Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    পাঠ - ১

    অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤

    ১. অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।

    উত্তৰ: ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে । 

    মূল বিষয়বস্তু: ইয়াৰ মূল বিষয়বস্তু হ’ল মানুহৰ অৰ্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহৰ অধ্যয়ন । প্ৰধান শাখা: অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হ’ল— কৃষি ভূগোল, উদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল আৰু পৰ্যটন ভূগোল ।

    ২. অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।

    উত্তৰ: অৰ্থনৈতিক ভূগোলৰ পৰিসৰ মূলতঃ পাঁচটা বিশেষ প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত:

    1. অৰ্থনৈতিক কাৰ্যটো ক’ত অৱস্থিত?
    2. অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি?
    3. অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত?
    4. অৰ্থনৈতিক কাৰ্যটো য’ত আছে তাতে কিয় হৈছে?
    5. অৰ্থনৈতিক কাৰ্যটো য’ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ’লে বেছি ভাল হ’লহেঁতেন নেকি?

    প্ৰথম তিনিটা প্ৰশ্ন পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত যদিও পাছৰ দুটা প্ৰশ্নই আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰিছে I

    ৩. মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি?

    উত্তৰ: মানুহৰ উৎপাদনক্ষম কাৰ্য বা বৃত্তিবোৰকে অৰ্থনৈতিক বৃত্তি বোলা হয় । এই বৃত্তিবোৰ চাৰি প্ৰকাৰৰ:

    • প্ৰাথমিক বৃত্তি: যিবোৰ কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে (যেনে— কৃষি, মাছ ধৰা) ।

    • দ্বিতীয়ক বৃত্তি: প্ৰকৃতিৰ পৰা আহৰণ কৰা দ্ৰব্যসমূহ প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা কাৰ্য (যেনে— শিল্পোৎপাদন)

    • তৃতীয়ক বৃত্তি: উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰলৈ নিয়া কাৰ্য (যেনে— যাতায়াত, পৰিবহণ, বাণিজ্য) ।

    • চতুৰ্থক বৃত্তি: যি কাৰ্যই দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল কৰি তোলে (যেনে— শিক্ষা, বেংক, প্ৰশাসন) ।

    ৪. অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা।

    উত্তৰ: ইয়াৰ মূল বিষয়বস্তুসমূহ হ’ল:

    1. কৃষি ভূগোল: কৃষি কাৰ্যৰ লগত জড়িত কাৰক, বিতৰণ, উৎপাদন আৰু আমদানি-ৰপ্তানি ।
    2. উদ্যোগিক ভূগোল: উদ্যোগ স্থাপনৰ কাৰক, বিতৰণ, উদ্যোগিক সামগ্ৰীৰ উৎপাদন আৰু বজাৰ ।
    3. সম্পদ ভূগোল: সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সংৰক্ষণ আৰু ব্যৱস্থাপনা ।
    4. পৰিবহণ ভূগোল: পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু অৰ্থনৈতিক উন্নয়নত ইয়াৰ ভূমিকা ।
    5. বজাৰ ভূগোল: বজাৰ স্থাপনৰ কাৰক, প্ৰকাৰ আৰু বিতৰণ ।

    ৫. সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়?

    উত্তৰ: কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়ন সেই দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে । অৰ্থনৈতিক ভূগোলৰ প্ৰতিটো শাখাই সম্পদৰ লগত ওতপ্ৰোতভাৱে জড়িত । যিহেতু সম্পদৰ আহৰণ আৰু ব্যৱহাৰেই অৰ্থনৈতিক কাৰ্যকলাপৰ মূল আধাৰ, সেয়ে সম্পদ ভূগোলক ইয়াৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়।

    ৬. সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

    উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ লাগতিয়াল বস্তুকেই সম্পদ বোলা হয় । 

    প্ৰধান বৈশিষ্ট্য: জিম্মাৰমেনৰ মতে সম্পদৰ দুটা ঘাই বৈশিষ্ট্য হ’ল—

    1. কাৰ্যকাৰিতা: বস্তু এটা কামত আহিব লাগিব ।

    2. উপকাৰিতা: বস্তু এটাৰ পৰা মানুহৰ লাভ বা কল্যাণ হ’ব লাগিব । তদুপৰি সম্পদ পৰিৱৰ্তনশীল ।

