Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায়ঃ  ৯

    বংশগতি আৰু ক্রমবিকাশ

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤

    প্ৰশ্নাৱলী :

    ১. যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ "A" চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত "B" চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল ?

    উত্তৰ: "B" চাৰিত্ৰিক বৈশিষ্ট্যটো আগতীয়াকৈ উৎপত্তি হৈছিল । যিহেতু অযৌন প্ৰজননত ডি.এন.এ. প্রতিলিপিকৰণৰ সময়ত খুব সামান্য বৈসাদৃশ্যহে সৃষ্টি হয়, সেয়েহে এটা নিৰ্দিষ্ট চৰিত্ৰ অধিক জনসংখ্যাত (৬০%) বিয়পি পৰিবলৈ বহুত বেছি সময়ৰ প্ৰয়োজন হয় । যিটো বৈশিষ্ট্য আগতে আহিছিল, সেইটোৱেই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সঞ্চাৰিত হৈ বৰ্তমান জনসংখ্যাত অধিক প্ৰসাৰ লাভ কৰিছে।

    ২. এটা প্ৰজাতিত সৃষ্টি হোৱা ভিন্নতাই জীৱক বৰ্তি থকাত কেনেধৰণে সহায় কৰে ?

    উত্তৰ: এটা প্ৰজাতিত সৃষ্টি হোৱা ভিন্নতা বা বৈসাদৃশ্যই পৰিৱেশৰ পৰিবৰ্তনৰ লগত খাপ খাই জীয়াই থকাত সহায় কৰে । উদাহৰণস্বৰূপে, যিবোৰ বেক্টেৰিয়াই অতি উষ্ণতাত জীয়াই থকাৰ ক্ষমতা (ভিন্নতা) অৰ্জন কৰে, সেইবোৰ অতি গৰম বতাহৰ মাজতো জীয়াই থাকিবলৈ সক্ষম হয়, আনহাতে তেনে ক্ষমতা নথকাবোৰ ধ্বংস হৈ যায় । এনেদৰে প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে ভিন্নতাই জীৱক বৰ্তি থকাত সহায় কৰে ।

    প্ৰশ্নাৱলী :

    ১. বংশগতিৰ চৰিত্ৰসমূহ প্ৰভাৱী (Dominant) বা অপ্ৰভাৱী (Recessive) হ'ব পাৰে এই কথা মেণ্ডেলৰ পৰীক্ষাই কিদৰে দেখুৱায়?

    উত্তৰ: মেণ্ডেলে ওখ আৰু চাপৰ মটৰ মাহ গছৰ মাজত সংকৰণ ঘটাই দেখিছিল যে প্ৰথম প্ৰজন্মত (F1) কেৱল ওখ গছহে পোৱা যায় । ইয়াৰ অৰ্থ হ'ল ওখ চৰিত্ৰটোৱে চাপৰ চৰিত্ৰটোক প্ৰকাশ পাবলৈ নিদিয়ে। যিটো চৰিত্ৰ F1 জনুত প্ৰকাশ পায় (ওখ), তাক প্ৰভাৱী আৰু যিটো লুকাই থাকে (চাপৰ), তাক অপ্ৰভাৱী চৰিত্ৰ বোলে ।

    ২. মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমভাৱে প্ৰৱাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰৱাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল?

    উত্তৰ: মেণ্ডেলে দুযোৰ বিপৰীতধৰ্মী চৰিত্ৰ (যেনে— ঘূৰণীয়া-হালধীয়া আৰু সোতোৰা-সেউজীয়া বীজ) লৈ সংকৰণ ঘটাই দেখিছিল যে F2 জনুত পৈতৃক চৰিত্ৰৰ উপৰিও নতুন সংমিশ্ৰিত চৰিত্ৰ (যেনে— ওখ গছত সোতোৰা বীজ) দেখা পোৱা যায় । ইয়াৰ পৰা প্ৰমাণ হয় যে উচ্চতা আৰু বীজৰ আকৃতিৰ চৰিত্ৰ দুটা এটাৰ ওপৰত আনটোৱে নিৰ্ভৰ নকৰাকৈ স্বতন্ত্ৰভাৱে প্ৰৱাহিত হয় ।

    ৩. "A" গ্ৰুপৰ তেজৰ এজন মানুহে "O" গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হ'ল "O"। এই তথ্যৰ পৰা তোমালোকে "A" আৰু "O" তেজৰ গ্ৰুপৰ কোনটো প্ৰভাৱী তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা?

