Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায়ঃ 6

    দহন আৰু শিখা

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    অনুশীলনী

    ১. দহন কাক বোলে ? দাহ্য পদাৰ্থ এটা দাহিত কৰিবলৈ কি কি চৰ্তৰ প্ৰয়োজন ?

    উত্তৰ: যি ৰাসায়নিক বিক্ৰিয়াত তাপ আৰু পোহৰ উৎপন্ন হয় তাকে দহন বোলা হয় । দহনৰ বাবে প্ৰয়োজনীয় চৰ্তবোৰ হ’ল:

    • ইন্ধন বা দাহ্য পদাৰ্থ: যিটো দ্ৰব্যৰ দহন হয় ।


    • দহনৰ সহায়ক: যেনে বায়ু বা অক্সিজেন ।


    • তাপ: দাহ্য পদাৰ্থটোৱে ইয়াৰ প্ৰজ্বলন উষ্ণতা লাভ কৰিবলৈ তাপৰ প্ৰয়োজন ।


    ২. জ্বলি থকা মমবাতি এডাল কাচৰ গিলাচ এটাৰে ঢাকি ধৰিলে কি ঘটে?

    উত্তৰ: জ্বলি থকা মমবাতি এডাল কাচৰ গিলাচেৰে ঢাকি দিলে মমবাতিডাল নুমাই যায় । ইয়াৰ কাৰণ হ’ল গিলাচটোৰে ঢাকি দিয়াৰ ফলত দহনৰ বাবে প্ৰয়োজনীয় বায়ু বা অক্সিজেনৰ যোগান বন্ধ হৈ পৰে ।

    ৩. প্ৰজ্বলন উষ্ণতা কি? এই উষ্ণতাৰ লগত দহনৰ সম্বন্ধ কি?

    উত্তৰ: যি নিম্নতম উষ্ণতা লাভ কৰিলে দাহ্য পদাৰ্থ এটাৰ দহন হয় বা জ্বলি উঠে, সেই উষ্ণতাকে পদাৰ্থটোৰ প্ৰজ্বলন উষ্ণতা বোলে । সম্বন্ধ: কোনো এটা দাহ্য পদাৰ্থই ইয়াৰ প্ৰজ্বলন উষ্ণতা লাভ নকৰা পৰ্যন্ত দাহিত নহয় । প্ৰজ্বলন বিন্দুৰ তলৰ উষ্ণতাত দহন নঘটে ।

    ৪. শিখা কি? ই কেনেদৰে সৃষ্টি হয়?

    উত্তৰ: কোনো দাহ্য গেছ বা বায়ু জ্বলাৰ ফলত যি অঞ্চলত তাপ আৰু পোহৰৰ সৃষ্টি হয় তাক শিখা বোলে । গেছীয় অৱস্থাত থকা পদাৰ্থৰ দহনৰ ফলত শিখাৰ সৃষ্টি হয় । উদাহৰণস্বৰূপে, মমবাতিৰ দহনত উৎপন্ন হোৱা তাপে মমত থকা হাইড্ৰ'কাৰ্বনসমূহক বাষ্পীভূত কৰে আৰু এই বাষ্প বায়ুৰ অক্সিজেনৰ উপস্থিতিত জ্বলি শিখা উৎপন্ন কৰে ।

    ৫. মমবাতিৰ শিখাৰপৰা আমি কিয় পোহৰ পাওঁ?

    উত্তৰ: মমবাতিৰ শিখাৰ দীপ্তিমান মণ্ডলত অসম্পূৰ্ণ দহনৰ বাবে কিছুমান অদাহ্য কাৰ্বন কণা থাকে । এই কাৰ্বন কণাবোৰ শিখাৰ উত্তাপত জ্বলি উঠে আৰু উজ্জ্বল পোহৰৰ সৃষ্টি কৰে । সেইবাবেই আমি মমবাতিৰ শিখাৰপৰা পোহৰ পাওঁ।

    ৬. খালী ঠাই পূৰ কৰা: 

    ক) জুই নিয়ন্ত্ৰণ কৰিবলৈ সাধাৰণতে ________ ব্যৱহাৰ কৰা হয়।

    উত্তৰ: জুই নিয়ন্ত্ৰণ কৰিবলৈ সাধাৰণতে পানী ব্যৱহাৰ কৰা হয় । 

    খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল ________।

    উত্তৰ: ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল কেৰাচিন / এল পি জি । 

    গ) ________ বৰষুণে শস্য, বিল্ডিং আৰু মাটিৰ অনিষ্ট কৰে।

    উত্তৰ:  এচিড বৰষুণে শস্য, বিল্ডিং আৰু মাটিৰ অনিষ্ট কৰে । 

    ঘ) দহন প্ৰক্ৰিয়াত ________ আৰু ________ সৃষ্টি হয়।

    উত্তৰ: দহন প্ৰক্ৰিয়াত তাপ আৰু পোহৰ সৃষ্টি হয় ।

    ৭. যান-বাহনত চি.এন.জি.ৰ ব্যৱহাৰে নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা। 

    উত্তৰ: পেট্ৰ’ল বা ডিজেলৰ তুলনাত চি.এন.জি. (CNG) এবিধ অতি নিকা ইন্ধন। ই দহনৰ সময়ত অতি কম পৰিমাণে ক্ষতিকাৰক গেছ আৰু ধোঁৱা উৎপন্ন কৰে । ইয়াৰ কেল’ৰি মান বেছি (50,000 kJ/kg) আৰু ই সম্পূৰ্ণৰূপে দাহিত হয়, যাৰ ফলত বায়ু প্ৰদূষণ বহু পৰিমাণে হ্ৰাস পায় ।

    ৮. মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা।

     উত্তৰ:

    ৯. ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম কি?

