Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Payment Form
  • Adre Practice Mock Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Payment Form
      • Adre Practice Mock Test
    Medium Selection - Premium Education Portal

    Please choose your option, either Assamese medium or English medium

    অ

    Assamese Medium

    অসমীয়া মাধ্যম
    EN

    English Medium

    Academic Resources











    Unit 2

    পৰিস্থিতিবিজ্ঞান আৰু পৰিৱেশীয় বহনক্ষমতা


    ১ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (১৫ টা)

    ১. 'Ecology' (পৰিস্থিতিবিজ্ঞান) শব্দটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল?

    উত্তৰ: অৰ্নেষ্ট হেকেল (Ernst Haeckel)।

    ২. EIA-ৰ সম্পূৰ্ণ ৰূপটো কি?

    উত্তৰ: Environmental Impact Assessment (পৰিৱেশ প্ৰভাৱ মূল্যাংকন)।

    ৩. পৰিস্থিতিগত সংগঠনৰ আটাইতকৈ সৰু স্তৰটো কি?

    উত্তৰ: জীৱ বা ব্যক্তি (Individual/Organism)।

    ৪. জীৱমণ্ডল (Biosphere) বুলিলে কি বুজা যায়?

    উত্তৰ: পৃথিৱীৰ যিবোৰ অঞ্চলত জীৱ বাস কৰে, সেই সমগ্ৰ অংশক জীৱমণ্ডল বোলে।

    ৫. পৰিস্থিতিতন্ত্ৰৰ দুটা মূল উপাদান কি কি?

    উত্তৰ: জৈৱিক উপাদান (Biotic) আৰু অজৈৱিক উপাদান (Abiotic)।

    ৬. সেউজ নীতিশাস্ত্ৰৰ (Green Ethics) প্ৰধান উদ্দেশ্য কি?

    উত্তৰ: প্ৰকৃতি আৰু পৰিৱেশৰ মূল্য বুজি তাক সুৰক্ষা দিয়াৰ নৈতিক দায়িত্ব পালন কৰা।

    ৭. পৰিৱেশ তত্ত্বাৱধান (Environmental Stewardship) মানে কি?

    উত্তৰ: প্ৰাকৃতিক সম্পদসমূহ দায়িত্বশীলভাৱে ব্যৱহাৰ কৰা আৰু পৰিৱেশ সুৰক্ষিত কৰি ৰখা।

    ৮. EIA প্ৰক্ৰিয়াৰ প্ৰথমটো পদক্ষেপ কি?

    উত্তৰ: স্ক্ৰীনিং (Screening)।

    ৯. বহণক্ষম উন্নয়ন শব্দটো প্ৰথম কাৰ প্ৰতিবেদনত বিশেষভাৱে প্ৰচাৰ হৈছিল?

    উত্তৰ: ব্ৰুৰ্ণ্ডটলেণ্ড আয়োগৰ (Brundtland Commission) ১৯৮৭ চনৰ প্ৰতিবেদনত।

    ১০. একোটা নিৰ্দিষ্ট অঞ্চলত বাস কৰা একে প্ৰজাতিৰ জীৱৰ সমষ্টিক কি বোলা হয়?

    উত্তৰ: পপুলেচন বা জনসংখ্যা (Population)।

    ১১. EIA-ৰ ৰাজহুৱা শুনানি (Public Hearing) পৰ্যায়ৰ উদ্দেশ্য কি?

    উত্তৰ: প্ৰকল্পটোৰ দ্বাৰা প্ৰভাৱিত হ'বলগীয়া স্থানীয় ৰাইজৰ মতামত আৰু আপত্তি গ্ৰহণ কৰা।

    ১২. বহণক্ষমতাৰ তিনিটা মূল স্তম্ভ কি কি?

    উত্তৰ: পৰিৱেশ, অৰ্থনীতি আৰু সমাজ।

    ১৩. অসফল EIA-ৰ এটা মূল কাৰণ কি?

    উত্তৰ: ভুল বা অপূৰ্ণাঙ্গ তথ্যৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰা আৰু স্থানীয় লোকৰ মতামতক আওকান কৰা।

    ১৪. পৰিস্থিতিবিজ্ঞান (Ecology) কিহৰ অধ্যয়ন?

