অতি চমু প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: 'নৃবিজ্ঞান' (Anthropology) শব্দটোৰ মূল অৰ্থ কি?
উত্তৰ: গ্ৰীক শব্দ 'Anthropos' (মানুহ) আৰু 'Logos' (জ্ঞান বা অধ্যয়ন)ৰ পৰা 'Anthropology' শব্দটো আহিছে, যাৰ অৰ্থ হ'ল মানুহৰ জৈৱিক আৰু সাংস্কৃতিক উৎপত্তি আৰু বিকাশৰ বৈজ্ঞানিক অধ্যয়ন।
প্ৰশ্ন ২: জীৱৰ ক্ৰমবিকাশৰ আধুনিক সংশ্লেষণাত্মক তত্ত্ব (Modern Synthetic Theory) কিহৰ ওপৰত প্ৰতিষ্ঠিত?
উত্তৰ: ডাৰউইনৰ প্ৰাকৃতিক নিৰ্বাচন বাদৰ সৈতে মেণ্ডেলীয় বংশগতি আৰু জিনীয় মিউটেচনৰ সংযোগ ঘটাই এই তত্ত্ব প্ৰস্তুত কৰা হৈছে।
প্ৰশ্ন ৩: স্তন্যপায়ী প্ৰাণীৰ (Mammals) এটা প্ৰধান অদ্বিতীয় বৈশিষ্ট কি?
উত্তৰ: সন্তানক পান কৰাবলৈ স্তন্যগ্ৰন্থিৰ (Mammary gland) উপস্থিতি আৰু শৰীৰত লোম বা চুলি থকাটো স্তন্যপায়ী প্ৰাণীৰ প্ৰধান বৈশিষ্ট্য।
প্ৰশ্ন ৪: প্ৰাইমেট (Primate) বৰ্গৰ অন্তৰ্গত এযোৰ প্ৰাণীৰ নাম লিখা।
উত্তৰ: মানুহ (Homo sapiens) আৰু বানৰ (Monkey)।
প্ৰশ্ন ৫: 'আধুিনক এপ'চ (Modern Apes) বুলিলে কি কি প্ৰাণীক বুজোৱা হয়?
উত্তৰ: গিবন, অৰাংওটাং, গৰিলা আৰু চিম্পাঞ্জীক আধুনিক এপচ বোলা হয়।
প্ৰশ্ন ৬: প্ৰাণী জগতৰ শ্ৰেণীবিভাজন অনুসৰি মানুহৰ 'বৰ্গ' (Order) টো কি?
উত্তৰ: প্ৰাইমেট (Primates)।
প্ৰশ্ন ৭: মানৱ ক্ৰমবিকাশৰ আটাইতকৈ প্ৰাচীনতম দ্বি-পদ প্ৰাণী (Bipedal) জীৱাশ্মটো কি?
উত্তৰ: অষ্ট্রালোপিথেকাছ (Australopithecus)।
প্ৰশ্ন ৮: কাৰ্বন ডেটিং (Carbon-14 Dating) পদ্ধতি কি কামত ব্যৱহাৰ কৰা হয়?
উত্তৰ: জীৱাশ্ম বা প্ৰাচীন জৈৱিক অৱশেষৰ আনুমানিক বয়স নিৰ্ধাৰণ কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয়।
প্ৰশ্ন ৯: নৃতাত্ত্বিক শ্ৰেণীবিভাজনৰ বাবে ব্যৱহৃত এবিধ দৈহিক অনুপাত কি?
উত্তৰ: শিৰ সংকেত বা চিফেলিক ইণ্ডেক্স (Cephalic Index)।
প্ৰশ্ন ১০: বি এছ গুহৰ শ্ৰেণীবিভাজন মতে ভাৰতৰ আটাইতকৈ প্ৰাচীন নৃগোষ্ঠীয় উপাদানটো কি?
উত্তৰ: নেগ্ৰিটো (Negrito)।
প্ৰশ্ন ১১: মেণ্ডেলৰ প্ৰথম সুত্ৰ বা নীতিটোক কি বোলা হয়?
উত্তৰ: পৃথকীকৰণ সূত্ৰ (Law of Segregation)।
প্ৰশ্ন ১২: বংশগতি বিজ্ঞানৰ (Genetics) পিতৃ বুলি কাক জনা যায়?
উত্তৰ: গ্ৰেগৰ জোহান মেণ্ডেল (Gregor Johann Mendel)।
প্ৰশ্ন ১৩: ডি.এন.এ. (DNA) ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: ডি-অক্সিৰাইবো নিউক্লিক এছিড (Deoxyribonucleic Acid)।
প্ৰশ্ন ১৪: সমসংস্থ অংগ (Homologous Organs) ৰ এটা উদাহৰণ দিয়া।
উত্তৰ: মানুহৰ হাত আৰু বাদুলিৰ ডেউকা।
প্ৰশ্ন ১৫: উত্তৰ-পূব ভাৰতৰ বেছিভাগ জনগোষ্ঠী কোনটো প্ৰধান নৃগোষ্ঠীৰ অন্তৰ্গত?
উত্তৰ: মংগোলীয় (Mongoloid) নৃগোষ্ঠী।
২. চমু প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: ক্ৰমবিকাশৰ প্ৰাকৃতিক নিৰ্বাচন বাদ (Natural Selection) বুলিলে কি বুজা?
উত্তৰ: চাৰ্লছ ডাৰউইনৰ মতে, প্ৰকৃতিয়ে সদায় অনুকূল উপযোগী বৈশিষ্ট থকা জীৱসমূহক জীৱন সংগ্ৰামত টিকে থাকিবলৈ সুযোগ দিয়ে। যিবোৰ জীৱই পৰিৱেশৰ সৈতে খাপ খাই বংশবৃদ্ধি কৰিব পাৰে, সিহঁতৰ গুণবোৰ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয়। ইয়াকেই প্ৰাকৃতিক নিৰ্বাচন বোলা হয়।
প্ৰশ্ন ২: স্তন্যপায়ী প্ৰাণীৰ মুখ্য অভিযোজনগত বৈশিষ্ট্যসমূহ কি কি?
