Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    পাঠঃ ১

    প্ৰাকৃতিক সম্পদ

    ১। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? 

    উত্তৰ : প্ৰকৃতিৰ বুকুত সঞ্চিত হৈ থকা যিবোৰ সামগ্ৰী মানুহে নিজৰ জ্ঞান, বিজ্ঞান, প্ৰযুক্তি বা কৌশলৰ দ্বাৰা নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ ব্যৱহাৰৰ উপযোগী কৰি তোলে, সেইবোৰকে প্ৰাকৃতিক সম্পদ বোলে । উদাহৰণস্বৰূপে— বায়ু, পানী, মাটি, খনিজ তেল আদি । কোনো এটা বস্তু সম্পদ হ’বলৈ হ’লে তাৰ উপযোগিতা আৰু কাৰ্যকৰণ ক্ষমতা থকাটো প্ৰয়োজন ।

    ২। সম্পদৰ দুটা প্ৰধান বৈশিষ্ট্য কি কি?

    উত্তৰ :সম্পদৰ দুটা প্ৰধান বৈশিষ্ট্য হ’ল:

    • উপযোগিতা: সম্পদবিধৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা থাকিব লাগিব ।


    • কাৰ্যকৰণ ক্ষমতা: বস্তুবিধৰ কাৰ্য কৰিব পৰা গুণ বা ক্ষমতা থাকিব লাগিব, যিটো ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে ।


    ৩। সম্পদৰ শ্ৰেণীবিভাজন কৰা। 

    উত্তৰ : সাধাৰণতে সম্পদক তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি: 

    ১/ প্ৰাকৃতিক সম্পদ: প্ৰকৃতিৰ পৰা পোৱা সম্পদ (যেনে— পানী, খনিজ সম্পদ) । 

    ২/ মানৱ সৃষ্ট সম্পদ: মানুহে প্ৰাকৃতিক বস্তুক ব্যৱহাৰ কৰি সৃষ্টি কৰা সম্পদ । 

    ৩/ মানৱ সম্পদ: মানুহ নিজে একো একোটা সম্পদ । প্ৰাকৃতিক সম্পদক আকৌ গঠন (জৈৱিক আৰু অজৈৱিক), ব্যৱহাৰৰ স্থায়িত্ব আৰু বিতৰণৰ (সৰ্বব্যাপ্ত আৰু স্থানীয়) ওপৰত ভিত্তি কৰি ভাগ কৰিব পাৰি ।

    ৪। ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে? 

    উত্তৰ : জনসংখ্যাৰ দ্ৰুত বৃদ্ধি আৰু অৰ্থনৈতিক চাহিদা বৃদ্ধিৰ বাবে ভূমি সম্পদৰ চাহিদা দিনে দিনে বাঢ়ি আহিছে । বৰ্ধিত জনসংখ্যাৰ বাবে বাসস্থান নিৰ্মাণ, কৃষিভূমিৰ সম্প্ৰসাৰণ, উদ্যোগীকৰণ আৰু যাতায়াত ব্যৱস্থাৰ উন্নতিৰ বাবে অধিক মাটিৰ প্ৰয়োজন হৈছে । ইয়াৰ ফলত বনভূমি বা চৰণীয়া পথাৰসমূহ কৃষিভূমি বা বসতি অঞ্চললৈ ৰূপান্তৰিত কৰিবলগীয়া হৈছে ।

    ৫। ভূমি সম্পদৰ প্ৰধান সমস্যাসমূহ কি কি? 

    উত্তৰ : ভূমি সম্পদৰ প্ৰধান সমস্যাসমূহ হ’ল: 

    ১/ ভূমিৰ অৱক্ষয় । 

    ২/ ভূমিস্খলন । 

    ৩/ মাটিৰ ক্ষয়ীভৱন । 

    ৪/ গৰাখহনীয়া । 

    ৫/ মৰুকৰণ । 

    ৬/ ভূমি প্ৰদূষণ ।

    ৬। কি কি কাৰণত ভূমিৰ অৱক্ষয় হয়? 

