenchyma)
    • স্কেৰেণকাইমা (Sclerenchyma)

    ২. অগ্ৰস্থ ভাজক কলা ক'ত পোৱা যায়?

    উত্তৰ: অগ্ৰস্থ ভাজক কলাবিলাক উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত বা মূৰত পোৱা যায়। ইহঁতে কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে।

    ৩. কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?

    উত্তৰ: স্কেৰেণকাইমা (Sclerenchyma) নামৰ মৃত কোষেৰে গঠিত কলাই নাৰিকলৰ বাকলিখন গঠন কৰে। এই কলাৰ বাবে উদ্ভিদৰ অংশবোৰ কঠিন আৰু দৃঢ় হয়।

    ৪. ফ্লোৱেম কলা কিহেৰে গঠিত?

    উত্তৰ: ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত:

    • চালনি নলীকা (Sieve Tube)
    • সংগী কোষ (Companion Cell)
    • ফ্লোৱেম তন্তু (Phloem Fibre)
    • ফ্লোৱেম পেৰেণকাইমা (Phloem Parenchyma)

    প্ৰশ্নাৱলী

    ১. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?

    উত্তৰ: প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ হ’ল পেশীকলা। এই কলাৰ কোষবোৰৰ সংকোচন আৰু প্ৰসাৰণৰ ফলত অংগবোৰে লৰচৰ কৰিব পাৰে। ইয়াৰ উপৰি কঙ্কাল পেশীসমূহ অস্থিৰ লগত সংযুক্ত হৈ প্ৰাণীৰ চলনত সহায় কৰে।

    ২. নিউৰন (Neuron) দেখাত কেনেকুৱা হয়?

    উত্তৰ: এটা নিউৰন দেখাত তলত দিয়া ধৰণৰ:

    • ই এটা কোষদেহ লৈ গঠিত য’ত এটা ডাঙৰ কোষকেন্দ্ৰ থাকে I
    • কোষদেহৰ পৰা এডাল দীঘল, নলীসদৃশ স্নায়ু প্ৰবৰ্ধ ওলায় যাক এক্সন (Axon) বোলে I
    • কোষদেহৰ পৰা আন কিছুমান চুটি আৰু শাখা-প্ৰশাখাযুক্ত স্নায়ু প্ৰবৰ্ধ ওলায় যাক ডেনড্ৰাইট (Dendrite) বোলে I
    • এটা নিউৰন প্ৰায় ১ মিটাৰ পৰ্যন্ত দীঘল হ’ব পাৰে I

    ৩. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

    উত্তৰ: হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল:

    • এই পেশীসমূহ অনৈচ্ছিক প্ৰকৃতিৰ অৰ্থাৎ ইয়াৰ সংকোচন আৰু প্ৰসাৰণ প্ৰাণীৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ নকৰে।
    • হৃদপেশীৰ তন্তুবোৰ চুঙাকৃতিৰ আৰু শাখা-প্ৰশাখা বিশিষ্ট।
    • এই পেশীৰ কোষবোৰ এক কোষকেন্দ্ৰযুক্ত।

    ৪. এৰিওলাৰ (Areolar) কলাৰ কাৰ্যসমূহ কি কি?

    উত্তৰ: এৰিওলাৰ কলাৰ কাৰ্যসমূহ হ’ল:

    • এই কলাই দেহৰ আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা প্ৰদান কৰে।
    • ই অংগসমূহৰ খালী ঠাইবোৰ পূৰণ কৰি ৰাখে।
    • ই কলাৰ ক্ষত অংশ মেৰামতি কৰাত সহায় কৰে।

    অনুশীলনী 

    ১. "কলা"ৰ সংজ্ঞা দিয়া।

    উত্তৰ: একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আৰু একে আকৃতি-প্ৰকৃতিৰ কোষৰ সমষ্টিয়ে কলা গঠন কৰে।

    ২. কি কি উপাদানেৰে জাইলেম কলা গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা।

    উত্তৰ: জাইলেম কলা চাৰিবিধ উপাদানেৰে গঠিত:

    • ট্ৰেকাইড (Tracheides)
    • নলিকা (Vessels)
    • জাইলেম পেৰেণকাইমা (Xylem parenchyma)
    • কাষ্ঠ তন্তু (Xylem fibre)

    ৩. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক?

