Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    পাঠঃ 2

    জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ

    প্ৰশ্নোত্তৰ :

    ১। জনসংখ্যাৰ বৃদ্ধি বুলিলে কি বুজা? 

    উত্তৰ: জনসংখ্যাৰ বৃদ্ধি বুলিলে সাধাৰণতে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো এক ঠাইত হোৱা লোকসংখ্যাৰ সংখ্যাগত পৰিবৰ্তনক বুজায় । পৃথিৱীৰ জনসংখ্যা সকলো সময়তে একে হৈ নাথাকে। জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ অধিক হ’লে জনসংখ্যা বৃদ্ধি পায় । বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস পাইছে আৰু জনসংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ।

    ২। জনসংখ্যাৰ গুণগত বিকাশ মানে কি? 

    উত্তৰ: জনসংখ্যাৰ গুণগত বিকাশ মানে কেৱল সংখ্যাগত বৃদ্ধি নহয়, বৰঞ্চ মানুহৰ দক্ষতা আৰু মানদণ্ডৰ উত্তৰণ সাধন কৰাক বুজায় । ইয়াৰ অৰ্থ হ’ল মানুহক শিক্ষা, উন্নত স্বাস্থ্য, কাৰিকৰী কৌশল আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ জৰিয়তে একো একোজন দক্ষ মানৱ সম্পদ হিচাপে গঢ়ি তোলা । গুণগত বিকাশে দেশৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰগতিৰ ভেটি মজবুত কৰে।

    ৩। জনসংখ্যাৰ বৃদ্ধিয়ে কেনে ধৰণৰ সমস্যা সৃষ্টি কৰে? 

    উত্তৰ: অত্যাধিক জনসংখ্যা বৃদ্ধিয়ে সমাজত নানা সমস্যাৰ সৃষ্টি কৰে, যেনে— পৰিৱেশৰ ভাৰসাম্য নষ্ট হোৱা, খাদ্যৰ অভাৱ, বাসস্থানৰ সমস্যা আৰু নিবনুৱা সমস্যা । ইয়াৰ উপৰি শিক্ষা আৰু স্বাস্থ্য খণ্ডত অধিক হেঁচা পৰে, যাৰ ফলত দেশৰ অৰ্থনৈতিক উন্নয়ন লেহেমীয়া হৈ পৰে আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত অত্যাধিক চাপ সৃষ্টি হয় ।

    ৪। জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা? 

    উত্তৰ: পৃথিৱীৰ উপৰিভাগত মানুহবোৰ কেনেকৈ সিঁচৰিত হৈ আছে তাক বুজাবলৈ ‘জনসংখ্যাৰ বিতৰণ’ শব্দটো ব্যৱহাৰ কৰা হয় । পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা সমান নহয়। কিছুমান ঠাই অতি ঘন বসতিপূৰ্ণ আৰু কিছুমান ঠাই অতি পাতল । প্ৰাকৃতিক পৰিৱেশ, জলবায়ু আৰু সম্পদৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি এই বিতৰণ ভিন্ন হোৱা দেখা যায় ।

    প্ৰশ্নোত্তৰ :

    ৫। জনসংখ্যাৰ বিতৰণৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকবোৰ কি কি?

    উত্তৰ: জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে সমান নহয় আৰু ইয়াৰ ওপৰত মূলতঃ তিনিটা কাৰকে প্ৰভাৱ পেলায়:

    1. প্ৰাকৃতিক কাৰক: ভূ-প্ৰকৃতি, জলবায়ু, পানীৰ উপলব্ধতা আৰু মাটিৰ গুণাগুণৰ ওপৰত জনসংখ্যা নিৰ্ভৰ কৰে । উৰ্বৰ সমভূমি আৰু পানীৰ সুবিধা থকা নদী উপত্যকা অঞ্চলত মানুহৰ বসতি ঘন হয় ।
    2. অৰ্থনৈতিক কাৰক: যিবোৰ ঠাইত খনিজ সম্পদৰ প্ৰাচুৰ্য থাকে আৰু উদ্যোগিক সা-সুবিধা বেছি, সেইবোৰ ঠাইত মানুহৰ বসতি ঘন হয় । নিয়োজনৰ সুবিধা থকা নগৰীয়া অঞ্চললৈ মানুহ আকৰ্ষিত হয়।
    3. সামাজিক-সাংস্কৃতিক কাৰক: ধৰ্ম, শিক্ষা, উন্নত স্বাস্থ্য সেৱা আৰু সুস্থ সামাজিক পৰিৱেশে জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলায় । যাতায়াতৰ সুব্যৱস্থা আৰু ৰাজনৈতিক সুস্থিৰতা থকা ঠাইত মানুহে বসবাস কৰিবলৈ বিচাৰে ।