    উত্তৰ: জীৱ আৰু সিহঁতৰ চৌপাশৰ পৰিৱেশৰ মাজৰ আন্তঃসম্পৰ্কৰ বৈজ্ঞানিক অধ্যয়ন।

    ১৫. সেউজ অনুশীলন (Green Practice)-ৰ এটা উদাহৰণ দিয়া।

    উত্তৰ: সৌৰ শক্তিৰ দৰে নবীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰা বা একবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন কৰা।

    ২ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (১৫ টা)

    ১. পৰিস্থিতিবিজ্ঞানৰ সংজ্ঞা লিখা।

    উত্তৰ: পৰিস্থিতিবিজ্ঞান হৈছে জীৱবিজ্ঞানৰ এনে এক শাখা, য’ত জীৱবোৰৰ পৰস্পৰৰ মাজত থকা সম্পৰ্ক আৰু সিহঁতৰ ভৌতিক તથા জৈৱিক পৰিৱেশৰ সৈতে থকা আন্তঃক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰা হয়।

    ২. পৰিস্থিতিগত সংগঠনৰ স্তৰসমূহ ক্ৰমান্বয়ে উল্লেখ কৰা।

    উত্তৰ: পৰিস্থিতিগত সংগঠনৰ স্তৰসমূহ হ’ল—

    ১/ জীৱ বা ব্যক্তি (Individual)

    ২/ পপুলেচন বা জনসংখ্যা (Population)

    ৩/ সম্প্ৰদায় (Community)

    ৪/ পৰিস্থিতিতন্ত্ৰ (Ecosystem)

    ৫/ বায়’ম (Biome)

    ৬/ জীৱমণ্ডল (Biosphere)।

    ৩. পৰিৱেশীয় বহণক্ষমতা (Environmental Sustainability) বুলিলে কি বুজা?

    উত্তৰ: প্ৰাকৃতিক সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰা, যাতে বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ হোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ ক্ষমতা অক্ষুণ্ণ থাকে আৰু পৰিৱেশৰ ভাৰসাম্য বিনষ্ট নহয়।

    ৪. EIA বা পৰিৱেশ প্ৰভাৱ মূল্যাংকন কি?

    উত্তৰ: EIA হৈছে কোনো এক প্ৰস্তাৱিত উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ আগতে পৰিৱেশৰ ওপৰত পৰিব পৰা সম্ভাৱ্য ইতিবাচক আৰু নেতিবাচক প্ৰভাৱসমূহ মূল্যাংকন কৰাৰ এক বৈজ্ঞানিক প্ৰক্ৰিয়া।

    ৫. EIA প্ৰক্ৰিয়াত 'স্ক্ৰীনিং' আৰু 'স্ক'পিং'-ৰ কাম কি?

    উত্তৰ: স্ক্ৰীনিং পৰ্যায়ত প্ৰকল্প এটাৰ বাবে EIA-ৰ প্ৰয়োজন আছে নে নাই তাক নিৰ্ধাৰণ কৰা হয়। স্ক’পিং পৰ্যায়ত প্ৰকল্পটোৰ দ্বাৰা পৰিৱেশত পৰিব পৰা মূল বিষয় আৰু আলোচনাৰ পৰিসৰ থিৰাং কৰা হয়।

    ৬. পৰিৱেশ তত্ত্বাৱধান (Environmental Stewardship) বুলিলে কি বুজায়?

    উত্তৰ: পৰিৱেশ তত্ত্বাৱধান হৈছে নৈতিক মূল্যবোধ মানি চলি প্ৰাকৃতিক সম্পদসমূহ সুৰক্ষিত কৰা, অপব্যয় ৰোধ কৰা আৰু পৃথিৱীক বাসোপযোগী কৰি ৰখাৰ বাবে গ্ৰহণ কৰা দায়িত্বশীল মনোভাৱ।

    ৭. সেউজ নীতিশাস্ত্ৰ (Green Ethics) মানে কি?