    ৭. ‘সম্পদ পৰিবৰ্তনশীল’— ব্যাখ্যা কৰা।

    উত্তৰ: সম্পদৰ ধাৰণা সময় আৰু মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে সলনি হৈ থাকে । আজি ব্যৱহাৰ নোহোৱা বা অপকাৰী সামগ্ৰীও ভৱিষ্যতে সম্পদ হৈ পৰিব পাৰে । উদাহৰণস্বৰূপে, এসময়ত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নজনালৈকে সেইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল । মানুহৰ প্ৰচেষ্টাৰ ফলত যিকোনো সামগ্ৰী সম্পদলৈ ৰূপান্তৰিত হ’ব পাৰে ।

    ১১. উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা।

    উত্তৰ: সম্পদক বিভিন্ন ভিত্তি অনুযায়ী শ্ৰেণীবিভাজন কৰিব পাৰি:

    • সৃষ্টি প্ৰক্ৰিয়া অনুসৰি: প্ৰাকৃতিক (পানী), মানৱ-সৃষ্ট (ৰাস্তা-ঘাট) আৰু মানৱ সম্পদ (শিক্ষক) ।


    • প্ৰাকৃতিক গঠন অনুসৰি: জীৱীয় (গছ-গছনি) আৰু অজীৱীয় (মাটি, খনিজ পদাৰ্থ) ।


    • স্থায়িত্ব অনুসৰি: নৱীকৰণযোগ্য (সৌরশক্তি) আৰু অনৱীকৰণযোগ্য (কয়লা) ।


    • মালিকীস্বত্ব অনুসৰি: ব্যক্তিগত (নিজৰ মাটি), জাতীয় (কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান) আৰু আন্তৰ্জাতিক (বায়ুমণ্ডল) ।

    ১২। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা।

    উত্তৰ: যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা পোৱা যায় আৰু প্ৰাকৃতিকভাবে সৃষ্টি হৈ প্রকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলা হয় । এই সম্পদবোৰ কঠিন, জুলীয়া বা গেছীয় অৱস্থাত থাকিব পাৰে ।উদাহৰণ: সূৰ্যৰ ৰশ্মি, বায়ু, পানী, মাটি, গছ-গছনি, খনিজ তেল, কয়লা আদি ।

    ১৩। মানৱ-সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা।

    উত্তৰ: প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰী মানুহে নিজৰ জ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত ৰূপান্তৰ কৰি ব্যৱহাৰোপযোগী কৰি লয়। মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰক মানৱ-সৃষ্ট সম্পদ বোলা হয় । উদাহৰণ আৰু ব্যৱহাৰ: বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা ঔষধ বা কৃত্ৰিম কাপোৰ আদি প্ৰস্তুত কৰি মানুহে নিজৰ চাহিদা পূৰণ কৰে । ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি, শিক্ষা অনুষ্ঠান আদিও ইয়াৰ অন্তৰ্গত ।

    ১৪। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা।

    উত্তৰ: 

    নৱীকৰণযোগ্য সম্পদ: যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পাছতো কেতিয়াও একেবাৰে নিঃশেষ হৈ নাযায়, তাকে নৱীকৰণযোগ্য সম্পদ বোলে । যেনে— সূৰ্যৰ ৰশ্মি, বায়ু, পানী আদি ।

    অনৱীকৰণযোগ্য সম্পদ: যিবোৰ সম্পদ ব্যৱহাৰৰ পাছত পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তাকে অনৱীকৰণযোগ্য সম্পদ বোলে । যেনে— কয়লা, খনিজ তেল, খনিজ পদাৰ্থ আদি ।

    ১৫। সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা কি?

