অধ্যায়ঃ ৫
ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
MAIN CONTENT
অতি চমু উত্তৰৰ প্ৰশ্ন :
১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?
উত্তৰ: মীৰাট পৰ্যন্ত ।
২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰ: খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত ।
৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি?
উত্তৰ: খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ চন পৰ্যন্ত ।
৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা 'সত্যমেব জয়তে' এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰ: মুণ্ডক উপনিষদ ।
৫। প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰ: কৌটিল্যৰ অৰ্থশাস্ত্ৰ ।
৬। 'বিবিধতাৰ মাজত একতা' (Unity in Diversity) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
উত্তৰ: জৱাহৰলাল নেহৰুৰ 'ভাৰত সম্ভেদ' (Discovery of India) ।
৭। ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্রীক-ৰোমান কলা-কৌশলৰ প্ৰয়োগ হৈছিল?
উত্তৰ: গান্ধাৰ শিল্পকলাত ।
৮। ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল?
উত্তৰ: খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা খ্ৰীষ্টীয় ২০০ মানৰ ভিতৰত ।
৯। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?
উত্তৰ: ৬০০০ টা শ্লোক ।
১০। হেৰাকা আন্দোলন কি?
উত্তৰ: নগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে ৰাণী গাইডালুৱে গঢ়ি তোলা এক আন্দোলন ।
১১। নাগালেণ্ডৰ 'হৰ্ণবিল' উৎসব কি জীৱৰ নামত উৎসৰ্গিত?
উত্তৰ: ধনেশ পক্ষীৰ (Hornbill) নামত ।
১২। 'চপছৰ কূট' কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?
উত্তৰ: মিজোৰামৰ ।
১৩। মিজো শব্দৰ অৰ্থ কি?
উত্তৰ: পাহাৰৰ বাসিন্দা ।
১৪। উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্রচলিত?
উত্তৰ: মেঘালয়ত ।
১৫। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে?
উত্তৰ: চৈতন্য মহাপ্ৰভুৰ শৈশৱ আৰু কৃষ্ণলীলাক আলম কৰি ।
১৬। অসমৰ প্রাচীন নাম কি আছিল?
উত্তৰ: প্ৰাগজ্যোতিষ আৰু কামৰূপ ।
১৭। কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰ: 'হা-চোম' শব্দৰ পৰা ।
১৮। চৰ্যাপদ মানে কি?
উত্তৰ: চৰ্যাপদ হ’ল দশমৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত ৰচিত কেইটামান সহজযান পন্থীয় বৌদ্ধ ধৰ্মীয় গীত ।
১৯। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?
উত্তৰ: খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত ।
২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
উত্তৰ: বৰাহী ৰজা মহামাণিক্যৰ ।
২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
উত্তৰ: ভট্টদেৱে ।
২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?
উত্তৰ: চুফী সাধক আজানপীৰ বা চাহ মিলনে ।
২৩। আজানপীৰ কোন?
উত্তৰ: এজন চুফী সাধক যি স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ আহিছিল ।
২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰ: আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত ।
২৫। দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?
উত্তৰ: খ্ৰীষ্টীয় ষষ্ঠ শতিকাত ।
২৬। চাংঝং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
উত্তৰ: মঠ-মন্দিৰ, অট্টালিকা আদিৰ নিৰ্মাণ কাৰ্য আৰু জোখ-মাখ চোৱা-চিতা কৰা দায়িত্বত ।
২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল?
উত্তৰ: প্ৰতিমা পাণ্ডে বৰুৱাক ।
২৮। অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?
উত্তৰ: অৰুণোদই ।
২৯। উত্তৰ-পূৰ্বাঞ্চলৰ অস্ট্রিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?
