Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    পাঠ - ১

    বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤

    অনুশীলনী


    অতি চমু উত্তৰৰ প্ৰশ্ন :

    ১। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?

    উত্তৰ: বংগ বিভাজন ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘঅনুশীলনীটিত হৈছিল ।

    ২। ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?

    উত্তৰ: ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল ।

    ৩। বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?

    উত্তৰ: বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ ১৯০৫ চনৰ ৭ আগষ্টত কলিকতাৰ টাউন হলত অনুষ্ঠিত বিশাল জনসভাত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছিল ।

    ৪। স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?

    উত্তৰ: স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন ভূপেন্দ্ৰনাথ দত্তই সম্পাদনা কৰিছিল ।

    ৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?

    উত্তৰ: ১৯০৬ খ্ৰীষ্টাব্দৰ ১১ মাৰ্চ তাৰিখে বংগদেশত 'জাতীয় শিক্ষা পৰিষদ' গঠন হৈছিল ।

    ৬। ‘বেঙ্গল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?

    উত্তৰ: ‘বেঙ্গল কেমিকেলছ’ৰ প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় ।

    ৭। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?

    উত্তৰ: ১৯০৬ চনত দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিবেশনত ভাৰতীয়ৰ বাবে 'স্বৰাজ' বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ।

    ৮। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?

    উত্তৰ: ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানৰ ঘোষণা মৰ্মে বংগদেশৰ পুনৰ একত্ৰীকৰণ হৈছিল ।

    চমু উত্তৰৰ প্ৰশ্ন :

    ১। বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।

    উত্তৰ: 'পূৰ্ববংগ আৰু অসম' নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ তিনিটা প্ৰধান সংমণ্ডল হ'ল:

    • ঢাকা


    • চট্টগ্রাম


    • ৰাজশাহী


    ২। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।

    উত্তৰ: বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্যসমূহ আছিল:

    • বংগদেশত গঢ়ি উঠা শক্তিশালী জাতীয় জাগৰণ মষিমূৰ কৰা ।


    • হিন্দু আৰু মুছলমানৰ মাজত থকা একতা ভাঙি সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই দিয়া ।


    • বঙালী জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগক দ্বিখণ্ডিত কৰি হিন্দু বঙালীসকলক সংখ্যালঘু কৰি তোলা ।


    • ব্ৰিটিছ সাম্ৰাজ্যবাদক অধিক শক্তিশালী কৰা আৰু আন্দোলনকাৰীসকলক দমন কৰা ।


    ৩। বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।

    উত্তৰ: বংগ বিভাজনৰ প্ৰতিবাদত অনুষ্ঠিত হোৱা জনসভাসমূহত ঐক্যবদ্ধভাৱে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল— বিদেশী বস্তু (বিদেশত নিৰ্মিত পণ্য) বৰ্জন কৰা আৰু স্বদেশী বস্তু (দেশৰ ভিতৰত ভাৰতীয়ৰ দ্বাৰা নিৰ্মিত) গ্ৰহণ কৰা । যিহেতু এই আন্দোলনৰ মূল আধাৰ আছিল দেশীয় সামগ্ৰীৰ প্ৰতি আস্থা আৰু বিদেশী সামগ্ৰী ত্যাগ কৰা, সেয়েহে এই আন্দোলনটো 'স্বদেশী আন্দোলন' নামেৰে জনাজাত হয় ।

    ৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।

    উত্তৰ: স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ যথেষ্ট বৰঙণি আগবঢ়াইছিল:

    • ব্ৰিটিছ চৰকাৰৰ 'কাৰ্লাইল জাননী'ৰ প্ৰতিবাদত ছাত্ৰসকলে চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিছিল আৰু 'এণ্টি-চাকুলাৰ ছ'চাইটী' গঠন কৰিছিল ।


