তিৱাসকল
প্ৰশ্নাৱলী :
১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক?
উত্তৰ: ভাষিক দিশৰ পৰা তিৱাসকল ইন্দো-চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষা-গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ 'বড়ো' থালৰ লোক ।
২। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি?
উত্তৰ: তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰসমূহ হ'ল:
- চামৰাৰ বাদ্য: খ্ৰাম্ (ঢোল), খাম্ খুজুৰা, খাম্ পান্থাই, দুন্দং, দগৰ আৰু পাতিঢোল ।
- বাঁহৰ বাদ্য: ৱাফাং গ্ৰাম আৰু থৰৰক ।
- ফুঁ দি বজোৱা বাদ্য: পাংশী (বাঁহী), থোৰাং, ম'হৰ শিঙৰ পেঁপা আৰু মুহুৰি ।
- তাল: খায়াং ।
৩। তিৱা সমাজত ‘জেলা’ বুলি কাক কোৱা হয়?
উত্তৰ: তিৱা সমাজৰ ভৈয়াম অঞ্চলত 'খেল'ৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক 'জেলা' বুলি কোৱা হয় । আনহাতে, পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীজনকো 'জেলা' বুলি অভিহিত কৰা হয় ।
৪। তিৱাসকলৰ কেইটামান উৎসৱৰ নাম লিখা।
উত্তৰ: তিৱাসকলৰ কেইটামান উল্লেখযোগ্য উৎসৱ হ'ল— রানছুৱা, ছগ্ৰা, য়াংলী, মুইনাৰী কাণ্ঠি, লাংখন, মাই পথালা, মাই ৰাৱা, খাপ্লাং ৰাৱানে ফুজা, পান্থাইচ্যৱা, জোনবিল মেলা, বৰত্ গোসাই উলিওৱা মেলা আৰু বিহু (বহাগ, মাঘ আৰু কাতি বিহু) ।
৫। ফুলগুৰিৰ ধেঁৱা কি?
উত্তৰ: 'ফুলগুৰি ধেৱা' হ'ল ১৮৬১ চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমত সংঘটিত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ । এই বিদ্ৰোহৰ জন্ম দিছিল আৰু নেতৃত্ব বহন কৰিছিল তিৱাসকলে । বিদ্ৰোহৰ অপৰাধত ব্ৰিটিছে চোৱাবৰ লালুঙকে ধৰি বহু লোকক ফাঁচী দিছিল আৰু এঘাৰজন লোকক দ্বীপান্তৰিত কৰিছিল ।
৬। চমুটোকা লিখা :
(ক) ইন্দ্ৰচিং দেউৰী
উত্তৰ: তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্ৰাম কৰা অন্যতম ব্যক্তিগৰাকী হ’ল ইন্দ্ৰচিং দেউৰী । তেওঁৰ জন্ম ১৯৩২ চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখৈপাৰ গাঁৱত হৈছিল । তেওঁৰ পিতৃৰ নাম মালচিং পোমা আৰু মাতৃৰ নাম মামা আমচি । অৰ্থৰ অভাৱত তেওঁ অষ্টম শ্ৰেণীতেই শিক্ষা জীৱন সামৰিব লগা হৈছিল । ১৯৪৯ চনত তেওঁ ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সংস্পৰ্শলৈ আহে আৰু তিৱাসকলৰ সামাজিক তথা ৰাজনৈতিক দুৰৱস্থাৰ কথা অনুভৱ কৰে । যদিও ১৯৫১ চনত তেওঁ পশুপালন বিভাগত চাকৰি কৰিছিল, কিন্তু জাতিটোৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে চাকৰি ইস্তফা দি পুনৰ সমাজ সেৱাত ব্ৰতী হয় । ইন্দ্ৰচিং দেউৰীৰ নেতৃত্বতে ১৯৬০ চনত 'তিৱাচা মিচন' আৰু ১৯৬৭ চনত 'লালুং দৰবাৰ' নামৰ সংগঠন দুটাৰ জন্ম হৈছিল । তেওঁ তিৱা সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰোৱা আৰু শিক্ষাৰ পোহৰ বিলোৱাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল । ৰাজনৈতিক ক্ষেত্ৰত তেওঁ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ আৰু পিছলৈ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল । তেওঁ আছিল একাধাৰে সংগঠক, লেখক, গীতিকাৰ আৰু সুৰকাৰ । তেওঁৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত 'তিৱা তচিমা' গীতটোক তিৱাসকলে জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছে । তেওঁৰ অপৰিসীম অৱদানৰ বাবেই পাহাৰৰ তিৱাসকলে তেওঁক 'ফা পৰৈ' বা 'জাতিৰ পিতা' বুলি সম্বোধন কৰে । ১৯৯৪ চনৰ ২০ আগষ্টত এইগৰাকী মহান ব্যক্তিৰ মৃত্যু হয় ।
(খ) বলাইৰাম সেনাপতি।
উত্তৰ: অসমৰ সাহিত্য-সংস্কৃতি জগতৰ এগৰাকী সু-প্ৰতিষ্ঠিত লেখক আৰু সংস্কৃতিৰ সাধক হ’ল বলাইৰাম সেনাপতি । তেওঁৰ জন্ম ১৯৩১ চনৰ ৩ মাৰ্চত নগাঁও জিলাৰ বাৰপূজীয়া গাঁৱত হৈছিল । পিতৃ বগাৰাম সেনাপতি আৰু মাতৃ পদ্মেশ্বৰী বৰদলৈৰ পুত্ৰ বলাইৰামে আৰ্থিক কাৰণত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে । তেওঁ শিক্ষকতাৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত কৃষি কৰ্মত মনোনিবেশ কৰে । ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য-সংস্কৃতিৰ প্ৰতি অনুৰাগ থকা সেনাপতিয়ে তিৱা লোকগীতৰ স্বৰলিপি প্ৰস্তুত কৰি এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে । তেওঁৰ বেছিভাগ সাহিত্য অসমীয়া ভাষাত ৰচিত যদিও তাৰ মাজেৰে তেওঁ তিৱা সাহিত্য-সংস্কৃতিক সমৃদ্ধ কৰি গৈছে । তেওঁ 'তিৱা কৃষ্টি সন্থা' গঠনত বিশেষ ভূমিকা পালন কৰিছিল । তেওঁ ২০০০ চনত 'তিৱা মাথনলাই তথ্ৰা' (তিৱা সাহিত্য সভা)ৰ সভাপতিৰ আসন অলংকৃত কৰিছিল । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল— 'অতীতৰ সন্ধানত', 'পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত' আৰু 'তিৱা জনগোষ্ঠীয় সংস্কৃতিত আলোকপাত' । ইয়াৰ উপৰিও তেওঁ ৰচনা কৰা কেইবাখনো গীতি-আলেখ্য আকাশবাণীৰ জৰিয়তে প্ৰচাৰিত হৈছে, যাৰ ভিতৰত 'ফুলগুৰিৰ ধেৱা' অন্যতম । সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক অসম চৰকাৰে সাহিত্যিক পেঞ্চন আৰু বিভিন্ন অনুষ্ঠানে 'ড° সূৰ্য্য কুমাৰ ভূঞা বঁটা' তথা 'বকুল বন বঁটা'ৰে সন্মানিত কৰে । ২০১৪ চনৰ ১১ মে’ত তেওঁ মৃত্যুবৰণ কৰে ।
দেউৰীসকল
প্ৰশ্নাৱলীৰ উত্তৰ
১। দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল?
উত্তৰ: দেউৰীসকলৰ আদিম বাসস্থান আছিল বৰ্তমান অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ অন্তৰ্গত জৈদাম পাহাৰৰ আশে-পাশে । তেওঁলোকে শদিয়া অঞ্চলত বহু বছৰ ধৰি বসবাস কৰি আছিল ।
২। দেউৰীসকলে সামাজিকভাৱে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা।
উত্তৰ: দেউৰীসকল সামাজিকভাৱে চাৰিটা খেলত বিভক্ত । সেইকেইটা হ’ল—
ডিবঙীয়া
টেঙাপনীয়া
বৰগঞা
পাটৰগঞা
৩। শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোনকেইখন জিলাত বাস কৰিবলৈ লৈছিল? বৰ্তমান অসমৰ কেইখন জিলাত তেওঁলোক বসবাস কৰি আছে?
উত্তৰ: শদিয়াৰ পৰা প্ৰব্ৰজন কৰি আহি দেউৰীসকলে প্ৰথমতে তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাত বাস কৰিবলৈ লৈছিল । বৰ্তমান তেওঁলোক উজনি অসমৰ ৮ খন জিলাত বসবাস কৰি আছে । জিলাকেইখন হ’ল— তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজী, লখিমপুৰ আৰু বিশ্বনাথ জিলা ।
৪। দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে?
উত্তৰ: দেউৰীসকলে নিজকে 'জিম'চণায়া' বুলি চিনাকি দিয়ে ।
৫। দেউৰী ভাষা তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা-পৰিয়ালত অন্তৰ্ভুক্ত? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে?
উত্তৰ: দেউৰী ভাষা তিব্বত-বৰ্মী ভাষা-পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্গত । ২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে ।
৬। দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম উল্লেখ কৰা।
উত্তৰ: দেউৰীসকলে পালন কৰা চাৰিটা উৎসৱৰ নাম হ’ল—
বিবা বচু গিবা মেচ্চু (বসন্ত আদৰণি উৎসৱ)
চিগাদাগাৰেবা বিচু
মিদি দেৰুবা মেচ্চু (ৰাজ কেবাং)
শাওণীয়া পূজা (ইয়াৰ উপৰিও তেওঁলোকে ৰঙালী, মাঘ আৰু কাতি বিহুও পালন কৰে )।
৭। দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী?
উত্তৰ: দেউৰীসকল 'কুন্দি' ধৰ্মৰ বিশ্বাসী । তেওঁলোকৰ উপাস্য দেৱতা হ’ল 'কুন্দিমামা' । ইয়াত 'কুন্দি' মানে পৰম পুৰুষ পৰমেশ্বৰ আৰু 'মামা' মানে প্ৰকৃতিক বুজোৱা হৈছে ।
৮। চমুটোকা লিখা :
(ক) ভীমবৰ দেউৰী
উত্তৰ: জননেতা ভীমবৰ দেউৰী আছিল অসমৰ জাতীয় সত্তা প্ৰতিষ্ঠা কৰিবলৈ জীৱন উৎসৰ্গা কৰা এজন বিৰল ব্যক্তিত্বৰ অধিকাৰী । ১৯০৩ চনৰ ১৬ মে'ত শিৱসাগৰ জিলাৰ পাণিদিহিং অঞ্চলৰ বৰগঞা দেউৰী গাঁৱত তেওঁৰ জন্ম হয় । তেওঁৰ পিতৃৰ নাম গদৰাম দেউৰী আৰু মাতৃৰ নাম বাজতী দেউৰী আছিল । তেওঁ এগৰাকী অত্যন্ত মেধাৱী ছাত্ৰ আছিল আৰু ১৯৩১ চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হৈছিল ।ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। ১৯৩৩ চনত তেওঁৰ নেতৃত্বতে 'ট্ৰাইবেল লীগ' (Assam Backward Plains Tribal League) গঠিত হয় আৰু তেওঁ ইয়াৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল । ১৯৪৬ চনত তেওঁ গোপীনাথ বৰদলৈৰ কংগ্ৰেছ মন্ত্ৰীসভাত বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৪৭ চনত অসমক পাকিস্তানৰ সৈতে চামিল কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে তেওঁ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল । বহিৰাগত প্ৰব্ৰজন ৰোধ, প্ৰাকৃতিক সম্পদ ৰক্ষা আৰু পিছপৰা জনজাতিসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত তেওঁৰ বিশেষ অৱদান আছিল । মাত্ৰ ৪৪ বছৰ বয়সত, ১৯৪৭ চনৰ ৩০ নবেম্বৰত এই মহান জননেতাজনে মৃত্যুবৰণ কৰে ।
(খ) ৰাধাকান্ত দেউৰী
উত্তৰ: ৰাধাকান্ত দেউৰী আছিল দেউৰী ভাষা-সংস্কৃতিৰ এজন অগ্ৰণী গৱেষক পণ্ডিত আৰু সাহিত্যিক । ১৯৩১ চনৰ ১ জুনত লক্ষীমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত তেওঁৰ জন্ম হয় । তেওঁৰ পিতৃ আদিচন দেউৰী আৰু মাতৃ তাইবা দেউৰী আছিল । ঘৰৰ আৰ্থিক অৱস্থা বিশেষ ভাল নোহোৱা সত্ত্বেও তেওঁ অতি কষ্টৰ মাজেৰে শিক্ষা গ্ৰহণ কৰি ১৯৫৮ চনত স্নাতক ডিগ্ৰী লাভ কৰে । কৰ্মজীৱনত তেওঁ এজন শিক্ষক আছিল। তেওঁ শিৱসাগৰ, শদিয়া আৰু লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল । কিন্তু তেওঁৰ প্ৰকৃত পৰিচয় আছিল এগৰাকী নীৰৱ সাধক হিচাপে। দেউৰী ভাষাৰ জৰিয়তে অসমীয়া সাহিত্য চহকী কৰিবলৈ তেওঁ যথেষ্ট কাম কৰি থৈ গৈছে । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত 'দেউৰী চুবিব' (দেউৰী অভিধান) আৰু ত্ৰি-ভাষিক 'বিাঁ জিমচাঁয়া চুবিব' (আধুনিক দেউৰী শব্দকোষ) অন্যতম । ইয়াৰ উপৰিও 'দেউৰী শব্দ সম্ভাৰ' তেওঁৰ আন এখন মূল্যৱান পুথি । দেউৰী ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত তেওঁৰ অৱদান অসমীয়া সাহিত্যই সদায় স্মৰণ কৰিব।
(গ) বৰ্গৰাম দেউৰী
উত্তৰ: বৰ্গৰাম দেউৰী আছিল দেউৰী সমাজৰ এগৰাকী প্ৰতিষ্ঠিত ৰাজনীতিক, সমাজসেৱক আৰু দক্ষ চিকিৎসক । ১৯৩৮ চনৰ ১ আগষ্টত লক্ষীমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁ কেৱল এম.এচ.চি. (উদ্ভিদ বিজ্ঞান) আৰু এল.এল.বি.-তেই উত্তীৰ্ণ হোৱা নাছিল, বৰঞ্চ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদকসহ হোমিওপেথিক চিকিৎসাৰ ডিগ্ৰীও লাভ কৰিছিল ।তেওঁৰ ৰাজনৈতিক জীৱন আছিল অতি সফল। ১৯৮৩ চনত প্ৰথমবাৰ আৰু ১৯৯১ চনত দ্বিতীয়বাৰৰ বাবে তেওঁ বিহপুৰীয়া সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । তেওঁ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে ভৈয়াম জনজাতি কল্যাণ, ৰেচম আৰু হস্ততাঁত বিভাগৰ দায়িত্ব বহন কৰিছিল । তেওঁৰ কাৰ্যকালতে দেউৰী ভাষাই স্বীকৃতি লাভ কৰে আৰু 'দেউৰী স্বায়ত্ব শাসিত পৰিষদ' গঠিত হয় । তেওঁ জনজাতিসকলৰ বাবে 'জনজাতি জিৰণি চ'ৰা' আৰু 'আকাশী হোষ্টেল' নিৰ্মাণৰ লগতে নিজ গাঁৱত চিকিৎসালয় আদি স্থাপন কৰিছিল । ২০০৪ চনত এইগৰাকী কৰ্মযোগী পুৰুষৰ মৃত্যু হয় ।
(ঘ) শ্ৰীচন্দ্ৰ সিং দেউৰী
উত্তৰ: শ্ৰীচন্দ্ৰ সিং দেউৰী আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী এজন লোক-শিল্পী, খেলুৱৈ আৰু লেখক । ১৯২৭ চনৰ ২৮ এপ্ৰিলত যোৰহাটৰ উপৰ দেউৰী গাঁৱত তেওঁৰ জন্ম হয় । তেওঁৰ পিতৃৰ নাম গোপাল দেউৰী আৰু মাতৃৰ নাম আতবা দেউৰী । ১৯৪৯ চনত পলিটেকনিক হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈ কৰ্মজীৱনৰ মাজতে তেওঁ শ্বিলং কলেজৰ পৰা আই.এ. পৰীক্ষাত উত্তীৰ্ণ হৈছিল । তেওঁ ভাৰত চৰকাৰৰ অনুসূচিত জাতি আৰু জনজাতি বিভাগত চৰকাৰী চাকৰি কৰিছিল যদিও তেওঁৰ বিশেষ ৰাপ আছিল সংস্কৃতিৰ ক্ষেত্ৰত । ১৯৫৯ চনৰ দিল্লী গণৰাজ্য দিৱসত তেওঁৰ নেতৃত্বতে দেউৰী লোক-গীত আৰু নৃত্য প্ৰদৰ্শন কৰা হৈছিল । তেওঁ ১৯৫৯ চনৰ পৰা ১৯৭৫ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰত দেউৰী লোক-গীত পৰিৱেশন কৰিছিল । লেখক হিচাপেও তেওঁ সিদ্ধহস্ত আছিল আৰু 'আৰাও', 'বিচু', 'হিচৰি', 'দেউৰী জনজীৱন' আদি কেইবাখনো পুথি নিজ প্ৰচেষ্টাত প্ৰকাশ কৰি দেউৰী সমাজৰ সাংস্কৃতিক ঐতিহ্যক ধৰি ৰাখিছে ।
নেপালীভাষী গোর্খাসকল
প্ৰশ্নাৱলী :
১। নেপালী বা গোর্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্ৰণ?
