Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায় - 10

    কৈশোৰ প্ৰাপ্তি

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    অনুশীলনী:

    ১। দেহৰ পৰিৱৰ্তনৰ সময়ত অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ নিঃসৰণক কি বোলে?

    উত্তৰ: দেহৰ পৰিৱৰ্তনৰ সময়ত অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ নিঃসৰণক হৰম’ন (Hormone) বোলে।

    ২। কৈশোৰপ্ৰাপ্তিৰ সংজ্ঞা লিখা। 

    উত্তৰ: জীৱনৰ যিটো সময়ত শৰীৰত বিভিন্ন পৰিৱৰ্তন ঘটি প্ৰজনন ক্ষমতা লাভ কৰে, সেই সময়ছোৱাকে কৈশোৰপ্ৰাপ্তি (Adolescence) বোলে। সাধাৰণতে ১১ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সলৈকে এই সময়ছোৱা বিস্তৃত হৈ থাকে।

    ৩। ঋতুস্ৰাৱ কি? বহলাই লিখা।

    উত্তৰ: মহিলাৰ প্ৰজনন ক্ষমতা আৰম্ভ হোৱাৰ লগে লগে (সাধাৰণতে ১০-১২ বছৰ বয়সত) প্ৰতি মাহত ডিম্বাশয়ৰ পৰা একোটা ডিম্বাণু নিৰ্গত হয়। এই সময়ত জৰায়ুৰ বেৰখন গৰ্ভধাৰণৰ বাবে ডাঠ আৰু তেজৰে পৰিপূৰ্ণ হৈ সাজু হয়। যদি ডিম্বাণুটোৰ নিষেচন নহয়, তেন্তে জৰায়ুৰ সেই ডাঠ আৱৰণখন আৰু তেজখিনি যোনিপথেৰে বাহিৰলৈ ওলাই আহে। ইয়াকে ঋতুস্ৰাৱ (Menstruation) বোলে। ই প্ৰায় ২৮ পৰা ৩০ দিনৰ মূৰে মূৰে সংঘটিত হয়।

    ৪। যৌৱনাৰম্ভত হোৱা দেহৰ পৰিৱৰ্তনসমূহৰ তালিকা প্ৰস্তুত কৰা।

    উত্তৰ: যৌৱনাৰম্ভত হোৱা প্ৰধান পৰিৱৰ্তনসমূহ হ’ল:

    • উচ্চতাৰ হঠাত বৃদ্ধি।

    • শৰীৰৰ আকৃতিৰ পৰিৱৰ্তন (যেনে- ল’ৰাৰ কান বহল হোৱা আৰু ছোৱালীৰ ককালৰ অংশ বহল হোৱা)।

    • গৌণ লৈঙ্গিক বৈশিষ্ট্যৰ বিকাশ (যেনে- ল’ৰাৰ দাড়ি-গোঁফ গজা আৰু ছোৱালীৰ স্তনৰ বিকাশ)।

    • ঘৰ্মগ্ৰন্থি আৰু তৈলগ্ৰন্থিৰ অধিক সক্ৰিয়তা।

    • প্ৰজনন অংগসমূহৰ পৰিপক্কতা লাভ।


    ৫। অন্তঃস্ৰাৱী গ্ৰন্থি আৰু সিহঁতে নিঃসৰণ কৰা হৰম’নৰ দুটা স্তম্ভ থকা এখন তালিকা প্ৰস্তুত কৰা।

    উত্তৰ:

    অন্তঃস্ৰাৱী গ্ৰন্থিনিসৃত হৰম’ন
    পিটুইটাৰী গ্ৰন্থিবৃদ্ধি হৰম’ন
    থাইৰ’য়ড গ্ৰন্থিথাইৰ’ক্সিন
    অগ্ন্যাশয়ইনচুলিন
    এড্ৰিনেল গ্ৰন্থিএড্ৰিনেলিন
    শুক্রাশয় (পুৰুষ)টেষ্ট’ষ্টেৰন
    ডিম্বাশয় (মহিলা)ইষ্ট্ৰ’জেন