    ৬। ঘনবসতিৰ বাবে উদ্ভৱ হোৱা সমস্যাবোৰ কি কি? সেই সমস্যাবোৰ দূৰ কৰাৰ কাৰণে কেনে ধৰণৰ ব্যৱস্থা ল’ব পাৰি? 

    উত্তৰ: ঘনবসতিৰ ফলত পৰিৱেশৰ প্ৰদূষণ বৃদ্ধি পায়, যান-জঁটৰ সমস্যা হয় আৰু খোৱা পানী তথা অনাময় ব্যৱস্থাৰ নাটনি হয় । ইয়াৰ উপৰি কৃষিভূমিৰ ওপৰত হেঁচা পৰে আৰু বস্তি অঞ্চলৰ সৃষ্টি হয় যিয়ে সামাজিক বিশৃংখলাৰ জন্ম দিব পাৰে। প্ৰতিকাৰৰ ব্যৱস্থা:

    1. পৰিকল্পিত নগৰীকৰণ: চহৰসমূহ বিজ্ঞানসন্মতভাৱে সম্প্ৰসাৰণ কৰা আৰু গাওঁ অঞ্চলত সা-সুবিধা বৃদ্ধি কৰি প্ৰব্ৰজন ৰোধ কৰা।
    2. সচেতনতা বৃদ্ধি: জনসাধাৰণক জনসংখ্যা বৃদ্ধিৰ কুফলসমূহৰ বিষয়ে অৱগত কৰা ।
    3. জন্ম নিয়ন্ত্ৰণ: চৰকাৰী আঁচনিৰ জৰিয়তে পৰিয়াল পৰিকল্পনা জনপ্ৰিয় কৰি তোলা ।
    4. শিক্ষা আৰু নিয়োগ: শিক্ষাৰ প্ৰসাৰ ঘটাই মানুহক দক্ষ কৰি তোলা আৰু কৰ্মসংস্থাপনৰ বিকেন্দ্ৰীকৰণ কৰা ।

    ৭। জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজা? 

    উত্তৰ: কোনো এক অঞ্চলৰ প্ৰতি বৰ্গ কিলোমিটাৰ মাটিকালিৰ হিচাপত বাস কৰা লোকৰ সংখ্যাকেই সেই অঞ্চলটোৰ ‘জনসংখ্যাৰ ঘনত্ব’ বোলা হয় । ইয়াৰ জৰিয়তে এখন দেশ বা অঞ্চলৰ মাটিকালিৰ তুলনাত জনসংখ্যাৰ চাপ কিমান তাক জোখা হয়। সমগ্ৰ পৃথিৱীৰ গড় জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৫১ জন । ভাৰতৰ ক্ষেত্ৰত ২০১১ চনৰ হিচাপত এই ঘনত্ব আছিল ৩৮২ জন আৰু অসমত আছিল ৩৯৮ জন ।

    ৮। পৃথিৱীৰ অধিক জনসংখ্যাৰ ঘনত্বৰ অঞ্চলকেইটা উল্লেখ কৰা। 

    উত্তৰ: পৃথিৱীৰ চাৰিটা অতি ঘন বসতিপূৰ্ণ অঞ্চল হ’ল: 

    ১. পূব এছিয়া: চীন, জাপান আৰু কোৰিয়াৰ নদী উপত্যকা অঞ্চলসমূহ ইয়াৰ অন্তৰ্ভুক্ত । 

    ২. দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া: ভাৰত, বাংলাদেশ আৰু পাকিস্তানৰ উৰ্বৰ সমভূমি অঞ্চলসমূহ । 