    উত্তৰ: এই তথ্যৰ পৰা কোনটো প্ৰভাৱী তাক নিশ্চিতভাৱে ঠাৱৰ কৰিব নোৱাৰি । ইয়াৰ কাৰণ হ'ল— যদি "A" গ্ৰুপটো প্ৰভাৱী হয়, তেন্তে পিতৃৰ জিনীয় গঠন 'AO' হ'লে কন্যাৰ তেজ "O" (OO) হ'ব পাৰে। আকৌ যদি "O" গ্ৰুপটো প্ৰভাৱী হয়, তেতিয়াও সন্তানৰ তেজ "O" হোৱাৰ সম্ভাৱনা থাকে। আমাক কেৱল এজন সন্তানৰ তথ্য দিয়া হৈছে, যিটো সিদ্ধান্তত উপনীত হ'বলৈ পৰ্যাপ্ত নহয়।

    ৪. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়?

    উত্তৰ: মানুহৰ লিংগ নিৰ্ধাৰণ জিনীয়ভাৱে নিয়ন্ত্ৰিত হয় । ছোৱালীৰ লিংগ নিৰ্ণায়ক ক্ৰ'ম'জ'ম যোৰ হ'ল 'XX' আৰু পুৰুষৰ হ'ল 'XY' । মাতৃৰ পৰা সন্তানে সদায় 'X' ক্ৰ'ম'জ'ম লাভ কৰে। যদি সন্তানে পিতৃৰ পৰা 'X' লাভ কৰে, তেন্তে সন্তানটো ছোৱালী (XX) হ'ব আৰু যদি পিতৃৰ পৰা 'Y' লাভ কৰে, তেন্তে সন্তানটো ল'ৰা (XY) হ'ব ।

    প্ৰশ্নাৱলী :

    ১. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায় ? 

    উত্তৰ: নিৰ্দিষ্ট চৰিত্ৰ এটা প্ৰধানকৈ দুটা কাৰণত বাঢ়ি যায়:


    • প্ৰাকৃতিক নিৰ্বাচন: যদি চৰিত্ৰটোৱে জীৱটোক জীয়াই থকাত সহায় কৰে (যেনে— সেউজীয়া গুবৰুৱা) ।


    • জিনীয় পথচ্যুত (Genetic Drift): কোনো দুৰ্ঘটনাবশতঃ এটা নিৰ্দিষ্ট চৰিত্ৰৰ জীৱ বাচি থাকিলে সেইটোৱে জনসংখ্যাত বৃদ্ধি পাব পাৰে ।

    ২. জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে ? 

    উত্তৰ: আৰ্জিত চৰিত্ৰবোৰ কেৱল দৈহিক কলাতহে সীমাবদ্ধ থাকে আৰু ইহঁতে জনন কোষৰ ডি.এন.এ. (DNA) ত কোনো সাল-সলনি ঘটাব নোৱাৰে । যিহেতু কেৱল জনন কোষৰ জৰিয়তেহে চৰিত্ৰসমূহ পৰৱৰ্তী প্ৰজন্মলৈ যায়, সেয়েহে নেজ কটা নিগনিৰ পৰা নেজ থকা নিগনিহে জন্ম হয় ।

    ৩. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা ?

    উত্তৰ: বাঘৰ সংখ্যা কমি গলে সিহঁতৰ মাজত বৈসাদৃশ্যতা বা ভিন্নতা কমি যাব । যদি পৰিৱেশৰ কিবা হঠাত্ পৰিবৰ্তন হয় বা মহামাৰী আহে, তেন্তে ভিন্নতা নথকাৰ বাবে বাঘৰ গোটেই প্ৰজাতিটোৱে পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱাৰ সম্ভাৱনা অধিক ।

    প্ৰশ্নাৱলী :

    ১. নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়?