    ৬। লৈঙ্গিক হৰম’ন কি? সেইবোৰক কিয় এনেদৰে নামকৰণ কৰা হয়? সিহঁতৰ কাৰ্য লিখা।

    উত্তৰ: যিবোৰ হৰম’নে প্ৰাণীৰ লৈঙ্গিক বৈশিষ্ট্যসমূহ নিয়ন্ত্ৰণ কৰে, সেইবোৰক লৈঙ্গিক হৰম’ন বোলে। পুৰুষৰ ক্ষেত্ৰত টেষ্ট’ষ্টেৰন আৰু মহিলাৰ ক্ষেত্ৰত ইষ্ট্ৰ’জেন হ’ল লৈঙ্গিক হৰম’ন।

    • নামকৰণৰ কাৰণ: এই হৰম’নবোৰে ল’ৰা আৰু ছোৱালীৰ গৌণ লৈঙ্গিক চৰিত্ৰসমূহ বিকশিত কৰাত সহায় কৰে বাবে এনেদৰে নামকৰণ কৰা হয়।

    • কাৰ্য: এই হৰম’নবোৰে পুৰুষৰ দাড়ি-গোঁফ গজা, কণ্ঠস্বৰ পৰিৱৰ্তন হোৱা আৰু মহিলাৰ স্তনৰ বিকাশ তথা ঋতুচক্ৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

    ৭। শুদ্ধ উত্তৰ বাছি উলিওৱা।

    (ক) কিশোৰ-কিশোৰীসকল খাদ্যৰ প্ৰতি সাৱধান হ’ব লাগে, কাৰণ— 

    (i) সঠিক আহাৰে মগজু বিকাশ ঘটায়। 

    (ii) দেহৰ দ্ৰুত গতিত বৃদ্ধিৰ বাবে সঠিক আহাৰৰ প্ৰয়োজন। 

    (iii) কিশোৰ-কিশোৰীৰ সোনকালে ভোক লাগে। 

    (iv) কিশোৰ-কিশোৰীৰ স্বাদবুটবোৰ বিকশিত।

    উত্তৰ: (ii) দেহৰ দ্ৰুত গতিত বৃদ্ধিৰ বাবে সঠিক আহাৰৰ প্ৰয়োজন।

    (খ) স্ত্ৰীৰ প্ৰজনন কাল আৰম্ভ হয় যেতিয়া তেওঁলোকৰ— 

    (i) ঋতুচক্ৰ আৰম্ভ হয়। 

    (ii) স্তনৰ বিকাশ হয়। 

    (iii) দেহৰ ওজন বাঢ়ে। 

    (iv) উচ্চতা বাঢ়ে।

    উত্তৰ: (i) ঋতুচক্ৰ আৰম্ভ হয়।

    (গ) কিশোৰ-কিশোৰীৰ সঠিক আহাৰ হৈছে— 

    (i) চিপ্ছ, চাওমিন, কোকাকোলা। 

    (ii) ৰুটী, দাইল, শাক-পাচলি। 

    (iii) ভাত, চাওমিন, বাৰ্গাৰ। 

    (iv) কাটলেট, চিপ্ছ আৰু নেমুৰ চৰবত।

    উত্তৰ: (ii) ৰুটী, দাইল, শাক-পাচলি।

    ৮। টোকা লিখা -

    (ক) ঘামিকা (Adam's Apple)

    উত্তৰ: যৌৱনাৰম্ভৰ সময়ত ল’ৰাবোৰৰ স্বৰযন্ত্ৰ বা লেৰিংক্স (Larynx) বৃদ্ধি পাবলৈ আৰম্ভ কৰে । ল’ৰাৰ এই বৃদ্ধি হোৱা স্বৰযন্ত্ৰটো ডিঙিৰ সন্মুখভাগত এটা টেমুনাৰ দৰে স্পষ্টকৈ ওলাই আহে, ইয়াকে ঘামিকা বা ‘এডামছ এপল’ (Adam's Apple) বোলে । ইয়াৰ ফলত ল’ৰাৰ কণ্ঠস্বৰ শকত আৰু গভীৰ হৈ পৰে। আনহাতে, ছোৱালীবোৰৰ স্বৰযন্ত্ৰ আকাৰত সৰু হোৱা বাবে বাহিৰৰ পৰা বিশেষ দেখা নাযায় আৰু তেওঁলোকৰ কণ্ঠস্বৰ মিহি বা তীব্ৰ হয়। এই পৰিৱৰ্তনসমূহ হৰম’নৰ ক্ৰিয়াৰ বাবে সংঘটিত হয় ।

