Skip to Content
NoteSL
  • Home
  • Notification
  • Privacy Policy
  • About
  • Terms and Condition's
  • Student Helping
NoteSL
      • Home
      • Notification
      • Privacy Policy
      • About
      • Terms and Condition's
      • Student Helping
    অধ্যায়-10
    পোহৰ - প্ৰতিফলন আৰু প্ৰতিসৰণ

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤

    প্ৰশ্নাৱলী : 

    ১. অৱতল দাপোণৰ মুখ্য ফ'কাছৰ সংজ্ঞা দিয়া।

    উত্তৰ: অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিবোৰ দাপোণত প্ৰতিফলিত হোৱাৰ পিছত মুখ্য অক্ষৰ ওপৰত যিটো বিন্দুত লগ লাগে বা অভিসাৰী হয়, সেই বিন্দুটোকে অৱতল দাপোণৰ মুখ্য ফ'কাছ (F) বোলে।

    ২. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্ধ ২০ ছেমি। ইয়াৰ ফ'কাছ দৈৰ্ঘ্য কিমান?

    উত্তৰ: আমি জানো যে , 

    গোলাকাৰ দাপোণৰ ফ'কাছ দৈৰ্ঘ্য (f), ভাঁজ ব্যাসাৰ্ধ (R) ৰ আধা।

    ৩. এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।

    উত্তৰ: অৱতল দাপোণ। (যেতিয়া লক্ষ্যবস্তু দাপোণৰ মেৰু P আৰু মুখ্য ফ'কাছ F ৰ মাজত থাকে)।

    ৪. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয়?

    উত্তৰ: গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ পছন্দ কৰাৰ কাৰণবোৰ হ’ল:

    • উত্তল দাপোণে সদায় লক্ষ্যবস্তুৰ থিয় আৰু সংকুচিত (সৰু) প্ৰতিবিম্ব গঠন কৰে।

    • এই দাপোণবোৰ বাহিৰলৈ বক্ৰ হোৱা বাবে ইয়াৰ দৃষ্টিক্ষেত্ৰ (field of view) বহল, যাৰ ফলত চালকে পিছফালৰ বহু দূৰলৈকে বিস্তৃত অঞ্চলৰ যান-বাহন দেখিবলৈ পায়।

    প্ৰশ্নাৱলী : 

    ১. 32 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা।

    উত্তৰ: দিয়া আছে, 

    ভাঁজ ব্যাসাৰ্ধ R = 32 ছেমি।

    গতিকে, উত্তল দাপোণখনৰ ফ'কাছ দৈৰ্ঘ্য হ’ল ১৬ ছেমি।

    ৩. অৱতল দাপোণ এখনে ইয়াৰ সম্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি?

    উত্তৰ: দিয়া আছে, 

    লক্ষ্যবস্তুৰ দূৰত্ব, u = -10 ছেমি (চিহ্ন প্ৰথা অনুসৰি) 

    বিবৰ্ধন, m = -3 (যিহেতু প্ৰতিবিম্বটো সৎ আৰু ওলোটা) 

    আমি জানো যে দাপোণৰ বিবৰ্ধন,

    গতিকে, প্ৰতিবিম্বটো দাপোণৰ সম্মুখত ৩০ ছেমি দূৰত্বত গঠন হ’ব।

    প্ৰশ্নাৱলী : 

    ১. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ'ব ? কিয় ?

    উত্তৰ: পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ'ব। কাৰণ পোহৰ যেতিয়া আলোকীভাৱে লঘুতৰ মাধ্যমৰ (বায়ু) পৰা ঘনতৰ মাধ্যমলৈ (পানী) প্ৰৱেশ কৰে, তেতিয়া ইয়াৰ দ্ৰুতি হ্ৰাস পায় আৰু ই উলম্বৰ দিশলৈ বেঁকা হয়।

    ২. পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ'ব? শূন্যত পোহৰৰ দ্ৰুতি  m প্রতি ছেকেণ্ড।

    উত্তৰ: দিয়া আছে, 

    কাঁচৰ প্ৰতিসৰণাংক 

    বায়ুত পোহৰৰ দ্ৰুতি 

    ৩. তালিকা ১০.৩ ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা।

    উত্তৰ: তালিকা ১০.৩ অনুসৰি:

    সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যম: হীৰা (যাৰ প্ৰতিসৰণাংক সৰ্বোচ্চ ২.৪২)।

    আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যম: বায়ু (যাৰ প্ৰতিসৰণাংক ১.০০০৩)।

    ৪. তোমাক কেৰাচিন, টাৰপেন্টাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ? (তালিকা ১০.৩ ব্যৱহাৰ কৰা)

    উত্তৰ: 

    যিটো মাধ্যমৰ প্ৰতিসৰণাংক আটাইতকৈ কম, সেই মাধ্যমতে পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ’ব। তালিকা ১০.৩ মতে: পানীৰ প্ৰতিসৰণাংক ১.৩৩, কেৰাচিনৰ ১.৪৪ আৰু টাৰপেন্টাইনৰ ১.৪৭। যিহেতু পানীৰ প্ৰতিসৰণাংক আটাইতকৈ কম, সেয়েহে এই তিনিটা মাধ্যমৰ ভিতৰত পানীত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ’ব।

    ৫. হীৰাৰ প্ৰতিসৰণাংক ২.৪২। এই উক্তিটোৰ অৰ্থ কি ?

    উত্তৰ: হীৰাৰ প্ৰতিসৰণাংক ২.৪২ মানে হ’ল বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত হ’ল ২.৪২। অৰ্থাৎ বায়ুত পোহৰৰ দ্ৰুতি হীৰাতকৈ ২.৪২ গুণ বেছি।

    প্ৰশ্নাৱলী : 

    ১. লেন্‌ছ এখনৰ ১ ডায়'প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।

    উত্তৰ: ১ মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ লেন্‌ছ এখনৰ ক্ষমতাকে ১ ডায়'প্টাৰ (1D) বোলা হয়।

    ২. উত্তল লেন্‌ছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা ৫০ ছেমি দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্‌দ্ৰৰ সম্মুখত ক'ত ৰখা হৈছিল ? নিৰ্ণয় কৰা।

    উত্তৰ: দিয়া আছে, প্ৰতিবিম্বৰ দূৰত্ব v = +50ছেমি। প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান হোৱাৰ অৰ্থ হ’ল লক্ষ্যবস্তুটো লেন্‌ছৰ ভাঁজকেন্দ্ৰ বা 2F1 ত অৱস্থিত। গতিকে, লক্ষ্যবস্তুৰ দূৰত্ব u = -50 ছেমি। অৰ্থাৎ লক্ষ্যবস্তুটো লেন্‌ছৰ সম্মুখত ৫০ ছেমি দূৰত্বত ৰখা হৈছিল। (অতিৰিক্ত তথ্য: ইয়াৰ ফ'কাছ দৈৰ্ঘ্য হ'ব ২৫ ছেমি)।

    ৩. ২ মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা।

    উত্তৰ: দিয়া আছে, 

    অৱতল লেন্‌ছৰ ফ'কাছ দৈৰ্ঘ্য f = -2 মিটাৰ (যিহেতু অৱতল লেন্‌ছৰ ফ'কাছ দৈৰ্ঘ্য ঋণাত্মক)।

    গতিকে, লেন্‌ছখনৰ ক্ষমতা হ’ল  –0.5 ডায়'প্টাৰ।

    অনুশীলনী

    ১. তলত দিয়া কোনটো পদার্থ লেন্‌ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ? 

    (a) পানী 

    (b) কাঁচ 

    (c) প্লাষ্টিক 

    (d) মৃত্তিকা (clay)

    উত্তৰ: (d) মৃত্তিকা (clay)। (কাৰণ লেন্‌ছ তৈয়াৰ কৰিবলৈ স্বচ্ছ মাধ্যমৰ প্ৰয়োজন, কিন্তু মাটি অস্বচ্ছ।)

    ২. অবতল দাপোণ এখনে গঠন কৰা প্রতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? 

    (a) মুখ্য ফ'কাছ আৰু ভাঁজ ব্যাসার্ধৰ মাজত 

    (b) ভাঁজ কেন্দ্রত 

    (c) ভাঁজ কেন্দ্ৰৰ বাহিৰত 

    (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ'কাছৰ মাজত।

    উত্তৰ: (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

    ৩. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্‌দ্ৰৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব ? 