    উত্তৰ: নতুন প্ৰজাতিৰ উৎপত্তিৰ মূল উপাদানবোৰ হ'ল— জিনীয় পথচ্যুত, প্ৰাকৃতিক নিৰ্বাচন, আৰু ভৌগোলিকভাৱে পৃথকীকৰণ (যেনে— নদী বা পাহাৰৰ দ্বাৰা পৃথক হোৱা), যাৰ ফলত প্ৰজনন বিচ্ছিনন্নতাকৰণ ঘটে ।

    ২. স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে?

    উত্তৰ: নহয়, স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ বাবে ভৌগোলিক পৃথকীকৰণ প্ৰধান কাৰক নহয় । কাৰণ এই উদ্ভিদবোৰে আন দূৰৈৰ উদ্ভিদৰ ওপৰত প্ৰজননৰ বাবে নিৰ্ভৰ নকৰে, সেয়েহে ভৌগোলিক বাধাই ইহঁতৰ বংশগত ধাৰাত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে।

    ৩. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে?

    উত্তৰ: নহয়, অযৌন প্ৰজনন কৰা জীৱৰ ক্ষেত্ৰতো ভৌগোলিক পৃথকীকৰণ প্ৰধান কাৰক নহয় । ইয়াৰ কাৰণ হ'ল অযৌন প্ৰজননত কেৱল এজন পৈতৃক পুৰুষ জড়িত থাকে আৰু জিনীয় আদান-প্ৰদান নঘটে, সেয়েহে ভৌগোলিক বিচ্ছিনন্নতাতকৈ ডি.এন.এ. প্রতিলিপিকৰণৰ সময়ত হোৱা বিসংগতিহে প্ৰকাৰণৰ বাবে জগৰীয়া।

    প্ৰশ্নাৱলী :

    ১. দুটা প্ৰজাতিৰ মাজত বিৱৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।

    উত্তৰ: সমসংস্থ অংগ ইয়াৰ এটা ভাল উদাহৰণ । যেনে— ভেকুলী, জেঠী, চৰাই আৰু মানুহৰ অগ্ৰপদৰ গঠন একে যদিও কামবোৰ বেলেগ বেলেগ । ই প্ৰমাণ কৰে যে এই সকলোবোৰ এটা উমৈহতীয়া পূৰ্বপুৰুষৰ পৰা বিৱৰ্তন হৈছে ।

    ২. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক'ব পাৰোনে? কিয় পাৰি বা কিয় নোৱাৰি? 

    উত্তৰ: নোৱাৰি। ইহঁতক সমবৃত্তিক অংগহে বুলি কোৱা হয় । কাৰণ পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাৰ কাম উৰণ হ'লেও ইহঁতৰ উৎপত্তি আৰু গঠন সম্পূৰ্ণ বেলেগ । বাদুলিৰ ডেউকা ছালৰ পৰিবৰ্তন কিন্তু চৰাই বা পখিলাৰ ক্ষেত্ৰত তেনে নহয় ।

    ৩. জীৱাশ্মসমূহ কি? বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়?

    উত্তৰ: কোনো জীৱৰ মৃত্যুৰ পাছত তাৰ দেহটো পৰিৱেশত সম্পূৰ্ণৰূপে গেলি-পচি নোযোৱাকৈ ৰৈ যোৱা অৱশিষ্ট বা ছাপক জীৱাশ্ম বোলে । কেতিয়াবা জীৱৰ কোনো অংগ প্ৰাকৃতিক কাৰণত (যেনে— উত্তপ্ত লাভা বা বোকা) সংৰক্ষিত হৈ শিলৰ দৰে কঠিন হৈ পৰে ।

    বিৱৰ্তন সম্পৰ্কে জীৱাশ্মই আগবঢ়োৱা তথ্য: বিৱৰ্তনৰ ধাৰা অনুধাৱন কৰিবলৈ জীৱাশ্মই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে:

    • বিৱৰ্তনৰ প্ৰমাণ: জীৱাশ্মই পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা প্ৰজাতিসমূহৰ অস্তিত্বৰ বিষয়ে আমাক জানিবলৈ দিয়ে । ইয়াৰ অধ্যয়নৰ পৰা জীৱৰ প্ৰাচীন গঠন আৰু বৰ্তমানৰ জীৱৰ মাজত থকা সম্পৰ্ক বুজিব পাৰি ।