    উত্তৰ : মানুহৰ বিভিন্ন অপৰিকল্পিত কাৰ্যকলাপৰ বাবে ভূমিৰ অৱক্ষয় ঘটে । ইয়াৰ প্ৰধান কাৰণবোৰ হ’ল— অত্যধিক কৃষি কাৰ্য, অৰণ্য ধ্বংস, অনিয়ন্ত্ৰিত চৰণীয়া পথাৰৰ ব্যৱহাৰ, চহৰীকৰণ আৰু উদ্যোগীকৰণ । লগতে কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যধিক প্ৰয়োগে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰি অৱক্ষয় মাতি আনে ।

    ৭। ভূমি সংৰক্ষণৰ বাবে কেনে ধৰণৰ ব্যৱস্থা ল'ব পাৰি?

    উত্তৰ : ভূমি সংৰক্ষণৰ বাবে নিম্নলিখিত ব্যৱস্থাসমূহ ল’ব পাৰি:

    • অধিক পৰিমাণে বৃক্ষৰোপণ কৰি মাটিৰ ক্ষয় ৰোধ কৰা ।


    • ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰা ।


    • পাহাৰীয়া অঞ্চলত ঢাপ খেতি বা বেদিকা কৃষি পদ্ধতি অৱলম্বন কৰা ।


    • পৰিকল্পিত চৰণীয়া পথাৰৰ ব্যৱহাৰ আৰু উদ্যোগিক বৰ্জিত পদাৰ্থৰ বিজ্ঞানসন্মত নিষ্কাশন ।


    • আইন প্ৰণয়নৰ দ্বাৰা অৰণ্য ধ্বংস আৰু পাহাৰ কটা বন্ধ কৰা ।

    ৮। চমুটোকা লিখা—

    ভূমিম্থলন, গৰাখহনীয়া, মৰুকৰণ, ভূমি প্ৰদূষণ।

    উত্তৰ : 

    ভূমিম্থলন (Land Sliding): পাহাৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণ, ভূমিকম্প বা মানুহৰ বিভিন্ন কাৰ্যকলাপৰ বাবে মাটিৰ স্তৰ খহি পৰাকে ভূমিস্খলন বোলে । বৰ্তমান সময়ত পাহাৰীয়া অঞ্চলত গছ-গছনি কটা আৰু যধে-মধে ঘৰ-দুৱাৰ নিৰ্মাণ কৰাৰ ফলত ইয়াৰ মাত্ৰা বহুগুণে বৃদ্ধি পাইছে । ভূমিস্খলনে যাতায়াত ব্যৱস্থা ব্যাহত কৰাৰ লগতে জনধনৰ বিস্তৰ ক্ষতি কৰে।

    গৰাখহনীয়া (Bank Erosion): নদীৰ সোঁতৰ ক্ৰিয়াৰ ফলত নদীৰ পাৰৰ মাটি খহি পৰাকে গৰাখহনীয়া বুলি কোৱা হয় । ই এক জটিল প্ৰাকৃতিক সমস্যা। বিশেষকৈ বানপানীৰ পাছত ইয়াৰ মাত্ৰা অধিক বৃদ্ধি পায় । অসমৰ দৰে ঠাইত গৰাখহনীয়াৰ ফলত প্ৰতিবছৰে বহু গাঁও, খেতিপথাৰ আৰু ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যায় ।

    মৰুকৰণ (Desertification): কোনো এটা অঞ্চলৰ ভূমিৰ উৰ্বৰতা আৰু পানী ধৰি ৰখাৰ ক্ষমতা কমি গৈ মৰুভূমি সদৃশ অৱস্থা হোৱাকে মৰুকৰণ বোলে । ইয়াৰ মূল কাৰণ হ’ল জলবায়ুৰ পৰিৱৰ্তন আৰু মানুহৰ ধ্বংসাত্মক কাৰ্য । খেতিপথাৰত অধিক উৎপাদনৰ আশাত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰিলে মাটিৰ উৰ্বৰতা কমি মৰুকৰণৰ সৃষ্টি হ’ব পাৰে ।


