অধ্যায়ঃ ১
ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন
MAIN CONTENT
অ নু শীলনী
অতি চমু/চমু উত্তৰৰ প্ৰশ্ন :
১। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক’ত পোন প্ৰথমে উপস্থিত হৈছিল?
উত্তৰ: ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন আছিল ভাস্ক'-ডা-গামা। তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোন প্ৰথমে উপস্থিত হৈছিল।
২। জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?
উত্তৰ: জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন আছিল ফ্ৰান্সিছ ড্ৰেক (১৫৮০ খ্ৰীষ্টাব্দত)।
৩। ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল?
উত্তৰ: ভাৰত ভূমিত পোন প্ৰথমে ইংৰাজ নাৱিক জন মিলডেন হল-এ ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ-পত্ৰ লৈ ১৫৯৯ খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল।
৪। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক’ত গঠন হৈছিল?
উত্তৰ: ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি ১৬০০ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত গঠন হৈছিল।
৫। ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা।
উত্তৰ: ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য আছিল:
- প্ৰথম আৰু প্ৰধান উদ্দেশ্য আছিল বেহা-বেপাৰ বা বাণিজ্যিক লেনদেন কৰা।
- দ্বিতীয়তে, ভাৰতীয় ৰাজন্যবৰ্গৰ মাজত থকা দুৰ্বলতাৰ সুযোগ লৈ ভাৰতবৰ্ষত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা কৰা।
৬। ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক’ত কেতিয়া স্থাপিত হৈছিল?
উত্তৰ: ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ১৬১১ খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ মছলিপট্টমত স্থাপিত হৈছিল। (অৱশ্যে মোগল সম্রাটৰ অনুমতি সাপেক্ষে ১৬১৩ চনত চুৰাটত প্ৰথম স্থায়ী বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি পাইছিল)।
৭। ‘ফৰ্ট উইলিয়াম’ কি?
উত্তৰ: ১৬৯০ খ্ৰীষ্টাব্দত জব চাৰ্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ পৰা কালীঘাট (কলিকতা), সুতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ব লাভ কৰি যি বাণিজ্য কেন্দ্ৰ গঢ়ি তুলিছিল, সেই কেন্দ্ৰটোৰ নাম ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানার্থে 'ফৰ্ট উইলিয়াম' ৰখা হৈছিল।
৮। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা।
উত্তৰ: পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক তলত দিয়া দুটা মূল ভাগত ভগাব পাৰি:
- প্ৰথম ভাগ: মোগল সাম্ৰাজ্যৰ পতনৰ পৰা ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে (ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসন)।
- দ্বিতীয় ভাগ: ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতৰ স্বাধীনতা লাভলৈকে (ব্ৰিটিছ ৰাজশক্তিৰ প্ৰত্যক্ষ শাসন)।
৯। ‘ভাৰত চৰকাৰ আইন’ কোনে কেতিয়া কি উদ্দেশ্যে প্ৰণয়ন কৰিছিল?
উত্তৰ: ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে এই আইনখন প্ৰণয়ন কৰিছিল। ইয়াৰ মূল উদ্দেশ্য আছিল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত কোম্পানিৰ শাসনৰ অন্ত পেলাই ইংলেণ্ড চৰকাৰৰ হাতত পোনপটীয়াকৈ ভাৰত শাসনৰ ক্ষমতা ন্যস্ত কৰা আৰু ভাৰতীয় প্ৰজাৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি আঁতৰোৱা।
১০। ‘ভাৰতীয় পৰিষদ আইন’ কেতিয়া আৰু কি উদ্দেশ্যে প্ৰণয়ন কৰা হৈছিল?