    • সময় নিৰূপণ (Dating): পৃথিৱীৰ উপৰিপৃষ্ঠৰ খনন কাৰ্যৰ সময়ত গভীৰ স্তৰত পোৱা জীৱাশ্মসমূহ ওপৰৰ স্তৰত পোৱাতকৈ অধিক পুৰণি হয় । ইয়াৰ পৰা জীৱৰ ক্ৰমবিকাশৰ সময় নিৰ্ধাৰণ কৰিব পাৰি ।

    • মধ্যৱৰ্তী স্তৰৰ ধাৰণা: জীৱাশ্মই প্ৰমাণ কৰে যে দুটা সম্পূৰ্ণ বেলেগ শ্ৰেণীৰ জীৱৰ মাজত বিৱৰ্তনিক সম্পৰ্ক থাকিব পাৰে । উদাহৰণস্বৰূপে, কিছুমান ডাইন’চৰৰ পাখি আছিল যদিও সিহঁতে উৰিব নোৱাৰিছিল, যিয়ে প্ৰমাণ কৰে যে চৰাইবোৰ সৰীসৃপৰ ওচৰ সম্পৰ্কীয় ।

    • জটিল গঠনৰ উৎপত্তি: জীৱাশ্মৰ পৰা দেখা যায় যে জীৱসমূহ সময়ৰ লগে লগে সৰল গঠনৰ পৰা জটিল গঠনলৈ বিৱৰ্তিত হৈছে ।

    ১. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অৱয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভুক্ত কিয়?

    উত্তৰ: কাৰণ সকলো মানুহৰ জিনীয় ভেঁটি একে আৰু পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ মাজত সফল প্ৰজনন সম্ভৱ । গাৰ বৰণ বা আকৃতিৰ পাৰ্থক্য কেৱল পৰিৱেশৰ লগত হোৱা অভিযোজনৰ ফলহে, ই জৈৱিকভাৱে নতুন প্ৰজাতিৰ সৃষ্টি নকৰে। আমাৰ সকলোৰে আদিভূমি আফ্ৰিকা ।

    ২. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিৱৰ্তনৰ দিশত অতি উচ্চস্তৰৰ? কিয় উচ্চ স্তৰৰ?

    উত্তৰ: বিৱৰ্তনৰ দিশৰ পৰা কোনো এটা নিৰ্দিষ্ট জীৱক 'উচ্চস্তৰৰ' বুলি ক'ব নোৱাৰি, কাৰণ বিৱৰ্তন মানে কেৱল উন্নতি নহয়, ই হ'ল ভিন্নতাৰ সৃষ্টি । যদিও চিম্পাঞ্জীৰ দেহৰ গঠন জটিল, বেক্টেৰিয়া অতি সৰল হৈও চিম্পাঞ্জীতকৈ অধিক প্ৰত্যাহ্বানমূলক পৰিৱেশত (যেনে— গৰম উঁহ, এণ্টাৰ্কটিকাৰ বৰফ) জীয়াই থাকিব পাৰে । সেয়েহে প্ৰত্যেকটো জীৱ নিজ নিজ পৰিৱেশত বৰ্তি থাকিবলৈ উপযুক্ত ।

    অনুশীলনী : 

    ১. মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ'ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ'ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বৰ্ণনা কৰিব পৰা হব? 

    (a) TTWW 

    (b) TTww 

    (c) TtWW 

    (d) TtWw

    উত্তৰ:(c) TtWW (ব্যাখ্যা: যিহেতু সকলো ফুল বেঙুনীয়া হৈছে, গতিকে বেঙুনীয়া ফুলৰ জিনীয় ৰূপ 'WW' হ'ব। আনহাতে আধা সংখ্যক গছ চাপৰ হোৱা মানে ওখ গছজোপাত চাপৰ গুণৰ জিন 't' আছিল, অৰ্থাৎ 'Tt'।)