উত্তৰ: মেঘালয়ৰ খাছীয়াসকল ।
৩০। ৰচয়িতাসকলৰ নাম লিখা:
(ক) অৰ্থশাস্ত্ৰ।
(খ) হস্তিবিদ্যার্ণৱ।
(গ) কীৰ্ত্তন।
(ঘ) নামঘোষা।
(ঙ) চোৰধৰা পিম্পৰা গুচোৱা।
(চ) কালিয় দমন।
(ছ) ৰামবিজয়।
(জ) কথাগীতা।
(ঝ) ৰাজতৰঙ্গিনী।
(ঞ) ভাৰত সম্ভেদ।
উত্তৰ:
| ক্ৰমিক নং | গ্ৰন্থৰ নাম | ৰচয়িতা / লেখকৰ নাম |
| (ক) | অৰ্থশাস্ত্ৰ | কৌটিল্য |
| (খ) | হস্তিবিদ্যার্ণৱ | সুকুমাৰ বৰকাইথ |
| (গ) | কীৰ্ত্তন | শংকৰদেৱ |
| (ঘ) | নামঘোষা | মাধৱদেৱ |
| (ঙ) | চোৰধৰা, পিম্পৰা গুচোৱা | মাধৱদেৱ |
| (চ) | কালিয় দমন | শংকৰদেৱ |
| (ছ) | ৰামবিজয় | শংকৰদেৱ |
| (জ) | কথাগীতা | ভট্টদেৱ |
| (ঝ) | ৰাজতৰঙ্গিনী | কলহন |
| (ঞ) | ভাৰত সম্ভেদ (Discovery of India) | জৱাহৰলাল নেহৰু |
চমু উত্তৰৰ প্ৰশ্ন :
১। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা?
উত্তৰ: খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হ’ল— হুন আৰু তুৰ্কী-আফগান ।
২। সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা?
উত্তৰ: সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তি হ’ল— পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি ।
৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
উত্তৰ: অষ্ট্ৰিকসকলে আগবঢ়োৱা দুটা অৱদান হ’ল— ধান খেতিৰ সূচনা আৰু ধৰ্মীয় পৰম্পৰাত সেন্দূৰৰ ব্যৱহাৰ ।
৪। ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে?
উত্তৰ: কৃষি উপযোগী ভূমি আৰু যাতায়তৰ সুচলতা থকা অঞ্চলবোৰ অন্য সংস্কৃতিৰ সংস্পৰ্শলৈ সঘনাই অহাৰ বিপৰীতে দুৰ্গম অঞ্চলবোৰ বিচ্ছিন্ন হৈ নিজা স্বকীয়তা ৰক্ষা কৰি চলিবলগীয়া হৈছিল ।
৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উত্তৰ: বেদৰ চাৰিখন সংহিতা হ’ল— ঋকবেদ, যজুঃবেদ, সামবেদ আৰু অথৰ্ব বেদ ।
৬। অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
উত্তৰ: অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত কোৱা হৈছে যে কোনেও কেৱল নিজৰ ধৰ্মটোক প্রশংসা আৰু আনৰ ধৰ্মক হীন বুলি ক’ব নালাগে; বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে ।
৭। সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰ: সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায় ।
৮। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
উত্তৰ: ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম হ’ল— আৰ্যভট্ট আৰু বৰাহ মিহিৰ ।
৯। প্রাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা।
উত্তৰ: প্রাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰ হ’ল— চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা ।
১০। ভাৰতীয় চিত্রকালাক কি কি ভাগত ভগাব পাৰি?
উত্তৰ: ভাৰতীয় চিত্রকালাক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি— বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্রাকাৰ চিত্ৰ ।
১১। চিত্রকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।
উত্তৰ: চিত্রকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহ হ’ল— আকবৰ আৰু জাহাংগীৰ ।
১২। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।
উত্তৰ: ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথি হ’ল— হস্তীবিদ্যার্ণৱ আৰু গীত গোবিন্দ ।
১৩। হস্তিবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
উত্তৰ: হস্তিবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম হ’ল— দিলবৰ আৰু দোচাই ।
১৪। ঝুম খেতি মানে কি বুজা?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলৰ বাসিন্দা সকলে পাহাৰৰ ঢালত হাবি কাটি জুই লগাই পৰিষ্কাৰ কৰি কৰা খেতিটোকে ঝুম খেতি বোলা হয় ।
১৫। জেং বিহু মানে কি?
উত্তৰ: উজনি অসমৰ মহিলাসকলে নিৰ্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ পতা বিহুৰ অনুষ্ঠানটোৱেই হ’ল জেং বিহু ।
১৬। ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
উত্তৰ: ওজাপালিৰ দুটা ভাগ হ’ল— ব্যাসৰ ওজা আৰু সুকনান্নী ওজা ।
১৭। প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা।
উত্তৰ: প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিক হ’ল— কপিল আৰু পতঞ্জলি ।
১৮। আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উত্তৰ: আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জী হ’ল— দেওধাই বুৰঞ্জী আৰু তুংখুঙ্গীয়া বুৰঞ্জী ।
১৯। বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদ্যাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।
উত্তৰ: বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদ্যাপিত হোৱা দুটা স্থানীয় উৎসৱ হ’ল— ভঠেলি আৰু বাঁসপূজা ।
২০। দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা।
উত্তৰ: দৰঙৰ দুবিধ লোক নৃত্যৰ নাম হ’ল— ঢেপাটুলীয়া আৰু দেওধনী নৃত্য ।
২১। ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি?
