অতি চমু প্ৰশ্নোত্তৰ)
১. নীতিবিদ্যাৰ আদৰ্শ কি— সত্য / সুন্দৰ / কল্যাণ বা শ্ৰেয়? [GU 2025]
উত্তৰ: কল্যাণ বা শ্ৰেয় (Goodness)।
২. 'A Manual of Ethics' গ্ৰন্থখন কোনে ৰচনা কৰিছে— মেকেঞ্জি / ডব্লিউ. লিলি? [GU 2025]
উত্তৰ: জন ষ্টুৱাৰ্ট মেকেঞ্জি (J. S. Mackenzie)।
৩. "নীতিবিদ্যা হ'ল আদৰ্শনিষ্ঠ বিজ্ঞান।"— উক্তিটো সঁচানে? [GU 2025]
উত্তৰ: হয়, উক্তিটো সম্পূৰ্ণ সঁচা।
৪. 'Nicomachean Ethics' গ্ৰন্থখনৰ প্ৰণেতা কোন? [GU 2025]
উত্তৰ: গ্ৰীক দাৰ্শনিক এৰিষ্ট'টল (Aristotle)।
৫. সুখবোৰ পৰিমাণগতভাৱে পৃথক বুলি কোনে বিশ্বাস কৰে? [GU 2025]
উত্তৰ: জেৰেমি বেন্থাম (Jeremy Bentham)।
৬. "Thou oughtest, therefore thou canst" উক্তিটোৰ লগত জড়িত দাৰ্শনিকজনৰ নাম লিখা। [GU 2025]
উত্তৰ: ইমানুৱেল কাণ্ট (Immanuel Kant)।
৭. 'Right' শব্দৰ ব্যুৎপত্তিগত অৰ্থ কি? [GU 2025]
উত্তৰ: 'Right' শব্দটো লেটিন শব্দ 'Rectus'ৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল 'নিয়ম অনুসৰি হোৱা' বা 'সঠিক/পোন' (according to rule)।
৮. "প্ৰতিৰোধাত্মক মতবাদে মৃত্যুদণ্ড সমৰ্থন কৰে।"— উক্তিটো শুদ্ধনে? [GU 2025]
উত্তৰ: হয়, শুদ্ধ।
৯. 'Ethics' শব্দটো কোন মূল গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে?
উত্তৰ: গ্ৰীক শব্দ 'Ethos'ৰ পৰা, যাৰ অৰ্থ হ'ল আচাৰ-ব্যৱহাৰ বা ৰীতি-নীতি (customs or habits)।
১০. নীতিবিদ্যাৰ মূল বিষয়বস্তু কি?
উত্তৰ: সমাজত বসবাস কৰা সুস্থ আৰু সচেতন মানুহৰ ঐচ্ছিক আচৰণৰ নৈতিক মূল্যায়ন।
১১. নৈতিক বিচাৰৰ প্ৰধান বিষয়বস্তু কি— উদ্দেশ্য নে অভিপ্ৰায়?
উত্তৰ: অভিপ্ৰায় (Intention)।
১২. অনৈতিক (Non-moral) ক্ৰিয়াৰ এটি উদাহৰণ দিয়া।
উত্তৰ: পিয়াহ লাগিলে পানী খোৱা বা টোপনিত বাগৰ সলোৱা।
১৩. 'Ethics' গ্ৰন্থখনৰ লেখক কোন দাৰ্শনিক?
উত্তৰ: স্পিনোজা (Spinoza) বা উইলিয়াম লিলি (An Introduction to Ethics)।
১৪. শিশু আৰু উন্মাদ ব্যক্তিৰ ক্ৰিয়াক কিয় নৈতিক ক্ৰিয়া বুলিব নোৱাৰি?
উত্তৰ: কাৰণ তেওঁলোকৰ ন্যায়-অন্যায় আৰু উচিত-অনুচিত নিৰ্ণয় কৰাৰ মানসিক বা বৌদ্ধিক ক্ষমতা নাথাকে।
১৫. ঐচ্ছিক ক্ৰিয়াৰ প্ৰধান বৈশিষ্ট্যটো কি?
উত্তৰ: কৰ্তাৰ স্বাধীন ইচ্ছা আৰু জ্ঞানপূৰ্বক উদ্দেশ্যৰ উপস্থিতি।
২ নম্বৰীয়া প্ৰশ্ন (প্ৰায় ৫০ শব্দৰ ভিতৰত)
১. অনৈতিক ক্ৰিয়া (Non-moral action) বুলিলে কি বুজা? [GU 2025]
উত্তৰ: যিবোৰ মানৱীয় ক্ৰিয়াৰ ক্ষেত্ৰত উচিত-অনুচিত, ভাল-বেয়া আদি নৈতিক মূল্যবোধ প্ৰযোজ্য নহয়, সেইবোৰক অনৈতিক বা অ-নৈতিক ক্ৰিয়া বোলে। যেনে— স্বতঃস্ফূৰ্ত প্ৰতিবৰ্তী ক্ৰিয়া, অচেতন অৱস্থাত কৰা কাম নাইবা শিশু আৰু মানসিক ভাৰসাম্যহীন লোকৰ কাম। এনে ক্ৰিয়াত নৈতিক বিচাৰ নাথাকে।
২. উদ্দেশ্য (Motive) আৰু অভিপ্ৰায়ৰ (Intention) মাজত পাৰ্থক্য নিৰ্ণয় কৰা। [GU 2025]
উত্তৰ: উদ্দেশ্য হ'ল কাৰ্য এটি সম্পাদন কৰিবলৈ কৰ্তাক প্ৰেৰণা যোগোৱা আভ্যন্তৰীণ অনুভৱ বা চালিকা শক্তি। আনহাতে, অভিপ্ৰায় হৈছে উদ্দেশ্যৰ লগতে কাৰ্যৰ বাছনি, লক্ষ্য আৰু সম্ভাব্য সকলো পৰিণতিৰ এক সামগ্ৰিক সচেতন পৰিকল্পনা। উদ্দেশ্য অভিপ্ৰায়ৰেই এটা অংশ।