    2. সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল 

    (a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং 

    (b) আমাৰ দাঁত আৰু হাতীৰ দাঁত 

    (c) আলু আৰু ঘাঁহৰ ধাৱক কাণ্ড। 

    (d) ওপৰৰ আটাইকেইটা

    উত্তৰ:(d) ওপৰৰ আটাইকেইটা

    ৩. বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাবে জড়িত 

    (a) এজন চীনা স্কুলীয়া ছাত্র 

    (b) এটা চিম্পাঞ্জী 

    (c) এটা মকৰা 

    (d) এটা বেক্টেৰিয়া

    উত্তৰ:(a) এজন চীনা স্কুলীয়া ছাত্র (ব্যাখ্যা: বিবৰ্তনৰ দৃষ্টিত সকলো মানুহ এটা মাত্ৰ প্ৰজাতিৰ অন্তৰ্ভুক্ত।)

    ৪. এটা অধ্যয়নৰ পৰা দেখা গ'ল যে পাতল বৰণৰ চকুৰ ল'ৰা-ছোৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্রভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিমনে ? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয় ?

    উত্তৰ: নোৱাৰি। 

    কাৰণ: কেৱল এটা প্ৰজন্মৰ তথ্যৰ পৰা কোনো এটা চৰিত্ৰ প্ৰভাৱী নে অপ্ৰভাৱী তাক নিৰ্ণয় কৰিব নোৱাৰি। পাতল ৰঙৰ চকুৰ বাবে মাক-দেউতাকৰ জিনীয় সংযুক্তি সমজাতীয় (Homozygous) নে বিষমজাতীয় (Heterozygous) তাক জনাটো প্ৰয়োজনীয়।

    ৫. বিবর্তন আৰু শ্রেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে?

    উত্তৰ: বিবৰ্তন আৰু শ্ৰেণীবিভাজন ওতপ্ৰোতভাৱে জড়িত:

    • জীৱসমূহৰ মাজত থকা সাদৃশ্যৰ ভিত্তিত সিহঁতক বিভিন্ন গোটত ভাগ কৰা হয়।


    • দুটা প্ৰজাতিৰ মাজত যিমানেই বেছি সাদৃশ্য থাকে, সিহঁতৰ মাজৰ সম্পৰ্ক সিমানেই ওচৰৰ হয়।


    • ওচৰ সম্পৰ্কীয় জীৱসমূহৰ পূৰ্বপুৰুষ একে হোৱাৰ সম্ভাৱনা থাকে।


    • সেয়েহে, শ্ৰেণীবিভাজনে প্ৰকৃততে জীৱৰ বিবৰ্তনৰ ইতিহাসকে প্ৰতিফলিত কৰে।

    ৬. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।

    উত্তৰ:


    • সমসংস্থ অংগ (Homologous Organs): যিবোৰ অংগৰ উৎপত্তি আৰু মৌলিক গঠন একে, কিন্তু কাৰ্য বেলেগ বেলেগ, তাক সমসংস্থ অংগ বোলে।


      • উদাহৰণ: মানুহৰ হাত আৰু ভেকুলীৰ অগ্ৰপদ।



    • সমবৃত্তিক অংগ (Analogous Organs): যিবোৰ অংগৰ উৎপত্তি আৰু গঠন বেলেগ, কিন্তু দেখাত একে আৰু একেই কাৰ্য সম্পাদন কৰে, তাক সমবৃত্তিক অংগ বোলে।



      • উদাহৰণ: চৰাইৰ ডেউকা আৰু বাদুলীৰ ডেউকা।

    ৭. কুকুৰৰ ৰঙবিলাকৰ প্ৰভাবী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা।

    উত্তৰ: এযোৰ ক'লা কুকুৰ আৰু এযোৰ বগা কুকুৰ নিৰ্বাচন কৰি সিহঁতৰ মাজত প্ৰজনন ঘটাব লাগিব।

    • যদি প্ৰথম প্ৰজন্মৰ (F1) সকলো পোৱালী ক'লা হয়, তেন্তে ক'লা ৰঙটো প্ৰভাৱী।


    • যদি F1 প্ৰজন্মৰ কুকুৰবোৰৰ মাজত পুনৰ প্ৰজনন ঘটালে দ্বিতীয় প্ৰজন্মত (F2) ৩:১ অনুপাতত ক'লা আৰু বগা পোৱালী পোৱা যায়, তেন্তে ক'লা ৰঙটো নিশ্চিতভাৱে প্ৰভাৱী হ'ব।