    • সতীশচন্দ্ৰ মুখোপাধ্যায়ে 'ডন ছ'চাইটী'ৰ জৰিয়তে জাতীয় শিক্ষা গঢ়ি তোলাত গুৰুত্ব দিছিল ।


    • ৰবীন্দ্ৰনাথ ঠাকুৰে 'বংগ জাতীয় বিদ্যালয়' আৰু ১৯০৬ চনত 'জাতীয় শিক্ষা পৰিষদ' গঠন কৰা হৈছিল ।


    • স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল ।


    • প্ৰযুক্তিগত শিক্ষাৰ বাবে 'বেংগল টেকনিকেল ইনষ্টিটিউট' (পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়) প্ৰতিষ্ঠা কৰা হৈছিল ।


    ৫। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?

    উত্তৰ: স্বদেশী আন্দোলনে বংগদেশত আত্মশক্তি বিকাশৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল:

    • বিদেশী পণ্যৰ চাহিদা হ্ৰাস কৰি স্বদেশী পণ্যৰ বাবে সূতা কটা কল, তাঁত-শাল উদ্যোগ, চাবোন, চেনি, জুইশলা আদিৰ কাৰখানা গঢ়ি তোলা হৈছিল ।


    • ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'স্বদেশী ভাণ্ডাৰ', সৰলা দেৱীৰ 'লক্ষ্মী ভাণ্ডাৰ' আৰু আব্দুল হালিম গজনবিৰ 'ইউনাইটেড বেংগল ষ্টোৰ্ছ' আদি ব্যৱসায়িক কেন্দ্ৰ গঢ়ি উঠিছিল ।


    • নীলৰতন চৰকাৰৰ উদ্যোগত 'বংগলক্ষ্মী কটন মিল' আৰু আচাৰ্য প্ৰফুল্ল ৰায়ৰ 'বেংগল কেমিকেলছ'ৰ দৰে বৃহৎ উদ্যোগ প্ৰতিষ্ঠা হৈছিল ।


    • ১৯০৭ চনত জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলি ভাৰতীয় অৰ্থনীতিৰ এক নতুন যুগৰ সূচনা কৰিছিল ।


    ৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?

    উত্তৰ: ব্ৰিটিছ চৰকাৰে আন্দোলন দমন কৰিবলৈ লোৱা কাৰ্যসূচীসমূহ আছিল:

    • জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক হাত কৰিবলৈ ব্ৰিটিছ চৰকাৰে তেওঁলোকক বিভিন্ন উপাধি, পদক আৰু লোভনীয় চৰকাৰী পদ প্ৰদানৰ প্ৰলোভন দিছিল ।


    • ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ চৰকাৰী মুখ্য সচিব আৰ ডব্লিউ কাৰ্লাইলে 'কাৰ্লাইল জাননী' (Carlyle Circular) জাৰি কৰিছিল ।


    • আন্দোলনকাৰীসকলৰ ওপৰত চৰকাৰী হেঁচা প্ৰয়োগ কৰাৰ লগতে বিভেদকামী নীতিৰে হিন্দু-মুছলমানৰ মাজত ফাট মেলি দিয়াৰ চেষ্টা কৰিছিল ।


    ৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।

    উত্তৰ: স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ'ল:


    • জাতীয় সাহিত্যৰ বিকাশ: এই আন্দোলনে সংবাদ পত্ৰ, আলোচনী, গীত আৰু নাটকৰ জৰিয়তে জাতীয়তাবাদী চিন্তাৰ জোৱাৰ আনিছিল ।



    • অৰ্থনৈতিক স্বাৱলম্বিতা: বিদেশী বস্তু বৰ্জনৰ ফলত দেশী শিল্প-কাৰখানা আৰু কুটিৰ শিল্পৰ ব্যাপক উন্নতি হৈছিল ।