    (a) লেন্থৰ মুখ্য ফ'কাছত 

    (b) ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত 

    (c) অসীমত 

    (d) লেছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ'কাছৰ মাজত

    উত্তৰ: (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত (2F1 ত)।

    ৪. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্‌ছ প্রত্যেকৰে ফ'কাচ দৈর্ঘ্য -15 cm। দাপোণ আৰু লেন্‌দ্ৰৰ প্ৰকৃত কেনেকুৱা হ'ব পাৰে? 

    (a) দুয়োখন অবতল 

    (b) দুয়োখন উত্তল

    (c) দাপোণখন অবতল লেনখন উত্তল 

    (d) দাপোণখন উত্তল লেনখন অবতল।

    উত্তৰ: (a) দুয়োখন অৱতল। (চিহ্ন প্ৰথা অনুসৰি অৱতল দাপোণ আৰু অৱতল লেন্‌ছ উভয়ৰে ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক হয়।)

    ৫. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ'ব পাৰে ? 

    (a) সমতল 

    (b) অবতল 

    (c) উত্তল 

    (d) হয় সমতল নতুবা উত্তল।

    উত্তৰ: (d) হয় সমতল নতুবা উত্তল।

    ৬. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? 

    (a) 50 cm ফ'কাছ দৈর্ঘ্যৰ উত্তল লেন্‌ছ 

    (b) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ 

    (c) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ 

    (d) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ

    উত্তৰ: (c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ। (কাৰণ উত্তল লেন্‌ছে বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে আৰু ফ’কাছ দৈৰ্ঘ্য কম হ’লে ক্ষমতা বেছি হয়।)

    ৭. 15 ছেমি (প্ৰশ্নত দিয়া 50 ছেমিৰ পৰিবৰ্তে পাঠ্যপুথিৰ তথ্য মতে 15 ছেমি ধৰা হৈছে) ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছোঁ। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত ? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব ? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু ? এটা ৰশ্মিচিত্ৰ আঁকা। 

    উত্তৰ: লক্ষ্যবস্তুটো দাপোণৰ মেৰু (P) আৰু ফ’কাছ (F) ৰ মাজত অৰ্থাৎ 0 cm ৰ পৰা 15 cm ৰ ভিতৰত থাকিব লাগিব।

    • প্ৰকৃতি: প্ৰতিবিম্বটো অসৎ আৰু থিয় হ’ব।

    • আকাৰ: প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ হ’ব।

    • ৰশ্মিচিত্ৰ: 


    ৮. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা:

    (a) গাড়ীৰ হেডলাইট 

    উত্তৰ: অৱতল দাপোণ (শক্তিশালী সমান্তৰাল ৰশ্মি পাবলৈ)।

    (b) গাড়ীৰ পিছলৈ চোৱা দাপোণ 

    উত্তৰ: উত্তল দাপোণ (থিয় প্ৰতিবিম্ব আৰু বহল দৃষ্টিক্ষেত্ৰৰ বাবে)।

    (c) সৌৰ ভাঁতী 

    উত্তৰ: অৱতল দাপোণ (সূৰ্যৰ ৰশ্মি কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ)।

    ৯. উত্তল লেন্‌ছ এখনৰ অৰ্ধাংশ ক’লা কাগজেৰে ঢাকি দিলেও ই সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে? ব্যাখ্যা কৰা।

    উত্তৰ: হয়, লেন্‌ছখনে লক্ষ্যবস্তুৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব। কাৰণ লেন্‌ছৰ আনটো খোলা অংশৰ মাজেৰে পোহৰৰ ৰশ্মি প্ৰতিসৰিত হৈ এটা বিন্দুতে মিলিত হ’ব। অৱশ্যে, প্ৰতিবিম্বৰ উজ্জ্বলতা বা তীব্ৰতা আগতকৈ কমি যাব যিহেতু কম সংখ্যক পোহৰ ৰশ্মি প্ৰতিবিম্ব গঠনত অংশ লৈছে।

    ১০. 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ’কাছ দৈৰ্ঘ্যৰ অভিসাৰী লেন্‌ছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

    উত্তৰ: 

    প্ৰকৃতি: সৎ আৰু ওলোটা। 

    আকাৰ: সংকুচিত (3.33 cm)।

    ১১. 15 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনে 10 cm দূৰত্বত প্ৰতিবিম্ব গঠন কৰে। লক্ষ্যবস্তুৰ দূৰত্ব নিৰ্ণয় কৰা।

    অৰ্থাৎ লক্ষ্যবস্তুটো লেন্‌ছৰ পৰা 30 cm দূৰত্বত আছে।

    ১২. 15 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণৰ পৰা 10 cm দূৰত্বত বস্তু এটা ৰাখিলে প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি কি হ’ব ?

