অধ্যায় - ৬
জীৱন প্ৰক্ৰিয়া
MAIN CONTENT
প্ৰশ্নাৱলী :
১. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয়?
উত্তৰ: বহুকোষীয় জীৱৰ দেহৰ গঠন অতি জটিল আৰু আকাৰত ডাঙৰ হোৱাৰ বাবে সকলোবোৰ কোষ পৰিৱেশৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত নাথাকে । সেয়েহে, কেৱল সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে দেহৰ প্ৰতিটো কোষলৈ প্ৰয়োজনীয় অক্সিজেন যোগান ধৰাটো সম্ভৱ নহয় ।
২. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?
উত্তৰ: কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিবলৈ আমি জীৱটোৰ চলন বা সঞ্চালন (দৃশ্যমান বা অদৃশ্য আণৱিক চলন), শ্বাস-প্ৰশ্বাস আৰু বৃদ্ধিৰ দৰে বৈশিষ্ট্যসমূহ নিৰীক্ষণ কৰোঁ ।
৩. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?
উত্তৰ: জীৱই বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰা কেঁচা সামগ্ৰীসমূহ হ'ল— খাদ্য (কাৰ্বন ভিত্তিক উৎস), পানী, অক্সিজেন আৰু খনিজ লৱণ (যেনে: নাইট্ৰজেন, ফচফৰাছ আদি) ।
৪. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা?
উত্তৰ: জীৱন বৰ্তি থাকিবলৈ প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ হ'ল— পৰিপুষ্টি, শ্বসন, পৰিবহন আৰু ৰেচন ।
প্ৰশ্নাৱলী :
১. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি?
উত্তৰ:
| বৈশিষ্ট্য | স্বপোষিত পুষ্টি (Autotrophic Nutrition) | পৰপোষিত পুষ্টি (Heterotrophic Nutrition) |
| সংজ্ঞা | যি প্ৰক্ৰিয়াত জীৱই সৰল অজৈৱিক উৎসৰ পৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে । | যি প্ৰক্ৰিয়াত জীৱই খাদ্যৰ বাবে স্বপোষী জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । |
| খাদ্যৰ উৎস | ইহঁতে কাৰ্বন ডাই অক্সাইড (CO2) আৰু পানী (H2O) ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰে । | ইহঁতে উদ্ভিদ বা অন্য প্ৰাণীৰ পৰা জটিল জৈৱ পদাৰ্থ আহৰণ কৰে । |
| সালোক সংশ্লেষণ | এই প্ৰক্ৰিয়াত সালোক সংশ্লেষণ সংঘটিত হয় । | এই প্ৰক্ৰিয়াত সালোক সংশ্লেষণ নহয় । |
| পত্ৰহৰিৎ | পত্ৰহৰিৎ (Chlorophyll) ৰ উপস্থিতি অপৰিহাৰ্য । | পত্ৰহৰিৎৰ প্ৰয়োজন নাই বা নাথাকে । |
| উৎসেচকৰ ভূমিকা | ইয়াত পাচনৰ বাবে বিশেষ জটিল উৎসেচকৰ প্ৰয়োজন নহয় । | জটিল খাদ্য ভাঙিবলৈ জৈৱ অনুঘটক বা উৎসেচকৰ (Enzymes) প্ৰয়োজন হয় । |
| শক্তি সঞ্চয় | শক্তি শ্বেতসাৰ (Starch) হিচাপে সঞ্চিত হৈ থাকে । | শক্তি গ্লাইক'জেন (Glycogen) হিচাপে সঞ্চিত হৈ থাকে । |
| উদাহৰণ | সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া । | সকলো প্ৰাণী, মানুহ আৰু ভেঁকুৰ । |
২. সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত ক'ত পায়?
উত্তৰ:সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে-
- কাৰ্বন ডাই অক্সাইড: বায়ুমণ্ডলৰ পৰা পত্ৰৰন্ধ্ৰৰ জৰিয়তে ।
- পানী: মাটিৰ পৰা শিপাৰ সহায়ত ।
- সূৰ্যৰ পোহৰ: সৌৰশক্তিৰ পৰা ।
- পত্ৰহৰিৎ: উদ্ভিদৰ কোষত থকা হৰিৎকণাৰ পৰা ।
৩. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?