    ভূমি প্ৰদূষণ (Land Pollution): বিভিন্ন কাৰণত মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হোৱা প্ৰক্ৰিয়াটোৱেই হ’ল ভূমি প্ৰদূষণ । কল-কাৰখানাৰ আৱৰ্জনা, নগৰীয়া জাৱৰ-জোঁথৰ, কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ আৰু খনিজ তেল আহৰণৰ সময়ত নিৰ্গত বালীয় পদাৰ্থ মাটিত মিহলি হৈ ভূমি প্ৰদূষিত কৰে । মাটি প্ৰদূষিত হ’লে ইয়াৰ উৎপাদন ক্ষমতা হ্ৰাস পায় আৰু পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হয় । 

    ৯। পৃথিৱীত ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱ হোৱাৰ কাৰণ কি? 

    উত্তৰ  : পৃথিৱীৰ মুঠ পানীৰ মাত্ৰ 25% শতাংশহে নিৰ্মল পানী । ইয়াৰে সৰহভাগ (70% শতাংশ) পৰ্বতৰ ওপৰত বা মেৰু অঞ্চলত বৰফ হিচাপে জমা হৈ আছে । মাত্ৰ 1% শতাংশ পানীহে মানুহৰ ব্যৱহাৰৰ উপযোগী । জনসংখ্যা বৃদ্ধি, পানীৰ উৎসসমূহৰ প্ৰদূষণ আৰু ঋতুভেদে বৰষুণৰ তাৰতম্যৰ বাবে নিৰ্মল পানীৰ নাটনি দেখা দিছে ।

    ১০। পানী প্ৰদূষণৰ প্ৰধান কাৰণসমূহ কি কি? 

    উত্তৰ  : পানী প্ৰদূষণৰ প্ৰধান কাৰণসমূহ হ’ল:

    • কল-কাৰখানাৰ বিষাক্ত বৰ্জিত পদাৰ্থ নদীত পেলোৱা।

    • কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক সাৰ আৰু কীটনাশক বৰষুণৰ পানীৰ লগত ধুই গৈ জলাশয়ত পৰা।

    • নগৰ-চহৰৰ আৱৰ্জনা আৰু নলা-নৰ্দমাৰ লেতেৰা পানী নদী বা পুখুৰীত মিহলি হোৱা।

    ১১। পানী প্ৰদূষণ ৰোধ কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'ব পাৰি?

    উত্তৰ  :পানী প্ৰদূষণ ৰোধৰ উপায়সমূহ:

    • উদ্যোগিক বৰ্জিত পদাৰ্থসমূহ নদীত পেলোৱাৰ আগতে শোধন কৰা।

    • কৃষিক্ষেত্ৰত জৈৱিক সাৰৰ ব্যৱহাৰ বৃদ্ধি কৰা।

    • জলাশয়ৰ ওচৰত জাৱৰ-জোঁথৰ পেলোৱা বন্ধ কৰা।

    • পানী প্ৰদূষণ ৰোধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰা।

    ১২। পানী সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা হাতত ল'ব পাৰি?

    উত্তৰ  : পানী সংৰক্ষণৰ বাবে তলৰ ব্যৱস্থাসমূহ ল’ব পাৰি:

    1. বৃক্ষৰোপণ: গছ-গছনিৰ শিপাই পানী ধৰি ৰাখে আৰু ভূ-তল জলৰ পৰিমাণ বৃদ্ধিত সহায় কৰে ।

    2. বৰষুণৰ পানী সাঁচি থোৱা: বৰষুণৰ পানী জমা কৰি প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰা ।

    3. পানীৰ পুনঃচক্ৰায়ন: ব্যৱহৃত পানী পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা 

    4. সচেতনতা বৃদ্ধি: ঘৰুৱা কামত পানীৰ অপচয় ৰোধ কৰা ।


    ১৩। বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে? 