উত্তৰ: নেপালীভাষী লোক বা গোর্খাসকল হৈছে আৰ্য-মঙ্গোল-কিৰাত সংমিশ্ৰিত এটা জনসমুদায়।
২। ‘লাল মোহৰীয়া পাণ্ডা’ বুলি ক’লে কি বুজা যায়?
উত্তৰ: প্ৰাচীন ধৰ্মগ্ৰন্থৰ মতে, প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকে কামাখ্যা মন্দিৰত পূজা কৰাবলৈ বৰ্তমান নেপালৰ চুনচৰী জিলাৰ বৰাহ ক্ষেত্ৰৰ পৰা পূজাৰী আনিছিল। এই পূজাৰীসকলকেই পিছলৈ কামাখ্যা মন্দিৰত ‘লাল মোহৰীয়া পাণ্ডা’ হিচাপে জনাজাত হৈ পৰিল।
৩। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিগৰাকীৰ নাম লিখা।
উত্তৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিগৰাকীৰ নাম হ'ল ছবিলাল উপাধ্যায়।
৪। ‘ট্ৰাইবেল বেল্ট এণ্ড ব্লক’ত নেপালীভাষী লোকসকলে কেতিয়া ‘সংৰক্ষিত শ্ৰেণী’ৰ মৰ্যাদা পাইছিল?
উত্তৰ: গোপীনাথ বৰদলৈদেৱৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত ১৯৪৭ চনত গঠন হোৱা ‘ট্ৰাইবেল বেল্ট আৰু ব্লক’ত নেপালীভাষীসকলে অন্যান্য জাতিৰ দৰে ‘সংৰক্ষিত’ শ্ৰেণীৰ মৰ্যাদা পাইছিল।
৫। ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক’ত ক’ত সত্ৰ স্থাপন কৰিছিল?
উত্তৰ: ৰতিকান্ত উপাধ্যায় পোন্ধৰ শতিকাৰ শ্ৰীমন্ত শংকৰদেৱৰ এজন নেপালী ব্ৰাহ্মণ শিষ্য আছিল। তেওঁ বৰ্তমানৰ টিয়ক আৰু নগাঁৱত ‘নেপালী সত্ৰ’ স্থাপন কৰিছিল।
৬। গোর্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি?
উত্তৰ: গোর্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ হ'ল— মহিলাসকলে পালন কৰা ‘তীজ’, পাৰিবাৰিক সম্বন্ধৰ উৎসৱ ‘বড়া দশৈ’ আৰু ভাতৃ-ভগ্নীৰ প্ৰেমৰ উৎসৱ ‘তিহাৰ’।
৭। ‘জম্বুদ্বীপে, আৰ্যাৱৰ্তে, ভাৰতবৰ্ষে, অসম প্ৰান্তে’ বোলা কথাষাৰৰ তাৎপৰ্য কি?
উত্তৰ: এই কথাষাৰে প্ৰাচীন কালৰ পৰাই অসম আৰু নেপালৰ মাজত থকা সু-সম্পৰ্ক আৰু ভৌগোলিক ঐক্যক সূচায়। অসমৰ নেপালীভাষী লোকসকলে বছৰেকীয়া পিতৃশ্রাদ্ধত পিণ্ডদান কৰোঁতে মন্ত্ৰৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি প্ৰাচীন ভাৰতবৰ্ষৰ অংগ হিচাপে নিজকে পৰিচয় দিবলৈ এই কথাষাৰ ব্যৱহাৰ কৰে।
৮। সুগৌলী সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু জনসমষ্টি ভাৰতৰ অন্তৰ্ভুক্ত হৈছিল?
উত্তৰ: সুগৌলী সন্ধি ১৮১৫-১৬ চনত ব্ৰিটিছ আৰু নেপালৰ মাজত হৈছিল। এই সন্ধিৰ মতে, নেপালৰ এক বুজন ভূ-ভাগ আৰু তাত থকা নেপালী নাগৰিকসকল ভাৰতৰ অন্তৰ্ভুক্ত হৈছিল।
৯। চমুটোকা লিখা :
(ক) ছবিলাল উপাধ্যায়
উত্তৰ: ছবিলাল উপাধ্যায় অসমৰ নেপালীভাষী গোর্খা সমাজৰ এজন বৰেণ্য নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল। ১৮৮২ চনৰ ১২ মে'ত বৰ্তমানৰ বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ আনুষ্ঠানিক শিক্ষা মাধ্যমিক পৰ্যায়তে সীমিত আছিল যদিও তেওঁ নিজৰ অধ্যয়ন আৰু দেশপ্ৰেমৰ বলত স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। ১৯১৯ চনত তেজপুৰত অনুষ্ঠিত 'অসম এছোচিয়েচন'ৰ সভাত তেওঁ কাজিৰঙাৰ ওচৰত থকা গোর্খা আৰু মিচিং লোকৰ গৰু-ম'হৰ খুঁটি উচ্ছেদৰ বিৰুদ্ধে সবল প্ৰস্তাৱ উত্থাপন কৰিছিল। ১৯২১ চনৰ ১৮ এপ্ৰিলত যোৰহাটত তেওঁৰ সভাপতিত্বতে অনুষ্ঠিত সভাত 'অসম এছোচিয়েচন'ক অসম প্ৰদেশ কংগ্ৰেছ কমিটি লৈ ৰূপান্তৰিত কৰা হয় আৰু তেওঁ এই কমিটিৰ প্ৰথম সভাপতি নিৰ্বাচিত হয়। কংগ্ৰেছত যোগদান কৰা বাবে ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ব্ৰিটিছে তেওঁক মৌজাদাৰ, কাউঞ্চিলাৰ আদি বিভিন্ন লোভনীয় পদ যাচিছিল যদিও তেওঁ সেই সকলোবোৰ প্ৰত্যাখ্যান কৰি মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনত অংশ লৈ কাৰাবাস খাটিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমক 'চি' গ্ৰুপত অন্তৰ্ভুক্ত কৰা চক্ৰান্তৰ তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল। অসমীয়া সমাজ আৰু সংস্কৃতিৰ সৈতে একাত্ম হৈ থকা এইগৰাকী মহান নেতা সদায় স্মৰণীয়।
(খ) হৰিপ্ৰসাদ গোর্খা ৰায়
উত্তৰ: হৰিপ্ৰসাদ গোর্খা ৰায় অসমীয়া আৰু নেপালী উভয় ভাষাৰ সাহিত্যৰ এগৰাকী বিশিষ্ট কাণ্ডাৰী তথা সমন্বয়ৰ প্ৰতীক আছিল। ১৯১৫ চনৰ ১৫ মাৰ্চত নগালেণ্ডৰ ক'হিমাত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ-মাতৃ আছিল ধনৰাজ ৰায় আৰু যশোদা ৰায়। অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰা ৰায়ে পদ্মনাথ গোহাঞিবৰুৱাৰ সান্নিধ্যত সাহিত্য জগতত খোজ পেলাইছিল। তেওঁৰ নামৰ লগত 'গোর্খা' শব্দটো প্ৰখ্যাত সাহিত্যিক মিত্ৰদেৱ মহন্তই সংযোগ কৰি দিছিল। সাহিত্য চৰ্চাৰ উপৰিও তেওঁ আকাশবাণীৰ জৰিয়তে অসমীয়া আৰু নেপালী সাহিত্যৰ সেৱা আগবঢ়াইছিল। ১৯৩৫ চনত তেওঁ অসমীয়া ভাষাত ৰাজনৈতিক প্ৰবন্ধ লিখিছিল। তেওঁৰ সাহিত্যত পাহাৰৰ জনজাতীয় আৰু অজনজাতীয় জনজীৱনৰ সম্প্ৰীতিৰ চিত্ৰ সুন্দৰকৈ ফুটি উঠিছিল। তেওঁ কেইবাখনো গুৰুত্বপূৰ্ণ অভিধান ৰচনা কৰিছিল, যাৰ ভিতৰত 'মিকিৰ শব্দকোষ', 'অসমীয়া শব্দকোষ' আৰু 'নেপালী শব্দকোষ' অন্যতম। তেওঁৰ দ্বাৰা ৰচিত নেপালী কাব্য-সংকলনসমূহৰ ভিতৰত 'বাবৰী' আৰু 'মনচৰিকো বোলী' উল্লেখযোগ্য। হৰিপ্ৰসাদ গোর্খা ৰায় আছিল এজন প্ৰকৃত সমন্বয়ৰ পূজাৰী।
(গ) দলবীৰ সিং লোহাৰ
উত্তৰ: দলবীৰ সিং লোহাৰ অসমৰ এজন সাহসী স্বাধীনতা সংগ্ৰামী আৰু শ্ৰমিক আন্দোলনৰ অগ্ৰণী নেতা আছিল। ১৯১৫ চনৰ ২৬ জানুৱাৰীত ডিব্ৰুগড়ৰ খলিহামাৰীত তেওঁৰ জন্ম হৈছিল। মাত্ৰ ১৫ বছৰ বয়সতে তেওঁ ৰাষ্ট্ৰীয় আন্দোলনৰ স্বেচ্ছাসেৱক বাহিনীত যোগদান কৰিছিল। ১৯৩০ চনত কৰাচীত অনুষ্ঠিত নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাত তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিল। কানিংহাম চাৰ্কুলাৰৰ বিৰোধিতা কৰা আৰু ব্ৰিটিছৰ গণবিৰোধী নীতিৰ বিৰুদ্ধে মাত মতা বাবে তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল। তেওঁ অস্পৃশ্যতা দূৰীকৰণ আৰু সেৱাদল গঠনত সক্ৰিয় ভূমিকা লৈছিল। লোহাৰ এগৰাকী শক্তিশালী শ্ৰমিক নেতা আছিল আৰু তেওঁ ট্ৰেড ইউনিয়ন গঠনত মনোনিবেশ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধত ভাৰতক জৰিত কৰাৰ বিৰোধিতা কৰা বাবে তেওঁ নিজ গৃহৰ পৰা বিতাড়িত হ’বলগীয়া হৈছিল। ১৯৪৬ চনত তেওঁ শ্ৰমিক আৰু পিছপৰা শ্ৰেণীৰ প্ৰতিনিধি হিচাপে তিনিচুকীয়া অঞ্চলৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হয়। দলবীৰ সিং লোহাৰেই আছিল অসমৰ প্ৰথম নেপালীভাষী বিধায়ক। ১৯৬৯ চনৰ ২৯ জুলাইত এইগৰাকী মহান দেশপ্ৰেমীৰ মৃত্যু হয়।
বড়োসকল
প্ৰশ্নাৱলী :
১। বড়োভাষা কি ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত?
উত্তৰ: বড়ো ভাষা চীন-তিব্বতীয় বৰ্মীয় ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত । পণ্ডিতসকলৰ মতে তিব্বতীয় ভাষাৰ যি দুটা প্রধান ঠাল আছে (তিব্বত বৰ্মীয় আৰু টাই-চীনা), তাৰে তিব্বত বৰ্মীয় শাখাৰ বড়ো-নাগা পৰিয়ালৰ পৰাই বড়ো ভাষাৰ সৃষ্টি হৈছে ।
২। বড়োভাষা কেতিয়া প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল?
উত্তৰ: বড়ো ভাষাই ১৯৬৩ চনত প্ৰাথমিক স্তৰত শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল ।
৩। বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম হ’ল—
- গংগাচৰণ কছাৰীৰ 'বড়ো ফিছা ও আইন' (১৯১৫) ।
- চিত্তৰঞ্জন মোছাহাৰীৰ 'জুজাইনি অৰ' (১৯৭২) ।
৪। বড়োভাষাৰ প্ৰথম গ্ৰন্থখন কি?