উত্তৰ: ব্ৰিটিছ সংসদে ১৮৬১ খ্ৰীষ্টাব্দত 'ভাৰতীয় পৰিষদ আইন' প্ৰণয়ন কৰিছিল। এই আইনখন প্ৰণয়নৰ মূল উদ্দেশ্য আছিল ভাৰতৰ আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়সকলক চিনাকি কৰি দিয়া আৰু শাসন কাৰ্যত ভাৰতীয়ৰ অংশগ্ৰহণ নিশ্চিত কৰি তেওঁলোকৰ মাজত থকা অসন্তুষ্টি হ্ৰাস কৰা।
চমু/দীঘল উত্তৰৰ প্ৰশ্ন :
১। ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল, তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা।
উত্তৰ: ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা প্ৰায় এশ বছৰ ধৰি চলিছিল আৰু ই ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত যোৱা দলটোৰ জৰিয়তে সম্পূৰ্ণ হৈছিল। পদক্ষেপসমূহ আছিল:
প্ৰথমতে, ১৬০৮ চনত কেপ্টেইন উইলিয়াম হকিন্সে মোগল সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰে, কিন্তু বাণিজ্য চুক্তি কৰিবলৈ অসমৰ্থ হয়।
দ্বিতীয়তে, ১৬১৫ চনত ছাৰ টমাচ ৰ’ৱে জাহাংগীৰৰ পৰা চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি লাভ কৰে।
শেষত, ১৭১৫ চনত মোগল সম্ৰাট ফাৰুখছিয়াৰক চিকিৎসক ডাঃ হেমিলটনে দুৰাৰোগ্য ব্যাধিৰ পৰা মুক্ত কৰাত সন্তুষ্ট হৈ সম্ৰাটে কোম্পানিক সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা-বেপাৰ কৰাৰ বাবে তিনিখন 'ফৰমান' বা ৰাজকীয় অনুমতি প্ৰদান কৰে। ইয়াৰ লগতে কোম্পানিয়ে ভাৰতত নিজৰ ভৱিষ্যত সুদৃঢ় কৰে।
২। ইষ্ট ইণ্ডিয়া কোম্পানীয় কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পৰ্কে লিখা।
উত্তৰ: ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কৌশলপূৰ্ণ মিত্ৰতা আৰু অৰ্থনৈতিক লেনদেনৰ জৰিয়তে মাদ্ৰাজ, বোম্বাই আৰু কলিকতাত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। তিনিটা কৌশল আছিল:
(ক) চুক্তি আৰু স্থানান্তৰ: ১৬৩৯ চনত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজত 'ফৰ্ট ছেন্ট জৰ্জ' স্থাপন কৰে।
(খ) যৌতুক আৰু ঋণ: ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই লাভ কৰে। পাছত ১৬৬৮ চনত ৫০ হেজাৰ পাউণ্ড ঋণৰ বিনিময়ত ৰজাই বোম্বাই কোম্পানিক হস্তান্তৰ কৰে।
(গ) জমিদাৰী স্বত্ব ক্ৰয়: ১৬৯০ চনত জব চাৰ্ণকে বছৰি ১২০০ টকাৰ খাজনাৰ বিনিময়ত কলিকতাৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ব লাভ কৰি 'ফৰ্ট উইলিয়াম' নিৰ্মাণ কৰে।
৩। ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।
উত্তৰ: ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন আছিল ৰবাৰ্ট ক্লাইৱ। তেওঁ ব্যৱহাৰ কৰা কৌশলসমূহ হ’ল:
(১) কূটনৈতিক চাল: ক্লাইৱে ভাৰতীয় ৰজাসকলৰ মাজত থকা শত্ৰুতাৰ সুযোগ লৈ তেওঁলোকক মিত্ৰতাৰ পাশেৰে আৱদ্ধ কৰিছিল।
(২) পলাচীৰ যুদ্ধ (১৭৫৭): তেওঁ চল-চাতুৰিৰে বংগৰ নবাব চিৰাজ-উদ্-দৌলাক পৰাস্ত কৰি সাম্ৰাজ্যৰ লাইখুঁটা স্থাপন কৰে।
(৩) ইউৰোপীয় প্ৰতিদ্বন্দ্বীক বহিষ্কাৰ: তেওঁৰ কূটনীতিৰ সহায়ত অন্যান্য বিদেশী ইউৰোপীয় কোম্পানিবোৰক ভাৰতৰ পৰা আঁতৰাই পঠাইছিল।
(৪) এলাহাবাদ চুক্তি (১৭৬৫): মোগল সম্ৰাটৰ পৰা দেৱানী স্বত্ব লাভ কৰি বংগত কোম্পনিৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক কৰ্তৃত্ব সুদৃঢ় কৰিছিল।
৪। চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা।
উত্তৰ: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ এশ বছৰীয়া ব্ৰিটিছ শাসনৰ শোষণ আৰু অপমানৰ পৰিণতি আছিল। মূল কাৰণসমূহ হ’ল:
(ক) ধৰ্মীয় আঘাত: চিপাহীসকলক ব্যৱহাৰ কৰিবলৈ দিয়া এনফিল্ড ৰাইফলৰ টোটাত গৰু আৰু গাহৰিৰ চৰ্বি থকাৰ সন্দেহে হিন্দু-মুছলমান উভয়ৰে ধৰ্মত আঘাট হানিছিল।
(খ) সাংস্কৃতিক অপমান: ১৮৩৫ চনত মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম আঁতৰোৱা আৰু পাৰ্চী ভাষাৰ ঠাইত ইংৰাজী ভাষা প্ৰচলন কৰাত ভাৰতীয়সকল ক্ষুব্ধ হৈছিল।
(গ) ৰাজনৈতিক শোষণ: লৰ্ড ডেলহাউছীৰ স্বত্ববিলোপ নীতিৰ জৰিয়তে দেশীয় ৰাজ্যসমূহ দখল কৰাত ৰাজকীয় শ্ৰেণীৰ মাজত তীব্ৰ অসন্তুষ্টি গঢ়ি উঠিছিল।
(ঘ) তৎকালীন কাৰণ: চিপাহী মংগল পাণ্ডেই ইংৰাজ বিষয়াৰ গালৈ গুলীচালনা কৰাৰ পাছত তেওঁক দিয়া মৃত্যুদণ্ডই জুইত ঘিঁউ ঢলাৰ দৰে কাম কৰিছিল।
৫। চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।
উত্তৰ: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহে ভাৰতৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিছিল। ইয়াৰ চাৰিটা উল্লেখযোগ্য ফলাফল হ’ল:
(১) কোম্পানিৰ শাসনৰ অন্ত: এই বিদ্ৰোহৰ ফলস্বৰূপে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসনৰ অন্ত পৰে আৰু ভাৰতৰ শাসনভাৰ ব্ৰিটিছ চৰকাৰে নিজৰ হাতলৈ লয়।
(২) সাংবিধানিক পৰিৱৰ্তন: ১৮৫৮ চনত 'ভাৰত চৰকাৰ আইন' প্ৰণয়ন কৰি ভাৰত সচিব আৰু ভাইচৰয় পদৰ সৃষ্টি কৰা হয়।
(৩) সামাজিক আধুনিকতা: বিদ্ৰোহৰ পাছত ভাৰতীয় সমাজত সামন্তযুগীয় স্থবিৰতাৰ অন্ত পৰে আৰু মানুহ পাশ্চাত্য শিক্ষাৰ প্ৰতি আকৰ্ষিত হয়।
(৪) জাতীয়তাবাদৰ বিকাশ: চিপাহীসকলৰ সাহসিকতাই ভাৰতীয়ৰ মনত 'আমি ভাৰতীয়' এনে এক ঐক্যবদ্ধ চেতনা আৰু জাতীয়তাবাদৰ ভাব জগাই তুলিছিল।
৬। ‘ভাৰত চৰকাৰ আইন’ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰ: ১৮৫৮ চনৰ ২ আগষ্টত ব্ৰিটিছ সংসদে প্ৰণয়ন কৰা ভাৰত চৰকাৰ আইনৰ দ্বাৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশাসনীয় পৰিৱৰ্তন কৰা হয়:
(১) শাসন ক্ষমতাৰ হস্তান্তৰ: ভাৰত শাসনৰ সম্পূৰ্ণ দায়িত্ব ইষ্ট ইণ্ডিয়া কোম্পানিৰ পৰা আঁতৰাই ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্য অৰ্থাৎ 'ভাৰত সচিব'ৰ হাতত অৰ্পণ কৰা হয়।
(২) ভাৰত পৰিষদৰ গঠন: ভাৰত সচিবক সহায় কৰিবলৈ ১৫ জনীয়া সদস্যৰে এখন 'ভাৰত পৰিষদ' গঠন কৰা হয়।
(৩) ভাইচৰয় পদৰ সৃষ্টি: ভাৰতৰ গৱৰ্ণৰ জেনেৰেলজনক 'ভাইচৰয়' বা ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয়।
(৪) সামৰিক নিয়ন্ত্ৰণ: কোম্পানিৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ তলতীয়া কৰা হয়।
৭। লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰ: ভাইচৰয় লৰ্ড কেনিঙে ভাৰতত সুস্থিৰতা অনাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰ হাতত লৈছিল:
(১) আৰ্থিক সংস্কাৰ: চিপাহী বিদ্ৰোহৰ পাছত হোৱা আৰ্থিক সংকত দূৰ কৰিবলৈ বিত্ত বিশেষজ্ঞ জেমছ উইলছনৰ পৰামৰ্শ মতে তেওঁ প্ৰথমবাৰৰ বাবে আয়কৰ প্ৰৱৰ্তন কৰে আৰু আমদানিকৃত সামগ্ৰীৰ ওপৰত ১০ শতাংশ শুল্ক ধাৰ্য কৰে।
(২) প্ৰশাসনীয় আৰু শৈক্ষিক সংস্কাৰ: তেওঁ 'উডৰ শিক্ষা সংস্কাৰ আঁচনি'ৰ জৰিয়তে প্ৰত্যেক প্ৰদেশত শিক্ষা বিভাগ মুকলি কৰাৰ লগতে কেন্দ্ৰীয় কাৰ্যবাহী পৰিষদৰ সদস্যসকলৰ মাজত দপ্তৰ বিতৰণ কৰি ভাৰতত 'কেবিনেট শাসন প্ৰণালী'ৰ সূচনা কৰে।
৮। ‘ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ আৰু দুটা দোষ লিখা।
উত্তৰ: ১৮৬১ চনৰ ভাৰতীয় পৰিষদ আইনখন আছিল ভাৰতীয়ক প্ৰশাসনত অংশগ্ৰহণৰ সুযোগ দিয়াৰ এক প্ৰাথমিক প্ৰচেষ্টা। ‘ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ আৰু দুটা দোষ :
গুণ:
(১) এই আইনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় বিধানমণ্ডল ত ভাৰতীয় ব্যক্তিক মনোনীত সদস্য হিচাপে স্থান দিয়া হয়।
(২) ক্ষমতা বিকেন্দ্ৰীকৰণৰ জৰিয়তে প্ৰাদেশিক চৰকাৰসমূহক নিজাকৈ আইন প্ৰণয়ন কৰাৰ ক্ষমতা প্ৰদান কৰা হয়।
দোষ:
(১) বিধানমণ্ডলৰ সদস্যসকল নিৰ্বাচিত নাছিল, তেওঁলোক আছিল কেৱল চৰকাৰী মনোনীত উচ্চবংশজাত ব্যক্তি, যাৰ ফলত সাধাৰণ জনতাৰ প্ৰতিনিধিত্ব নাছিল।
(২) ভাইচৰয়ক অতিৰিক্ত ক্ষমতা দিয়া হৈছিল, যাৰ ফলত তেওঁ প্ৰয়োজন সাপেক্ষে বিধানমণ্ডলৰ যিকোনো প্ৰস্তাৱ উলংঘা কৰিব পাৰিছিল।
৯। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ব শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা।
উত্তৰ: ভাৰতত স্থানীয় স্বায়ত্ব শাসনৰ প্ৰকৃত পৰিৱৰ্তন লৰ্ড ৰিপণৰ (১৮৮০-৮৪) দিনত আৰম্ভ হৈছিল। ইয়াৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ হ’ল:
(ক) বিকেন্দ্ৰীকৰণ: শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন আদি বিভাগৰ দায়িত্ব প্ৰদেশসমূহক দিয়া হয়।
(খ) নিকায় গঠন: ১৮৮২ চনত প্ৰতিটো মহকুমাত একোখনকৈ 'লোকেল ব'ৰ্ড' (আঞ্চলিক পৰিষদ) গঠন কৰা হয়।
(গ) নিৰ্বাচন প্ৰক্ৰিয়া: নগৰীয়া অঞ্চলত পৌৰসভা আৰু নগৰপালিকা গঠন কৰি ইয়াৰ ৭৫ শতাংশ সদস্যক নিৰ্বাচনৰ যোগেদি বাছনি কৰাৰ ব্যৱস্থা কৰা হয়।
(ঘ) ৰাজনৈতিক শিক্ষা: স্থানীয় প্রশাসনক ভাৰতীয়সকলৰ বাবে ৰাজনৈতিক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয়, যিয়ে ভৱিষ্যতে গণতন্ত্ৰৰ ভেটি নিৰ্মাণত সহায় কৰে।
১০। অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুক্ত হৈছিল? এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা।
উত্তৰ: প্ৰথম অৱস্থাত অসামৰিক সেৱা কেৱল ইংৰাজৰ বাবে সংৰক্ষিত আছিল। ১৮৩৩ চনৰ চনদে ভাৰতীয়ক উচ্চ পদত মকৰল কৰাৰ সন্মতি দিয়ে আৰু ১৮৫৩ চনৰ পৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। ১৮৬৪ চনত সত্যেন্দ্ৰনাথ ঠাকুৰে প্ৰথম ভাৰতীয় হিচাপে আই.চি.এছ. লাভ কৰে। পৰৱৰ্তী সময়ত ১৮৭২ চনত আনন্দৰাম বৰুৱাই এই পদ লাভ কৰে। ১৮৮৬ চনত আইচিছন আয়োগে এই সেৱাক তিনিটা ভাগত ভাগ কৰে— ইমপেৰিয়েল, প্ৰভিন্সিয়েল আৰু ছাবৰ্ডিনেট চিভিল ছার্ভিচ। ১৯২৩ চনৰ লী আয়োগে ভাৰতীয়ৰ নিযুক্তিৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছিল। ১৯৩৫ চনৰ আইনে যুক্তৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ দি এই সেৱাক অধিক বিকশিত কৰে।
১১। ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে তিনিটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰ:ব্ৰিটিছ আমোলৰ আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱাৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে:
নিযুক্তিৰ ভিত্তি: ব্ৰিটিছ কালত অসামৰিক সেৱাৰ পদসমূহ মূলত ইংৰাজৰ বাবে সংৰক্ষিত আছিল আৰু ভাৰতীয়ৰ বাবে কঠোৰ বয়সৰ সীমা (লিটনৰ সময়ত ১৯ বছৰ) আছিল। কিন্তু স্বাধীন ভাৰতত ই সম্পূৰ্ণৰূপে মুকলি আৰু নিৰপেক্ষ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ওপৰত নিৰ্ভৰশীল।
পৰীক্ষাৰ কেন্দ্ৰ: ব্ৰিটিছৰ দিনত বহু দিনলৈকে কেৱল ইংলেণ্ডতহে পৰীক্ষা অনুষ্ঠিত হৈছিল। স্বাধীন ভাৰতত ভাৰতীয় লোকসেৱা আয়োগে (UPSC) ভাৰতৰ ভিতৰতে পৰীক্ষা পৰিচালনা কৰে।
উদ্দেশ্য: ব্ৰিটিছ অধীনৰ অসামৰিক সেৱাৰ মূল লক্ষ্য আছিল ঔপনিৱেশিক স্বাৰ্থ সুৰক্ষিত কৰা। আনহাতে, স্বাধীন ভাৰতৰ অসামৰিক সেৱাৰ মূল লক্ষ্য হৈছে জনকল্যাণ আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা পৰিচালনা কৰা।