উত্তৰ: ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা হ’ল— নিগ্ৰো গোষ্ঠী, প্ৰট’ অষ্ট্ৰলয়ড, মংগোলীয় গোষ্ঠী, দ্রাবিড় আৰু নৰ্ডিক আৰ্যসকল ।
২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰ: তিনিটা কাৰক হ’ল— হিন্দুধৰ্মৰ উদাৰতা, ৰাজনৈতিক একতাৰ ইতিহাস আৰু ৰামায়ণ-মহাভাৰতে সৃষ্টি কৰা সাংস্কৃতিক পৰিয়ালৰ অনুভূতি ।
২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদৰ্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে।
উত্তৰ: প্রাচীন ভাৰতৰ স্থাপত্য নিদৰ্শন সমূহক উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্রাবিড় আৰু এই দুয়োৰে সংমিশ্ৰিত ৱেচৰ শৈলী— এই তিনি ভাগত ভগোৱা হৈছে ।
২৪। UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।
উত্তৰ: UNESCO-ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য হ’ল— সাঁচীৰ স্তূপ, অজন্তাৰ গুহা আৰু তাজমহল ।
২৫। ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল?
উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী আৰু অপেশ্বৰীৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল ।
২৬। ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্ৰধান শৈলী কি কি?
উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্ৰধান শৈলী হ’ল— গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা ।
২৭। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰ: দেৱাল চিত্ৰৰ নিদৰ্শন থকা তিনিখন ঠাই হ’ল— অজন্তা (মহাৰাষ্ট্ৰ), বাঘ (মধ্যপ্ৰদেশ) আৰু চিত্তনাৱাচল (তামিলনাডু) ।
২৮। মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: তিনিখন গ্ৰন্থৰ নাম হ’ল— পাদছাহনামা, তুতিনামা আৰু জাহাংগীৰনামা ।
২৯। চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা?
উত্তৰ: চিত্ৰ অংকনৰ বাবে প্রয়োজনীয় ছটা বিশেষ অঙ্গ যথা— আকৃতি, জোখ-মাখ, অনুভূতি প্ৰকাশক কৌশল, কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়মকে একেলগে ষড়াংগ বোলা হয় ।
৩০। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য। মহর্ষি পতঞ্জলিয়ে 'যোগসূত্ৰ' নামৰ গ্ৰন্থ সংকলন কৰি ইয়াক এক সু-সংহত দৰ্শনৰ ৰূপ দিছিল। ২০১৫ চনত ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে ।
৩১। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ: (ক) প্রাচীন স্থাপত্যসমূহ মুখ্যতঃ ধৰ্মীয় মঠ-মন্দিৰ বা স্তূপ আছিল, (খ) এইবোৰ ৰাজকীয় পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল আৰু (গ) উত্তৰ ভাৰতীয় নাগৰ শৈলীৰ মন্দিৰৰ শিখৰবোৰ অৰ্ধবৃত্তাকাৰ আছিল ।
৩২। বঙালী বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?
উত্তৰ: ব’হাগ বা ৰঙালী বিহুৰ সাতদিনক ক্ৰমে— গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি জনা যায় ।
৩৩। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?