    উত্তৰ  :বনজ সম্পদ সংৰক্ষণৰ কাৰণসমূহ হ’ল:

    • উদ্ভিদে আমাক অক্সিজেন যোগান ধৰে আৰু পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰে ।


    • মাটিৰ সংৰক্ষণ কৰে আৰু ভূ-তল জল বৃদ্ধিত সহায় কৰে ।


    • মানুহৰ খাদ্য, বস্ত্ৰ, বাসস্থানৰ বাবে কাঠ, ঔষধ আৰু বিভিন্ন সামগ্ৰী যোগান ধৰে ।


    • বন্যপ্ৰাণীৰ আশ্ৰয়স্থল হিচাপে কাম কৰে ।


    ১৪। বনজ সম্পদ সংৰক্ষণ কৰিবলৈ কি কি ব্যৱস্থা ল'ব পাৰি? 

    উত্তৰ  :বনজ সম্পদ সংৰক্ষণৰ উপায়সমূহ:

    • অৰণ্য ধ্বংস বন্ধ কৰি ব্যাপক হাৰত বৃক্ষৰোপণ কৰা ।


    • ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চল স্থাপন কৰি বন্যপ্ৰাণীৰ সুৰক্ষা দিয়া ।


    • জুইৰ পৰা অৰণ্যক ৰক্ষা কৰাৰ বাবে সতৰ্কতা অৱলম্বন কৰা।

    • 'বন মহোৎসৱ' আদি পালন কৰি ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ মাজত সচেতনতা বৃদ্ধি কৰা ।


    • অবৈধ চিকাৰ আৰু গছ কটা ৰোধ কৰিবলৈ আইন প্ৰয়োগ কৰা ।


    ১৫। শক্তি সম্পদ মানে কি? 

    উত্তৰ  :যিবোৰ সম্পদৰ পৰা আমি কাম কৰাৰ বাবে শক্তি লাভ কৰোঁ, সেইবোৰকেই শক্তি সম্পদ বোলে । আমাৰ দৈনন্দিন জীৱনৰ কৃষি, উদ্যোগ, যাতায়াত, যোগাযোগ আদি সকলো দিশ শক্তি সম্পদৰ ওপৰত নিৰ্ভৰশীল । ইয়াক পৰম্পৰাগত আৰু অপৰম্পৰাগত— এই দুই ভাগত ভাগ কৰা হৈছে ।

    ১৬। জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ কাৰণ কি? 

    উত্তৰ : জীৱাশ্ম ইন্ধন (যেনে— কয়লা, পেট্ৰ’লিয়াম) সৃষ্টি হ’বলৈ কোটি কোটি বছৰৰ প্ৰয়োজন হয় । এইবোৰ অনৱীকৰণযোগ্য আৰু পৃথিৱীৰ গৰ্ভত ইয়াৰ পৰিমাণ সীমিত । বৰ্তমান জনসংখ্যা বৃদ্ধিৰ লগে লগে ইয়াৰ ব্যৱহাৰ যি হাৰত বাঢ়িছে, সেই অনুপাতে ইয়াৰ পুনৰ সৃষ্টি হোৱা নাই, সেয়েহে ই অতি সোনকালে শেষ হৈ যোৱাৰ সম্ভাৱনা আছে ।

    ১৭। পৰম্পৰাগত শক্তি আৰু অপৰম্পৰাগত শক্তি সম্পদ কি বুজা?

