Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায় - 7

    জীৱৰ বিচিত্ৰতা

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    প্ৰশ্নাৱলী

    ১. আমি জীৱবিলাকৰ কিয় শ্ৰেণী বিভাজন কৰো? 

    উত্তৰ: পৃথিৱীত কোটি কোটি বিভিন্ন প্ৰজাতিৰ জীৱ আছে। এই আটাইখিনি জীৱৰ বিষয়ে এটা এটাকৈ অধ্যয়ন কৰি জানি বুজি লোৱাটো সম্ভৱ নহয়। সেয়েহে, জীৱবিলাকৰ মাজৰ সাদৃশ্য আৰু পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি সিহঁতক বিভিন্ন শ্ৰেণী আৰু উপ-শ্ৰেণীত বিভক্ত কৰি অধ্যয়নৰ বাবে সুবিধা কৰি ল'বলৈ আমি জীৱবিলাকৰ শ্ৰেণী বিভাজন কৰো।

    ২. তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া। 

    উত্তৰ: আমাৰ চাৰিওপাশে দেখা পোৱা জীৱবিলাকৰ মাজত থকা তিনিটা পাৰ্থক্যৰ উদাহৰণ হ'ল—

    • আকাৰৰ পাৰ্থক্য: বেক্টেৰিয়াৰ দৰে অণুবীক্ষণিক জীৱৰ পৰা আৰম্ভ কৰি ৩০ মিটাৰ দীঘল নীল তিমি আৰু ১০০ মিটাৰ ওখ ৰেড উড ট্ৰি পৰ্যন্ত দেখা পোৱা যায়।

    • আয়ুসৰ পাৰ্থক্য: কিছুমান পাইন গছ হাজাৰ বছৰ জীয়াই থাকে, আনহাতে মহজাতীয় পতংগ মাত্ৰ কেইদিনমানহে জীয়াই থাকে।

    • বৰণৰ পাৰ্থক্য: কিছুমান জীৱ বৰণহীন বা স্বচ্ছ, আনহাতে কিছুমান চৰাই বা ফুল বাৰে-বৰণীয়া হয়।

    প্ৰশ্নাৱলী

    ১. জীৱগতৰ শ্ৰেণী বিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেচি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা? (ক) সিহঁতে বসবাস কৰা স্থানক? (খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক? আৰু কিয়? 

    উত্তৰ: আমি (খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিম। 

    কাৰণ: কাৰণ কোষৰ প্ৰকাৰে (সংকোষকেন্দ্ৰীয় নে প্ৰকোষকেন্দ্ৰীয়) কোষটোৰ মৌলিক গঠন আৰু জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াসমূহ নিৰ্ণয় কৰে। সংকোষকেন্দ্ৰীয় কোষ থকা জীৱবোৰৰ সংগঠনৰ ক্ষমতা থাকে আৰু বিশেষ কাৰ্য সম্পাদনৰ বাবে বহুকোষী দেহ গঠন কৰিব পাৰে। আনহাতে, কেৱল বসবাস কৰা স্থানৰ ওপৰত ভিত্তি কৰি কৰা শ্ৰেণীবিভাজনে (যেনে: পানীৰ মাছ আৰু তিমি) জীৱবোৰৰ মাজত থকা প্ৰকৃত সম্পৰ্ক বা মৌলিক পাৰ্থক্যবোৰ সঠিকভাৱে প্ৰকাশ নকৰে।

    ২. জীৱজগতৰ শ্ৰেণীবিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি? 

    উত্তৰ: জীৱজগতৰ শ্ৰেণীবিভাজনৰ প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ'ল— কোষটোৰ প্ৰকৃতি, অৰ্থাৎ কোষটো প্ৰকোষকেন্দ্ৰীয় (Prokaryotic) নে সংকোষকেন্দ্ৰীয় (Eukaryotic)।

    ৩. কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে? 

    উত্তৰ: উদ্ভিদ আৰু প্ৰাণীবিলাকক পৃথক ভাগত স্থান দিয়াৰ মূল ভিত্তি দুটা হ'ল—

    • পৰিপুষ্টিৰ ধৰণ: উদ্ভিদে সালোক সংশ্লেষণৰ জৰিয়তে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে (স্বপুষ্ট), কিন্তু প্ৰাণীয়ে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে (পৰপুষ্ট)।

    • কোষৰ গঠন: উদ্ভিদৰ কোষত কোষবেৰ (Cell wall) থাকে, কিন্তু প্ৰাণীৰ কোষত কোষবেৰ নাথাকে।


    প্ৰশ্নাৱলী 

    ১. কোনবোৰ জীৱক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক?

