Skip to Content
NoteSL
  • Home
  • Notification
  • Privacy Policy
  • About
  • Terms and Condition's
  • Student Helping
NoteSL
      • Home
      • Notification
      • Privacy Policy
      • About
      • Terms and Condition's
      • Student Helping

    পাঠঃ ৬

    উদ্যোগী হওঁ আহাঁ


    প্ৰশ্নাৱলী: ভাৱ-বিষয়ক

    ১। অতি চমু উত্তৰ দিয়া:

    (ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি?

    উত্তৰ: দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী ।

    (খ) শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?

    উত্তৰ: শ্ৰেণী-শিক্ষকগৰাকীয়ে এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে, সেই বিষয়টো আলোচনা কৰিবলৈ লৈছিল ।

    (গ) এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি?

    উত্তৰ: এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধানটো হ’ল ‘এলাহ’ ।

    (ঘ) এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্রয়োজন?

    উত্তৰ: এজন সফল উদ্যোগী হ’বলৈ ধৈৰ্য্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন ।

    (ঙ) ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?

    উত্তৰ: বিজ্ঞাপনটোত কোৱা কথাটো হ’ল— ‘Eat cricket, sleep cricket, dream cricket, drink cricket’ ।

     (চ) নাৰায়ণ মূৰ্তি কোন?

    উত্তৰ: নাৰায়ণ মূৰ্তি হ’ল বিশ্ববিখ্যাত তথ্য-প্ৰযুক্তি কোম্পানী ‘ইনফ’চিচ’ (Infosys) ৰ প্ৰতিষ্ঠাপক আৰু এজন সফল ভাৰতীয় উদ্যোগী ।

     (ছ) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?

    উত্তৰ: বিজিতে কৈছিল যে উদ্যোগীসকল হ’ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয় ।

    (জ) প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?

    উত্তৰ: প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে ‘জোতা চিলাইৰ পৰা চণ্ডী পাঠ’লৈকে সকলো কাম কৰিবলৈ সাজু থাকিব লাগিব ।

    (ঝ) টমাচ আলফা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?

    উত্তৰ: তেওঁ কৈছিল, “মই বিফল হোৱা নাই। মাত্ৰ বুজিলোঁ যে ১০০০০ ধৰণে ই কাম নকৰে” ।

    ২। চমুকৈ বুজাই লিখা:

    (ক) ‘উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান’—শিক্ষকগৰাকীয়ে কিয় এইদৰে ক’লে বুজাই লিখা। 

    উত্তৰ: শিক্ষকগৰাকীয়ে কৰ্ম তৎপৰতাৰ গুৰুত্ব বুজাবলৈ এইষাৰ কথা কৈছে। এজন উদ্যোগী ব্যক্তি সাহসী সিংহৰ দৰে, যিয়ে এলাহ পৰিহাৰ কৰি নিজৰ লক্ষ্যত উপনীত হ’বলৈ অহৰহ চেষ্টা কৰে। ইয়াৰ বিপৰীতে যিসকল লোকে কাম নকৰি কেৱল এলাহ কৰি বহি থাকে, তেওঁলোক কাপুৰুষৰ দৰে। উদ্যোগী আৰু নিবনুৱাৰ মাজত থকা প্ৰধান পাৰ্থক্যটোৱেই হ’ল এলাহ ।

    (খ) সফল উদ্যোগী হ’বলৈ কিয় কঠিন? 

    উত্তৰ: উদ্যোগী হোৱাটো সহজ হ’লেও সফল উদ্যোগী হোৱাটো কঠিন কাৰণ ইয়াৰ বাবে কেৱল ডিগ্ৰী নহয়, কিছুমান বিশেষ চৰিত্ৰগত গুণৰ প্ৰয়োজন হয়। এজন সফল উদ্যোগী হ’বলৈ যি ধৈৰ্য্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা আৰু বিশেষকৈ বিফলতাৰ পাছতো হাৰ নমনা মানসিকতা লাগে, সেইবোৰ সকলোৰে নাথাকে ।

    (গ) এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। 

    উত্তৰ: চাইকেল শিকিবলৈ লওঁতে মানুহ বহুবাৰ পৰি যায়, হাত-ভৰিৰ ছাল-বাকলি এৰায়। যিয়ে পৰাৰ ভয়ত চেষ্টা এৰি দিয়ে তেওঁ কোনোদিনে চাইকেল চলাব নোৱাৰে। উদ্যোগী হোৱাৰ পথটোও তেনেকুৱাই। ইয়াতো প্ৰথম অৱস্থাত বহু বিফলতা আহিব পাৰে। যিয়ে বিফলতাক ভয় নকৰি বাৰে বাৰে চেষ্টা কৰি থাকে, তেওঁহে চাইকেল শিকাৰ দৰে এদিন এজন সফল উদ্যোগী হ’বলৈ সক্ষম হয় ।

