Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায়ঃ ১২

    বিদ্যুত 

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤

    প্ৰশ্নাৱলী : 

    ১. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।

    উত্তৰ: পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলিটো হ’ল কোষ (Cell) বা বেটেৰী (Battery)।


    ২. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি ক'লে কি বুজায় ?

    উত্তৰ: প্ৰৱাহযুক্ত পৰিবাহী এডালৰ এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ ১ কুলম্ব (1C) আধান চালিত কৰিবলৈ যদি ১ জুল (1J) কাৰ্য কৰিবলগীয়া হয়, তেন্তে সেই বিন্দু দুটাৰ মাজৰ বিভৱভেদক ১ ভল্ট (1V) বুলি কোৱা হয়।

    ৩. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়?

    উত্তৰ: আমি জানো যে, কাৰ্য (বা শক্তি) W = V X Q   ।

    ইয়াত, বিভৱভেদ (V) = 6V আৰু আধান (Q) = 1C   ।

    গতিকে, শক্তি (W) = 6V X 1C = 6J  ।

    অৰ্থাৎ, প্ৰতি কুলম্ব আধানক ৬ জুল (6J) শক্তি দিয়া হয়।

    প্ৰশ্নাৱলী : 

    ১. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

    উত্তৰ: পৰিবাহীৰ ৰোধ তলত দিয়া কাৰকসমূহৰ ওপৰত নিৰ্ভৰ কৰে:

    • পৰিবাহীডালৰ দৈৰ্ঘ্য (l)

    • পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ কালি (A)

    • পৰিবাহীডালৰ পদাৰ্থৰ প্ৰকৃতি

    • পৰিবাহীডালৰ উষ্ণতা

    ২. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্ৰৱাহ চালিত হয় ? আৰু কিয় ?

    উত্তৰ: একে পদাৰ্থৰ শকত তাঁৰডালৰ মাজেৰে প্ৰৱাহ বেছি সহজে চালিত হয়।

    কাৰণ: পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক (R ∝1/A)। শকত তাঁৰৰ প্ৰস্থচ্ছেদৰ কালি বেছি হোৱা হেতুকে ইয়াৰ ৰোধ কম হয়, যাৰ ফলত ইয়াৰ মাজেৰে প্ৰৱাহ সহজে চালিত হ’ব পাৰে।

    ৩. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰৱাহৰ কি পৰিবৰ্তন হ'ব ?

    উত্তৰ: ওমৰ সূত্ৰ মতে, I = V/R। 

    যিহেতু ৰোধ (R) একে থাকে, সেয়েহে প্ৰৱাহ (I) বিভৱভেদ (V) ৰ সমানুপাতিক। যদি বিভৱভেদ আধালৈ কমোৱা হয়, তেন্তে ইয়াৰ মাজেৰে চালিত প্ৰৱাহৰ মানো আধালৈ হ্ৰাস পাব।


    ৪. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়?

    উত্তৰ: ইয়াৰ প্ৰধান কাৰণসমূহ হ’ল:

    • সংকৰ ধাতুৰ ৰোধকতা বিশুদ্ধ ধাতুতকৈ বেছি।

    • উচ্চ উষ্ণতাত সংকৰ ধাতু সহজে জাৰিত নহয় (জ্বলি নাযায়)।

    ৫. তালিকা 12.2 ব্যৱহাৰ কৰি:

    (a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী? 

    উত্তৰ: 

    তালিকা ১২.২ মতে, লোৰ ৰোধকতা  আৰু পাৰাৰ ৰোধকতা  । যিহেতু লোৰ ৰোধকতা কম, সেয়েহে লো অধিক ভাল পৰিবাহী।


    (b) কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী ?

    উত্তৰ: তালিকা ১২.২ অনুসৰি ৰূপ (Silver) আটাইতকৈ ভাল পৰিবাহী (ৰোধকতা আটাইতকৈ কম, 

    প্ৰশ্নাৱলী : 

    ১. প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটেৰী, এটা 5 Ω ৰ ৰোধক, এটা 8 Ω ৰ ৰোধক, এটা 12 Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকন কৰা।

    উত্তৰ:


    ২. ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰৱাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12 Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1 নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ'ব?

     উত্তৰ: এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ:


    প্ৰশ্নাৱলী : 

    ১. নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নিৰ্ণয় কৰা।

    আৰু 

     উত্তৰ : সমান্তৰাল সংযোজন ৰোধ:

    a) প্ৰায় 1Ω (সমান্তৰাল সজ্জাত সমতুল্য ৰোধ আটাইতকৈ সৰু ৰোধটোতকৈও কম হয়)। 

    (b) প্ৰায় 1Ω।

    ২. 100Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500Ωৰোধৰ এটা পানীৰ ফিল্টাৰ 220 V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্ৰি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্ৰৱাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্ৰৱাহ কিমান হ'ব ?