    উত্তৰ: যিবিলাক জীৱৰ দেহৰ অবয়ব বা গঠন প্ৰাচীন কালৰ জীৱবিলাকতকৈ বৰ বেছি পৰিৱৰ্তন বা ৰূপান্তৰ ঘটা নাই, তেনে জীৱবিলাকক "আদিম" বা "নিম্ন স্তৰৰ জীৱ" (Primitive) বুলি কোৱা হয়.

    এইবোৰ উচ্চস্তৰীয় জীৱতকৈ তলত দিয়া ধৰণে পৃথক:

    • নিম্নস্তৰীয় জীৱবোৰৰ দেহৰ গঠন তুলনামূলকভাৱে সৰল.


    • আনহাতে, উচ্চস্তৰীয় বা অগ্ৰগামী জীৱবোৰৰ দেহৰ আৰ্হি এনেকৈ অভিযোজন কৰি লয় যাতে সিহঁতে বৰ্তমান কালৰ পৰিৱেশৰ লগত খাপ খাই থাকিব পাৰে.


    • ক্ৰমবিকাশৰ ধাৰাত উচ্চস্তৰীয় জীৱৰ দেহৰ অবয়ব সৰল পৰ্যায়ৰ পৰা জটিল পৰ্যায়ৰ ফালে ধাবিত হয়.


    ২. উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেইনে? যদি হয়, কিয়?

    উত্তৰ: হয়, উচ্চস্তৰীয় জীৱবিলাক জটিল জীৱসমূহৰ দৰে একেই.

    কাৰণ: ক্ৰমবিকাশৰ গতি ধাৰাত জীৱবিলাকৰ দেহৰ অবয়ব বা আৰ্হি সময়ৰ লগে লগে সৰল পৰ্যায়ৰ পৰা জটিল পৰ্যায়ৰ ফালে ধাবিত হয়. যিহেতু উচ্চস্তৰীয় জীৱবিলাকৰ ক্ৰমবিকাশৰ সময়ত দেহৰ গঠনত বিভিন্ন পৰিৱৰ্তন ঘটি বৰ্তমানৰ অৱস্থা পাইছেহি, সেয়েহে সিহঁতৰ দেহৰ গঠন প্ৰাচীন জীৱতকৈ অধিক জটিল.

    প্ৰশ্নাৱলী 

    ১. উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?

    উত্তৰ: উদ্ভিদ জগতৰ 'সমাঙ্গদেহী উদ্ভিদ' (Thallophyta) বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল. এই বিভাগৰ উদ্ভিদৰ দেহ শিপা, কাণ্ড আৰু পাতত স্পষ্টকৈ পৃথক কৰিব নোৱাৰি.

    ২. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পাৰ্থক্য?

    উত্তৰ: ঢেঁকীয়া জাতীয় উদ্ভিদ (Pteridophyta) আৰু সপুষ্পক উদ্ভিদৰ (Phanerogams) মাজৰ মূল পাৰ্থক্যবোৰ হ'ল:

    • ঢেঁকীয়া জাতীয় উদ্ভিদৰ ফুল আৰু বীজ নহয়, কিন্তু সপুষ্পক উদ্ভিদৰ ফুল আৰু বীজ ধাৰণ কৰে.


    • ঢেঁকীয়া জাতীয় উদ্ভিদৰ জননকোষবোৰ অতি নগণ্য বা অস্পষ্ট হৈ থাকে, আনহাতে সপুষ্পক উদ্ভিদৰ জনন প্ৰক্ৰিয়াৰ অন্তত বীজ উৎপন্ন হয়.


    ৩. নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য কি?

    উত্তৰ: নগ্নবীজী আৰু গুপ্তবীজী উদ্ভিদৰ মাজৰ পাৰ্থক্যসমূহ তলৰ তালিকাত দিয়া হ’ল:

    চৰিত্ৰনগ্নবীজী উদ্ভিদ (Gymnosperms)গুপ্তবীজী উদ্ভিদ (Angiosperms)
    বীজৰ অৱস্থান

    ইহঁতৰ বীজবোৰ নগ্ন অৱস্থাত থাকে, অৰ্থাৎ ফলৰ ভিতৰত আবৃত নহয়.