    (ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা।

    উত্তৰ: যিসকল ব্যক্তিয়ে নিজৰ ইচ্ছামতে সময়সূচী ঠিক কৰি, নিজৰ উদ্ভাৱনী শক্তি আৰু কৰ্মশক্তিৰে কিবা এটা নতুন ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰে, তেওঁলোকেই হ’ল উদ্যোগী। তেওঁলোকে কেৱল নিজৰ বাবে উপাৰ্জন নকৰে, বৰঞ্চ সমাজত আনৰ বাবেও কৰ্মসংস্থাপনৰ সৃষ্টি কৰে। এজন শিল্পী, ৰেষ্টুৰেণ্টৰ মালিক বা বিউটি পাৰ্লাৰ চলোৱা ব্যক্তিও একোজন উদ্যোগী হ'ব পাৰে ।

    ৩। ইনফোচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।

    উত্তৰ: ইনফ’চিচ কোম্পানীৰ প্ৰতিষ্ঠাপক হ’ল নাৰায়ণ মূৰ্তি । তেওঁ কৰ্ণাটকৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল । অভিযান্ত্ৰিক শিক্ষাৰ পাছত তেওঁ প্ৰথমতে ‘Softronics’ নামৰ এটা কোম্পানী খুলিছিল যদিও সেয়া ডেৰ বছৰৰ পাছতে দেউলীয়া হৈ বন্ধ হৈ যায় । বিফল হৈ তেওঁ পুনৰ চাকৰিত যোগ দিয়ে যদিও উদ্যোগী হোৱাৰ হেঁপাহ এৰা নাছিল । পাছত পত্নীৰ পৰা ১০,০০০ টকা লৈ বন্ধুৰ সৈতে ‘Infosys’ আৰম্ভ কৰে । বহু বাধা-বিঘিনি নেওচি নব্বৈৰ দশকত ভাৰতীয় অৰ্থনীতি মুকলি হোৱাৰ সুযোগ গ্ৰহণ কৰি তেওঁ ইনফ’চিচক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ কোম্পানী হিচাপে গঢ়ি তোলে ।

    ৪। “ছাৰ, এজন উদ্যোগী হ’বৰ বাবে শিক্ষাগত অর্হতা কেনেধৰণৰ হ’ব লাগিব?”—এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।

    উত্তৰ: এই প্ৰশ্নটো প্ৰীতম নামৰ ছাত্ৰজনে সুধিছিল । শিক্ষকে উত্তৰত কৈছিল যে শিক্ষাগত অৰ্হতাটো এজন ব্যক্তিয়ে কোনটো দিশত উদ্যোগী হ’ব বিচাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে । উদাহৰণস্বৰূপে, এখন ধাবা বা শাক-পাচলিৰ দোকান খুলিবলৈ বিশেষ ডিগ্ৰী নালাগে, মাথোঁ বুদ্ধি আৰু সাধাৰণ জ্ঞান লাগে । কিন্তু তথ্য-প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত সফল হ’বলৈ অভিযান্ত্ৰিক ডিগ্ৰী বা MBA ৰ প্ৰয়োজন । আকৌ হস্পিটেল এখন খুলিবলৈ নিজে ডাক্তৰ হোৱাটো প্ৰয়োজনীয় ।

    ৫। “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।”—কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।

    উত্তৰ: যিকোনো ব্যক্তিয়ে কোনো কাম বা ব্যৱসায় আৰম্ভ কৰি নিজকে এজন উদ্যোগী বুলি পৰিচয় দিব পাৰে । কিন্তু সেই ব্যৱসায়টোক সফলতাৰ শিখৰলৈ লৈ যোৱাটো অত্যন্ত কঠিন। ইয়াৰ বাবে ধৈৰ্য্যশীলতা বা ‘perseverance’ ৰ প্ৰয়োজন । এজন উদ্যোগীয়ে প্ৰথম অৱস্থাত সকলো ধৰণৰ সৰু-বৰ কাম নিজে কৰিবলৈ সাজু থাকিব লাগে । বহু সময়ত বছৰৰ পাছত বছৰ বিফলতাৰ সন্মুখীন হ’ব লগা হ’ব পাৰে (যেনে আলেকজেণ্ডাৰ গ্ৰাহাম বেল বা চেষ্টাৰ কাৰ্লচন)। যিয়ে এই কঠিন সময়খিনি পাৰ কৰিব পাৰে, তেওঁহে সফল উদ্যোগী হ’ব পাৰে ।

    ৬। “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধন নাছিল।”—ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অর্হতা নোহোৱাকৈ কেনেকৈ এজন সফল উদ্যোগী হ’ব পাৰিছিল, বৰ্ণনা কৰা।