    প্ৰতিবিম্বটো দাপোণৰ পিছফালে 6 cm দূৰত্বত গঠন হ’ব। ই অসৎ আৰু থিয়।

    ১৩. সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ কি ? 

    উত্তৰ: ইয়াৰ অৰ্থ হ’ল প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান। ধনাত্মক চিনটোৱে বুজায় যে প্ৰতিবিম্বটো অসৎ আৰু থিয়।

    ১৪. 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণৰ সম্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। 

    উত্তৰ: 

    ১৫. 18 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণৰ সম্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু ৰাখিলে পৰ্দাখন ক’ত ৰাখিব লাগিব ?

    উত্তৰ:  দিয়া আছে,  

    f = —18 cm, 

    u = —27cm, 

    h = 7cm

    পৰ্দাখন দাপোণৰ পৰা 54 cm দূৰত্বত সম্মুখত ৰাখিব লাগিব।পৰ্দাখন দাপোণৰ পৰা 54 cm দূৰত্বত সম্মুখত ৰাখিব লাগিব।

    প্ৰতিবিম্বটো সৎ, ওলোটা আৰু বিবৰ্ধিত (14 cm)।

    ১৬. -2.0 D ক্ষমতাৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য কিমান ? ইয়াৰ প্ৰকৃতি কি ?

    উত্তৰ: দিয়া আছে,  

    P = — 2.0 D

    যিহেতু ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক, গতিকে ই এখন অৱতল লেন্‌ছ।

    ১৭. ডাক্তৰে বিধান দিয়া লেন্‌ছৰ ক্ষমতা +1.5 D। ফ’কাছ দৈৰ্ঘ্য কিমান ? ই অভিসাৰী নে অপসাৰী ?

    উত্তৰ : দিয়া আছে:

    লেন্‌ছৰ ক্ষমতা (P): +1.5 D

    আমি জানো যে লেন্‌ছৰ ক্ষমতা আৰু ফ’কাছ দৈৰ্ঘ্যৰ সম্পৰ্ক হ’ল:

    যিহেতু ক্ষমতা ধনাত্মক, গতিকে ই এখন উত্তল লেন্‌ছ অৰ্থাৎ অভিসাৰী লেন্‌ছ।

    পোহৰ - প্ৰতিফলন আৰু প্ৰতিসৰণ অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন

    Download OMR SHEET


    Class 10 Science MCQ - Light (Full Width Fixed)

    অধ্যায় ১০: পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ (১০০ MCQ)

    HSLC পৰীক্ষাৰ বিশেষ প্ৰস্তুতি
















    গুৰুত্বপূৰ্ণ ২ নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ :

    ১/ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা লিখা।

    উত্তৰ: পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা হ’ল—

    (i) আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান।

    (ii) আপতিত ৰশ্মি, আপতন বিন্দুত প্ৰতিফলকৰ ওপৰত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি সকলোবোৰ একেখন সমতলত থাকে।

    ২/ অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।

    উত্তৰ: অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ ওপৰত যিটো বিন্দুত মিলিত হয়, সেই বিন্দুটোকে অৱতল দাপোণৰ মুখ্য ফ’কাছ (F) বোলে।

    ৩/ গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফ’কাছ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো লিখা।

    উত্তৰ: এখন গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্ধ (R) ইয়াৰ ফ’কাছ দৈৰ্ঘ্য (f) ৰ দুগুণ। 

    অৰ্থাৎ, R = 2f বা f = R/2।

    ৪/ উত্তল দাপোণক গাড়ীৰ পিছলৈ চোৱা (Rear-view) দাপোণ হিচাপে কিয় ব্যৱহাৰ কৰা হয় ?

    উত্তৰ: উত্তল দাপোণে সদায় থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে। ইয়াৰ উপৰিও ইয়াৰ দৃষ্টিক্ষেত্ৰ (Field of view) বহল হোৱাৰ বাবে চালকজনে পিছফালৰ এক বৃহৎ এলেকা দেখা পায়। সেয়ে ইয়াক ব্যৱহাৰ কৰা হয়।

    ৫/ সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ দুটা বৈশিষ্ট্য লিখা।

    উত্তৰ: (i) প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় হয়।

    (ii) লক্ষ্যবস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান হয়।

    ৬/ পোহৰৰ প্ৰতিসৰণ বুলিলে কি বুজা ?