উত্তৰ: স্তন্যপায়ী প্ৰাণীৰ ঘাই লক্ষণ হ'ল— স্তন্যগ্ৰন্থিৰ উপস্থিতি, শৰীৰত চুলি বা লোমৰ আৱৰণ, উন্নত মগজু, সমোষ্ণ অৱস্থা (Warm-blooded), হৃদপিণ্ডত চাৰিটা কোঠালী থকা আৰু সন্তান জন্ম দি গাখীৰ খুৱাই লালন-পালন কৰাৰ ক্ষমতা।
প্ৰশ্ন ৩: প্ৰাইমেটসকলৰ দৃষ্টিশক্তি আন প্ৰাণীতকৈ কেনেদৰে পৃথক?
উত্তৰ: প্ৰাইমেটসমূহৰ চকু দুটা মুখমণ্ডলৰ সন্মুখভাগত অৱস্থিত। ইয়াৰ ফলত সিহঁতৰ ত্রিমাত্রিক বা স্টেরিওস্কোপিক দৃষ্টি (Stereoscopic vision) লাভ ঘটে, যিয়ে বস্তুৰ দূৰত্ব আৰু গভীৰতা সঠিকভাৱে অনুধাৱন কৰাত সহায় কৰে। তদুপৰি, সিহঁতৰ ৰঙীন দৃশ্য দেখাৰ ক্ষমতাহো উন্নত।
প্ৰশ্ন ৪: আধুনিক এপ আৰু মানুহৰ মগজুৰ ধাৰণক্ষমতাৰ (Cranial Capacity) তুলনা কৰা।
উত্তৰ: আধুনিক এপ যেনে চিম্পাঞ্জী বা গৰিলাৰ ক্ৰেনিয়েল কেপাচিটি বা মগজুৰ আয়তন সাধাৰণতে ৩৫০ ৰ পৰা ৫০০ কিউবিক সেন্টিমিটাৰ (cc) ৰ ভিতৰত হয়। আনহাতে, আধুনিক মানুহৰ (Homo sapiens) গড় মগজুৰ আয়তন যথেষ্ট বেছি, প্ৰায় ১৩৫০ cc, যিয়ে উন্নত চিন্তা আৰু ভাষা প্ৰকাশত সহায় কৰে।
প্ৰশ্ন ৫: দ্বি-পদ গমন (Bipedalism) মানুহৰ ক্ৰমবিকাশত কিয় গুৰুত্বপূৰ্ণ?
উত্তৰ: দুভৰিৰে পোনে পোনে থিয় হৈ খোজ কঢ়াৰ ফলত মানুহৰ হাত দুখন সম্পূর্ণ মুক্ত হৈ পৰে। ইয়াৰ ফলত মানুহে হাত ব্যৱহাৰ কৰি আহাৰ সংগ্ৰহ, সঁজুলি প্ৰস্তুত আৰু ৰক্ষাৰ কাম কৰিবলৈ সক্ষম হয়, যিয়ে মানুহৰ বুদ্ধি বিকাশ বৈপ্লৱিকভাৱে খৰতকীয়া কৰিলে।
প্ৰশ্ন ৬: 'ৰামাপিথেকাছ' (Ramapithecus) ৰ ঐতিহাসিক গুৰুত্ব কি?
উত্তৰ: ৰামাপিথেকাছৰ জীৱাশ্ম ভাৰতৰ শিৱালিক পাহাৰত উদ্ধাৰ হৈছিল। মিয়োচিন যুগৰ (মাইঅ’ছিন) এই জীৱাশ্মই মানুহ আৰু এপৰ মূল শাখা পৃথক হোৱাৰ প্ৰাৰম্ভিক লক্ষণ প্ৰদৰ্শন কৰে। বহু নৃবিজ্ঞানীয়ে ইয়াক মানৱ ক্ৰমবিকাশৰ অন্যতম প্ৰাৰম্ভিক পূৰ্বপুৰুষ বুলি গণ্য কৰে।
প্ৰশ্ন ৭: জীন আৰু এলিল (Gene and Allele) ৰ পাৰ্থক্য কি?
উত্তৰ: জীন হ'ল বংশগতিৰ মৌলিক কাৰ্যকৰী একক, যিয়ে কোনো এক নিৰ্দিষ্ট জৈৱিক বৈশিষ্ট্য নিয়ন্ত্ৰণ কৰে (যেনে: ওখ বা চাপৰ)। আনহাতে, এলিল হ'ল এটা জীনৰে ভিন্ন ৰূপ (যেনে: T ৰূপ যিয়ে ওখ কৰে আৰু t ৰূপ যিয়ে চাপৰ কৰে)।
প্ৰশ্ন ৮: মানৱ জাতি শ্ৰেণীবিভাজনৰ প্রধান দৈহিক চৰ্তসমূহ কি কি?
উত্তৰ: মানৱ জাতিৰ শ্ৰেণীবিভাজনৰ বাবে ব্যৱহাৰ কৰা প্ৰধান ভৌতিক বা দৈহিক চৰ্তসমূহ হ’ল— ছালৰ ৰং, চুলিৰ প্ৰকাৰ (কেকুৰা বা পোন), মূৰৰ গঠন বা চিফেলিক ইণ্ডেক্স, নাকৰ গঠন (নেজেল ইণ্ডেক্স), উচ্চতা আৰু তেজৰ গ্ৰুপ।
প্ৰশ্ন ৯: বি এছ গুহৰ মতে ভাৰতত থকা প্ৰধান নৃগোষ্ঠীয় উপাদানসমূহ কি কি?
