Skip to Content
NoteSL
  • Home
  • Notification
  • new
  • Privacy Policy
  • About
  • Terms and Condition's
  • Class 9 Science
  • Student Helping
  • ads.txt
  • বাস্তৱ সংখ্যা
  • বহুপদ
NoteSL
      • Home
      • Notification
      • new
      • Privacy Policy
      • About
      • Terms and Condition's
      • Class 9 Science
      • Student Helping
      • ads.txt
      • বাস্তৱ সংখ্যা
      • বহুপদ
    Unit : 3
    নৱজাগৰণ


    ১ নম্বৰৰ প্ৰশ্ন আৰু উত্তৰ : 

    প্ৰশ্ন ১: 'Renaissance' বা নৱজাগৰণ শব্দটো মূলতঃ কোনটো ভাষাৰ পৰা আহিছে?

    উত্তৰ: 'Renaissance' শব্দটো মূলতঃ ফৰাচী ভাষাৰ পৰা আহিছে (যাৰ অৰ্থ হ'ল পুনৰ্জন্ম)।

    প্ৰশ্ন ২: ইউৰোপত সৰ্বপ্ৰথম কোনখন দেশত নৱজাগৰণৰ সূচনা হৈছিল?

    উত্তৰ: ইটালী (Italy) ত সৰ্বপ্ৰথম নৱজাগৰণৰ সূচনা হৈছিল।

    প্ৰশ্ন ৩: নৱজাগৰণৰ এটা প্ৰধান বৈশিষ্ট্য বা আদৰ্শ কি আছিল?

    উত্তৰ: মানৱতাবাদ (Humanism)।

    প্ৰশ্ন ৪: 'মানৱতাবাদৰ পিতৃ' (Father of Humanism) বুলি কাক জনা যায়?

    উত্তৰ: ফ্ৰাঞ্চিস্কো পেট্ৰাৰ্ক (Francesco Petrarch) ক।

    প্ৰশ্ন ৫: কোনটো ঐতিহাসিক নগৰী পতনক নৱজাগৰণৰ এক অন্যতম কাৰণ বুলি ধৰা হয়?

    উত্তৰ: ১৪৫৩ খ্ৰীষ্টাব্দত কনষ্টেণ্টিনোপলৰ (Constantinople) পতন।

    প্ৰশ্ন ৬: বিখ্যাত চিত্ৰকৰ লিয়নাৰ্ডো ড ভিন্সিৰ আটাইতকৈ জনপ্ৰিয় চিত্ৰখনৰ নাম কি?

    উত্তৰ: মোনালিছা (Mona Lisa)।

    প্ৰশ্ন ৭: 'দি ডিভাইন কমেডী' (The Divine Comedy) নামৰ মহাকাব্যখন কোনে ৰচনা কৰিছিল?

    উত্তৰ: দান্তে আলিগিয়ৰী (Dante Alighieri) য়ে।

    প্ৰশ্ন ৮: উত্তৰীয় মানৱতাবাদৰ (Northern Humanism) এজন প্ৰধান প্ৰবক্তাৰ নাম লিখা।

    উত্তৰ: ডেচিডেৰিয়াচ ইৰাচমাচ (Desiderius Erasmus)।

    প্ৰশ্ন ৯: ছপা যন্ত্ৰ (Printing Press) কোনে আৱিষ্কাৰ কৰিছিল?

    উত্তৰ: জোহানেচ গুটেনবাৰ্গে (Johannes Gutenberg)।

    প্ৰশ্ন ১০: 'প্ৰেমৰ গীত' বা চনেট (Sonnet) ৰচনাৰ বাবে নৱজাগৰণ যুগৰ কোনজন সাহিত্যিক বিখ্যাত?

    উত্তৰ: পেট্ৰাৰ্ক (Petrarch)।

    প্ৰশ্ন ১১: আধুনিক ৰাজনীতি বিজ্ঞানৰ জনক বুলি কাক কোৱা হয়?