উত্তৰ: এই গীতসমূহৰ মূল বিষয়বস্তু হ’ল— জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, ঈশ্বৰ চিন্তা আৰু দেৱ-দেৱীৰ প্ৰশস্তি ।
৩৪। অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: এই নাম দুটাৰ উল্লেখ থকা তিনিখন গ্ৰন্থ হ’ল— ৰামায়ণ, মহাভাৰত আৰু কালিকা পুৰাণ ।
দীঘল উত্তৰৰ প্ৰশ্ন :
১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ ইতিহাস সিন্ধু সভ্যতাৰ পৰাই আৰম্ভ হৈছে । দ্ৰাবিড়সকলৰ পিছত নৰ্ডিক আৰ্যসকল ভাৰতত প্ৰৱেশ কৰে, কিন্তু তেওঁলোকৰ পূৰ্বেই নিগ্ৰো, অষ্ট্ৰিক আৰু মংগোলীয় গোষ্ঠীৰ লোকে ইয়াত বসতি স্থাপন কৰিছিল । এই বিভিন্ন নৃ-গোষ্ঠীৰ মিলন আৰু সাংস্কৃতিক সংমিশ্ৰণৰ ফলত ভাৰতত বহুত্ববাদৰ জন্ম হয় । আৰ্যসকলে স্থানীয় অনার্য বিশ্বাস আৰু ৰীতি-নীতিবোৰৰ সৈতে এক সহবর্তিতাৰ নীতি গ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত গ্ৰীক, শক, হুন, মোগল আৰু ইউৰোপীয়সকলৰ আগমনে ভাৰতীয় সংস্কৃতিক অধিক সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিলে । ভাৰতৰ বিশাল ভৌগোলিক পৰিস্থিতিয়ে এই বিবিধতা সংৰক্ষণত বিশেষ ভূমিকা লৈছে ।
২। 'ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ'ব'- বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা।
উত্তৰ: ভাৰতৰ প্ৰাচীন সংস্কৃত সাহিত্যৰাজি কেৱল ধৰ্মগ্ৰন্থ নহয়, ই ভাৰতীয় চিন্তা আৰু জীৱন দৰ্শনৰ আধাৰ। বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত আৰু গীতাৰ দৰে গ্ৰন্থই ভাৰতীয় সমাজ ব্যৱস্থা আৰু সাংস্কৃতিক ঐক্যবোধ গঢ়ি তুলিছে I এই সাহিত্যৰাজিয়ে সত্য, অহিংসা, আৰু 'বসুধৈৱ কুটুম্বকম'ৰ দৰে বিশ্বজনীন মূল্যবোধৰ শিক্ষা দিছে । ইয়াৰ উপৰিও কৌটিল্যৰ অৰ্থশাস্ত্ৰই ৰাজনীতি আৰু চৰক-সুশ্ৰুত সংহিতাই চিকিৎসা বিজ্ঞানৰ চৰম উৎকৰ্ষ প্রতিফলিত কৰে I প্ৰাচীন বিজ্ঞানী আৰু দাৰ্শনিকসকলৰ সৃষ্টিয়ে ভাৰতীয় লোকৰ জ্ঞান পিপাসাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে I সেয়ে এই সাহিত্যৰাজিক ভাৰতীয় সভ্যতাৰ আত্মা বুলি কোৱা হয়।
৩। ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা।
উত্তৰ: ভাৰতৰ ধৰ্মীয় ঐতিহ্য অতি প্ৰাচীন আৰু উদাৰ। সিন্ধু সভ্যতাত শিৱলিংগ আৰু মাতৃদেৱীৰ পূজাৰ নিদৰ্শন পোৱা যায় I বৈদিক যুগত ঋকবেদৰ পৰা আৰম্ভ কৰি একেশ্বৰবাদৰ ধাৰণা বিকশিত হৈছিল I ভাৰতীয় ধৰ্মীয় পৰম্পৰাই সদায় নতুন বিশ্বাস আৰু বিৰোধৰ প্ৰতি শ্ৰদ্ধা জনাই আহিছে I যাৰ ফলত বৌদ্ধ আৰু জৈন ধৰ্মৰ দৰে বেদ বিৰোধী দৰ্শনৰ সৈতেও হিন্দু ধৰ্মৰ কোনো সংঘাত হোৱা নাছিল I সম্ৰাট অশোকৰ দৰে শাসকসকলে ধৰ্মীয় সহিষ্ণুতাৰ চৰকাৰী ঘোষণা কৰিছিল I পিছলৈ খ্ৰীষ্টিয়ান, ইছলাম, ইহুদী আদি ধৰ্মৰ আগমন ঘটি ভাৰতৰ ধৰ্মীয় বিবিধতাক অধিক গাঢ় কৰে I আধ্যাত্মিকতাই ভাৰতীয় জীৱনৰ সাহিত্য, স্থাপত্য আৰু সামাজিক ৰীতি-নীতিক গভীৰভাৱে প্ৰভাৱিত কৰিছে I
