অধ্যায়ঃ৪
অসমৰ ভূগোল
অ নু শীল নী :
১। অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।
উত্তৰ: ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ ভৌগোলিক মাটিকালি হৈছে প্রায় ৭৮,৪৩৮ বর্গ কি.মি.। এই মাটিকালি ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ প্ৰায় ২.৪ শতাংশ। ২০১১ চনৰ তথ্যমতে অসমৰ মুঠ জনসংখ্যা হৈছে ৩১২.০৫ লাখ (৩,১২,০৫,৫৭৬ জন), যি ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২.৬ শতাংশ। জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত, ২০১১ চনত অসমত প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৮ জন লোকে বাস কৰে।
২। অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা।
উত্তৰ: অসমৰ শিক্ষিতৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ২০০১ চনৰ লোকপিয়ল মতে ৰাজ্যখনত শিক্ষিতৰ হাৰ আছিল ৬৩.২৫ শতাংশ। ২০১১ চনৰ তথ্য অনুসৰি এই হাৰ বৃদ্ধি পাই ৭২.১৯ শতাংশ হৈছেগৈ। ইয়াৰ ভিতৰত পুৰুষৰ শিক্ষিতৰ হাৰ ৭৮.৮১ শতাংশ আৰু মহিলাৰ ৬৬.২৭ শতাংশ।
৩। ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?
উত্তৰ: ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে অসমত ৭ খন প্ৰথম শ্ৰেণীৰ নগৰ আৰু ৬ খন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে।
প্ৰথম শ্ৰেণীৰ নগৰ: গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তিনিচুকীয়া আৰু তেজপুৰ।
দ্বিতীয় শ্ৰেণীৰ নগৰ: ধুবুৰী, ডিফু, উত্তৰ লখিমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গোৱালপাৰা।
৪। ১৯০১ চনৰপৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: ১৯০১ চনত অসমৰ জনসংখ্যা আছিল মাত্র ৩২.৮৯ লাখ, যি ভাৰতৰ মুঠ জনসংখ্যাৰ ১.৩৮ শতাংশ আছিল। ১৯০১ চনৰ পৰা ১৯৪১ চনলৈ চাৰিটা দশকত জনসংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাই ৬৬.৯৪ লাখ হয়গৈ। স্বাধীনতাৰ পৰৱৰ্তী সময়ত ১৯৫১-৭১ দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অতি উচ্চ (প্ৰায় ৩৫ শতাংশ) আছিল। ২০১১ চনত এই জনসংখ্যা ৩১২.০৫ লাখলৈ বৃদ্ধি পায়। অৱশ্যে ১৯৭১ চনৰ পিছৰ পৰা জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে নিম্নগামী হৈছে।
৫। ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা।
উত্তৰ: 
অসমৰ জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে সমান নহয়।
ব্ৰহ্মপুত্ৰ উপত্যকা: ইয়াতেই অসমৰ সৰহভাগ (প্ৰায় ৮৫ শতাংশ) লোকে বাস কৰে। ২০১১ চনত ইয়াত ঘনত্ব আছিল প্ৰতি বৰ্গ কি.মি.ত ৪৭০ জন।
বৰাক উপত্যকা: এই সমতল ভূমি সাৰুৱা হোৱাৰ বাবে ইয়াতো জনবসতি ঘন। ইয়াত ঘনত্ব ৫২৪ জন।
পাৰ্বত্য অঞ্চল: কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি গঠিত এই অঞ্চলৰ ভূ-প্ৰকৃতি কঠিন হোৱাৰ বাবে জনবসতি তেনেই পাতল। ২০১১ চনত ইয়াৰ ঘনত্ব আছিল মাত্ৰ ৭৬ জন।