    উত্তৰ: সৰল স্থায়ী কলাসমূহ কেৱল এক প্ৰকাৰৰ কোষেৰে গঠিত আৰু এই কোষবোৰ দেখাত একে। আনহাতে, জটিল স্থায়ী কলাসমূহ কেইবা প্ৰকাৰৰ কোষেৰে গঠিত হয় আৰু এই আটাইকেইবিধ কোষে সমন্বয় ৰক্ষা কৰি এটা উমৈহতীয়া কাৰ্য সম্পন্ন কৰে।

    ৪. কোষ বেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, ক'লেণকাইমা আৰু স্কেৰেণকাইমাৰ মাজত থকা পাৰ্থক্য দাঙি ধৰা।

    উত্তৰ:

    বৈশিষ্ট্যপেৰেণকাইমা (Parenchyma)ক'লেণকাইমা (Collenchyma)স্কেৰেণকাইমা (Sclerenchyma)
    কোষবেৰৰ প্ৰকৃতি

    এই কলাৰ কোষবেৰখন পাতল হয়।

    এই কলাৰ কোষবেৰৰ চুকবিলাক ডাঠ হয়।

    ইয়াৰ কোষবেৰখন যথেষ্ট ডাঠ আৰু মজবুত হয়।

    গঠনকাৰী পদাৰ্থ

    ইয়াৰ কোষবেৰখন মূলতঃ ছেলুল’জেৰে গঠিত।

    ইয়াৰ কোষবেৰৰ চুকবোৰত অনিয়মিতভাৱে পদাৰ্থ জমা হৈ স্থূলীকৰণ ঘটে।

    ইয়াৰ কোষবেৰত লিগনিন (Lignin) নামৰ এবিধ ৰাসায়নিক পদাৰ্থ জমা হয়।

    আভ্যন্তৰীণ খালী ঠাই

    কোষবোৰৰ মাজত যথেষ্ট আন্তঃকোষীয় স্থান থাকে।

    কোষবোৰৰ মাজত আন্তঃকোষীয় স্থান একেবাৰে কম বা নাথাকে।

    লিগনিন জমা হোৱাৰ বাবে কোষৰ ভিতৰত কোনো খালী স্থান নাথাকে।

    কোষৰ জীৱনীশক্তি

    এইবোৰ সজীৱ কোষ।

    এইবোৰো সজীৱ আৰু দীঘলীয়া কোষ।

    এই কলাৰ কোষবিলাক মৃত হয়।

     

    ৫. পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি?

    উত্তৰ: পত্ৰৰন্ধ্ৰৰ কাৰ্যসমূহ হ’ল:

    • বায়ুমণ্ডলীয় গেছৰ (যেনে- অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড) আদান-প্ৰদান কৰা।
    • বাষ্পমোচন প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভিদৰ দেহৰ অতিৰিক্ত পানী বাষ্প আকাৰে উলিয়াই দিয়া।

    ৬. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?

    উত্তৰ: প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাবিধ হ'ল পেশীকলা।

    ৭. স্নায়ুকোষ (Neuron) দেখাত কেনেকুৱা হয়?

    উত্তৰ: 

    স্নায়ুকোষ এটা কোষদেহ, এডাল দীঘল এক্সন আৰু কিছুমান চুটি শাখা-প্ৰশাখা যুক্ত ডেনড্ৰাইটেৰে গঠিত। ই দেখাত এটা ক্ষুদ্ৰ গছৰ দৰে আৰু প্ৰায় ১ মিটাৰ পৰ্যন্ত দীঘল হ’ব পাৰে।

    ৮. হৃৎপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

    উত্তৰ: হৃৎপেশীৰ তিনিটা বৈশিষ্ট্য-

    (ক) ই এবিধ অনৈচ্ছিক পেশী। 

    (খ) ইয়াৰ তন্তুবোৰ চুঙাকৃতিৰ আৰু শাখা বিশিষ্ট। 

    (গ) ইয়াৰ কোষবোৰ এক কোষকেন্দ্ৰযুক্ত।

    ৯. এৰিওলাৰ (Areolar) কলাৰ কাৰ্যসমূহ কি কি?

    উত্তৰ: ই আভ্যন্তৰীণ অংগবোৰক সুৰক্ষা দিয়ে আৰু কলাৰ ক্ষত অংশ মেৰামতি কৰাত সহায় কৰে।

    ১০. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্ৰসমূহৰ মাজৰ পাৰ্থক্য দেখুওৱা।

    উত্তৰ: 

     


    বৈশিষ্ট্যৰেখিত পেশী (Striated Muscle)অৰেখিত পেশী (Unstriated Muscle)হৃদপেশী (Cardiac Muscle)
    আকৃতি