    উত্তৰ:  কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে । প্ৰয়োজনীয়তা:

    • জনসংখ্যা বৃদ্ধিৰ ফলত দ্ৰুতগতিত হ্ৰাস পোৱা অনৱীকৰণযোগ্য সম্পদসমূহ ভৱিষ্যতৰ বাবে বচাই ৰখা ।


    • পাৰিৱেশিক ভাৰসাম্য ৰক্ষা কৰা আৰু প্ৰদূষণ ৰোধ কৰা ।


    • উন্নয়ন প্ৰক্ৰিয়াটো স্থায়ী বা বহনক্ষম কৰি তোলা ।

    ১৬। সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা।

    উত্তৰ: সম্পদ সংৰক্ষণৰ বাবে তলত দিয়া পদ্ধতিসমূহ গ্ৰহণ কৰিব পাৰি:

    • বিকল্প সম্পদৰ সন্ধান: কয়লা বা তেলৰ ব্যৱহাৰ কমাই সৌৰশক্তি বা জলবিদ্যুতৰ দৰে বিকল্প সম্পদ ব্যৱহাৰ কৰা ।

    • পুনৰাবৰ্তন: বৰ্জিত দ্ৰব্য (যেনে— প্লাষ্টিক, কাগজ) পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা ।

    • অভিযোজন: নতুন প্ৰযুক্তিৰ সহায়ত সম্পদৰ উপকাৰিতা বৃদ্ধি কৰা ।

    • বৰ্জিত দ্ৰব্য হ্ৰাস: উৎপাদনৰ সময়ত যাতে সামগ্ৰী অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰখা ।

    • শিক্ষা আৰু সজাগতা: জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰা ।

    ১৭। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা।

    উত্তৰ: সম্পদ সংৰক্ষণৰ লগত জড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা তথা সেইবোৰৰ ভূমিকা তলত আলোচনা কৰা হ’ল:

    ১/ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থা (IUCN): ১৯৪৮ চনত ইউনেস্কোৰ উদ্যোগত ফ্ৰান্সত এই সংস্থাটো গঠিত হয় । ইয়াৰ মূল উদ্দেশ্য হ'ল বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু সম্পদ সংৰক্ষণ তথা জৈৱ-বৈচিত্ৰ্যৰ ওপৰত অধ্যয়ন আৰু গৱেষণা কৰা । এই সংস্থাৰ নেতৃত্বতে 'WWF for Nature' আৰু 'বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ' স্থাপিত হৈছে ।

    ২/ ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়: ভাৰতবৰ্ষত চৰকাৰীভাৱে এই মন্ত্ৰালয়টোৱে প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনসমূহ প্ৰণয়ন কৰে । ইয়াৰ অধীনত ১৯৮৬ চনত 'ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা' গঠন কৰা হৈছে ।

    ৩/ বেচৰকাৰী সংস্থা: পৰিৱেশ সুৰক্ষাৰ বাবে 'বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ' (CSE), 'গ্ৰীণপিচ ইণ্ডিয়া' (Greenpeace India) আৰু 'ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া' (Wildlife Trust of India) আদিয়ে সজাগতামূলক কাম কৰি আছে । অসমত 'অসম বিজ্ঞান সমিতি' আৰু 'আৰণ্যক'ৰ দৰে সংগঠনে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে সক্ৰিয়ভাৱে কাম কৰে ।

    ১৮। চমুটোকা লিখা :

    (ক) সম্পদ (Resource): মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয় । পৃথিৱীত পোৱা সূৰ্যৰ ৰশ্মি, বায়ু, পানী, মাটি, গছ-গছনি আদি মানুহৰ বাবে লাগতিয়াল বাবে এইবোৰ সম্পদ । প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে, সম্পদ হ’বলৈ হ’লে বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা (Functionality and Utility) গুণ থাকিব লাগিব । সম্পদ সদায় পৰিৱৰ্তনশীল; আজিৰ কোনো নিষ্ক্ৰিয় সামগ্ৰী জ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত ভৱিষ্যতে সম্পদত পৰিণত হ’ব পাৰে । প্ৰকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান-প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একোটা সম্পদৰ সৃষ্টি হয় ।

    (খ) মানৱ সম্পদ (Human Resource): সম্পদৰ সৃষ্টিকৰ্তা আৰু উৎপাদক হিচাপে মানুহক মানৱ সম্পদ বুলি গণ্য কৰা হয় । প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন । যিবোৰ দেশত প্ৰাকৃতিক সম্পদৰ অভাৱ, সেইবোৰ দেশ কেৱল মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবেই আজি সমৃদ্ধিশালী হ’ব পাৰিছে (যেনে— জাপান, ছিংগাপুৰ) । মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত— উৎপাদক হিচাপে আৰু উপভোক্তা হিচাপে । সেয়েহে, মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি আৰু ব্যৱহাৰ সম্ভৱ হৈছে ।