    উত্তৰ: সেউজ নীতিশাস্ত্ৰই মানুহ আৰু প্ৰকৃতিৰ মাজৰ নৈতিক সম্পৰ্কক সূচায়। ই কেৱল মানুহৰ স্বাৰ্থই নহয়, গছ-গছনি, জীৱ-জন্তু আৰু পৰিস্থিতিতন্ত্ৰৰ প্ৰতি মানুহৰ থকা দায়িত্বক গুৰুত্ব দিয়ে।

    ৮. EIA অসফল হোৱাৰ দুটা মূল কাৰণ উল্লেখ কৰা।

    উত্তৰ:

    ১/ ভুল বা অপূৰ্ণাঙ্গ তথ্যৰ আধাৰত প্ৰতিবেদন তৈয়াৰ কৰা।

    ২/ প্ৰকল্পৰ দ্বাৰা প্ৰভাৱিত স্থানীয় লোকসকলৰ মতামত আৰু ৰাজহুৱা শুনানিক সঠিকভাৱে গুৰুত্ব নিদিয়া।

    ৯. ব্যক্তিয়ে নিজৰ দৈনন্দিন জীৱনত সেউজ অনুশীলন কেনেদৰে কৰিব পাৰে?

    উত্তৰ: প্লাষ্টিকৰ ব্যৱহাৰ ত্যাগ কৰি, শক্তি আৰু পানীৰ অপব্যয় ৰোধ কৰি, জৈৱিক জাবৰৰ পৰা সাৰ প্ৰস্তুত কৰি আৰু নিয়মিত গছ ৰোপণ কৰি ব্যক্তিয়ে সেউজ অনুশীলন কৰিব পাৰে।

    ১০. পৰিস্থিতিগত নীতিসমূহ পৰিৱেশীয় বহণক্ষমতাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

    উত্তৰ: এই নীতিসমূহে প্ৰকৃতিৰ ভাৰসাম্য, খাদ্য শ্ৰেণীবদ্ধতা আৰু সম্পদৰ চক্ৰসমূহ বুজাত সহায় কৰে। ইয়াৰ দ্বাৰা মানুহে প্ৰকৃতিৰ ক্ষতি নকৰাকৈ বহনক্ষম উন্নয়ন সাধন কৰিব পাৰে।

    ১১. EIA-ৰ ৰাজহুৱা শুনানিৰ (Public Hearing) দুটা গুৰুত্ব লিখা।

    উত্তৰ:

    ১/ প্ৰকল্পটোৰ ফলত স্থানীয় জনজীৱনত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে স্থানীয় ৰাইজৰ মতামত লোৱা।

    ২/ প্ৰকল্প সঁচা অৰ্থত পৰিৱেশ-বান্ধৱ হয়নে নহয়, তাত স্বচ্ছতা বজাই ৰখা।

    ১২. বায়’ম (Biome) আৰু পৰিস্থিতিতন্ত্ৰৰ (Ecosystem) পাৰ্থক্য কি?

    উত্তৰ: পৰিস্থিতিতন্ত্ৰ হৈছে এক নিৰ্দিষ্ট স্থানীয় এলেকাৰ জৈৱিক আৰু অজৈৱিক উপাদানৰ আন্তঃক্ৰিয়া। আনহাতে, বায়’ম হৈছে একে ধৰণৰ জলবায়ু আৰু জীৱ-জগতৰে গঠিত এক বৃহৎ ভৌগোলিক অঞ্চল (যেনে: মৰুভূমি বা বৰ্ষাৰণ্য)।

    ১৩. বহণক্ষম ভৱিষ্যতৰ বাবে ব্যক্তিগত পৰ্যায়ৰ দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ কি?

    উত্তৰ:

    ১/ ব্যক্তিগত বাহনৰ সলনি ৰাজহুৱা পৰিবহণ বা চাইকেল ব্যৱহাৰ কৰা।

    ২/ বিদ্যুতৰ অপব্যয় ৰোধ কৰি সৌৰ শক্তিৰ দৰে নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বঢ়োৱা।

    ১৪. সেউজ অনুশীলনত ‘3R’ ধাৰণাটো কি?

    উত্তৰ: ‘3R’ মানে হৈছে— Reduce (ব্যৱহাৰ হ্ৰাস কৰা), Reuse (পুনৰ ব্যৱহাৰ কৰা), আৰু Recycle (পুনৰাবৰ্তন কৰা)। ই সম্পদ সংৰক্ষণৰ মূল ভেটি।

    ১৫. সফল EIA-ৰ পৰা কি শিকিব পাৰি?