    উত্তৰ: নিকোলো মেকিয়াভেলি (Niccolo Machiavelli) ক।

    প্ৰশ্ন ১২: মেকিয়াভেলিৰ আটাইতকৈ বিখ্যাত ৰাজনৈতিক গ্ৰন্থখনৰ নাম কি?

    উত্তৰ: 'দ্য প্ৰিন্স' (The Prince)।

    প্ৰশ্ন ১৩: 'ইউটোপিয়া' (Utopia) গ্ৰন্থখনৰ ৰচক কোন আছিল?

    উত্তৰ: ছাৰ থমাচ ম’ৰ (Sir Thomas More)।

    প্ৰশ্ন ১৪: মাইকেল এঞ্জেলো কোন ক্ষেত্ৰৰ সৈতে জড়িত আছিল?

    উত্তৰ: মাইকেল এঞ্জেলো আছিল নৱজাগৰণ যুগৰ এজন বিখ্যাত ভাস্কৰ আৰু চিত্ৰকৰ।

    প্ৰশ্ন ১৫: নৱজাগৰণ যুগত ইটালীৰ শিল্প-সংস্কৃতিৰ প্ৰধান কেন্দ্ৰস্থল কোনখন চহৰ আছিল?

    উত্তৰ: ফ্লৰেন্স (Florence) চহৰ।

    ২ নম্বৰৰ প্ৰশ্ন আৰু উত্তৰ :

    প্ৰশ্ন ১: নৱজাগৰণ বুলিলে কি বুজা?

    উত্তৰ: চতুৰ্দশ শতিকাৰ পৰা সপ্তদশ শতিকাৰ ভিতৰত ইউৰোপৰ মধ্যযুগীয় অন্ধবিশ্বাসৰ অন্ত পেলাই কলা, সাহিত্য, বিজ্ঞান আৰু চিন্তাৰ ক্ষেত্ৰত যি এক নতুন জাগৰণ বা বৌদ্ধিক আন্দোলনৰ সূচনা হৈছিল, তাকেই ইতিহাসত নৱজাগৰণ (Renaissance) বোলা হয়।

    প্ৰশ্ন ২: ইটালীত নৱজাগৰণৰ উৎপত্তি হোৱাৰ দুটা প্ৰধান কাৰণ লিখা।

    উত্তৰ: দুটা প্ৰধান কাৰণ হ’ল:

    (ক) ইটালীৰ ভৌগোলিক অৱস্থিতিয়ে ইয়াক লাভজনক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ কেন্দ্ৰবিন্দু কৰি তুলিছিল।

    (খ) কনষ্টেণ্টিনোপলৰ পতনৰ পিছত বহুতো গ্ৰীক পণ্ডিত আৰু শিল্পীয়ে আশ্ৰয় বিচাৰি ইটালীলৈ আহে আৰু নিজৰ জ্ঞানৰ প্ৰসাৰ ঘটায়।

    প্ৰশ্ন ৩: নৱজাগৰণত মানৱতাবাদ (Humanism) বুলিলে কি বুজা?

    উত্তৰ: নৱজাগৰণৰ যুগত ধৰ্মীয় গোড়ামী আৰু পৰলোতকৈ ইহলোকক, অৰ্থাৎ মানুহৰ পাৰ্থিৱ জীৱন, স্বাধীনতা, যুক্তি আৰু মৰ্যাদাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ যি চিন্তাধাৰা গঢ়ি উঠিছিল, তাকেই মানৱতাবাদ বোলা হয়।

    প্ৰশ্ন ৪: মানৱতাবাদী শিক্ষাৰ মূল লক্ষ্য কি আছিল?

    উত্তৰ: মানৱতাবাদী শিক্ষাৰ মূল লক্ষ্য আছিল মানুহৰ ব্যেক্তিত্বৰ সৰ্বাংগীণ বিকাশ সাধন কৰা আৰু কেৱল ধৰ্মশাস্ত্ৰৰ সলনি ইতিহাস, কবিতা, নৈতিক দৰ্শন, আৰু ব্যাকৰণ চৰ্চাৰ জৰিয়তে যুক্তিবাদী মনোভাৱ গঢ়ি তোলা।

    প্ৰশ্ন ৫: উত্তৰীয় মানৱতাবাদ (Northern Humanism) কি?

