Skip to Content
NoteSL
  • Home
  • Notification
  • Privacy Policy
  • About
  • Terms and Condition's
  • Student Helping
NoteSL
      • Home
      • Notification
      • Privacy Policy
      • About
      • Terms and Condition's
      • Student Helping

    অধ্যায়ঃ ৫

    ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

    MAIN CONTENT

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    অতি চমু উত্তৰৰ প্ৰশ্ন : 

    ১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল? 

    উত্তৰ: মীৰাট পৰ্যন্ত ।

    ২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল? 

    উত্তৰ: খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত ।

    ৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি? 

    উত্তৰ: খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ চন পৰ্যন্ত ।

    ৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা 'সত্যমেব জয়তে' এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? 

    উত্তৰ: মুণ্ডক উপনিষদ ।

    ৫। প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি? 

    উত্তৰ: কৌটিল্যৰ অৰ্থশাস্ত্ৰ ।

    ৬। 'বিবিধতাৰ মাজত একতা' (Unity in Diversity) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে? 

    উত্তৰ: জৱাহৰলাল নেহৰুৰ 'ভাৰত সম্ভেদ' (Discovery of India) ।

    ৭। ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্রীক-ৰোমান কলা-কৌশলৰ প্ৰয়োগ হৈছিল? 

    উত্তৰ: গান্ধাৰ শিল্পকলাত ।

    ৮। ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল? 

    উত্তৰ: খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা খ্ৰীষ্টীয় ২০০ মানৰ ভিতৰত ।

    ৯। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? 

    উত্তৰ: ৬০০০ টা শ্লোক ।

    ১০। হেৰাকা আন্দোলন কি?

    উত্তৰ: নগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে ৰাণী গাইডালুৱে গঢ়ি তোলা এক আন্দোলন ।

    ১১। নাগালেণ্ডৰ 'হৰ্ণবিল' উৎসব কি জীৱৰ নামত উৎসৰ্গিত? 

    উত্তৰ: ধনেশ পক্ষীৰ (Hornbill) নামত ।

    ১২। 'চপছৰ কূট' কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? 

    উত্তৰ: মিজোৰামৰ ।

    ১৩। মিজো শব্দৰ অৰ্থ কি? 

    উত্তৰ: পাহাৰৰ বাসিন্দা ।

    ১৪। উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্রচলিত? 

    উত্তৰ: মেঘালয়ত ।

    ১৫। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে? 

    উত্তৰ: চৈতন্য মহাপ্ৰভুৰ শৈশৱ আৰু কৃষ্ণলীলাক আলম কৰি ।

    ১৬। অসমৰ প্রাচীন নাম কি আছিল? 

    উত্তৰ: প্ৰাগজ্যোতিষ আৰু কামৰূপ ।

    ১৭। কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়? 

    উত্তৰ: 'হা-চোম' শব্দৰ পৰা ।

    ১৮। চৰ্যাপদ মানে কি? 

    উত্তৰ: চৰ্যাপদ হ’ল দশমৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত ৰচিত কেইটামান সহজযান পন্থীয় বৌদ্ধ ধৰ্মীয় গীত ।

    ১৯। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল? 

    উত্তৰ: খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত ।

    ২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল? 

    উত্তৰ: বৰাহী ৰজা মহামাণিক্যৰ ।

    ২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? 

    উত্তৰ: ভট্টদেৱে ।

    ২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? 

    উত্তৰ: চুফী সাধক আজানপীৰ বা চাহ মিলনে ।

    ২৩। আজানপীৰ কোন? 

    উত্তৰ: এজন চুফী সাধক যি স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ আহিছিল ।

    ২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল? 

    উত্তৰ: আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত ।

    ২৫। দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল? 

    উত্তৰ: খ্ৰীষ্টীয় ষষ্ঠ শতিকাত ।

    ২৬। চাংঝং ফুকন কি দায়িত্বত ন্যস্ত আছিল? 

    উত্তৰ: মঠ-মন্দিৰ, অট্টালিকা আদিৰ নিৰ্মাণ কাৰ্য আৰু জোখ-মাখ চোৱা-চিতা কৰা দায়িত্বত ।

    ২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? 

    উত্তৰ: প্ৰতিমা পাণ্ডে বৰুৱাক ।

    ২৮। অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি? 

    উত্তৰ: অৰুণোদই ।

    ২৯। উত্তৰ-পূৰ্বাঞ্চলৰ অস্ট্রিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি? 