উত্তৰ: বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থ হৈছে গংগাচৰণ কছাৰীৰ দ্বাৰা ৰচিত 'বড়ো ফিছা ও আইন', যিখন ১৯১৫ চনত প্ৰকাশ পাইছিল ।
৫। বড়োসকলৰ পৰম্পৰাগত সাজ পাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম উল্লেখ কৰা।
উত্তৰ: বড়ো মহিলাসকলে বোৱা কাপোৰত ব্যৱহাৰ কৰা কেইটিমান উল্লেখযোগ্য ফুলৰ চানেকি হৈছে— দাওথু আগান, ফাৰেও মেগন, মুফুৰ আফা, দাওৰাই মৌখেব, থাইগিৰ বিবাৰ আৰু হাজৌ আগৰ ।
৬। চমুটোকা লিখা :
(ক) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী
উত্তৰ: ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী আছিল বড়ো সমাজৰ এগৰাকী স্বনামধন্য নৃত্য শিল্পী আৰু বড়ো সংস্কৃতিক বিশ্বদৰবাৰত চিনাকি কৰি দিয়া এজন নিৰলস সাধক । তেওঁ ১৯২৬ চনত বৰ্তমানৰ গোসাইগাঁও মহকুমাৰ বিন্যাখাটা অঞ্চলৰ বামুণকুৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল । তেওঁৰ পিতৃৰ নাম আছিল বজাৰাম নাৰ্জাৰী আৰু মাতৃৰ নাম আছিল থাংগালী নাৰ্জাৰী । ১৯৫৫ চনত দিল্লীত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া ৰেডিঅ’ৰ মুকলি প্ৰদৰ্শনী অনুষ্ঠানত তেওঁ বিবাহ গীত পৰিবেশন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল । ইয়াৰ পিছৰে পৰা তেওঁ বড়ো সংস্কৃতিৰ প্ৰসাৰৰ বাবে দেহে-কেহে খাটিবলৈ লয় । কামিনী কুমাৰ নাৰ্জাৰীৰ নেতৃত্বত ১৯৫৭ চনৰ ২৬ জানুৱাৰীত দিল্লীৰ গণতন্ত্ৰ দিৱসত বড়ো কৃষ্টি দলে বাগুৰুম্বা নৃত্য পৰিবেশন কৰি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰিছিল । ইয়াৰ জৰিয়তে বড়ো নৃত্যই ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰসাৰতা লাভ কৰিবলৈ সক্ষম হয় । ১৯৯২ চনত তেওঁ এছিয়া মেলা-১৩ত 'বড়ো নাছিনা' নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল । তেওঁৰ এই বিশাল অৱদানৰ বাবে ১৯৮২ চনত তেওঁক কেন্দ্ৰীয় চৰকাৰৰ 'সংগীত নাটক একাডেমী' বঁটাৰে সন্মানিত কৰা হৈছিল । ১৯৯৮ চনৰ ১৬ মে' তাৰিখে এই মহান শিল্পীজনাৰ পৰলোকপ্ৰাপ্তি ঘটে ।
(খ) শোভা ব্ৰহ্ম
উত্তৰ: ড° শোভা ব্ৰহ্ম (১৯২৯–২০১২) আছিল ভাৰতৰ এজন প্ৰখ্যাত ভাস্কৰ্যবিদ, চিত্ৰশিল্পী আৰু অসমৰ আধুনিক কলা জগতৰ এজন বাটকটীয়া । ১৯২৯ চনৰ ১৮ অক্টোবৰত কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ভূমকা গাঁৱত তেওঁৰ জন্ম হয় । তেওঁ শান্তি নিকেতনত শিল্প শিক্ষা গ্ৰহণ কৰি ১৯৫৭ চনত শিল্প বিষয়ত স্নাতক ডিগ্ৰী লৈ অসমলৈ উভতি আহে । তেওঁৰ সৃষ্টিৰাজিত বড়ো আৰু অসমীয়া সমাজৰ প্ৰকৃত ছবি ফুটি উঠিছিল । তেওঁ ১৯৬৪ চনত চৰকাৰী চাৰুকলা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে আৰু মহাবিদ্যালয়খনৰ সৰ্বাংগীণ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল । ড° ব্ৰহ্মৰ শিল্পকৰ্মসমূহ কেৱল অসমতে নহয়, বৰঞ্চ দিল্লী, মুম্বাই, বুলগেৰিয়া, চেকোশ্ল’ভাকিয়া আদি দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত হৈছে । চিত্ৰ আৰু ভাস্কৰ্যৰ বাহিৰেও তেওঁ সাহিত্য জগতলৈও বিশেষ অৱদান আগবঢ়াইছিল । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল— 'শিল্পকলাৰ নৱপ্ৰজন্ম', 'ভাৰতীয় চিত্ৰ কলা' (অনুবাদ), 'খন্থায়াঞ্জলী' ইত্যাদি । তেওঁ ললিত কলা ৰত্ন (২০০৭), বিষ্ণু ৰাভা বঁটা (১৯৯৬) আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ডি-লিট উপাধি লাভ কৰিছিল । ২০১২ চনৰ ৫ মাৰ্চত এইজনা মহান শিল্পীৰ মৃত্যু হয় ।
(গ) বীনেশ্বৰ ব্ৰহ্ম
উত্তৰ: শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম আছিল এগৰাকী তীক্ষ্ণ মেধাসম্পন্ন সমাজসেৱক, সু-সংগঠক আৰু সাহিত্যিক । তেওঁ ১৯৪৯ চনৰ ২৮ ফেব্ৰুৱাৰীত কোকৰাঝাৰ জিলাৰ ভাতৰমাৰী গাঁৱত জন্মগ্ৰহণ কৰিছিল । তেওঁৰ পিতৃ-মাতৃ আছিল ক্ৰমে তাৰামণি ব্ৰহ্ম আৰু সোনটি ব্ৰহ্ম । তেওঁ যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ৰ পৰা ১৯৭২ চনত কৃষি স্নাতক ডিগ্ৰী লাভ কৰিছিল । কৰ্মজীৱনত তেওঁ ভাৰতীয় খাদ্য নিগমৰ (FCI) এজন উচ্চপদস্থ বিষয়া (Manager) হিচাপে পাটনাত আৰু গুৱাহাটীত কাৰ্যনিৰ্বাহ কৰিছিল । বিনেশ্বৰ ব্ৰহ্মই মুঠ আঠটা ভাষা সলসলীয়াকৈ ক’ব পাৰিছিল, যিবোৰ হ’ল— বড়ো, ইংৰাজী, অসমীয়া, বঙালী, হিন্দী, নেপালী, ভোজপুৰী আৰু ৰাজবংশী । তেওঁ ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক আৰু পৰৱৰ্তী সময়ত দুটা কাৰ্যকালৰ বাবে সভাপতিৰ পদ অলংকৃত কৰিছিল । তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত 'আই নি মাদৈ' (কবিতা পুথি), 'বৰদৈসিঙ্গা' আৰু 'আংনি গামি ভাতৰমাৰি' আদি অন্যতম । ২০০০ চনৰ ১৯ আগষ্ট তাৰিখে গুৱাহাটীৰ ভেটাপাৰাস্থিত নিজ বাসভৱনত দুৰ্বৃত্তৰ হাতত তেওঁ মৃত্যুক সাৱটি লয় । তেওঁক বড়ো ভাষা-সাহিত্যৰ এজন মহান কাণ্ডাৰী হিচাপে সদায় স্মৰণ কৰা হয়।
মটকসকল
প্ৰশ্নাৱলী :
১। মটক শব্দৰ অৰ্থ লিখা।
উত্তৰ: 'মটক' শব্দটি এটা টাই ভাষাৰ শব্দ । টাই ভাষাত 'ম' মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আৰু 'টক' মানে উপযুক্ত, জোখা, তুলাচনী বা পৰীক্ষিত । অৰ্থাৎ মটক শব্দৰ অৰ্থ হৈছে— উপযুক্ত, জ্ঞানী, শক্তিশালী আৰু পণ্ডিত লোক ।
২। মটক শব্দটিৰ উৎপত্তি সম্বন্ধে লিখা।
উত্তৰ: মটক শব্দৰ উৎপত্তিৰ ইতিহাস বিচাৰিলে 'ফুখাও' (Phukhao) শব্দৰ ইতিহাস চাব লাগিব, যিটো টাই-মংগোলীয় ফুথাই থালৰ এটা শাখা । আহোম বুৰঞ্জী অনুসৰি, শস্য সিঁচোতা বা গুটি সিঁচা মূলৰ এই ফুখাওসকলৰ পৰাই মটকসকলৰ উৎপত্তি হৈছে । আন এক তথ্য অনুসৰি, কৃষি পিতৃ-পুৰুষ চ্যাওফুৰা আলঙৰ সপ্ত বংশতেই মটকসকলৰ উৎপত্তি হৈছে বুলি জনা যায় ।
৩। মটকসকল সাধাৰণতে কোন ধৰ্মৰ লোক?
উত্তৰ: টাই মংগোলীয় জনগোষ্ঠী হিচাপে মটকসকলৰ পৰম্পৰাগত ধৰ্ম হৈছে 'তাও' । তেওঁলোকে প্ৰকৃতি জগতৰ গাঁঠিয়াল দেৱতা, উপৰি-পুৰুষ (মিতুক দেৱতা), জগত মাতৃ আই আৰু লক্ষ্মী আই আদিক বিশ্বাস কৰে । পৰৱৰ্তী সময়ত অৰ্থাৎ সপ্তদশ শতিকাত তেওঁলোকে অনিৰুদ্ধদেৱে প্ৰচাৰ কৰা 'মায়ামৰা বৈষ্ণৱ ধৰ্ম' গ্ৰহণ কৰিছিল । বৰ্তমান তেওঁলোকে এই দুই ধৰ্মীয় বিশ্বাসৰ এক মিশ্ৰিত ৰূপ পালন কৰে ।
৪। মটকসকলৰ লগত মোৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধৰ বিষয়ে লিখা।
উত্তৰ: মোৱামৰীয়া বিদ্ৰোহৰ সৈতে মটকসকলৰ সম্বন্ধ অতি গভীৰ। মটকসকলেই আছিল এই বিদ্ৰোহৰ প্ৰধান নেতা । সেই সময়ত মটকসকলৰ ওপৰত ৰজাঘৰীয়া অত্যাচাৰ চলিছিল আৰু নিৰপৰাধী মানুহক বন্দী কৰি ৰখা হৈছিল । এনে সংকটপূৰ্ণ অৱস্থাত সৰ্বানন্দ সিংহই মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব লৈ মটক লোকসকলৰ মনোবল বঢ়াইছিল । তেওঁ বেংমৰাত মটক ৰাজ্য স্থাপন কৰি নিজকে ৰজা বুলি ঘোষণা কৰিছিল ।
৫। মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম-কাজসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰ: মটক ৰজা সৰ্বানন্দ সিংহই ৰাজ্যৰ উন্নতিৰ বাবে বহুতো জনকল্যাণমূলক কাম কৰিছিল:
আলি-পদূলি নিৰ্মাণ: তেওঁ ৰাজ্যৰ যাতায়াত ব্যৱস্থাৰ উন্নতিৰ বাবে ৰঙাগড়া আলি, গোধা আলি, ৰাজগড় আলি আৰু হাতীআলি আদি বন্ধোৱাইছিল ।
পুখুৰী খনন: প্ৰজাৰ সুবিধাৰ বাবে তেওঁ ৰাজধানীৰ বাহিৰে-ভিতৰে মুঠ চৌব্বিশটা পুখুৰী খন্দাইছিল, যাৰ ভিতৰত বেংমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী আৰু বৰ পুখুৰী আদিয়েই প্ৰধান ।
অৰ্থনৈতিক সংস্কাৰ: তেওঁ নিজৰ নামত সোণ আৰু ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল ।
স্বাৱলম্বিতা: প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰসমূহ তেওঁ নিজ ৰাজ্যতে নিৰ্মাণ কৰি লৈছিল ।
শান্তি আৰু সমৃদ্ধি: তেওঁৰ শাসনকালত প্ৰজাসকল শান্তিত আছিল আৰু ৰাজ্য খাদ্য-শস্যৰে নদন-বদন আছিল ।
৬। চমুটোকা লিখা :
(ক) শিক্ষাবিদ পৰন নেওগ
উত্তৰ: বিশিষ্ট শিক্ষাবিদ পৱন নেওগৰ জন্ম হৈছিল ১৯৩৩ চনৰ ১৮ অক্টোবৰত তিনিচুকীয়াৰ বৰগুৰিত । তেওঁৰ পিতৃৰ নাম আছিল আসাম্বৰ নেওগ আৰু মাতৃ গোলাপী নেওগ । মাতৃৰ বিয়োগৰ পাছত মাহীমাক মুহীলা নেওগৰ যত্নত তেওঁ ডাঙৰ-দীঘল হয় আৰু তিনিচুকীয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰে । তেওঁ ১৯৫৩ চনত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে । উচ্চ শিক্ষাৰ বাবে যোৰহাটৰ জে.বি. কলেজত নাম ভৰ্তি কৰা নেওগ এজন মেধাৱী ছাত্ৰ হোৱাৰ লগতে এগৰাকী সুদক্ষ খেলুৱৈও আছিল । বিশেষকৈ ফুটবল আৰু ভলীবল খেলত তেওঁৰ যথেষ্ট সুনাম আছিল । ১৯৫৫ চনত তেওঁ 'Mr. J.B.' আৰু পাছলৈ কটন কলেজত পঢ়ি থকা সময়ত 'Mr. Cottonian' উপাধি লাভ কৰিছিল । ইয়াৰ উপৰিও তেওঁ ১৯৫৭ চনত 'Mr. Guwahati University' সন্মান লাভ কৰে । তেওঁ চেনাইৰাম স্কুলতে শিক্ষকতাৰ বৃত্তি গ্ৰহণ কৰে আৰু আনকি ডি.এছ.পি. (D.S.P.) পদত নিযুক্তি পাইও শিক্ষকতা ত্যাগ কৰা নাছিল । এজন দয়ালু আৰু সমাজহিতৈষী ব্যক্তি হিচাপে তেওঁ অঞ্চলটোত আৰ্ট স্কুল আৰু মণ্টেচৰি স্কুল খোলাৰ বাবেও অগ্ৰণী ভূমিকা লৈছিল । ২০০২ চনৰ ১১ আগষ্টত এইগৰাকী মহান শিক্ষাবিদৰ মৃত্যু হয় ।
(খ) ৰাজকুমাৰ লঙ্কেশ্বৰ গোহাঁই
উত্তৰ: ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই আছিল মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা সৰ্বানন্দ সিংহৰ সুযোগ্য পৰিনাতি । তেওঁৰ জন্ম ১৮৮৭ চনত তিনিচুকীয়াত হৈছিল । ৰজাঘৰীয়া বংশৰ হোৱাৰ হেতুকে তেওঁৰ পৰিয়ালটো পাছলৈ চাবুৱাৰ ৰজাবাৰী আৰু তাৰ পৰা খেতি-মাটিৰ সন্ধানত ডিৰাকলৈ উঠি গৈছিল । লংকেশ্বৰ গোহাঁই আনুষ্ঠানিকভাৱে উচ্চ শিক্ষিত নাছিল যদিও তেওঁ এজন অত্যন্ত সাহসী, উচ্চাকাংক্ষী আৰু দূৰদৰ্শী ব্যক্তি আছিল । তেওঁ দেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা ঐতিহাসিক বেংমৰা ৰাজ্যৰ পুনৰুদ্ধাৰ আৰু মটকসকলৰ সুকীয়া স্বীকৃতিৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল । থলুৱা জনগোষ্ঠীৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল । ব্যৱসায়িক ক্ষেত্ৰত তেওঁ কাঠৰ মিল চলোৱাৰ উপৰিও সোণ আৰু হাতীৰ ব্যৱসায় কৰি সুনাম অৰ্জন কৰিছিল । হাতী ধৰা আৰু প্ৰশিক্ষণ দিয়াত তেওঁৰ বিশেষ দখল আছিল আৰু মিতিৰালিৰ চিনস্বৰূপে মণিপুৰৰ ৰজাক দুটা হাতী উপহাৰ দিছিল । তেওঁ বাৰ্মিজ, মণিপুৰী, চিংফৌ আদিকে ধৰি বহুতো ভাষা জানিছিল আৰু উত্তৰ-পূবৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত এক মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল । ১৯৭৩ চনৰ ৭ মাৰ্চত সৰু ডিৰাকৰ নিজ বাসগৃহত তেওঁৰ মৃত্যু হয় ।
(গ) সৰ্বানন্দ সিংহ
উত্তৰ: মটকসকলৰ ইতিহাসৰ এজন শক্তিশালী ৰজা আছিল সৰ্বানন্দ সিংহ। তেওঁৰ পিতৃৰ নাম আছিল মৰুৎনন্দন আৰু মাতৃৰ নাম আছিল পাতয় । সৰ্বানন্দ সিংহৰ বাল্যকালৰ নাম আছিল 'মেজেৰা' । তেওঁ অতি ধৰ্মপৰায়ণ ব্যক্তি আছিল আৰু মায়ামৰা ধৰ্মগুৰু অষ্টভুজ গোসাঁইৰ ওচৰত শৰণ লৈ 'সৰ্বানন্দ' নাম লাভ কৰিছিল । মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মটকসকলৰ ওপৰত চলা ৰজাঘৰীয়া অত্যাচাৰৰ বিৰুদ্ধে তেওঁ বলিষ্ঠ নেতৃত্ব দিছিল । তেওঁ ১৭৮৮ চনত ৰঙাগড়াত আৰু ১৭৯১ চনত বেংমৰাত (বৰ্তমানৰ তিনিচুকীয়া) ৰাজধানী স্থাপন কৰি এখন স্বতন্ত্ৰ মটক ৰাজ্য গঠন কৰিছিল । ৰজা হিচাপে তেওঁ টাই পৰম্পৰা ৰক্ষা কৰি 'স্বৰ্গদেউ' উপাধি গ্ৰহণ কৰিছিল আৰু নিজৰ নামত সোণ-ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল । সৰ্বানন্দ সিংহই প্ৰজাৰ মংগলৰ বাবে ৰঙাগড়া আলি, গোধা আলি আদি পথ নিৰ্মাণ কৰাৰ লগতে প্ৰায় ২৪ টা পুখুৰী খন্দাইছিল । তেওঁ খন্দোৱা 'তিনিকোণীয়া পুখুৰী'ৰ নামৰ পৰাই পৰৱৰ্তী সময়ত বেংমৰা চহৰখনৰ নাম 'তিনিচুকীয়া' হয় । এজন দূৰদৰ্শী আৰু বিচক্ষণ ৰজা হিচাপে তেওঁৰ শাসনকালত ৰাজ্যখন খাদ্য-শস্যৰে নদন-বদন আছিল । ১৮০৫ চনত এইগৰাকী জনপ্ৰিয় ৰজাৰ মৃত্যু হয় ।
মৰাণসকল
প্ৰশ্নোত্তৰ
১। মৰাণসকলৰ নৃগোষ্ঠীয় পৰিচয় সম্পৰ্কে তিনিটা বাক্য লিখা।
উত্তৰ: মৰাণসকল অসমৰ এক অতি প্ৰাচীন কিৰাত-মঙ্গোলীয় মূলৰ জনগোষ্ঠী ।
এওঁলোক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আদিম অধিবাসী ।
মৰাণসকলক এই ভূ-খণ্ডৰ প্ৰাক্ঐতিহাসিক মানৱ প্ৰজাতিৰ এক নিৰ্দিষ্ট গোট ৰূপে চিহ্নিত কৰা হৈছে ।
২। অসম আৰু অৰুণাচলৰ কোনকেইখন জিলাত মৰাণসকলৰ বসতি বেছি?