    বীজবোৰ ফলৰ ভিতৰত আবৃত হৈ থাকে.


    পুষ্পক প্ৰকৃতি

    এইবোৰত প্ৰকৃত ফুল নহয়.


    এইবোৰ সপুষ্পক উদ্ভিদ.


    গছৰ প্ৰকাৰ

    ইহঁত বহুবৰ্ষজীৱী, চিৰসেউজীয়া আৰু কাষ্ঠল হয়.


    ইহঁতৰ বীজত এক বা দুখন বীজপত্ৰ থাকে.


    উদাহৰণ

    সৰল গছ (Pine), ডিঅ’দাৰ (Deodar).


    আম, মটৰ মাহ, মিঠা আলু আদি.



    প্ৰশ্নাৱলী

    ১. ৰন্ধ্ৰীপ্ৰাণীসমূহক একনলদেহী প্ৰাণীসমূহৰ পৰা কিদৰে পাৰ্থক্য কৰিব পাৰি?

    উত্তৰ: ৰন্ধ্ৰীপ্ৰাণী (Porifera) আৰু একনলদেহী প্ৰাণীৰ (Coelenterata) মাজৰ পাৰ্থক্যসমূহ হ'ল:

    • ৰন্ধ্ৰীপ্ৰাণীৰ দেহ অসংখ্য ৰন্ধ্ৰযুক্ত, আনহাতে একনলদেহী প্ৰাণীৰ দেহত মাত্ৰ এটা গহ্বৰ থাকে I


    • ৰন্ধ্ৰীপ্ৰাণীসমূহ চলনক্ষমহীন আৰু কোনো কঠিন পদাৰ্থত লাগি থাকে, কিন্তু একনলদেহী প্ৰাণীৰ কিছুমান প্ৰজাতিয়ে চলাচল কৰিব পাৰে I


    • ৰন্ধ্ৰীপ্ৰাণীৰ দেহৰ সংগঠন অতি সৰল, কিন্তু একনলদেহী প্ৰাণীৰ দেহৰ গঠন তাতকৈ জটিল আৰু কোষৰ দুটা তৰপেৰে গঠিত I


    ২. কেনেকৈ বলয়ীদেহী প্ৰাণীসমূহক সন্ধীপদী প্ৰাণীসমূহৰ পৰা পাৰ্থক্য কৰিব পাৰি?

    উত্তৰ: বলয়ীদেহী (Annelida) আৰু সন্ধীপদী (Arthropoda) প্ৰাণীৰ মাজৰ পাৰ্থক্যবোৰ তলত দিয়া হ'ল:

    • বলয়ীদেহী প্ৰাণীৰ দেহ মূৰৰ পৰা নেজলৈকে বহুত খণ্ডত বিভক্ত, আনহাতে সন্ধীপদী প্ৰাণীৰ দেহ খণ্ডযুক্ত হোৱাৰ লগতে ঠেংবিলাক সন্ধিযুক্ত I


    • বলয়ীদেহী প্ৰাণীৰ দেহত তৰলপূৰ্ণ প্ৰকৃত দেহগহ্বৰ থাকে, কিন্তু সন্ধীপদী প্ৰাণীৰ পৰিবহন তন্ত্ৰ মুক্ত আৰু দেহগহ্বৰ তেজেৰে পূৰ্ণ হৈ থাকে I


    • বলয়ীদেহী প্ৰাণীৰ উদাহৰণ হ'ল কেঁচু আৰু জোক, আনহাতে সন্ধীপদী প্ৰাণীৰ উদাহৰণ হ'ল পখিলা, মিছামাছ আদি I


    ৩. উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি?