    উত্তৰ: মেঘালয়ৰ খাছীয়াসকল ।

    ৩০। ৰচয়িতাসকলৰ নাম লিখা: 

    (ক) অৰ্থশাস্ত্ৰ। 

    (খ) হস্তিবিদ্যার্ণৱ। 

    (গ) কীৰ্ত্তন। 

    (ঘ) নামঘোষা। 

    (ঙ) চোৰধৰা পিম্পৰা গুচোৱা। 

    (চ) কালিয় দমন। 

    (ছ) ৰামবিজয়। 

    (জ) কথাগীতা। 

    (ঝ) ৰাজতৰঙ্গিনী। 

    (ঞ) ভাৰত সম্ভেদ।

    উত্তৰ: 

    ক্ৰমিক নংগ্ৰন্থৰ নামৰচয়িতা / লেখকৰ নাম
    (ক)অৰ্থশাস্ত্ৰ

    কৌটিল্য


    (খ)হস্তিবিদ্যার্ণৱ

    সুকুমাৰ বৰকাইথ


    (গ)কীৰ্ত্তন

    শংকৰদেৱ


    (ঘ)নামঘোষা

    মাধৱদেৱ


    (ঙ)চোৰধৰা, পিম্পৰা গুচোৱা

    মাধৱদেৱ


    (চ)কালিয় দমন

    শংকৰদেৱ


    (ছ)ৰামবিজয়

    শংকৰদেৱ


    (জ)কথাগীতা

    ভট্টদেৱ


    (ঝ)ৰাজতৰঙ্গিনী

    কলহন


    (ঞ)ভাৰত সম্ভেদ (Discovery of India)

    জৱাহৰলাল নেহৰু



    চমু উত্তৰৰ প্ৰশ্ন :

    ১। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা? 

    উত্তৰ: খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম হ’ল— হুন আৰু তুৰ্কী-আফগান ।

    ২। সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা? 

    উত্তৰ: সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তি হ’ল— পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি ।

    ৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। 

    উত্তৰ: অষ্ট্ৰিকসকলে আগবঢ়োৱা দুটা অৱদান হ’ল— ধান খেতিৰ সূচনা আৰু ধৰ্মীয় পৰম্পৰাত সেন্দূৰৰ ব্যৱহাৰ ।

    ৪। ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে? 

    উত্তৰ: কৃষি উপযোগী ভূমি আৰু যাতায়তৰ সুচলতা থকা অঞ্চলবোৰ অন্য সংস্কৃতিৰ সংস্পৰ্শলৈ সঘনাই অহাৰ বিপৰীতে দুৰ্গম অঞ্চলবোৰ বিচ্ছিন্ন হৈ নিজা স্বকীয়তা ৰক্ষা কৰি চলিবলগীয়া হৈছিল ।

    ৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।

    উত্তৰ: বেদৰ চাৰিখন সংহিতা হ’ল— ঋকবেদ, যজুঃবেদ, সামবেদ আৰু অথৰ্ব বেদ ।

    ৬। অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে? 

    উত্তৰ: অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত কোৱা হৈছে যে কোনেও কেৱল নিজৰ ধৰ্মটোক প্রশংসা আৰু আনৰ ধৰ্মক হীন বুলি ক’ব নালাগে; বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে ।

    ৭। সাংস্কৃতিক বহুত্ববাদ মানে কি? 

    উত্তৰ: সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায় ।

    ৮। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা। 

    উত্তৰ: ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম হ’ল— আৰ্যভট্ট আৰু বৰাহ মিহিৰ ।

    ৯। প্রাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা। 

    উত্তৰ: প্রাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰ হ’ল— চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা ।

    ১০। ভাৰতীয় চিত্রকালাক কি কি ভাগত ভগাব পাৰি? 

    উত্তৰ: ভাৰতীয় চিত্রকালাক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি— বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্রাকাৰ চিত্ৰ ।

    ১১। চিত্রকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা। 

    উত্তৰ: চিত্রকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহ হ’ল— আকবৰ আৰু জাহাংগীৰ ।

    ১২। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা। 

    উত্তৰ: ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথি হ’ল— হস্তীবিদ্যার্ণৱ আৰু গীত গোবিন্দ ।

    ১৩। হস্তিবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা। 

    উত্তৰ: হস্তিবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম হ’ল— দিলবৰ আৰু দোচাই ।

    ১৪। ঝুম খেতি মানে কি বুজা? 

    উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলৰ বাসিন্দা সকলে পাহাৰৰ ঢালত হাবি কাটি জুই লগাই পৰিষ্কাৰ কৰি কৰা খেতিটোকে ঝুম খেতি বোলা হয় ।

    ১৫। জেং বিহু মানে কি? 