উত্তৰ: অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত মৰাণসকলৰ বসতি বেছি । আনহাতে, অৰুণাচলৰ নামচাই আৰু চংলাং জিলাত এওঁলোকৰ অধিক বসতি দেখা যায় ।
৩। বুৰঞ্জীত উল্লেখ থকা চাৰিজন কছাৰীৰ নাম লিখা।
উত্তৰ: বুৰঞ্জীত উল্লেখ থকা বাৰঘৰ কছাৰীৰ ভিতৰত চাৰিজন (বা ফৈদ) হ’ল—
দমচয় (ডিমাচা)
বাদু সোনলয় (সোনোৱাল)
ইনটু মিনখয় (মৰাণ)
ৰাভা কিৰাটয় (ৰাভা)
৪। মৰাণ ভাষাৰ চমুটোকা এটা লিখা।
উত্তৰ: অতীজতে মৰাণসকলৰ মাজত 'বড়োৰূচী' নামৰ এটা বড়োমূলীয় ভাষা আছিল, যিটো ওঠৰ শতিকাৰ শেষ ভাগলৈকে চলি আছিল । বৰ্তমান এই ভাষা লুপ্তপ্ৰায় হ’লেও ইয়াৰ বহু শব্দ মৰাণ গ্ৰাম্য সমাজত আজিও প্ৰচলিত হৈ আছে । এই ভাষাৰ শব্দবোৰ বড়ো, ডিমাছা আৰু দেউৰী ভাষাৰ সৈতে মিল থকা দেখা যায় । মৰাণ ভাষাৰ কেইটামান উল্লেখযোগ্য শব্দ হ’ল— দি (পানী), মাই (ধান), মিয়াম (ভাত), মহন (মাংস), হান (চাহ) আৰু মাদাই (সন্মানীয় লোক) ।
৫। মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা।
উত্তৰ: মৰাণসকলৰ ঐতিহাসিক যুগৰ স্বতন্ত্ৰ ৰাজ্যখনৰ চাৰিসীমা আছিল—
উত্তৰে: বুঢ়ীদিহিং
দক্ষিণে: দিচাং
পূৱে: চফ্ৰাই
পশ্চিমে: ব্ৰহ্মপুত্ৰ নদী
৬। মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি আছিল?
উত্তৰ: মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজা আছিল বডৌচা বা বদৌছা ।
৭। মৰাণসকলে বহাগৰ বিহু কেতিয়া কেনেকৈ পালন কৰে?
উত্তৰ: মৰাণসকলে বহাগৰ প্ৰথম মঙ্গলবাৰে দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰি বিহু নমায় । তেওঁলোকে মঙ্গলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু হিচাপে সাত দিন সাত ৰাতি বিহু পালন কৰে । এওঁলোকৰ বিহুত গছতলৰ বিহু, ৰাতি বিহু, ধৰ্ম হুঁচৰি আদিৰ বিশেষ বৈশিষ্ট্য দেখা পোৱা যায় ।
৮। মৰাণসকলৰ দুটা বৃত্তিমূলক, দুটা গুণবাচক, আৰু দুটা স্থানবাচক খেলৰ নাম লিখা।
উত্তৰ: পাঠৰ আধাৰত মৰাণসকলৰ বিভিন্ন খেলসমূহ হ’ল—
বৃত্তিমূলক খেল: নাওশলীয়া (নাও নিৰ্মাণ কৰা) আৰু তেলেপীয়া (তেল পৰা) ।
গুণবাচক খেল: পেটুধুৱা আৰু সৌকাধৰা ।
স্থানবাচক খেল: ডিমৌগুৰীয়া আৰু মাজুলী গঞা ।
৯। মৰাণসকলৰ জাতীয় খেতি কি?
উত্তৰ: মৰাণসকলৰ জাতীয় খেতি হ’ল সুমথিৰা বা কমলা টেঙা ।
১০। মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনে ধৰণৰ?
উত্তৰ: মৰাণ সমাজত ডেকাসকলৰ মাজত এজন দলপতি আৰু এজন উপ-দলপতি থাকে । তেওঁলোকে গাঁৱৰ সমাজ পৰিচালনাৰ কামত আগভাগ লয় ।
১১। ক’ত ক’ত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ স্থান আছিল?
উত্তৰ: অতীজতে মৰাণসকলে নিম্নলিখিত স্থানসমূহত শাল পাতি দেৱ-দেৱীৰ পূজা কৰিছিল—
শদিয়াৰ কেঁচাইখাতী থান
তিনিচুকীয়া জিলাৰ মাকুমৰ যজ্ঞোখোৱা
দেওশাল
চৰাইদেউ
১২। চমু টোকা লিখা :
(ক) সমস্যাৰ আৰু বিচাৰত শৌৰ্য দেখুওৱা
উত্তৰ: মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজনা ৰজা আছিল বদৌচা । ১২২৮ খ্ৰীষ্টাব্দত চাউল্যুঙ চ্যুকাফাই অসমত প্ৰৱেশ কৰাৰ সময়ত বদৌচাৰ অধীনত এখন সমৃদ্ধিশালী মৰাণ ৰাজ্য আছিল, যাৰ চাৰিসীমা আছিল উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূৱে চফ্ৰাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ । বদৌচা এজন প্ৰবল অতিথি পৰায়ণ আৰু মহানুভৱ ৰজা আছিল । তেওঁ চ্যুকাফা আৰু তেওঁৰ অনুগামী টাইসকলক আদৰি লৈছিল আৰু তেওঁলোকৰ সৈতে থলুৱা মৰাণ, বৰাহী সমাজৰ সমিলমিলেৰে বসবাস কৰাৰ পৰিৱেশ সৃষ্টি কৰিছিল । অপুত্ৰক বদৌচাই তেওঁৰ সুন্দৰ আৰু সুলক্ষণযুক্ত জোঁৱায়েক চ্যুকাফাক নিজৰ কন্যা বিবাহ দিছিল আৰু বৃদ্ধ বয়সত ৰাজ্যৰ শাসনভাৰ চ্যুকাফাৰ হাতত অৰ্পণ কৰিছিল । বদৌচা আৰু বৰাহী ৰজা থাকুমথাৰ পৰামৰ্শ মৰ্মে চ্যুকাফাই চৰাইদেউত ৰাজধানী পাতি আহোম ৰাজ্যৰ পাতনি মেলিছিল । বৃহত্তৰ অসমীয়া জাতি গঠনত বদৌচাৰ এই বিৰাট অৱদানৰ বাবে চ্যুকাফাক অসমীয়া জাতিৰ পিতৃ আখ্যা দিয়াৰ সমানেই বদৌচাক অসমীয়া জাতিৰ 'পিতামহ' আখ্যা দিয়া হয় ।
(খ) ধীৰেশ্বৰ ৰজা-ৰুকুণী
উত্তৰ: মোৱামৰীয়া গণবিপ্লৱ আছিল বিশ্ব ইতিহাসৰ এক অন্যতম সৰ্বাত্মক বিপ্লৱ য’ত নাৰীশক্তিৰ সবল যোগদান এক বিস্ময়কৰ অধ্যায় আছিল । এই বিপ্লৱত নাহৰখোৱা মৰাণৰ দুই পত্নী ভাতুকী আৰু ভাবুলীয়ে ক্ৰমে ৰাধা আৰু ৰুকুণী নামেৰে শক্তিশালী ভূমিকা পালন কৰিছিল । তেওঁলোকে গাঁৱৰ মানুহ একত্ৰিত কৰি ৰজাঘৰীয়া শোষণৰ বিৰুদ্ধে থিয় দিছিল । যেতিয়া ৰজা লক্ষীসিংহই বৰঢাক সাজিবলৈ গছ কাটিবলৈ মানুহ পঠিয়াইছিল, তেতিয়া ৰাধা-ৰুকুণীয়ে প্ৰাকৃতিক সম্পদৰ ওপৰত ৰজাৰ অধিকাৰ অস্বীকাৰ কৰি তেওঁলোকক ওভতাই পঠিয়াইছিল । তেওঁলোকে এক শক্তিশালী যুঁজাৰু নাৰী বাহিনী গঠন কৰিছিল । যুদ্ধক্ষেত্ৰত তেওঁলোকে পুৰুষৰ সাজত ধনু-কাঁড় লৈ ৰণ দিছিল আৰু তেওঁলোকৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত ৰাজকীয় সৈন্য বিষমভাৱে পৰাজিত হৈছিল । তেওঁলোক ইমানেই চতুৰ আৰু ৰণ-কৌশলত পাৰ্গত আছিল যে শত্ৰুৱে তেওঁলোকৰ গাত ধনুৰ কাঁড় বা হিলৈৰ গুলি লগাব নোৱাৰিছিল । ইতিহাসত তেওঁলোক আজিও নাৰী সমাজৰ সাহ আৰু প্ৰেৰণাৰ উৎস হৈ আছে ।
(গ) বীৰ সেনাপতি ৰাঘৱ মৰাণ
উত্তৰ: অসমৰ মোৱামৰীয়া গণবিপ্লৱৰ প্ৰধান নেতাজন আছিল বীৰ ৰাঘৱ মৰাণ । আহোম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী ৰাজতন্ত্ৰৰ অন্যায়-অবিচাৰ আৰু শোষণৰ বিৰুদ্ধে সাধাৰণ কৃষক প্ৰজাক একগোট কৰি তেওঁ বিশ্বৰ সৰ্বপ্ৰথম সৰ্বাত্মক বিপ্লৱৰ সূচনা কৰিছিল । ৰাঘৱ মৰাণে 'ৰাইজেই ৰজা' মহামন্ত্ৰৰে বিপ্লৱ পৰিচালনা কৰিছিল । তেওঁৰ নেতৃত্বত যুদ্ধবিদ্যাত অপ্ৰশিক্ষিত সাধাৰণ প্ৰজাই বাঁহৰ লাঠি, যাঠি আৰু ধনু-কাঁড়ৰ সহায়ত বিৰাট ৰাজকীয় বাহিনীক পৰাস্ত কৰি ৰাজশাসন ওফৰাই দিছিল । ৰাঘৱ মৰাণৰ প্ৰচুৰ সাংগঠনিক দক্ষতা আৰু গেৰিলা যুদ্ধ কৌশল অদ্বিতীয় আছিল । ইয়াৰ উপৰিও তেওঁৰ চৰিত্ৰ আছিল অতি মানৱীয় আৰু গণতান্ত্ৰিক; তেওঁ বন্দী ৰজা লক্ষী সিংহক ৰাজকীয় মৰ্যাদা দিছিল আৰু দোষীসকলৰ বিচাৰ মুকলি ঠাইত ৰাইজৰ পৰামৰ্শৰে কৰিছিল । সকলোৱে বিচৰা শ্ৰেণী বৈষম্যহীন সমাজ গঢ়াৰ পথ-প্ৰদৰ্শকৰূপে ৰাঘৱ মৰাণ অসমৰ সমাজ জীৱনৰ এক আদৰ্শ হৈ চিৰকাল জিলিকি থাকিব ।
(ঘ) মেজা কৰিণী
উত্তৰ: মোহন শইকীয়া (১৯৩০-২০০১) আছিল মৰাণ সমাজৰ আধুনিক কালৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তি । তেওঁ ১৯৩০ চনত তিনিচুকীয়া জিলাৰ তালাপৰ তামূলি গাঁৱত জন্মগ্ৰহণ কৰিছিল । তেওঁ মৰাণ সমাজৰ প্ৰথমচাম শিক্ষিত লোকৰ ভিতৰত এজন আছিল আৰু পিছলৈ টঙনা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৬৫ চনত তেওঁ 'অসম মৰাণ সভা' গঠন কৰি সমাজৰ পৰা কানি নিবাৰণৰ দৰে সংস্কাৰমূলক কামত ব্ৰতী হৈছিল । মৰাণসকলক অনুসূচীকৰণ কৰা আৰু তেওঁলোকৰ উন্নয়নৰ বাবে 'Moran Development Plan' প্ৰস্তুত কৰাত তেওঁৰ অৱদান অপৰিসীম । মোহন শইকীয়াই স্বকীয় বৈশিষ্ট্যপূৰ্ণ 'মৰাণ বিহু'ক গোড়া সমাজৰ পৰা বাহিৰলৈ উলিয়াই বিশ্বৰ দৰবাৰত চিনাকি কৰি দিছিল । তেওঁ সৃষ্টি কৰা মৰাণ বিহুগীতৰ কেছেট 'হোতৌ-পাতৌ' মৰাণ সংস্কৃতিৰ এক অনুপম চানেকি । তেওঁ অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ।
(ঙ) ঝপৰা জগধা
উত্তৰ: ঝপৰা জগধা দশম শতিকাৰ মৰাণ জনজাতিৰ এগৰাকী বীৰ পুৰুষ আছিল । তেওঁ খাওখাই আৰু দাৰবীৰ পঞ্চম পুত্ৰ আছিল । তেওঁ আন দহজন ল'ৰাতকৈ সাহস, বল-বিক্ৰম আৰু চিন্তাধাৰাত বৰ আগবঢ়া আছিল । ল'ৰাকালিতে তেওঁ ডিব্ৰু নদী পাৰ হৈ অৰণ্যৰ হাতী ধৰি আনিব পাৰিছিল । জগধাৰ গাৰ গঠন খামিডাঠ আছিল আৰু তেওঁ একে ঘাপে এডাল চোৱাগছ কাটি বগৰাই দিব পাৰিছিল । তেওঁৰ নেতৃত্বত এক বিশাল যুঁজাৰু সৈনিক দল গঠন হৈছিল আৰু তেওঁ সেনাপতিৰ দায়িত্ব পালন কৰিছিল । তেওঁৰ সৈন্য-বাহিনীয়ে বিভিন্ন সময়ত শত্ৰু সৈন্যক পৰাস্ত কৰিছিল । জগধাৰ মূৰটো বহুত ডাঙৰ আৰু চুলিৰে ভোবোৰা হৈ থকা বাবে মানুহে তেওঁক 'ঝপৰা' বুলিও কৈছিল । এবাৰ খামতিসকলে মৰাণ গাঁও আক্ৰমণ কৰোঁতে তেওঁ বীৰত্বৰে যুঁজি শত্ৰু সৈন্যক পাহাৰলৈ খেদি পঠিয়াইছিল । এনেদৰে অনেক যুদ্ধত নিজ জাতিক ৰক্ষা কৰি ঝপৰা জগধা মৰাণ সমাজৰ এগৰাকী জাতীয় বীৰৰূপে পৰিগণিত হৈছিল ।
মিচিংসকল
প্ৰশ্নাৱলী
১। ‘মিচিং’ জনগোষ্ঠীৰ বিষয়ে এটা চমু টোকা লিখা।
উত্তৰ: মিচিংসকল অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠী । ভাৰতীয় সংবিধানত তেওঁলোকক 'মিৰি' নামেৰে অনুসূচীত ভৈয়াম জনজাতি হিচাপে চিহ্নিত কৰা হৈছে । তেওঁলোকে নিজকে 'তানি' বুলি চিনাকি দিয়ে, যাৰ অৰ্থ হ’ল 'মানুহ' । মিচিংসকলৰ আদি বাসস্থান অৰুণাচলৰ উত্তৰলানি পাহাৰ বা 'আবৰ পাহাৰ' আছিল । পাছলৈ সুচল জীৱিকাৰ সন্ধানত তেওঁলোকে অসমৰ সমতল অঞ্চললৈ নামি আহে ।
মিচিং সমাজখন অত্যন্ত সু-শৃংখলিত আৰু শ্ৰেণী-বৈষম্যহীন । তেওঁলোকৰ মাজত পুৰুষৰ দৰেই মহিলাইও কৃষি আৰু গৃহ কৰ্মত সমান অংশগ্ৰহণ কৰে । কৃষিই তেওঁলোকৰ প্ৰধান জীৱিকা । গাঁৱৰ শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ 'গাঁওবুঢ়া' থাকে আৰু 'কৌবাং' বা মেলৰ জৰিয়তে দোষীৰ বিচাৰ কৰা হয় । মিচিং ভাষা চীন-তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত-বৰ্মী শাখাৰ অন্তৰ্গত । তেওঁলোকৰ জাতীয় সাজ-পাৰ আৰু গুম্ৰাগ নৃত্যই তেওঁলোকৰ চহকী সংস্কৃতিৰ পৰিচয় দিয়ে ।
২। মিচিংসকলৰ তিনিবিধ সাজ পাৰৰ নাম লিখা।
উত্তৰ: মিচিংসকলৰ পৰম্পৰাগত সাজ-পাৰৰ ভিতৰত উল্লেখযোগ্য তিনিবিধ সাজ হ’ল— পুৰুষৰ বাবে মিবু গালুগ, গন্ত্ৰ আৰু মহিলাৰ বাবে ৰিবি-গাচেং। (ইয়াৰোপৰি উগন, টঙালি, ৰিহা-মেখেলা আদিও তেওঁলোকৰ পৰম্পৰাগত সাজ-পাৰ)।
৩। মিচিংসকলৰ ধৰ্মপন্থা সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ: মিচিংসকলে বিভিন্ন ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা পালন কৰে যদিও তেওঁলোকৰ মূল স্বধৰ্ম হৈছে 'দঞি-পল' । 'দঞি' মানে সূৰ্য আৰু 'পল' মানে চন্দ্ৰ। তেওঁলোকৰ বিশ্বাস অনুযায়ী জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ জীৱনটো সূৰ্য আৰু চন্দ্ৰই পৰিচালনা কৰে । লোক-বিশ্বাসত তেওঁলোক অত্যন্ত বিশ্বাসী । তেওঁলোকে কুকুৰাক বিপদ-আপদৰ ৰক্ষাকৱচ হিচাপে গণ্য কৰে ।
সামাজিক আৰু পৰিৱেশগত প্ৰয়োজনত তেওঁলোকে 'দবুৰ পূজা' উদযাপন কৰে, য’ত বিভিন্ন দেৱতাক তুষ্ট কৰিবলৈ পূজা আগবঢ়োৱা হয় । বৰ্তমান সময়ত মিচিংসকলৰ মাজত মহাপুৰুষীয়া, শৈৱ, শাক্ত আৰু তান্ত্ৰিক ধৰ্মৰ প্ৰভাৱো দেখা যায় । বিশেষকৈ বহুতো মিচিং লোকে কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থাও অৱলম্বন কৰে । সামগ্ৰিকভাৱে মিচিংসকলৰ ধৰ্মীয় জীৱন প্ৰকৃতিৰ বিভিন্ন শক্তি আৰু পৰম্পৰাগত বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত।
৪। আলি-আঃয়ে লৃগাং কিয় আৰু কেতিয়া পতা হয়?