উত্তৰ: পাকস্থলীত থকা হাইড্ৰ'ক্লৰিক এছিডে এটা আম্লিক মাধ্যমৰ সৃষ্টি কৰে যিয়ে পেপচিন নামৰ উৎসেচক বিধক সক্ৰিয় কৰি প্ৰ'টিন পাচনত সহায় কৰে ।
৪. পাচক উৎসেচকৰ কাৰ্য কি?
উত্তৰ: পাচক উৎসেচকবোৰে জৈৱ অনুঘটক হিচাপে কাৰ্য কৰি জটিল খাদ্যসমূহক ভাঙি দেহৰ ব্যৱহাৰোপযোগী সৰল অৱস্থালৈ পৰিৱৰ্তন কৰে ।
৫. শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰ: ক্ষুদ্ৰান্তত যকৃতৰ পৰা অহা পিত্তৰস আৰু অগ্নাশয়ৰ পৰা অহা অগ্নাশয় ৰসৰ (ট্ৰিপচিন, লাইপেজ) সহায়ত খাদ্যৰ শৰ্কৰা, প্ৰ'টিন আৰু চৰ্বীৰ সম্পূৰ্ণ পাচন ঘটে । শেষত আন্ত্ৰিক ৰসে এইবোৰক গ্লুক'জ, এমিন' এছিড আৰু ফেটি এছিডলৈ ৰূপান্তৰ কৰে ।
প্ৰশ্নাৱলী :
১. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি?
উত্তৰ: বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ পৰিমাণতকৈ বহুত বেছি । সেয়েহে স্থলচৰ জীৱই সহজতে অক্সিজেন গ্ৰহণ কৰিব পাৰে, আনহাতে জলচৰ জীৱই কম অক্সিজেনৰ বাবে অতি খৰকৈ উশাহ ল’বলগীয়া হয় I
২. কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন হয়?
উত্তৰ: গ্লুক'জ জাৰিত হোৱাৰ তিনিটা পথ হ'ল—
অক্সিজেনৰ উপস্থিতিত (সবাত শ্বসন): কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয় ।
অক্সিজেনৰ অভাৱত (পেশী কোষত): লেক্টিক এছিড আৰু শক্তি উৎপন্ন হয় ।
অক্সিজেনৰ অনুপস্থিতিত (ইষ্টত): ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয় ।
৩. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয়?
উত্তৰ: তেজৰ লোহিত ৰক্ত কণিকাত থকা হিম'গ্ল'বিনে অক্সিজেন কঢ়িয়াই লৈ যায় । আনহাতে কাৰ্বন ডাই অক্সাইড পানীত অধিক দ্ৰৱণীয় বাবে তেজৰ প্লাজমাৰ জৰিয়তে দ্ৰৱীভূত অৱস্থাত পৰিবহন হয় ।
৪. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?
উত্তৰ: হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ বেলুন সদৃশ 'বায়ুকূপ' (alveoli) ৰ সৃষ্টি কৰে । এই বায়ুকূপবোৰে গেছ বিনিময়ৰ বাবে এক বিশাল পৃষ্ঠভূমি (প্ৰায় 80 m²) প্ৰদান কৰে ।
প্ৰশ্নাৱলী :
১. মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি?
উত্তৰ: মুখ্য ভাগসমূহ হ'ল— হৃদযন্ত্ৰ (পাম্প কৰা অংগ), তেজ (পৰিবহনৰ মাধ্যম) আৰু ৰক্তনলীকা (ধমনী, সিৰা, ৰক্তজালিকা) । ইয়াৰ কাৰ্য হ'ল দেহৰ প্ৰতিটো কোষলৈ অক্সিজেন, পুষ্টি আৰু হৰমন যোগান ধৰা আৰু বৰ্জিত পদাৰ্থসমূহ নিষ্কাশনৰ বাবে কঢ়িয়াই নিয়া ।
২. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?
উত্তৰ: পক্ষী আৰু স্তন্যপায়ী প্ৰাণীয়ে দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় প্ৰচুৰ শক্তিৰ প্ৰয়োজন অনুভৱ কৰে । বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথককৈ থাকিলে দেহত অক্সিজেনৰ যোগান অধিক কাৰ্যক্ষম হয়, যিয়ে অধিক শক্তি উৎপাদনত সহায় কৰে ।
৩. উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰত থকা অংশসমূহ কি কি?