    উত্তৰ: পোহৰৰ ৰশ্মি এটা এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ বেঁকাকৈ গ’লে মাধ্যম দুটাৰ বিভেদ পৃষ্ঠত পোহৰৰ গতিপথৰ যি পৰিৱৰ্তন ঘটে, তাক পোহৰৰ প্ৰতিসৰণ বোলে।

    ৭/ স্নেলৰ সূত্ৰটো (Snell's Law) লিখা।

    উত্তৰ: পোহৰৰ এটা নিৰ্দিষ্ট বৰণ আৰু এটা নিৰ্দিষ্ট মাধ্যমৰ যোৰৰ বাবে আপতন কোণৰ ছাইন (sine) আৰু প্ৰতিসৰণ কোণৰ ছাইনৰ অনুপাত সদায় ধ্ৰুৱক। গাণিতিকভাৱে, sin i /sin r = {constant}(ধ্ৰুৱক)।

    ৮/ মাধ্যমৰ প্ৰতিসৰণাংক কাক বোলে ?

    উত্তৰ: শূন্যত পোহৰৰ দ্ৰুতি (c) আৰু কোনো এটা মাধ্যমত পোহৰৰ দ্ৰুতি (V) ৰ অনুপাতক সেই মাধ্যমটোৰ প্ৰতিসৰণাংক (n) বোলে। অৰ্থাৎ, 

    n = c/v।

    ৯/ হীৰাৰ প্ৰতিসৰণাংক ২.৪২—এই উক্তিটোৰ অৰ্থ কি ?

    উত্তৰ: এই উক্তিটোৰ অৰ্থ হ’ল যে শূন্যত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত ২.৪২। অৰ্থাৎ, হীৰাত পোহৰৰ দ্ৰুতি শূন্যত থকা দ্ৰুতিতকৈ ২.৪২ গুণ কম।

    ১০/ লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া আৰু ইয়াৰ এছ.আই (SI) একক লিখা।

    উত্তৰ: লেন্স এখনৰ পোহৰ ৰশ্মিক অভিসাৰী বা অপসাৰী কৰাৰ সামৰ্থ্যক লেন্সৰ ক্ষমতা বোলে। ইয়াৰ একক হ’ল ডায়'প্টাৰ (Dioptre), যাক 'D' আখৰেৰে সূচোৱা হয়।

    ১১/ ১ ডায়'প্টাৰ লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া।

    উত্তৰ: ১ মিটাৰ ফ’কাছ দৈৰ্ঘ্য থকা লেন্স এখনৰ ক্ষমতাকে ১ ডায়'প্টাৰ (1 D) বোলে।

    ১২/ এখন অৱতল দাপোণৰ দুটা ব্যৱহাৰ লিখা।

    উত্তৰ: (i) টৰ্চ, চাৰ্চলাইট আৰু গাড়ীৰ হেডলাইটত পোহৰৰ তীব্ৰ সমান্তৰাল ৰশ্মি পাবলৈ ব্যৱহাৰ কৰা হয়।

    (ii) দাড়ি খুৰোৱা দাপোণ হিচাপে মুখখনৰ ডাঙৰ প্ৰতিবিম্ব চাবলৈ ব্যৱহাৰ কৰা হয়।

    ১৩/ পোহৰৰ প্ৰতিসৰণৰ দুটা নিয়ম লিখা।

    উত্তৰ: (i) আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু মাধ্যম দুটাৰ বিভেদ পৃষ্ঠত টনা লম্বডাল একেখন সমতলত থাকে।

    (ii) এটা নিৰ্দিষ্ট মাধ্যমৰ যোৰৰ বাবে আপতন কোণৰ ছাইন আৰু প্ৰতিসৰণ কোণৰ ছাইনৰ অনুপাত ধ্ৰুৱক (স্নেলৰ সূত্ৰ)।

    ১৪/ লেন্সৰ বিবৰ্ধন কাক বোলে ?