    (খ) গৌণ লৈঙ্গিক বৈশিষ্ট্যসমূহ

    উত্তৰ: যিবোৰ বাহ্যিক চৰিত্ৰৰ সহায়ত ল’ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য চিনিব পাৰি, সেইবোৰক গৌণ লৈঙ্গিক বৈশিষ্ট্য বোলে । যৌৱনাৰম্ভৰ সময়ত লৈঙ্গিক হৰম’নৰ প্ৰভাৱত এইবোৰ বিকশিত হয় । যেনে— ছোৱালীৰ ক্ষেত্ৰত স্তনৰ বিকাশ ঘটে আৰু ল’ৰাৰ মুখমণ্ডলত দাড়ি-গোঁফ গজিবলৈ আৰম্ভ কৰে । ইয়াৰ উপৰি ল’ৰাৰ বুকুত নোম গজে আৰু উভয়ৰে বাহুৰ তলত তথা গুপ্তাংগৰ আশে-পাশে নোম গজিবলৈ ধৰে । এই লক্ষণসমূহে এজন কিশোৰ বা কিশোৰীক প্ৰজননক্ষম হোৱাৰ সংকেট দিয়ে।

    (গ) লিংগ নিৰ্ধাৰণ

    উত্তৰ: মানুহৰ প্ৰতিটো কোষৰ কোষকেন্দ্ৰত ২৩ যোৰ ক্ৰম’জম থাকে, যাৰ ভিতৰত এযোৰ হ’ল লিংগ ক্ৰম’জম (X আৰু Y) । সন্তান ল’ৰা হ’ব নে ছোৱালী হ’ব সেয়া নিৰ্ভৰ কৰে পিতৃৰ পৰা পোৱা শুক্ৰাণুৰ ওপৰত । মাতৃৰ ডিম্বাণুত সদায় ‘X’ ক্ৰম’জম থাকে । যদি এটা ‘X’ ক্ৰম’জমযুক্ত শুক্ৰাণুৱে ডিম্বাণুটোক নিষেচন কৰে, তেন্তে যোজন কোষটো ‘XX’ হৈ ছোৱালী সন্তানৰ জন্ম দিয়ে । আনহাতে, যদি এটা ‘Y’ ক্ৰম’জমযুক্ত শুক্ৰাণুৱে নিষেচন কৰে, তেন্তে যোজন কোষটো ‘XY’ হৈ ল’ৰা সন্তানৰ সৃষ্টি কৰে ।

    ৯। খালী ঠাই পূৰণ কৰা - 

    (i)  মগজুৰ লগত সংলগ্ন অন্তঃস্ৰাৱী গ্ৰন্থি ——————।

    উত্তৰ:মগজুৰ লগত সংলগ্ন অন্তঃস্ৰাৱী গ্ৰন্থি পিটুইটাৰী। 

    (ii) অগ্ন্যাশয়ে নিঃসৰণ কৰা হৰম’নক —————— বোলে।

     উত্তৰ:অগ্ন্যাশয়ে নিঃসৰণ কৰা হৰম’নক ইনচুলিন বোলে। 

    (iii) ১১ বছৰৰপৰা ১৯ বছৰৰ ল'ৰা-ছোৱালীক —————— বোলে।

    উত্তৰ: ১১ বছৰৰপৰা ১৯ বছৰৰ ল'ৰা-ছোৱালীক কিশোৰ-কিশোৰী বোলে। 

    (iv) পলুৰপৰা প্ৰাপ্তবয়স্কলৈ হোৱা পৰিৱৰ্তনক —————— বোলে।

    উত্তৰ: পলুৰপৰা প্ৰাপ্তবয়স্কলৈ হোৱা পৰিৱৰ্তনক কায়ান্তৰণ বোলে। 

    (v) থাইৰ’ক্সিন হৰম’নৰ উৎপাদনৰ বাবে —————— প্ৰয়োজন।

    উত্তৰ: থাইৰ’ক্সিন হৰম’নৰ উৎপাদনৰ বাবে আয়’ডিন প্ৰয়োজন।

    ১০। চমু টোকা লিখা -

    (i) ৰজোদৰ্শন (menarche)