উত্তৰ: উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰ জাইলেম (Xylem) আৰু ফ্ল'ৱেম (Phloem) নামৰ দুবিধ সংবহন কলাৰে গঠিত ।
৪. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয়?
উত্তৰ: জাইলেম কলাৰ জৰিয়তে পানী আৰু খনিজ লৱণ পৰিবহন হয় । শিপাৰ চাপ আৰু পাতত সৃষ্টি হোৱা বাষ্পমোচন আকৰ্ষণৰ বাবে পানী মাটিৰ পৰা ওপৰলৈ গতি কৰে ।
৫. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে?
উত্তৰ: ফ্ল'ৱেম কলাৰ জৰিয়তে পাতত প্ৰস্তুত হোৱা খাদ্য (চেনি, এমিন' এছিড আদি) উদ্ভিদৰ বিভিন্ন অংগলৈ স্থানান্তৰিত হয় । এই প্ৰক্ৰিয়াটো সম্পন্ন হ’বলৈ ATP ৰ পৰা শক্তি ব্যৱহাৰ কৰা হয় I
প্ৰশ্নাৱলী :
১. নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।
উত্তৰ:
নেফ্ৰন হ’ল বৃক্কৰ মৌলিক কাৰ্য্যকৰী একক । প্ৰতিটো বৃক্কত অসংখ্য পাতল বেৰৰ ৰক্তজালিকাৰে গঠিত নেফ্ৰন থাকে । ইয়াৰ এটা মূৰত কাপ সদৃশ এটা অংশ থাকে, যাক ব’মানচ্ কেপচুল (Bowman's capsule) বোলা হয় । এই কেপচুলটোৰ ভিতৰত অসংখ্য ৰক্তজালিকাই এটা থোপোৰ সৃষ্টি কৰে, যাক গ্ল’মেৰুলাছ (Glomerulus) বোলে । ব’মানচ্ কেপচুলটো এডাল দীঘল নলীকাৰ সৈতে সংযুক্ত হৈ থাকে ।
কাৰ্য:
১. তেজ পৰিস্ৰাৱণ: বৃক্কীয় ধমনীয়ে কঢ়িয়াই অনা তেজ গ্ল’মেৰুলাছত থকা ৰক্তজালিকাৰ সহায়ত চেকী লোৱা হয় । ইয়াৰ ফলত ইউৰিয়া আৰু ইউৰিক এছিডৰ দৰে নাইট্ৰ’জেন জাতীয় বৰ্জিত পদাৰ্থবোৰ তেজৰ পৰা পৃথক হয় ।
২. নিৰ্বাচিত অধিশোষণ: প্ৰাথমিক অৱস্থাত পৰিস্ৰাৱিত হোৱা তৰলখিনিত গ্লুক’জ, এমিন’ এছিড, লৱণ আৰু প্ৰচুৰ পানী থাকে । এই দ্ৰব্যসমূহ নেফ্ৰনৰ নলীকা অংশৰ মাজেৰে পাৰ হৈ যাওঁতে শৰীৰৰ প্ৰয়োজন সাপেক্ষে পুনৰ তেজত অধিশোষণ হয় ।
৩. মূত্ৰ উৎপাদন: অৱশিষ্ট বৰ্জিত তৰলখিনি মূত্ৰ হিচাপে সংগ্ৰাহী নলীকাত জমা হয় আৰু মূত্ৰবাহী নলীৰে গৈ মূত্ৰথলীত সঞ্চিত হয় ।
নেফ্ৰনে এনেদৰে তেজ শোধন কৰি দেহৰ পানী আৰু লৱণৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে ।
২. উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে।
উত্তৰ: উদ্ভিদে তলত দিয়া ধৰণে বৰ্জিত পদাৰ্থ ত্যাগ কৰে:
পত্ৰৰন্ধ্ৰৰ জৰিয়তে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছ ত্যাগ কৰি ।
বাষ্পমোচনৰ দ্বাৰা অতিৰিক্ত পানী ত্যাগ কৰি ।
সৰি পৰা পাতত বৰ্জিত পদাৰ্থ সঞ্চয় কৰি ।
পুৰঠ জাইলেম কলাই ৰেজিন আৰু আঠা হিচাপে সঞ্চয় কৰি ।