    উত্তৰ: উজনি অসমৰ মহিলাসকলে নিৰ্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ পতা বিহুৰ অনুষ্ঠানটোৱেই হ’ল জেং বিহু ।

    ১৬। ওজাপালিৰ দুটা ভাগৰ নাম লিখা। 

    উত্তৰ: ওজাপালিৰ দুটা ভাগ হ’ল— ব্যাসৰ ওজা আৰু সুকনান্নী ওজা ।

    ১৭। প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা। 

    উত্তৰ: প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিক হ’ল— কপিল আৰু পতঞ্জলি ।

    ১৮। আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা। 

    উত্তৰ: আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জী হ’ল— দেওধাই বুৰঞ্জী আৰু তুংখুঙ্গীয়া বুৰঞ্জী ।

    ১৯। বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদ্যাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা। 

    উত্তৰ: বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদ্যাপিত হোৱা দুটা স্থানীয় উৎসৱ হ’ল— ভঠেলি আৰু বাঁসপূজা ।

    ২০। দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা। 

    উত্তৰ: দৰঙৰ দুবিধ লোক নৃত্যৰ নাম হ’ল— ঢেপাটুলীয়া আৰু দেওধনী নৃত্য ।

    ২১। ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি? 

    উত্তৰ: ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা হ’ল— নিগ্ৰো গোষ্ঠী, প্ৰট’ অষ্ট্ৰলয়ড, মংগোলীয় গোষ্ঠী, দ্রাবিড় আৰু নৰ্ডিক আৰ্যসকল ।

    ২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা। 

    উত্তৰ: তিনিটা কাৰক হ’ল— হিন্দুধৰ্মৰ উদাৰতা, ৰাজনৈতিক একতাৰ ইতিহাস আৰু ৰামায়ণ-মহাভাৰতে সৃষ্টি কৰা সাংস্কৃতিক পৰিয়ালৰ অনুভূতি ।

    ২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদৰ্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে। 

    উত্তৰ: প্রাচীন ভাৰতৰ স্থাপত্য নিদৰ্শন সমূহক উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্রাবিড় আৰু এই দুয়োৰে সংমিশ্ৰিত ৱেচৰ শৈলী— এই তিনি ভাগত ভগোৱা হৈছে ।

    ২৪। UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা। 

    উত্তৰ: UNESCO-ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য হ’ল— সাঁচীৰ স্তূপ, অজন্তাৰ গুহা আৰু তাজমহল ।

    ২৫। ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল? 

    উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী আৰু অপেশ্বৰীৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল ।

    ২৬। ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্ৰধান শৈলী কি কি? 

    উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্ৰধান শৈলী হ’ল— গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা ।

    ২৭। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা। 

    উত্তৰ: দেৱাল চিত্ৰৰ নিদৰ্শন থকা তিনিখন ঠাই হ’ল— অজন্তা (মহাৰাষ্ট্ৰ), বাঘ (মধ্যপ্ৰদেশ) আৰু চিত্তনাৱাচল (তামিলনাডু) ।

    ২৮। মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা। 

    উত্তৰ: তিনিখন গ্ৰন্থৰ নাম হ’ল— পাদছাহনামা, তুতিনামা আৰু জাহাংগীৰনামা ।

    ২৯। চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা? 

    উত্তৰ: চিত্ৰ অংকনৰ বাবে প্রয়োজনীয় ছটা বিশেষ অঙ্গ যথা— আকৃতি, জোখ-মাখ, অনুভূতি প্ৰকাশক কৌশল, কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়মকে একেলগে ষড়াংগ বোলা হয় ।

    ৩০। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। 

    উত্তৰ: যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য। মহর্ষি পতঞ্জলিয়ে 'যোগসূত্ৰ' নামৰ গ্ৰন্থ সংকলন কৰি ইয়াক এক সু-সংহত দৰ্শনৰ ৰূপ দিছিল। ২০১৫ চনত ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে ।

    ৩১। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। 

    উত্তৰ: (ক) প্রাচীন স্থাপত্যসমূহ মুখ্যতঃ ধৰ্মীয় মঠ-মন্দিৰ বা স্তূপ আছিল, (খ) এইবোৰ ৰাজকীয় পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল আৰু (গ) উত্তৰ ভাৰতীয় নাগৰ শৈলীৰ মন্দিৰৰ শিখৰবোৰ অৰ্ধবৃত্তাকাৰ আছিল ।

    ৩২। বঙালী বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়? 

    উত্তৰ: ব’হাগ বা ৰঙালী বিহুৰ সাতদিনক ক্ৰমে— গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি জনা যায় ।

    ৩৩। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি? 