    ৩. পশ্চিম আৰু মধ্য ইউৰোপ: ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্স আদি উদ্যোগিকভাৱে উন্নত দেশসমূহ । 

    ৪. উত্তৰ আমেৰিকাৰ উত্তৰ-পূব উপকূলীয় অঞ্চল: আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ কিছু অংশ য’ত খনিজ সম্পদ আৰু উদ্যোগৰ প্ৰাচুৰ্য আছে।

    ৯। জন-প্ৰজনন বুলিলে কি বুজা? জন-প্ৰজননৰ প্ৰধান কাৰণবোৰ কি কি? 

    উত্তৰ: কৰ্মসূত্ৰে বা অন্য কাৰণত মানুহে যেতিয়া নিজৰ বাসস্থান এৰি অন্য ঠাইত স্থায়ী বা অস্থায়ীভাৱে বাস কৰিবলৈ লয়, তাক জন-প্ৰব্ৰজন বোলে । প্ৰধান কাৰণসমূহ:

    1. অৰ্থনৈতিক কাৰক: উন্নত কৰ্মসংস্থাপন আৰু অৰ্থনৈতিক স্বচ্ছলতাৰ সন্ধানত মানুহে গাওঁৰ পৰা চহৰলৈ বা এখন দেশৰ পৰা আন এখন দেশলৈ যায় ।
    2. সামাজিক কাৰক: বিবাহ প্ৰথা, শিক্ষা আৰু উন্নত জীৱন-যাপনৰ সুবিধাৰ বাবে প্ৰব্ৰজন ঘটে ।
    3. প্ৰাকৃতিক কাৰক: বানপানী, গৰাখহনীয়া, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগৰ বাবেও মানুহে বাসস্থান সলাবলৈ বাধ্য হয় ।
    4. ৰাজনৈতিক কাৰক: যুদ্ধ-বিগ্ৰহ বা চৰকাৰী নীতিৰ বাবেও প্ৰব্ৰজন হ’ব পাৰে ।

    ১০। জনসংখ্যাৰ বিস্ফোৰণ মানে কি বুজাই লিখা। 

    উত্তৰ: কোনো এখন দেশৰ জনসংখ্যা অতি দ্ৰুত হাৰত বৃদ্ধি হোৱা অৱস্থাটোক ‘জনসংখ্যা বিস্ফোৰণ’ বোলে । যেতিয়া চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস পায় কিন্তু জন্মৰ হাৰ উচ্চ হৈয়েই থাকে, তেতিয়াই এই পৰিস্থিতিৰ সৃষ্টি হয় । ১৯৫০ চনৰ পৰা পৃথিৱীৰ জনসংখ্যা তীব্ৰ গতিত বৃদ্ধি পাইছে । ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহ বৰ্তমান এই বিস্ফোৰণৰ সন্মুখীন হৈছে, য’ত জনস্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে জনসংখ্যা অভাৱনীয়ভাৱে বাঢ়িছে ।

    ১১। জনসংখ্যাৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ কি কি?

    উত্তৰ: জনসংখ্যা বিস্ফোৰণে দেশৰ উন্নয়নত প্ৰধান অন্তৰায় সৃষ্টি কৰে। ইয়াৰ ফলত সৃষ্টি হোৱা মূল সমস্যাবোৰ হ’ল:

    1. প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা: বননি ধ্বংস আৰু মাটিৰ নাটনি হোৱাৰ ফলত পৰিৱেশৰ ভাৰসাম্য নষ্ট হয় ।

      খাদ্য আৰু বাসস্থানৰ অভাৱ: বৰ্ধিত জনসংখ্যাৰ অনুপাতে খাদ্য উৎপাদন আৰু থকা ঠাইৰ সমস্যাই দেখা দিয়ে ।

    2. অৰ্থনৈতিক অনগ্ৰসৰতা: নিবনুৱা সমস্যা বৃদ্ধি পায় আৰু জনমূৰি আয় হ্ৰাস পায় ।

    3. সামাজিক সমস্যা: শিক্ষা আৰু স্বাস্থ্য সেৱাৰ গুণগত মান হ্ৰাস পায় আৰু অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে ।

    ১২। মানৱ সম্পদ হ’বলৈ কি কি গুণৰ প্ৰয়োজন? 