৩. কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰ: দেহত থকা অতিৰিক্ত পানীৰ পৰিমাণ আৰু তেজত দ্ৰৱীভূত হৈ থকা বৰ্জিত পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি বৃক্কৰ নলীকা অংশত পানীৰ পুনৰ শোষণৰ জৰিয়তে মূত্ৰ উৎপন্নৰ পৰিমাণ নিয়ন্ত্ৰিত হয় । এই গোটেই প্ৰক্ৰিয়াটো স্নায়বিক নিয়ন্ত্ৰণৰ অধীনতো থাকে ।
অনুশীলনী :
১. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
উত্তৰ: (c) ৰেচন।
২. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল—
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন' এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
উত্তৰ: (a) পানীৰ পৰিবহন।
৩. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়—
(a) কাৰ্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা।
উত্তৰ: (d) ওপৰৰ আটাইকেইটা (কাৰ্বন ডাই অক্সাইড আৰু পানী, পত্ৰহৰিৎ আৰু সূৰ্যৰ পোহৰ) ।
৪. পাইৰুভেট অণু ভাঙি কাৰ্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়
(a) চাইট'প্লাজমত
(b) মাইট'কণ্ড্ৰিয়াত
(c) ক্ল'ৰপ্লাষ্টত
(d) কোষকেন্দ্ৰত
উত্তৰ: (b) মাইট'কণ্ড্ৰিয়াত।
৫. আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয়? এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংশত সংঘটিত হয়?
উত্তৰ:আমাৰ শৰীৰত চৰ্বীজাতীয় খাদ্যসমূহ পাচনৰ পৰ্যায়সমূহ এনেধৰণৰ:
পিত্তৰসৰ ভূমিকা: ক্ষুদ্ৰান্তত থকা খাদ্যৰ চৰ্বী অণুসমূহৰ আকাৰ অতি বৃহৎ আৰু খণ্ডযুক্ত (globules) হৈ থাকে. যকৃতৰ পৰা নিঃসৰিত হোৱা পিত্তৰসে এই চৰ্বীৰ বৃহৎ অণুসমূহক সৰল অণুলৈ ৰূপান্তৰ কৰে I
ইমালচিফিকেচন: পিত্ত লৱণৰ উপস্থিতিত চৰ্বী অণুসমূহ সৰল হোৱা এই প্ৰক্ৰিয়াটো চাবোনৰ ইমালচিফিকেচন (emulsification) ক্ৰিয়াৰ সৈতে প্ৰায় একে. ইয়াৰ ফলত পাচক উৎসেচকে চৰ্বীৰ ওপৰত সহজে ক্ৰিয়া কৰিব পাৰে I
অগ্নাশয় ৰসৰ ক্ৰিয়া: অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত লাইপেজ (lipase) নামৰ এবিধ চৰ্বী বিশ্লেষী উৎসেচক থাকে. এই লাইপেজে ইতিমধ্যে সৰলীকৃত হোৱা চৰ্বী অণুসমূহৰ পাচনত সহায় কৰে I
চূড়ান্ত ৰূপান্তৰ: ক্ষুদ্ৰান্তৰ বেৰত থকা গ্ৰন্থিবোৰে আন্ত্ৰিক ৰস (Intestinal juice) নিঃসৰণ কৰে. এই ৰসত থকা উৎসেচকে চৰ্বীসমূহক সম্পূৰ্ণৰূপে ফেটি এছিড (Fatty acid) আৰু গ্লিচাৰললৈ (Glycerol) ৰূপান্তৰিত কৰে I
শোষণ : সম্পূৰ্ণ পাচন হোৱাৰ পিছত, এই চৰ্বীসমূহ ক্ষুদ্ৰান্তৰ বেৰত থকা আঙুলি সদৃশ প্ৰবৰ্ধ অৰ্থাৎ ভিলাইৰ (Villi) জৰিয়তে শোষিত হয়. লসিকাৰ (Lymph) মাধ্যমেৰেও এই পাচিত চৰ্বী অংশ কঢ়িয়াই নিয়া হয় I
আমাৰ শৰীৰত চৰ্বীৰ সম্পূৰ্ণ পাচন ক্ষুদ্ৰান্তত (Small Intestine) সংঘটিত হয় I
৬. পাচনত লালটিৰ ভূমিকা কি?