    উত্তৰ: এই গীতসমূহৰ মূল বিষয়বস্তু হ’ল— জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, ঈশ্বৰ চিন্তা আৰু দেৱ-দেৱীৰ প্ৰশস্তি ।

    ৩৪। অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা। 

    উত্তৰ: এই নাম দুটাৰ উল্লেখ থকা তিনিখন গ্ৰন্থ হ’ল— ৰামায়ণ, মহাভাৰত আৰু কালিকা পুৰাণ ।

    দীঘল উত্তৰৰ প্ৰশ্ন :

    ১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা। 

    উত্তৰ: ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ ইতিহাস সিন্ধু সভ্যতাৰ পৰাই আৰম্ভ হৈছে । দ্ৰাবিড়সকলৰ পিছত নৰ্ডিক আৰ্যসকল ভাৰতত প্ৰৱেশ কৰে, কিন্তু তেওঁলোকৰ পূৰ্বেই নিগ্ৰো, অষ্ট্ৰিক আৰু মংগোলীয় গোষ্ঠীৰ লোকে ইয়াত বসতি স্থাপন কৰিছিল । এই বিভিন্ন নৃ-গোষ্ঠীৰ মিলন আৰু সাংস্কৃতিক সংমিশ্ৰণৰ ফলত ভাৰতত বহুত্ববাদৰ জন্ম হয় । আৰ্যসকলে স্থানীয় অনার্য বিশ্বাস আৰু ৰীতি-নীতিবোৰৰ সৈতে এক সহবর্তিতাৰ নীতি গ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত গ্ৰীক, শক, হুন, মোগল আৰু ইউৰোপীয়সকলৰ আগমনে ভাৰতীয় সংস্কৃতিক অধিক সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিলে । ভাৰতৰ বিশাল ভৌগোলিক পৰিস্থিতিয়ে এই বিবিধতা সংৰক্ষণত বিশেষ ভূমিকা লৈছে ।

    ২। 'ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ'ব'- বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা। 

    উত্তৰ: ভাৰতৰ প্ৰাচীন সংস্কৃত সাহিত্যৰাজি কেৱল ধৰ্মগ্ৰন্থ নহয়, ই ভাৰতীয় চিন্তা আৰু জীৱন দৰ্শনৰ আধাৰ। বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত আৰু গীতাৰ দৰে গ্ৰন্থই ভাৰতীয় সমাজ ব্যৱস্থা আৰু সাংস্কৃতিক ঐক্যবোধ গঢ়ি তুলিছে I এই সাহিত্যৰাজিয়ে সত্য, অহিংসা, আৰু 'বসুধৈৱ কুটুম্বকম'ৰ দৰে বিশ্বজনীন মূল্যবোধৰ শিক্ষা দিছে । ইয়াৰ উপৰিও কৌটিল্যৰ অৰ্থশাস্ত্ৰই ৰাজনীতি আৰু চৰক-সুশ্ৰুত সংহিতাই চিকিৎসা বিজ্ঞানৰ চৰম উৎকৰ্ষ প্রতিফলিত কৰে I প্ৰাচীন বিজ্ঞানী আৰু দাৰ্শনিকসকলৰ সৃষ্টিয়ে ভাৰতীয় লোকৰ জ্ঞান পিপাসাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে I সেয়ে এই সাহিত্যৰাজিক ভাৰতীয় সভ্যতাৰ আত্মা বুলি কোৱা হয়।

    ৩। ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা। 

    উত্তৰ: ভাৰতৰ ধৰ্মীয় ঐতিহ্য অতি প্ৰাচীন আৰু উদাৰ। সিন্ধু সভ্যতাত শিৱলিংগ আৰু মাতৃদেৱীৰ পূজাৰ নিদৰ্শন পোৱা যায় I বৈদিক যুগত ঋকবেদৰ পৰা আৰম্ভ কৰি একেশ্বৰবাদৰ ধাৰণা বিকশিত হৈছিল I ভাৰতীয় ধৰ্মীয় পৰম্পৰাই সদায় নতুন বিশ্বাস আৰু বিৰোধৰ প্ৰতি শ্ৰদ্ধা জনাই আহিছে I যাৰ ফলত বৌদ্ধ আৰু জৈন ধৰ্মৰ দৰে বেদ বিৰোধী দৰ্শনৰ সৈতেও হিন্দু ধৰ্মৰ কোনো সংঘাত হোৱা নাছিল I সম্ৰাট অশোকৰ দৰে শাসকসকলে ধৰ্মীয় সহিষ্ণুতাৰ চৰকাৰী ঘোষণা কৰিছিল I পিছলৈ খ্ৰীষ্টিয়ান, ইছলাম, ইহুদী আদি ধৰ্মৰ আগমন ঘটি ভাৰতৰ ধৰ্মীয় বিবিধতাক অধিক গাঢ় কৰে I আধ্যাত্মিকতাই ভাৰতীয় জীৱনৰ সাহিত্য, স্থাপত্য আৰু সামাজিক ৰীতি-নীতিক গভীৰভাৱে প্ৰভাৱিত কৰিছে I

    ৪। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে? 

    উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভৌগোলিক অৱস্থান আৰু ঐতিহাসিক সম্পৰ্কই ইয়াৰ উমৈহতীয়া পৰিচয় গঢ়ি তুলিছে । অসমৰ সমতল ভূমিখণ্ডক কেন্দ্ৰ কৰি চাৰিওফালে পাহাৰীয়া ৰাজ্যবোৰ অৱস্থিত । ঐতিহাসিক কালত আহোম আৰু আন শক্তিশালী ৰাজবংশৰ শাসনৰ সময়ত এই ৰাজ্যসমূহৰ মাজত বৈবাহিক যোগাযোগ, সামৰিক সাহায্য আৰু সামগ্ৰীৰ আদান-প্ৰদান ঘটিছিল । এই অঞ্চলটোৰ বেছিভাগ মানুহেই মংগোলীয় নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত । ঝুম খেতি, চাংঘৰ নিৰ্মাণ আৰু পৰম্পৰাগত লোক-সাংস্কৃতিক বৈশিষ্ট্যবোৰেও এই অঞ্চলটোৰ মাজত এক ঐক্যবোধৰ সৃষ্টি কৰিছে ।

    ৫। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা। 

    উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলত এক সংমিশ্ৰিত ধৰ্মীয় বাতাৱৰণ পোৱা যায়। অসম, মণিপুৰ আৰু ত্ৰিপুৰাত প্ৰাচীন কালৰ পৰাই হিন্দুধৰ্মৰ প্ৰসাৰ ঘটিছিল I আনহাতে, ঔপনিৱেশিক কালত মেঘালয়, নাগালেণ্ড আৰু মিজোৰামৰ পাহাৰীয়া লোকসকলৰ মাজত খ্ৰীষ্টিয়ান ধৰ্মৰ ব্যাপক প্ৰসাৰ ঘটে I অৰুণাচলৰ দৰে ৰাজ্যত হিন্দু, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মৰ সমান্তৰালভাৱে 'ডনিপ'ল'ৰ দৰে প্ৰকৃতি পূজাৰ বিশ্বাসো প্ৰচলিত I মণিপুৰী মেইটেইসকলৰ মাজত বৈষ্ণৱ ধৰ্মৰ গভীৰ প্ৰভাৱ আছে I নাগালেণ্ডৰ 'হেৰাকা' আন্দোলনৰ জৰিয়তে পৰম্পৰাগত ধৰ্ম সংৰক্ষণৰ চেষ্টাও কৰা হৈছিল I সামগ্ৰিকভাৱে ইয়াত ধৰ্মীয় বিবিধতা আৰু সহিষ্ণুতা দেখা যায়।

    ৬। 'অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে'-এই প্ৰসংগটো চমুকৈ আলোচনা কৰা।

    উত্তৰ: অসমৰ ভৌগোলিক অৱস্থান আৰু প্ৰাকৃতিক সম্পদৰ বাবে বিভিন্ন নৃ-গোষ্ঠীৰ লোক বিভিন্ন সময়ত ইয়ালৈ আহিছিল I ভাৰতৰ প্ৰধান নৃ-গোষ্ঠী যেনে অষ্ট্ৰিক, মংগোলীয়, দ্রাবিড় আৰু আৰ্যসকলৰ অসমত সংমিশ্ৰণ ঘটিছিল I ফলত ভাষা, ধৰ্ম আৰু সামাজিক ৰীতি-নীতিত এক সমন্বিত ৰূপ ফুটি উঠিছে। উদাহৰণস্বৰূপে, বিহু উৎসৱৰ মাজত আৰ্য আৰু অনার্য উভয়ৰে সাংস্কৃতিক উপাদান বিচাৰি পোৱা যায় I কামৰূপ আৰু প্ৰাগজ্যোতিষৰ দৰে সংস্কৃত শব্দবোৰৰ মূল অষ্ট্রিক ভাষাৰ বুলিও অনেক পণ্ডিতে বিশ্বাস কৰে I অসমৰ লোক-সংস্কৃতি, খাদ্য আৰু কৃষি পদ্ধতিটো এই সমন্বয়ৰ ছাপ স্পষ্ট I

    ৭। অসমৰ চিত্ৰ কলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।

    উত্তৰ: অসমৰ চিত্ৰকলাৰ পৰম্পৰা মূলতঃ সপ্তদশ শতিকাৰ পৰা ৰজাঘৰীয়া আৰু সত্ৰীয়া পৃষ্ঠপোষকতাত বিকশিত হৈছিল I সাঁচিপাতত অংকন কৰা ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ ইয়াৰ অন্যতম বৈশিষ্ট্য I 'হস্তীবিদ্যার্ণৱ', 'গীত গোবিন্দ', আৰু 'চিত্ৰ ভাগৱত'ৰ দৰে পুথিৰ চিত্ৰবোৰত প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰা হৈছিল I এই চিত্ৰসমূহত ৰজা-ৰাজদৰবাৰ, দেৱ-দেৱী আৰু জীৱ-জন্তুৰ ছবি সংশ্লিষ্ট বিষয়বস্তুৰ লগত সংগতি ৰাখি আঁকা হৈছিল I হস্তীবিদ্যার্ণৱৰ চিত্ৰকৰ দিলবৰ আৰু দোচায়ে হাতীৰ বিভিন্ন আকাৰ আৰু বৰণ অতি নিপুণভাৱে ফুটাই তুলিছিল I চিত্ৰবোৰ সৰল হ’লেও এইবোৰ দৃষ্টি নন্দন আছিল I