    উত্তৰ: লেন্স এখনৰ দ্বাৰা সৃষ্টি হোৱা প্ৰতিবিম্বৰ উচ্চতা (h') আৰু লক্ষ্যবস্তুৰ উচ্চতা (h) ৰ অনুপাতকে বিবৰ্ধন (m) বোলে। 

    অৰ্থাৎ, m = h'/h।

    ১৫/ পোহৰৰ অপবৰ্তন (Diffraction) কি ?

    উত্তৰ: পোহৰৰ গতিপথত যদি এটা অত্যন্ত ক্ষুদ্ৰ অস্বচ্ছ বস্তু ৰখা হয়, তেন্তে পোহৰ সৰলৰেখাত যোৱাৰ পৰিৱৰ্তে বস্তুৰ কাষেদি সামান্য বেঁকা হৈ যোৱাৰ প্ৰৱণতা দেখুৱায়। ইয়াকে পোহৰৰ অপবৰ্তন বোলে।

    ১৬/ লেন্স এখনৰ আলোক কেন্দ্ৰ বুলিলে কি বুজা ?

    উত্তৰ: লেন্স এখনৰ মুখ্য অক্ষৰ ওপৰত থকা লেন্সখনৰ মধ্যবিন্দুটোকে আলোক কেন্দ্ৰ (Optical Centre) বোলে। আলোক কেন্দ্ৰৰ মাজেৰে যোৱা পোহৰ ৰশ্মিৰ কোনো বিচ্যুতি নঘটে।

    ১৭/ অভিসাৰী লেন্স আৰু অপসাৰী লেন্সৰ মাজৰ পাৰ্থক্য কি ?

    উত্তৰ: উত্তল লেন্সে পোহৰ ৰশ্মিবোৰক এটা বিন্দুত কেন্দ্ৰীভূত কৰে, সেয়ে ইয়াক অভিসাৰী লেন্স বোলে। আনহাতে, অৱতল লেন্সে পোহৰ ৰশ্মিবোৰক বিকেন্দ্ৰীভূত কৰে, সেয়ে ইয়াক অপসাৰী লেন্স বোলে।

    ১৮/ দাপোণৰ সূত্ৰটো লিখা আৰু ইয়াত থকা চিহ্নসমূহৰ অৰ্থ বুজাই দিয়া।

    উত্তৰ: দাপোণৰ সূত্ৰটো হ’ল:

    ইয়াত, u = লক্ষ্যবস্তুৰ দূৰত্ব, v = প্ৰতিবিম্বৰ দূৰত্ব আৰু f = ফ’কাছ দৈৰ্ঘ্য।

    ১৯/ গোলকীয় দাপোণৰ গবাক্ষ (Aperture) কি ?

    উত্তৰ: গোলকীয় দাপোণ এখনৰ প্ৰতিফলন পৃষ্ঠৰ ঘূৰণীয়া ঘেৰটোৰ কাৰ্যকৰী ব্যাসটোক দাপোণখনৰ গবাক্ষ বোলে।

    ২০/ পানীৰ পৰা বায়ুলৈ পোহৰ গ’লে ৰশ্মিডালৰ কি পৰিৱৰ্তন ঘটে ?

    উত্তৰ: পানী এটা আলোকীয়ভাৱে ঘন মাধ্যম আৰু বায়ু লঘু মাধ্যম। পানীৰ পৰা বায়ুলৈ পোহৰ গ’লে ৰশ্মিডাল লম্বৰ পৰা আঁতৰি যায় আৰু ইয়াৰ দ্ৰুতি বৃদ্ধি পায়।










    Hi! Any problem?
    Click to send message.
    👋
    Store
    Shop
    Buy Book
    Book
    YouTube
    YT
    Instagram
    Insta
    WhatsApp
    WA
    Home
    Home
    Class
    Class
    FYUGP
    FYUGP
    Mock Test
    Mock Test

    🚨 Submit Complaint 🚨

    NoteSL

    We offer a unique, engaging experience that empowers students to become truly self-sufficient. By providing instant, high-quality solutions to every academic doubt, we remove learning roadblocks in real-time. Our mission is to transform the educational journey into a seamless, independent, and rewarding path toward mastery for every learner.

    notestudylearn@gmail.com

    Quicks Links

    About Us

    Privacy Policy

    Terms & Conditions

    Contact Us

    Affiliate Disclosure

    We share educational news & study materials on social media.

    Copyright © 2026 NoteSL

    Powered by Odoo - Create a free website