উত্তৰ: আলি-আঃয়ে লৃগাং হ’ল মিচিংসকলৰ এক প্ৰধান কৃষিভিত্তিক উৎসৱ। খেতিৰ বাবে বীজ ৰোপণ কাৰ্যৰ শুভাৰম্ভ কৰিবলৈ এই উৎসৱ পালন কৰা হয়। পৰম্পৰা অনুসৰি, প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱৰ আৰম্ভণি হয়।
৫। আলি-আঃয়ে লৃগাং শব্দৰ ব্যুৎপত্তি লিখা।
উত্তৰ: 'আলি-আঃয়ে লৃগাং' শব্দটো তিনিটা পদৰ সমষ্টি। ইয়াৰ ব্যুৎপত্তি বা অৰ্থ তলত দিয়া ধৰণৰ:
আলি: ইয়াৰ অৰ্থ হ’ল মাটিৰ তলত হোৱা বীজ।
আঃয়ে: ইয়াৰ অৰ্থ হ’ল গা-গছৰ ওপৰত হোৱা ফল বা গুটি।
লৃগাং: এই শব্দৰ অৰ্থ হ’ল ৰোপণ কাৰ্যৰ শুভাৰম্ভ। অৰ্থাৎ সামগ্ৰিকভাৱে ইয়াৰ অৰ্থ হ’ল শস্যৰ বীজ-গুটি ৰোৱা কাৰ্যৰ শুভ আৰম্ভণি।
৬। চমুটোকা লিখা :
(ক) ভূগুমুনি কাগয়ুং
উত্তৰ: গুমুনি কাগয়ুং (১৯৩২–২০১১) মিচিং জনগোষ্ঠীৰ এগৰাকী বৰেণ্য সাহিত্যিক আৰু প্ৰসিদ্ধ কবি । তেওঁ ১৯৩২ চনত যোৰহাটৰ আলিমূৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল । অতি দৰিদ্ৰতাৰ মাজত ডাঙৰ-দীঘল হোৱা কাগাঙে নিজে অৰ্থ উপাৰ্জন কৰি পঢ়া-শুনা কৰি স্নাতক ডিগ্ৰী লাভ কৰিছিল । তেওঁ বৃত্তিত এজন শিক্ষক আছিল ।অসমীয়া কাব্য-সাহিত্যলৈ তেওঁৰ অৱদান অনন্য। তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহ হ’ল— 'কবিতাকলি', 'অনাহুত', 'মন বননিৰ জুই' আৰু 'কবিতা কুসুম' । তেওঁৰ 'অনাহুত' আৰু 'মন বননিৰ জুই' গ্ৰন্থৰ বাবে ক্ৰমে ১৯৭১ আৰু ১৯৯৪ চনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিছিল । তেওঁ মিচিং জনগোষ্ঠীৰ প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সাহিত্যিক । তেওঁ মিচিং ভাষাটো 'কঃকাং মৌতম্ দঃঞিং' নামৰ কবিতা পুথি ৰচনা কৰিছিল ।
(খ) শ্বহীদ কমলা মিৰি
উত্তৰ: কমলা মিৰি (আচল নাম কমল চন্দ্ৰ লইং) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী মহান মুক্তিযোদ্ধা আৰু শ্বহীদ । তেওঁ ১৮৯৪ চনত বৰ্তমানৰ গোলাঘাট জিলাৰ গুলুং টেমেৰা গাঁৱত জন্মগ্ৰহণ কৰিছিল । মহাত্মা গান্ধীৰ আদৰ্শৰে উদ্বুদ্ধ হৈ তেওঁ দেশৰ স্বাধীনতাৰ বাবে জঁপিয়াই পৰিছিল । তেওঁৰ নেতৃত্বত বহুতো মিচিং ডেকাই আন্দোলনত অংশ লৈছিল । তেওঁ সমাজৰ পৰা কানি-ভাং আদি নিবাৰণৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লৈছিল ।১৯৪২ চনৰ ভাৰত-ত্যাগ আন্দোলনৰ সময়ত তেওঁক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰি যোৰহাট কাৰাগাৰলৈ প্ৰেৰণ কৰে । কাৰাগাৰৰ ভিতৰত তেওঁ গোপীনাথ বৰদলৈৰ পৰা হিন্দী শিকিছিল । বন্দী অৱস্থাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ১৯৪৩ চনৰ ২২ এপ্ৰিলৰ নিশা তেওঁ কাৰাগাৰতে শেষ নিশ্বাস ত্যাগ কৰে ।
(গ) ঐৰাম বৰি
উত্তৰ: ঐৰাম বৰি (১৮৭৭–১৯৫৯) মিচিং কৃষ্টি-সংস্কৃতিৰ এজন একনিষ্ঠ সাধক আৰু তেওঁক 'মিচিং সংস্কৃতিৰ পিতৃপুৰুষ' বুলি জনা যায় । তেওঁ ১৮৭৭ চনত অয়ান গাঁৱত জন্মগ্ৰহণ কৰিছিল । ১৯৫০ চনৰ পৰাই তেওঁ মিচিং কৃষ্টিসমূহ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে দেহে-কেহে খাটিছিল । তেওঁ এটি সাংস্কৃতিক দল গঠন কৰি অসমৰ বিভিন্ন প্ৰান্তত ঐ নিঃতম, গুম্ৰাগ নৃত্য আদি প্ৰদৰ্শন কৰি মিচিং সংস্কৃতিৰ স্বকীয়তা দাঙি ধৰিছিল ।সাংস্কৃতিক কৰ্মৰ উপৰি তেওঁ শিক্ষাৰ প্ৰসাৰ, সমাজ সংস্কাৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবেও কাম কৰিছিল । তেওঁৰ নেতৃত্বত নিৰ্মাণ হোৱা পথৰ শেষ অংশৰ ঘাটটোক ১৯৫৮ চনত তেওঁৰ সন্মানেৰে 'ঐৰাম ঘাট' নামকৰণ কৰা হয় । বৰ্তমানেও এই ঘাটটোৱে তেওঁৰ অমৰ কীৰ্তিৰ স্বাক্ষৰ বহন কৰি আছে ।
(ঘ) যাদব পায়েং
উত্তৰ: যাদৱ মোলাই পায়েং হ’ল বিশ্ববিখ্যাত পৰিৱেশকৰ্মী, যাক 'ভাৰতৰ অৰণ্য মানৱ' (Forest Man of India) বুলি জনা যায় । তেওঁ ১৯৫৯ চনত যোৰহাট জিলাৰ ককিলামুখত জন্মগ্ৰহণ কৰিছিল । ১৯৭৯ চনৰ পৰা তেওঁ একক প্ৰচেষ্টাৰে ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত গছ ৰুবলৈ আৰম্ভ কৰে । আজি প্ৰায় ৪০ বছৰ ধৰি তেওঁ যি বিশাল অৰণ্য গঢ়ি তুলিছে, তাক 'মোলাই কাঠনি' বুলি জনা যায় । এই অৰণ্য বৰ্তমান ১৩৬০ একৰ মাটিত বিস্তৃত হৈ আছে । এই কাঠনিত বাঘ, হাতী, গঁড় আৰু বিভিন্ন পৰিভ্ৰমী চৰাই-চিৰিকতিয়ে আশ্ৰয় লৈছে । তেওঁৰ এই অনন্য অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৫ চনত তেওঁক 'পদ্মশ্ৰী' উপাধিৰে সন্মানিত কৰে । ইয়াৰ উপৰি তেওঁ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা উপাধি আৰু পেৰিছৰ গোলকীয় সন্মিলনত সম্বৰ্ধনা লাভ কৰিছে । তেওঁৰ জীৱন আমাৰ বাবে প্ৰকৃতি সুৰক্ষাৰ এক বিৰল আদৰ্শ।
মণিপুৰীসকল
প্ৰশ্নাৱলীৰ উত্তৰসমূহ:
১। কেতিয়াৰ পৰা মণিপুৰী সকলে অসমত স্থায়ীভাৱে বসবাস কৰিব আহিছে?
উত্তৰ: ১৮১৯ খ্ৰীষ্টাব্দত মান সেনাই মণিপুৰ ৰাজ্য আক্ৰমণ কৰাৰ সময়ত মানৰ বৰ্বৰ অত্যাচাৰ আৰু উৎপীড়নত তিষ্ঠিব নোৱাৰি মণিপুৰীসকল কাছাৰ, ছিলেট আদি ঠাইলৈ আহিছিল । পৰৱৰ্তী সময়ত তেওঁলোকে স্ব-স্থানলৈ উভতি নগৈ কাছাৰ (বৰ্তমানৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা) আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত স্থায়ীভাৱে বসবাস কৰিবলৈ লয় ।
২। ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা কিমান চনত অন্তৰ্ভুক্ত হয়?
উত্তৰ: ১৯৯২ চনত মণিপুৰী ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হয় ।
৩। মণিপুৰী মীতৈ/মৈতৈসকলৰ সমাজত সাতটা যেক ছালাইৰ নাম কি কি?
উত্তৰ: মণিপুৰী সমাজৰ সাতটা 'য়েক-ছালাই' বা খেলৰ নামবোৰ হ'ল:
মঙাং (নিংখৌজা)
লুৱাং
খুমন
মোইৰাং
অঙোম
খাবা-ঙানবা
চেংলৈ
৪। মণিপুৰী মীতৈ/মৈতৈসকলৰ নিজা ঘৰত পূজা-অৰ্চনা কৰা দেৱ-দেৱীৰ নাম কি কি?