উত্তৰ: ড° বি এছ গুহৰ মতে ভাৰতৰ জনগোষ্ঠীসমূহৰ ভিতৰত ৬ টা প্ৰধান নৃগোষ্ঠীয় উপাদান দেখা যায়: নেগ্ৰিটো, প্ৰ'ট'-অস্ট্রালইড, মংগোলীয়, ভূমধ্যসাগৰীয় (মেডিটাৰেনিয়ান), প্ৰাচীন আলপাইন/ডিনাৰিক, আৰু নৰ্ডিক।
প্ৰশ্ন ১০: প্ৰ'ট'-অস্ট্রালইড (Proto-Australoid) নৃগোষ্ঠীৰ বৈশিষ্ট্য কি?
উত্তৰ: এই নৃগোষ্ঠীৰ লোকসকলৰ ছালৰ ৰং ক'লা বা গাঢ় মুগা, চুলি কেঁকোৰা বা ঢৌ-খেলোৱা, নাক চেপেটা আৰু চুটি, আৰু মুখখন অলপ আগবাঢ়ি থকা। ভাৰতৰ মধ্য আৰু দক্ষিণ অংশৰ বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ মাজত এই বৈশিষ্ট্য দেখা যায়।
প্ৰশ্ন ১১: ফেণ'টাইপ (Phenotype) আৰু জেন'টাইপ (Genotype) ৰ পাৰ্থক্য কি?
উত্তৰ: ফেণ’টাইপ হ’ল কোনো জীৱৰ বাহ্যিকভাৱে প্ৰকাশ পোৱা লক্ষণ বা বৈশিষ্ট্য (যেনে: ৰঙা ফুল)। আনহাতে, জেন’টাইপ হ’ল জীৱটোৰ জিনীয় গঠন (Genotypic constitution), যিয়ে সেই ফেণ’টাইপটো নিয়ন্ত্ৰণ কৰে (যেনে: RR বা Rr)।
প্ৰশ্ন ১২: মানুহৰ ক্ৰমবিকাশত হোমো ইৰেক্টাছৰ (Homo erectus) ভূমিকা কি?
উত্তৰ: হোমো ইৰেক্টাছ প্ৰথম মানৱ আছিল যিয়ে সম্পূৰ্ণ পোনে পোনে থিয় হৈ খোজ কাঢ়িব পাৰিছিল, জুইৰ ব্যৱহাৰ শিকিছিল আৰু শিলৰ উন্নত সঁজুলি তৈয়াৰ কৰিছিল। সিহঁতেই প্ৰথম আফ্ৰিকাৰ পৰা এছিয়া আৰু ইউৰোপলৈ বিয়পি পৰিছিল।
প্ৰশ্ন ১৩: নেগ্ৰিটো (Negrito) উপাদান ভাৰতৰ ক’ত ক’ত দেখা যায়?
উত্তৰ: ভাৰতত নেগ্ৰিটো উপাদান ঘাইকৈ আণ্ডামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আদিবাসী (যেনে: জৰাৱা, অনগে) আৰু দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডুৰ কেইটামান পাহাৰীয়া জনজাতিৰ (যেনে: কাডাৰ, পুলিয়ান) মাজত দেখা যায়।
প্ৰশ্ন ১৪: মেণ্ডেলৰ স্বতন্ত্র বিন্যাস নীতি (Law of Independent Assortment) কি?
উত্তৰ: এই সূত্ৰ মতে, দুযোৰ বা তাতোকৈ অধিক বিপৰীতমুখী লক্ষণ যুক্ত জীৱৰ মাজত সংঙ্কৰণ ঘটালে, অপত্য প্ৰজন্মত প্ৰতিযোৰ লক্ষণ আন যোৰ লক্ষণৰ ওপৰত নিৰ্ভৰ নকৰাকৈ سەৰ্বভাৱে স্বতন্ত্ৰভাৱে বিন্যস্ত হয়।
প্ৰশ্ন ১৫: আধুনিক নৃবিজ্ঞানত 'বংশগতি বিজ্ঞান' (Genetics) ৰ গুৰুত্ব কি?
উত্তৰ: জিনীয় বিজ্ঞানে মানুহৰ ক্ৰমবিকাশ, আধুনিক মানুহৰ গোলকীয় প্ৰব্ৰজন, বিভিন্ন জনগোষ্ঠীৰ মাজৰ ঘনিষ্ঠতা, দুৰ্লভ ৰোগৰ উৎপত্তি আৰু ডি.এন.এ. বিশ্লেষণৰ জৰিয়তে প্ৰাচীন মানৱ অৱশেষ সঠিকভাৱে শ্ৰেণীবিভাজন কৰাত সহায় কৰে।
৩. দীঘল প্ৰশ্ন-উত্তৰ :
প্ৰশ্ন ১: জীৱৰ ক্ৰমবিকাশৰ মুখ্য ক্ৰিয়া-পদ্ধতিসমূহ (Mechanisms of Evolution) বিস্তৃতভাৱে আলোচনা কৰা।
উত্তৰ: জীৱৰ ক্ৰমবিকাশ হ'ল এক নিৰৱচ্ছিন্ন জৈৱিক প্ৰক্ৰিয়া, যাৰ দ্বাৰা বংশানুক্ৰমিকভাৱে প্ৰজাতিসমূহ সলনি হৈ নতুন বৈশিষ্ট্য লাভ কৰে। আধুনিক প্ৰাণীবুজি আৰু জিনীয় বিজ্ঞানৰ মতে ক্ৰমবিকাশৰ মুখ্য ক্ৰিয়া-পদ্ধতিসমূহ তলত উল্লেখ কৰা হ'ল:
১. মিউটেচন বা উৎপৰিৱৰ্তন (Mutation): ডি.এন.এ. ৰ অনুক্ৰমত ঘটা আকস্মিক পৰিৱৰ্তনেই হ'ল মিউটেচন। ই জিনীয় বৈচিত্ৰ্যৰ প্ৰাথমিক উৎস। ইয়াৰ ফলত সম্পূৰ্ণ নতুন লক্ষণৰ সৃষ্টি হয়।