    (গ) সম্পত্তি (Wealth): অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি বোলা হয় । সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক মুদ্ৰাৰ জৰিয়তে এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি । উদাহৰণস্বৰূপে— ভূমি, ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি আদি সম্পত্তি । মন কৰিবলগীয়া যে সকলোবোৰ সম্পত্তিয়েই সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ’বও পাৰে । উদাহৰণস্বৰূপে, বায়ু বা সূৰ্যৰ ৰশ্মি সম্পদ হ’লেও এইবোৰৰ বিনিময় মূল্য নথকা বাবে সম্পত্তি নহয় । সম্পদৰ জৰিয়তে কেৱল কল্যাণ সাধন হয়, কিন্তু সম্পত্তিৰ দ্বাৰা উপকাৰ বা অপকাৰ দুয়োটা হ’ব পাৰে ।

    (ঘ) নৱীকৰণযোগ্য সম্পদ (Renewable Resource): যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পাছতো কেতিয়াও একেবাৰে নিঃশেষ হৈ নাযায় আৰু পুনৰ সৃষ্টি হৈ থাকে, তাকে নৱীকৰণযোগ্য বা পুনঃসৃষ্টিক্ষম সম্পদ বোলে । সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, মানুহ আদি এই শ্ৰেণীৰ সম্পদ । এই সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয় । অৱশ্যে অতিমাত্ৰা ব্যৱহাৰ বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত কিছুমান জৈৱিক প্ৰজাতি চিৰকালৰ বাবে বিলুপ্ত হোৱাৰ সম্ভাৱনা থাকে । পৰিৱেশ সুৰক্ষাৰ বাবে বৰ্তমান সময়ত অনৱীকৰণযোগ্য সম্পদৰ পৰিৱৰ্তে এনে সম্পদৰ ব্যৱহাৰত অধিক গুৰুত্ব দিয়া হৈছে ।

    (ঙ) ব্যক্তিগত সম্পদ (Individual Resource): মালিকীস্বত্বৰ ভিত্তিত মানুহৰ নিজা দখল বা অধিকাৰত থকা সম্পদবোৰক ব্যক্তিগত সম্পদ বোলা হয় । মানুহৰ নিজা ভূমি, ঘৰুৱা সা-সম্পত্তি আদি ইয়াৰ উদাহৰণ । কেৱল জড় বস্তুৱেই নহয়, মানুহৰ নিজা কিছুমান ভাল গুণ যেনে— ভাল চৰিত্ৰ, শিক্ষা আৰু কৰ্মদক্ষতাকো ব্যক্তিগত সম্পদ হিচাপে গণ্য কৰা হয় । যিহেতু এইবোৰ ব্যক্তিগত উৎকৰ্ষ সাধনৰ লগত জড়িত, সেয়েহে এখন সমাজৰ সামগ্ৰিক উন্নতিৰ বাবে ব্যক্তিগত সম্পদৰ বিকাশ অত্যন্ত প্ৰয়োজনীয় ।

    (চ) জাতীয় সম্পদ (National Resource): এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদকেই জাতীয় সম্পদ বোলা হয় । দেশখনৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত থকা ৰাস্তা-ঘাট, নদ-নদী, দলং, শিক্ষানুষ্ঠান, অৰণ্য আৰু তাত থকা জীৱ-জন্তু আদি ইয়াৰ অন্তৰ্গত । তদুপৰি দেশৰ প্ৰশাসনিক ব্যৱস্থা আৰু চৰকাৰকো জাতীয় সম্পদ হিচাপে গণ্য কৰা হয় । উদাহৰণস্বৰূপে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ এক অমূল্য জাতীয় সম্পদ । জাতীয় সম্পদৰ সঠিক ব্যৱহাৰ আৰু সংৰক্ষণৰ ওপৰতেই দেশখনৰ অৰ্থনৈতিক ভৱিষ্যত নিৰ্ভৰ কৰে ।