উত্তৰ: পাচনত লালটিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ:
লালটিয়ে খাদ্যবস্তু তিয়াই পিচল কৰি দিয়ে যাতে খাদ্যনলীৰে সহজতে পাৰ হৈ যাব পাৰে ।
লালটিত থকা লালটি এমাইলেজ নামৰ উৎসেচকে খাদ্যৰ জটিল শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ (গ্লুক'জ) পৰিৱৰ্তিত কৰে ।
৭. স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?
উত্তৰ: স্বপোষীত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকসমূহ হ’ল— কাৰ্বন ডাই অক্সাইড, পানী, সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিৎ। ইয়াৰ উপজাত পদাৰ্থসমূহ হ’ল— অক্সিজেন আৰু পানী।
৮. সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।
উত্তৰ:
| বৈশিষ্ট্য | সবাত শ্বসন | অবাত শ্বসন |
| অক্সিজেনৰ উপস্থিতি | অক্সিজেনৰ উপস্থিতিত ঘটে । | অক্সিজেনৰ অনুপস্থিতিত ঘটে । |
| শক্তিৰ পৰিমাণ | অধিক শক্তি উৎপন্ন হয় । | তুলনামূলকভাৱে কম শক্তি উৎপন্ন হয় । |
| উৎপাদিত দ্ৰব্য | কাৰ্বন ডাই অক্সাইড আৰু পানী । | ইথানল আৰু কাৰ্বন ডাই অক্সাইড । |
সবাত শ্বসন: বেছিভাগ উন্নত প্ৰাণী আৰু মানুহ ।
অবাত শ্বসন: ইষ্ট (Yeast) আৰু কিছুমান বেক্টেৰিয়া ।
৯. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
উত্তৰ: হাঁওফাঁওৰ ভিতৰত থকা শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ বেলুন সদৃশ বায়ুকূপ (Alveoli) সৃষ্টি কৰে । এই বায়ুকূপবোৰে গেছ বিনিময়ৰ বাবে এক বিস্তৃত পৃষ্ঠভূমি প্ৰদান কৰে । ইহঁতৰ বেৰবোৰ অতি পাতল আৰু অসংখ্য ৰক্ত কেশিকাৰে আবৃত হৈ থাকে, যাৰ ফলত তেজ আৰু বায়ুৰ মাজত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময় সহজতে ঘটে ।
১০. আমাৰ দেহত হিম'গ্লবিনৰ পৰিমাণ কমি গ'লে কি হ'ব?
উত্তৰ: হিম'গ্লবিন হ’ল তেজৰ লোহিত ৰক্ত কণিকাত থকা ৰঞ্জক পদাৰ্থ যাৰ অক্সিজেনৰ প্ৰতি আসক্তি অতি বেছি । যদি হিম'গ্লবিনৰ পৰিমাণ কমি যায়, তেন্তে তেজৰ অক্সিজেন কঢ়িওৱা ক্ষমতা হ্ৰাস পাব। ইয়াৰ ফলত শৰীৰৰ কোষবোৰে প্ৰয়োজনীয় শক্তি উৎপাদন কৰিব নোৱাৰিব আৰু মানুহজন দুৰ্বল অনুভৱ কৰিব (যাক এনিমিয়া বা ৰক্তহীনতা বুলিও কোৱা হয়) ।
১১. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?
উত্তৰ: এটা সম্পূৰ্ণ চক্ৰত তেজ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হোৱা প্ৰক্ৰিয়াটোকেই দ্বৈত পৰিবহন বোলে । ইয়াত অক্সিজেনযুক্ত (বিশুদ্ধ) আৰু অক্সিজেনবিহীন (অশুদ্ধ) তেজ হৃদযন্ত্ৰৰ পৃথিক কোঠালিৰে সোঁফাল আৰু বাঁওফালেৰে পৃথককৈ চলাচল কৰে ।
প্ৰয়োজনীয়তা: মানুহৰ দৰে স্তন্যপায়ী প্ৰাণীক শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে প্ৰচুৰ শক্তিৰ প্ৰয়োজন হয় । দ্বৈত সংবহনে বিশুদ্ধ আৰু অশুদ্ধ তেজ মিহলি নোহোৱাকৈ ৰাখি শৰীৰত অক্সিজেনৰ কাৰ্যক্ষম যোগান নিশ্চিত কৰে ।
১২. জাইলেম আৰু ফ্ল'ৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি?