২. প্ৰাকৃতিক নিৰ্বাচন (Natural Selection): ডাৰউইনৰ মতে, পৰিৱেশৰ প্রতিকূলতাৰ মাজত যিবোৰ জিনীয় বৈশিষ্ট্যই জীৱক জীয়াই থকাত সহায় কৰে, সেই বৈশিষ্ট্য থকা জীৱবোৰ অধিক সপ্ৰতিভভাৱে বংশবৃদ্ধি কৰে। ফলত সিহঁতৰ জীন পৰৱৰ্তী প্ৰজন্মত বাঢ়ি যায়।
৩. জিনীয় বিচ্যুতি (Genetic Drift): কোনো এটা সৰু সমষ্টিত আকস্মিক দুৰ্যোগ বা কোনো বিশেষ কাৰণত আকস্মিকভাৱে জীনৰ এক সঘনতাৰ সালসলনি ঘটাকে জিনীয় বিচ্যুতি বোলে। ই ক্ৰমবিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা লয়।
৪. জিনৰ প্ৰবাহ (Gene Flow): যেতিয়া এক সমষ্টিৰ লোক আন এক সমষ্টিলৈ স্থানান্তৰিত হয় আৰু সিহঁতৰ মাজত আন্তঃপ্ৰজনন ঘটে, তেতিয়া জিনৰ বিনিময় হয়, যিয়ে সমষ্টিটোত নতুন জিনীয় সংমিশ্ৰণ ঘটায়।
৫. পুনৰ্বিন্যাস (Recombination): মেঅ'ছিছ কোষ বিভাজনৰ সময়ত ক্ৰছৰ্ভাৰ (Crossing over) ঘটি জীনৰ যি নতুন মেলবন্ধন ঘটে, ই প্ৰতিটো প্ৰজন্মতে বৈচিত্ৰ্য আনি দিয়ে।
এই পাঁচটা কাৰকৰ একত্ৰিত ক্ৰিয়াৰ ফলতেই যুগ যুগ ধৰি প্ৰজাতিৰ ক্ৰমবিকাশ ঘটে আৰু নতুন প্রজাতিৰ উৎপত্তি হয়।
প্ৰশ্ন ২: প্ৰাণী জগতত মানুহৰ স্থান (Man's Place in the Animal Kingdom) শ্ৰেণীবিভাজন আৰু জৈৱিক বৈশিষ্ট্যৰ আধাৰত ব্যাখ্যা কৰা।
উত্তৰ: টেক্সনমি বা শ্ৰেণীবিভাজন বিজ্ঞান অনুসৰি প্ৰাণী জগতত মানুহৰ এক অতি উচ্চ আৰু জটিল স্থান আছে। মানুহৰ ক্ৰমবিকাশগত শ্ৰেণীবিভাজন তলত দিয়া ধৰণে দাঙি ধৰিব পাৰি:
জগত (Kingdom): এনিমেলিয়া (Animalia) – বহুেকোষী, পৰভোজী জীৱ।
পৰ্ব (Phylum): কৰ্ডাটা (Chordata) – জীৱনৰ কোনো এক অবস্থাত পৃষ্ঠৰজ্জু বা নট'কৰ্ড থাকে।
উপ-পৰ্ব (Sub-phylum): ভাৰ্টিব্ৰাটা (Vertebrata) – মেৰুদণ্ড বিদ্যমান।
শ্ৰেণী (Class): মেমেলিয়া (Mammalia) – স্তন্যপায়ী, দেহ লোমেৰে আবৃত, সমোষ্ণ।
বৰ্গ (Order): প্ৰাইমেট (Primates) – উন্নত মগজু, সমুখীয় দৃষ্টি, আকোৱালি লোৱা হাত।
উপ-বৰ্গ (Sub-order): এন্থ্ৰ’পয়ডিয়া (Anthropoidea) – উন্নত চকুৰ কোটৰ, জটিল মগজু।
গোত্ৰ (Family): হোমিনইডি (Hominidae) – দ্বি-পদ গমন, পোন শৰীৰৰ গঠন।
গণ (Genus): হোমো (Homo) – সঁজুলি নিৰ্মাণ কৰা, বৃহৎ ক্ৰেনিয়েল কেপাচিটি।
প্ৰজাতি (Species): হোমো চেপিয়েন্স (Homo sapiens) – আধুনিক বুদ্ধিমান মানুহ।
জৈৱিক বৈশিষ্ট্যসমূহ: আন স্তন্যপায়ী আৰু এপৰ তুলনাত মানুহৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে—
১. সম্পূৰ্ণ দ্বি-পদ গমন (Bipedal Locomotion): মেৰুদণ্ড 'S' আকৃতিৰ হোৱাৰ বাবে মানুহ পোনে থিয় হৈ খোজ কাঢ়িব পাৰে।
২. উন্নত হস্তচালনা (Opposable Thumb): বুঢ়া আঙুলিটো বাকী আঙুলিসমূহৰ সন্মূখলৈ আনিব পৰাৰ বাবে অত্যন্ত সূক্ষ্ম কাম (Precision grip) কৰিব পাৰি।
৩. বিশাল আৰু জটিল মগজু: চিন্তা, যুক্তি আৰু ভাষা বিকাশৰ বাবে প্ৰয়োজনীয় চেৰি ব্ৰেল ক'ৰ্টেক্স অতিশয় বিকাশপ্ৰাপ্ত।
৪. সংস্কৃতি আৰু ভাষা: প্রতীকী ভাষা আৰু সঁজুলি প্ৰস্তুত কৰি সংৰক্ষণ কৰাৰ ক্ষমতা কেৱল মানুহৰে আছে।
প্ৰশ্ন ৩: মানৱ ক্ৰমবিকাশৰ পুৰাতাত্বিক বা জীৱাশ্মৰ প্ৰমাণসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰ: মানৱ ক্ৰমবিকাশৰ ইতিহাস প্ৰধানকৈ বিভিন্ন সময়ত আৱিষ্কৃত জীৱাশ্মৰ ওপৰত প্ৰতিষ্ঠিত। নিৰ্দিষ্ট ভৌগোলিক যুগ আৰু দৈহিক বৈশিষ্ট্যৰ ভিত্তিত এই জীৱাশ্মসমূহক কেইবাটাও গুৰুত্বপূৰ্ণ পৰ্যায়ত ভাগ কৰা হয়:
১. অষ্ট্ৰালোপিথেকাছ (Australopithecus): প্ৰায় ৪০ ৰ পৰা ২০ লাখ বছৰ পূৰ্বে আফ্ৰিকাত বাস কৰা এই জীৱাশ্মসমূহে (যেনে: 'লুচি') প্ৰথম দ্বি-পদ গমনৰ স্পষ্ট প্ৰমাণ দিয়ে। সিহঁতৰ মগজুৰ আয়তন আছিল ৪্ৰ০-৫০০ cc।
২. হোমো হাবিলিছ (Homo habilis): প্ৰায় ২৫ লাখ বছৰ পূৰ্বে দেখা পোৱা এই প্ৰজাতিটোক 'Handy Man' বোলা হয়, কাৰণ সিহঁতেই প্ৰথম প্ৰস্তৰ সঁজুলি তৈয়াৰ কৰিছিল। মগজুৰ ধাৰণক্ষমতা আছিল প্ৰায় ৬০০-৭০০ cc।
৩. হোমো ইৰেক্টাছ (Homo erectus): প্ৰায় ১৮ লাখ বছৰৰ পৰা ১ লাখ বছৰ আগৰ এই জীৱাশ্মসমূহ (যেনে: জাভা মানুহ, পেকিং মানুহ) আফ্ৰিকা, এছিয়া আৰু ইউৰোপত পোৱা গৈছে। সিহঁতে পোনে পোনে খোজ কাঢ়িছিল, জুই ব্যৱহাৰ কৰিছিল আৰু সিহঁতৰ মগজুৰ আয়তন আছিল ৮০০-১১০০ cc।
৪. নিঅণ্ডাৰথাল মানুহ (Homo neanderthalensis): প্ৰায় ২ লাখৰ পৰা ৪০ হাজাৰ বছৰ পূৰ্বে ইউৰোপ আৰু মধ্য এছিয়াত বাস কৰা এই মানুহবোৰ অতি শক্তিশালী আছিল। সিহঁতৰ মগজুৰ আয়তন (১৪০০-১৫০০ cc) আধুনিক মানুহতকৈও ডাঙৰ আছিল আৰু সিহঁতে মৃতদেহ সৎকাৰ কৰিছিল।
৫. ক্ৰ'-মেগনন আৰু হোমো চেপিয়েন্স (Homo sapiens): প্ৰায় ৪০ হাজাৰ বছৰ পূৰ্বে আধুনিক মানুহৰ আৱিৰ্ভাৱ ঘটে। সিহঁতৰ গালৰ থুৰী স্পষ্ট আছিল, উন্নত গুহা চিত্ৰ আৰু সঁজুলি নিৰ্মাণ কৰিব পাৰিছিল, যিয়ে শেষত বৰ্তমানৰ মানৱ সমাজৰ ভেটি স্থাপন কৰিলে।
প্ৰশ্ন ৪: বি এছ গুহৰ (B.S. Guha) নৃগোষ্ঠীয় শ্ৰেণীবিভাজন অনুসৰি ভাৰতৰ মূল নৃগোষ্ঠীয় উপাদানসমূহ বিস্তৃতভাৱে বৰ্ণনা কৰা।
উত্তৰ: ১৯৩১ চনৰ ভাৰতীয় লোকপিয়লৰ তথ্য আৰু দৈহিক পৰিমাপৰ আধাৰত নৃতত্ত্ববিদ ড° বি এছ গুহে ভাৰতৰ জনগোষ্ঠীসমূহক ছটা মূল নৃগোষ্ঠীত বিভক্ত কৰিছিল। ই হ’ল ভাৰতৰ আটাইতকৈ স্বীকৃত নৃগোষ্ঠীয় শ্ৰেণীবিভাজন:
১. নেগ্ৰিটো (Negrito): ই ভাৰতৰ প্ৰাচীনতম নৃগোষ্ঠীয় উপাদান। সিহঁতৰ গঠন চুটি, ছালৰ ৰং অতি ক'লা, আৰু চুলি উণৰ দৰে কেঁকোৰা। উদাহৰণ: আণ্ডামানৰ জৰাৱা, অনগে আৰু দক্ষিণ ভাৰতৰ কাডাৰ, পুলিয়ান সম্প্ৰদায়।
২. প্ৰ'ট'-অস্ট্রালইড (Proto-Australoid): এই লোকসকলৰ ছালৰ ৰং ক'লা, নাক চেপেটা আৰু চুলি ঢৌ-খেলোৱা। ভাৰতৰ মধ্য আৰু দক্ষিণ অঞ্চলৰ বহু আদিবাসী বা জনজাতি (যেনে: সাঁওতাল, মুণ্ডা, চেঞ্চু) এই শ্ৰেণীৰ অন্তৰ্গত।
৩. মংগোলীয় (Mongoloid): এই শ্ৰেণীৰ মুখ্য বৈশিষ্ট্য হ'ল ইপিকেন্থিক চকুপতা (এপিকেন্থিক ফোল্ড), হালধীয়া ছাল, চেপেটা মুখমণ্ডল আৰু কম চুলি। ইয়াক দুটা উপ-ভাগত ভগোৱা হৈছে:
পালিয়া-মংগোলীয়: উত্তৰ-পূব ভাৰতৰ অসম, নাগালেণ্ড আদিৰ জনজাতিসকল (যেনে: বড়ো, নাগা, মিজো)।
তিব্বতী-মংগোলীয়: ছিকিম আৰু লাডাখৰ হিমালয় পাদদেশীয় লোকসকল।
৪. ভূমধ্যসাগৰীয় (Mediterranean): এইসকল লোক মধ্যম উচ্চতাৰ, মুগা ছালৰ আৰু দীঘল মূৰৰ (Dolichocephalic)। ভাৰতৰ উত্তৰ আৰু পশ্চিম অংশৰ লোকসকল আৰু দ্ৰাবিড় ভাষাভাষী দক্ষিণ ভাৰতৰ বেছিভাগ লোক ইয়াৰ অন্তৰ্গত।
৫. প্ৰাচীন আলপাইন বা ডিনাৰিক (Western Brachycephals): চুটি মূৰ বিশিষ্ট (Brachycephalic) এই উপাদানটো ক্ৰমে আলপাইন, ডিনাৰিক আৰু আৰ্মেনইড ভাগত বিভক্ত। মহাৰাষ্ট্ৰ, গুজৰাট, আৰু বংগৰ লোকসকলৰ মাজত এই উপাদান পোৱা যায়।