    ৮। অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা। 

    উত্তৰ: অসম ধৰ্মীয় বিবিধতাৰ এক মিলন ভূমি। ইয়াৰ অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী হ’লেও ইছলাম, খ্ৰীষ্টিয়ান, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মৰ লোকো ইয়াত শান্তিৰে বসবাস কৰিছে I হিন্দুসকলৰ মাজত শাক্ত, শৈৱ আৰু বৈষ্ণৱ ধৰ্মৰ গভীৰ প্ৰভাৱ আছে; কামাখ্যা মন্দিৰ ইয়াৰ এক বিশ্ববিখ্যাত শক্তিপীঠ I পোৱামক্কা ইছলামধৰ্মীসকলৰ পবিত্ৰ তীৰ্থস্থান I চাহ মিলন বা আজানপীৰৰ জিকিৰসমূহে হিন্দু-মুছলমানৰ মাজত ধৰ্মীয় সংহতিৰ বাণী বিলায় I পঞ্জাবৰ পৰা অহা শিখ সৈন্যৰ বংশধৰসকলেও অসমীয়া সংস্কৃতি আঁকোৱালি লৈছে I আহোম স্বৰ্গদেউসকলে সকলো ধৰ্মৰ উপাসনা স্থলী নিৰ্মাণত পৃষ্ঠপোষকতা কৰি এক উদাৰ ধৰ্মনীতিৰ আদৰ্শ দাঙি ধৰিছিল

    ৯। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে? 

    উত্তৰ: অসমৰ সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদৰ আকৰ্ষণত সুদূৰ অতীতৰ পৰাই বহু নৃ-গোষ্ঠীৰ প্ৰব্ৰজন ঘটিছে । চীনৰ পৰা ৰোমান সাম্রাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসমৰ মাজেৰে গৈছিল, যিয়ে বহিঃজগতৰ সৈতে যোগাযোগত সহায় কৰিছিল । তদুপৰি অসমৰ কেন্দ্ৰীয় ভৌগোলিক অৱস্থানৰ বাবে পাহাৰীয়া আৰু সমতলৰ মানুহৰ মিলন ইয়াত সহজ আছিল । বিভিন্ন শক্তিশালী ৰাজবংশই সময়ে সময়ে উদাৰ নীতি গ্ৰহণ কৰি আৰ্য আৰু অনার্য উভয়ৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতি গঢ়ি তোলাত উদগনি দিছিল ।

    ১০। 'লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে'- এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা।

    উত্তৰ: সমাজ বিজ্ঞানৰ দৃষ্টিত লোক-সংস্কৃতি কোনো শ্ৰেণীকোঠাৰ শিক্ষা নহয়। এজন মানুহৰ ভাষা, গীত-মাত, সাজ-পাৰ আৰু খোৱা-বোৱাৰ পৰা আদি কৰি তেওঁৰ ধৰ্মীয় বিশ্বাসলৈকে সকলোবোৰ সমাজৰ মাজত সিঁচৰতি হৈ থাকে I এজন শিশুৱে সমাজৰ পৰাই পুৰুষানুক্ৰমে এই কথাবোৰ দেখি শুনি আহৰণ কৰে I সমাজখনৰ প্ৰতিটো পৰম্পৰা আৰু আচাৰ-ব্যৱহাৰ নিৰীক্ষণ কৰিলেহে সেই জাতিটোৰ প্ৰকৃত পৰিচয় পোৱা যায় I সেয়ে সমাজৰ সদস্যসকলৰ মাজত নিহিত হৈ থকা অলিখিত নিয়ম আৰু কলাসমূহ অধ্যয়ন কৰিবলৈ সমগ্ৰ সমাজখনেই সৰ্বোত্তম সমল বা কিতাপ হিচাপে কাম কৰে I

    চমুটোকা লিখা:

    ১। প্রাচীন ভাৰতৰ ভাস্কৰ্য শিল্প

    উত্তৰ: ভাৰতৰ ভাস্কৰ্য শিল্পৰ পৰম্পৰা সিন্ধু সভ্যতাৰ সময়ৰ পৰাই আৰম্ভ হৈছিল । প্রাচীন কালত পোৰা মাটি, শিল, ব্ৰঞ্জ, তাম, ৰূপ আদিৰে নিখুঁত মূৰ্তি নিৰ্মাণ কৰা হৈছিল । প্রাচীন ভাৰতৰ ভাস্কৰ্য শিল্পক ঘাইকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি: গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা । ইয়াৰে গান্ধাৰ শিল্পকলাত গ্ৰীক-ৰোমান কৌশলৰ প্ৰভাৱ দেখা যায় । গৌতম বুদ্ধ, মহাবীৰ আৰু বিভিন্ন হিন্দু দেৱ-দেৱীৰ মূৰ্তিৰ লগতে অশোক স্তম্ভৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ ভাৰতীয় ভাস্কৰ্য শিল্পৰ অপূৰ্ব নিদৰ্শন ।

    ২। ভাৰতীয় চিত্রকলা

    উত্তৰ:ভাৰতীয় চিত্রকলাৰ ঐতিহ্যক বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্রাকাৰ চিত্ৰ—এই দুই ভাগত ভগাব পাৰি । দেৱাল চিত্ৰৰ ভিতৰত মহাৰাষ্ট্ৰৰ অজন্তা গুহাৰ চিত্ৰসমূহ পৃথিৱী বিখ্যাত । মোগল যুগত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্রাকাৰ চিত্ৰশিল্পৰ ব্যাপক চৰ্চা হৈছিল । প্রাকৃতিক সামগ্ৰী যেনে এলান্ধু, হালধি, সেন্দুৰ আদিৰে ৰং তৈয়াৰ কৰি চিত্রসমূহ অংকন কৰা হৈছিল ।

    ৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য

    উত্তৰ:ভাৰতৰ সংগীতৰ মূল উৎস হ’ল সামবেদ, যাৰ স্তোত্ৰসমূহ যজ্ঞত গীত আকাৰে গোৱা হৈছিল । সংগীত আৰু নৃত্যৰ নীতি-নিয়মসমূহ ভৰত মুনিৰ 'নাট্যশাস্ত্ৰ'ত লিপিবদ্ধ আছে । ভাৰতত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আঠবিধ ধ্ৰুপদী নৃত্য আছে, সেইবোৰ হ'ল— কথাকলি, মোহিনী আট্টম, ভাৰতনাট্যম, কুচিপুড়ী, অডিছি, কথক, সত্ৰীয়া আৰু মণিপুৰী । মোগল যুগতো সংগীতৰ বিশেষ চৰ্চা আৰু উন্নতি ঘটিছিল ।

    ৪। অসমৰ ভাস্কৰ্য শিল্প

    উত্তৰ:অসমৰ বিভিন্ন প্ৰাচীন মন্দিৰৰ দেৱালত শিল, সোণ, ৰূপ, তাম আৰু হাতী দাঁতৰ সুন্দৰ ভাস্কৰ্য দেখিবলৈ পোৱা যায় । তেজপুৰৰ দ-পৰ্বতীয়াৰ শিলৰ তোৰণত থকা গংগা আৰু যমুনাৰ মূৰ্তি দুটা অসমৰ ভাস্কৰ্য শিল্পৰ এক উচ্চ স্তৰৰ নিদৰ্শন । ইয়াৰ উপৰি মদন কামদেৱ, আমবাৰী, সূৰ্য পাহাৰ আদি ঠাইত অসংখ্য দেৱ-দেৱী আৰু জীৱ-জন্তুৰ মূৰ্তি খোদিত কৰা হৈছে ।

    ৫। অসমৰ স্থাপত্য শিল্প

    উত্তৰ:অসমৰ বৰ্তমানৰ স্থাপত্যসমূহৰ বেছিভাগেই মধ্যযুগৰ আহোম আৰু কোচ ৰজাসকলৰ দিনত নিৰ্মিত । ইয়াৰ ভিতৰত শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আৰু বিভিন্ন দ'ল (শিৱদ'ল, জয়দ'ল আদি) উল্লেখনীয় । মন্দিৰসমূহ প্ৰায় নাগাৰ বা ৱেচৰ শৈলীত নিৰ্মিত । সেই সময়ত ইটা গাঁঠিবলৈ বৰালি মাছ, কণী আৰু বৰা চাউলৰ মিশ্ৰণেৰে 'কৰাল' তৈয়াৰ কৰা হৈছিল ।

    ৬। অসমৰ বৈষ্ণৱী সাহিত্য

    উত্তৰ: পঞ্চদশ শতিকাত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা কৰে । এই সময়ত ৰচিত শংকৰদেৱৰ 'কীৰ্তন' আৰু মাধৱদেৱৰ 'নামঘোষা' আটাইতকৈ জনপ্ৰিয় ধৰ্মগ্ৰন্থ । ইয়াৰ উপৰি বৰগীত, অংকীয়া নাট (যেনে: পাৰিজাত হৰণ, কালিয়দমন) আৰু ভট্টদেৱৰ দ্বাৰা ৰচিত গদ্য সাহিত্য (কথাগীতা) এই যুগৰে অমূল্য সম্পদ ।