    এইবোৰ দীঘলীয়া আৰু চুঙাকৃতিৰ।

    এইবোৰ দীঘল আৰু মাকোসদৃশ (Spindle-shaped)।

    এইবোৰ চুঙাকৃতিৰ।

    শাখা

    এইবোৰ শাখাহীন।

    এইবোৰো শাখাহীন।

    এই পেশীবোৰ শাখাবিশিষ্ট।

    কোষকেন্দ্ৰ

    ইহঁত বহু কোষকেন্দ্ৰযুক্ত (Multinucleate)।

    ইহঁত এক কোষকেন্দ্ৰযুক্ত (Uninucleate)।

    ইহঁত এক কোষকেন্দ্ৰযুক্ত।

    প্ৰকৃতি

    ই ঐচ্ছিক পেশী (ইচ্ছামতে লৰচৰ কৰিব পাৰি)।

    ই অনৈচ্ছিক পেশী (ইচ্ছামতে লৰচৰ কৰিব নোৱাৰি)।

    ই অনৈচ্ছিক পেশী।

    ৰেখা বা পটি

    ইহঁতৰ গাত স্বচ্ছ আৰু অস্বচ্ছ পথালি ৰেখা থাকে।

    ইহঁতৰ গাত কোনো পথালি ৰেখা নাথাকে।

    ইহঁতৰ গাত পথালি ৰেখা থাকে।

    অৱস্থান

    হাত, ভৰি আদিৰ কংকালত থাকে।

    পাচন নলী, ৰক্তনলীকা, চকুৰ আইৰিছ আদিত থাকে।

    কেৱল হৃদযন্ত্ৰৰ বেৰত থাকে।


    ১১. হৃৎপেশীসমূহৰ বিশেষ কাম কি?

    উত্তৰ: হৃৎপেশীসমূহে জীৱনৰ আৰম্ভণিৰ পৰা মৃত্যুলৈকে হৃৎযন্ত্ৰটোক অবিৰতভাৱে লয়বদ্ধ সংকোচন আৰু প্ৰসাৰণ কৰাত সহায় কৰে।

    ১২. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃৎপেশীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।

    উত্তৰ:

    বৈশিষ্ট্যৰেখিত পেশী (Striated Muscle)অৰেখিত পেশী (Unstriated Muscle)হৃৎপেশী (Cardiac Muscle)
    গঠন (Structure)

    এই পেশীবোৰ দীঘলীয়া, চুঙাকৃতিৰ আৰু শাখাহীন। ইহঁতৰ গাত স্বচ্ছ আৰু অস্বচ্ছ পথালি ৰেখা বা পটি থাকে। ইহঁত বহু কোষকেন্দ্ৰযুক্ত।

    এই পেশীবোৰ দীঘল আৰু মাকোসদৃশ, অৰ্থাৎ দুই মূৰ জোঙা। ইহঁতৰ গাত কোনো পথালি ৰেখা নাথাকে। ইহঁত এক কোষকেন্দ্ৰযুক্ত।

    এই পেশীবোৰ চুঙাকৃতিৰ আৰু শাখাবিশিষ্ট। ইহঁতৰ গাতো পথালি ৰেখা দেখিবলৈ পোৱা যায়। ইহঁত এক কোষকেন্দ্ৰযুক্ত।

    অৱস্থান (Location)

    এই পেশীবোৰ সাধাৰণতে আমাৰ হাত, ভৰি আদিৰ অস্থিৰ লগত সংলগ্ন হৈ থাকে।

    এই পেশীবোৰ পাচন নলী, ৰক্তনলীকা, চকুৰ আইৰিছ (Iris), জৰায়ু আৰু হাওঁফাওঁৰ ব্ৰংকাইত পোৱা যায়।

    এই পেশীসমূহ কেৱল হৃদযন্ত্ৰৰ বেৰত পোৱা যায়।


    ১৩. এটা আদৰ্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা।

    উত্তৰ: 

    ১৪. তলত দিয়া কলাসমূহৰ নাম লিখা:

    (a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত? 

    উত্তৰ: আৱৰণী কলা (স্তৰীভূত ছটীয়া আচ্ছাদক কলা)

    (b) পেশী আৰু অস্থিক কি কলাই সংযোগ কৰে? 

    উত্তৰ: টেণ্ডন (Tendon)

    (c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে? 

    উত্তৰ: ফ্লোৱেম (Phloem)

    (d) আমাৰ দেহৰ চৰ্বি থকা সংযোজক কলাবিধৰ নাম কি? 

    উত্তৰ: মেদ কলা (Adipose tissue)

    (e) জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি? 

    উত্তৰ: তেজ (Blood)

    (f) মস্তিষ্কত কি কলা থাকে?

    উত্তৰ: স্নায়ু কলা (Nervous tissue)

    ১৫. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?

    উত্তৰ: সৰল ছটীয়া আচ্ছাদক কলা।

    ১৬. তলত দিয়া প্ৰাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখা: 

    ছাল, অস্থি, বৃক্কৰ আৱৰণ।

    উত্তৰ:

    ছাল: স্তৰীভূত ছটীয়া আচ্ছাদক কলা।

    অস্থি: সংযোজক কলা।

    বৃক্কৰ আৱৰণ: ঘনকাকৃতিৰ আচ্ছাদক কলা।

    ১৭. তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰা:


    উত্তৰ: 









    কলা অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন














































































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website