৬. নৰ্ডিক (Nordic): এই উপাদানৰ লোকসকল ওখ, ফৰাছা ছালৰ, দীঘল মুখ আৰু ক্ৰেনিয়াম বিশিষ্ট। ঘাইকৈ উত্তৰ-পশ্চিম ভাৰত, বিশেষকৈ পঞ্জাৱ, ৰাজস্থান আৰু হাৰিয়ানাৰ লোকসকলৰ মাজত এই নৃগোষ্ঠীয় প্ৰভাৱ বেছিকৈ দেখা যায়।
প্ৰশ্ন ৫: মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ (Mendel's Laws of Heredity) উদাহৰণসহ আলোচনা কৰা। মানৱ নৃতত্ত্বত ইয়াৰ গুৰুত্ব কি?
উত্তৰ: গ্ৰেগৰ জোহান মেণ্ডেলে মটৰ মাহৰ গছৰ ওপৰত কৰা পৰীক্ষাৰ আধাৰত বংশগতিৰ তিনিটা মূল সূত্ৰ আগবঢ়াইছিল:
১. প্রভাবিতাৰ সূত্ৰ (Law of Dominance): যেতিয়া দুটা বিপৰীত লক্ষণযুক্ত প্ৰাথমিক জীৱৰ মাজত সংকৰণ ঘটোৱা হয়, প্ৰথম অপত্য প্ৰজন্মত (F1) কেৱল এটা লক্ষণহে প্ৰকাশ পায়। যিটো লক্ষণ প্ৰকাশ পায় তাক 'প্রকট' (Dominant) আৰু যিটো সুপ্ত হৈ থাকে তাক 'প্রচ্ছন্ন' (Recessive) বোলে।
২. পৃথকীকৰণ সূত্ৰ (Law of Segregation): F1 প্ৰজন্মৰ সংকৰ জীৱটোত প্ৰকট আৰু প্ৰচ্ছন্ন দুয়োটা কাৰক (জীন) একালগে থাকিলেও সিহঁত দূষিত নহয়। জননকোষ (Gamete) সৃষ্টিৰ সময়ত প্ৰতিযোৰ এলিল বা কাৰক পৰস্পৰৰ পৰা পৃথক হৈ ভিন্ন ভিন্ন জননকোষলৈ যায়।
৩. স্বতন্ত্র বিন্যাস সূত্ৰ (Law of Independent Assortment): দুযোৰ বা তাতোকৈ অধিক বৈশিষ্ট্য বিবেচনা কৰি সংঙ্কৰণ ঘটালে, প্ৰতিটো বৈশিষ্ট্যৰ উত্তৰাধিকাৰ বা প্ৰকাশ আনটোৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰভাৱে ঘটে।
মানৱ নৃতত্ত্বত বংশগতি বিজ্ঞানৰ গুৰুত্ব:
শাৰীৰিক বৈশিষ্ট্যৰ বংশানুক্রম: চকুৰ ৰং, চুলিৰ প্ৰকাৰ, ছালৰ ৰং আদি কেনেকৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যায় তাক বুজাত মেণ্ডেলীয় নীতি ব্যৱহাৰ হয়।
ৰোগ আৰু জিনীয় বিসংগতি: হিমোফিলিয়া, থালেছেমিয়া বা ছিকল চেল এনিমিয়াৰ দৰে বংশগত ৰোগৰ গতিপথ চিনাক্তকৰণত ই প্ৰধান ভূমিকা লয়।
নৃগোষ্ঠীয় সম্পৰ্ক নিৰ্ধাৰণ: তেজৰ গ্ৰুপ (ABO blood group) আৰু ডি.এন.এ. চিহ্নিতকৰণে বিশ্বৰ বিভিন্ন মানৱ গোটৰ মাজৰ ক্ৰমবিকাশগত সম্বন্ধ অধ্যয়ন কৰাত ডাঙৰ অৰিহণা যোগায়।
Very Short Answer Questions :
1. What is meant by evolution?
Answer: Evolution is the gradual change in the inherited characteristics of populations over successive generations.
2. Name two important mechanisms of biological evolution.
Answer: Natural selection and genetic drift are two important mechanisms of biological evolution.
3. What is a mammal?
Answer: A mammal is a vertebrate animal characterized mainly by the presence of mammary glands, hair, and three middle-ear bones.
4. What is a primate?
Answer: Primates are mammals characterized by features such as grasping hands or feet, forward-facing eyes, relatively large brains, and flexible limbs.
5. What are modern apes?
Answer: Modern apes are living members of the superfamily Hominoidea, including gibbons and the great apes such as orangutans, gorillas, chimpanzees, bonobos, and humans.