    উত্তৰ: সফল EIA-ই দেখুৱাই দিয়ে যে সঠিক পৰিকল্পনা আৰু স্থানীয় ৰাইজৰ সহযোগিতা থাকিলে পৰিৱেশৰ ক্ষতি নকৰাকৈয়ো অৰ্থনৈতিক বিকাশ সম্ভৱ।

    ৫ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ (৫ টা)

    ১. পৰিস্থিতিগত সংগঠনৰ বিভিন্ন স্তৰসমূহ বিতংভাৱে আলোচনা কৰা।

    উত্তৰ: পৰিস্থিতিগত সংগঠন (Ecological Levels of Organization) হৈছে প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ জৈৱিক সংৰচনাৰ এটা ক্ৰমিক স্তৰ। এই স্তৰসমূহ হ’ল:

    ১/ জীৱ বা ব্যক্তি (Individual): ই পৰিস্থিতিগত সংগঠনৰ আটাইতকৈ মৌলিক আৰু সৰু একক। একোটা স্বতন্ত্ৰ প্ৰাণী বা গছ-গছনিক ব্যক্তি বুলি কোৱা হয় (যেনে: এটা নাহৰফুটুকী বা এজোপা আম গছ)।

    ২/ পপুলেচন বা জনসংখ্যা (Population): এক নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত বাস কৰা একে প্ৰজাতিৰ জীৱৰ সমষ্টিক পপুলেচন বোলে (যেনে: কাজিৰঙাৰ এশিঙীয়া গঁড়বোৰ)।

    ৩/ সম্প্ৰদায় (Community): এটা নিৰ্দিষ্ট অঞ্চলত একেলগে বাস কৰা আৰু পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল বিভিন্ন প্ৰজাতিৰ পপুলেচনৰ সমষ্টিক সম্প্ৰদায় বোলে।

    ৪/ পৰিস্থিতিতন্ত্ৰ (Ecosystem): কোনো এক অঞ্চলৰ জৈৱিক উপাদান (উদ্ভিদ, প্ৰাণী) আৰু অজৈৱিক উপাদান (মাটি, পানী, বায়ুমণ্ডল)ৰ মাজত ঘটা আন্তঃক্ৰিয়াৰ ফলত গঢ়ি উঠা স্বয়ংক্ৰিয় ব্যৱস্থাই হ’ল পৰিস্থিতিতন্ত্ৰ।

    ৫/ বায়’ম (Biome): একে ধৰণৰ জলবায়ু, মাটি আৰু উদ্ভিদ-প্ৰাণী সমগ্ৰ অঞ্চলজুৰি বিস্তৃত হৈ থকা এক সুবৃহৎ ভৌগোলিক এককক বায়’ম বোলে (যেনে: ক্ৰান্তীয় বৰ্ষাৰণ্য)।

    ৬/ জীৱমণ্ডল (Biosphere): পৃথিৱীৰ যিবোৰ অংশত জীৱৰ অস্তিত্ব বিদ্যমান (স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলৰ অংশবিশেষ), সেই সমগ্ৰ ভাগক সামৰি জীৱমণ্ডল গঠিত হয়।

    ২. পৰিৱেশীয় বহণক্ষমতা অৰ্জন কৰাত পৰিস্থিতিগত নীতিসমূহৰ গুৰুত্ব আলোচনা কৰা।

    উত্তৰ: পৰিৱেশীয় বহণক্ষমতা অৰ্জনৰ বাবে প্ৰকৃতিৰ পৰিস্থিতিগত নীতিসমূহ বুজি পোৱাটো অত্যন্ত জৰুৰী। তলত ইয়াৰ মুখ্য গুৰুত্বসমূহ দাঙি ধৰা হ’ল:

    প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা: পৰিস্থিতিগত নীতিসমূহে আমাক শিকায় যে খাদ্য শৃংখল আৰু শক্তিৰ প্ৰবাহ প্ৰকৃতিৰ মৌলিক আধাৰ। এইসমূহ অক্ষুণ্ণ নাথাকিলে পৰিৱেশৰ সামগ্ৰিক ভাৰসাম্য বিনষ্ট হয়।

    সম্পদৰ পৰিমিত ব্যৱহাৰ: প্ৰকৃতিৰ নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদসমূহৰ পুনৰুজ্জীৱনৰ গতি বুজি উন্নয়নমূলক কাম-কাজ কৰাত এই নীতিয়ে সহায় কৰে, যাতে অতিৰিক্ত শোষণ নহয়।

    জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ: বিভিন্ন প্ৰজাতিৰ জীৱ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। এটা প্ৰজাতি বিলুপ্ত হ’লে সমগ্ৰ পৰিস্থিতিতন্ত্ৰত বিৰূপ প্ৰভাৱ পৰে। পৰিস্থিতিগত নীতিয়ে জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ দিশ প্ৰদৰ্শন কৰে।

    প্ৰদূষণ নিয়ন্ত্ৰণ আৰু বৰ্জ্য ব্যৱস্থাপনা: পৰিস্থিতিগত ধাৰণাই আৱৰ্জনা পদাৰ্থসমূহ প্ৰকৃতিৰ নিজা শোধন ক্ষমতা অনুসৰি কেনেদৰে পৰিচালনা কৰিব পাৰি, তাৰ সজাগতা আনে।

    দীৰ্ঘম্যাদী পৰিকল্পনা: উদ্যোগীকৰণ বা নগৰীকৰণৰ সময়ত পৰিৱেশৰ ক্ষতি নকৰাকৈ বহনক্ষম আৰ্হি প্ৰস্তুত কৰাত এই নীতিসমূহ পথপ্ৰদৰ্শক স্বৰূপ।

    ৩. পৰিৱেশ প্ৰভাৱ মূল্যাংকন (EIA)-ৰ মূল পৰ্যায়সমূহ আৰু সেউজ অনুশীলনত ইয়াৰ ভূমিকা বাখ্যা কৰা।

    উত্তৰ: পৰিৱেশ প্ৰভাৱ মূল্যাংকন (EIA) হৈছে উন্নয়নমূলক প্ৰকল্পৰ প্ৰাক্-পৰ্যায়ত পৰিৱেশৰ সম্ভাৱ্য ক্ষতি ৰোধ কৰাৰ এক শৃংখলাবদ্ধ পদ্ধতি।

    EIA-ৰ মূল পৰ্যায়সমূহ: ১. স্ক্ৰীনিং (Screening): প্ৰকল্পটোৰ বাবে EIA মূল্যাংকনৰ দৰকাৰ আছে নে নাই নিৰ্ধাৰণ কৰা।

    ২. স্ক'পিং (Scoping): অধ্যয়ন কৰিবলগীয়া মূল পৰিৱেশীয় বিষয়সমূহ থিৰাং কৰা।

    ৩. তথ্য সংগ্ৰহ আৰু প্ৰভাৱ বিশ্লেষণ (Impact Analysis): স্থানীয় বায়ু, পানী, মাটি আৰু জনজীৱনত হ’ব পৰা প্ৰভাৱৰ তথ্য সংগ্ৰহ কৰা।

    ৪. প্ৰশমন পৰিকল্পনা (Mitigation): ক্ষতিকাৰক প্ৰভাৱ কমাবলৈ বিকল্প সুৰক্ষামূলক ব্যৱস্থা কৰা।

    ৫. ৰাজহুৱা শুনানি (Public Hearing): প্ৰভাৱিত হ'বলগীয়া স্থানীয় ৰাইজ আৰু বিশেষজ্ঞৰ পৰা মতামত গ্ৰহণ কৰা।

    ৬. অনুমোদন আৰু নিৰীক্ষণ (Monitoring): প্ৰকল্পটো চলি থকা অৱস্থাত পৰিৱেশৰ নিৰন্তৰ তদাৰক কৰা।

    সেউজ অনুশীলনত EIA-ৰ ভূমিকা:

    EIA-ই উদ্যোগ বা প্ৰকল্পসমূহক পৰিৱেশ-বান্ধৱ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ বাধ্য কৰায়। ই অপ্ৰয়োজনীয় অৰণ্য ধ্বংস ৰোধ কৰে, প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায় দিয়ে আৰু সংৰক্ষণৰ নীতিসমূহ মানি চলাত সহায় কৰে।

    ৪. সফল আৰু অসফল EIA-ৰ বৈশিষ্ট্যসমূহ উপযুক্ত উদাহৰণৰ আধাৰত বিশ্লেষণ কৰা।

    উত্তৰ: EIA প্ৰক্ৰিয়া কিমান সঠিকভাৱে ৰূপায়ণ হৈছে, তাৰ ওপৰত ভিত্তি কৰি প্ৰকল্প এটাৰ সফলতা আৰু ব্যৰ্থতা নিৰূপণ কৰা হয়।