    ৮. জীৱৰ বিৱৰ্তনৰ সম্পৰ্ক নির্ণয়ত জীৱাশ্মৰ গুৰুত্ব ব্যাখ্যা কৰা।

    উত্তৰ: বিবৰ্তনৰ অধ্যয়নত জীৱাশ্মৰ ভূমিকা অপৰিসীম:

    • জীৱাশ্মই পৃথিৱীৰ পৰা বিলুপ্ত হোৱা জীৱসমূহৰ বিষয়ে তথ্য যোগান ধৰে।


    • ই বিবৰ্তনৰ বিভিন্ন স্তৰ বা মধ্যৱৰ্তী পৰ্যায়সমূহ বুজাত সহায় কৰে।


    • পৃথিৱীৰ বিভিন্ন স্তৰত পোৱা জীৱাশ্মৰ পৰা কোনটো জীৱ আগতে আহিছিল আৰু কাৰ পৰা কাৰ বিবৰ্তন ঘটিছে তাক জানিব পাৰি।

    ৯. কি স্বাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি?

    উত্তৰ: ১৯৫৩ চনত মিলাৰ আৰু ইউৰীৰ পৰীক্ষাই ইয়াৰ প্ৰমাণ দাঙি ধৰে। তেওঁলোকে আদিম পৃথিৱীৰ দৰে এটা বাতাবৰণ সৃষ্টি কৰি তাত বিদ্যুৎ প্ৰবাহ ঘটাইছিল। এ সপ্তাহৰ পাছত তেওঁলোকে তাত এমিন' এচিডৰ দৰে জৈৱ অণুৰ উপস্থিতি ধৰা পেলাইছিল, যিবোৰ প্ৰ'টিন গঠনৰ মূল উপাদান। ইয়াৰ পৰাই বুজা যায় যে সৰল অজৈৱ পদাৰ্থৰ পৰাই জীৱনৰ আৰম্ভণি হৈছিল।

    ১০. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবর্তনত কেনেদৰে প্ৰভাৱ পেলায় ?

    উত্তৰ:যৌন প্ৰজননত বেছি ভিন্নতা সৃষ্টি হোৱাৰ কাৰণ:

    • ডি.এন.এ-ৰ সংমিশ্ৰণ: যৌন প্ৰজনন প্ৰক্ৰিয়াত দুটা বিপৰীত লিংগৰ জীৱৰ (পিতৃ আৰু মাতৃ) ডি.এন.এ-ৰ মিলন ঘটে । পিতৃ আৰু মাতৃ দুয়োয়েই সিহঁতৰ সতি-সন্ততিলৈ সমপৰিমাণৰ জিনীয় পদাৰ্থ আগবঢ়ায় । ইয়াৰ ফলত সন্তানৰ দেহত দুয়োৰে চৰিত্ৰৰ এক নতুন সংমিশ্ৰণ সৃষ্টি হয় ।

    • স্বতন্ত্ৰ প্ৰবাহ: মেণ্ডেলৰ পৰীক্ষাই দেখুৱাইছে যে বিভিন্ন চৰিত্ৰসমূহ (যেনে: গছৰ উচ্চতা আৰু বীজৰ আকাৰ) ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ নকৰাকৈ স্বতন্ত্ৰভাৱে বংশানুক্ৰমে প্ৰবাহিত হয় । ইয়াৰ ফলত সতি-সন্ততিৰ দেহত নতুন ধৰণৰ বৈশিষ্ট্যৰ সংযোজন ঘটে ।

    • ডি.এন.এ প্ৰতিলিপিকৰণৰ বিসংগতি: ডি.এন.এ-ৰ প্ৰতিলিপি কৰণৰ সময়ত হোৱা সামান্য বিসংগতিৰ বাবেও সূক্ষ্ম পৰিৱৰ্তন বা বৈসাদৃশ্যৰ সৃষ্টি হয় । অযৌন প্ৰজননত এনে বিসংগতি অতি কম হ'লেও যৌন প্ৰজননৰ ক্ষেত্ৰত ই বহুত বেছি পৰিমাণে পৰিলক্ষিত হয় ।