৩. এৰিষ্ট'টলৰ নীতিবিদ্যাত বৰ্ণিত 'স্বৰ্ণ পথ' (Golden Mean) বুলিলে কি বুজা? [GU 2025]
উত্তৰ: এৰিষ্ট'টলৰ মতে, সদ্গুণ হ'ল দুটা চৰম সীমাৰ মাজৰ মধ্যম পন্থা বা 'স্বৰ্ণ পথ'। অৰ্থাৎ, কোনো এটা গুণৰ অতিমাত্ৰা আধিক্য বা চৰম নাটনি— এই দুয়োটাই দোষ বা পাপ। যেনে— কাপুৰুষালি আৰু দুঃসাহসিকতাৰ মাজৰ মধ্যম বা ভাৰসাম্যপূৰ্ণ গুণটোৱেই হ'ল 'সাহস'।
৪. প্লেটোৰ মতে চাৰিটা মুখ্য সদ্গুণ (Cardinal Virtues) কি কি? [GU 2025]
উত্তৰ: প্লেটোৰ দ্বাৰা স্বীকৃত চাৰিটা মুখ্য সদ্গুণ হ'ল— ১/ প্ৰজ্ঞা বা জ্ঞান (Wisdom), ২/ সাহস (Courage), ৩/ সংযম (Temperance), আৰু ৪/ ন্যায়পৰায়ণতা (Justice)। তেওঁৰ মতে এই গুণকেইটাই মানৱ চৰিত্ৰ আৰু আদৰ্শ ৰাষ্ট্ৰৰ ভিত্তি।
৫. সুখমূলক উপযোগিতাবাদৰ দুজন সমৰ্থকৰ নাম লিখা। [GU 2025]
উত্তৰ: সুখমূলক উপযোগিতাবাদৰ (Hedonistic Utilitarianism) প্ৰধান দুজন দাৰ্শনিক বা সমৰ্থক হ'ল জেৰেমি বেন্থাম (Jeremy Bentham) আৰু জন ষ্টুৱাৰ্ট মিল (John Stuart Mill)।
৬. নৈতিক বাধ্যতাবোধ (Moral Obligation) বুলিলে কি বুজা? [GU 2025]
উত্তৰ: কোনো ব্যক্তিয়ে কৰ্তব্য বা ন্যায়ৰ খাতিৰত কোনো এটা কাৰ্য সম্পাদন কৰিবলৈ নিজৰ বিবেকৰ দ্বাৰা অনুভৱ কৰা আভ্যন্তৰীণ তাগিদাকে নৈতিক বাধ্যতাবোধ বোলে। ই কোনো বাহ্যিক আইন বা শাস্তিৰ ভয়ত নহয়, মানুহৰ নিজৰ নৈতিক চেতনাৰ ওপৰত প্ৰতিষ্ঠিত।
৭. কৰ্তব্যমূলক নীতিবিদ্যা (Deontological Ethics) বুলিলে কি বুজা? [GU 2025]
উত্তৰ: যি নৈতিক মতবাদে কাৰ্যৰ ফলাফল বা পৰিণতিৰ ওপৰত গুৰুত্ব নিদি কেৱল কাৰ্যটোৰ নিজস্ব স্বৰূপ আৰু কৰ্তব্যৰ পবিত্ৰতাৰ ওপৰত ভিত্তি কৰি ভাল-বেয়া নিৰ্ণয় কৰে, তাকে কৰ্তব্যমূলক নীতিবিদ্যা বোলে। কাণ্টৰ নীতিবিজ্ঞান ইয়াৰ উৎকৃষ্ট নিদৰ্শন।
৮. ইচ্ছাৰ স্বাধীনতা-সম্পৰ্কীয় দুটা তত্ত্বৰ নাম লিখা। [GU 2025]
উত্তৰ: ইচ্ছাৰ স্বাধীনতা সম্পৰ্কীয় দুটা প্ৰধান তত্ত্ব হ'ল—
১/ নিয়তিবাদ বা নিৰ্ধাৰণবাদ (Determinism) আৰু
২/ অনিৰ্ধাৰণবাদ বা আত্ম-নিৰ্ধাৰণবাদ (Indeterminism / Self-determinism)।
৯. মৃত্যুদণ্ডৰ বিৰুদ্ধে দুটা যুক্তি আগবঢ়োৱা। [GU 2025]
উত্তৰ: প্ৰথমতে, মানৱ জীৱন অপূৰণীয়; যদিহে কোনো নিৰ্দোষী ব্যক্তিক ভুলবশত মৃত্যুদণ্ড দিয়া হয়, তেন্তে তাক সংশোধন কৰাৰ কোনো উপায় নাথাকে। দ্বিতীয়তে, ই অপৰাধীক সংশোধন হোৱাৰ সকলো সুযোগ চিৰদিনৰ বাবে কাঢ়ি লয়।
১০. মূল্যাত্মক অৱধাৰণ আৰু তথ্যমূলক অৱধাৰণৰ দুটা পাৰ্থক্য লিখা। [GU 2025]
উত্তৰ: তথ্যমূলক অৱধাৰণে বস্তু এটা ‘কেনেকুৱা’ বা বাস্তৱত কি ঘটিছে (What is) তাৰ বৰ্ণনা দিয়ে (যেনে— পৃথিৱীখন ঘূৰণীয়া)। আনহাতে, মূল্যাত্মক অৱধাৰণে বস্তু বা কাৰ্য এটা ‘কেনেকুৱা হোৱা উচিত’ (What ought to be) বা তাৰ নৈতিক মূল্য বিচাৰ কৰে (যেনে— মিছা কোৱা অনুচিত)।
১১. নীতিবিদ্যাৰ সংজ্ঞা দিয়া।
উত্তৰ: নীতিবিদ্যা হ'ল সমাজত বসবাস কৰা মানুহৰ আচাৰ-ব্যৱহাৰ আৰু ঐচ্ছিক ক্ৰিয়াসমূহ পৰম কল্যাণ বা সৰ্বোচ্চ নৈতিক আদৰ্শৰ আলোকত বিচাৰ কৰা এক আদৰ্শনিষ্ঠ বিজ্ঞান (Normative Science)।
১২. ঐচ্ছিক ক্ৰিয়া (Voluntary Action) কি?