     উত্তৰ : দিয়া আছে ,

    যিহেতু তিনিওটা সঁজুলি সমান্তৰালভাৱে সংযোগ কৰা হৈছে, গতিকে সমতুল্য ৰোধ (Rp) হ’ব:

    গতিকে, ইস্ত্ৰিটোৰ ৰোধ (R) = 31.25 Ω

    ইস্ত্ৰিটোৰ মাজেৰে চালিত প্ৰৱাহ নিৰ্ণয় ওমৰ সূত্ৰ ব্যৱহাৰ কৰি আমি পাওঁ, 

    গতিকে, ইস্ত্ৰিটোৰ মাজেৰে চালিত প্ৰৱাহৰ মান হ’ল 7.04 A।

    ৩. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয় ?

     উত্তৰ :  শ্ৰেণীবদ্ধ সজ্জাতকৈ সমান্তৰাল সজ্জাৰ সুবিধা:

    • এটা সঁজুলি বিকল হ’লে আনবোৰ চলি থাকে।

    • প্ৰতিটো সঁজুলিয়ে একে বিভৱভেদ পায়।

    • প্ৰতিটো সঁজুলিক প্ৰয়োজন অনুযায়ী বেলেগ বেলেগ প্ৰৱাহ যোগান ধৰিব পাৰি।

    ৪. 2Ω, 3Ω আৰু 6Ω ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ (a) 4Ω আৰু (b) 1Ω পোৱা যাব ? 

    উত্তৰ : (a) 3Ω আৰু 6Ω সমান্তৰালভাৱে সংযোগ কৰি তাৰ লগত 2Ω শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে 4 Ω পোৱা যাব।



    (b) তিনিওটা সমান্তৰালভাৱে সংযোগ কৰিলে 1 Ω পোৱা যাব।



    ৫.  ​4Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা (a) সৰ্বোচ্চ আৰু (b) সৰ্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'ব ?

    উত্তৰ: (a) সৰ্বোচ্চ মুঠ ৰোধৰ মান,


    (b) সৰ্বনিম্ন মুঠ ৰোধৰ মান,


    প্ৰশ্নাৱলী : 

    ১. বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল (heating element) দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয় ?

    উত্তৰ: হিটাৰৰ তাপ উপাদানটোৰ (সংকৰ ধাতুৰ) ৰোধ অতি বেছি, সেয়েহে তাত বেছি তাপ উৎপন্ন হৈ দীপ্ত হয়। আনহাতে সংযোগী তাঁৰবোৰৰ (তাম বা এলুমিনিয়াম) ৰোধ অতি কম হোৱা বাবে তাত নগণ্য তাপ উৎপন্ন হয়।

    ২. 96000 কুলম্ব আধান 1 ঘণ্টাত 50V বিভৱভেদৰ মাজেৰে সঞ্চালিত হ'লে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।

     

    ৩. 20 Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 5A প্ৰৱাহ লয়। 30 ছেকেণ্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।

    প্ৰশ্নাৱলী : 

    ১.  এটা বৈদ্যুতিক প্ৰৱাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে ?

    উত্তৰ: বৈদ্যুতিক প্ৰৱাহে যোগান ধৰা শক্তিৰ হাৰ বৈদ্যুতিক ক্ষমতা (Electric Power) এ নিৰূপণ কৰে।

    ২.  এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5A প্ৰৱাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা।

     


    অনুশীলনী

    ১. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R' হয়, তেতিয়া R/R' অনুপাত হ'ব— 

    (a) 1/25 

    (b) 1/5 

    (c) 5 

    (d) 25

    উত্তৰ: (d) 25 ।

    ২. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ? 

     

    উত্তৰ: 

    ৩. এটা বৈদ্যুতিক বাল্বত 220V আৰু 100W চিহ্নিত কৰা আছে। যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ'ব— 

    (a) 100 W 

    (b) 75 W 

    (c) 50 W 

    (d) 25 W

    উত্তৰ: (d) 25 W ।

    ৪. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ'ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত— 

    (a) 1:2 

    (b) 2:1 

    (c) 1:4 

    (d) 4:1

    উত্তৰ: (c) 1:4 ।

    ৫. দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা ?

    উত্তৰ: দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ ভল্টমিটাৰ সদায় সেই বিন্দু দুটাৰ লগত সমান্তৰালভাৱে (Parallel) সংযোগ কৰিব লাগে ।

    ৬. এডাল তামৰ তাঁৰৰ ব্যাস 0.5 mm আৰু ৰোধকতা  10 Ω ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব ? যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ'ল, ৰোধৰ পৰিবৰ্তন কিমান হ'ব ?