    উত্তৰ: এজন ব্যক্তিক মানৱ সম্পদ হিচাপে গণ্য কৰিবলৈ তেওঁৰ তলত দিয়া গুণসমূহ থকাটো আৱশ্যক:

    • শিক্ষা আৰু দক্ষতা: উন্নত শিক্ষা আৰু কোনো এটা কাম কৰিব পৰা বিশেষ কাৰিকৰী জ্ঞান ।


    • শাৰীৰিক আৰু মানসিক সক্ষমতা: কাম কৰাৰ বাবে সুস্বাস্থ্য আৰু মানসিক সজাগতা ।


    • বৃত্তি আৰু কৌশল: উৎপাদনমুখী কাৰ্যত জড়িত হ’ব পৰাকৈ পেশাগত পাৰদৰ্শিতা ।


    • কৰ্মনিষ্ঠা: দেশৰ উন্নয়নৰ কামত নিজকে নিয়োজিত কৰাৰ মানসিকতা ।


    ১৩। মানৱ সম্পদক কিয় শ্ৰেষ্ঠ সম্পদ আখ্যা দিয়া হয়? 

    উত্তৰ: পৃথিৱীৰ সকলো প্ৰাকৃতিক সম্পদৰ আহৰণ আৰু ব্যৱহাৰ মানুহৰ অবিহনে সম্ভৱ নহয় । মানুহে নিজৰ বুদ্ধি, শিক্ষা আৰু কাৰিকৰী কৌশল ব্যৱহাৰ কৰি প্ৰকৃতিৰ উপাদানসমূহক মানৱ জাতিৰ বাবে ব্যৱহাৰযোগ্য কৰি তোলে । এখন দেশ প্ৰাকৃতিক সম্পদত চহকী হ’লেও যদি তাৰ মানৱ সম্পদ দুৰ্বল হয়, তেন্তে সেই দেশ উন্নত হ’ব নোৱাৰে । সেয়েহে, যিহেতু মানুহেহে অন্য সকলো সম্পদক মূল্য প্ৰদান কৰে, সেয়ে মানৱ সম্পদক ‘শ্ৰেষ্ঠ সম্পদ’ বোলা হয় ।

    ১৪। আমাৰ দেশত মানৱ সম্পদৰ উন্নতিৰ বাবে কেনে ধৰণৰ ব্যৱস্থা লোৱা হৈছে? 

    উত্তৰ: ভাৰত চৰকাৰে মানৱ সম্পদৰ উন্নয়নৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে:

    • খাদ্য সুৰক্ষা আঁচনি: দুখীয়া শ্ৰেণীৰ লোকৰ বাবে পুষ্টিকৰ খাদ্য নিশ্চিত কৰা ।


    • শিক্ষা অভিযান: ‘সৰ্বশিক্ষা অভিযান’ৰ দৰে কাৰ্যসূচীৰ জৰিয়তে সাক্ষৰতা বৃদ্ধি আৰু কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান ।


    • বাসস্থান আঁচনি: ‘ইন্দিৰা আৱাস যোজনা’ৰ (বৰ্তমান প্ৰধানমন্ত্ৰী আৱাস যোজনা) জৰিয়তে দুখীয়াক ঘৰ দিয়া ।


    • আন্তঃগাঁথনি উন্নয়ন: ‘প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা’ৰ জৰিয়তে যোগাযোগ ব্যৱস্থা উন্নত কৰি কৰ্মসংস্থাপনৰ সুবিধা কৰা ।


    ১৫। আমাৰ দেশত মানৱ সম্পদৰ বাহিৰৰ দেশলৈ যোৱা প্ৰৱণতা বৃদ্ধি পোৱাৰ কাৰণ কি বুলি ভাবা? 