৬। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰ: জনসংখ্যাৰ বিতৰণৰ ভিন্নতাৰ প্ৰধান কাৰণবোৰ হ’ল:
ভূ-প্ৰকৃতি: ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ সমতল ভূমিত যাতায়াত আৰু খেতিৰ সুবিধা থকাৰ বাবে জনবসতি ঘন। আনহাতে পাহাৰীয়া অঞ্চলত জনবসতি সেৰেঙা।
মাটিৰ উৰ্বৰতা: সাৰুৱা পলসুৱা মাটি থকা অঞ্চলত কৃষিৰ সুবিধাৰ বাবে জনসংখ্যা অধিক।
অৰ্থনৈতিক আৰু যাতায়াত ব্যৱস্থা: উন্নত যাতায়াত আৰু ঔদ্যোগিক সুবিধা থকা কামৰূপ মেট্ৰ'ৰ দৰে জিলাত জনসংখ্যাৰ ঘনত্ব বহুত বেছি।
৭। ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।
উত্তৰ: ২০১১ চনৰ তথ্য অনুসৰি:
বেছি জনসংখ্যাৰ জিলা: নগাঁও (২৮,২৩,৭৬৮ জন)।
বেছি জনসংখ্যাৰ ঘনত্বৰ জিলা: কামৰূপ মেট্ৰ' (প্ৰতি বৰ্গ কি.মি.ত ২০১০ জন)।
কম জনসংখ্যাৰ জিলা: ডিমা হাছাও (২,১৪,১০২ জন)।
কম জনসংখ্যাৰ ঘনত্বৰ জিলা: ডিমা হাছাও (প্ৰতি বৰ্গ কি.মি.ত ৪৪ জন)।
৮। অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।
উত্তৰ: অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ দুটা:
১/ প্ৰাকৃতিক বৃদ্ধি: জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ অধিক হোৱা।
২/ জনপ্ৰব্ৰজন: বাহিৰৰ পৰা অহা লোকৰ সোঁত। ১৮২৬ চনৰ পৰাই অসমলৈ প্ৰব্ৰজন আৰম্ভ হৈছিল। বিশেষকৈ বাংলাদেশৰ পৰা হোৱা অবাধ অনুপ্ৰৱেশ অসমৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধিৰ এক মুখ্য কাৰণ। ইয়াৰ উপৰিও চিকিৎসা পদ্ধতিৰ উন্নতিৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস পোৱাটোও আন এক কাৰণ।
৯। অসমলৈ প্ৰাচীন কালৰপৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্ৰমে উল্লেখ কৰা।
উত্তৰ: অসমলৈ অহা জনপ্ৰব্ৰজনৰ সোঁতসমূহ হ’ল:
অষ্ট্ৰিকসকল: সম্ভৱতঃ এওঁলোকেই প্ৰথম জনস্রোত, যি দক্ষিণ-পূব এছিয়াৰ পৰা আহিছিল।
মংগোলীয়সকল: মধ্য এছিয়াৰ পৰা আহিছিল। বড়ো, মিছিং, কাৰ্বি আদি ইয়াৰে অন্তৰ্গত।
ক’কেছীয় বা আৰ্যসকল: গংগা সমভূমিৰ পৰা আহিছিল।
আহোমসকল: ১২২৮ চনত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ পৰা আহিছিল।
ইছলাম ধৰ্মী লোকসকল: ১৩ শতিকাৰ আৰম্ভণিতে মহম্মদ বিন বখতিয়াৰ খিলিজীৰ নেতৃত্বত আহিছিল।
চাহ বনুৱাসকল: ব্ৰিটিছে মধ্য ভাৰতৰ চোটনাগপুৰ মালভূমিৰ পৰা আনিছিল।
পূৰ্ববংগৰ কৃষক আৰু শৰণাৰ্থীসকল: বৰ্তমানৰ বাংলাদেশৰ পৰা অহা হিন্দু-মুছলমান লোকসকল।
১০। অসমৰ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰা।
উত্তৰ: আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। ১২২৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চ্যু-কা-ফাৰ নেতৃত্বত এওঁলোকে উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল। এওঁলোকে উজনি অসমত আহোম ৰাজ্য স্থাপন কৰি প্ৰায় ৬০০ বছৰ কাল শাসন কৰিছিল। বৰ্তমান এওঁলোকে প্ৰধানকৈ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আদি জিলাত বাস কৰে।