    উত্তৰ: ইটালীৰ নৱজাগৰণৰ প্ৰভাৱ যেতিয়া আল্পছ পৰ্বত পাৰ হৈ উত্তৰ ইউৰোপৰ দেশসমূহ যেনে— জাৰ্মানী, ফ্ৰান্স, ইংলেণ্ড আদিলৈ সম্প্ৰসাৰিত হৈছিল, তেতিয়া তাক উত্তৰীয় মানৱতাবাদ বোলা হয়। ই মূলতঃ খ্ৰীষ্টীয় মানৱতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল।

    প্ৰশ্ন ৬: ইটালীয় মানৱতাবাদ আৰু উত্তৰীয় মানৱতাবাদৰ মাজৰ এটা মূল পাৰ্থক্য লিখা।

    উত্তৰ: ইটালীয় মানৱতাবাদে ধৰ্ম নিৰপেক্ষ সাহিত্য, কলা আৰু ধ্ৰুপদী গ্ৰীক-ৰোমান সংস্কৃতিৰ পুনৰুদ্ধাৰৰ ওপৰত বেছি গুৰুত্ব দিছিল। আনহাতে, উত্তৰীয় মানৱতাবাদে ধৰ্মীয় সংস্কাৰ আৰু আদিম খ্ৰীষ্টীয় ধৰ্মশাস্ত্ৰসমূহৰ পবিত্ৰতা ৰক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল।

    প্ৰশ্ন ৭: নৱজাগৰণৰ যুগত ছপা যন্ত্ৰৰ আৱিষ্কাৰে কেনে প্ৰভাৱ পেলাইছিল?

    উত্তৰ: ছপা যন্ত্ৰৰ আৱিষ্কাৰৰ ফলত অতি কম সময়ৰ ভিতৰতে কিতাপ-পত্ৰসমূহ সুলভ হৈ পৰিছিল। ইয়াৰ ফলত মানৱতাবাদী জ্ঞান, নতুন চিন্তা আৰু যুক্তিবাদী ধাৰণা সমাজৰ সাধাৰণ শ্ৰেণীৰ মাজলৈ অতি দ্ৰুতগতিত বিয়পি পৰিছিল।

    প্ৰশ্ন ৮: লিয়নাৰ্ডো ড ভিন্সিক কেনেকৈ এজন বহুমুখী প্ৰতিভাৱান ব্যক্তি (Renaissance Man) বুলি ক’ব পাৰি?

    উত্তৰ: লিয়নাৰ্ডো ড ভিন্সি কেৱল এজন মহান চিত্ৰকৰেই নাছিল, তেওঁ একাধাৰে বিজ্ঞানী, গণিতজ্ঞ, অভিযন্তা, শৰীৰতত্ববিদ আৰু স্থপতিবিদ আছিল। তেওঁৰ এই বহুমুখী জ্ঞান আৰু অনুসন্ধিৎসু মনৰ বাবেই তেওঁক 'নৱজাগৰণৰ মানুহ' বুলি কোৱা হয়।

    প্ৰশ্ন ৯: নৱজাগৰণ কালৰ স্থাপত্য শিল্পৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা।

    উত্তৰ: দুটা বৈশিষ্ট্য হ’ল:

    (ক) মধ্যযুগীয় গথিক (Gothic) শৈলীৰ সলনি প্ৰাচীন ৰোমান আৰু গ্ৰীক স্থাপত্য শৈলীৰ পুনৰ ব্যৱহাৰ কৰা হৈছিল।

    (খ) অট্টালিকাসমূহত বৃত্তাকাৰ খিলান, গম্বুজ আৰু সুসম স্তম্ভৰ ব্যৱহাৰ বৃদ্ধি পাইছিল।

    প্ৰশ্ন ১০: মেকিয়াভেলিৰ 'দ্য প্ৰিন্স' গ্ৰন্থখনৰ মূল বক্তব্য কি আছিল?