    উত্তৰ: বিশ্বায়নৰ যুগত মানৱ সম্পদৰ এঠাইৰ পৰা আনঠাইলৈ গতি কৰাটো সহজ হৈ পৰিছে । আমাৰ দেশৰ শিক্ষিত আৰু কাৰিকৰীভাৱে দক্ষ লোকসকলৰ মাজত বিদেশলৈ যোৱাৰ প্ৰৱণতা বৃদ্ধিৰ কাৰণবোৰ হ’ল:

    1. উন্নত কৰ্মসংস্থাপন: আমেৰিকা, জাৰ্মানী আদি দেশত অধিক দৰমহা আৰু উন্নত মানৰ কামৰ পৰিৱেশ পোৱা যায় ।

    2. উচ্চ শিক্ষাৰ সুবিধা: বিদেশৰ উন্নত গৱেষণা আৰু শিক্ষা পদ্ধতিৰ প্ৰতি শিক্ষাৰ্থীসকল আকৰ্ষিত হয়।

    3. মুক্ত বাণিজ্য: বৰ্তমান গোটেই পৃথিৱীতে বাণিজ্যৰ প্ৰসাৰ ঘটিছে আৰু বহুজাতিক কোম্পানীবোৰে দক্ষ লোকক নিযুক্তি দিয়ে ।


    ১৬। চমুটোকা লিখা —

    • মানৱ সম্পদৰ উন্নয়ন: মানৱ সম্পদৰ উন্নয়ন বুলিলে কোনো এক দেশৰ মানুহৰ শাৰীৰিক আৰু মানসিক সক্ষমতাৰ উত্তৰণ ঘটোৱাক বুজায় । ইয়াৰ মূল উদ্দেশ্য হ’ল মানুহক উপযুক্ত শিক্ষা, উন্নত স্বাস্থ্য, বৃত্তিমূলক জ্ঞান আৰু কাৰিকৰী কৌশলৰ জৰিয়তে উৎপাদনমুখী কৰি গঢ়ি তোলা । এখন দেশৰ সামগ্ৰিক বিকাশ সম্পূৰ্ণৰূপে মানৱ সম্পদৰ ওপৰত নিৰ্ভৰ কৰে । সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে উপযুক্ত কৰ্মসংস্থাপন আৰু শিক্ষা নিশ্চিত কৰাটোৱেই ইয়াৰ মূল লক্ষ্য । দক্ষ মানৱ সম্পদে দেশৰ প্ৰাকৃতিক সম্পদসমূহক সঠিকভাৱে ব্যৱহাৰ কৰি অৰ্থনৈতিক প্ৰগতিৰ পথত আগুৱাই লৈ যায় ।


    • জনসংখ্যাৰ বিস্ফোৰণ: কোনো এখন দেশৰ জনসংখ্যা যেতিয়া অতি দ্ৰুত আৰু অভাৱনীয় হাৰত বৃদ্ধি পায়, সেই অৱস্থাটোক জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয় । সাধাৰণতে চিকিৎসা সেৱাৰ উন্নতি আৰু জনস্বাস্থ্য সচেতনতাৰ ফলত মৃত্যুৰ হাৰ হ্ৰাস পালে অথচ জন্মৰ হাৰ উচ্চ হৈ থাকিলে এই পৰিস্থিতিৰ সৃষ্টি হয় । জনসংখ্যা বিস্ফোৰণে খাদ্যৰ অভাৱ, বাসস্থানৰ সমস্যা, নিবনুৱা সমস্যা আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত অত্যাধিক হেঁচা আদি নানা জটিল সমস্যাৰ সৃষ্টি কৰে । ১৯৫০ চনৰ পৰা পৃথিৱীৰ জনসংখ্যা তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে ।


    ১৭। মানুহক কিয় সম্পদ বুলি গণ্য কৰা হয়? 

    উত্তৰ: মানুহৰ মাজত থকা জ্ঞান, বুদ্ধি আৰু শাৰীৰিক শ্ৰমৰ জৰিয়তে প্ৰকৃতিৰ বিভিন্ন অলাগতিয়াল বস্তুক মানৱ কল্যাণৰ বাবে ব্যৱহাৰযোগ্য সম্পদ হিচাপে গঢ়ি তুলিব পাৰি । মানুহেই হ’ল সকলো উৎপাদনৰ মূল চালিকা শক্তি। সেয়েহে মানুহক এক গুৰুত্বপূৰ্ণ সম্পদ বুলি গণ্য কৰা হয় ।

    ১৮। জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কি কি?