    উত্তৰ: ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটো হ’ল কিল’জুল প্ৰতি কেজি (kJ/kg) ।

    ১০. কাৰ্বন-ডাই-অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰে?

    উত্তৰ: কাৰ্বন-ডাই-অক্সাইড (CO₂) বায়ুতকৈ গধুৰ হোৱা বাবে ই জুইকুৰাক কম্বলৰ দৰে ঢাকি ধৰে । ইয়াৰ ফলত ইন্ধন আৰু অক্সিজেনৰ মাজৰ সংস্পৰ্শ বিচ্ছিন্ন হয় । লগতে, চিলিণ্ডাৰৰ পৰা ওলাই অহা CO₂ গেছ অত্যন্ত ঠাণ্ডা হোৱাৰ বাবে ই ইন্ধনৰ উষ্ণতা প্ৰজ্বলন উষ্ণতাতকৈ কমাই আনে ।

    ১১. সোণ আৰু ৰূপ গলাবলৈ সোণাৰিয়ে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে?

    উত্তৰ: সোণ আৰু ৰূপ গলাবলৈ সোণাৰিয়ে শিখাৰ একেবাৰে বাহিৰৰ দীপ্তিহীন বা বহিৰতম মণ্ডলটো ফু-নলীৰে ব্যৱহাৰ কৰে, কাৰণ এই অংশৰ উষ্ণতা সৰ্বাধিক ।

    ১২. মামৰে ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক’ব পাৰিনে? ব্যাখ্যা কৰা। 

    উত্তৰ: মামৰে ধৰা প্ৰক্ৰিয়াটোক এক ধৰণৰ অতি ধীৰ দহন বুলি ক’ব পাৰি। যিহেতু এই প্ৰক্ৰিয়াত লোৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে, সেয়েহে ই দহনৰ অন্তৰ্ভুক্ত । অৱশ্যে ইয়াত পোহৰ উৎপন্ন নহয় আৰু ই অতি লাহে লাহে সংঘটিত হয়।

    ১৩. কাৰণ দৰ্শোৱা: 

    ক) বৈদ্যুতিক আহিলা জড়িত জুই নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। 

    উত্তৰ: পানী বিদ্যুৎ পৰিবাহী। গতিকে বৈদ্যুতিক আহিলাত লগা জুইত পানী ঢালিলে পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰা মানুহজনৰ প্ৰাণনাশ বা গুৰুতৰ ক্ষতি হ’ব পাৰে । 

    খ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল পি জি অধিক ভাল। 

    উত্তৰ: এল পি জিৰ (LPG) কেলৰি মান কাঠতকৈ বহু বেছি (৫৫০০০ kJ/kg বিপৰীতে কাঠৰ ১৯০০০-২২০০০ kJ/kg) । ই দহনৰ সময়ত কোনো ধোঁৱা বা ক্ষতিকাৰক গেছ উৎপন্ন নকৰে আৰু ইয়াক সহজে সংৰক্ষণ বা নিয়ন্ত্ৰণ কৰিব পাৰি ।

    ১৪. অগ্নি নিৰ্পাক যন্ত্ৰ এটাৰ আৰ্হি বনোৱা। বেকিং ছ’ডা পূৰ্ণ সৰু থাল এখনত এডাল চুটি মমবাতি আৰু এডাল সামান্য ওখ মমবাতি থিয়কৈ ৰাখা। এটা ডাঙৰ বাটিৰ তলত থালখন ৰাখা। দুয়োডাল মম জ্বলোৱা। এতিয়া বেকিং ছ’ডা থকা থালখনত ভিনেগাৰ ঢালা। সাৱধান হবা যাতে মমবাতিৰ ওপৰত ভিনেগাৰ নালাগে। ফেন উঠা বিক্ৰিয়াটো পৰ্যবেক্ষণ কৰা। মমবাতি দুডালৰ কি ঘটিল? কিয়? কি ক্ৰমত?

    উত্তৰ:

    উত্তৰ: বেকিং ছ’ডা (ছডিয়াম বাই কাৰ্বনেট) আৰু ভিনেগাৰৰ বিক্ৰিয়াৰ ফলত প্ৰচুৰ পৰিমাণে কাৰ্বন-ডাই-অক্সাইড (CO₂) গেছ উৎপন্ন হয় ।

    • কি ঘটিল: মমবাতি দুডাল নুমাই গ'ল ।


    • কিয়: কাৰ্বন-ডাই-অক্সাইড বায়ুতকৈ গধুৰ হোৱাৰ বাবে ই অক্সিজেন আঁতৰাই দিয়ে আৰু দহন বন্ধ কৰে ।


    • ক্ৰম: প্ৰথমে চুটি মমবাতিডাল নুমাব আৰু তাৰ পিছতহে ওখডাল নুমাব, কাৰণ গধুৰ CO₂ গেছ বাতিটোৰ তলৰ ফালে প্ৰথমে জমা হ’ব ।


    দহন আৰু শিখা অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন

     































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website