    সফল EIA-ৰ বৈশিষ্ট্য আৰু উদাহৰণ:

    বৈশিষ্ট্য: সঠিক তথ্য সংগ্ৰহ, স্থানীয় সমাজৰ সক্ৰিয় অংশগ্ৰহণ, প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু পৰিৱেশ নীতিৰ সম্পূৰ্ণ পালন।

    উদাহৰণ: দিল্লী মেট্ৰ' ৰেল প্ৰকল্পৰ EIA। ইয়াত EIA-ৰ সঠিক প্ৰয়োগৰ দ্বাৰা কটা যোৱা গছৰ বিপৰীতে বৃহৎ পৰিসৰত গছ ৰোপণ কৰা হৈছিল, শক্তিৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰা হৈছিল আৰু চহৰৰ প্ৰদূষণ হ্ৰাস কৰাত সফল হৈছিল।

    অসফল EIA-ৰ বৈশিষ্ট্য আৰু উদাহৰণ:

    বৈশিষ্ট্য: ভুৱা তথ্য উপস্থাপন, ৰাজহুৱা শুনানিক আওকান কৰা, লাভৰ স্বাৰ্থত পৰিৱেশৰ ক্ষতি কৰা আৰু দুৰ্বল নিৰীক্ষণ ব্যৱস্থা।

    উদাহৰণ: পাহাৰীয়া অঞ্চলৰ কিছুমান অনিয়ন্ত্ৰিত বান্ধ প্ৰকল্প বা ব্যৱস্থাপনা অবিহনে কৰা ডাঙৰ পথ নিৰ্মাণ প্ৰকল্প। সঠিক বৈজ্ঞানিক সমীক্ষা আৰু ভূমিৰ বহন ক্ষমতা মূল্যাংকন নকৰাৰ বাবে এনে অঞ্চলত ভয়ংকৰ ভূমিস্খলন আৰু পৰিৱেশগত বিপৰ্যয় দেখা যায়।

    ৫. সেউজ নীতিশাস্ত্ৰ আৰু ব্যক্তিগত পৰ্যায়ত পৰিৱেশ তত্ত্বাৱধানৰ (Environmental Stewardship) ভূমিকা আলোচনা কৰা।

    উত্তৰ: সেউজ নীতিশাস্ত্ৰই (Green Ethics) প্ৰকৃতিৰ প্ৰতি মানুহৰ থকা দায়িত্বক প্ৰকাশ কৰে। কেৱল চৰকাৰী আইন বা নীতিৰে পৰিৱেশ সুৰক্ষিত কৰিব নোৱাৰি; ইয়াৰ বাবে প্ৰতিগৰাকী ব্যক্তিৰ সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজন।

    ব্যক্তিগত পৰ্যায়ত পৰিৱেশ তত্ত্বাৱধানৰ ভূমিকা:

    সম্পদৰ সংৰক্ষণ: শক্তি, পানী আৰু অন্যান্য প্ৰাকৃতিক সম্পদসমূহ অপব্যয় নকৰি প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰা।

    বৰ্জ্য হ্ৰাসকৰণ: প্লাষ্টিকৰ থোলাৰ সলনি কাপোৰৰ থোলা ব্যৱহাৰ কৰা আৰু আৱৰ্জনা পুনৰাবৰ্তন (Recycle) কৰাত গুৰুত্ব দিয়া।

    সচেতন ক্ৰয়: দৈনিক ব্যৱহাৰৰ বাবে পৰিৱেশ-বান্ধৱ আৰু স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী নিৰ্বাচন কৰা।

    বহণক্ষম ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় পদক্ষেপ:

    ১/ নবীকৰণযোগ্য শক্তিৰ প্ৰসাৰ: ঘৰুৱা কাম-কাজত সৌৰ শক্তি ব্যৱহাৰত উৎসাহ যোগোৱা।

    ২/ বৃক্ষৰোপণ আৰু সংৰক্ষণ: অৰণ্য সুৰক্ষিত কৰা আৰু ব্যাপক বৃক্ষৰোপণ কৰা।

    ৩/ পৰিৱেশিক সজাগতা: সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত পৰিৱেশ সুৰক্ষাৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰা।

    ৪/ পৰিৱেশ-বান্ধৱ যাতায়াত: ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা পৰিবহণ, ই-বাহন বা চাইকেল ব্যৱহাৰ কৰা।




















    Unit 2

    Ecology and Environmental Sustainability


    Part A: One-Mark Questions (1 Mark Each)

    1. What is ecology?

    Answer: Ecology is the branch of biology that studies the relationship between living organisms and their environment.