    উত্তৰ: মেকিয়াভেলিৰ 'দ্য প্ৰিন্স' গ্ৰন্থখনৰ মূল বক্তব্য আছিল যে এজন শাসকে ৰাজ্যৰ নিৰাপত্তা আৰু ক্ষমতা ধৰি ৰাখিবলৈ ধৰ্ম আৰু নৈতিকতাৰ উৰ্ধলৈ গৈ প্ৰয়োজন সাপেক্ষে যিকোনো কঠোৰ নীতি অৱলম্বন কৰিব পাৰে। ইয়াত ৰাজনীতিক ধৰ্মৰ পৰা পৃথক কৰা হৈছিল।

    প্ৰশ্ন ১১: ইৰাচমাচৰ বিখ্যাত ব্যংগাত্মক ৰচনা 'ইন প্ৰেইজ অৱ ফলি' (In Praise of Folly) ৰ মূল উদ্দেশ্য কি আছিল?

    উত্তৰ: ইয়াৰ মূল উদ্দেশ্য আছিল সমকালীন সমাজ ব্যৱস্থা আৰু বিশেষকৈ কেথলিক চাৰ্চ তথা ধৰ্মযাজকসকলৰ মাজত থকা দুৰ্নীতি, অন্ধবিশ্বাস, আৰু নৈতিক স্খলনক হাস্যৰস আৰু ব্যংগৰ জৰিয়তে উদঙাই দেখুওৱা।

    প্ৰশ্ন ১২: নৱজাগৰণৰ কালত শাসনব্যৱস্থাৰ ওপৰত ইটালীৰ কেনে প্ৰভাৱ পৰিছিল?

    উত্তৰ: নৱজাগৰণে মধ্যযুগৰ সামন্তবাদী শাসনৰ অৱসান ঘটাই এক কেন্দ্ৰীকৃত আৰু শক্তিশালী আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাৰ ভেটি স্থাপন কৰিছিল। ইটালীৰ নগৰ-ৰাষ্ট্ৰসমূহৰ দৰে ইউৰোপৰ অন্যান্য প্ৰান্ততো ধৰ্মনিৰপেক্ষ প্ৰশাসনৰ ধাৰণা গঢ়ি উঠিছিল।

    প্ৰশ্ন ১৩: নৱজাগৰণ কালৰ দুগৰাকী প্ৰসিদ্ধ মানৱতাবাদী লেখিকা বা নাৰীৰ নাম লিখা।

    উত্তৰ: দুগৰাকী প্ৰসিদ্ধ নাৰী হ’ল— ক্ৰীষ্টিন ডি পিছান (Christine de Pizan) আৰু ইছাবেলা ডি এষ্টে (Isabella d'Este)।

    প্ৰশ্ন ১৪: ছাৰ থমাচ ম’ৰৰ 'ইউটোপিয়া' গ্ৰন্থখনত কি বৰ্ণনা কৰা হৈছে?

    উত্তৰ: 'ইউটোপিয়া' গ্ৰন্থখনত এখন কাল্পনিক আদৰ্শ দ্বীপ-ৰাষ্ট্ৰৰ ধাৰণা দাঙি ধৰা হৈছে, য’ত কোনো ব্যক্তিগত সম্পত্তি নাই, সমাজত পূৰ্ণ সমতা আছে আৰু সকলো মানুহে শান্তিপূৰ্ণভাৱে বসবাস কৰে। ই সমকালীন ইউৰোপৰ ত্ৰুটিসমূহৰ এক পৰোক্ষ সমালোচনা আছিল।

    প্ৰশ্ন ১৫: নৱজাগৰণে আধুনিক বিজ্ঞানৰ বিকাশত কেনেকৈ সহায় কৰিছিল?

