Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    অধ্যায়ঃ ২

    আন্তর্জাতিক সংস্থা- ৰাষ্ট্রসংঘ আৰু অন্যান্য

    ১. পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ
    NEW ➤
    ২. সম্পূৰ্ণ অধ্যায়ৰ ১০০ টা MCQ Practice
    NEW ➤


    অতি চমু উত্তৰৰ প্ৰশ্ন :

    ১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?

    উত্তৰ: ১৯৩৯ চনত সংঘটিত হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহতা আৰু অবর্ণনীয় ধ্বংসলীলাই বিশ্ববাসীক ভয়ার্ত কৰি তুলিছিল । সেয়েহে বিশ্বত শান্তি স্থাপন কৰা, যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়া আৰু আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহৰ শান্তিপূর্ণ সমাধান উলিওৱাৰ উদ্দেশ্যে ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল ।

    ২। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

    উত্তৰ: ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰথম অনুচ্ছেদত উল্লেখ থকা দুটা উদ্দেশ্য হ'ল—

    • আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা ।


    • সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা ।


    ৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।

    উত্তৰ: ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ ছটা হ'ল— 

    (১) সাধাৰণ সভা, 

    (২) নিৰাপত্তা পৰিষদ, 

    (৩) অর্থনৈতিক আৰু সামাজিক পৰিষদ, 

    (৪) ন্যাসৰক্ষী পৰিষদ, 

    (৫) আন্তর্জাতিক ন্যায়ালয় আৰু 

    (৬) সচিবালয় ।

    ৪। ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।

    উত্তৰ: ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সি বা অভিকৰণ হ'ল—

    • বিশ্ব স্বাস্থ্য সংস্থা (WHO) ।


    • ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (UNICEF) ।


    ৫। নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।

    উত্তৰ: নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন উল্লেখযোগ্য চুক্তি হ'ল—

    • পাৰমাণবিক অস্ত্র সংকোচন চুক্তি (Nuclear Non-proliferation Treaty, ১৯৬৮) ।


    • পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (Comprehensive Test Ban Treaty বা CTBT, ১৯৯৬) ।

    ৬। মানৱ অধিকাৰ মানে কি বুজা?

    উত্তৰ: বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মর্যাদাপূর্ণ জীৱন যাপন কৰিবলৈ যিবোৰ অধিকাৰৰ প্ৰয়োজন, তাকেই মানৱ অধিকাৰ বুলি কোৱা হয় । এই অধিকাৰসমূহে ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ সুবিধা কৰি দিয়ে আৰু ইয়াৰ জৰিয়তে মানুহে এক নিৰাপদ তথা সন্মানীয় জীৱন অতিবাহিত কৰিব পাৰে ।

    দীঘল উত্তৰৰ প্ৰশ্ন :

    ১। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।

    উত্তৰ: ৰাষ্ট্ৰসংঘৰ চনদত মুঠ চাৰিটা মূল উদ্দেশ্য আৰু কেইবাটাও গুৰুত্বপূৰ্ণ নীতি উল্লেখ কৰা হৈছে।

    ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ হ'ল:

    • আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰা।

    • ৰাষ্ট্ৰসমূহৰ মাজত সমান অধিকাৰ আৰু বন্ধুত্বপূর্ণ সম্পৰ্ক স্থাপন কৰা।

    • আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যা সমাধান কৰা তথা মানৱ অধিকাৰ সুৰক্ষিত কৰা।

    • এই উমৈহতীয়া লক্ষ্যসমূহ পূৰণৰ বাবে এক সংযোগ কেন্দ্ৰ হিচাপে কাম কৰা।

    ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ হ'ল:

    • সকলো সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌমত্বৰ নীতি মানি চলা।

    • সকলো আন্তঃৰাষ্ট্ৰীয় বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰা।

    • আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত কোনো ৰাষ্ট্ৰই বল প্ৰয়োগ বা শক্তি প্ৰয়োগ কৰিব নোৱাৰা।

    • ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা যিকোনো ব্যৱস্থাত সদস্য ৰাষ্ট্ৰসমূহে সহায় কৰিব লাগিব।

    • ৰাষ্ট্ৰসংঘই কোনো দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।

    ২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা।

    উত্তৰ: নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ । ইয়াৰ মূল দায়িত্ব হ'ল বিশ্বত শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

    • সদস্য সংখ্যা: নিৰাপত্তা পৰিষদত মুঠ ১৫ জন সদস্য থাকে। ইয়াৰে ৫ খন স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু ১০ খন অস্থায়ী সদস্য ৰাষ্ট্ৰ ।

    • স্থায়ী সদস্য: আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন হ’ল ইয়াৰ স্থায়ী সদস্য ।