    • বিবৰ্তনত ইয়াৰ প্ৰভাৱ:


    • পৰিৱেশত অভিযোজন: প্ৰকৃতিয়ে জীৱবিলাকৰ মাজত সৃষ্টি হোৱা ভিন্নতাসমূহৰ ওপৰ ভিত্তি কৰি উপযুক্ত জীৱক জীয়াই থকাৰ বাবে নিৰ্বাচিত কৰে । উদাহৰণস্বৰূপে, যিবোৰ বেক্টেৰিয়াই অতি উষ্ণতাত জীয়াই থকাৰ ভিন্নতা লাভ কৰে, সেইবোৰ গৰম বতাহৰ মাজতো জীয়াই থাকে ।
    • প্ৰাকৃতিক নিৰ্বাচন: এই সুবিধাজনক ভিন্নতাসমূহ প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হয় । ইয়াৰ ফলত জীৱটোৱে পৰিৱেশৰ লগত ভালদৰে অভিযোজন কৰি ল'ব পাৰে ।
    • নতুন প্ৰজাতিৰ সৃষ্টি: ধাৰাবাহিকভাৱে কেইবাটাও প্ৰজন্ম জুৰি গোট খোৱা এনে ভিন্নতা আৰু জিনীয় পথচ্যুতৰ (Genetic drift) ফলত জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ যথেষ্ট সলনি ঘটে । শেষত ই এক নতুন প্ৰজাতিৰ উদ্ভাৱন বা প্ৰজাতিকৰণত সহায় কৰে ।

    ১১. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অবদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?

    উত্তৰ: মানুহৰ প্ৰতিটো দেহ কোষত ২৩ যোৰ ক্ৰ'ম'জ'ম থাকে। যৌন প্ৰজননৰ সময়ত জনন কোষবোৰত (Germ cells) মাত্ৰ এটা গোট অৰ্থাৎ ২৩ ডাল ক্ৰ'ম'জ'ম থাকে। যেতিয়া পিতৃৰ শুক্ৰাণু আৰু মাতৃৰ ডিম্বাণুৰ মিলন ঘটে, তেতিয়া যোজন কোষটোত পুনৰ ২৩ যোৰ (৪৬ ডাল) ক্ৰ'ম'জ'ম সম্পূৰ্ণ হয়। এনেদৰে পিতৃ আৰু মাতৃ দুয়োৰে পৰা সমান পৰিমাণৰ জিনীয় পদাৰ্থ সন্তানলৈ হস্তান্তৰিত হয়।

    ১২. "কোনো এটা জীবৰ জীৱন ক্ৰিয়াত সুবিধা প্রদান কৰা ভিন্নতাইহে আবাদীত স্থায়িত্ব লাভ কৰে।" এই উক্তিৰ সৈতে একমতনে?যদি হয় কিয় আৰু যদি নহয় কিয় ?

    উত্তৰ: হয়, এই উক্তিৰ সৈতে মই একমত। 

    কাৰণ: প্ৰাকৃতিক নিৰ্বাচনৰ নিয়ম অনুসৰি, যিবোৰ ভিন্নতাই জীৱক খাদ্য সংগ্ৰহ, আত্মৰক্ষা বা প্ৰজননত সহায় কৰে, সেই জীৱবোৰ প্ৰকৃতিয়ে নিৰ্বাচন কৰে। এনে সুবিধা লাভ কৰা জীৱবোৰ জীয়াই থাকে আৰু নিজৰ বৈশিষ্ট্যসমূহ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰে। যিবোৰ ভিন্নতাই কোনো সুবিধা নিদিয়ে বা অপকাৰ কৰে, সেইবোৰ কালক্ৰমত নাইকিয়া হৈ যায়।

    বংশগতি আৰু ক্রমবিকাশ অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন


    বংশগতি আৰু ক্ৰমবিকাশ - ১০০ MCQ

    অধ্যায় ৯: বংশগতি আৰু ক্ৰমবিকাশ (১০০ MCQ)

    Assam HSLC Science Mock Test












































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website