    উত্তৰ: নৱজাগৰণে মানুহক অন্ধবিশ্বাস আৰু ধৰ্মীয় ফতোৱাৰ সলনি পৰীক্ষা-নিৰীক্ষা, নিৰীক্ষণ আৰু যুক্তিৰ আশ্ৰয় ল’বলৈ শিকাইছিল। ইয়াৰ ফলতেই কপাৰনিকাচ, গেলিলিঅ’ আদি বিজ্ঞানীসকলে মহাবিশ্বৰ সম্পৰ্কে নতুন সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল।

    5 নম্বৰীয়া দীঘল প্ৰশ্নসমূহঃ

    প্ৰশ্ন ১: ইউৰোপত বা বিশেষকৈ ইটালীত নৱজাগৰণৰ উৎপত্তি হোৱাৰ প্ৰধান কাৰণসমূহ আলোচনা কৰা।

    উত্তৰ: চতুৰ্দশ শতিকাত ইটালীত নৱজাগৰণৰ উৎপত্তি হোৱাৰ অন্তৰালত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ আছিল। সেইসমূহ তলত উল্লেখ কৰা হ’ল:

    • ভৌগোলিক অৱস্থিতি আৰু বাণিজ্যৰ প্ৰসাৰ: ইটালীৰ ভৌগোলিক অৱস্থিতি ভূমধ্যসাগৰৰ কেন্দ্ৰস্থলত হোৱাৰ বাবে ই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰধান কেন্দ্ৰ হৈ পৰিছিল। বাণিজ্যৰ ফলত ইটালীৰ ফ্লৰেন্স, ভেনিছ আদি নগৰসমূহ অৰ্থনৈতিকভাৱে অতি চহকী হৈ পৰিছিল আৰু এক নতুন মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি হৈছিল, যিয়ে শিল্প-সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰিছিল।

    • কনষ্টেণ্টিনোপলৰ পতন (১৪৫৩ খ্ৰীষ্টাব্দ): তুৰ্কীসকলে কনষ্টেণ্টিনোপল অধিকাৰ কৰাৰ পিছত তাত থকা বহুতো গ্ৰীক পণ্ডিত, বিজ্ঞানী আৰু শিল্পীয়ে নিজৰ মূল্যৱান প্ৰাচীন পাণ্ডুলিপিসমূহ লৈ ইটালীলৈ পলাই আহে। তেওঁলোকৰ আগমনে ইটালীত প্ৰাচীন গ্ৰীক আৰু ৰোমান জ্ঞান-চৰ্চাৰ এক নতুন ঢৌ তোলে।

    • ধনী শ্ৰেণীৰ পৃষ্ঠপোষকতা: ইটালীৰ বিখ্যাত মেডিচি (Medici) পৰিয়াল, পোপ আৰু অন্যান্য ধনী বণিকসকলে শিল্পী, সাহিত্যিক আৰু দৰ্শনবিদসকলক বিপুল আৰ্থিক সহায় আৰু সুৰক্ষা প্ৰদান কৰিছিল, যাৰ ফলত মুক্ত চিন্তাৰ পৰিৱেশ গঢ়ি উঠিছিল।

    • ছপা যন্ত্ৰৰ আৱিষ্কাৰ: জোহানেচ গুটেনবাৰ্গৰ ছপা যন্ত্ৰৰ আৱিষ্কাৰে জ্ঞানক কেৱল ধৰ্মযাজক বা অভিজাত শ্ৰেণীৰ মাজতে আৱদ্ধ কৰি নাৰাখি কিতাপৰ মাধ্যমেৰে সাধাৰণ জনতাৰ মাজলৈ লৈ গৈছিল, যিয়ে জাগৰণক তৰান্বিত কৰিছিল।

    প্ৰশ্ন ২: নৱজাগৰণৰ এক অন্যতম মূল আদৰ্শ হিচাপে 'মানৱতাবাদ' (Humanism) ৰ ধাৰণাটো ব্যাখ্যা কৰা।