উত্তৰ: মণিপুৰীসকলে নিজৰ ঘৰত 'লাইনিংথৌ ছানামহী' আৰু 'ইমা লৈমৰেণ শিদবী' আদি গৃহ আৰাধ্য দেৱ-দেৱীক পূজা-অৰ্চনা কৰে । তেওঁলোকৰ গৃহদেৱতাক 'yumlai' (যুমলাই) বুলিও কোৱা হয় ।
৫। লাই হৰাওবা কি? বছৰৰ কি মাহত লাই হৰাওবা উৎসৱ পালন কৰা হয়? লাই হৰাওবা উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্ৰৰ নাম লিখা।
উত্তৰ: 'লাই হৰাওবা' হৈছে মণিপুৰীসকলৰ এক কৃষিভিত্তিক উৎসৱ, যাৰ অৰ্থ হ'ল 'নেদেখাজনৰ সন্তোষ সাধন' । ই মণিপুৰী সংস্কৃতিৰ এক প্ৰতিবিম্ব স্বৰূপ । পাঠ্যপুথিত এই উৎসৱ নিৰ্দিষ্টকৈ কোন মাহত পালন কৰা হয় তাৰ উল্লেখ নাই যদিও ইয়াক প্ৰতিবছৰে আদিম জড়দেৱতা 'উমংলাই' পূজা প্ৰাংগণত উদযাপন কৰা হয় । লাই হৰাওবা উৎসৱত ব্যৱহাৰ কৰা এবিধ প্ৰধান বাদ্যযন্ত্ৰ হ’ল পেনা (এবিধ বীণা জাতীয় বাদ্য) ।
৬। মণিপুৰী মীতৈ/মৈতৈসকলৰ কিছুমান নাচৰ নাম লিখা।
উত্তৰ: মণিপুৰীসকলৰ কেইবিধমান উল্লেখযোগ্য নাচ বা নৃত্য হ'ল:
থাবল চোংবি
মাইবী জগোই (লাই হৰাওবা নৃত্য)
ৰবীন্দ্ৰ নৃত্য (আধুনিক পৰিপ্ৰেক্ষিতত অধ্যাপক কে. যতীন্দ্ৰ সিংহৰ অৱদান স্বৰূপ)
৭। চমুটোকা লিখা :
(ক) নাওবিয়া ফুলো
উত্তৰ: আধুনিক মণিপুৰী সাহিত্যৰ অন্যতম বাটকটীয়া নাওৰিয়া ফুলোৰ জন্ম হয় ১৮৮৮ চনৰ ২৮ আগষ্টত অসমৰ হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ মৌজাৰ 'লাইশ্ৰম খুন' নামৰ গাঁৱত । তেওঁৰ পিতৃ নাওৰেম চাওবা আৰু মাতৃ থম্বৌ দেৱী । তেওঁৰ ককাক আছিল মণিপুৰৰ ৰাজদৰবাৰৰ এজন বিষয়া, যিয়ে মানৰ আক্ৰমণৰ সময়ত স্বদেশ এৰি অসমত আশ্ৰয় লৈছিল ।কুৰি শতিকাৰ তৃতীয় দশকত আধুনিক মণিপুৰী সাহিত্যৰ যি অৰুণোদয় ঘটিছিল, তাৰ নেতৃত্ব দিছিল নাওৰিয়া ফুলোই । তেওঁ অনুবাদৰ জৰিয়তে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল আৰু ১৯১৮-১৯ চনৰ ভিতৰত হিন্দু পৌৰাণিক কাহিনীৰ আধাৰত 'ইনিংথৌ হৰিচন্দ্ৰ', 'সীতা বনবাস', 'দুষ্মন্ত শকুন্তলা' আদি পাঁচখন নাটক ৰচনা কৰিছিল । পৰৱৰ্তী সময়ত তেওঁ কবিতা আৰু নিবন্ধৰ ১৯ খনৰো অধিক গ্ৰন্থ ৰচনা কৰে, যাৰ ভিতৰত 'মীতৈ হৌভম ৱাৰী' আৰু 'মীতৈ য়েলহৌ ময়েক' আদি উল্লেখযোগ্য ।সাহিত্য চৰ্চাৰ উপৰি তেওঁ এজন সমাজ সংস্কাৰকো আছিল। ১৯৩০ চনত তেওঁ মাত্ৰ ১২ জন অনুৰাগীক লৈ 'অপোকপা মৰূপ' বা অপোকপা সমাজ গঠন কৰে । জনসাধাৰণৰ দৃষ্টিত তেওঁ আছিল মণিপুৰী সংস্কৃতিৰ 'পুনৰুত্থানবাদী'ৰ নায়ক । তেওঁৰ কবিতাসমূহ আধ্যাত্মিক ভাৱধাৰা আৰু প্ৰাচীন ঐতিহ্যৰ গুণ-গানেৰে পৰিপূৰ্ণ আছিল । মাত্ৰ ৫৩ বছৰ বয়সত ১৯৪১ চনৰ ৩০ জুনত এই বহুমুখী প্ৰতিভাধাৰী ব্যক্তিজনৰ মৃত্যু হয় ।
(খ) নৃত্যগুৰু কে. যতীন্দ্ৰ সিংহ
উত্তৰ: বিখ্যাত নৃত্যশিল্পী আৰু অধ্যাপক কে. যতীন্দ্ৰ সিংহৰ জন্ম হয় ১৯৪৩ চনৰ ২২ এপ্ৰিলত কাছাৰ জিলাৰ লক্ষীমপুৰত । তেওঁ মণিপুৰী নট-সংকীৰ্তন গুৰু কে. কামিনী সিংহ আৰু পশোৎলৈমা দেৱীৰ পুত্ৰ আছিল । শৈশৱৰ পৰাই তেওঁ নম্ৰ আৰু সংগীত-নৃত্যৰ প্ৰতি অনুৰাগী আছিল । তেওঁ নিজ পিতৃৰ উপৰি মণিপুৰৰ প্ৰখ্যাত গুৰু লোকেশ্বৰ, অমুবী আৰু অতোম্বাৰ পৰা নৃত্যৰ প্ৰশিক্ষণ লৈছিল ।১৯৬৫ চনত বৃত্তি লাভ কৰি তেওঁ বিশ্বভাৰতী শান্তিনিকেতনলৈ যায় আৰু শিক্ষা শেষ কৰি তাতেই অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে । তেওঁ মণিপুৰী আৰু ৰবীন্দ্ৰ নৃত্যৰ সংমিশ্ৰণত এক নতুন নৃত্যশৈলী উদ্ভাৱন কৰিছিল । তেওঁৰ তত্ত্বাৱধানত বিশ্বৰ বিভিন্ন দেশ যেনে— দক্ষিণ আমেৰিকা, চীন, জাপান, ফ্ৰান্স, ৰাছিয়া আদিত মণিপুৰী নৃত্য প্ৰদৰ্শিত হৈছিল আৰু দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল । তেওঁৰ নৃত্য আছিল নিভাঁজ আৰু প্ৰাণৱন্ত ।তেওঁ বিশ্বভাৰতীৰ সংগীত বিভাগৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি ২০১০ চনত অৱসৰ লয় । তেওঁ 'ত্ৰিধাৰ' আৰু 'মীৰজিঙ্গাঁনসা' নামৰ দুখন টেলিফিল্মতো অভিনয় কৰিছিল । তেওঁক ২০০৬ চনত 'নৃত্যগুৰু' আৰু ২০১২ চনত ইম্ফলৰ মণিপুৰী সাহিত্য পৰিষদে 'নৃত্যৰত্ন' উপাধিৰে সন্মানিত কৰে । ২০১৮ চনৰ ২ এপ্ৰিলত শান্তিনিকেতনৰ নিজ বাসগৃহত এই বিৰল প্ৰতিভাৰ শিল্পীজনৰ দেহাৱসান ঘটে ।
(গ) সমাজসেৱিকা সৰস্বতী সিংহ
উত্তৰ: অসম আন্দোলনৰ নেত্ৰী আৰু সমাজসেৱিকা সৰস্বতী সিংহাৰ জন্ম হয় ১৯৫৮ চনৰ ৮ ছেপ্তেম্বৰত হোজাই জিলাৰ লংকাৰ আমপুখুৰী গাঁৱত । তেওঁৰ পিতৃ ৱাহেংবম জয়চন্দ্ৰ সিংহ এজন কৃষক আছিল । সৰস্বতী সিংহাই নগাঁও গাৰ্লচ কলেজৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পিছত ১৯৯৩ চনত নগাঁও আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক (LLB) উপাধি লাভ কৰে । তেওঁ আছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথমগৰাকী মণিপুৰী মহিলা অধিবক্তা ।তেওঁ কৰ্মজীৱন অংগনৱাড়ী কৰ্মী হিচাপে আৰম্ভ কৰিছিল যদিও পিছলৈ শিক্ষকতা আৰু তাৰ পিছত অধিবক্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰে । মণিপুৰী ভাষা-সাহিত্যৰ উন্নতিৰ বাবে তেওঁ ২০০৫ চনত হোজাইত 'নিখিল মণিপুৰী সাহিত্য মঞ্চ' প্ৰতিষ্ঠা কৰে আৰু নিজৰ ব্যক্তিগত ধনেৰে সাহিত্যিকৰ গ্ৰন্থ প্ৰকাশ কৰে ।তেওঁ নাৰী সমাজৰ জাগৰণৰ বাবে হোজাইত 'মৈৰা পাইবী লুপ' বা 'জোঁৰলোৱা মহিলা বাহিনী' নামৰ সংগঠনটোৰ গুৰি ধৰিছিল । এই বাহিনীয়ে সমাজৰ কু-সংস্কাৰ, মাদক দ্ৰব্য সেৱন আৰু জুৱা খেলৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম গঢ়ি তুলিছিল । তেওঁৰ এই নিস্বাৰ্থ সমাজসেৱাৰ বাবে ২০১২ চনত মণিপুৰী সাহিত্য পৰিষদ, অসমে তেওঁক 'সমাজসেৱিকা' উপাধিৰে বিভূষিত কৰে । ২০১২ চনৰ ৫ ডিচেম্বৰত তেওঁ মৃত্যুবৰণ কৰে ।
(ঘ) নোংথোম্বম বিদ্যাপতি সিংহ।
উত্তৰ: নোংথোম্বম বিদ্যাপতি সিংহ আছিল মণিপুৰৰ বাহিৰত থকা মণিপুৰীসকলৰ মাজৰ পৰা নিৰ্বাচিত হোৱা প্ৰথম এম.এল.এ. (MLA) । তেওঁৰ জন্ম হয় ১৯১২ চনৰ ২৪ নৱেম্বৰত হাইলাকান্দি জিলাৰ লালা চহৰত । তেওঁৰ পিতৃ আছিল এজন কবিৰাজ আৰু জ্যোতিষী । বিদ্যাপতি সিংহই ১৯৩১ চনত মেট্ৰিক আৰু ১৯৩৫ চনত ঢাকা বিশ্ববিদ্যালয়ৰ অধীনত বুৰঞ্জী বিষয়ত অনাৰ্চসহ বি.এ. পাছ কৰে ।কৰ্মজীৱনৰ আৰম্ভণিত তেওঁ সোনাই এম.ই. স্কুলত শিক্ষকতা কৰিছিল আৰু তেওঁৰ প্ৰচেষ্টাতে সেই অঞ্চলত হাইস্কুল স্থাপন হৈছিল । তেওঁ এজন অতি সহজ-সৰল আৰু আদৰ্শৱান পুৰুষ আছিল । ১৯৩৯ চনত তেওঁৰ সভাপতিত্বত 'কাছাৰ মণিপুৰী যুৱ সংঘ' গঠন হয়, যাৰ জৰিয়তে তেওঁ স্বজাতিৰ যুৱকসকলক জাগ্ৰত কৰিছিল ।১৯৪৬ চনৰ অসম বিধান সভা নিৰ্বাচনত তেওঁ দক্ষিণ হাইলাকান্দি সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় । বিধায়ক হৈ থকা সময়ত তেওঁ মণিপুৰী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিবলৈ চৰকাৰৰ ওচৰত জোৰদাৰ দাবী উত্থাপন কৰিছিল, যাৰ ফলস্বৰূপে পৰৱৰ্তী সময়ত মণিপুৰী ভাষাই স্বীকৃতি লাভ কৰে । ভাৰত স্বাধীন হোৱাৰ পিছত পূব পাকিস্তানত থকা মণিপুৰীসকলৰ মাজত শান্তি স্থাপনৰ বাবেও তেওঁ অগ্ৰণী ভূমিকা লৈছিল । ১৯৫৪ চনৰ ১৪ ছেপ্তেম্বৰত মাত্ৰ ৪২ বছৰ বয়সত সোনাই চহৰত তেওঁ মৃত্যুবৰণ কৰে ।
ৰাভাসকল
পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ
১। ৰাভাসকলৰ আদি বাসভূমি ক’ত আছিল?
উত্তৰ: ১৯০৩ চনত প্ৰকাশিত 'Linguistics Survey of India'ৰ মতে, গাৰো পাহাৰ জিলাৰ 'ফুলবাৰী'ৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে, গাৰো পাহাৰ আৰু খাচীয়া পাহাৰ জিলাৰ উত্তৰ সীমান্তৱৰ্তী কিছু অঞ্চল সামৰি ৰাভা মানুহৰ আদি বাসভূমি আছিল ।
২। সামাজিক ফালৰ পৰা ৰাভাসকল কি কি শাখাত বিভক্ত?
উত্তৰ: সামাজিক ফালৰ পৰা ৰাভাসকল কেইবাটাও শাখাত বিভক্ত, সেইবোৰ হ’ল— ৰংদানী, পাতি, দাহৰী, মায়তৰী, কোচ, বিতলিয়া, হানা আৰু মদাহী আদি ।
৩। ৰাভা সংস্কৃতিৰ প্ৰতীক কি?
উত্তৰ: ৰাভা কৃষ্টি-সংস্কৃতিত অতীতৰে পৰা চলি অহা প্ৰতীক হ’ল 'মানচালেংকা' বা 'মাছৰোকা' চৰাই ।
৪। ৰাভাসকলৰ প্ৰধান দেৱতা কি?
উত্তৰ: ৰাভাসকলৰ প্ৰধান দেৱতা হ’ল 'ৰিছি' বা মহাদেৱ ।
৫। ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম কি?
উত্তৰ: ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম হ’ল 'বায়খো' পূজা ।
৬। চমুটোকা লিখা :
(ক) বিষ্ণুপ্ৰসাদ ৰাভা
উত্তৰ: অসমৰ সাংস্কৃতিক জগতৰ মহান শিল্পী, বিপ্লৱী নেতা 'কলাগুৰু' বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত ঢাকা মহানগৰীৰ সেনা ছাউনীত । তেওঁৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ গেথী বালা ৰাভা । তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰাভা ছাত্ৰ জীৱনৰে পৰাই ফুটবল, ক্ৰিকেট আৰু হকী খেলত পাৰ্গত আছিল । তেওঁ কলকাতাৰ চেণ্টপল কলেজ আৰু ৰিপন কলেজত শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতে ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু ব্ৰিটিছৰ ৰোষত পৰিছিল । ৰাভা একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, অভিনেতা আৰু নৃত্যবিদ আছিল । ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত তেওঁৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণক আপ্লুত কৰিছিল । তেওঁ 'সোণপাহী', 'মিচিং কনেং', 'অসমীয়া কৃষ্টিৰ চমু আভাস' আৰু 'অতীত অসম'ৰ দৰে আপুৰুগীয়া গ্ৰন্থ ৰচনা কৰিছিল । ১৯৬৭ চনত তেওঁ তেজপুৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল । সমগ্ৰ জীৱন দলিত আৰু অৱহেলিতৰ হকে সংগ্ৰাম কৰা এইজনা মহান শিল্পীৰ ১৯৬৯ চনৰ ২০ জুনত মৃত্যু হয় ।
(খ) ৰাজেন ৰাভা
উত্তৰ: ৰাজেন ৰাভা এগৰাকী কৃতী শিক্ষক, প্ৰথিতযশা সাহিত্যিক আৰু আজীৱন গৱেষক আছিল । ১৯২০ চনৰ ১৮ ছেপ্তেম্বৰত দুধনৈত তেওঁৰ জন্ম হৈছিল । অত্যন্ত দাৰিদ্ৰ্যৰ মাজেৰে জীৱন আৰম্ভ কৰি তেওঁ নিজৰ দৃঢ় সংকল্পৰ বলত ব্যক্তিগতভাৱে পৰীক্ষা দি শেষত ১৯৭১ চনত অসমীয়া বিভাগত এম.এ. ডিগ্ৰী লাভ কৰে । তেওঁ ড° মহেশ্বৰ নেওগৰ তত্ত্বৱধানত ৰাভাসকলৰ ভাষা আৰু সংস্কৃতিৰ ওপৰত গৱেষণা কৰিছিল ।তেওঁৰ সাহিত্যিক অৱদান অতুলনীয়। 'ৰাভা সাধু', 'ৰাভা জনজাতি' আদি গ্ৰন্থৰ লগতে দুকুৰিৰো অধিক প্ৰৱন্ধৰে তেওঁ অসমীয়া সাহিত্য চহকী কৰিছে । তেওঁ 'উদয়ন' নামৰ এখন ত্ৰৈমাসিক আলোচনীও সম্পাদনা কৰিছিল । সমাজ সেৱাৰ ক্ষেত্ৰতো তেওঁ আগৰণুৱা আছিল আৰু স্বাধীনতা আন্দোলনৰ 'কৰিম কিম্বা মৰিম' বাহিনীত যোগদান কৰিছিল । তেওঁ অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ উপ-সভাপতি আছিল । কৰ্মৰ স্বীকৃতিস্বৰূপে তেওঁ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন আৰু ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা লাভ কৰিছিল ।
(গ) প্ৰসন্ন পাম
উত্তৰ: ৰাভা কৃষ্টিৰ অনন্য ৰূপকাৰ প্ৰসন্ন পামৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ জানুৱাৰীত গোৱালপাৰা জিলাৰ লাতাপাৰা গাঁৱত । তেওঁৰ পিতৃ কমল কুমাৰ ৰাভা আৰু মাতৃ দাখেল বালা ৰাভা । সৰুৰে পৰাই ৰাভা সংস্কৃতিৰ সাধনাত ব্ৰতী পাম এগৰাকী সুখ্যাত অনাতাঁৰ শিল্পী আছিল । তেওঁ বহুতো গীত ৰচনা কৰি নিজেই সুৰ সৃষ্টি কৰিছিল, যিবোৰ আজিও অতি জনপ্ৰিয় ।বিশেষকৈ 'দদান বীৰ' নাটকৰ জৰিয়তে তেওঁ বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল । তেওঁৰ অন্যান্য উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত 'মাৰুক্ষেত্ৰী', 'সৃষ্টিবিধান', 'ময়ৰা শক্তি' আদি অন্যতম । জীৱনৰ শেষ সময়লৈকে ৰাভা কৃষ্টিৰ সাধনা কৰা পাম ১৯৭৮ চনৰ ২০ ফেব্ৰুৱাৰীত এটা পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় । তেওঁৰ বহুতো গ্ৰন্থ আজিও অপ্ৰকাশিত অৱস্থাত আছে ।
(ঙ) বীৰুবালা ৰাভা
উত্তৰ: ড° বীৰুবালা ৰাভা সমাজৰ পৰা ডাইনী হত্যাৰ দৰে ভয়াবহ অন্ধবিশ্বাস নিৰ্মূলৰ বাবে জীৱন উৎসৰ্গা কৰা এগৰাকী সংগ্ৰামী নেত্ৰী । ১৯৪৯ চনত গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত তেওঁৰ জন্ম হৈছিল । মাত্ৰ তৃতীয় শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি ১৫ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হোৱা বীৰুবালা ৰাভাই নিজৰ অদম্য সাহসেৰে সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছিল ।তেওঁৰ এই নিঃস্বাৰ্থ সংগ্ৰামৰ বাবে তেওঁ দেশ-বিদেশৰ পৰা বহু সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত ২০০৫ চনৰ শান্তিৰ নোবেল বঁটালৈ মনোনয়ন, 'বীৰাংগনা মূলাগাভৰু' বঁটা আৰু ২০১৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী অন্যতম । বৰ্তমান তেওঁ 'Mission Birubala' (মিছন বীৰুবালা) নামৰ সংস্থাটোৰ জৰিয়তে অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ কাম কৰি আছে ।
সোনোৱাল কছাৰীসকল
প্ৰশ্নাৱলী :
১। ডিমাচা ভাষাত সোনোৱাল মানে কি?
