Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    পাঠঃ ৯

    ইন্টাৰনেটৰ তিতা-মিঠা


    প্ৰশ্নাৱলী (ভাব-বিষয়ক)

    ১। চমুকৈ উত্তৰ লিখাঃ

    (ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?

    উত্তৰ: কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, সেই আশাৰে দেউতাকে তাইক কম্পিউটাৰ উপহাৰ দিছিল।

    (খ) ইণ্টাৰনেট কি? 

    উত্তৰ: ইণ্টাৰনেট হ’ল ‘Interconnection of Networks’ অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ইয়াক কম্পিউটাৰ নেটৱৰ্কৰো নেটৱৰ্ক বুলি কোৱা হয়।

    (গ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?

    উত্তৰ: কুঁৱলীয়ে প্ৰথমে মস্কোত থকা তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।

    (ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

    উত্তৰ: পূজাৰ বন্ধত কুঁৱলীহঁতে সপৰিয়ালে দক্ষিণ ভাৰত ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।

    (ঙ) ভাইৰাচ কি? 

    উত্তৰ: ভাইৰাচ (Virus) যাৰ সম্পূৰ্ণ ৰূপ হ’ল ‘Vital Information Resources Under Seize’। ই হ’ল এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা কম্পিউটাৰ প্ৰগ্ৰেম।

    ২। WWW বা ৱেব কি? 

    উত্তৰ: WWW (World Wide Web) বা ৱেব হ’ল পৃথিৱীজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ এক সামূহিক ভাণ্ডাৰ। ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত থকা গৱেষণাকেন্দ্ৰ ‘চার্ন’ (CERN)-ত এই ধাৰণাটোৰ জন্ম হৈছিল।

    ৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধবীসকলৰ পৰা কি কি কথা জানিব পাৰিলে? 

    উত্তৰ: ই-মেইলৰ জৰিয়তে কুঁৱলীয়ে তাইৰ বান্ধৱী শ্বেৰণৰ পৰা ছেইন্ট পিটাৰ্ছবাৰ্গ ভ্ৰমণৰ ৰঙীন ফটোসহ অভিজ্ঞতাৰ বৰ্ণনা লাভ কৰিছিল। ইয়াৰ উপৰি পৃথিৱীৰ বিভিন্ন দেশত থকা শ্বেৰণৰ বন্ধু-বান্ধৱীসকলৰ জৰিয়তে সেই দেশবোৰৰ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ সোৱাদ লাভ কৰিব পাৰিলে।

    ৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? 

    উত্তৰ: ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ভ্ৰমণৰ বাবে টিকট কটা, পছন্দৰ হোটেল বন্দবস্ত কৰা, ই-বেংকিঙৰ জৰিয়তে অগ্ৰিম ধন জমা দিয়া আৰু ই-কমাৰ্চৰ জৰিয়তে প্ৰয়োজনীয় সাজ-পোছাক ক্ৰয় কৰাৰ নতুন অভিজ্ঞতা লাভ কৰিলে। ইয়াৰ উপৰি তাই ভিডিঅ' কলিঙৰ সোৱাদ ল’লে আৰু বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰিলে।

    ৫। ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? 

    উত্তৰ: ভাইৰাচে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত নিজকে সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। ই মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈয়ে ফাইলসমূহৰ অনিষ্ট কৰে আৰু কম্পিউটাৰটো কাৰ্যক্ষম কৰাত বাধা দিয়ে।

    ৬। 'ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।"-কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।

    উত্তৰ: কথাষাৰৰ বক্তা হ’ল কুঁৱলীৰ শ্বাবানা বাইদেউ।

    সুবিধা (মিঠা): ইণ্টাৰনেটে মানৱ সভ্যতাক উন্নতিৰ পথত আগবঢ়াই নিয়ে। ইয়াৰ জৰিয়তে ঘৰতে বহি বিশ্বৰ সকলো তথ্য লাভ কৰিব পাৰি, ই-মেইল, ভিডিঅ' কলিং কৰিব পাৰি আৰু শিক্ষা-মনোৰঞ্জনৰ পৰা আৰম্ভ কৰি ই-কমাৰ্চলৈকে সকলো সুবিধা লাভ কৰিব পাৰি।