    উত্তৰ: নৱজাগৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল মানৱতাবাদ। মধ্যযুগত ইউৰোপীয় সমাজ আৰু চিন্তা সম্পূৰ্ণৰূপে ধৰ্মকেন্দ্ৰিক আছিল, য’ত মানুহৰ ইহলোকৰ জীৱনতকৈ পৰলোক আৰু ঈশ্বৰকহে একমাত্ৰ সত্য বুলি গণ্য কৰা হৈছিল। কিন্তু নৱজাগৰণে এই ধাৰণা সলনি কৰি 'মানুহ'ক চিন্তাৰ কেন্দ্ৰবিন্দুলৈ আনে।

    • পাৰ্থিৱ জীৱনৰ গুৰুত্ব: মানৱতাবাদীসকলে মত প্ৰকাশ কৰে যে মানুহৰ পাৰ্থিৱ জীৱনটো অৰ্থহীন নহয়। ধৰ্মীয় বৈৰাগ্যৰ সলনি সংসাৰৰ সৌন্দৰ্য উপভোগ কৰা আৰু মানৱীয় প্ৰমূল্যসমূহ বিকশিত কৰাটোৱেই আছিল ইয়াৰ মূল লক্ষ্য।

    • যুক্তিবাদৰ প্ৰতিষ্ঠা: ধৰ্মৰ অন্ধ বিশ্বাস বা পুৰণি নীতি-নিয়মক চকু মুদি মানি লোৱাৰ পৰিৱেৰ্তে মানৱতাবাদে প্ৰতিটো কথা যুক্তি আৰু প্ৰমাণৰ কষটি পাথৰত পৰীক্ষা কৰাৰ শিক্ষা দিছিল।

    • ধ্ৰুপদী সাহিত্যৰ চৰ্চা: পেট্ৰাৰ্ক, বকাচিঅ’ আদি মানৱতাবাদী পণ্ডিতসকলে প্ৰাচীন গ্ৰীক আৰু লেটিন সাহিত্য উদ্ধাৰ কৰি মানুহৰ স্বাধীনতা, প্ৰেম আৰু মৰ্যাদাৰ সপক্ষে যুক্তি ডাঙি ধৰিছিল। চুটি কথাত, মানৱতাবাদে মানুহক ধৰ্মীয় দাসত্বৰ পৰা মুক্ত কৰি নিজৰ ভাগ্য নিজেই গঢ়াৰ আত্মবিশ্বাস প্ৰদান কৰিছিল।

    প্ৰশ্ন ৩: নৱজাগৰণৰ কালত ইউৰোপৰ কলা আৰু স্থাপত্য শিল্পৰ ওপৰত ইটালীৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা।

    উত্তৰ: নৱজাগৰণৰ যুগত কলা আৰু স্থাপত্যৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পৰিৱৰ্তন আহিছিল আৰু এই ক্ষেত্ৰত সমগ্ৰ ইউৰোপতে ইটালীৰ প্ৰভাৱ আছিল সৰ্বাধিক।

    • চিত্ৰকলাত বাস্তৱবাদ (Realism): মধ্যযুগৰ চিত্ৰসমূহ আছিল দ্বি-মাত্ৰিক (2D) আৰু কেৱল ধৰ্মীয় চৰিত্ৰভিত্তিক। কিন্তু ইটালীয় শিল্পী যেনে— লিয়নাৰ্ডো ড ভিন্সি আৰু মাইকেল এঞ্জেলোৱে চিত্ৰকলাত ত্ৰি-মাত্ৰিক (3D) ধাৰণা বা 'প্ৰেছপেক্টিভ' (Perspective) ৰ ব্যৱহাৰ আৰম্ভ কৰে। তেওঁলোকে মানুহৰ শৰীৰৰ সঠিক গঠন, আবেগ আৰু প্ৰাকৃতিক পোহৰ-ছাঁয়াৰ নিখুঁত চিত্ৰণ কৰিছিল (যেনে: মোনালিছা, দ্য লাষ্ট চাপৰ)।

    • ভাস্কৰ্য শিল্প: মাইকেল এঞ্জেলোৰ 'ডেভিড' (David) বা 'পিয়েটা' (Pieta) আদি ভাস্কৰ্যই প্ৰাচীন গ্ৰীক শৈলীৰ পুনৰুত্থান ঘটায়, য’ত মানুহৰ মাংসপেশী আৰু চাল-চলন অতি জীৱন্ত ৰূপত প্ৰকাশ পাইছিল।