১১। পৰিবহন ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা।
উত্তৰ: পৰিবহন ব্যৱস্থাক দেশৰ জীৱনৰেখা বুলি কোৱা হয়। ই অসমৰ উন্নতিৰ বাবে অপৰিহাৰ্য কাৰণ:
ই বিভিন্ন অঞ্চলৰ মাজত সংযোগ স্থাপন কৰি সম্পদ আৰু জ্ঞানৰ আদান-প্ৰদান কৰে।
কৃষি আৰু উদ্যোগিক উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়াৰ সুবিধা কৰি দিয়ে।
ই ৰাজ্যখনত নিয়োগৰ সুবিধা সৃষ্টি কৰে।
উন্নত পৰিবহনে পৰ্যটন উদ্যোগক আগুৱাই নিয়াত সহায় কৰে।
১২। অসমৰ জলপৰিবহনৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰ: নদীমাতৃক দেশ হোৱাৰ বাবে অসমত জল পৰিবহনৰ যথেষ্ট সুবিধা আছে।
ৰাষ্ট্ৰীয় জলপথ-২: শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ ৮৯১ কি.মি. পথক ১৯৮৮ চনত ঘোষণা কৰা হয়।
ৰাষ্ট্ৰীয় জলপথ-৬: বৰাক নদীৰ ১২১ কি.মি. পথক ২০১৩ চনত এই স্বীকৃতি দিয়া হয়। জল পৰিবহন আটাইতকৈ সস্তীয়া মাধ্যম আৰু গধুৰ বস্তু কঢ়িয়াবৰ বাবে অতি উপযোগী। ইয়াত ইন্ধনৰ খৰচ কম আৰু বায়ু প্ৰদূষণ নহয়।
১৩। অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ উল্লেখ কৰা।
উত্তৰ: পৰিবহন ব্যৱস্থাৰ প্ৰধান সমস্যাবোৰ হ’ল:
১/ পাহাৰ, সমভূমি আৰু নদী-বিল আদিৰে ভৰা ৰাজ্যখনৰ দুৰ্গম ভূ-প্ৰকৃতি।
২/ বাৰিষা কালত হোৱা প্ৰচুৰ বৰষুণ আৰু বানপানীয়ে বাট-পথ নষ্ট কৰাটো।
৩/ বাট-পথ নিৰ্মাণৰ বাবে মাটিৰ গুণাগুণ সিমান উপযুক্ত নোহোৱা।
৪/ উদ্যোগিক আৰু পৰ্যটন খণ্ডৰ পিছপৰা অৱস্থা।
৫/ পথ, ৰেল, জল আৰু বিমান পৰিবহনৰ মাজত উপযুক্ত সমন্বয়ৰ অভাৱ।
১৪। সম্পদ বুলিলে কি বুজায়? অসমৰ প্ৰধান প্রাকৃতিক সম্পদবোৰ কি কি?
উত্তৰ: আমাৰ পৰিৱেশত থকা যিবোৰ বস্তু ব্যৱহাৰ কৰি আমি আমাৰ অভাৱ আৰু ইচ্ছা পূৰণ কৰিব পাৰোঁ, তাকে সম্পদ বোলে। অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ হ’ল— ভূমি সম্পদ, বন সম্পদ, খনিজ সম্পদ আৰু জলসম্পদ।
১৫। অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা।
উত্তৰ: অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ হ’ল— ডিগবৈ (ভাৰতৰ আটাইতকৈ পুৰণি), নাহৰকটীয়া, মৰাণ-হুগ্ৰীজান, ৰুদ্রসাগৰ, লাকোৱা, গেলেকী, বৰহোলা আৰু আমগুৰি।
১৬। অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: অসম জলসম্পদত অতি চহকী। ভাৰতৰ মুঠ জলসম্পদৰ প্ৰায় ৩২ শতাংশ কেৱল ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ দ্বাৰা প্ৰবাহিত হয়। ৰাজ্যখনত প্ৰচুৰ পৃষ্ঠজল (নদ-নদী, বিল, জলাশয় আদি) আৰু ভূ-তল জল আছে। অসমত ৩০০০তকৈ অধিক আৰ্দ্ৰভূমি আছে যিবোৰ মীন পালনৰ বাবে উপযোগী। এই জলসম্পদক কৃষি, উদ্যোগ আৰু বিদ্যুৎ শক্তি উৎপাদনত ব্যৱহাৰ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে।
১৭। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি?
