Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায় - 11

    কৈশোৰ প্ৰাপ্তি

    ​MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    অনুশীলনীৰ প্ৰশ্নোত্তৰ

    ১) স্থিৰ অৱস্থাত থকা বস্তু এটাক কেনেকৈ গতি প্ৰদান কৰিব পাৰি?

    উত্তৰ: স্থিৰ অৱস্থাত থকা বস্তু এটাক ঠেলা মাৰি বা টানি অর্থাৎ বল প্ৰয়োগ কৰি গতি প্ৰদান কৰিব পাৰি ।

    ২) গৈ থকা বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে কি কি হ'ব পাৰে?

    উত্তৰ: গৈ থকা বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে তলত দিয়া ধৰণে পৰিৱৰ্তন হ’ব পাৰে:

    • বস্তুৰ দ্ৰুতি (Speed) বাঢ়িব পাৰে বা কমিব পাৰে ।


    • বস্তুৰ গতিৰ দিশ সলনি হ’ব পাৰে ।


    • বস্তুৰ গতি আৰু দিশ উভয়ৰে পৰিৱৰ্তন ঘটিব পাৰে ।


    • গতিশীল বস্তু এটা ৰৈ যাব পাৰে ।


    ৩) গতিৰ দিশ সলনি কৰিবলৈ কি কৰিব লাগে?

    উত্তৰ: বস্তু এটাৰ গতিৰ দিশ সলনি কৰিবলৈ বস্তুৰ গতিপথৰ বেলেগ এটা কোণত বল প্ৰয়োগ কৰিব লাগে । উদাহৰণস্বৰূপে, ক্ৰিকেটত বেটছমেনে বেটেৰে বলটোত বেঁকাকৈ বল প্ৰয়োগ কৰি ইয়াৰ দিশ সলনি কৰি দিয়ে ।

    ৪) এটা গধুৰ বস্তু দাঙিবলৈ আমি বেছি বল প্ৰয়োগ কৰিব লাগে আৰু পাতল বস্তু দাঙিবলৈ কম বল প্ৰয়োগ কৰিব লাগে। কাৰণ কি বুজাই লিখা।

    উত্তৰ: এটা বস্তু দাঙিবলৈ বা লৰচৰ কৰিবলৈ আমি লব্ধ বল (Net Force) ব্যৱহাৰ কৰিব লাগে । গধুৰ বস্তু এটাৰ ভৰ বেছি হোৱা বাবে ইয়াৰ স্থিৰ অৱস্থা সলনি কৰিবলৈ অধিক লব্ধ বলৰ প্ৰয়োজন হয় । পাতল বস্তুৰ ক্ষেত্ৰত কম লব্ধ বল দিলেই কামটো সহজ হৈ পৰে । প্ৰকৃততে আমাৰ পেশীৰ পৰা উৎপন্ন হোৱা বলৰ পৰিমাণ বস্তুৰ গধুৰতাৰ ওপৰত নিৰ্ভৰ কৰি কম-বেছি কৰিব লাগে ।

    ৫) বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া।

    উত্তৰ:

    • ঠেলা: মজিয়াত ৰৈ থকা টেবুল এখন ঠেলা দিলে ই গতি কৰে ।


    • টনা: কুঁৱাৰ পৰা পানীৰ বাল্টি ওপৰলৈ তুলিবলৈ ৰছীডাল টানিলে বাল্টিটোৱে গতি পায় ।


    ৬) বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া।

    উত্তৰ:

    • ময়দাৰ লাডু এটা হাতৰ আঙুলিৰে বিভিন্ন দিশত বল দি চিঙৰা বা লুচিৰ আকৃতি দিব পাৰি ।


    • লোৰ মাৰি এডালক বল প্ৰয়োগ কৰি বেঁকা কৰিব পাৰি ।


    ৭) তলৰ বলকেইটাৰ সংজ্ঞা দিয়া : 

    ক) স্থিতিস্থাপক বল 

    উত্তৰ: বল প্ৰয়োগ কৰি কোনো এটা বস্তুৰ দৈৰ্ঘ্য, আয়তন বা আকাৰ সলনি কৰিব খুজিলে বস্তুটোৱে যি নিজা বলৰ সহায়ত বাধা প্ৰদান কৰে আৰু বলটো আঁতৰাই নিলে আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে, তাক স্থিতিস্থাপক বল বোলে ।

    খ) চুম্বকীয় বল 

    উত্তৰ: চুম্বকে আন চুম্বকৰ ওপৰত বা চুম্বকজাতীয় পদাৰ্থৰ ওপৰত যি আকৰ্ষণ বা বিকৰ্ষণ বল প্ৰয়োগ কৰে, তাক চুম্বকীয় বল বোলে ।

    গ) মহাকৰ্ষণিক বল 

    উত্তৰ: বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৰ মাজত থকা পাৰস্পৰিক আকৰ্ষণী বলক মহাকৰ্ষণিক বল বোলে ।

    ঘ) নিউক্লীয় বল

    উত্তৰ:  পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰ'টন আৰু নিউট্ৰনবোৰক এক শক্তিশালী আকৰ্ষণী বলে যি বান্ধি ৰাখে, তাক নিউক্লীয় বল বোলে ।