    ৭। অসমৰ লোক সংগীত

    উত্তৰ:অসমৰ সমাজ জীৱনত বিভিন্ন পৰিৱেশত গোৱা লোক সংগীতৰ এক চহকী পৰম্পৰা আছে । ইয়াৰ ভিতৰত বিয়ানাম, আইনাম, নিচুকণি গীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰি গীত বিশেষভাৱে উল্লেখযোগ্য । এই গীতসমূহত জীৱনৰ সুখ-দুখ, ভক্তি আৰু ঈশ্বৰ চিন্তা প্ৰকাশ পায় । প্ৰতিমা পাণ্ডে বৰুৱা, খগেন মহন্ত আদি শিল্পিয়ে এই গীতসমূহক বিশ্বদৰবাৰত জনপ্ৰিয় কৰি তুলিছে ।

    ৮। অসমৰ ধৰ্মীয় সংহতি

    উত্তৰ:অসম হ'ল বিভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ মিলনভূমি । ইয়াত হিন্দু ধৰ্মৰ শাক্ত, শৈৱ আৰু বৈষ্ণৱপন্থী লোকৰ উপৰি ইছলাম, খ্ৰীষ্টিয়ান, বৌদ্ধ, শিখ আৰু জৈন ধৰ্মৰ লোকসকলে মিলাপ্ৰীতিৰে বসবাস কৰে । হাজোৰ পোৱামক্কা ইছলামধৰ্মীসকলৰ পবিত্ৰ তীৰ্থস্থান আৰু কামাখ্যা মন্দিৰ হিন্দুসকলৰ শক্তিপীঠ । আহোম ৰজাসকলে গ্ৰহণ কৰা উদাৰ ধৰ্মনীতিয়ে অসমত এক শক্তিশালী ধৰ্মীয় সংহতি গঢ়ি তুলিছিল ।

    ৯। অসমৰ বুৰঞ্জী সাহিত্য

    উত্তৰ:আহুম ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যই অসমীয়া সাহিত্য ভাণ্ডাৰলৈ বিশেষ অৱদান আগবঢ়াইছে । বুৰঞ্জীসমূহ প্ৰথমতে টাই ভাষাত লিখা হৈছিল যদিও ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাত লিখিবলৈ লোৱা হয় । কেইখনমান উল্লেখযোগ্য বুৰঞ্জী হ'ল— দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী আৰু পাদশ্যাহ বুৰঞ্জী ।

    ১০। বিহু উৎসৱ

    উত্তৰ: বিহু অসমৰ জাতীয় উৎসৱ । বছৰৰ বিভিন্ন সময়ত তিনিটা বিহু পালন কৰা হয়— ৰঙালী বিহু (ব'হাগ বিহু), কঙালী বিহু (কাতি বিহু) আৰু ভোগালী বিহু (মাঘ বিহু) । ৰঙালী বিহু আনন্দৰ উৎসৱ য’ত গৰু বিহু আৰু মানুহ বিহু পালন কৰি হুঁচৰি আৰু বিহু নৃত্য কৰা হয় । কাতি বিহু আধ্যাত্মিক পবিত্ৰতাৰে আৰু মাঘ বিহু মেজি জ্বলাই ভোজ-ভাত খাই পালন কৰা হয় । বিহুৰ পৰম্পৰাই অসমৰ আৰ্য আৰু অনার্য সকলো জনগোষ্ঠীকে একতাৰ ডলেৰে বান্ধি ৰাখিছে ।

    ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য অধ্যায়ৰ ১০০ MCQ

    Download OMR SHEET


    HSLC Social Science MCQ










    Hi! Any problem?
    Click to send message.
    👋
    Store
    Shop
    Buy Book
    Book
    YouTube
    YT
    Instagram
    Insta
    WhatsApp
    WA
    Home
    Home
    Class
    Class
    FYUGP
    FYUGP
    Mock Test
    Mock Test

    🚨 Submit Complaint 🚨

    NoteSL

    We offer a unique, engaging experience that empowers students to become truly self-sufficient. By providing instant, high-quality solutions to every academic doubt, we remove learning roadblocks in real-time. Our mission is to transform the educational journey into a seamless, independent, and rewarding path toward mastery for every learner.

    notestudylearn@gmail.com

    Quicks Links

    About Us

    Privacy Policy

    Terms & Conditions

    Contact Us

    Affiliate Disclosure

    We share educational news & study materials on social media.

    Copyright © 2026 NoteSL

    Powered by Odoo - Create a free website