উত্তৰ: ডিমাচা ভাষাত সোনোৱাল মানে হ’ল উজ্জ্বল আৰু ঐশ্বৰ্যশালী ।
২। সোনোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল?
উত্তৰ: সোনোৱাল কছাৰীসকল প্ৰথমে জড়োপাসক আছিল । পৰৱৰ্তী সময়ত তেওঁলোকে কিৰাত ধৰ্ম গ্ৰহণ কৰে । ৮৩০ খ্ৰীষ্টাব্দৰ পৰা তেওঁলোক শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল । বৰ্তমান সময়ত তেওঁলোকৰ মাজত শাক্ত আৰু বৈষ্ণৱ— এই দ্বৈত ধৰ্মৰ প্ৰচলন দেখা যায় ।
৩। সোনোৱাল কছাৰীসকলৰ লোক-সাহিত্যসমূহৰ বিষয়ে লিখা।
উত্তৰ: সোনোৱাল কছাৰীসকলৰ লোক-সাহিত্য অতি চহকী। তেওঁলোকৰ মাজত মুখ বাগৰি অহা পুৰণি নাম, পদ, মালিতা, ফকৰা-যোজনা আৰু সাধুকথা আদি প্ৰচলিত । বৰ্তমানলৈকে প্ৰাপ্ত উল্লেখযোগ্য লোক-সাহিত্যসমূহ হ’ল:
- হায়দাং গীত আৰু হুঁচৰি গীত ।
- বহুৱা নৃত্যৰ গীত, আইনাম আৰু ধাইনাম ।
- লখিমী নাম, অপেশ্বৰীৰ নাম আৰু গোসাঁইৰ নাম ।
- ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত আৰু জনা গাভৰুৰ গীত ।
- মৰণামৰা গীত, বিহুগীত আৰু তৰাচিয়া গীত আদি ।
৪। সোনোৱাল কছাৰীসকলৰ সমাজ-পদ্ধতিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰ: সোনোৱাল কছাৰী সমাজৰ সংগঠনৰ মূল ভেটি হ’ল শ্ৰীমন্ত শংকৰদেৱৰ দান নামঘৰ । সমাজ পৰিচালনাৰ বাবে গাঁৱত বাৰীক, পাঠেক, আশীৰ্বাদীয়াল, গীত ঘাই, মেধি, তামুলী আৰু ৰান্ধনী আদি বিভিন্ন বিষয়ববীয়া থাকে । তেওঁলোকৰ সমাজ পদ্ধতিৰ প্ৰধান চিনাকি হ’ল সঁচ (পৰিয়াল), বংশ, খেল আৰু কুচীয়া । বৰ্তমান তেওঁলোকৰ মাজত ১৩৫ টা সঁচ আৰু ২৫ টা বংশ আছে । বিবাহৰ ক্ষেত্ৰত সঁচ আৰু বংশৰ বিচাৰ কৰা হয় আৰু একে বংশৰ লোকক ককাই-ভাই হিচাপে গণ্য কৰা হয় ।
৫। সোনোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয়?
উত্তৰ: সোনোৱাল কছাৰীসকলৰ মাজত শাক্ত আৰু বৈষ্ণৱ— এই দুয়োটা ধৰ্মৰ প্ৰভাৱ একেলগে থকাৰ বাবে তেওঁলোকক দ্বৈত ধৰ্মৰ বুলি কোৱা হয় । তেওঁলোকে পৰম্পৰাগতভাৱে কিৰাত বা পুৰাতন (শাক্ত) ধৰ্ম পালন কৰি আহিছিল । কিন্তু ১৬৮১ চনত সত্ৰাধিকাৰ শ্ৰীশ্ৰীকেশৱদেৱ গোস্বামীৰ ওচৰত শৰণ লোৱাৰ পাছৰ পৰা তেওঁলোকৰ মাজত বৈষ্ণৱ ধৰ্মৰ প্ৰৱেশ ঘটে । সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱাসকলক 'হিন্দুৰীয়া' আৰু নোলোৱাসকলক 'বেহাৰী' বুলি কোৱা হৈছিল । যিহেতু বৰ্তমান সময়তো তেওঁলোকে বৈষ্ণৱ ধৰ্ম পালন কৰাৰ লগতে বাইথ’ পূজা, লখিমী সবাহ আদিৰ দৰে পুৰাতন পৰম্পৰাসমূহো পালন কৰি আহিছে, সেয়ে তেওঁলোকক দ্বৈত ধৰ্মৰ বুলি অভিহিত কৰা হয় ।
৬। চমুটোকা লিখা :
(ক) গগণ চন্দ্ৰ সোণোৱাল
উত্তৰ: গগণ চন্দ্ৰ সোনোৱাল আছিল এগৰাকী বিশিষ্ট সাহিত্য-সংস্কৃতিৰ সাধক। তেওঁৰ জন্ম ১৯২৬ চনৰ ২৪ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ শুকানগুৰি চাহবাগিছাত হৈছিল । তেওঁৰ পিতৃ তিলক সোনোৱাল আৰু মাতৃ অদিতি সোনোৱাল । মাকুমত শিক্ষা আৰম্ভ কৰি তেওঁ ডিব্ৰুগড় হনুমান বক্স কানৈ কলেজৰ পৰা প্ৰাক্-স্নাতক উত্তীৰ্ণ হয় । ১৯৪৭ চনত কাকপথাৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰি ১৯৮৮ চনত অৱসৰ লয় । পঞ্চম শ্ৰেণীত পড়োঁতেই তেওঁ 'মানৱ সভ্যতা আৰু ক্ৰমবিকাশ' শীৰ্ষক প্ৰবন্ধ লিখি সাহিত্য চৰ্চা আৰম্ভ কৰিছিল । তেওঁ সোনোৱাল কছাৰীৰ পৰম্পৰাগত 'হায়দাং গীত' সংগ্ৰহ কৰি 'তৰুণ জাগৰণ'ত প্ৰকাশ কৰিছিল । ১৯৭৮ চনত অসম সাহিত্য সভাই তেওঁৰ 'সোনোৱালৰ সাধু' নামৰ ২১ টা সাধুকথাৰ সংগ্ৰহ প্ৰকাশ কৰে । তেওঁৰ অন্যান্য উল্লেখযোগ্য গ্ৰন্থ হ’ল— 'সোনোৱাল কছাৰীসকলৰ ঐতিহ্য', 'অসমৰ সংস্কৃতিত সোনোৱালসকলৰ অৱদান' আদি । সাংস্কৃতিক গুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতেও তেওঁ হুঁচৰি গীত সংগ্ৰহ কৰিছিল । তেওঁ সদৌ অসম জনসংস্কৃতি পৰিষদৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল । সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম চৰকাৰে তেওঁক সাহিত্যিক পেঞ্চন প্ৰদান কৰে । ২০০৯ চনৰ ২৭ অক্টোবৰত এইগৰাকী মহান সাধকৰ মৃত্যু হয় ।
উত্তৰ: পৰশুৰাম সোনোৱাল সোনোৱাল কছাৰী জনগোষ্ঠীৰ এজন বিদ্যায়তনিক আৰু সামাজিক অগ্ৰণী ব্যক্তি আছিল। ১৯০৪ চনৰ ২৫ মে'ত নগাধূলি চাহ বাগিছাত তেওঁৰ জন্ম হয় । পিতৃ আছিল পঞ্চানন সোনোৱাল আৰু মাতৃ গুটিমালা সোনোৱাল । তেওঁ কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা বুৰঞ্জীত সোণৰ পদকসহ স্নাতক আৰু ১৯৩২ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী আৰু আইন (LL.B.) উভয়তে প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰিছিল । তেওঁ সোনোৱাল কছাৰী জনগোষ্ঠীৰ এম.এ. আৰু এল.এল.বি. ডিগ্ৰীধাৰী প্ৰথম ব্যক্তি আছিল । কেৱল শিক্ষাই নহয়, ক্ৰীড়া আৰু সংগীততো তেওঁ পাৰ্গত আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ হকী দলৰ অধিনায়ক আছিল আৰু ফুটবল তথা টেনিতো নিপুণ আছিল । ১৯৩৪ চনত ডিব্ৰুগড় উকীল সন্থাত যোগদান কৰি তেওঁ ওকালতি জীৱন আৰম্ভ কৰে । সমাজসেৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। ডিব্ৰুগড়ত কলেজ স্থাপনৰ বাবে তেওঁ এবছৰকাল বিনামূলীয়াকৈ বুৰঞ্জী বিভাগত পাঠদান কৰিছিল । তেওঁ ডিব্ৰুগড় লোকেল ব’ৰ্ডৰ সদস্য, ডিব্ৰুগড় উকীল সন্থাৰ সম্পাদক আৰু জিলা ট্ৰাইবেল লীগৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৬০ চনৰ ১ অক্টোবৰত তেওঁ মৃত্যুবৰণ কৰে ।
(গ) যোগেশ দাস
উত্তৰ: প্ৰখ্যাত সাহিত্যিক আৰু শিক্ষাবিদ যোগেশ দাসৰ জন্ম ১৯২৭ চনত ডুমডুমাৰ হাঁহচৰা চাহ-বাগিছাত হৈছিল । পিতৃ সূৰ্যকান্ত দাস আৰু মাতৃ চিন্তামণি দাস । ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা দাসে গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰি অসমীয়া বিভাগৰ মুৰব্বী হিচাপে অৱসৰ লয় । তেওঁ 'নতুন অসমীয়া', 'দৈনিক অসম' আদিৰ দৰে আগশাৰীৰ কাকতৰ সাংবাদিকতা আৰু সম্পাদনাৰ সৈতেও জড়িত আছিল । সাহিত্যিক হিচাপে যোগেশ দাস এগৰাকী মানৱীয় প্ৰমূল্যবোধৰ সাধক আছিল। তেওঁৰ উল্লেখযোগ্য গল্প-পুথি হ’ল— 'পপীয়া তৰা', 'ডাৱৰৰ আঁৰে আঁৰে', 'ত্ৰিবেণী' আদি । উপন্যাসৰ ভিতৰত 'সঁহাৰি পাই', 'ডাৱৰ আৰু নাই', 'জোনাকীৰ জুই' আদি বিশেষভাৱে জনাজাত । ১৯৮০ চনত তেওঁ 'পৃথিৱীৰ অসুখ' নামৰ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে । তেওঁ ১৯৮৫ চনৰ বিহপুৰীয়া অধিবেশনত অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল । ইয়াৰোপৰি তেওঁ ১৯৯৪ চনত সন্মানীয় অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল । ১৯৯৯ চনৰ ৯ ছেপ্তেম্বৰত এইগৰাকী স্থিতপ্ৰজ্ঞ সাহিত্যিকৰ দেহাৱসান ঘটে ।
(ঘ) যোগেন্দ্ৰনাথ হাজৰিকা
উত্তৰ: যোগেন্দ্ৰনাথ হাজৰিকা (যি যোগেন হাজৰিকা নামেৰে জনাজাত) আছিল এজন দক্ষ ৰাজনীতিবিদ আৰু অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী । ১৯২৪ চনৰ ২৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ টেঙাখাতৰ এটি দৰিদ্ৰ পৰিয়ালত তেওঁৰ জন্ম হয় । দৰিদ্ৰতাৰ বাবে তেওঁ আনকি চানা-বাদাম বিক্ৰী কৰিও শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল । পৰশুৰাম সোনোৱাল আৰু ডম্বৰুধৰ শইকীয়াৰ সহায়ত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ আৰু আইনৰ ডিগ্ৰী লাভ কৰে । তেওঁ সোনোৱাল জনগোষ্ঠীৰ পৰা উচ্চতম ন্যায়ালয়ৰ একমাত্ৰ এডভ’কেট আছিল । ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈকে তেওঁ লোকসভাৰ সাংসদ আছিল আৰু ভাৰতৰ প্ৰথম বহিঃপৰিক্ৰমা বিভাগৰ সংসদীয় সচিব হিচাপে দায়িত্ব পালন কৰিছিল । ১৯৭৯ চনত তেওঁ ৯১ দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয় । জনজাতীয় নেতা হিচাপে তেওঁ ট্ৰাইবেল লীগৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল । তেওঁৰ সংগৃহীত ২০০০ তকৈ অধিক মূল্যৱান গ্ৰন্থ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু টেঙাখাত মহাবিদ্যালয়লৈ দান কৰি তেওঁ শিক্ষাৰ প্ৰতি থকা অনুৰাগৰ পৰিচয় দিছিল । ১৯৯৭ চনৰ ৩০ ছেপ্তেম্বৰত তেওঁ ইহলীলা সম্বৰণ কৰে ।
হাজংসকল
১। হাজংসকল কোন জনগোষ্ঠীৰ লোক?
উত্তৰ: নৃতাত্ত্বিকসকলৰ মতে হাজংসকল ইণ্ডো-মংগোলীয় জনগোষ্ঠীৰ লোক । ইয়াৰ উপৰিও ভাষাৰ দিশৰ পৰা তেওঁলোক তিব্বত-বৰ্মীয় ভাষা-পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্ভুক্ত ।
২। হাজংসকলক পাৰ্বত্য স্বায়ত্তশাসিত জিলাবোৰত কেতিয়া অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিছিল?
উত্তৰ: ভাৰতৰ সংবিধানৰ ১৯৫০ চনৰ আইন অনুসৰি হাজংসকলক অবিভক্ত অসমৰ পাৰ্বত্য স্বায়ত্তশাসিত জিলাবোৰত অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিছিল ।
৩। বৰ্তমান হাজংসকল অসমৰ প্ৰধানতঃ কোন কোন জিলাত বসবাস কৰি আছে?
উত্তৰ: বৰ্তমান হাজংসকল অসমৰ গোৱালপাৰা, ধুবুৰী, কামৰূপ, বাক্সা, ওদালগুৰি, চিৰাং, দৰং, লখিমপুৰ, ধেমাজী আৰু নগাঁও আদি জিলাত সিঁচৰতি হৈ বসবাস কৰি আছে ।
৪। হাজংসকলৰ মূল জীৱিকা কি?
উত্তৰ: হাজংসকলৰ মূল জীৱিকা হ’ল কৃষি । তেওঁলোক মূলত: কৃষিজীৱী লোক ।
৫। বাস্তুদেও পূজা কেতিয়া অনুষ্ঠিত কৰে?
উত্তৰ: হাজংসকলে তেওঁলোকৰ মূল দেৱতা বৈইশ বা বাস্তুদেওৰ পূজা ব'হাগ মাহত অনুষ্ঠিত কৰে ।
৬। হাজং সমাজত কাছৰি ঘৰৰ তাৎপৰ্য কি?