উত্তৰ:
| বৈশিষ্ট্য | জাইলেম (Xylem) | ফ্ল’ৱেম (Phloem) |
| পৰিবাহিত দ্ৰব্য | ই মাটিৰ পৰা শোষণ কৰা পানী আৰু খনিজ লৱণ পৰিবহন কৰে। | ই পাতত প্ৰস্তুত হোৱা খাদ্য (শৰ্কৰা, এমিন’ এচিড আদি) পৰিবহন কৰে। |
| পৰিবহনৰ দিশ | ইয়াৰ গতি কেৱল উৰ্ধমুখী (কেৱল তলৰ পৰা ওপৰলৈ)। | ইয়াৰ গতি উৰ্ধমুখী আৰু অধোমুখী— দুয়ো দিশতে হয়। |
| প্ৰক্ৰিয়াৰ শক্তি | বাষ্পমোচনৰ টানৰ দৰে ভৌতিক বলৰ দ্বাৰা এই পৰিবহন প্ৰক্ৰিয়া সম্পন্ন হয়। | ইয়াত দ্ৰব্যৰ স্থানান্তৰণৰ বাবে ATP-ৰ পৰা পোৱা শক্তিৰ প্ৰয়োজন হয়। |
| কলাৰ উপাদান | ই ট্ৰেকাইড, নলিকা (vessels) আদিৰ দৰে মৃত কোষেৰে গঠিত। | ই চালনী নলিকা (sieve tubes) আৰু সংগী কোষৰ (companion cells) দৰে জীৱিত কোষেৰে গঠিত। |
১৩. হাঁও ফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।
উত্তৰ:
গঠন: বায়ুকোষবোৰ হাঁওফাঁওত থকা ক্ষুদ্ৰ বেলুন সদৃশ অংগ য’ত ৰক্ত কেশিকাৰ জালিকা থাকে । আনহাতে, নেফ্ৰনবোৰ বৃক্কত থকা অসংখ্য পাতল বেৰৰ নলীকাৰ একক ।
কাৰ্য: বায়ুকোষৰ মুখ্য কাম হ’ল তেজৰ পৰা কাৰ্বন ডাই অক্সাইড উলিয়াই দি বায়ুৰ পৰা অক্সিজেন শোষণ কৰা (গেছ বিনিময়) । নেফ্ৰনৰ মুখ্য কাম হ’ল তেজ চেকী ক্ষতিকাৰক ইউৰিয়া বা ইউৰিক এচিডৰ দৰে বৰ্জিত পদাৰ্থবোৰ আঁতৰ কৰি মূত্ৰ উৎপাদন কৰা ।
জীৱন প্ৰক্ৰিয়া অধ্যায়ৰ ১০০ টা প্ৰশ্ন
গুৰুত্বপূৰ্ণ ২ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ :
১/ জীৱন প্ৰক্ৰিয়া বুলিলে কি বুজা ?
উত্তৰ: কোনো জীৱই একো কাম নকৰাকৈ থাকিলেও জীৱটোৰ জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য (যেনে- পৰিপুষ্টি, শ্বসন আদি) একত্ৰিতভাৱে সম্পন্ন হৈ থাকে, সেইবিলাকক জীৱন প্ৰক্ৰিয়া বোলা হয়।
২/ আমাৰ দৰে বহুকোষী জীৱৰ অক্সিজেনৰ প্ৰয়োজন পূৰণ কৰিবলৈ ব্যাপন প্ৰক্ৰিয়া কিয় পৰ্যাপ্ত নহয় ?