উত্তৰ: এজন ব্যক্তিয়ে সুস্থ আৰু সজাগ অৱস্থাত কোনো বাহ্যিক হেঁচা নোহোৱাকৈ, কোনো উদ্দেশ্য সাধনৰ বাবে নিজৰ ইচ্ছামতে বিবেচনা কৰি যি কাম সম্পাদন কৰে, তাকে ঐচ্ছিক ক্ৰিয়া বোলে।
১৩. অনৈচ্ছিক ক্ৰিয়া (Non-voluntary Action) বুলিলে কি বুজা?
উত্তৰ: ব্যক্তিৰ ইচ্ছা, সংকল্প বা পূৰ্ব-পৰিকল্পনা নোহোৱাকৈ স্বতঃস্ফূৰ্তভাৱে বা শাৰীৰিক প্ৰক্ৰিয়াৰ বাবে সংঘটিত হোৱা কাৰ্যবোৰেই হ'ল অনৈচ্ছিক ক্ৰিয়া। যেনে— চকুৰ টিপ মৰা, হৃদস্পন্দন চলা আদি।
১৪. নীতিবিদ্যাক কিয় 'আদৰ্শনিষ্ঠ বিজ্ঞান' বোলা হয়?
উত্তৰ: প্ৰাকৃতিক বিজ্ঞানে ঘটনাৰ বাস্তৱ স্থিতি বৰ্ণনা কৰে; কিন্তু নীতিবিদ্যাই মানুহৰ আচৰণ বাস্তৱত কেনে তাক কোৱাৰ পৰিৱৰ্তে আচৰণ কেনেকুৱা হোৱা 'উচিত' তাৰ এক আদৰ্শ (পৰম কল্যাণ) নিৰ্ধাৰণ কৰে বাবে ইয়াক আদৰ্শনিষ্ঠ বিজ্ঞান বোলে।
১৫. নীতিবিদ্যাৰ উপযোগিতা কি?
উত্তৰ: নীতিবিদ্যাই মানুহক উচিত আৰু অনুচিত কাৰ্যৰ পাৰ্থক্য শিকায়, সমাজত ন্যায় আৰু শৃংখলা বজাই ৰখাত সহায় কৰে আৰু মানুহৰ চৰিত্ৰ গঠন কৰি আত্মশুদ্ধিত পথ প্ৰদৰ্শন কৰে।
৫ নম্বৰীয়া প্ৰশ্ন :
১. নীতিবিদ্যাৰ স্বৰূপ আৰু পৰিসৰ আলোচনা কৰা। [GU 2025]
উত্তৰ: নীতিবিদ্যা (Ethics) হৈছে সমাজবদ্ধ মানুহৰ আচৰণ আৰু চৰিত্ৰৰ উচিত-অনুচিত বিচাৰ কৰা এক আদৰ্শনিষ্ঠ বিজ্ঞান। ইয়াৰ স্বৰূপ আৰু পৰিসৰ অতি ব্যাপক:
স্বৰূপ: নীতিবিদ্যা কোনো ব্যৱহাৰিক কলা বা বৰ্ণনাত্মক বিজ্ঞান নহয়। ই পৰম শ্ৰেয় বা সৰ্বোচ্চ কল্যাণৰ (Highest Good) মাপকাঠিত মানুহৰ ঐচ্ছিক আচৰণৰ নৈতিক মূল্য মূল্যায়ন কৰে।
পৰিসৰ:
ঐচ্ছিক ক্ৰিয়াৰ আলোচনা: সমাজত সুস্থ মানসিকতাৰে কৰা মানুহৰ কাৰ্য, উদ্দেশ্য, অভিপ্ৰায় আৰু পৰিণতি নীতিবিদ্যাৰ মূল পৰিসৰভুক্ত বিষয়।
নৈতিক ধাৰণাসমূহৰ বিশ্লষণ: কৰ্তব্য, সদ্গুণ, ন্যায়, পাপ-পুণ্য, সুখ, ইচ্ছাৰ স্বাধীনতা আদি মৌলিক ধাৰণাবোৰ ইয়াত বিশ্লেষণ কৰা হয়।
অনৈচ্ছিক ক্ৰিয়াৰ সীমা নিৰ্ধাৰণ: কিবোৰ ক্ৰিয়া নৈতিক বিচাৰৰ আওতাত পৰে আৰু কিবোৰ নপৰে (অনৈতিক কাৰ্য), তাৰ স্পষ্ট সীমাৰেখা নীতিবিদ্যাই নিৰ্ধাৰণ কৰে।
সামৰণিত, ব্যক্তিজীৱনৰ চৰিত্ৰ গঠনৰ পৰা আৰম্ভ কৰি সামাজিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ নৈতিক মানদণ্ড নিৰ্ধাৰণলৈকে নীতিবিদ্যাৰ পৰিসৰ বিস্তৃত।
২. নৈতিক প্ৰত্যয় হিচাপে 'ভাল' বা 'শ্ৰেয়'ৰ (Good) ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা। [GU 2025]
উত্তৰ: নীতিবিজ্ঞানৰ অন্যতম কেন্দ্ৰীয় প্ৰত্যয় হৈছে 'শ্ৰেয়' বা 'ভাল' (The Good)। নৈতিক পৰিপ্ৰেক্ষিতত 'ভাল' শব্দটো দুটা অৰ্থত ব্যৱহাৰ কৰা হয়: ১/ উপযোগিতামূলক বা সাধনমূলক ভাল (Instrumental Good) আৰু ২/ স্বতঃমূল্যৱান বা পৰম শ্ৰেয় (Intrinsic/Highest Good)। সাধনমূলক ভাল হৈছে এনে এক মাধ্যম, যিয়ে আন এক লক্ষ্যত উপনীত হোৱাত সহায় কৰে (যেনে— ধন-সম্পদ বা ঔষধ)। আনহাতে, স্বতঃমূল্যৱান ভাল হ'ল এনে এক লক্ষ্য, যাক কোনো মাধ্যম হিচাপে নহয়, নিজৰ বাবেই বিচৰা হয় (যেনে— সুখ, প্ৰজ্ঞা বা আনন্দ)। দাৰ্শনিকসকলৰ মতে, পৰম শ্ৰেয় (Summum Bonum) হৈছে মানৱ জীৱনৰ চূড়ান্ত নৈতিক আদৰ্শ, যাৰ ওপৰত ভিত্তি কৰি সকলো কাৰ্যৰ ভাল-বেয়া নিৰূপণ কৰা হয়। এৰিষ্ট'টলে ইয়াকে 'ইউদাইমনিয়া' (Eudaimonia) বা আত্ম-বিকাশ বুলিছে, আৰু উপযোগিতাবাদীসকলে সৰ্বাধিক লোকৰ সৰ্বাধিক সুখক পৰম শ্ৰেয় বুলি গণ্য কৰিছে।
৩. কাণ্টৰ 'কৰ্তব্যৰ বাবে কৰ্তব্যসাধন' (Duty for duty's sake) মতটো আলোচনা কৰা। [GU 2025]