6. What is the taxonomic position of humans in the animal kingdom?
Answer: Humans belong to Kingdom Animalia, Phylum Chordata, Class Mammalia, Order Primates, and Family Hominidae.
7. What is a fossil?
Answer: A fossil is the preserved remains, impressions, or other evidence of organisms that lived in the geological past.
8. What is meant by racial criteria in physical anthropology?
Answer: Racial criteria are observable characteristics historically used to describe and classify human populations, such as skin colour, hair form, and certain measurements of the skull.
9. What is genetics?
Answer: Genetics is the branch of biology that deals with heredity, genes, and variation among organisms.
10. What is heredity?
Answer: Heredity is the transmission of genetic characteristics from parents to their offspring.
11. What is a gene?
Answer: A gene is a functional unit of heredity consisting of DNA that contributes to a specific biological function or trait.
12. What is genetic variation?
Answer: Genetic variation refers to differences in DNA sequences or genetic composition among individuals of a population.
13. What is genetic drift?
Answer: Genetic drift is a random change in allele frequencies in a population, particularly noticeable in small populations.
14. What is natural selection?
Answer: Natural selection is the process in which heritable variations that improve survival or reproductive success tend to become more common in a population.
15. What is gene flow?
Answer: Gene flow is the movement of genes or alleles between populations through the migration and reproduction of individuals or through the movement of gametes.
Part B: Short Answer Questions :
1. Explain the basic mechanism of evolution.
Answer: Evolution occurs when the genetic composition of a population changes across generations. Mutation creates new genetic variants, while recombination reshuffles existing variants. Natural selection, genetic drift, and gene flow alter their frequencies. Over long periods, accumulated genetic changes can produce adaptations and contribute to the formation of new species.
2. Mention the important characteristics of mammals.
Answer: Mammals are warm-blooded vertebrates that generally possess hair and mammary glands. They breathe through lungs and have a four-chambered heart. Most give birth to young ones, although monotremes lay eggs. Mammals also possess three auditory ossicles and a diaphragm, which are important distinguishing characteristics.
3. Describe the major characteristics of primates.
Answer: Primates generally have grasping hands or feet, nails instead of claws, forward-facing eyes, and relatively well-developed brains. Their limbs are highly flexible, and many possess opposable digits. These adaptations are associated with arboreal life, visual coordination, manipulation of objects, and complex social behaviour.
4. How are modern apes different from monkeys?
Answer: Modern apes generally lack an external tail and have more flexible shoulder joints, broader chests, and relatively larger brains than monkeys. Their locomotion is also more varied. Humans are members of the ape group and are evolutionarily more closely related to African apes than to monkeys.
5. Explain man's place in the animal kingdom.
Answer: Humans are multicellular, heterotrophic organisms belonging to Kingdom Animalia. They are chordates, vertebrates, mammals, and primates. Humans are placed in Family Hominidae and Genus Homo. The living species is Homo sapiens. This classification demonstrates that humans share fundamental biological characteristics with other animals.
6. What is the importance of fossils in studying human evolution?
Answer: Fossils provide direct physical evidence of organisms that lived in the past. Human fossils help researchers understand changes in body structure, locomotion, brain size, and other characteristics through geological time. Fossils, together with archaeological and genetic evidence, help reconstruct the evolutionary history of humans and their relatives.
7. What is meant by fossil evidence of human evolution?
Answer: Fossil evidence consists of preserved bones, teeth, footprints, and other remains of extinct hominins. Important discoveries from Africa and other regions reveal changes in anatomy and behaviour through time. The fossil record indicates that human evolution was a branching process involving several extinct hominin species.
8. What are racial criteria?
Answer: Racial criteria are physical characteristics historically used by anthropologists to describe human populations. They included skin pigmentation, hair form, stature, body proportions, and cranial measurements. Modern anthropology recognizes that human biological variation does not divide neatly into a few discrete biological races and is better understood as continuous and population-based.
9. What are the major racial classifications traditionally used in anthropology?
Answer: Older physical anthropology commonly divided humans into broad categories such as Caucasoid, Mongoloid, and Negroid, with additional categories proposed by different scholars. These classifications were based on selected physical traits. Modern biological anthropology considers such rigid racial divisions scientifically inadequate because human variation is continuous and populations overlap.
10. What is meant by racial elements in India?
Answer: The expression “racial elements in India” refers to the physical and population characteristics historically used to describe the biological diversity of Indian populations. Earlier anthropologists proposed several racial elements, but present anthropology emphasizes population history, gene flow, migration, adaptation, and continuous genetic variation rather than fixed racial categories.
11. Explain the role of mutation in evolution.
Answer: Mutation is a change in DNA that can introduce a new genetic variant. Mutations may be harmful, beneficial, or neutral. Although most mutations do not directly produce major evolutionary changes by themselves, they provide the new genetic variation upon which natural selection and other evolutionary processes can act.
12. What is genetic drift?
Answer: Genetic drift is a random alteration in allele frequencies from one generation to another. Its effects are strongest in small populations. It may cause some alleles to become fixed and others to disappear, even when the changes do not provide any survival advantage. Founder effects and population bottlenecks are examples.
13. What is the relationship between genetics and heredity?
Answer: Genetics explains the biological mechanisms through which characteristics are transmitted and varied, while heredity refers to the transmission of genetic information from parents to offspring. Genes, located in DNA, carry hereditary information. Therefore, heredity is fundamentally based on genetic processes, although environmental factors also influence many observable traits.
14. How does natural selection contribute to evolution?
Answer: Natural selection acts on heritable variation among individuals. Individuals possessing advantageous inherited characteristics generally have greater reproductive success under particular environmental conditions. As a result, the associated genetic variants may increase in frequency over generations. Natural selection therefore changes populations and can lead to adaptation.
15. What is the importance of genetic variation in evolution?
Answer: Genetic variation provides the raw material for evolutionary change. It arises through processes such as mutation and genetic recombination and can be redistributed by gene flow. Natural selection and genetic drift act on this variation, causing allele frequencies to change and enabling populations to respond evolutionarily to environmental conditions.