উত্তৰ: প্ৰাকৃতিক সম্পদ অৱক্ষয়ৰ প্ৰধান কাৰণবোৰ হ’ল:
দ্ৰুত জনসংখ্যা বৃদ্ধিৰ বাবে পৰিৱেশৰ ওপৰত পৰা অত্যাধিক হেঁচা।
বনাঞ্চল ধ্বংস কৰি খেতি পথাৰ বা বসতি স্থাপন কৰা।
অধিক উৎপাদনৰ বাবে কৃষিপথাৰত অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ।
জলাশয় আৰু আৰ্দ্ৰভূমিসমূহ পুতি পেলোৱা।
অনৱীকৰণীয় খনিজ সম্পদসমূহৰ অবিবেচকভাৱে কৰা আহৰণ।
১৮। বৰ্ধিত জনসংখ্যাই প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে?
উত্তৰ: জনসংখ্যা বৃদ্ধিৰ ফলত মানুহৰ খাদ্য আৰু বাসস্থানৰ প্ৰয়োজনীয়তা বাঢ়িছে। ইয়াৰ ফলত:
মানুহে হাবি-জংঘল কাটি আৰু জলাশয় পুতি বাসস্থান নিৰ্মাণ কৰিছে, যাৰ ফলত বনজ সম্পদ আৰু জৈৱ-বৈচিত্ৰ্য হ্ৰাস পাইছে।
কৃষিভূমিৰ ওপৰত হেঁচা বাঢ়িছে আৰু মাটিৰ উৰ্বৰতা হ্ৰাস পাইছে।
পৰিৱেশ প্ৰদূষিত হৈছে আৰু সম্পদৰ নাটনি দেখা দিছে।
১৯। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা (সমস্যা) নে সম্পদ? আলোচনা কৰা।
উত্তৰ: কোনো দেশৰ জনসংখ্যা বোজা নে সম্পদ সেয়া নিৰ্ভৰ কৰে মানুহৰ গুণগত মানদণ্ডৰ ওপৰত। অসমৰ বৰ্ধিত জনসংখ্যা বৰ্তমান এফালে যদি নিবনুৱা সমস্যা আৰু পৰিৱেশ ধ্বংসৰ কাৰণ হৈ এক 'বোজা' হৈছে, আনফালে ই এক বৃহৎ 'মানৱ সম্পদ' হোৱাৰো সম্ভাৱনা আছে। কাৰণ অসমৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশতকৈ অধিক লোক (১০ নিযুত) হৈছে ১৫ পৰা ৩৪ বছৰ বয়সৰ যুৱক-যুৱতী। এই বৃহৎ যুৱশক্তিক যদি সঠিক শিক্ষা আৰু কাৰিকৰী দক্ষতা প্ৰদান কৰা হয়, তেন্তে তেওঁলোকে ৰাজ্যখনৰ অৰ্থনীতি টনকিয়াল কৰিব পাৰিব।
২০। অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে?
উত্তৰ: মানৱ সম্পদ গঢ়িবলৈ হ’লে তলৰ পদক্ষেপবোৰ ল’ব লাগে:
জনসাধাৰণক উচ্চমানৰ শিক্ষা আৰু প্ৰযুক্তিগত জ্ঞান প্ৰদান কৰিব লাগে।
১৫ পৰা ৩৪ বছৰ বয়সৰ যুৱচামক কাৰিকৰী দক্ষতাৰে নিপুণ কৰি তুলিব লাগে।
মহিলা আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক সবলীকৰণ কৰিব লাগে।
উদ্যোগী স্পৃহা বঢ়াবলৈ উপযুক্ত পৰিকল্পনা গ্ৰহণ কৰিব লাগে।
২১। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰ: অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি হৈছে কৃষি। ৰাজ্যখনৰ মুঠ কৰ্ম-নিয়োজিত লোকৰ প্ৰায় ৫৩ শতাংশ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিখণ্ডৰ লগত জড়িত। ৰাজ্যখনৰ প্ৰায় ৭৫ শতাংশ লোকে কৃষিকে প্রধান জীৱিকা হিচাপে লৈছে। খাদ্যশস্য যোগান ধৰাৰ উপৰিও কৃষি খণ্ডই চাহ উদ্যোগৰ দৰে ডাঙৰ উদ্যোগসমূহলৈ কেঁচামাল যোগান ধৰে।
২২। অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।
উত্তৰ: মাটিৰ প্ৰকাৰ, বৰষুণ আৰু উত্তাপৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি অসমক ৬ টা কৃষি-জলবায়বীয় অঞ্চলত ভাগ কৰা হৈছে:
১/ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা: কামৰূপসহ ১০ খন জিলা। ইয়াত সৰ্বাধিক মাটিত খেতি কৰা হয়।