উত্তৰ: বহুকোষী জীৱৰ সকলোবিলাক কোষ প্ৰত্যক্ষভাৱে চাৰিওপাশৰ পৰিবেশৰ লগত সান্নিধ্যত নাথাকে। সেয়েহে সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে দেহৰ প্ৰতিটো কোষলৈ প্ৰয়োজনীয় অক্সিজেন যোগান ধৰাটো সম্ভৱ নহয়।
৩/ স্বপোষিত পুষ্টিৰ বাবে আৱশ্যকীয় চৰ্তসমূহ কি কি ?
উত্তৰ: স্বপোষিত পুষ্টিৰ বাবে আৱশ্যকীয় কাৰকসমূহ হ’ল— কাৰ্বন ডাই অক্সাইড ($CO_{2}$), পানী ($H_{2}O$), সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিৎ (Chlorophyll)।
৪/ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উপজাত পদাৰ্থ হিচাপে কি কি উৎপন্ন হয় ?
উত্তৰ: সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উপজাত পদাৰ্থ হিচাপে অক্সিজেন ($O_{2}$) আৰু পানী ($H_{2}O$) উৎপন্ন হয়।
৫/ আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি ?
উত্তৰ: আমাৰ পাকস্থলীত থকা হাইড্ৰ’ক্লৰিক এছিডে এটা আম্লিক মাধ্যমৰ সৃষ্টি কৰে, যিয়ে পেপচিন নামৰ উৎসেচকবিধৰ কাৰ্যত সহায় কৰে। ইয়াৰ উপৰি ই খাদ্যৰ লগত অহা অনিষ্টকাৰী বেক্টেৰিয়া ধ্বংস কৰে।
৬/ পাচক উৎসেচকৰ কাৰ্য কি ?
উত্তৰ: পাচক উৎসেচকবোৰ হ’ল একো একোবিধ জৈৱ অনুঘটক। ইহঁতে জটিল খাদ্যবস্তুবোৰক ভাঙি সৰল আৰু দ্ৰৱণীয় অৱস্থালৈ পৰিৱৰ্তন কৰে যাতে দেহৰ কোষে সেইবোৰ শোষণ কৰিব পাৰে।
৭/ ক্ষুদ্ৰান্ত্ৰত খাদ্য কেনেকৈ শোষণ হয় ?
উত্তৰ: ক্ষুদ্ৰান্ত্ৰৰ অন্তঃআৱৰণীত ভিলাই (Villi) নামৰ কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ থাকে। এই ভিলাইবোৰে খাদ্য শোষণৰ বাবে পৃষ্ঠকালি বৃদ্ধি কৰে আৰু ইয়াৰ ভিতৰত থকা ৰক্ত কেশিকাই পাচিত খাদ্য শোষণ কৰি লয়।
৮/ সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজৰ দুটা পাৰ্থক্য লিখা।
উত্তৰ: (i) সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত হয়, কিন্তু অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয়।
(ii) সবাত শ্বসনত বেছি শক্তি উৎপন্ন হয়, কিন্তু অবাত শ্বসনত শক্তিৰ পৰিমাণ অতি কম।
৯/ অবাত শ্বসন সম্পাদন কৰা দুটা জীৱৰ নাম লিখা।
উত্তৰ: ইষ্ট (Yeast) আৰু কিছুমান বেক্টেৰিয়াৰ দেহত অবাত শ্বসন দেখা যায়।
১০/ আমাৰ দেহত হিম’গ্লবিনৰ পৰিমাণ কমি গ’লে কি হ’ব ?
উত্তৰ: হিম’গ্লবিনে তেজত অক্সিজেন পৰিবহন কৰে। ইয়াৰ পৰিমাণ কমি গ’লে দেহৰ কোষবোৰলৈ প্ৰয়োজনীয় অক্সিজেনৰ যোগান ব্যাহত হ’ব, যাৰ ফলত মানুহজন দুৰ্বল অনুভৱ কৰিব আৰু এনিমিয়া ৰোগ হ’ব পাৰে।
১১/ মানুহৰ দ্বৈত ৰক্ত সংবহন মানে কি ?
উত্তৰ: মানুহৰ দেহত তেজৰ এটা সম্পূৰ্ণ চক্ৰ সম্পূৰ্ণ হ’বলৈ তেজ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ’ব লাগে। ইয়াকে দ্বৈত ৰক্ত সংবহন বোলে।
১২/ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?