৪। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভৌগোলিক অৱস্থান আৰু ঐতিহাসিক সম্পৰ্কই ইয়াৰ উমৈহতীয়া পৰিচয় গঢ়ি তুলিছে । অসমৰ সমতল ভূমিখণ্ডক কেন্দ্ৰ কৰি চাৰিওফালে পাহাৰীয়া ৰাজ্যবোৰ অৱস্থিত । ঐতিহাসিক কালত আহোম আৰু আন শক্তিশালী ৰাজবংশৰ শাসনৰ সময়ত এই ৰাজ্যসমূহৰ মাজত বৈবাহিক যোগাযোগ, সামৰিক সাহায্য আৰু সামগ্ৰীৰ আদান-প্ৰদান ঘটিছিল । এই অঞ্চলটোৰ বেছিভাগ মানুহেই মংগোলীয় নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত । ঝুম খেতি, চাংঘৰ নিৰ্মাণ আৰু পৰম্পৰাগত লোক-সাংস্কৃতিক বৈশিষ্ট্যবোৰেও এই অঞ্চলটোৰ মাজত এক ঐক্যবোধৰ সৃষ্টি কৰিছে ।
৫। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলত এক সংমিশ্ৰিত ধৰ্মীয় বাতাৱৰণ পোৱা যায়। অসম, মণিপুৰ আৰু ত্ৰিপুৰাত প্ৰাচীন কালৰ পৰাই হিন্দুধৰ্মৰ প্ৰসাৰ ঘটিছিল I আনহাতে, ঔপনিৱেশিক কালত মেঘালয়, নাগালেণ্ড আৰু মিজোৰামৰ পাহাৰীয়া লোকসকলৰ মাজত খ্ৰীষ্টিয়ান ধৰ্মৰ ব্যাপক প্ৰসাৰ ঘটে I অৰুণাচলৰ দৰে ৰাজ্যত হিন্দু, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মৰ সমান্তৰালভাৱে 'ডনিপ'ল'ৰ দৰে প্ৰকৃতি পূজাৰ বিশ্বাসো প্ৰচলিত I মণিপুৰী মেইটেইসকলৰ মাজত বৈষ্ণৱ ধৰ্মৰ গভীৰ প্ৰভাৱ আছে I নাগালেণ্ডৰ 'হেৰাকা' আন্দোলনৰ জৰিয়তে পৰম্পৰাগত ধৰ্ম সংৰক্ষণৰ চেষ্টাও কৰা হৈছিল I সামগ্ৰিকভাৱে ইয়াত ধৰ্মীয় বিবিধতা আৰু সহিষ্ণুতা দেখা যায়।
৬। 'অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে'-এই প্ৰসংগটো চমুকৈ আলোচনা কৰা।
উত্তৰ: অসমৰ ভৌগোলিক অৱস্থান আৰু প্ৰাকৃতিক সম্পদৰ বাবে বিভিন্ন নৃ-গোষ্ঠীৰ লোক বিভিন্ন সময়ত ইয়ালৈ আহিছিল I ভাৰতৰ প্ৰধান নৃ-গোষ্ঠী যেনে অষ্ট্ৰিক, মংগোলীয়, দ্রাবিড় আৰু আৰ্যসকলৰ অসমত সংমিশ্ৰণ ঘটিছিল I ফলত ভাষা, ধৰ্ম আৰু সামাজিক ৰীতি-নীতিত এক সমন্বিত ৰূপ ফুটি উঠিছে। উদাহৰণস্বৰূপে, বিহু উৎসৱৰ মাজত আৰ্য আৰু অনার্য উভয়ৰে সাংস্কৃতিক উপাদান বিচাৰি পোৱা যায় I কামৰূপ আৰু প্ৰাগজ্যোতিষৰ দৰে সংস্কৃত শব্দবোৰৰ মূল অষ্ট্রিক ভাষাৰ বুলিও অনেক পণ্ডিতে বিশ্বাস কৰে I অসমৰ লোক-সংস্কৃতি, খাদ্য আৰু কৃষি পদ্ধতিটো এই সমন্বয়ৰ ছাপ স্পষ্ট I
