Skip to Content
NoteSL
  • Home
  • Notification
  • Privacy Policy
  • About
  • Terms and Condition's
  • Student Helping
NoteSL
      • Home
      • Notification
      • Privacy Policy
      • About
      • Terms and Condition's
      • Student Helping

    অধ্যায়ঃ ২

    অৰ্থনৈতিক উন্নয়ন

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    অতি চমু উত্তৰৰ প্ৰশ্ন : 

    ১। ব্যাখ্যা কৰা (এটা বাক্যত):

    (ক) অৰ্থনৈতিক বিকাশ

    উত্তৰঃ দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হোৱা কাৰ্যকেই অৰ্থনৈতিক বিকাশ বোলে।

    (খ) অৰ্থনৈতিক উন্নয়ন

    উত্তৰঃ অৰ্থনৈতিক বিকাশৰ লগতে যেতিয়া জাতীয় আয়ৰ সু-বিতৰণ আৰু জনসাধাৰণৰ জীৱন-ধাৰণৰ মানদণ্ডৰ উন্নতি হয়, তাক অৰ্থনৈতিক উন্নয়ন বোলে।

    (গ) মানৱ উন্নয়ন

    উত্তৰঃ মানৱ উন্নয়ন হ’ল জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা আৰু জীৱন-ধাৰণৰ মানদণ্ডৰ সামগ্ৰিক উন্নতিৰ জৰিয়তে মানুহৰ পছন্দৰ পৰিসৰ বৃদ্ধি কৰা এক প্ৰক্ৰিয়া।

    (ঘ) অৰ্থনৈতিক পৰিকল্পনা

    উত্তৰঃ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শন দিয়াই হ’ল অৰ্থনৈতিক পৰিকল্পনা।

    (ঙ) গণতান্ত্রিক পৰিকল্পনা

    উত্তৰঃ যি পৰিকল্পনা প্ৰস্তুত কৰাৰ বিভিন্ন পৰ্যায়ত দেশৰ সাধাৰণ জনসাধাৰণৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয়, তাকে গণতান্ত্ৰিক পৰিকল্পনা বোলে।

    (চ) উদাৰীকৰণ

    উত্তৰঃ দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ কঠোৰ নিয়ন্ত্ৰণ শিথিল কৰা নীতিটোৱেই হ’ল উদাৰীকৰণ।

    (ছ) ব্যক্তিগতকৰণ

    উত্তৰঃ চৰকাৰী নিয়ন্ত্ৰণত থকা প্ৰতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া কাৰ্যক ব্যক্তিগতকৰণ বোলে।

    (জ) গোলকীকৰণ বা বিশ্বায়ন

    উত্তৰঃ দেশ এখনৰ অৰ্থনীতিক বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সৈতে সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ’ল গোলকীকৰণ।

    চমু উত্তৰৰ প্ৰশ্ন : 

    ২। অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা।

    উত্তৰঃ  

    পাৰ্থক্যৰ ভিত্তিঅৰ্থনৈতিক বিকাশঅৰ্থনৈতিক উন্নয়ন
    অৰ্থ

    দেশৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হোৱা প্ৰক্ৰিয়া ।

    বিকাশৰ লগতে আৰ্থ-সামাজিক আৰু গুণগত দিশৰ উন্নতি ।

    পৰিসৰ

    ইয়াৰ পৰিসৰ সীমিত ।

    ইয়াৰ পৰিসৰ বহল ।

    সূচক

    জাতীয় আয় আৰু জনমূৰি আয় ইয়াৰ মূল সূচক ।

    মানৱ উন্নয়ন সূচকাংক (HDI) ইয়াৰ এক নিৰ্ভৰযোগ্য সূচক ।

    চৰিত্ৰ

    ই অৰ্থনৈতিক উন্নয়নৰ এক অংশ মাত্ৰ ।

    ই এক সামগ্ৰিক প্ৰক্ৰিয়া য’ত বিকাশ অন্তৰ্ভুক্ত হৈ থাকে ।

    বিতৰণ

    ইয়াত আয়ৰ বিতৰণৰ ওপৰত গুৰুত্ব দিয়া নহয় ।

    ইয়াত আয়ৰ সম-বিতৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় ।


    ৩। মানৱ উন্নয়নৰ তিনিটা সূচক কি কি?

    উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (UNDP) অনুসৰি মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল:

    • প্ৰত্যাশিত আয়ুস।


    • শিক্ষা (জ্ঞাণ)।


    • জীৱন-যাত্ৰাৰ মান।


    ৪। সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা? 

    উত্তৰঃ সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন মানে কেৱল আয় বৃদ্ধি কৰাই নহয়, বৰঞ্চ জনসাধাৰণৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দসমূহৰো উন্নতি ঘটোৱা। ইয়াৰ অৰ্থ হ’ল মানুহে যাতে এটা সুস্থ, দীৰ্ঘ আৰু মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা লাভ কৰিব পাৰে।

    ৫। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা।

    উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হ’ল:

    • অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা।


    • দৰিদ্ৰতা নিৰ্মূল কৰা।


    • আৰ্থ-সামাজিক বৈষম্য দূৰ কৰা আৰু আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা।


    ৬। NITI আয়োগৰ সদস্যসকল কোন কোন?

    উত্তৰঃ NITI আয়োগৰ সদস্যসকল হ’ল:

    • অধ্যক্ষ: ভাৰতৰ প্ৰধানমন্ত্ৰী।

    • উপাধ্যক্ষ: প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত ব্যক্তি।

    • পৰিচালনা পৰিষদ: সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল।

    • অন্যান্য সদস্য: তিনিজন বিশেষজ্ঞ (পূৰ্ণকালীন সদস্য), দুজন অংশকালীন সদস্য, সৰ্বোচ্চ চাৰিজন কেন্দ্ৰীয় মন্ত্ৰী (পদেন সদস্য) আৰু এজন মুখ্য কাৰ্যবাহী বিষয়া।

    দীঘল উত্তৰৰ প্ৰশ্ন

    ৭। ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ৰপৰা বৰ্তমানলৈ)ৰ মাজত থকা এটা মূল পাৰ্থক্য ব্যাখ্যা কৰা। 

    উত্তৰঃ প্ৰথমছোৱা আৰু দ্বিতীয়ছোৱা সময়ৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ ভূমিকা। ১৯৫০-৫১ চনৰপৰা ১৯৯০-৯১ চনলৈ ভাৰতীয় অৰ্থনীতিৰ উন্নয়নত ৰাজহুৱা খণ্ডই (চৰকাৰী খণ্ড) গুৰিবঠা ধৰিছিল আৰু ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ। কিন্তু ১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰৰ পাছৰ পৰা ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পায় আৰু উদাৰীকৰণ, ব্যক্তিগতকৰণ তথা গোলকীকৰণৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ গুৰুত্ব বহুত বৃদ্ধি পায়।

    ৮। ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকে ব্যাখ্যা কৰা।

    উত্তৰঃ ভাৰতত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ হ’ল:

    • বিত্তীয় ঘাটি: চৰকাৰী আয়তকৈ ব্যয় বৃদ্ধি পোৱাৰ ফলত এক বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল।

    • মুদ্রাস্ফীতি: সামগ্ৰীৰ যোগান হ্ৰাস পোৱাৰ ফলত হোৱা নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীক জুৰুলা কৰিছিল।

    • বৈদেশিক বাণিজ্যৰ সংকট: ১৯৯০-৯১ চনত বৈদেশিক মুদ্ৰাৰ ভঁৰাল ইমানেই কমি গৈছিল যে মাত্ৰ ১৫ দিনৰ আমদানিৰ বাবেহে সেয়া যথেষ্ট আছিল।

    ৯। অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।

    উত্তৰঃ অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল হ’ল:

    • উন্নয়নৰ হাৰ বৃদ্ধি: ২০০৫ চনৰ পাছৰ কেইবছৰমানত ভাৰতৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৯ শতাংশতকৈও অধিক হৈছিল।

    • বৈদেশিক মুদ্ৰাৰ ভঁৰাল বৃদ্ধি: ভাৰতৰ ৰিজাৰ্ভ বেংকত জমা থকা বৈদেশিক মুদ্ৰাৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পালে (২০১৫ চনত ৩২৮.৭ বিলিয়ন ডলাৰ)।