Part C: Long Answer Questions1.
1.Explain the mechanism of evolution of life.
Answer: Evolution is the process through which the genetic characteristics of populations change over successive generations. It is not a sudden transformation of one individual into another form; rather, evolutionary change occurs within populations over generations.
Several mechanisms contribute to evolution. Mutation introduces new genetic changes in DNA and therefore provides new variants. Genetic recombination, especially during sexual reproduction, produces new combinations of existing alleles. Natural selection favours heritable characteristics that increase survival or reproductive success under particular environmental conditions. As individuals with advantageous variants reproduce more successfully, those variants may become more frequent.
Genetic drift changes allele frequencies randomly and has a particularly strong effect in small populations. Events such as population bottlenecks and founder events can produce substantial drift. Gene flow occurs when individuals or reproductive material move between populations and introduce or remove alleles.
Over many generations, these processes can produce adaptation and substantial genetic divergence among populations. When populations become reproductively isolated and accumulate sufficient differences, speciation may occur.
Thus, evolution results from changes in inherited variation, shaped by mutation, recombination, natural selection, genetic drift, gene flow, and reproductive isolation.
2. Describe the position of humans in the animal kingdom and explain their relationship with mammals, primates, and modern apes.
Answer: Humans are biological members of the animal kingdom and share many fundamental characteristics with other animals. Their taxonomic position can be summarized as:
Kingdom: Animalia
Phylum: Chordata
Class: Mammalia
Order: Primates
Family: Hominidae
Genus: Homo
Species: Homo sapiens
As mammals, humans possess hair, mammary glands, three middle-ear bones, lungs, and a diaphragm. As primates, they share characteristics such as grasping hands, nails, forward-facing eyes, flexible limbs, and a relatively large brain.
Humans belong to the ape group, or Hominoidea. Modern apes include gibbons and the great apes—orangutans, gorillas, chimpanzees, bonobos, and humans. Humans did not evolve from any living ape species. Instead, humans and other living apes share common ancestors that lived in the past.
Humans are particularly closely related to the African apes, especially chimpanzees and bonobos. Human evolution therefore represents one branch of a larger primate evolutionary history.
This classification demonstrates both the biological continuity of humans with other animals and the distinctive evolutionary characteristics of Homo sapiens.
3. Discuss fossil evidence of human evolution and its significance.
Answer: Fossils are an important source of evidence for reconstructing human evolutionary history. They include preserved bones, teeth, footprints, and other physical traces of organisms that lived in the geological past. Fossils of extinct hominins provide information about changes in anatomy and behaviour over millions of years.
The human fossil record includes several important hominin groups. Early hominins such as australopiths provide evidence of early forms of habitual bipedal locomotion. Members of the genus Homo show further changes, including increased brain size, changes in body proportions, technological development, and broader geographical distribution. Fossils assigned to species such as Homo habilis, Homo erectus, Neanderthals, and early Homo sapiens have contributed significantly to understanding human evolution.
Fossil evidence indicates that human evolution was branching rather than a simple straight-line sequence. Several hominin species existed at different times, and some evolutionary lineages became extinct.
Fossils are studied together with archaeological evidence, geological dating, comparative anatomy, and molecular genetics. No single fossil provides the complete history of humanity. Instead, the combined evidence helps scientists reconstruct changes in locomotion, skull form, brain development, body structure, and geographical distribution.
Thus, fossils provide essential physical evidence for understanding the evolutionary history and diversity of the human lineage.
4. Explain the concept of race, racial criteria, major racial classifications, and the modern scientific view of human variation.
Answer: In traditional physical anthropology, the term race was used to describe large human populations supposedly distinguished by inherited physical characteristics. Anthropologists historically used criteria such as skin colour, hair form, eye characteristics, stature, body proportions, and cranial measurements to classify populations.
Older classifications commonly divided humanity into broad groups such as Caucasoid, Mongoloid, and Negroid, although different scholars proposed different systems and categories. Such classifications were based mainly on visible physical characteristics and were widely used in earlier anthropological literature.
However, modern biological anthropology has shown that these rigid categories do not accurately represent human biological diversity. Human genetic variation is largely continuous and overlapping across geographical populations. Many characteristics, including skin pigmentation and body form, have been influenced by environmental adaptation, migration, gene flow, genetic drift, and natural selection.
The concept of biological race therefore has limited scientific usefulness when applied as a set of sharply separated human groups. Contemporary anthropology generally emphasizes populations, ancestry, genetic variation, and evolutionary history rather than fixed racial types.
The study of historical racial classifications remains important for understanding the development of anthropology, but such classifications must be interpreted critically and should not be treated as precise biological divisions of humanity.
5. Explain genetics and heredity and discuss their importance in human evolution.
Answer: Genetics is the branch of biology concerned with genes, heredity, and biological variation. Heredity refers to the transmission of genetic information from parents to their offspring. Genetic information is primarily carried in DNA, which is organized into chromosomes. Genes influence many biological characteristics, although the expression of numerous traits also depends on environmental factors.
Genetic variation is essential for evolution. Variations can arise through mutation, while sexual reproduction produces additional variation through the recombination and independent assortment of genetic material. When individuals belonging to a population differ genetically, evolutionary processes can change the frequency of particular variants over generations.
Natural selection may increase variants that improve reproductive success in a particular environment. Genetic drift can change allele frequencies through chance, especially in small populations. Gene flow introduces genetic material between populations and can reduce genetic differences between them.
Genetics has also greatly improved the study of human evolution. Comparison of genetic material among human populations and with other primates provides evidence about evolutionary relationships, population movements, and shared ancestry. Genetic studies complement fossil and archaeological evidence.
Therefore, genetics and heredity provide the biological foundation for understanding inheritance, variation, adaptation, population differentiation, and the evolutionary history of Homo sapiens.