৭। অসমৰ চিত্ৰ কলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: অসমৰ চিত্ৰকলাৰ পৰম্পৰা মূলতঃ সপ্তদশ শতিকাৰ পৰা ৰজাঘৰীয়া আৰু সত্ৰীয়া পৃষ্ঠপোষকতাত বিকশিত হৈছিল I সাঁচিপাতত অংকন কৰা ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ ইয়াৰ অন্যতম বৈশিষ্ট্য I 'হস্তীবিদ্যার্ণৱ', 'গীত গোবিন্দ', আৰু 'চিত্ৰ ভাগৱত'ৰ দৰে পুথিৰ চিত্ৰবোৰত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হৈছিল I এই চিত্ৰসমূহত ৰজা-ৰাজদৰবাৰ, দেৱ-দেৱী আৰু জীৱ-জন্তুৰ ছবি সংশ্লিষ্ট বিষয়বস্তুৰ লগত সংগতি ৰাখি আঁকা হৈছিল I হস্তীবিদ্যার্ণৱৰ চিত্ৰকৰ দিলবৰ আৰু দোচায়ে হাতীৰ বিভিন্ন আকাৰ আৰু বৰণ অতি নিপুণভাৱে ফুটাই তুলিছিল I চিত্ৰবোৰ সৰল হ’লেও এইবোৰ দৃষ্টি নন্দন আছিল I
৮। অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।
উত্তৰ: অসম ধৰ্মীয় বিবিধতাৰ এক মিলন ভূমি। ইয়াৰ অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী হ’লেও ইছলাম, খ্ৰীষ্টিয়ান, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মৰ লোকো ইয়াত শান্তিৰে বসবাস কৰিছে I হিন্দুসকলৰ মাজত শাক্ত, শৈৱ আৰু বৈষ্ণৱ ধৰ্মৰ গভীৰ প্ৰভাৱ আছে; কামাখ্যা মন্দিৰ ইয়াৰ এক বিশ্ববিখ্যাত শক্তিপীঠ I পোৱামক্কা ইছলামধৰ্মীসকলৰ পবিত্ৰ তীৰ্থস্থান I চাহ মিলন বা আজানপীৰৰ জিকিৰসমূহে হিন্দু-মুছলমানৰ মাজত ধৰ্মীয় সংহতিৰ বাণী বিলায় I পঞ্জাবৰ পৰা অহা শিখ সৈন্যৰ বংশধৰসকলেও অসমীয়া সংস্কৃতি আঁকোৱালি লৈছে I আহোম স্বৰ্গদেউসকলে সকলো ধৰ্মৰ উপাসনা স্থলী নিৰ্মাণত পৃষ্ঠপোষকতা কৰি এক উদাৰ ধৰ্মনীতিৰ আদৰ্শ দাঙি ধৰিছিল
৯। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে?
উত্তৰ: অসমৰ সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদৰ আকৰ্ষণত সুদূৰ অতীতৰ পৰাই বহু নৃ-গোষ্ঠীৰ প্ৰব্ৰজন ঘটিছে । চীনৰ পৰা ৰোমান সাম্রাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসমৰ মাজেৰে গৈছিল, যিয়ে বহিঃজগতৰ সৈতে যোগাযোগত সহায় কৰিছিল । তদুপৰি অসমৰ কেন্দ্ৰীয় ভৌগোলিক অৱস্থানৰ বাবে পাহাৰীয়া আৰু সমতলৰ মানুহৰ মিলন ইয়াত সহজ আছিল । বিভিন্ন শক্তিশালী ৰাজবংশই সময়ে সময়ে উদাৰ নীতি গ্ৰহণ কৰি আৰ্য আৰু অনার্য উভয়ৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতি গঢ়ি তোলাত উদগনি দিছিল ।
১০। 'লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে'- এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা।
উত্তৰ: সমাজ বিজ্ঞানৰ দৃষ্টিত লোক-সংস্কৃতি কোনো শ্ৰেণীকোঠাৰ শিক্ষা নহয়। এজন মানুহৰ ভাষা, গীত-মাত, সাজ-পাৰ আৰু খোৱা-বোৱাৰ পৰা আদি কৰি তেওঁৰ ধৰ্মীয় বিশ্বাসলৈকে সকলোবোৰ সমাজৰ মাজত সিঁচৰতি হৈ থাকে I এজন শিশুৱে সমাজৰ পৰাই পুৰুষানুক্ৰমে এই কথাবোৰ দেখি শুনি আহৰণ কৰে I সমাজখনৰ প্ৰতিটো পৰম্পৰা আৰু আচাৰ-ব্যৱহাৰ নিৰীক্ষণ কৰিলেহে সেই জাতিটোৰ প্ৰকৃত পৰিচয় পোৱা যায় I সেয়ে সমাজৰ সদস্যসকলৰ মাজত নিহিত হৈ থকা অলিখিত নিয়ম আৰু কলাসমূহ অধ্যয়ন কৰিবলৈ সমগ্ৰ সমাজখনেই সৰ্বোত্তম সমল বা কিতাপ হিচাপে কাম কৰে I