    2. What is the scope of ecology?

    Answer: The scope of ecology includes the study of organisms, populations, communities, ecosystems, and the biosphere.

    3. What is an ecological level of organization?

    Answer: It is the hierarchical arrangement of living organisms from individual organisms to the biosphere.

    4. Name the smallest ecological level of organization.

    Answer: Organism.

    5. What is environmental sustainability?

    Answer: Environmental sustainability means using natural resources wisely so that future generations can also benefit from them.

    6. What is an ecological principle?

    Answer: An ecological principle is a basic rule that explains how living organisms interact with each other and with their environment.

    7. What does EIA stand for?

    Answer: EIA stands for Environmental Impact Assessment.

    8. What is the main purpose of an EIA?

    Answer: To identify and evaluate the environmental impacts of a proposed project before it begins.

    9. What is meant by green practices?

    Answer: Green practices are environmentally friendly actions that reduce pollution and conserve natural resources.

    10. What is environmental stewardship?

    Answer: Environmental stewardship means the responsible care and protection of the environment.

    11. What are green ethics?

    Answer: Green ethics are moral principles that encourage the protection and sustainable use of the environment.

    12. Why are individual actions important for the environment?

    Answer: Individual actions help reduce environmental damage and promote sustainability.

    13. What is a successful EIA?

    Answer: A successful EIA is one that helps prevent or minimize environmental damage through proper planning.

    14. What is an unsuccessful EIA?

    Answer: An unsuccessful EIA is one that fails to identify or reduce harmful environmental impacts.

    15. What is meant by a sustainable future?

    Answer: A sustainable future is one where natural resources are protected while meeting present and future needs.

    Part B: Two-Mark Questions (Maximum 50 Words Each)

    1. Define ecology.

    Answer: Ecology is the scientific study of the interactions between living organisms and their physical environment. It explains how organisms survive, grow, and depend on one another.

    2. What are the ecological levels of organization?

    Answer: The ecological levels of organization are organism, population, community, ecosystem, biome, and biosphere. Each level represents increasing complexity in ecological relationships.

    3. Why are ecological principles important for environmental sustainability?

    Answer: Ecological principles help people understand nature and manage natural resources wisely. They support biodiversity conservation and reduce environmental degradation.

    4. What is Environmental Impact Assessment (EIA)?

    Answer: Environmental Impact Assessment is a process that identifies, predicts, and evaluates the possible environmental effects of a proposed development before approval.

    5. Mention two objectives of EIA.

    Answer:

    1. To identify environmental impacts before a project begins.
    2. To reduce or prevent environmental damage through proper planning.

    6. Why is EIA necessary?

    Answer: EIA helps protect natural resources, supports sustainable development, and ensures that development projects cause minimum harm to the environment.

    7. What is the role of EIA in green practices?

    Answer: EIA promotes environmentally friendly planning by identifying harmful effects and recommending measures to reduce pollution and conserve ecosystems.

    8. What are green ethics?

    Answer: Green ethics are values that encourage respect for nature, responsible use of resources, and protection of the environment for future generations.

    9. What is environmental stewardship?

    Answer: Environmental stewardship is the responsible management and protection of natural resources through conservation and sustainable practices.

    10. Mention two individual actions that support green practices.

    Answer: Recycling waste and planting trees are two simple actions that help protect the environment and promote sustainability.

    11. What is meant by a successful EIA?

    Answer: A successful EIA accurately identifies environmental risks and recommends effective measures that reduce harmful impacts during project implementation.

    12. What is meant by an unsuccessful EIA?

    Answer: An unsuccessful EIA fails to identify significant environmental impacts or does not ensure proper environmental protection measures.

    13. Why should every citizen follow green ethics?

    Answer: Following green ethics helps conserve resources, reduce pollution, protect biodiversity, and create a healthier environment for present and future generations.

    14. How can students contribute to environmental sustainability?

    Answer: Students can save energy, avoid plastic waste, plant trees, conserve water, and spread awareness about environmental protection.

    15. What is meant by sustainable development?

    Answer: Sustainable development means meeting present needs without reducing the ability of future generations to meet their own needs.