    • ভেটো ক্ষমতা: স্থায়ী সদস্যসকলৰ 'ভেটো' (Veto) প্ৰয়োগৰ বিশেষ ক্ষমতা থাকে। কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ ৫ জন স্থায়ী সদস্যই সন্মতি দিয়াটো বাধ্যতামূলক। যদিহে কোনো এজন স্থায়ী সদস্যই বিপক্ষ ভোট দিয়ে, তেন্তে সেই সিদ্ধান্ত গ্ৰহণ নহয় ।

    • অস্থায়ী সদস্য: অস্থায়ী সদস্যসকলক সাধাৰণ সভাই ২ বছৰৰ বাবে নিৰ্বাচিত কৰে ।


    ৩। বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।

    উত্তৰ: ১৯৪৫ চনত প্ৰতিষ্ঠা হোৱাৰ পৰা ৰাষ্ট্ৰসংঘই বিশ্বত শান্তি বজাই ৰাখিবলৈ বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে:

    1. নিৰস্ত্ৰীকৰণ: যুদ্ধৰ পৰিৱেশ নোহোৱা কৰিবলৈ ৰাষ্ট্ৰসংঘই ১৯৫২ চনত 'নিৰস্ত্ৰীকৰণ আয়োগ' গঠন কৰিছিল ।
    2. আন্তঃৰাষ্ট্ৰীয় চুক্তি: পাৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰ ৰোধ কৰিবলৈ আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি (১৯৬৩), পাৰমাণবিক অস্ত্র সংকোচন চুক্তি (১৯৬৮), আৰু ১৯৯৬ চনৰ CTBT আদি বিভিন্ন চুক্তি সম্পাদন কৰিছে ।
    3. প্ৰতিৰোধমূলক কূটনীতি: ২০০৭ চনত ৰাষ্ট্ৰসংঘই 'প্ৰতিৰোধমূলক কূটনীতি' (Preventive Diplomacy) নামৰ এক পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ জৰিয়তে বিবাদসমূহ অধিক ভয়াৱহ হোৱাৰ আগতেই আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ চেষ্টা কৰা হয় ।
    4. শান্তিৰ বাতাবৰণ: সত্তৰ বছৰতকৈও অধিক কাল ধৰি বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ দৰে বৃহৎ পৰিস্থিতি সৃষ্টি হোৱাত বাধা দিয়াই ৰাষ্ট্ৰসংঘৰ অন্যতম ডাঙৰ সাফল্য ।

    ৪। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।

    উত্তৰ: ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা মৰ্মে ভাৰতবৰ্ষত ১৯৯৩ চনৰ ১২ অক্টোবৰত 'ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ' গঠন কৰা হয় ।

    • আইন: ১৯৯৪ চনৰ ৮ জানুৱাৰীত ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰা 'মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩'ৰ অধীনত এই আয়োগ পৰিচালিত হয় ।

    • গঠন: এই আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগে । ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষজ্ঞ ব্যক্তিসকল ইয়াৰ সদস্য থাকে ।

    • কাৰ্যকাল: আয়োগৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে ৫ বছৰৰ বাবে নিযুক্তি দিয়ে ।

    • ভূমিকা: ভাৰতত মানৱ অধিকাৰ উলংঘন হ’লে আয়োগে সেইবোৰ পৰ্যালোচনা কৰি চৰকাৰক প্ৰতিবেদন দাখিল কৰে আৰু নাগৰিকৰ অধিকাৰৰ 'অতন্দ্ৰ প্ৰহৰী' হিচাপে কাম কৰে ।

    ৫। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা।

    উত্তৰ: ৰাষ্ট্ৰসংঘই জন্মলগ্নৰে পৰাই মানৱ অধিকাৰ ৰক্ষাৰ দিশত বিশেষ গুৰুত্ব দি আহিছে:

    1. মানৱ অধিকাৰ ঘোষণাপত্র: ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 'মানৱ অধিকাৰ ঘোষণাপত্র' গ্ৰহণ কৰে । ইয়াৰ জৰিয়তে বিশ্বৰ প্ৰতিজন মানুহৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ চিনাক্ত কৰা হয় ।
    2. মানৱ অধিকাৰ দিৱস: ১০ ডিচেম্বৰৰ দিনটো সমগ্ৰ বিশ্বতে 'মানৱ অধিকাৰ দিৱস' হিচাপে পালন কৰি ইয়াৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয় ।
    3. আয়োগ গঠন: ১৯৪৬ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়, যিয়ে মানৱ অধিকাৰ উলংঘাৰ অভিযোগবোৰ গ্ৰহণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰে ।
    4. সদস্য ৰাষ্ট্ৰলৈ নিৰ্দেশ: ৰাষ্ট্ৰসংঘই প্ৰতিখন সদস্য ৰাষ্ট্ৰক নিজা নিজা দেশত মানৱ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ।

    আন্তর্জাতিক সংস্থা- ৰাষ্ট্রসংঘ আৰু অন্যান্য অধ্যায়ৰ ১০০ টা প্ৰশ্ন

    Download OMR SHEET


    ৰাষ্ট্ৰসংঘ আৰু আন্তর্জাতিক সংস্থা - ১০০ MCQ


























































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website