    উত্তৰ: উভচৰ (Amphibia) আৰু সৰীসৃপ (Reptilia) প্ৰাণীৰ মাজৰ পাৰ্থক্যসমূহ হ'ল:

    • উভচৰ প্ৰাণীৰ ছালত বাকলি নাথাকে আৰু শ্লেষ্মা গ্ৰন্থি থাকে, আনহাতে সৰীসৃপৰ দেহআৱৰণত কঠিন বাকলি থাকে I


    • উভচৰ প্ৰাণীয়ে জলক্লোম নতুবা হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয়, কিন্তু সৰীসৃপে কেৱল হাওঁফাওঁৰ সহায়ত শ্বাস-প্ৰশ্বাস লয় I


    • উভচৰৰ হৃদযন্ত্ৰ তিনিটা কোঠালীযুক্ত; সৰীসৃপৰো হৃদযন্ত্ৰ তিনিটা কোঠালীযুক্ত যদিও ঘৰিয়ালৰ ক্ষেত্ৰত ই চাৰিটা কোঠালীযুক্ত হয় I


    • উভচৰৰ কণীৰ চোকোৰা নাথাকে বাবে পানীত কণী পাৰে, কিন্তু সৰীসৃপৰ কণীৰ ডাঠ চোকোৰা থকা বাবে ইহঁতে স্থলত কণী পাৰিব পাৰে I


    ৪. পক্ষী শ্ৰেণীৰ অন্তৰ্ভূক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি কি?

    উত্তৰ: পক্ষী (Aves) আৰু স্তন্যপায়ী (Mammalia) শ্ৰেণীৰ মাজৰ পাৰ্থক্যবোৰ হ'ল:

    • পক্ষীৰ দেহ পাখিৰে আবৃত আৰু আগ ঠেং দুখন দেউকালৈ ৰূপান্তৰিত হয়, আনহাতে স্তন্যপায়ীৰ ছালত নোম, ঘৰ্মগ্ৰন্থি আৰু তৈল গ্ৰন্থি থাকে I


    • পক্ষীয়ে কণী পাৰে (অণ্ডজ), কিন্তু বেছিভাগ স্তন্যপায়ী প্ৰাণীয়ে পোৱালী জন্ম দিয়ে (জৰায়ুজ) I


    • স্তন্যপায়ী প্ৰাণীৰ দেহত স্তন গ্ৰন্থি থাকে যাৰ সহায়ত পোৱালীক গাখীৰ খুৱাব পাৰে, কিন্তু পক্ষীৰ তেনে কোনো গ্ৰন্থি নাথাকে I


    • পক্ষীৰ মুখত ঠোঁট থাকে আৰু দাঁত নাথাকে, কিন্তু স্তন্যপায়ীৰ মুখত দাঁত থাকে I

    অনুশীলনী :

    ১. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?

    উত্তৰ: জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ হ’ল—

    • পৃথিৱীত থকা নিযুত নিযুত বিচিত্ৰময় জীৱৰ বিষয়ে কম সময়ৰ ভিতৰতে জানি বুজি লোৱাটো সম্ভৱ হয়।


    • জীৱবিলাকৰ মাজৰ সাদৃশ্য আৰু পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন শ্ৰেণী আৰু উপ-শ্ৰেণীত বিভক্ত কৰি অধ্যয়নৰ সুবিধা কৰি ল’ব পাৰি।


    • বৰ্গীকৰণে জীৱ জগতৰ বিচিত্ৰতা নিৰ্ণয় কৰাত সহায় কৰে।


    ২. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা? 

    উত্তৰ: জীৱৰ শ্ৰেণীবিভাজন কৰিবলৈ হ’লে আমি সিহঁতৰ গঠন আৰু আচৰণৰ ওপৰত ভিত্তি কৰি মৌলিক পাৰ্থক্যবোৰ বিচাৰি উলিয়াব লাগিব। আগতে উদ্ভৱ হোৱা চৰিত্ৰগত বৈশিষ্ট্য এটাক পিছত উদ্ভৱ হোৱা বৈশিষ্ট্যতকৈ অধিক মৌলিক বুলি গণ্য কৰা হয়। তলৰ স্তৰৰ পৰা ওপৰলৈ এনেদৰে পৰস্পৰ সম্পৰ্ক থকা বৈশিষ্ট্যবিলাকৰ ভিত্তিত বৰ্গীকৰণ কৰা হয়, যিদৰে এখন শিলৰ দেৱালৰ একেবাৰে তলৰ শাৰীৰ শিলৰ আকৃতিয়ে ওপৰৰ শাৰীৰ গঠন নিৰ্ভৰ কৰে।

