Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায় - 10

    কোষ-গঠন আৰু কার্য

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤

    অনুশীলনীৰ প্ৰশ্নোত্তৰ

    ১. উত্তৰ দিয়া :

    (a) কোষ কোনে আৱিষ্কাৰ কৰিছিল?

    উত্তৰ: ১৬৬৫ চনত ৰবাৰ্ট হুক নামৰ এজন ব্ৰিটিছ বিজ্ঞানীয়ে কোষ আৱিষ্কাৰ কৰিছিল ।

    (b) কোষ নামটো কোনে দিছিল?

    উত্তৰ: ৰবাৰ্ট হুকে পোনপ্ৰথমে এই কোঠালিবোৰক 'কোষ' (Cell) বুলি নামকৰণ কৰিছিল ।

    (c) কোষৰ প্ৰধান ভাগ দুটা কি কি?

    উত্তৰ: কোষৰ সংগঠনৰ ওপৰত ভিত্তি কৰি কোষক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হৈছে: প্ৰকোষকেন্দ্ৰীয় (Prokaryotic) আৰু সংকোষকেন্দ্ৰীয় (Eukaryotic) কোষ ।

    (d) ক্ৰ’ম’জ’ম কি?

    উত্তৰ: কোষ কেন্দ্ৰত থকা ক্ৰ'মেটিড নামৰ পকোৱা সূতাৰ দৰে গঠনবোৰ কোষ বিভাজনৰ সময়ত সংকুচিত হৈ যি দণ্ডাকৃতিৰ গঠন লয়, তাক ক্ৰ'ম'জম বোলে । এইবোৰে জিন কঢ়িয়ায় আৰু বংশগত গুণবোৰ সন্তানলৈ স্থানান্তৰিত কৰে ।

    (e) কোষৰ কোনটো অংশত কোষংগাণুবোৰ থাকে?

    উত্তৰ: কোষৰ ভিতৰত থকা ডাঠ অৰ্ধজুলীয়া পদাৰ্থ অৰ্থাৎ কোষপ্ৰৰসত (Cytoplasm) কোষংগাণুবোৰ থাকে ।

    ২. কোষৰ অংশসমূহ কি কি?

    উত্তৰ: এটা আদৰ্শ কোষৰ মূল অংশসমূহ হ’ল: ১. কোষাৱৰণ (Cell Membrane) ২. কোষপ্ৰৰস (Cytoplasm) ৩. কোষকেন্দ্ৰ (Nucleus)

    ৩. “কোষ জীৱৰ মৌলিক গঠনগত গোট”— ব্যাখ্যা কৰা।

    উত্তৰ: যিদৰে ইটাৰে এটা ঘৰ সজা হয়, ঠিক তেনেদৰে সৰু সৰু কোষেৰে প্ৰতিটো জীৱৰ শৰীৰ গঠিত হয় । এটা জীৱ যিমানেই ডাঙৰ বা জটিল নহওক কিয়, তাৰ আৰম্ভণি হয় একক কোষৰ পৰা । বিভিন্ন অংগ-প্ৰত্যংগসমূহ কোষৰ সমষ্টিৰে গঠিত কলাৰ দ্বাৰা তৈয়াৰী হয় । সেয়েহে কোষক জীৱদেহৰ মৌলিক গঠনগত গোট বোলা হয় ।

    ৪. প্ৰ’কেৰিঅ’টিক আৰু ইউকেৰিঅ’টিক কোষৰ পাৰ্থক্য লিখা।

    উত্তৰ:

    প্ৰ’কেৰিঅ’টিক (প্ৰকোষকেন্দ্ৰীয়) কোষইউকেৰিঅ’টিক (সংকোষকেন্দ্ৰীয়) কোষ

    কোষকেন্দ্ৰীয় আৱৰণ নাথাকে ।

    সু-সংগঠিত কোষকেন্দ্ৰীয় আৱৰণ থাকে ।

    আৱৰণেৰে আবৃত কোষাংগ নাথাকে ।

    মাইট'কণ্ড্ৰিয়া, গলগি বডি আদি কোষাংগ থাকে ।

    বেক্টেৰিয়া, চায়েন'বেক্টেৰিয়া ।

    উদ্ভিদ আৰু প্ৰাণীকোষ ।

    ৫. প্ৰাণী আৰু উদ্ভিদ কোষৰ ছবি আঁকা আৰু কোষংগাণুসমূহ চিহ্নিত কৰা।

    উত্তৰ:

    ৬. উদ্ভিদকোষ আৰু প্ৰাণীকোষৰ পাৰ্থক্য উল্লেখ কৰা।

    উত্তৰ: উদ্ভিদকোষ আৰু প্ৰাণীকোষৰ মাজৰ পাৰ্থক্যসমূহ হ'ল:

    উদ্ভিদকোষপ্ৰাণীকোষ
    (১) কোষাবৰণৰ উপৰি উদ্ভিদকোষত এখন দৃঢ় কোষবেৰ থাকে।(১) কোষক আৱৰি কোষাবৰণ থাকে। কোষবেৰ নাথাকে।
    (২) কোষৰ মাজভাগত ডাঙৰ ৰসধানী থাকে বাবে কোষকেন্দ্ৰ কোষটোৰ এটা কাষত অৱস্থান কৰে।(২) কোষকেন্দ্ৰই কোষৰ মাজভাগত অৱস্থান কৰে।
    (৩) ৰসধানী ডাঙৰ।(৩) কোষপ্ৰৰসত বহুত সৰু সৰু ৰসধানী থাকে।
    (৪) প্লাষ্টিড থাকে।(৪) প্লাষ্টিড নাথাকে।
    (৫) নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল’ব পাৰে।(৫) নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব নোৱাৰে।

    ৭. হৰিৎকণা কেৱল উদ্ভিদৰ কোষতহে পোৱা যায়।— ব্যাখ্যা কৰা।

    উত্তৰ: উদ্ভিদ জীয়াই থাকিবলৈ সালোক-সংশ্লেষণৰ জৰিয়তে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব লাগে । এই কামৰ বাবে ক্ল'ৰ'ফিলৰ প্ৰয়োজন হয়, যিটো সেউজীয়া বৰণৰ প্লাষ্টিড অৰ্থাৎ হৰিৎকণাত (Chloroplast) থাকে । যিহেতু প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত নকৰে, সেয়েহে সিহঁতৰ কোষত হৰিৎকণা নাথাকে ।

    ৮. তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা : 

    (a) কোষকেন্দ্ৰ 

    উত্তৰ:কোষকেন্দ্ৰ হ'ল কোষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ যিটো সাধাৰণতে কোষৰ কেন্দ্ৰভাগত অৱস্থিত । ই এখন বিন্ধাযুক্ত দুতৰপীয়া কোষকেন্দ্ৰীয় আৱৰণেৰে আবৃত হৈ থাকে । কোষকেন্দ্ৰত ক্ৰ'মেটিড নামৰ সূতাৰ দৰে গঠন থাকে যিবোৰে কোষ বিভাজনৰ সময়ত ক্ৰ'ম'জম গঠন কৰে । এই ক্ৰ'ম'জমে জিন কঢ়িয়াই নিয়ে আৰু পিতৃ-মাতৃৰ গুণবোৰ সন্তানলৈ হস্তান্তৰ কৰে । কোষৰ সকলো জৈৱিক ক্ৰিয়া ইয়াক কেন্দ্ৰ কৰিয়েই পৰিচালিত হয় ।

    (b) কোষপ্ৰৰস 

    উত্তৰ:কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজৰ অংশটো যি এক ডাঠ অৰ্ধজুলীয়া পদাৰ্থৰে গঠিত, তাক কোষপ্ৰৰস বোলে । কোষকেন্দ্ৰৰে সৈতে কোষপ্ৰৰসক একেলগে প্ৰট'প্লাজম বুলি কোৱা হয় । ইয়াত বিভিন্ন কোষাংগসমূহ যেনে— মাইট'কণ্ড্ৰিয়া, গলগি সংঘ, ৰাইব'জ'ম, অন্তঃপ্ৰৰসীয় জালিকা আদি ওপঙি থাকে । কোষত চলি থকা প্ৰায়বোৰ ৰাসায়নিক বিক্ৰিয়া এই কোষপ্ৰৰসতে সম্পন্ন হয়, যিয়ে কোষটোক জীৱন্ত কৰি ৰাখে ।