উত্তৰ: জাৰ্মান দাৰ্শনিক ইমানুৱেল কাণ্টৰ নীতিবিজ্ঞানৰ মূল ভেটি হৈছে 'কৰ্তব্যৰ বাবে কৰ্তব্যসাধন'। কাণ্টৰ মতে, কোনো কাৰ্যৰ নৈতিক মূল্য তাৰ ফলাফল, ব্যক্তিগত লাভালাভ বা আৱেগ-অনুভূতিৰ ওপৰত নিৰ্ভৰ নকৰে।
সদিচ্ছা (Good Will): কাণ্টে ঘোষণা কৰিছিল যে জগতত সদিচ্ছাতকৈ আন কোনো বস্তুৱেই চৰ্তহীনভাৱে ভাল নহয়। সদিচ্ছা হ'ল কেৱল কৰ্তব্যৰ প্ৰতি সন্মান জনাই কাম কৰাৰ ইচ্ছা।
শৰ্তহীন আদেশ (Categorical Imperative): নৈতিক নিয়মবোৰ চৰ্তহীন। আমি কাৰোবাৰ প্ৰতি দয়া অনুভৱ কৰি বা প্ৰশংসাৰ আশাত নহয়, কাৰ্যটো নিজৰ পৰম নৈতিক দায়িত্ব বা নিয়ম বুলি মানিহে কৰা উচিত।
এনেদৰে কাণ্টে ফলাফলকেন্দ্ৰিক নীতিবিদ্যাৰ বিপৰীতে এক বিশুদ্ধ কৰ্তব্যনিষ্ঠ বা নিয়মনিষ্ঠ নীতিবিজ্ঞান প্ৰতিষ্ঠা কৰে।
৪. সুখৰ গণনা প্ৰণালী (Hedonistic Calculus) বুলিলে কি বুজা? ব্যাখ্যা কৰা। [GU 2025]
উত্তৰ: সংস্কাৰক তথা দাৰ্শনিক জেৰেমি বেন্থামে সুখৰ পৰিমাণ জোখাৰ বাবে যি গাণিতিক পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল, তাকে 'সুখৰ গণনা প্ৰণালী' বোলে। বেন্থামৰ মতে সকলো সুখৰ মাজত কেৱল পৰিমাণগত পাৰ্থক্য থাকে, কোনো গুণগত পাৰ্থক্য নাথাকে। সুখ বা দুখৰ পৰিমাণ জুখিবলৈ তেওঁ ৭টা মাপকাঠী বা মাত্ৰা নিৰ্ধাৰণ কৰিছে:
তীব্ৰতা (Intensity): সুখ কিমান গভীৰ।
স্থায়িত্ব (Duration): সুখ কিমান সময় থাকে।
নিশ্চয়তা (Certainty): সুখ পোৱাটো কিমান নিশ্চিত।
নিকটৱৰ্তীতা (Propinquity): সুখ কিমান সোনকালে লাভ কৰিব পাৰি।
উৎপাদনশীলতা (Fecundity): এটা সুখে আন এটা সুখ উৎপন্ন কৰে নে নকৰে।
বিশুদ্ধতা (Purity): সুখৰ লগত দুখ মিহলি হৈ আছে নেকি।
প্ৰসাৰতা (Extent): সুখে কিমান সংখ্যক ব্যক্তিক সামৰি লয়।
এই মাত্ৰাবোৰ যোগ-বিয়োগ কৰি কোনো কাৰ্য কৰা উচিত নে অনুচিত, তাৰ সিদ্ধান্ত লোৱা হয়।
৫. নৈতিক বিচাৰৰ বিষয়বস্তু (Object of Moral Judgement) কি? আলোচনা কৰা। [GU 2025]
উত্তৰ: নৈতিক বিচাৰত আমি ব্যক্তিৰ ক্ৰিয়া এটা ভাল নে বেয়া তাৰ মূল্যায়ন কৰোঁ। কিন্তু নৈতিক বিচাৰৰ প্ৰকৃত বিষয়বস্তু কি, তাক লৈ দাৰ্শনিকসকলৰ মাজত মতভেদ আছে:
উদ্দেশ্যবাদ (Motive): বেন্থাম আদি কিছু চিন্তাবিদৰ মতে উদ্দেশ্য বা ফলাফল নৈতিক বিচাৰৰ মূল।
অভিপ্ৰায়বাদ (Intention): জে. এছ. মিল আৰু মেকেঞ্জিৰ মতে, উদ্দেশ্য নহয়, সম্পূৰ্ণ ‘অভিপ্ৰায়’হে নৈতিক বিচাৰৰ মূল বিষয়বস্তু। কাৰণ অভিপ্ৰায়ত কাৰ্যৰ উদ্দেশ্য, উপায় বাছনি আৰু সম্ভাৱ্য পৰিণতি সকলো সামৰি লোৱা হয়।
চৰিত্ৰ (Character): আন বহু দাৰ্শনিকৰ মতে, কাৰ্যৰ আঁৰত থকা ব্যক্তিৰ সামগ্ৰিক চৰিত্ৰ আৰু সদিচ্ছাহে নৈতিক বিচাৰৰ প্ৰকৃত বস্তু।
উপসংহাৰত ক'ব পাৰি যে, সচেতনভাৱে কৰা ঐচ্ছিক ক্ৰিয়াৰ সমগ্ৰ ‘অভিপ্ৰায়’ আৰু ব্যক্তিৰ চৰিত্ৰই নৈতিক বিচাৰৰ মূল বিষয়বস্তু।
৬. ইচ্ছাৰ স্বাধীনতাৰ সপক্ষে থকা যুক্তিসমূহ চমুকৈ ব্যাখ্যা কৰা। [GU 2025]
উত্তৰ: নৈতিক দায়িত্ব আৰু বিচাৰৰ বাবে ইচ্ছাৰ স্বাধীনতা (Freedom of Will) অপৰিহাৰ্য পূৰ্বচৰ্ত। ইয়াৰ সপক্ষে মূল যুক্তিবোৰ হ'ল:
নৈতিক চেতনা আৰু বাধ্যবাধকতা: কাণ্টৰ মতে, "তুমি কৰা উচিত, গতিকে তুমি পাৰিবা" (Thou oughtest, therefore thou canst)। নৈতিক কৰ্তব্যৰ অনুভূতিয়েই প্ৰমাণ কৰে যে মানুহৰ ইচ্ছাৰ স্বাধীনতা আছে।
অনুতাপ আৰু আত্মগ্লানি: ভুল কাম এটা কৰাৰ পিছত আমাৰ মনত যি অনুশোচনা বা অনুতাপ জাগে, সি প্ৰমাণ কৰে যে মই ইচ্ছা কৰিলে কামটো নকৰাকৈ থাকিব পাৰিলোহেঁতেন।