    ৮) তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ কৰা হৈছে চিনাক্ত কৰা:

    ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা।

    উত্তৰ:নেমু চেপি ধৰা: কাৰক — হাতৰ আঙুলিৰ পেশীয় বল; বস্তু — নেমু।

    খ) টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা। 

    উত্তৰ:টুথপেষ্ট উলিওৱা: কাৰক — হাতৰ আঙুলিৰ পেশীয় বল; বস্তু — টুথপেষ্ট টিউব।

    গ) বেৰৰ হাঁকোটাৰ পৰা ওলমাই থোৱা স্প্রিং এডালৰ আনটো মুৰত গধুৰ ভাৰ এটা ওলমাই থোৱা হৈছে। 

    উত্তৰ: স্প্রিং এডালত ভাৰ ওলমোৱা: কাৰক — ওলোমাই থোৱা গধুৰ ভাৰৰ ওজন (মহাকৰ্ষণিক বল); বস্তু — স্প্ৰিং।

    ঘ) নিৰ্দিষ্ট উচ্চতাৰ প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিওৱা।

    উত্তৰ: খেলুৱৈ এজনে জঁপিওৱা: কাৰক — খেলুৱৈজনৰ ভৰিৰ পেশীয় বল; বস্তু — খেলুৱৈজনৰ নিজৰ দেহ। 

    ৯) এটা বস্তুৰ ওপৰত দুটা বলে একে সময়তে ক্ৰিয়া কৰিলে মুঠ ফল কি হ'ব?

    উত্তৰ:

    • যদি দুয়োটা বলে একে দিশত ক্ৰিয়া কৰে, তেন্তে মুঠ বল যোগ হ'ব ।


    • যদি বল দুটা বিপৰীত দিশত ক্ৰিয়া কৰে, তেন্তে মুঠ লব্ধ বল হ'ব বল দুটাৰ পাৰ্থক্যৰ সমান ।


    ১০) যেতিয়া দুটা বা ততোধিক বলে এটা বস্তুৰ ওপৰত বিভিন্ন দিশত ক্ৰিয়া কৰে কি ঘটিব?

    উত্তৰ: যেতিয়া এটা বস্তুৰ ওপৰত বিভিন্ন দিশত বল ক্ৰিয়া কৰে, তেতিয়া বস্তুটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান আৰু দিশ মুঠ লব্ধ বল (Net Force) অনুযায়ীহে বস্তুৰ ওপৰত প্ৰভাৱ পৰিব । বস্তুটো সদায় লব্ধ বলৰ দিশত গতি কৰিব ।

    ১১) দ্ৰুতি কাক বোলে? দ্ৰুতিৰ মান কেতিয়া বৃদ্ধি পায় আৰু কেতিয়া কমে?

    উত্তৰ: বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বই হৈছে দ্ৰুতি ।

    • যেতিয়া বস্তুৰ গতিৰ দিশত বল প্ৰয়োগ কৰা হয়, তেতিয়া দ্ৰুতিৰ মান বৃদ্ধি পায় ।


    • যেতিয়া গতিৰ বিপৰীত দিশত বল প্ৰয়োগ কৰা হয়, তেতিয়া দ্ৰুতিৰ মান হ্ৰাস পায় বা কমে ।


    ১২) বল প্ৰয়োগ কৰিলে বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন হ’বই নে? এটা উদাহৰণ দি বুজাই লিখা।

    উত্তৰ: বল প্ৰয়োগ কৰিলে সদায় বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন নহ’বও পাৰে । উদাহৰণস্বৰূপে, যদি আমি এখন পকী বেৰত জোৰেৰে ঠেলা মাৰো, বেৰখন লৰচৰ নহয় । তেনেদৰে বহুত গধুৰ বাকচ এটা সৰ্বোচ্চ বল দিলেও লৰাব নোৱাৰিব পাৰি ।

    ১৩) তলৰ উক্তিৰোৰত খালী স্থান পূৰ কৰা:

    ক) কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল ________ লাগে। 

    উত্তৰ:কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল টানিব লাগে ।

    খ) বোজাই কৰা ট্রলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ________ লাগিব। 

    উত্তৰ:বোজাই কৰা ট্রলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ঠেলিব/টানিব লাগিব ।

    গ) দুটা বস্তুৰ ________ ক্ৰিয়াৰ বাবে বলৰ জন্ম হয়। 

    উত্তৰ: দুটা বস্তুৰ পাৰস্পৰিক ক্ৰিয়াৰ বাবে বলৰ জন্ম হয় ।

    ঘ) ________ বলৰ উৎস বৈদ্যুতিক আধান।

    উত্তৰ:বৈদ্যুতিক বলৰ উৎস বৈদ্যুতিক আধান ।

    ঙ) ________ বলৰ কাৰণে গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে ঘূৰে।

    উত্তৰ: মহাকৰ্ষণিক বলৰ কাৰণে গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে ঘূৰে ।


    কৈশোৰ প্ৰাপ্তি অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন


    বিজ্ঞান কুইজ - বল আৰু গতি



























































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website