উত্তৰ: এই প্ৰাণীসমূহক দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে প্ৰচুৰ শক্তিৰ প্ৰয়োজন হয়। বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক হৈ থাকিলে দেহৰ কোষবোৰলৈ অক্সিজেনৰ যোগান অধিক কাৰ্যকৰী হয়।
১৩/ জাইলেম আৰু ফ্ল’ৱেমৰ মাজৰ দুটা পাৰ্থক্য লিখা।
উত্তৰ: (i) জাইলেমে মাটিৰ পৰা পানী আৰু খনিজ লৱণ পৰিবহন কৰে।
(ii) ফ্ল’ৱেমে পাতত প্ৰস্তুত হোৱা খাদ্য উদ্ভিদৰ বিভিন্ন অংশলৈ সৰবৰাহ কৰে।
১৪/ উদ্ভিদৰ বাষ্পমোচন প্ৰক্ৰিয়াৰ দুটা কাম লিখা।
উত্তৰ: (i) ই শিপাৰ পৰা পাতলৈ পানী আৰু খনিজ লৱণৰ উৰ্ধমুখী গতিত সহায় কৰে।
(ii) ই উদ্ভিদৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।
১৫/ লসিকা কি ? ইয়াৰ এটা কাম লিখা।
উত্তৰ: ৰক্ত কেশিকাৰ ছিদ্ৰৰে ওলাই অহা প্লাজমা, প্ৰ’টিন আৰু ৰক্তকোষেৰে গঠিত এক প্ৰকাৰৰ তৰল সংযোজক কলাই হ’ল লসিকা। ই অন্ত্ৰৰ পৰা পাচিত চৰ্বী শোষণ আৰু পৰিবহন কৰে।
১৬/ নেফ্ৰনৰ কাম কি ?
উত্তৰ: নেফ্ৰন হ’ল বৃক্কৰ কাৰ্যিক একক। ই তেজৰ পৰা ইউৰিয়া, ইউৰিক এছিডৰ দৰে বৰ্জিত পদাৰ্থবোৰ চেকী বাহিৰ কৰে আৰু প্ৰয়োজনীয় পানী আৰু পুষ্টিকৰ দ্ৰব্যসমূহ পুনৰ শোষণ কৰে।
১৭/ কৃত্ৰিম বৃক্ক বা ডায়েলাইচিছ কি ?
উত্তৰ: বৃক্ক অকামিলা হ’লে তেজৰ পৰা নাইট্ৰ’জেন জাতীয় বৰ্জিত পদাৰ্থবোৰ বাহিৰ কৰিবলৈ যি যান্ত্ৰিক পদ্ধতি ব্যৱহাৰ কৰা হয়, তাক কৃত্ৰিম বৃক্ক বা ডায়েলাইচিছ বোলা হয়।
১৮/ উদ্ভিদে বৰ্জিত পদাৰ্থ কেনেকৈ ত্যাগ কৰে? (যিকোনো দুটা উপায়)
উত্তৰ: (i) উদ্ভিদে বাষ্পমোচনৰ সহায়ত অতিৰিক্ত পানী ত্যাগ কৰে।
(ii) পুৰণা জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে বৰ্জিত পদাৰ্থ সঞ্চয় কৰি ৰাখে।
১৯/ দন্তক্ষয় কেনেকৈ হয় ?
উত্তৰ: দাঁতত লাগি থকা শৰ্কৰা জাতীয় খাদ্যৰ ওপৰত বেক্টেৰিয়াই ক্ৰিয়া কৰি এছিড উৎপন্ন কৰে। এই এছিডে দাঁতৰ এনামেল কোমল কৰি পেলায় আৰু দন্তক্ষয়ৰ সৃষ্টি কৰে।
২০/ এ.টি.পি (ATP) ক কিয় কোষৰ শক্তিৰ মুদ্ৰা বোলা হয় ?
উত্তৰ: কোষীয় শ্বসনত মুকলি হোৱা শক্তি ATP অণুত সঞ্চিত হৈ থাকে। কোষৰ বিভিন্ন বিপাকীয় কাৰ্যৰ বাবে প্ৰয়োজনীয় শক্তি এই ATP অণু ভাঙিয়েই পোৱা যায়, সেয়ে ইয়াক শক্তিৰ মুদ্ৰা বোলে।
*********