প্ৰশংসা, পুৰস্কাৰ আৰু শাস্তি: সমাজ আৰু আইনে মানুহক পুৰস্কাৰ বা শাস্তি দিয়ে এই বিশ্বাসৰ ভিত্তিত যে ব্যক্তিয়ে নিজৰ ইচ্ছামতে কামটো বাছি লৈছিল।
৭. অপৰাধ আৰু শাস্তিৰ সম্বন্ধ ব্যাখ্যা কৰা। [GU 2025]
উত্তৰ: অপৰাধ আৰু শাস্তিৰ মাজত এক অপৰিহাৰ্য নৈতিক আৰু আইনী সম্বন্ধ আছে।
সামাজিক শৃংখলা ভংগ: যেতিয়া কোনো ব্যক্তিয়ে সমাজ বা ৰাষ্ট্ৰৰ সু-প্ৰতিষ্ঠিত নৈতিক আৰু আইনী নিয়ম উলংঘা কৰে, তাক 'অপৰাধ' বোলা হয়।
শাস্তি ন্যায়ৰ পুনৰুদ্ধাৰ: শাস্তি হৈছে অপৰাধৰ প্ৰাকৃতিক আৰু ন্যায়সংগত প্ৰতিক্ৰিয়া। শাস্তিয়ে সমাজত ভংগ হোৱা ন্যায়ৰ সমতাক পুনৰ প্ৰতিষ্ঠা কৰে।
উদ্দেশ্য: শাস্তিয়ে কেৱল অপৰাধীক যন্ত্ৰণা নিদিয়ে, বৰঞ্চ ভৱিষ্যতে যাতে কোনেও এনে কাৰ্য নকৰে তাৰ সতৰ্কবাণী দিয়ে আৰু অপৰাধীৰ মনৰ সংশোধন ঘটায়। সেয়েহে, অপৰাধ হ'ল কাৰণ আৰু শাস্তি হ'ল তাৰ নৈতিক ফল।
৮. স্বাৰ্থৰ বিৰোধিতাৰ (Conflict of Interest) বিষয়ে এটি চমু টোকা লিখা। [GU 2025]
উত্তৰ: যেতিয়া এজন ব্যক্তিৰ ব্যক্তিগত স্বাৰ্থ আৰু তেওঁৰ পেছাগত বা নৈতিক দায়িত্বৰ মাজত সংঘাতৰ সৃষ্টি হয়, তাকে স্বাৰ্থৰ বিৰোধিতা (Conflict of Interest) বোলে।
প্ৰকৃতি: এনে অৱস্থাত ব্যক্তিজনে নিৰপেক্ষভাৱে সিদ্ধান্ত ল'বলৈ অসুবিধা পায়, কাৰণ ব্যক্তিগত লাভালাভে তেওঁৰ নৈতিক বিচাৰক প্ৰভাৱিত কৰে।
উদাহৰণ: এজন পৰীক্ষকে নিজৰ সন্তানৰ পৰীক্ষা বহী চোৱা, বা চৰকাৰী বিষয়াই নিজৰ আত্মীয়ক ঠিকা আবণ্টন দিয়া।
নৈতিক সমাধান: পেছাগত সততা আৰু নিকা ভাৱমূৰ্তি বজাই ৰাখিবলৈ এনে সংঘাতৰ কথা আগতীয়াকৈ প্ৰকাশ কৰি নিজকে সেই দায়িত্বৰ পৰা আঁতৰাই ৰখাটোৱেই হ'ল শ্ৰেষ্ঠ নৈতিক পথ।
৯. নৈতিক ক্ৰিয়া আৰু অনৈতিক ক্ৰিয়াৰ মাজৰ পাৰ্থক্য বুজাই লিখা।
উত্তৰ:
সংজ্ঞা: যিবোৰ ক্ৰিয়া সমাজত সুস্থ ব্যক্তিয়ে সজ্ঞানে আৰু ইচ্ছাকৃতভাৱে কৰে আৰু যাৰ ওপৰত নৈতিক বিচাৰ প্ৰয়োগ হয়, সেয়া নৈতিক ক্ৰিয়া (Moral Action)। বিপৰীতে, যিবোৰ ক্ৰিয়াত ব্যক্তিৰ ইচ্ছা বা জ্ঞানৰ ভূমিকা নাথাকে আৰু নৈতিক বিচাৰ প্ৰযোজ্য নহয়, সেয়া অনৈতিক ক্ৰিয়া (Non-moral Action)।
ইচ্ছাৰ উপস্থিতি: নৈতিক ক্ৰিয়া সদায় ঐচ্ছিক আৰু উদ্দেশ্যপ্ৰণোদিত। অনৈতিক ক্ৰিয়া সাধাৰণতে প্ৰতিবৰ্তী, স্বতঃস্ফূৰ্ত বা বাধ্যবাধকতাপূৰ্ণ।
কৰ্তাৰ বৌদ্ধিক স্থিতি: প্ৰাপ্তবয়স্ক আৰু সুস্থ মস্তিষ্কৰ মানুহৰ কাম নৈতিক। শিশু, মানসিক ৰোগী আৰু পশু-পক্ষীৰ কাৰ্য অনৈতিক ক্ৰিয়াৰ শ্ৰেণীত পৰে।
১০. ঐচ্ছিক কাৰ্যৰ বিভিন্ন স্তৰসমূহ চমুকৈ উল্লেখ কৰা।
উত্তৰ: এটা সম্পূৰ্ণ ঐচ্ছিক কাৰ্য তিনিটা মূল স্তৰৰ মাজেৰে পাৰ হৈ যায়:
১/ মানসিক স্তৰ (Mental Stage): ইয়াত মনৰ ভিতৰত কোনো অভাৱৰ পৰা ইচ্ছা বা কামনাৰ (Desire) জন্ম হয়। তাৰ পিছত একাধিক কামনাৰ মাজত সংঘাত (Conflict of Motives) আৰু বিবেচনা (Deliberation) চলি শেষত এটা নিৰ্দিষ্ট লক্ষ্য বাছনি (Choice and Resolution) কৰা হয়।
২/ শাৰীৰিক স্তৰ (Bodily Stage): মানসিক সংকল্পক বাস্তৱায়িত কৰিবলৈ কৰ্তাই নিজৰ পেশী সঞ্চালন বা অঙ্গ-প্ৰত্যঙ্গ ব্যৱহাৰ কৰি বাহ্যিক কাৰ্য সম্পাদন কৰে।
৩/ বাহ্যিক পৰিণতিৰ স্তৰ (External Consequences): কাৰ্যটো সম্পাদন হোৱাৰ ফলত বাহ্যিক জগতত কিছুমান পৰিণতি বা ফল দেখা যায়, যাৰ ভাল-বেয়াৰ ওপৰত নৈতিক মূল্যায়ন নিৰ্ভৰ কৰে।
Very Short Answer :