    (ছ) জীৱীয় সম্পদ (Biotic Resource): প্ৰাকৃতিক গঠন অনুসৰি পৃথিৱীত থকা যিবোৰ সম্পদৰ জীৱ থাকে, সেইবোৰক জীৱীয় সম্পদ বোলে । উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদৰ প্ৰধান উদাহৰণ । মন কৰিবলগীয়া যে কয়লা, খনিজ তেল আৰু প্ৰাকৃতিক গেছ আদিৰ উৎপত্তি জৈৱিক মূলৰ পৰা হ’লেও বৰ্তমান অৱস্থাত নিৰ্জীৱ হোৱা বাবে সেইবোৰক অজীৱীয় সম্পদৰ শ্ৰেণীত থোৱা হয় । জীৱীয় সম্পদসমূহ পৰিৱেশত ভাৰসাম্য ৰক্ষাৰ বাবে অত্যন্ত জৰুৰী আৰু ইয়াৰ বহুতো নৱীকৰণযোগ্য ।

    (জ) সম্পদ সংৰক্ষণ (Conservation of Resources): কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে । ইয়াৰ মূল উদ্দেশ্য হ’ল প্ৰকৃতিৰ পৰা সম্পদসমূহ এনেদৰে আহৰণ আৰু ব্যৱহাৰ কৰা যাতে আমি সকলোৱে বহু সময় ধৰি উপকৃত হ’ব পাৰো । সম্পদ সংৰক্ষণ মানে কেৱল ভৱিষ্যতৰ বাবে সাঁচি থোৱা নহয়, বৰঞ্চ ইয়াৰ যুক্তিপূৰ্ণ ব্যৱহাৰকহে বুজায় । বৰ্তমান জনসংখ্যা বৃদ্ধি আৰু পাৰিৱেশিক সমস্যাৰ বাবে সমগ্ৰ বিশ্বতে সম্পদ সংৰক্ষণ এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ।

    (ঝ) সম্পদৰ পুনৰাৱৰ্তন (Recycling): সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্যসমূহ পুনৰ প্ৰক্ৰিয়াকৰণ কৰি ব্যৱহাৰ কৰা পদ্ধতিটোক পুনৰাৱৰ্তন বোলে । উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ বা লোৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে নতুন সম্পদ তৈয়াৰ কৰিব পাৰি । ইয়াৰ ফলত প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা হ্ৰাস পায় আৰু কেঁচা সামগ্ৰী বহু পৰিমাণে সংৰক্ষণ কৰিব পৰা যায় । সম্পদ সংৰক্ষণৰ ই এক অন্যতম কাৰ্যকৰী পদ্ধতি ।

    (ঞ) IUCN: IUCN-ৰ সম্পূৰ্ণ নাম হ’ল— ‘আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থা’ (International Union for Conservation of Nature) । ১৯৪৮ চনত ইউনেস্কোৰ প্ৰথম সঞ্চালকপ্ৰধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত এই সংস্থাটো গঠিত হৈছিল । ইয়াৰ মূল উদ্দেশ্য হ’ল সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু সম্পদ সংৰক্ষণ তথা জৈৱ-বৈচিত্ৰ্যৰ গৱেষণা কৰা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা 。 এই সংস্থাৰ নেতৃত্বতে ‘WWF for Nature’ আৰু ‘বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ’ স্থাপিত হৈছে । ৰাষ্ট্ৰসংঘৰ নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰি ই বিশ্ব সম্পদসমূহৰ পৰিচালনা কৰে ।

    ১৯। পাৰ্থক্য লিখা :

    (ক) সম্পদ আৰু সম্পত্তি

    উত্তৰ:

    পাৰ্থক্যৰ ভিত্তিসম্পদ (Resource)সম্পত্তি (Wealth)
    ১. সংজ্ঞা

    মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুৱেই সম্পদ ।


    বিনিময় মূল্য থকা সামগ্ৰীবোৰক সম্পত্তি বোলা হয় ।


    ২. বিনিময় মূল্য

    সকলো সম্পদৰ বিনিময় মূল্য নাথাকে (যেনে— বায়ু, পানী) ।


    সম্পত্তিৰ সদায় বজাৰ বা বিনিময় মূল্য থাকে ।


    ৩. যোগান

    সম্পদৰ যোগান প্ৰকৃতিৰ বুকুত অপৰ্যাপ্ত হ’ব পাৰে ।


    সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত ।


    ৪. হস্তান্তৰ

    সকলো সম্পদ এজনৰ পৰা আন এজনলৈ হস্তান্তৰ নহয় ।


    মুদ্ৰাৰ জৰিয়তে সম্পত্তিক আনলৈ হস্তান্তৰ কৰিব পাৰি ।


    ৫. প্ৰভাৱ

    সম্পদৰ দ্বাৰা মানুহৰ কেৱল কল্যাণ বা উপকাৰ হয় ।


    সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ বা অপকাৰ দুয়োটাই হ’ব পাৰে ।


    (খ) অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল

    উত্তৰ: 

    পাৰ্থক্যৰ ভিত্তিঅৰ্থনৈতিক ভূগোলসম্পদ ভূগোল
    ১. স্থিতি

    ই মানৱ ভূগোলৰ এটা অন্যতম প্ৰধান শাখা ।


    ই অৰ্থনৈতিক ভূগোলৰ এটা বিশেষ শাখা ।


    ২. পৰিসৰ

    ইয়াৰ পৰিসৰ বিস্তৃত কাৰণ ই সকলো অৰ্থনৈতিক কাৰ্য সামৰি লয় ।


    ইয়াৰ পৰিসৰ কেৱল সম্পদৰ সৈতে জড়িত বিষয়ত সীমাবদ্ধ ।


    ৩. অধ্যয়নৰ বিষয়

    উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় অধ্যয়ন কৰে ।


    সম্পদৰ প্ৰকাৰ, বিতৰণ, সংৰক্ষণ আৰু ব্যৱস্থাপনা অধ্যয়ন কৰে ।


    ৪. লক্ষ্য

    মানুহৰ চাৰি প্ৰকাৰৰ অৰ্থনৈতিক বৃত্তি বা বৃত্তিৰ ওপৰত গুৰুত্ব দিয়ে ।


    সম্পদ আৰু উন্নয়নৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব দিয়ে ।


    ৫. নিৰ্ভৰশীলতা

    ই সম্পদ ভূগোলৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি উন্নয়নৰ গতি নিৰ্ণয় কৰে ।


    ই অৰ্থনৈতিক ভূগোলক প্ৰয়োজনীয় আধাৰ বা সমল যোগান ধৰে ।


    (গ) সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী

    উত্তৰ: 

    পাৰ্থক্যৰ ভিত্তিসম্পদ (Resource)নিষ্ক্ৰিয় সামগ্ৰী (Neutral Stuff)
    ১. বৈশিষ্ট্য

    সম্পদৰ উপকাৰিতা আৰু কাৰ্যকাৰিতা গুণ থাকে ।


    ইয়াৰ কোনো উপকাৰিতা বা অপকাৰিতা গুণ নাথাকে ।


    ২. কাৰ্য

    ই মানুহৰ অভাৱ পূৰণ কৰি কল্যাণ সাধন কৰে ।


    ই মানুহৰ কোনো ধৰণৰ কামত নাহে ।


    ৩. ৰূপান্তৰ

    ই ইতিমধ্যে ব্যৱহাৰোপযোগী হৈ থাকে ।


    জ্ঞানৰ জৰিয়তেহে ইয়াক সম্পদত পৰিণত কৰিব পাৰি ।


    ৪. উদাহৰণ

    বৰ্তমানৰ বায়ু, পানী, খনিজ তেল আদি সম্পদ ।


    ব্যৱহাৰ নজনালৈকে কয়লা নিষ্ক্ৰিয় সামগ্ৰী আছিল ।


    ৫. গুৰুত্ব

    ই মানৱ সভ্যতাৰ উন্নয়নৰ আধাৰ ।


    সম্পদত পৰিণত নোহোৱালৈকে ইয়াৰ কোনো গুৰুত্ব নাই ।


    (ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ

    উত্তৰ: 