    Part C: Five-Mark Descriptive Questions (Maximum 200 Words Each)

    1. Define ecology and explain its scope.

    Answer: Ecology is the branch of biology that studies the relationships between living organisms and their environment. It explains how plants, animals, microorganisms, and humans interact with each other and with natural resources such as air, water, and soil. The scope of ecology is broad. It includes the study of individual organisms, populations, communities, ecosystems, biomes, and the biosphere. Ecology also examines food chains, energy flow, nutrient cycling, biodiversity, and environmental conservation. It helps scientists understand the effects of pollution, climate change, habitat destruction, and human activities on nature. Ecology is important because it provides the scientific foundation for environmental protection, sustainable resource management, and biodiversity conservation. It guides governments, communities, and individuals in making responsible decisions that protect ecosystems and ensure a healthy environment for future generations.

    2. Explain the ecological levels of organization.

    Answer: The ecological levels of organization describe how living organisms are arranged in nature.

    • Organism: A single living individual.
    • Population: A group of individuals of the same species living in one area.
    • Community: Different populations living and interacting in the same place.
    • Ecosystem: A community together with its physical environment, including soil, water, and climate.
    • Biome: A large geographical region with similar climate and vegetation.
    • Biosphere: The global system containing all ecosystems where life exists.

    Each level is connected with the others. Understanding these levels helps explain ecological balance, biodiversity, and environmental conservation. It also helps in planning sustainable development and protecting natural resources.

    3. What is Environmental Impact Assessment (EIA)? Explain its process and role in green practices.

    Answer: Environmental Impact Assessment (EIA) is a systematic process used to identify, predict, and evaluate the environmental effects of a proposed project before it is approved.

    The EIA process generally includes:

    • Screening the project.
    • Identifying possible environmental impacts.
    • Assessing the significance of these impacts.
    • Suggesting measures to reduce or avoid negative effects.
    • Preparing an environmental report.
    • Reviewing the report before making a decision.
    • Monitoring environmental performance after project implementation.

    EIA supports green practices by encouraging environmentally responsible planning. It helps reduce pollution, conserve biodiversity, protect ecosystems, and ensure that development projects follow sustainable methods. Through proper assessment and planning, EIA promotes balanced development while protecting the environment.

    4. Explain Green Ethics and the role of individuals in promoting green practices.

    Answer: Green ethics are moral principles that encourage people to respect, protect, and responsibly use natural resources. They emphasize that humans have a duty to care for the environment and preserve it for future generations. Individuals play an important role in promoting green practices. They can reduce waste, recycle materials, conserve water and electricity, plant trees, avoid single-use plastics, use public transport, and support environmentally friendly products. They can also educate others about environmental protection and participate in community conservation activities.

    When many individuals follow green ethics, their combined efforts reduce pollution, conserve biodiversity, and promote sustainable development. Responsible individual actions are essential for building a cleaner, healthier, and more sustainable environment.

    5. Discuss the actions needed for a sustainable future.

    Answer: A sustainable future depends on the responsible use of natural resources and active participation from governments, communities, and individuals.

    Important actions include conserving forests, protecting biodiversity, reducing pollution, using renewable energy, saving water and electricity, recycling waste, and promoting eco-friendly technologies. Environmental education should be encouraged so that people understand the importance of sustainability. Governments should enforce environmental laws, support Environmental Impact Assessments for development projects, and promote green policies. Communities should participate in conservation programmes and tree plantation campaigns.

    Individuals should adopt green habits such as reducing waste, avoiding plastic pollution, and conserving natural resources. These combined efforts help maintain ecological balance, protect the environment, and ensure that future generations inherit a healthy and sustainable planet.






















    🚨 Submit Complaint 🚨
    Hii , মই Doli AI
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!
    ✓

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।

    NoteSL

    We offer a unique, engaging experience that empowers students to become truly self-sufficient. By providing instant, high-quality solutions to every academic doubt, we remove learning roadblocks in real-time. Our mission is to transform the educational journey into a seamless, independent, and rewarding path toward mastery for every learner.

    notestudylearn@gmail.com

    Quicks Links

    About Us

    Privacy Policy

    Terms & Conditions

    Contact Us

    Affiliate Disclosure

    We share educational news & study materials on social media.

    Copyright © 2026 NoteSL

    Powered by Odoo - Create a free website