২/ উত্তৰপাৰৰ সমভূমি অঞ্চল: দৰংসহ ৫ খন জিলা।
৩/ মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা: নগাঁও আৰু মৰিগাঁও জিলা।
৪/ উজনি ব্ৰহ্মপুত্ৰ উপত্যকা: তিনিচুকীয়া, ডিব্ৰুগড় আদি ৫ খন জিলা।
৫/ বৰাক উপত্যকা: কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি।
৬/ পাৰ্বত্য অঞ্চল: কাৰ্বি আংলং আৰু ডিমা হাছাও। ইয়াত ঝুম খেতিৰ প্ৰাধান্য বেছি।
২৩। অসমত কি কি ধানৰ খেতি কৰা হয়? এইকেইটাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: অসমত মূলত তিনি প্ৰকাৰৰ ধান খেতি কৰা হয়:
শালি ধান: ই আটাইতকৈ মুখ্য খেতি। জুলাই-আগষ্টত ৰোপণ কৰি ডিচেম্বৰত চপোৱা হয়।
আহু ধান: ফেব্ৰুৱাৰী-মাৰ্চ মাহত আৰম্ভ কৰি জুন-জুলাইত চপোৱা হয়।
বড়ো ধান: শীতকালত দ ঠাইত কৰা হয় আৰু বাৰিষা অহাৰ আগে আগে চপোৱা হয়। বানপীড়িত অঞ্চলত ই বৰ্তমান জনপ্ৰিয়।
২৪। ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে?
উত্তৰ: ধান অসমৰ প্ৰধান শস্য হোৱাৰ কাৰণবোৰ হ’ল:
অসমৰ জলবায়ু আৰু সাৰুৱা পলসুৱা মাটি ধান খেতিৰ বাবে অতি উপযোগী।
অসমৰ জনসাধাৰণৰ প্ৰধান আহাৰ ভাত হোৱাৰ বাবে ইয়াৰ চাহিদা অতি বেছি।
ৰাজ্যখনৰ তিনি-চতুৰ্থাংশ কৃষিভূমিত ধানৰ খেতি কৰা হয়।
২৫। অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়?
উত্তৰ: অসমত কৰা প্ৰধান মাহজাতীয় শস্যবোৰ হ’ল— মাটি মাহ, মণ্ড মাহ, মচুৰ মাহ, মটৰ মাহ, ৰহৰ মাহ আৰু বুট মাহ।
২৬। অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: ঝুম খেতি এবিধ পৰম্পৰাগত স্থানান্তৰিত কৃষি পদ্ধতি। ই অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলাত প্ৰচলিত। এই পদ্ধতিত পাহাৰৰ ঢালত হাবি কাটি পুৰি মাটি মুকলি কৰি খেতি কৰা হয়। কেইবছৰমান খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা কমিলে পুনৰ আন এটুকুৰা ঠাই নিৰ্বাচন কৰা হয়। ইয়াৰ ফলত বনাঞ্চল ধ্বংস আৰু ভূমি ক্ষয় হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়।
২৭। ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি?
উত্তৰ: এই নীতিৰ মূল লক্ষ্যবোৰ হ’ল:
ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন (GDP) বৃদ্ধি কৰা।
গ্ৰামাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বঢ়োৱা।
অতি ক্ষুদ্র, ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগৰ বাবে বিনিয়োগ বৃদ্ধি কৰা।
বৃহৎ সংখ্যক দক্ষ লোক সৃষ্টি কৰা।
২৮। সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? উদাহৰণ দি বুজাই লিখা।
উত্তৰ: যিবোৰ উদ্যোগে পোনপটীয়াকৈ কোনো বস্তু উৎপাদন নকৰে কিন্তু বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই অৰ্থনীতিত অৰিহণা যোগায়, তাকে সেৱা খণ্ডৰ উদ্যোগ বোলে। উদাহৰণ: বাণিজ্য, যোগাযোগ, পৰিবহন, পৰ্যটন উদ্যোগ, বেংক আৰু বীমা সেৱা ইত্যাদি।
২৯। অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি?