চমুটোকা লিখা:
১। প্রাচীন ভাৰতৰ ভাস্কৰ্য শিল্প
উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্পৰ পৰম্পৰা সিন্ধু সভ্যতাৰ সময়ৰ পৰাই আৰম্ভ হৈছিল । প্রাচীন কালত পোৰা মাটি, শিল, ব্ৰঞ্জ, তাম, ৰূপ আদিৰে নিখুঁত মূৰ্তি নিৰ্মাণ কৰা হৈছিল । প্রাচীন ভাৰতৰ ভাস্কৰ্য শিল্পক ঘাইকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি: গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা । ইয়াৰে গান্ধাৰ শিল্পকলাত গ্ৰীক-ৰোমান কৌশলৰ প্ৰভাৱ দেখা যায় । গৌতম বুদ্ধ, মহাবীৰ আৰু বিভিন্ন হিন্দু দেৱ-দেৱীৰ মূৰ্তিৰ লগতে অশোক স্তম্ভৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ ভাৰতীয় ভাস্কৰ্য শিল্পৰ অপূৰ্ব নিদৰ্শন ।
২। ভাৰতীয় চিত্রকলা
উত্তৰ:ভাৰতীয় চিত্রকলাৰ ঐতিহ্যক বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্রাকাৰ চিত্ৰ—এই দুই ভাগত ভগাব পাৰি । দেৱাল চিত্ৰৰ ভিতৰত মহাৰাষ্ট্ৰৰ অজন্তা গুহাৰ চিত্ৰসমূহ পৃথিৱী বিখ্যাত । মোগল যুগত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্রাকাৰ চিত্ৰশিল্পৰ ব্যাপক চৰ্চা হৈছিল । প্রাকৃতিক সামগ্ৰী যেনে এলান্ধু, হালধি, সেন্দুৰ আদিৰে ৰং তৈয়াৰ কৰি চিত্রসমূহ অংকন কৰা হৈছিল ।
৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য
উত্তৰ:ভাৰতৰ সংগীতৰ মূল উৎস হ’ল সামবেদ, যাৰ স্তোত্ৰসমূহ যজ্ঞত গীত আকাৰে গোৱা হৈছিল । সংগীত আৰু নৃত্যৰ নীতি-নিয়মসমূহ ভৰত মুনিৰ 'নাট্যশাস্ত্ৰ'ত লিপিবদ্ধ আছে । ভাৰতত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আঠবিধ ধ্ৰুপদী নৃত্য আছে, সেইবোৰ হ'ল— কথাকলি, মোহিনী আট্টম, ভাৰতনাট্যম, কুচিপুড়ী, অডিছি, কথক, সত্ৰীয়া আৰু মণিপুৰী । মোগল যুগতো সংগীতৰ বিশেষ চৰ্চা আৰু উন্নতি ঘটিছিল ।
৪। অসমৰ ভাস্কৰ্য শিল্প
উত্তৰ:অসমৰ বিভিন্ন প্ৰাচীন মন্দিৰৰ দেৱালত শিল, সোণ, ৰূপ, তাম আৰু হাতী দাঁতৰ সুন্দৰ ভাস্কৰ্য দেখিবলৈ পোৱা যায় । তেজপুৰৰ দ-পৰ্বতীয়াৰ শিলৰ তোৰণত থকা গংগা আৰু যমুনাৰ মূৰ্তি দুটা অসমৰ ভাস্কৰ্য শিল্পৰ এক উচ্চ স্তৰৰ নিদৰ্শন । ইয়াৰ উপৰি মদন কামদেৱ, আমবাৰী, সূৰ্য পাহাৰ আদি ঠাইত অসংখ্য দেৱ-দেৱী আৰু জীৱ-জন্তুৰ মূৰ্তি খোদিত কৰা হৈছে ।
৫। অসমৰ স্থাপত্য শিল্প