    অসুবিধা (তিতা): ইণ্টাৰনেটৰ প্ৰতি অতিমাত্ৰা আসক্তিয়ে ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনা আৰু খেল-ধেমালিৰ পৰা আঁতৰাই নিয়ে। ইয়াৰ জৰিয়তে ভুৱা বাতৰি বিয়পিব পাৰে আৰু কম্পিউটাৰ ভাইৰাছে তথ্য নষ্ট কৰিব পাৰে। লগতে ই মানুহৰ সামাজিক সৌজন্যবোধ আৰু নৈতিক দায়িত্বও হ্ৰাস কৰিব পাৰে।

    ৭। 'ইণ্টাৰনেটৰ তিতা-মিঠা' গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। 

    উত্তৰ: গল্পটোত ইণ্টাৰনেটৰ ধনাত্মক (মিঠা) আৰু ঋণাত্মক (তিতা) দুয়োটা দিশকে কুঁৱলী নামৰ চৰিত্ৰটোৰ অভিজ্ঞতাৰ মাজেৰে সুন্দৰকৈ ফুটাই তোলা হৈছে। যিদৰে ইণ্টাৰনেটে কুঁৱলীক জ্ঞান আহৰণ আৰু ভ্ৰমণৰ কামত সহায় কৰিছে (মিঠা), সেইদৰে ইয়াৰ অতিমাত্ৰা ব্যৱহাৰে তাইক পৰিয়ালৰ পৰা আঁতৰাই নি এলাহী আৰু অসুস্থ কৰি তুলিছে (তিতা)। পাঠটোত ইণ্টাৰনেটৰ এই দুই বিপৰীতধৰ্মী প্ৰভাৱৰ বৰ্ণনা থকা বাবে ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ নামকৰণ সাৰ্থক হৈছে।

    ৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। 

    উত্তৰ: ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীক কল্পনাৰ অবাস্তৱ জগতত আৱদ্ধ কৰি ৰাখে। ইয়াৰ ফলত তেওঁলোকৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ কমে, কিতাপ পঢ়াৰ অভ্যাস নোহোৱা হয় আৰু শাৰীৰিক খেল-ধেমালিৰ প্ৰতি পিঠি দিয়ে। ইয়াৰ উপৰি সামাজিক সংযোগ হেৰুৱাই ছাত্ৰ-ছাত্ৰীসকল আত্মীয়-স্বজনৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু তেওঁলোকৰ মাজত এলাহ আৰু স্বাস্থ্যজনিত সমস্যা (যেনে মূৰৰ বিষ) দেখা দিয়ে।

    ভাষা-বিষয়ক

    ৯। বাক্য ৰচনা কৰা:

    উত্তৰ:

    • চিনাকি-অচিনাকি: আমাৰ সমাজত চিনাকি-অচিনাকি সকলোৰে লগত ভদ্ৰ ব্যৱহাৰ কৰিব লাগে।

    • অলীক-সপোন: কাম-বন নকৰি কেৱল অলীক-সপোন দেখি থাকিলে জীৱনত সফলতা নাহে।

    • নাকে-মুখে: পৰীক্ষাৰ সময়ত কুঁৱলীয়ে নাকে-মুখে ভাত অলপ গুজি পঢ়িবলৈ বহে।

    • পৰীক্ষা-নিৰীক্ষা: ইণ্টাৰনেটৰ সহায়ত আজি কালি বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে সহজে জানিব পাৰি।

    ১১। অভিধান চাই অৰ্থ লিখাঃ

    উত্তৰ:

    • ক্ষতি: লোকচান / অনিষ্ট।

    • বিজুতি: খেলিমেলি / বিসংগতি।

    • গুণা-গঁথা: চিন্তা-চৰ্চা কৰা।

    • উদাাস: নিস্পৃহ / উদাসীন।

    • পুঞ্জীভূত: একগোট হোৱা / জমা হোৱা।
























































































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website