    • স্থাপত্য শৈলীৰ পৰিৱৰ্তন: মধ্যযুগৰ ওখ আৰু জোঙা গথিক (Gothic) শৈলীৰ পৰিৱৰ্তন ঘটাই ইটালীয় স্থপতিবিদসকলে প্ৰাচীন ৰোমান আৰ্হিৰ বৃত্তাকাৰ খিলান, সুসম স্তম্ভ আৰু বিশাল গম্বুজৰ (Dome) ব্যৱহাৰ আৰম্ভ কৰে। ফ্লৰেন্সৰ কেথেড্ৰেলৰ গম্বুজ আৰু ৰোমৰ ছেইণ্ট পিটাৰ্ছ বেচিলিকা ইয়াৰ উৎকৃষ্ট উদাহৰণ, যাৰ আৰ্হি পিছলৈ সমগ্ৰ ইউৰোপে গ্ৰহণ কৰিছিল।

    প্ৰশ্ন ৪: উত্তৰীয় মানৱতাবাদ (Northern Humanism) কি? ইটালীয় মানৱতাবাদৰ সৈতে ইয়াৰ মূল পাৰ্থক্যসমূহ আলোচনা কৰা।

    উত্তৰ: ইটালীৰ নৱজাগৰণ আৰু মানৱতাবাদী চিন্তাধাৰা যেতিয়া আল্পছ পৰ্বত পাৰ হৈ উত্তৰ ইউৰোপৰ দেশসমূহ যেনে— জাৰ্মানী, ফ্ৰান্স, ইংলেণ্ড আৰু নেদাৰলেণ্ডছলৈ সম্প্ৰসাৰিত হৈছিল, তেতিয়া তাক 'উত্তৰীয় মানৱতাবাদ' বা 'খ্ৰীষ্টীয় মানৱতাবাদ' (Christian Humanism) বুলি জনা গৈছিল।

    ইটালীয় মানৱতাবাদৰ সৈতে ইয়াৰ প্ৰধান পাৰ্থক্যসমূহ তলত দিয়া ধৰণৰ:

    বিষয়ইটালীয় মানৱতাবাদ (Italian Humanism)উত্তৰীয় মানৱতাবাদ (Northern Humanism)
    মূল গুৰুত্বই আছিল প্ৰধানকৈ ধৰ্মনিৰপেক্ষ (Secular)। ইয়াত ব্যক্তিগত কৃতিত্ব, ধ্ৰুপদী কলা আৰু সাহিত্য চৰ্চাত বেছি গুৰুত্ব দিয়া হৈছিল।ই আছিল ধৰ্মীয় আৰু সমাজ সংস্কাৰমূলক। ইয়াত আদিম খ্ৰীষ্টধৰ্মৰ পবিত্ৰতা আৰু বাইবেলৰ মূল শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
    অধ্যয়নৰ উৎসইয়াৰ পণ্ডিতসকলে প্ৰাচীন গ্ৰীক আৰু ৰোমান পৌৰাণিক সাহিত্যৰ অধ্যয়ন কৰিছিল।ইয়াৰ পণ্ডিতসকলে আদিম হিব্ৰু আৰু গ্ৰীক ভাষাত থকা বাইবেলৰ মূল পাঠ আৰু গীৰ্জাৰ পিতৃসকলৰ লিখনী অধ্যয়ন কৰিছিল।
    মূল লক্ষ্যইয়াৰ লক্ষ্য আছিল মানুহৰ ব্যেক্তিত্বৰ বিকাশ আৰু শিল্প-সংস্কৃতিৰ চৰ্চা কৰা।ইয়াৰ লক্ষ্য আছিল কেথলিক গীৰ্জাৰ দুৰ্নীতি আঁতৰাই সমাজ আৰু ধৰ্মৰ সংস্কাৰ সাধন কৰা।


    প্ৰশ্ন ৫: নৱজাগৰণৰ কালত শাসনব্যৱস্থা আৰু ৰাজনৈতিক চিন্তাৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পৰিছিল?