    (c) প্লাষ্টিড 

    উত্তৰ:উদ্ভিদ কোষৰ কোষপ্ৰৰসত সিঁচৰতি হৈ থকা বিভিন্ন ৰঙৰ সৰু সৰু গঠনবোৰক প্লাষ্টিড বোলে । ইহঁত কেৱল উদ্ভিদ কোষতহে পোৱা যায় । যিবোৰ প্লাষ্টিডত ক্ল’ৰ’ফিল নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে, সেইবোৰক ক্ল’ৰ’প্লাষ্ট বা হৰিৎকণা বোলা হয় । এই হৰিৎকণাৰ উপস্থিতিয়েই উদ্ভিদৰ পাত সেউজীয়া কৰে আৰু সালোক-সংশ্লেষণ প্ৰক্ৰিয়াত সহায় কৰে । ইয়াৰ উপৰি ফুল বা ফলত আন ৰঙীন প্লাষ্টিড দেখা যায় ।

    (d) গলগি বডি (Golgi body) 

    উত্তৰ:১৮৯৮ চনত ইটালীৰ জীৱবিজ্ঞানী কেমিল' গলগিয়ে গলগি সংঘ বা গলগি বডি আৱিষ্কাৰ কৰিছিল । এইবোৰ দেখিবলৈ কিছুমান চেপেটা আৰু থালীসদৃশ যিবোৰ এটাৰ ওপৰত আনটো জাপ খাই থাকে । ইহঁত সংকোষকেন্দ্ৰীয় কোষত পোৱা যায় । গলগি বডিত বিভিন্ন প্ৰ’টিন অণুৰ গুৰুত্বপূৰ্ণ ৰাসায়নিক ৰূপান্তৰ আৰু পেকেজিং সম্পন্ন হয় । কোষৰ পৰা বিভিন্ন পদাৰ্থ নিঃসৰণ আৰু পৰিবহণ কৰাত ই মুখ্য ভূমিকা পালন কৰে।

    (e) ৰসধানী

    উত্তৰ:কোষপ্ৰৰসত থকা পাতল আৱৰণেৰে আবৃত খালী ঠাইৰ দৰে গঠনবোৰক ৰসধানী বোলে । উদ্ভিদ কোষত এটা ডাঙৰ কেন্দ্ৰীয় ৰসধানী থাকে যিটোৱে কোষৰ প্ৰায়ভাগ ঠাই আগুৰি ৰাখে । ইয়াৰ আৱৰণখনক ট’ন’প্লাষ্ট বোলে । ৰসধানী অৰ্ধজুলীয়া পদাৰ্থৰে পূৰ হৈ থাকে । ই কোষৰ বৰ্জিত পদাৰ্থ জমা ৰখাৰ লগতে কোষৰ দৃঢ়তা প্ৰদান কৰাত সহায় কৰে । প্ৰাণীকোষত ৰসধানীবোৰ তুলনামূলকভাৱে বহুত সৰু হয় ।

    ৯. তলৰ উক্তিবোৰ সত্য নে অসত্য উল্লেখ কৰা। 

    (a) এককোষী জীৱৰ দেহত এটাহে কোষ থাকে। 

    উত্তৰ: সত্য

    (b) এটা জীৱৰ মৌলিক জীৱিত গোট হ’ল অংগ। 

    উত্তৰ: অসত্য (সঠিক উত্তৰ হ'ল কোষ)

    (c) এমিবাৰ আকৃতি অনিয়মীয়া। 

    উত্তৰ: সত্য

    (d) পেশীকোষবোৰ শাখাযুক্ত।

    উত্তৰ: অসত্য (স্নায়ুকোষহে শাখাযুক্ত, পেশীকোষবোৰ মাকোৰ দৰে দুইমূৰ জোঙা হয়)

     

    কোষ-গঠন আৰু কার্য অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন





























































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website