    উত্তৰ: ধীৰুভাই আম্বানীয়ে কেৱল মেট্ৰিকলৈকেহে পঢ়িছিল আৰু প্ৰথম অৱস্থাত পেট্ৰ’ল পাম্পত কাম কৰিছিল । কিন্তু তেওঁৰ মনত এজন উদ্যোগী হোৱাৰ দুৰ্বাৰ হাবিয়াস আছিল । তেওঁৰ হাতত নিজা মূলধন নাছিল যদিও তেওঁ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছিল আৰু সেই লাভাংশ অংশীদাৰসকলৰ মাজত বিতৰণ কৰিছিল । মুম্বাইৰ এটা সৰু ৩৫০ বৰ্গফুটৰ কোঠাৰ পৰা আৰম্ভ কৰা ‘ৰিলায়েন্স কমাৰ্চিয়েল কৰ্প’ৰেশ্যন’ পৰৱৰ্তী সময়ত ‘ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ’ নামেৰে বিখ্যাত হয় । তেওঁৰ মতে ডাঙৰকৈ ভবা আৰু আনতকৈ আগতকৈ ভবাৰ শক্তিয়েহে মানুহক সফল কৰে, মূলধনৰ অভাৱ কেতিয়াও বাধা হ’ব নোৱাৰে ।

    ৭। ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্রস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়? 

    উত্তৰ: ছাত্ৰ-ছাত্ৰীসকলে কেৱল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰি ছাত্ৰ অৱস্থাৰে পৰা মানসিকভাৱে প্ৰস্তুত হোৱা উচিত। ইয়াৰ বাবে বিভিন্ন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত থকা ‘উদ্যোগী কোষ’ (Entrepreneur Cell) সমূহৰ কৰ্মশালা আৰু প্ৰশিক্ষণত যোগদান কৰিব লাগে । ইয়াৰ উপৰিও চৰকাৰী আঁচনি যেনে ‘Startup India’ বা ‘মুদ্ৰা ঋণ’ আদিৰ বিষয়ে জ্ঞান আহৰণ কৰিব লাগে । নিজৰ ভিতৰত সৃজনশীলতা, আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধি কৰিবলৈ যত্ন কৰিব লাগে ।

    ৯। সমার্থক শব্দ লিখা:

    উত্তৰ:

    • প্ৰভত: পুৱা, ৰাতিপুৱা।

    • কঠিন: টান, দুৰূহ।

    • এলেহুৱা: অলস, সোৰোপ।

    • ডাঙৰ: বৃহৎ, ডাঙৰ-দীঘল।

    • চেষ্টা: যত্ন, প্ৰয়াস।

    • লগৰীয়া: বন্ধু, সতীৰ্থ।

    • লক্ষ্য: উদ্দেশ্য, লক্ষ্যস্থান।

    • নিৰৱচ্ছিন্ন: অবিৰত, একেৰাহে।

    • হাবিয়াস: ইচ্ছা, হেঁপাহ।

    • সপোন: স্বপ্ন।

    ১০। বিপৰীতার্থক শব্দ লিখা:

    উত্তৰ:

    • নতুন: পুৰণি।

    • ক্ষুদ্ৰ: বৃহৎ।

    • সফল: বিফল।

    • কৰ্মহীন: কৰ্মঠ।

    • এলেহুৱা: উদ্যোগী।

    • সহজ: কঠিন।

    • সপোন: দিঠক।

    • সুবিধা: অসুবিধা।

    • আৰম্ভ: শেষ।

    • জন্ম: মৃত্যু।

    • সমান: অসমান।

    ১৩। লিংগ পৰিবৰ্তন কৰা:

    উত্তৰ:

    • শিক্ষক: শিক্ষয়িত্ৰী।

    • ছাত্ৰ: ছাত্ৰী।

    • ছাত্ৰী: ছাত্ৰ।

    • পুৰুষ: মহিলা / নাৰী।

    • বন্ধু: বান্ধবী।














    Hi! Any problem?
    Click to send message.
    👋
    Store
    Shop
    Buy Book
    Book
    YouTube
    YT
    Instagram
    Insta
    WhatsApp
    WA
    Home
    Home
    Class
    Class
    FYUGP
    FYUGP
    Mock Test
    Mock Test

    🚨 Submit Complaint 🚨

    NoteSL

    We offer a unique, engaging experience that empowers students to become truly self-sufficient. By providing instant, high-quality solutions to every academic doubt, we remove learning roadblocks in real-time. Our mission is to transform the educational journey into a seamless, independent, and rewarding path toward mastery for every learner.

    notestudylearn@gmail.com

    Quicks Links

    About Us

    Privacy Policy

    Terms & Conditions

    Contact Us

    Affiliate Disclosure

    We share educational news & study materials on social media.

    Copyright © 2026 NoteSL

    Powered by Odoo - Create a free website