1. The ideal of ethics is Truth / Beauty / Goodness. [GU 2025]
Answer: Goodness.
2. A Manual of Ethics is authored by Mackenzie / W. Lillie. [GU 2025]
Answer: J. S. Mackenzie.
3. "Ethics is a normative science." Is it true? [GU 2025]
Answer: Yes, the statement is true.
4. Who is the author of the book Nicomachean Ethics? [GU 2025]
Answer: Aristotle.
5. Who believes in quantitative differences among pleasures? [GU 2025]
Answer: Jeremy Bentham.
6. "Thou oughtest, therefore thou canst." Name the philosopher associated with the statement. [GU 2025]
Answer: Immanuel Kant.
7. What is the etymological meaning of 'Right'? [GU 2025]
Answer: The term 'Right' is derived from the Latin word Rectus, which signifies 'according to rule' or 'straight/correct'.
8. "Preventive theory supports capital punishment." Is it correct? [GU 2025]
Answer: Yes, it is correct.
9. From which Greek word is the term 'Ethics' derived?
Answer: It is derived from the classical Greek root Ethos, denoting customs, conduct, or character.
10. What constitutes the fundamental subject matter of ethics?
Answer: The systematic moral evaluation of voluntary conduct performed by conscious, rational individuals living in society.
11. What serves as the primary object of moral judgment—Motive or Intention?
Answer: Intention.
12. Cite an example of a non-moral action.
Answer: Biological reflex actions such as blinking or instinctive responses like drinking water when thirsty.
13. Name a major philosophical work titled Ethics.
Answer: Ethics by Baruch Spinoza (or An Introduction to Ethics by William Lillie).
14. Why are the actions of infants and mentally disabled individuals excluded from moral evaluation?
Answer: Because they lack the requisite cognitive capacity, rational deliberation, and normative awareness to distinguish right from wrong.
15. What is the essential prerequisite of a voluntary action?
Answer: The presence of conscious purpose, rational deliberation, and freedom of choice on the part of the moral agent.
2-Mark Questions :
1. What do you mean by non-moral action? [GU 2025]
Answer: Non-moral actions refer to conduct and biological processes that fall outside the domain of moral evaluation, rendering predicates like 'right' or 'wrong' inapplicable. These include automatic physiological reflexes, unreflective instinctive habits, and actions performed by infants or mentally unsound individuals lacking rational volition.
2. Distinguish between Motive and Intention. [GU 2025]
Answer: Motive is the internal impulse, feeling, or psychological drive that moves the agent toward an end. Intention is a broader, comprehensive concept that encompasses the chosen end, the selected means, and all foreseen consequences of the voluntary act. Motive forms only a constituent element of intention.