উত্তৰ:অসমৰ বৰ্তমানৰ স্থাপত্যসমূহৰ বেছিভাগেই মধ্যযুগৰ আহোম আৰু কোচ ৰজাসকলৰ দিনত নিৰ্মিত । ইয়াৰ ভিতৰত শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আৰু বিভিন্ন দ'ল (শিৱদ'ল, জয়দ'ল আদি) উল্লেখনীয় । মন্দিৰসমূহ প্ৰায় নাগাৰ বা ৱেচৰ শৈলীত নিৰ্মিত । সেই সময়ত ইটা গাঁঠিবলৈ বৰালি মাছ, কণী আৰু বৰা চাউলৰ মিশ্ৰণেৰে 'কৰাল' তৈয়াৰ কৰা হৈছিল ।
৬। অসমৰ বৈষ্ণৱী সাহিত্য
উত্তৰ: পঞ্চদশ শতিকাত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা কৰে । এই সময়ত ৰচিত শংকৰদেৱৰ 'কীৰ্তন' আৰু মাধৱদেৱৰ 'নামঘোষা' আটাইতকৈ জনপ্ৰিয় ধৰ্মগ্ৰন্থ । ইয়াৰ উপৰি বৰগীত, অংকীয়া নাট (যেনে: পাৰিজাত হৰণ, কালিয়দমন) আৰু ভট্টদেৱৰ দ্বাৰা ৰচিত গদ্য সাহিত্য (কথাগীতা) এই যুগৰে অমূল্য সম্পদ ।
৭। অসমৰ লোক সংগীত
উত্তৰ:অসমৰ সমাজ জীৱনত বিভিন্ন পৰিৱেশত গোৱা লোক সংগীতৰ এক চহকী পৰম্পৰা আছে । ইয়াৰ ভিতৰত বিয়ানাম, আইনাম, নিচুকণি গীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰি গীত বিশেষভাৱে উল্লেখযোগ্য । এই গীতসমূহত জীৱনৰ সুখ-দুখ, ভক্তি আৰু ঈশ্বৰ চিন্তা প্ৰকাশ পায় । প্ৰতিমা পাণ্ডে বৰুৱা, খগেন মহন্ত আদি শিল্পিয়ে এই গীতসমূহক বিশ্বদৰবাৰত জনপ্ৰিয় কৰি তুলিছে ।
৮। অসমৰ ধৰ্মীয় সংহতি
উত্তৰ:অসম হ'ল বিভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ মিলনভূমি । ইয়াত হিন্দু ধৰ্মৰ শাক্ত, শৈৱ আৰু বৈষ্ণৱপন্থী লোকৰ উপৰি ইছলাম, খ্ৰীষ্টিয়ান, বৌদ্ধ, শিখ আৰু জৈন ধৰ্মৰ লোকসকলে মিলাপ্ৰীতিৰে বসবাস কৰে । হাজোৰ পোৱামক্কা ইছলামধৰ্মীসকলৰ পবিত্ৰ তীৰ্থস্থান আৰু কামাখ্যা মন্দিৰ হিন্দুসকলৰ শক্তিপীঠ । আহোম ৰজাসকলে গ্ৰহণ কৰা উদাৰ ধৰ্মনীতিয়ে অসমত এক শক্তিশালী ধৰ্মীয় সংহতি গঢ়ি তুলিছিল ।
৯। অসমৰ বুৰঞ্জী সাহিত্য
উত্তৰ:আহুম ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যই অসমীয়া সাহিত্য ভাণ্ডাৰলৈ বিশেষ অৱদান আগবঢ়াইছে । বুৰঞ্জীসমূহ প্ৰথমতে টাই ভাষাত লিখা হৈছিল যদিও ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাত লিখিবলৈ লোৱা হয় । কেইখনমান উল্লেখযোগ্য বুৰঞ্জী হ'ল— দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী আৰু পাদশ্যাহ বুৰঞ্জী ।
১০। বিহু উৎসৱ
উত্তৰ: বিহু অসমৰ জাতীয় উৎসৱ । বছৰৰ বিভিন্ন সময়ত তিনিটা বিহু পালন কৰা হয়— ৰঙালী বিহু (ব'হাগ বিহু), কঙালী বিহু (কাতি বিহু) আৰু ভোগালী বিহু (মাঘ বিহু) । ৰঙালী বিহু আনন্দৰ উৎসৱ য’ত গৰু বিহু আৰু মানুহ বিহু পালন কৰি হুঁচৰি আৰু বিহু নৃত্য কৰা হয় । কাতি বিহু আধ্যাত্মিক পবিত্ৰতাৰে আৰু মাঘ বিহু মেজি জ্বলাই ভোজ-ভাত খাই পালন কৰা হয় । বিহুৰ পৰম্পৰাই অসমৰ আৰ্য আৰু অনার্য সকলো জনগোষ্ঠীকে একতাৰ ডলেৰে বান্ধি ৰাখিছে ।