    উত্তৰ: নৱজাগৰণে কেৱল কলা বা সাহিত্যতে সীমাবদ্ধ নাথাকি ইউৰোপৰ সমকালীন শাসনব্যৱস্থা আৰু ৰাজনৈতিক দৰ্শনৰো আমূল পৰিৱৰ্তন সাধন কৰিছিল। ইয়াৰ প্ৰধান প্ৰভাৱসমূহ আছিল:

    • ধৰ্মৰ পৰা ৰাজনীতিক পৃথকীকৰণ: মধ্যযুগত ৰজা বা শাসনব্যৱস্থা সম্পূৰ্ণৰূপে গীৰ্জা আৰু পোপৰ নিয়ন্ত্ৰণত আছিল। কিন্তু নৱজাগৰণৰ যুগত ৰাজনীতিক ধৰ্মীয় বন্ধনৰ পৰা মুক্ত কৰি এক ধৰ্মনিৰপেক্ষ ৰূপ দিয়া হয়।

    • মেকিয়াভেলিৰ অৱদান: ইটালীয় চিন্তাবিদ নিকোলো মেকিয়াভেলিয়ে তেওঁৰ 'দ্য প্ৰিন্স' (The Prince) গ্ৰন্থৰ জৰিয়তে আধুনিক ৰাজনীতি বিজ্ঞানৰ জন্ম দিয়ে। তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে ৰাজনীতি নৈতিকতা বা ধৰ্মৰ দ্বাৰা পৰিচালিত নহয়, বৰঞ্চ ই কেৱল ক্ষমতা অৰ্জন আৰু ৰাজ্য ৰক্ষাৰ এক ব্যৱহাৰিক কলা।

    • সামন্তবাদৰ অৱসান আৰু কেন্দ্ৰীকৃত ৰাজতন্ত্ৰ: নৱজাগৰণৰ ফলত মধ্যযুগীয় সামন্ত প্ৰভুসকলৰ ক্ষমতা হ্ৰাস পায় আৰু ইউৰোপত শক্তিশালী, কেন্দ্ৰীকৃত ৰাষ্ট্ৰীয় ৰাজতন্ত্ৰৰ (National Monarchies) উত্থান ঘটে (যেনে— ইংলেণ্ড, ফ্ৰান্স আৰু স্পেইন)।

    • নাগৰিক সজাগতা: ইটালীয় নগৰ-ৰাষ্ট্ৰসমূহৰ (যেনে— ফ্লৰেন্স, ভেনিছ) গণতান্ত্ৰিক আৰু প্ৰজাতান্ত্ৰিক পৰীক্ষা-নিৰীক্ষাই মানুহৰ মনত নাগৰিক অধিকাৰ, কৰ্তব্য আৰু দেশপ্ৰেমৰ ভাব জগাই তুলিছিল, যিয়ে পৰৱৰ্তী সময়ৰ শাসনব্যৱস্থাত জনসাধাৰণৰ অংশগ্ৰহণৰ পথ প্ৰশস্ত কৰিছিল।





















    Hii , মই Doli AI
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli
    ×

    তোমালোকৰ প্ৰশ্ন ?

    প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join কৰা আৰু Class/Semester বাচি লোৱাটো বাধ্যতামূলক।

    🚨 Submit Complaint 🚨

    NoteSL

    We offer a unique, engaging experience that empowers students to become truly self-sufficient. By providing instant, high-quality solutions to every academic doubt, we remove learning roadblocks in real-time. Our mission is to transform the educational journey into a seamless, independent, and rewarding path toward mastery for every learner.

    notestudylearn@gmail.com

    Quicks Links

    About Us

    Privacy Policy

    Terms & Conditions

    Contact Us

    Affiliate Disclosure

    We share educational news & study materials on social media.

    Copyright © 2026 NoteSL

    Powered by Odoo - Create a free website