    উত্তৰ: মহিলাৰ প্ৰজনন ক্ষমতা বা যৌৱনাৱস্থা আৰম্ভ হোৱাৰ এক প্ৰধান লক্ষণ হ’ল ঋতুস্ৰাৱ । এজনী ছোৱালীৰ জীৱনত পোনপ্ৰথমবাৰৰ বাবে হোৱা এই ঋতুস্ৰাৱ বা ঋতুচক্ৰৰ আৰম্ভণি প্ৰক্ৰিয়াটোকে ৰজোদৰ্শন (Menarche) বোলে । সাধাৰণতে ১০ ৰ পৰা ১২ বছৰ বয়সৰ ভিতৰত ই আৰম্ভ হয় । ইয়াৰ অৰ্থ হ’ল ছোৱালীজনীৰ শৰীৰত থকা ডিম্বাশয়ৰ পৰা পৈণত ডিম্বাণু নিৰ্গত হ’বলৈ আৰম্ভ কৰিছে আৰু তেওঁৰ জৰায়ু গৰ্ভধাৰণৰ বাবে সক্ষম হৈ উঠিছে । ই কিশোৰী এগৰাকীৰ প্ৰজনন জীৱনৰ আৰম্ভণিৰ সংকেত দিয়ে।

    (ii) ৰজোবন্ধ (menopause)

    উত্তৰ: মহিলাৰ প্ৰজনন ক্ষমতা গোটেই জীৱন একেদৰে নাথাকে । বয়স বৃদ্ধিৰ লগে লগে এজনী মহিলাৰ শৰীৰত ডিম্বাণু উৎপাদন আৰু নিৰ্গমন হোৱা প্ৰক্ৰিয়াটো লাহে লাহে কমি আহে আৰু শেষত বন্ধ হৈ যায়। সাধাৰণতে ৪৫ ৰ পৰা ৫০ বছৰ বয়সত মহিলাৰ ঋতুচক্ৰ বা ঋতুস্ৰাৱ স্থায়ীভাৱে বন্ধ হৈ পৰে । ঋতুচক্ৰ বন্ধ হোৱাৰ এই শাৰীৰিক অৱস্থাটোক ৰজোবন্ধ বা ৰজোবন্ধ(Menopause) বোলে । ই মহিলাৰ প্ৰজনন কালৰ সমাপ্তি সূচায়। ইয়াৰ পিছত এগৰাকী মহিলাই স্বাভাৱিকভাৱে সন্তান জন্ম দিব নোৱাৰে।

    (iii) যৌৱনাৰম্ভ (puberty)

    উত্তৰ: জীৱনৰ যিটো সময়ত মানুহৰ শৰীৰত বিভিন্ন শাৰীৰিক পৰিৱৰ্তন ঘটে আৰু প্ৰজনন ক্ষমতা লাভ কৰে, সেই সময়ছোৱাকে যৌৱনাৰম্ভ (Puberty) বোলে । এই সময়ত ল’ৰা-ছোৱালীৰ দৈহিক গঠনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহে । উদাহৰণস্বৰূপে, ল’ৰাৰ কণ্ঠস্বৰ সলনি হয় আৰু দাড়ি-গোঁফ গজিবলৈ ধৰে । আনহাতে ছোৱালীৰ ক্ষেত্ৰত ঋতুচক্ৰ আৰম্ভ হয় । এই পৰিৱৰ্তনসমূহ মূলত হৰম’নৰ ক্ৰিয়াৰ বাবে সংঘটিত হয় । যৌৱনাৰম্ভৰ শেষৰ ফালে এজন কিশোৰ বা কিশোৰী শাৰীৰিক আৰু মানসিকভাৱে প্ৰজননৰ বাবে সক্ষম হৈ উঠে ।

     


    কৈশোৰ প্ৰাপ্তি অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন


    অধ্যায় ১০: কৈশোৰপ্ৰাপ্তি - ১০০ MCQ

    অধ্যায় ১০: কৈশোৰপ্ৰাপ্তি - সম্পূৰ্ণ ১০০ MCQ








































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website