    উত্তৰ: জনসংখ্যা বৃদ্ধিৰ মূল কাৰণবোৰ হ’ল:

    • জন্মৰ হাৰ বৃদ্ধি আৰু মৃত্যুৰ হাৰ হ্ৰাস: চিকিৎসা সেৱাৰ উন্নতিৰ বাবে মৃত্যুৰ হাৰ কমিছে কিন্তু জন্মৰ হাৰ একেই আছে ।

    • অশিক্ষা আৰু অন্ধবিশ্বাস: জনসংখ্যা নিয়ন্ত্ৰণৰ জ্ঞানৰ অভাৱ ।

    • দৰিদ্ৰতা: বহু সময়ত দৰিদ্ৰ পৰিয়ালে উপাৰ্জনৰ বাবে অধিক সন্তান জন্ম দিয়ে।

    • সামাজিক নীতি-নিয়ম: বাল্য বিবাহ আৰু ল’ৰা সন্তানৰ প্ৰতি থকা দুৰ্বলতা ।

    ১৯। মানৱ সম্পদ উন্নয়নৰ বাবে চৰকাৰে লোৱা কেইখনমান আঁচনিৰ নাম উল্লেখ কৰা। 

    উত্তৰ: মানৱ সম্পদ উন্নয়নৰ বাবে চৰকাৰে লোৱা কেইখনমান আঁচনি হ’ল: 

    ১. খাদ্য সুৰক্ষা আঁচনি। 

    ২. ইন্দিৰা আৱাস যোজনা। 

    ৩. প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা। 

    ৪. সৰ্বশিক্ষা অভিযান। 

    ৫. ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান।

    ২০। শুদ্ধ উত্তৰটো লিখা :

    ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি— 

    উত্তৰ: ৩। পূব এছিয়া

    খ) কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক— 

    উত্তৰ: ৩। এছিয়া

    গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল— 

    উত্তৰ: ২। ৩.১২ কোটি (প্ৰকৃততে ৩,১১,৪১,২৭২ জন)

    ঘ) তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই— 

    উত্তৰ: ৩। কুমেৰু (Antarctica)

    ২১। খালী ঠাই পূৰ কৰা :

    ক) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ বৃদ্ধিক বুজায় _____________________।

    উত্তৰ:জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ বৃদ্ধিক বুজায় সংখ্যাগত পৰিবৰ্তনক ।

    খ) পৃথিৱীৰ বেছিভাগ মানুহে ___________________গোলাৰ্ধত বসতি কৰে।

    উত্তৰ:পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে।

    গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমানসংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ __________________ ।

    উত্তৰ:প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমানসংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব ।

    ঘ) ২০১১ চনৰ হিচাপ মতে ভাৰতৰ মুঠ জনসংখ্যা ___________________ ।

    উত্তৰ:২০১১ চনৰ হিচাপ মতে ভাৰতৰ মুঠ জনসংখ্যা ১২১.১ কোটি ।

    ঙ) উন্নত দেশসমূহৰ জনবসতি অতি ________________।

    উত্তৰ:উন্নত দেশসমূহৰ জনবসতি অতি ঘন ।

    চ) জনসংখ্যাৰ অভাবনীয় বৃদ্ধিক ______________________ বোলা হয় ।

    উত্তৰ:জনসংখ্যাৰ অভাবনীয় বৃদ্ধিক জনসংখ্যা বিস্ফোৰণ বোলা হয় ।

    ছ) জনসংখ্যাৰ বৃদ্ধি মানে ইয়াৰ ___________________ আৰু বিকাশ মানে ইয়াৰ __________________ ।

    উত্তৰ:জনসংখ্যাৰ বৃদ্ধি মানে ইয়াৰ সংখ্যাগত পৰিবৰ্তন আৰু বিকাশ মানে ইয়াৰ গুণগত উন্নতি ।

    জ) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃ ____________________ ।

    উত্তৰ:২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃ ৩৯৮ জন ।



    ***********

    এই পাঠটোত থকা ১০০ টা MCQ প্ৰশ্ন





















































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website