    উত্তৰ:দিয়া আছে,


    ৭.এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰৱাহ I ৰ মান আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ'ল—

    I (এম্পিয়াৰ): 0.5, 1.0, 2.0, 3.0, 4.0

    V (ভল্ট): 1.6, 3.4, 6.7, 10.2, 13.2


    V আৰু I ৰ মাজৰ লেখ এটা অংকন কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।

     উত্তৰ:

     V আৰু I ৰ লেখডাল এডাল সৰলৰেখা হ'ব যি মূলবিন্দুৰ মাজেৰে যাব । লেখৰ নতি (Slope) উলিয়ালে ৰোধ R = V/I পোৱা যাব। দিয়া তথ্যৰ পৰা যিকোনো এটা মান ল'লে (যেনে: V=3.4, I=1.0), 

    গতিকে, ৰোধকটোৰ ৰোধ (R):

    ৰোধকটোৰ ৰোধ হৈছে 3.4 Ω।

    ৮. যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 mA প্ৰৱাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা।


    ৯. এটা 9V বেটাৰীৰ লগত 0.2Ω, 0.3Ω, 0.4Ω, 0.5Ω আৰু 12Ω ৰোধক কেইটা শ্ৰেণীৱদ্ধভাৱে সংযোগ কৰা হৈছে। 12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্ৰৱাহ চালিত হৈছে ?

    যিহেতু শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ৰোধকৰ মাজেৰে একে প্ৰৱাহ চালিত হয়, গতিকে 12Ω ৰোধকৰ মাজেৰেও 0.67 A প্ৰৱাহ বৈ যাব।

    ১০. 176Ω ৰ কিমানটা ৰোধক হ'লে 220V ৰ লাইন এটাত 5A প্ৰৱাহ পোৱা যাব ?

    উত্তৰ: ধৰা হ’ল n টা ৰোধক সমান্তৰালভাৱে আছে।

    ১১. প্ৰতিটো 6Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ (i) 9Ω আৰু (ii) 4Ω হ'ব ?

    উত্তৰ: (i) দুটা ৰোধক সমান্তৰালভাৱে সংযোগ কৰি তাৰ লগত তৃতীয়টো শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে: 

    (6 X 6)/(6+6) + 6 = 3 + 6 = 9 Ω। 

    (ii) দুটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি তাৰ লগত তৃতীয়টো সমান্তৰালভাৱে সংযোগ কৰিলে: 

    12 X 6)/(12+6) = 72/18 = 4 Ω।

    ১২. বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্বোচ্চ প্ৰৱাহ 5A হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব?

    উত্তৰ

    ১৩. 220 V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24Ω, যিকেইটা পৃথকে পৃথকে শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্ৰত প্ৰৱাহ কি হ'ব ?

    উত্তৰ: 

    ১৪. 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা (i) 1Ω আৰু 2Ω দুটা ৰোধক 6V ৰ বেটেৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে, আৰু (ii) 12Ω আৰু 2Ω ৰোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।

    উত্তৰ: 

    ১৫. এটা 220V ত 100 W চিহ্নিত আৰু অন্যটো 220 V ত 60 W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220V হয়, কিমান প্ৰৱাহ ই ল'ব।

     

    ১৬.  কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250W ৰ TV চেট 1 ঘণ্টা চলিলে বা এটা 1200W ৰ পাউৰুটি সেকা সঁজুলি 10 মিনিট চলিলে ?

    উত্তৰ:

    ১৭. 8Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্ৰৱাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা।

    উত্তৰ: তাপ উৎপন্ন হোৱা হাৰ মানেই ক্ষমতা (P)।

    ১৮. ব্যাখ্যা কৰা:

    (a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেণ্ট কিয় ব্যৱহাৰ হয় ? 

    উত্তৰ:টাংষ্টেনৰ গলনাংক অতি উচ্চ (3380°C), সেয়েহে উচ্চ উষ্ণতাত পোহৰ দিওঁতে ই গলি নাযায় ।

    (b) বিদ্যুৎ তাপীয় সঁজুলি যেনে পাউৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰধাতু কিয় ব্যৱহাৰ কৰা হয় ? 

    উত্তৰ: সংকৰ ধাতুৰ ৰোধকতা বেছি আৰু উচ্চ উষ্ণতাত ইয়াৰ সহজে জাৰণ নঘটে ।

    (c) ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয় ? 

    উত্তৰ: শ্ৰেণীবদ্ধ সজ্জাত এটা উপাদান বিকল হ'লে গোটেই বৰ্তনীটো বন্ধ হৈ যায় আৰু প্ৰতিটো সঁজুলিয়ে একে মানৰ প্ৰৱাহ পায় যিটো ঘৰুৱা ব্যৱহাৰত অসুবিধাজনক ।

    (d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবৰ্তন হয় ? 

    উত্তৰ: পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক (R ∝ 1/A) ।

    (e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয় ?

    উত্তৰ: তাম আৰু এলুমিনিয়ামৰ ৰোধকতা বহুত কম, সেয়েহে ইয়াৰ মাজেৰে বিদ্যুৎ সহজে পৰিবহন হ'ব পাৰে ।

    বিদ্যুত অধ্যায়ৰ ১০০ টা MCQ প্ৰশ্ন

    Download OMR SHEET


    Electricity 100 MCQ Test
























































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website