    • বিত্তীয় অন্তৰ্ভুক্তিকৰণ: বেংকত সহজে হিচাপ খোলাৰ ব্যৱস্থা হোৱাৰ ফলত বহুসংখ্যক নাগৰিক বেংক ব্যৱস্থাৰ আওতালৈ আহিল।

    ১০। অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকে ব্যাখ্যা কৰা।

    উত্তৰঃ ১৯৯১ চনৰ পৰা ভাৰতত প্ৰৱৰ্তন কৰা অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে কেতবোৰ সমস্যাৰো সৃষ্টি নকৰাকৈ থকা নাই । ইয়াৰে দুটা প্ৰধান অসুবিধা তলত আলোচনা কৰা হ’ল:

    • তীব্ৰ প্ৰতিযোগিতাৰ সৃষ্টি: অৰ্থনৈতিক সংস্কাৰৰ নীতিয়ে বজাৰত প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা দুয়োটাই বৃদ্ধি কৰিছে । বৰ্তমান বিভিন্ন ধৰণৰ দেশী-বিদেশী সা-সামগ্ৰী বজাৰলৈ আহিব ধৰিছে । এই প্ৰতিযোগিতা সুস্থ হ'বলৈ হ'লে জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ পৰিমাণ বৃদ্ধি হোৱাটো প্ৰয়োজন । অন্যথা, বজাৰকেন্দ্ৰিক অৰ্থনীতিয়ে কেৱল চহকী শ্ৰেণীকহে লাভৱান কৰিব আৰু দৰিদ্ৰসকলক তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ সম্ভাৱনা থাকে ।

    • ভোগবাদী অৰ্থনীতি আৰু নৈতিকতাৰ সংকট: অৰ্থনৈতিক সংস্কাৰৰ ফলত পণ্যৰ প্ৰতি জনসাধাৰণৰ অত্যধিক আসক্তি বৃদ্ধি পাইছে । ই এক ভোগবাদী অৰ্থনীতিৰ সৃষ্টি কৰিছে যিয়ে মানুহৰ মাজত বিলাসিতা আৰু বস্তুৰ প্ৰতি মোহ বঢ়াই তুলিছে । এনে পৰিৱেশে সমাজৰ নৈতিকতাৰ প্ৰতি এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি আশংকা কৰা হৈছে । তদুপৰি, গোলকীকৰণৰ ফলত দেশখনে বা জনসাধাৰণে নিজৰ পৰিচয় হেৰুওৱাৰো এক বিপদ থাকি যায় ।

    ১১। অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা।

    উত্তৰঃ অসমৰ দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ (২০১২-২০১৭) ছটা প্ৰধান লক্ষ্য হ’ল:

    1. ৰাজ্যৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা।


    2. দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰা।


    3. বিজ্ঞানসন্মত ব্যৱস্থাপনাৰে বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধান কৰা।


    4. কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা।


    5. শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা।


    6. মানৱ উন্নয়ন সূচকাংক (HDI) ঊর্ধ্বগামী কৰিবলৈ শিক্ষা আৰু স্বাস্থ্য খণ্ডত বিনিয়োগ বৃদ্ধি কৰা।

    অৰ্থনৈতিক উন্নয়ন অধ্যায়ৰ ১০০ টা প্ৰশ্ন

    Download OMR SHEET


    HSLC অৰ্থনীতি কুইজ























    Hi! Any problem?
    Click to send message.
    👋
    Store
    Shop
    Buy Book
    Book
    YouTube
    YT
    Instagram
    Insta
    WhatsApp
    WA
    Home
    Home
    Class
    Class
    FYUGP
    FYUGP
    Mock Test
    Mock Test

    🚨 Submit Complaint 🚨

    NoteSL

    We offer a unique, engaging experience that empowers students to become truly self-sufficient. By providing instant, high-quality solutions to every academic doubt, we remove learning roadblocks in real-time. Our mission is to transform the educational journey into a seamless, independent, and rewarding path toward mastery for every learner.

    notestudylearn@gmail.com

    Quicks Links

    About Us

    Privacy Policy

    Terms & Conditions

    Contact Us

    Affiliate Disclosure

    We share educational news & study materials on social media.

    Copyright © 2026 NoteSL

    Powered by Odoo - Create a free website