3. What do you mean by 'Golden Mean' as described in Aristotle's ethics? [GU 2025]
Answer: In Aristotelian virtue ethics, the 'Golden Mean' denotes moral virtue as an intermediate state between two vicious extremes—an excess and a deficiency. For example, courage represents the rational mean positioned between the deficiency of cowardice and the excess of rashness.
4. What are the Cardinal Virtues according to Plato? [GU 2025]
Answer: Plato identified four cardinal virtues essential for individual character and the ideal state: Wisdom (Sophia), Courage (Andreia), Temperance (Sophrosyne), and Justice (Dikaiosyne).
5. Name two supporters of hedonistic utilitarianism. [GU 2025]
Answer: Jeremy Bentham (quantitative hedonistic utilitarianism) and John Stuart Mill (qualitative hedonistic utilitarianism).
6. What do you mean by moral obligation? [GU 2025]
Answer: Moral obligation refers to the internal, rational necessity felt by an autonomous moral agent to act in accordance with moral law or duty. It arises from rational self-legislation rather than external physical coercion or legal penalties.
7. What do you mean by deontological ethics? [GU 2025]
Answer: Deontological ethics is a normative framework positing that the moral worth of an action is intrinsic to the act itself—derived from adherence to duty or moral rules—rather than contingent upon its empirical consequences or outcomes. Kantian ethics represents the foremost formulation of this view.
8. Name two theories about the nature of Freedom of Will. [GU 2025]
Answer: Determinism (the view that all volitions are causally conditioned) and Indeterminism / Self-determinism (the doctrine that rational agents possess autonomous causality).
9. Write two arguments against capital punishment. [GU 2025]
Answer: First, human judicial systems are fallible, making the execution of an innocent person an irreversible injustice. Second, it violates the absolute sanctity of human life and eliminates any possibility of moral rehabilitation for the offender.
10. Write two distinctions between Value Judgment and Factual Judgment. [GU 2025]
Answer: A factual judgment is descriptive, objective, and asserts what 'is' in empirical reality (e.g., "The Earth orbits the Sun"). A value judgment is normative, prescriptive, and asserts what 'ought to be' according to ideal standards (e.g., "Lying is wrong").
11. Define Ethics.
Answer: Ethics is the normative science of human conduct that systematically investigates, clarifies, and evaluates the actions of rational individuals living in society in the light of the ultimate ideal of Goodness.
12. What is a Voluntary Action?
Answer: A voluntary action is a deliberate, conscious act performed by a rational agent who possesses alternative possibilities, exercises freedom of choice, and acts toward an envisioned end without overriding external coercion.
13. What is meant by Non-voluntary Action?
Answer: Non-voluntary actions are occurrences executed without conscious intention, choice, or purpose. Examples include purely autonomic biological functions (such as circulation and respiration) or actions executed under absolute physical compulsion.
14. Why is Ethics classified as a 'Normative Science'?
Answer: Unlike natural or positive sciences that describe facts as they exist (what is), ethics prescribes universal ideals and evaluative criteria to judge conduct as it ought to be relative to the supreme good (Summum Bonum).
15. Outline the practical utility of Ethics.
Answer: Ethics provides conceptual clarity for resolving moral dilemmas, cultivates autonomous moral character, guides social justice frameworks, and establishes rational standards for harmonious social coexistence.
5-Mark Questions (Approx. 200 Words Each) :
1. Discuss the nature and scope of ethics. [GU 2025]
Answer: Nature of Ethics: Ethics is neither an empirical positive science nor a mere practical craft. It is a systematic normative science that evaluates human conduct against the ultimate ideal of the Highest Good (Summum Bonum). It operates prescriptively rather than descriptively, seeking to establish universal principles of rightness, duty, and virtue.
Scope of Ethics:
Voluntary Conduct: It examines intentional, deliberate human acts, including their mental determinants (motives, desires, and choices), outward performance, and foreseen consequences.
Analysis of Normative Concepts: It rigorously analyzes fundamental normative concepts such as obligation, justice, virtue, rights, and moral agency.
Demarcation of Moral Boundaries: It demarcates moral actions from non-moral phenomena (such as involuntary reflexes or the behavior of animals and infants), determining the conditions of moral responsibility.
Applied and Meta-ethical Dimensions: Beyond normative theories, its scope includes the logical analysis of moral language and the application of normative frameworks to practical dilemmas.
2. Briefly explain the ethical concept of 'Good'. [GU 2025]
Answer: The concept of the 'Good' (Bonum) serves as the foundational teleological concept in normative ethics, providing the standard by which human conduct is appraised. Ethicists draw an essential distinction between two categories of the Good:
Instrumental Good (Extrinsic Good): Objects or actions that are not valued for their own sake, but serve as intermediate means to realize further ends (e.g., wealth, tools, or medicine).
Intrinsic Good (The Highest Good / Summum Bonum): That which is desirable in and for itself, constituting the ultimate end of all rational endeavor.
Historical frameworks conceptualize the supreme good differently: Hedonism identifies it with pleasure and the absence of pain; Aristotle formulates it as Eudaimonia (rational self-realization and human flourishing); and Deontologists emphasize moral perfection and virtue. In sum, the 'Good' functions as the ultimate normative criterion against which all moral duties and human actions derive their justification.
3. Discuss Kant's view on 'duty for duty's sake'. [GU 2025]
Answer: Immanuel Kant's deontological moral framework establishes that the moral worth of an action depends entirely on the principle of volition, rather than its empirical consequences, emotional inclinations, or utility.
The Good Will: Kant contends that nothing can be conceived of as good without qualification except a 'Good Will'—a will that acts solely out of reverence for the moral law.
Duty vs. Inclination: An action possesses authentic moral worth only when performed strictly from duty (aus Pflicht). Actions motivated by personal inclination, sympathy, fear, or anticipated reward remain morally neutral, even if they conform to duty.
The Categorical Imperative: Duty presents itself to rational beings as an unconditional, categorical command: "Act only according to that maxim whereby you can at the same time will that it should become a universal law."
To act out of 'duty for duty's sake' is to recognize moral obligation through pure practical reason, maintaining moral autonomy free from utilitarian or emotional calculations.