    পাৰ্থক্যৰ ভিত্তিজীৱীয় সম্পদ (Biotic)অজীৱীয় সম্পদ (Abiotic)
    ১. জীৱ

    এই সম্পদবোৰৰ প্ৰাণ বা জীৱ থাকে ।


    এই সম্পদবোৰ নিৰ্জীৱ বা প্ৰাণহীন ।


    ২. উদাহৰণ

    উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি ।


    মাটি, শিল, বায়ু, খনিজ পদাৰ্থ আদি ।


    ৩. স্থায়িত্ব

    এইবোৰ প্ৰধানকৈ নৱীকৰণযোগ্য ।


    বহুতো অনৱীকৰণযোগ্য (যেনে— খনিজ পদাৰ্থ) ।


    ৪. স্থিতি

    অতিমাত্ৰা ব্যৱহাৰৰ ফলত এইবোৰ বিলুপ্ত হ’ব পাৰে ।


    এইবোৰ প্ৰধানকৈ প্ৰকৃতিৰ ভৌতিক উপাদান হিচাপে থাকে ।


    ৫. উৎস

    এইবোৰ জৈৱিক প্ৰক্ৰিয়াৰ জৰিয়তে বৃদ্ধি পায় ।


    এইবোৰ অজৈৱিক বা ভৌতিক প্ৰক্ৰিয়াৰে সৃষ্টি হয় ।


    (ঙ) নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ

    উত্তৰ: 

    পাৰ্থক্যৰ ভিত্তিনৱীকৰণযোগ্য সম্পদঅনৱীকৰণযোগ্য সম্পদ
    ১. পুনৰুদ্ধাৰ

    ব্যৱহাৰৰ পাছত প্ৰকৃতিয়ে ইয়াক পুনৰ সৃষ্টি কৰে ।


    এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে শেষ হৈ যায় ।


    ২. ভাণ্ডাৰ

    ইয়াৰ ভাণ্ডাৰ অক্ষয় বা কেতিয়াও শেষ নহয় ।


    পৃথিৱীৰ বুকুত ইয়াৰ ভাণ্ডাৰ সীমিত ।


    ৩. উদাহৰণ

    সূৰ্যৰ ৰশ্মি, বায়ু, পানী আদি ।


    কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদি ।


    ৪. সংৰক্ষণ

    সংৰক্ষণৰ বাবে ইয়াক কমাই ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই ।


    ইয়াৰ সুপৰিকল্পিত ব্যৱহাৰ আৰু সংৰক্ষণ অতি দৰকাৰী ।


    ৫. প্ৰভাৱ

    ইয়াৰ ব্যৱহাৰ পৰিৱেশৰ বাবে তুলনামূলকভাৱে সুৰক্ষিত ।


    ইয়াৰ মাত্ৰাধিক ব্যৱহাৰে পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰে ।


    (চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ

    উত্তৰ: 

    পাৰ্থক্যৰ ভিত্তিব্যক্তিগত সম্পদজাতীয় সম্পদ
    ১. মালিকীস্বত্ব

    এজন ব্যক্তিৰ নিজা দখল বা অধিকাৰত থাকে ।


    দেশ এখনৰ চৰকাৰ বা দেশবাসীৰ অধীনত থাকে ।


    ২. উদাহৰণ

    নিজৰ ভূমি, ঘৰ-দুৱাৰ, কৰ্মদক্ষতা আদি ।


    ৰাস্তা-ঘাট, নদ-নদী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আদি ।


    ৩. উন্নয়ন

    ই ব্যক্তিৰ অৰ্থনৈতিক উন্নতিত সহায় কৰে ।


    ই দেশৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা লয় ।


    ৪. পৰিচালনা

    ব্যক্তিজনে নিজেই ইয়াৰ ৰক্ষণাবেক্ষণ কৰে ।


    চৰকাৰে ইয়াৰ সুৰক্ষা আৰু পৰিচালনা কৰে ।


    ৫. পৰিসৰ

    ই কেৱল ব্যক্তি বা পৰিয়ালৰ মাজত সীমাবদ্ধ ।


    ই সমগ্ৰ দেশখনৰ ভৌগোলিক পৰিসীমা জুৰি থাকে ।


    (ছ) মানৱ-সৃষ্ট সম্পদ আৰু মানৱ সম্পদ

    উত্তৰ: 