    ৩. জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা।

    উত্তৰ: ৰবাৰ্ট হোৱাইটেকাৰে আগবঢ়োৱা পঞ্চ ৰাজ্য বিভাজনৰ মূল ভিত্তিসমূহ হ’ল—

    • কোষৰ গঠন: জীৱটো প্ৰকোষকেন্দ্ৰীয় নে সংকোষকেন্দ্ৰীয়।


    • কোষৰ সংখ্যা: জীৱটো এককোষী নে বহুকোষী।


    • পৰিপুষ্টিৰ ধৰণ: জীৱটো স্বপুষ্ট (নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পৰা) নে পৰপুষ্ট (আনৰ পৰা আহাৰ আহৰণ কৰা)।


    • দেহৰ সংগঠন: কোষবিলাক গাইগুটিয়াকৈ থাকে নে সমষ্টি হিচাবে গোট বান্ধি শ্ৰম বিভাজন নীতি মানি চলে।


    ৪. উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগসমূহ কি কি? এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে? 

    উত্তৰ: উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগসমূহ হ’ল— সমাঙ্গদেহী উদ্ভিদ, মচ জাতীয় উদ্ভিদ, ঢেঁকীয়া জাতীয় উদ্ভিদ, নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ। এইবিলাক তলত দিয়া বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে:

    • উদ্ভিদৰ দেহটো বিভিন্ন উপাংগত খণ্ড-বিখণ্ড বা পৃথক কৰিব পাৰিনে নোৱাৰি।


    • দেহত পানী আৰু খনিজ লৱণ পৰিবহনৰ বাবে বিশেষ কলা (সংবহন কলা) থাকেনে নাথাকে।


    • উদ্ভিদজোপাই বীজ ধাৰণ কৰিব পাৰেনে নোৱাৰে।


    • বীজবোৰ ফলৰ ভিতৰত আবৃত হৈ থাকে নে নগ্ন অৱস্থাত থাকে।


    ৫. উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজন কৰা ভিত্তিসমূহ আৰু প্ৰাণী জগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূহৰ মাজৰ প্ৰভেদ কি?

    উত্তৰ: উদ্ভিদ আৰু প্ৰাণী জগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূহৰ মাজৰ প্ৰধান প্ৰভেদ হ’ল—

    • উদ্ভিদৰ ক্ষেত্ৰত: দেহৰ আকৃতিগত বৈশিষ্ট্য (যেনে: শিপা, কাণ্ড, পাতৰ উপস্থিতি) আৰু বীজ ধাৰণ ক্ষমতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।


    • প্ৰাণীৰ ক্ষেত্ৰত: দেহৰ সংগঠন (কোষীয় নে কলা স্তৰৰ), দেহগহ্বৰৰ উপস্থিতি, মেৰুদণ্ডৰ উপস্থিতি আৰু চলন ক্ষমতাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়।


    • ইয়াৰ প্ৰধান কাৰণ হ’ল সিহঁতৰ পৰিপুষ্টিৰ পাৰ্থক্য— উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে আৰু প্ৰাণীয়ে খাদ্য আহৰণ কৰে।


    ৬. মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা।

    উত্তৰ: মেৰুদণ্ডী প্ৰাণীসমূহক সিহঁতৰ দেহৰ গঠন, হৃদযন্ত্ৰৰ কোঠালিৰ সংখ্যা, শ্বাস-ক্ৰিয়াৰ অঙ্গ আৰু প্ৰজনন প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি পাঁচটা শ্ৰেণীত ভাগ কৰা হৈছে—

    • মৎস্য (Pisces): বাকলিযুক্ত, শীতলৰক্তী, দুটা কোঠালিযুক্ত হৃদযন্ত্ৰ আৰু ফুলৰ সহায়ত উশাহ লয়।


    • উভচৰ (Amphibia): বাকলিহীন মিহি ছাল, তিনিটা কোঠালিযুক্ত হৃদযন্ত্ৰ, জল আৰু স্থল দুয়ো ঠাইতে থাকে।


    • সৰীসৃপ (Reptilia): বাকলিযুক্ত, শীতলৰক্তী, কণীৰ ডাঠ চোকোৰা থাকে আৰু হাওঁফাওঁৰ সহায়ত উশাহ লয়।


    • পক্ষী (Aves): উষ্ণৰক্তী, হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত, দেহ পাখিৰে আবৃত আৰু কণী পাৰে।


    • স্তন্যপায়ী (Mammalia): উষ্ণৰক্তী, দেহত স্তন গ্ৰন্থি আৰু নোম থাকে, পোৱালী জন্ম দিয়ে।



    জীৱৰ বিচিত্ৰতা অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন


























































































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website