উত্তৰ: অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ হ’ল— চাহ উদ্যোগ, বন উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ।
৩০। অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। অসমে ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈও বেছি উৎপাদন কৰে। ৰাজ্যখনত ৭৬৫ খন ডাঙৰ চাহ বাগিচা আৰু ৭৮,০০০ তকৈও অধিক ক্ষুদ্ৰ চাহ বাগিচা আছে। এই উদ্যোগে প্ৰায় ৭ লাখ লোকক কৰ্মসংস্থাপন দিছে। বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিচা হৈছে এছিয়াৰ ভিতৰত বৃহত্তম।
৩১। অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা কেনেকুৱা?
উত্তৰ: অসম মৎস্য উৎপাদনৰ বাবে এক সম্ভাৱনাপূৰ্ণ ৰাজ্য যদিও বৰ্তমান ইয়াৰ অৱস্থা তেনেই সন্তোষজনক নহয়। ৰাজ্যখনত প্ৰচুৰ বিল-জলাশয় থকা সত্ত্বেও চাহিদাই জোখাৰে মাছ উৎপাদন হোৱা নাই। ফলত বছৰি প্ৰায় ০.৫২ লাখ টন মাছৰ নাটনি হয় আৰু বহিঃৰাজ্যৰ পৰা মাছ আমদানি কৰিবলগীয়া হয়। ৰাজ্যৰ ঘৰুৱা উৎপাদনলৈ মীন খণ্ডৰ অৰিহণা মাত্ৰ ২ শতাংশ।
৩২। অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা।
উত্তৰ: অসমৰ কৃষি উন্নয়নৰ প্ৰধান সমস্যাবোৰ হ’ল:
পুৰণিকলীয়া কৃষি পদ্ধতিৰ প্ৰচলন।
জলসিঞ্চনৰ পৰ্যাপ্ত সুবিধাৰ অভাৱ।
বানপানী আৰু গৰাখহনীয়াৰ প্ৰকোপ।
কৃষকসকলে উৎপাদিত শস্যৰ উচিত মূল্য নাপোৱাটো।
উন্নত মানৰ বীজ, সাৰ আৰু আধুনিক সঁজুলিৰ নাটনি।
৩৩। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।
উত্তৰ: অসমত ঔদ্যোগিক বিকাশ মন্থৰ হোৱাৰ কাৰণবোৰ হ’ল:
উপযুক্ত আন্তঃগাঁথনি আৰু মূলধনৰ অভাৱ।
অনুন্নত পৰিবহন আৰু যোগাযোগ ব্যৱস্থা।
শক্তিৰ (বিদ্যুৎ) অনিয়মীয়া যোগান।
বিদ্ৰোহী সমস্যাৰ বাবে বিনিয়োগকাৰীসকলৰ অনিচ্ছা।
স্থানীয় লোকৰ মাজত উদ্যোগী স্পৃহাৰ অভাৱ।
৩৪। অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনাবোৰ উল্লেখ কৰা।
উত্তৰ: অসমৰ পৰ্যটন উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা আছে কাৰণ:
অসমৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ্য।
কাজিৰঙা, মানাহৰ দৰে ৰাষ্ট্ৰীয় উদ্যান আৰু এশিঙীয়া গঁড়।
ৰাজ্যখনৰ বাৰে-ৰহণীয়া জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি আৰু ঐতিহাসিক কীৰ্তিচিহ্নসমূহ।
ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদী য’ত নদী-পৰ্যটনৰ সুবিধা আছে।
৩৫। অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি?
উত্তৰ: অসমৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰধান সম্ভাৱনাবোৰ হ’ল:
প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ: ভূমি, বনজ আৰু খনিজ সম্পদৰ পৰিকল্পিত আহৰণ।
কৃষিভিত্তিক উদ্যোগ: চাহ, ৰবৰ আৰু খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ সম্প্ৰসাৰণ।
জলসম্পদৰ ব্যৱহাৰ: জলবিদ্যুৎ উৎপাদন আৰু মীন পালনৰ উন্নয়ন।
মানৱ সম্পদ উন্নয়ন: যুৱ প্ৰজন্মক দক্ষ কৰি তোলা।
পৰ্যটন খণ্ড: আন্তঃগাঁথনি উন্নত কৰি অধিক বিদেশী পৰ্যটক আকৰ্ষণ কৰা।