4. What do you mean by hedonistic calculus? Explain. [GU 2025]
Answer: The 'Hedonistic Calculus' (or felicific calculus) is a quantitative method formulated by Jeremy Bentham to compute the net balance of pleasure and pain generated by any action, thereby determining its moral rightness. Bentham maintained that all pleasures are qualitatively identical and vary solely in quantity.
To evaluate an action, an agent must assess seven quantitative dimensions (variables):
Intensity: How strong the sensation of pleasure is.
Duration: How long the pleasure persists.
Certainty or Uncertainty: The probability that the pleasure will occur.
Propinquity or Remoteness: How temporally proximate the pleasure is.
Fecundity: The likelihood that the act will generate further sensations of the same kind (more pleasure).
Purity: The likelihood that it will not be followed by opposing sensations (pain).
Extent: The number of individuals affected by the action.
By aggregating the numerical units of pleasure against pain across these variables, an action is declared morally right if it yields a surplus of pleasure over pain for the affected community.
5. What is the object of moral judgment? Discuss. [GU 2025]
Answer: The question regarding the proper object of moral judgment addresses the exact locus of an act upon which praise or blame is directed:
Motive: Some thinkers argue that the inward subjective spring (motive) alone determines moral value. However, a noble motive executing a destructive act using irrational means cannot be judged purely good.
Consequences: Utilitarians locate moral worth solely in the empirical consequences produced by the act. This perspective overlooks the moral character and culpability of the agent.
Intention: The dominant philosophical view (held by J. S. Mill, J. S. Mackenzie, and William Lillie) asserts that the complete intention is the true object of moral judgment. Intention includes the motive, the chosen means, and all foreseen consequences.
Character: Ultimately, repeated intentional acts construct the agent's enduring moral character. Therefore, moral judgment applies directly to voluntary actions qua intentional acts, and derivatively to the character of the moral agent.
6. Briefly explain the arguments for the Freedom of Will. [GU 2025]
Answer: Freedom of the will is the foundational postulate of morality; without it, moral responsibility, praiseworthiness, and culpability become meaningless. The primary arguments include:
The Moral Consciousness Argument: Immanuel Kant observed that our immediate awareness of moral obligation implies the capacity for choice, encapsulated in the dictum: "Thou oughtest, therefore thou canst" (Du sollst, also du kannst).
The Psychological Experience of Deliberation and Choice: Human agents experience conscious deliberation when confronted with competing motives. The introspective experience of resolving a crisis of choice through personal decision demonstrates volitional autonomy.
The Fact of Remorse and Guilt: The profound psychological experience of repentance, self-reproach, and guilt after committing an offense logically requires that the agent could have chosen otherwise.
The Rationality of Praise, Blame, and Legal Punishment: Social and legal institutions hold individuals accountable because society assumes agents are the autonomous authors of their actions.
7. Explain the relation between Crime and Punishment. [GU 2025]
Answer: Crime and punishment share an intrinsic ethical and juridical relationship rooted in justice and the maintenance of the social order:
Crime as Moral and Legal Breach: A crime is a deliberate violation of established laws and the shared moral rights of a political community, disrupting the balance of justice.
Punishment as a Dialectical Retribution: As argued by retributive theorists like Hegel, crime constitutes a negation of the moral order; punishment functions as the "negation of the negation," restoring the equilibrium of justice.
Teleological Justification: Beyond retributive justice, punishment serves preventive and reformative functions. It aims to deter potential offenders and reform the criminal's character, aligning individual conduct with the social good.
Punishment is thus not arbitrary state violence, but a justified moral response to culpability.
8. Write a note on conflict of interest. [GU 2025]
Answer: A conflict of interest occurs in professional and applied ethics when an individual's personal, financial, or private interests clash with their official, fiduciary, or moral obligations.
Nature of the Conflict: The presence of a secondary interest compromises—or gives the reasonable appearance of compromising—an agent's impartiality and professional integrity in discharging their primary duties.
Illustrative Examples: A public official awarding a state contract to an enterprise owned by a relative, or an academic examining an immediate family member's doctoral dissertation.
Ethical Resolution: Standard ethical protocols demand transparency, full prior disclosure of conflicting stakes, and voluntary recusal from decision-making roles to preserve fairness, trust, and structural integrity in public institutions.
9. Explain the distinction between Moral Action and Non-moral Action.
Answer: The distinction between moral and non-moral actions establishes the precise boundaries of ethical inquiry:
Moral Actions: These are actions performed by rational, mature agents who possess volitional freedom and moral awareness. Because they involve conscious choice, deliberation, and intentionality, they are subject to moral praise or blame (e.g., telling the truth or rendering aid).
Non-moral Actions: These are actions to which moral categories are inapplicable. They lack conscious volition, alternative choices, or normative comprehension.
Criteria of Differentiation:
Agency: Moral actions require a conscious, rational human agent; non-moral acts include the instinctive behaviors of animals or autonomic reflex movements in humans.
Capacity: The actions of infants and individuals with severe cognitive disabilities are non-moral due to an absence of rational deliberation.
Volition: Actions performed under overwhelming physical coercion fall entirely outside the sphere of moral accountability.
10. Briefly explain the stages of a Voluntary Action.
Answer: A fully realized voluntary action progresses through three successive psychological and physical stages:
1. The Mental (Psychological) Stage:
Appetite/Desire: Originates from the awareness of a lack, prompting a desire for an object.
Conflict of Motives: Multiple competing desires arise simultaneously within the agent's consciousness.
Deliberation: The rational intellect analyzes the competing desires, their ethical implications, and available means.
Choice and Resolution (Volition): The agent selects one specific end, transforming it into a conscious resolution.
2. The Bodily (Physical) Stage: The internal resolution triggers neurological impulses and muscular movements, executing the intended physical act in the external world.
3. The External Stage (Consequences): The physical movement alters the external environment, producing immediate and long-term consequences that form the material basis for final normative evaluation.