    পাৰ্থক্যৰ ভিত্তিমানৱ-সৃষ্ট সম্পদমানৱ সম্পদ
    ১. স্বৰূপ

    মানুহে প্ৰাকৃতিক সম্পদক ৰূপান্তৰ কৰি তৈয়াৰ কৰা সামগ্ৰী ।


    সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহ নিজেই ।


    ২. উদাহৰণ

    কাগজ, কাপোৰ, যন্ত্ৰ-পাতি, গৃহ নিৰ্মাণ সামগ্ৰী আদি ।


    মানুহৰ শিক্ষা, কাৰ্যদক্ষতা আৰু প্ৰযুক্তি জ্ঞান ।


    ৩. গুৰুত্ব

    ই মানুহৰ দৈনন্দিন কাম-কাজ সুচল কৰি তোলে ।


    ইয়াৰ অবিহনে প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ উপযোগী নহয় ।


    ৪. ভিত্তি

    ইয়াৰ উৎপাদন প্ৰকৃতিৰ কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল ।


    ই মানুহৰ বৌদ্ধিক আৰু শাৰীৰিক শক্তিৰ ওপৰত নিৰ্ভৰশীল ।


    ৫. উৎপাদনশীলতা

    ই এক ব্যৱহাৰযোগ্য জড় সামগ্ৰী ।


    ই এক সজীৱ আৰু সৃজনীমূলক সম্পদ ।


    (জ) সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন 

    উত্তৰ: 

    পাৰ্থক্যৰ ভিত্তিসম্পদৰ পুনৰাৱৰ্তন (Recycling)অভিযোজন বা নৱপ্ৰচলন (Innovation)
    ১. প্ৰক্ৰিয়া

    বৰ্জিত সামগ্ৰীসমূহ নতুনকৈ প্ৰক্ৰিয়াকৰণ কৰি ব্যৱহাৰ কৰা ।


    নতুন প্ৰযুক্তিৰ সহায়ত সম্পদৰ গুণগত পৰিৱৰ্তন কৰা ।


    ২. উদ্দেশ্য

    কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰা ইয়াৰ লক্ষ্য ।


    সম্পদক অধিক ফলপ্ৰসূ আৰু সুৰক্ষিত কৰি তোলা ।


    ৩. উদাহৰণ

    পুৰণি প্লাষ্টিক বটল বা লোৰ পৰা নতুন সামগ্ৰী তৈয়াৰ কৰা ।


    ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰ প্ৰয়োগ কৰা ।


    ৪. প্ৰভাৱ

    ই পৰিৱেশত আৱৰ্জনাৰ পৰিমাণ হ্ৰাস কৰে ।


    ই সম্পদৰ ব্যৱহাৰত নতুন মাত্ৰা যোগ কৰে ।


    ৫. পদ্ধতি

    ই উৎপাদনৰ পাছৰ পৰ্য্যায়ৰ সৈতে জড়িত ।


    ই উৎপাদনৰ উন্নত প্ৰযুক্তি গ্ৰহণৰ সৈতে জড়িত ।


    ২০। শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

    (ক) তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ? 

    (১) নদ-নদী 

    (২) খনিজ তেল 

    (৩) জলসিঞ্চন নলা 

    (৪) অৰণ্য

    উত্তৰ: (৩) জলসিঞ্চন নলা

    (খ) তলৰ কোনটো অজীৱীয় সম্পদ? 

    (১) বায়ু 

    (২) গছ-গছনি 

    (৩) জীৱ-জন্তু 

    (৪) ভেঁকুৰ

    উত্তৰ: (১) বায়ু

    (গ) তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ?

    (১) বায়ু 

    (২) পানী 

    (৩) শস্য 

    (৪) কয়লা

    উত্তৰ: (৪) কয়লা

    (ঘ) তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? 

    (১) এশিঙীয়া গঁড় 

    (২) নল গাহৰি 

    (৩) জিৰাফ 

    (৪) মিথুন

    উত্তৰ: (২) নল গাহৰি

    (ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? 

    (১) UNESCO 

    (২) UNO 

    (৩) WWF 

    (৪) UNEP

    উত্তৰ: (১) UNESCO

    অর্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ

    Download OMR SHEET














































































































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website