উত্তৰ: হাজং সমাজত কাছৰি ঘৰৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ। ইয়াক তলত দিয়া ধৰণে বুজিব পাৰি:
ডেকাচাং: কাছৰি ঘৰ আচলতে হাজংসকলৰ 'ডেকাচাং' আছিল, য’ত গাঁৱৰ অবিবাহিত ডেকাসকলে নিশা শুবলৈ ব্যৱহাৰ কৰিছিল ।
আলহী-অতিথিৰ থকা ঠাই: গাঁৱলৈ কোনো পুৰুষ আলহী বা অতিথি আহিলে তেওঁলোকক এই কাছৰি ঘৰতে নিশা থকাৰ ব্যৱস্থা কৰি দিয়া হৈছিল ।
সামাজিক মৰ্যাদা: এসময়ত গাঁৱৰ মুৰব্বী বা প্ৰতিপত্তিশীল ব্যক্তিৰ ঘৰৰ হাউলিতহে এনে কাছৰি ঘৰ সজা হৈছিল ।
অৱস্থান: ইয়াক ঘৰৰ আগচোতালত সজা হয় আৰু ইয়াক বাটচ'ৰা ঘৰ বুলিও ক'ব পাৰি ।
নাথযোগীসকল
১/ অসমৰ নাথযোগীসকলৰ উৎপত্তি সম্পৰ্কে লিখা।
উত্তৰ: নাথ বা যোগী সম্প্ৰদায়টো অসম তথা ভাৰতবৰ্ষৰ অন্যতম এক প্ৰাচীনতম জনগোষ্ঠী। আৰ্য্য সভ্যতাৰ বহু আগৰে পৰাই এই সম্প্ৰদায়ৰ লোকসকল ভাৰতৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ বসবাস কৰি আহিছে । এই সম্প্ৰদায়টোৰ উৎপত্তিৰ মূল উৎস হৈছে যোগসাধনা। শৈৱধৰ্মৰ মূল দৰ্শন যোগসাধন মাৰ্গৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই 'যোগ'ৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছে ।
নাথ পৰম্পৰা অনুসৰি, ভগৱান শিৱ বা আদিনাথেই হৈছে প্ৰথমগৰাকী নাথ । তেওঁৰ পৰাই এই ধৰ্মীয় ধাৰা আৰু জনগোষ্ঠীয় পৰিচয়ৰ আৰম্ভণি বুলি বিশ্বাস কৰা হয়। পৰৱৰ্তী সময়ত মহাযোগী মৎস্যেন্দ্ৰনাথ আৰু গুৰু গোৰক্ষনাথ নাথসকলৰ প্ৰধান দুজন গুৰু হিচাপে পৰিগণিত হয় । তেওঁলোকৰ শিষ্যত্ব গ্ৰহণ কৰা আৰু যোগ ধৰ্ম পালন কৰা লোকসকলেই নাথযোগী হিচাপে পৰিচিত হয়। অসমৰ ইতিহাস আৰু প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ পৰা জনা যায় যে গুৱাহাটীৰ নাম এসময়ত 'যোগীহাটী' নামেৰে প্ৰসিদ্ধ আছিল, যিয়ে এই অঞ্চলত তেওঁলোকৰ প্ৰাচীন অৱস্থিতিৰ প্ৰমাণ দিয়ে । নাথযোগীসকল গুৰু-শিষ্য পৰম্পৰাত বিশ্বাসী আৰু তেওঁলোকৰ মাজত গৃহস্থ যোগী আৰু সন্ন্যাসী যোগী— এই দুই ধৰণৰ ভাগ দেখা যায় । অসমৰ বিভিন্ন জিলাত বসবাস কৰা নাথযোগীসকলৰ এই সুদীৰ্ঘ ইতিহাস আৰু যোগাধাৰিত পৰম্পৰাই তেওঁলোকৰ উৎপত্তিৰ মূল ভেটি নিৰ্মাণ কৰিছে।
২/ নাথযোগীসকলৰ সাহিত্য আৰু ধৰ্মৰ বিষয়ে লিখা।
উত্তৰ: নাথযোগীসকলৰ ধৰ্মীয় বিশ্বাস আৰু সাহিত্যৰাজিয়ে ভাৰতীয় সংস্কৃতিলৈ এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
ধৰ্ম: নাথসকল মূলতঃ শৈৱপন্থী আৰু অতীতত তেওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈৱ বা 'ব্ৰাত্য ধৰ্ম' । তেওঁলোকৰ ধৰ্মীয় দৰ্শন যোগসাধনাৰ ওপৰত প্ৰতিষ্ঠিত। হঠযোগ সাধন মাৰ্গৰ আৱিষ্কাৰক গুৰু গোৰক্ষনাথে এই ধৰ্মক এক বিশেষ গতি প্ৰদান কৰিছিল । নাথসকলৰ এজন সন্ন্যাসীৰ মৃত্যু হ’লে মৃতদেহ দাহ কৰাৰ পৰিবৰ্তে পদ্মাসনত বহুৱাই সমাধি দিয়াৰ এক বিশেষ ধৰ্মীয় প্ৰথা আজিও চলি আছে । বৰ্তমান সময়ত তেওঁলোকৰ এটা বৃহৎ অংশই মহাপুৰুষীয়া ধৰ্মকো আঁকোৱালি লৈছে ।
সাহিত্য: নাথসকলৰ সাহিত্য অতি প্ৰাচীন আৰু চহকী। তন্ত্ৰ-মন্ত্ৰ, যোগ, আধ্যাত্মিক দৰ্শন, আয়ুৰ্বেদ, জ্যোতিষ আৰু ৰসায়ন আদি বিভিন্ন বিষয়ত নাথ সিদ্ধপুৰুষসকলে বহুতো গ্ৰন্থ ৰচনা কৰিছে । ইয়াৰ ভিতৰত স্বাম স্বাত্মাৰাম যোগীৰ 'হঠযোগ প্ৰদীপিকা' সমগ্ৰ বিশ্বতে সমাদৃত । বিশেষভাৱে মন কৰিবলগীয়া যে প্ৰাচীন 'চৰ্যাপদ' বা 'চৰ্যাগীত'সমূহৰ ৰচনাত নাথ সিদ্ধাচাৰ্যসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল, যিয়ে অসমীয়া, বঙালী আৰু উড়িয়া ভাষাৰ বিকাশত বৰঙণি যোগাইছে । তদুপৰি দৰং জিলাৰ সুকনাণী ওজাপালি, দেওধনী নৃত্য আৰু চিয়া গীতসমূহো তেওঁলোকৰ সাংস্কৃতিক তথা সাহিত্যিক পৰম্পৰাৰ এক অবিচ্ছেদ্য অংশ ।
৩/ নাথযোগীসকলৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: নাথযোগীসকল অসমৰ এক প্ৰাচীন আৰু কৃষ্টি-সংস্কৃতিৰে চহকী জনগোষ্ঠী। তেওঁলোক ঐতিহাসিকভাৱে যোগসাধনা আৰু শৈৱধৰ্মৰ সৈতে জড়িত । অসমৰ গোৱালপাৰা, বঙাইগাঁও, নগাঁও, মৰিগাঁও, কাছাৰ আদি প্ৰায় প্ৰতিখন জিলাতে এই সম্প্ৰদায়ৰ লোকে বসবাস কৰে ।
এই জনগোষ্ঠীৰ দেশপ্ৰেম আৰু শিল্পকলা অতি প্ৰশংসনীয়। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত এই সম্প্ৰদায়ৰ মনবৰ নাথ, খহুলী দেৱী আৰু কুমলী দেৱীয়ে বৃটিছৰ গুলীত শ্বহীদ হৈছিল । তদুপৰি পথৰুঘাটৰ কৃষক বিদ্ৰোহ আৰু অসম আন্দোলনতো তেওঁলোকৰ বহু লোকে প্ৰাণ আহুতি দিছে । শিল্পকলাৰ দিশত নাথসকলৰ পুৰুষ-মহিলা উভয়েই বোৱা-কটা আৰু পাট শিল্পত পাৰ্গত আছিল, যাৰ বাবে তেওঁলোকক 'কাটনী' বুলিও জনা যায় । মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য মথুৰানাথ বুঢ়া আতা এই সম্প্ৰদায়ৰে আছিল, যাৰ ওপৰত গুৰুজনাই পৱিত্ৰ 'বৃন্দাৱনী বস্ত্ৰ' বোৱাৰ দায়িত্ব অৰ্পণ কৰিছিল ।
শিক্ষিক আৰু বৌদ্ধিক দিশত সম্প্ৰদায়টোক আগবঢ়াই নিবলৈ ১৯১৯ চনতেই 'অসম প্ৰাদেশিক যোগী সন্মিলনী' গঠিত হৈছিল । পণ্ডিত ৰাজমোহন নাথদেৱৰ দৰে মনিষীয়ে অসমৰ ইতিহাস আৰু সংস্কৃতিলৈ অপৰিসীম অৱদান আগবঢ়াই থৈ গৈছে । সামগ্ৰিকভাৱে, নাথযোগীসকল অসমীয়া জাতিৰ এক গুৰুত্বপূৰ্ণ অংগ।
আদিবাসীসকল
প্ৰশ্নাৱলী :
১/ আদিবাসীসকলৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হ’ল আদিবাসীসকল। অসমৰ প্ৰায় ৮৮৫ খন চাহ বাগিছা আৰু গাঁৱত বসবাস কৰা প্ৰায় ৫৬ লাখ আদিবাসী লোক অসমীয়া জাতিৰ এক গুৰুত্বপূৰ্ণ উপাদান । 'আদিবাসী' শব্দৰ উৎপত্তিগত অৰ্থ হ’ল— 'আদি' মানে প্ৰথমে আৰু 'বাসী' মানে বাসিন্দা, অৰ্থাৎ দেশৰ প্ৰথম বাসিন্দাসকল । হেমকোষ অভিধানৰ মতেও ইয়াৰ অৰ্থ 'প্ৰথম নিবাসী' । যদিও কিছুসংখ্যক লোকে নিজকে আৰ্য বুলি দাবী কৰে, বুৰঞ্জীবিদসকলে তেওঁলোকক আদিবাসী হিচাপেই চিহ্নিত কৰিছে ।
প্ৰফুল্ল বৰুৱাৰ 'ভাৰত বুৰঞ্জী'ৰ মতে, এই জনগোষ্ঠীৰ লোকসকল শাৰীৰিকভাৱে চুটি-চাপৰ, কৃষ্ণ বৰ্ণৰ আৰু চেপেটা নাকৰ । তেওঁলোকে প্ৰকৃতিপ্ৰেমী আৰু পৰম্পৰাগতভাৱে পাহাৰ তথা হাবি-জংঘলত বাস কৰি ভাল পাইছিল । আদিবাসীসকলৰ অন্তৰ্গত প্ৰধান জাতিসমূহ হ’ল— চাওঁতাল, মুণ্ডা, ওৰাং, কোল, ভিল, ভূমিজ, খাড়িয়া, কুডমালি আদি । তেওঁলোকক বিভিন্ন সময়ত 'চাহ বনুৱা', 'কুলি', 'চাহ জনজাতি' বা 'সেউজ অসমীয়া' আদি নামেৰেও মাতি অহা হৈছে । পূৰ্বতে তেওঁলোক সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল যদিও কৃষি কাৰ্য আৰম্ভ হোৱাৰ পাছৰ পৰা তেওঁলোকৰ সমগ্ৰ জীৱনশৈলী আৰু ৰীতি-নীতি কৃষিভিত্তিক হৈ পৰে । বৰ্তমান এই লোকসকলে নিজকে 'আদিবাসী' বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰে ।
২/ আদিবাসীসকলৰ ভাষা আৰু উৎসৱ-পাৰ্বনৰ বিষয়ে লিখা।
উত্তৰ: আদিবাসীসকলৰ সংস্কৃতি অতি চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ, যিটো তেওঁলোকৰ ভাষা আৰু উৎসৱ-পাৰ্বনৰ মাজেৰে ফুটি উঠে।
ভাষা: আদিবাসী ভাষাসমূহ মূলতঃ দ্ৰাবিড় আৰু অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্গত । উদাহৰণস্বৰূপে, ওৰাংসকলৰ 'কুডুষ' ভাষাটি দ্ৰাবিড় গোষ্ঠীৰ আৰু মুণ্ডা তথা চাওঁতালসকলৰ ভাষা অষ্ট্ৰিক গোষ্ঠীৰ 'কোলাৰীয়ান' ভাষা । তেওঁলোকৰ মাজত এটা উমৈহতীয়া ভাষা প্ৰচলিত যাক 'আদিবাসীয়া' বা 'চাদৰ' বুলি কোৱা হয় । নিজা ভাষাৰ বিকাশৰ বাবে তেওঁলোকে কুডুষ সাহিত্য সভা, চাওঁতালী সাহিত্য সভা আদিৰ দৰে বিভিন্ন অনুষ্ঠান গঢ়ি তুলিছে ।
উৎসৱ-পাৰ্বন: আদিবাসীসকলৰ প্ৰধান উৎসৱ হ’ল 'কৰম উৎসৱ', যিটো ভাদ মাহৰ একাদশী তিথিত পালন কৰা হয় । ই এক কৃষিভিত্তিক উৎসৱ। এই উৎসৱত ডেকা-গাভৰুৱে জংঘলৰ পৰা 'কৰম' গছৰ ডাল কাটি আনি চোতালত স্থাপন কৰে আৰু নাচি-বাগি কৰম দেৱতাৰ পূজা কৰে । এই উৎসৱে বন্ধুত্ব, একতা আৰু সু-স্বাস্থ্যৰ বাৰ্তা বহন কৰে । ইয়াৰ উপৰিও তেওঁলোকে টুচু, বাহা পৰব (চাৰহুল), চহৰাই, মাগে আৰু ফাগুৱা আদি উৎসৱ পালন কৰে । উৎসৱৰ সময়ত তেওঁলোকে ঝমৰ, কৰম, ডমকচ, জাদুৰ আৰু লাহচুৱা আদি বিভিন্ন পৰম্পৰাগত নাচ-গান পৰিৱেশন কৰে ।
৩/ চমুটোকা লিখা:
(ক) খ্ৰীষ্টান মুণ্ডা
উত্তৰ: খ্ৰীষ্টান মুণ্ডা আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন অন্যতম আদিবাসী শ্বহীদ । তেওঁ ১৯১০ চনৰ পৰা ১৯১৬ চনৰ ভিতৰত তেজপুৰৰ ওচৰৰ ফুলবাৰী চাহ বাগিচাত অসমৰ কৃষক আৰু শ্ৰমিকসকলৰ এক শক্তিশালী বিদ্ৰোহ গঢ়ি তুলিছিল । ব্ৰিটিছ চৰকাৰৰ শোষণৰ বিৰুদ্ধে থিয় দিয়াৰ বাবে তেওঁক ব্ৰিটিছ চৰকাৰে ফুলবাৰী চাহ বাগিচাৰ ৰাজহুৱা স্থানত ফাঁচী দিছিল । ব্ৰিটিছৰ উদ্দেশ্য আছিল যাতে আন কোনো শ্ৰমিকে বিদ্ৰোহ কৰিবলৈ সাহস নকৰে । কিন্তু ইয়াৰ বিপৰীতে তেওঁৰ মৃত্যুৰ পিছতহে চাহ বাগিচাসমূহত স্বাধীনতা আন্দোলনৰ অগ্নি অধিক দাউদাউকৈ জ্বলি উঠিছিল আৰু হেলেম, চনাজুলি আদি ঠাইত জঙ্গী আন্দোলন গঢ়ি উঠিছিল ।
(খ) জাষ্টিন লাক্ৰা
উত্তৰ: জাষ্টিন লাক্ৰা আছিল আদিবাসী সমাজৰ এজন প্ৰভাৱশালী নেতা আৰু 'সদৌ আদিবাসী ছাত্ৰ সন্থা'ৰ জন্মদাতা । ১৯৭০ চনৰ ২ অক্টোবৰত চৰাইবিলৰ কচুগাঁৱত তেওঁৰ জন্ম হৈছিল । ১৯৯৬ চনত শ্বিলং মহাবিদ্যালয়ত পঢ়ি থকা সময়ত নামনি অসমত গোষ্ঠী সংঘাত হোৱাত প্ৰায় দুই লাখ মানুহ আশ্ৰয় শিবিৰত থাকিবলগীয়া হয় । সেই সময়ত তেওঁ নিজৰ শিক্ষা ত্যাগ কৰি জনসেৱাত নামি পৰে । তেওঁৰ ত্যাগ আৰু নেতৃত্বৰ বাবে তেওঁক আদিবাসীসকলৰ 'জাতীয় পিতা' বুলি অভিহিত কৰা হয় । ২০১৫ চনৰ ১৩ জুলাইত এইগৰাকী মহান নেতাৰ মৃত্যু হয় ।