    • সাম্প্ৰদায়িক বিভাজন: চৰকাৰৰ উচটনিত মুছলিম লীগৰ দৰে ধৰ্মভিত্তিক ৰাজনৈতিক দল গঠন হৈছিল, যিয়ে জাতীয় আন্দোলনত সাম্প্ৰদায়িকতাৰ প্ৰভাৱ পেলাইছিল ।


    ৮। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।

    উত্তৰ: স্বদেশী আন্দোলনৰ তিনিটা অৱদান হ'ল:


    • ৰাজনৈতিক শিক্ষা: এই আন্দোলনে ভাৰতবাসীক গণ-আন্দোলনৰ জৰিয়তে কেনেকৈ ব্ৰিটিছক প্ৰত্যাহ্বান জনাব পাৰি, সেই ৰাজনৈতিক শিক্ষা দিছিল ।



    • নাৰী জাগৰণ: ভাৰতীয় নাৰী সমাজে প্ৰথমবাৰৰ বাবে ঘৰৰ চাৰিবেৰৰ পৰা ওলাই আহি আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল ।



    • স্বৰাজৰ দাবী: স্বদেশী আন্দোলনৰ উত্তেজনাই জাতীয় কংগ্ৰেছক ১৯০৬ চনৰ অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে 'স্বৰাজ'ৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল ।


    চমু টোকা লিখা :

    (১) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ I

     উত্তৰ :স্বদেশী আন্দোলনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমিকা অনস্বীকাৰ্য। তেওঁ বংগ বিভাজনৰ বিৰুদ্ধে জনমত গঢ়িবলৈ 'বংগ জাতীয় বিদ্যালয়' প্ৰতিষ্ঠা কৰিছিল । বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে তেওঁ ১৬ অক্টোবৰত 'ৰাখীবন্ধন' উৎসৱ পালন কৰিবলৈ আহ্বান জনাইছিল । তেওঁ ৰচনা কৰা ২৩টি জাতীয়তাবাদী গীতৰ ভিতৰত 'আমাৰ সোণাৰ বাংলা' গীতটি বিশেষভাৱে উল্লেখযোগ্য, যিটো বৰ্তমান বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ।

    (২) মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা) I 

    উত্তৰ :আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা ভগিনী নিবেদিতা স্বদেশী আন্দোলনৰ অন্যতম অনুপ্ৰেৰণা আছিল I তেওঁ কলিকতাত থকা সময়ত অনুশীলন সমিতি আৰু ডন ছ'চাইটীৰ দৰে অনুষ্ঠানৰ সৈতে জড়িত হৈ যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ জৰিয়তে স্বনিৰ্ভৰশীল হ'বলৈ উৎসাহিত কৰিছিল । অবনীন্দ্ৰনাথ ঠাকুৰৰ 'বংগ মাতা' ছবিখনক তেওঁ 'ভাৰত মাতা'ৰ ৰূপ প্ৰদান কৰিছিল I

    (৩) নবাব ছলিমউল্লা I

    উত্তৰ :ঢাকাৰ নবাব ছলিমউল্লা বংগ বিভাজনৰ এগৰাকী প্ৰধান সমৰ্থক আছিল। লৰ্ড কাৰ্জনে নবাবক আৰ্থিক সাহায্য দি নিজৰ পক্ষলৈ আনিছিল । তেওঁৰ নেতৃত্বতে ১৯০৬ চনৰ ৩০ ডিচেম্বৰত ঢাকাত অনুষ্ঠিত সভাত 'সৰ্বভাৰতীয় মুছলিম লীগ' নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল I তেওঁ মুছলমানসকলৰ মাজত ব্ৰিটিছ চৰকাৰৰ প্ৰতি আনুগত্য বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল ।





    বংগ বিভাজন আৰু স্বদেশী আন্দোলন অধ্যায়ৰ ১০০ MCQ

    Download OMR SHEET


    বংগ বিভাজন আৰু স্বদেশী আন্দোলন 100 MCQ

    বংগ বিভাজন আৰু স্বদেশী আন্দোলন (MCQ)


































































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website