    উত্তৰ  : পৰম্পৰাগত শক্তি: যিবোৰ শক্তি সম্পদ বহু অতীতৰ পৰা মানুহে ব্যৱহাৰ কৰি আহিছে, সেইবোৰেই পৰম্পৰাগত শক্তি সম্পদ । যেনে— কয়লা, পেট্ৰ’লিয়াম, খৰি আৰু জলবিদ্যুৎ ।

    অপৰম্পৰাগত শক্তি: বিজ্ঞানৰ চৰ্চাৰ ফলত বিকল্প হিচাপে ব্যৱহাৰলৈ অহা ন-ন শক্তিৰ উৎসসমূহেই হ’ল অপৰম্পৰাগত শক্তি সম্পদ । যেনে— সৌৰশক্তি, বতাহ শক্তি, পাৰমাণৱিক শক্তি, জৈৱ গেছ আদি ।

    ১৮। শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ?

    উত্তৰ   : বৰ্তমান সময়ত শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তিৰ গুৰুত্ব অপৰিসীম । ইয়াৰ কাৰণসমূহ হ’ল:

    • অক্ষয়: পৰম্পৰাগত শক্তি যেনে কয়লা, পেট্ৰ’লিয়ামৰ যোগান পৃথিৱীত সীমিত আৰু ই অতি সোনকালে শেষ হৈ যোৱাৰ সম্ভাৱনা আছে । আনহাতে, সৌৰশক্তি বা বতাহ শক্তিৰ দৰে অপৰম্পৰাগত শক্তিৰ উৎসসমূহ অক্ষয় ।


    • পৰিৱেশ অনুকূল: জীৱাশ্ম ইন্ধন দহন কৰিলে পৰিৱেশ প্ৰদূষণ হয় । কিন্তু অপৰম্পৰাগত শক্তি ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয় ।


    • কম খৰচী: এবাৰ প্ৰযুক্তি স্থাপন কৰাৰ পিছত এই শক্তিসমূহৰ পৰা অতি কম খৰচত বিদ্যুৎ উৎপাদন কৰিব পাৰি ।


    • পৰিৱেশৰ ভাৰসাম্য: ই গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাত সহায় কৰে ।

    ১৯। শক্তি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে?

    উত্তৰ   : শক্তি সম্পদ সংৰক্ষণ কৰাটো আমাৰ ভৱিষ্যতৰ বাবে অতি প্ৰয়োজনীয় । ইয়াৰ মুখ্য কাৰণসমূহ হ’ল:

    • সীমিত ভাণ্ডাৰ: কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে জীৱাশ্ম ইন্ধনসমূহ পৃথিৱীৰ অন্তৰ্ভাগত সীমিত পৰিমাণতহে মজুত আছে ।


    • অচিৰস্থায়ী: বৰ্তমানৰ দৰে দ্ৰুত হাৰত ব্যৱহাৰ কৰি থাকিলে এই সম্পদসমূহ অতি সোনকালে নিঃশেষ হৈ যাব ।


    • পৰিৱেশ সুৰক্ষা: শক্তি সম্পদৰ অত্যধিক ব্যৱহাৰে বায়ুমণ্ডলত প্ৰদূষণ সৃষ্টি কৰি পৰিৱেশৰ ভাৰসাম্য নষ্ট কৰিছে ।


    • ভৱিষ্যত প্ৰজন্মৰ বাবে: আমাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণ কৰিবলৈ আৰু অৰ্থনৈতিক উন্নয়ন ধাৰাবাহিকভাৱে চলাই নিবলৈ শক্তি সংৰক্ষণ কৰাটো অপৰিহাৰ্য

    ২০। পাৰ্থক্য লিখা—

    ক) নবীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ

    উত্তৰ   : 

    নবীকৰণযোগ্য সম্পদ

    অনৱীকৰণযোগ্য সম্পদ

    যিবোৰ সম্পদ ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায় আৰু পুনৰ সৃষ্টি কৰিব পাৰি, সেইবোৰেই নবীকৰণযোগ্য সম্পদ ।

    যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত নিঃশেষ হৈ যায় আৰু পুনৰ সৃষ্টি হ’বলৈ কোটি কোটি বছৰ লাগে, সেইবোৰেই অনৱীকৰণযোগ্য সম্পদ ।

    এই সম্পদবোৰ প্ৰকৃতিৰ বুকুত অপৰ্যাপ্ত বা অক্ষয় হৈ থাকে

    এই সম্পদসমূহ পৃথিৱীৰ অন্তৰ্ভাগত অতি সীমিত পৰিমাণতহে মজুত আছে ।

    এইবোৰ ব্যৱহাৰ কৰিলে পৰিবেশ প্ৰদূষণ নহয় বা পৰিবেশৰ কোনো ক্ষতি নহয় ।

    এই সম্পদসমূহ দহন কৰিলে বায়ুমণ্ডলত প্ৰদূষণ সৃষ্টি হয় আৰু গোলকীয় উষ্ণতা বৃদ্ধি পায় ।

    এই সম্পদসমূহ আহৰণ কৰাৰ প্ৰাৰম্ভিক খৰচ বেছি হ’লেও পৰৱৰ্তী সময়ত উৎপাদন খৰচ কম হয় ।

    এই সম্পদসমূহ আহৰণ আৰু ব্যৱহাৰ কৰাৰ বাবে তুলনামূলকভাৱে অধিক খৰচৰ প্ৰয়োজন হয় ।

    উদাহৰণ : সৌৰশক্তি, বতাহ শক্তি, পানী আদি ।

    উদাহৰণ : কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আদি ।


    খ) পৰম্পৰাগত শক্তি সম্পদ আৰু অপৰম্পৰাগত শক্তি সম্পদ 

    উত্তৰ   :

    পৰম্পৰাগত শক্তি সম্পদ

    অপৰম্পৰাগত শক্তি সম্পদ

    এই সম্পদসমূহ মানুহে বহু অতীতৰ পৰা শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰি আহিছে ।

    এই সম্পদসমূহ আধুনিক বিজ্ঞানৰ চৰ্চাৰ ফলত শেহতীয়াকৈ বিকল্প শক্তি হিচাপে ব্যৱহাৰলৈ আহিছে ।

    ইয়াৰ সৰহভাগেই অনৱীকৰণযোগ্য আৰু ব্যৱহাৰৰ ফলত ইয়াৰ ভাণ্ডাৰ দ্ৰুতগতিত হ্ৰাস পায় ।

    এই শক্তিৰ উৎসসমূহ অক্ষয় বা নবীকৰণযোগ্য, যিবোৰ কেতিয়াও শেষ হৈ নাযায় ।

    এই সম্পদসমূহ ব্যৱহাৰ কৰিলে কাৰ্বন-ডাই-অক্সাইডৰ দৰে গেছ নিৰ্গত হৈ পৰিবেশৰ অনিষ্ট কৰে ।

    এইবোৰ শক্তিৰ স্বচ্ছ উৎস আৰু ইয়াৰ ব্যৱহাৰে পৰিবেশৰ কোনো ক্ষতি নকৰে ।

    কয়লা বা পেট্ৰ’লিয়াম ঘৰুৱা কামৰ পৰা আৰম্ভ কৰি ডাঙৰ উদ্যোগলৈকে সকলোতে ব্যৱহাৰ কৰা হয় ।

    সৌৰশক্তি, বতাহ শক্তি আদি প্ৰধানকৈ বিদ্যুৎ উৎপাদন আৰু উন্নত কাৰিকৰী প্ৰকল্পত ব্যৱহাৰ কৰা হয় ।

    উদাহৰণ-কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ আৰু জলবিদ্যুৎ ।

    উদাহৰণ-সৌৰশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি আৰু জৈৱ গেছ ।

    ২১। চমুটোকা লিখা—

    জীৱাশ্ম ইন্ধন, সৌৰশক্তি, পাৰমাণৱিক শক্তি, জোৱাৰ শক্তি, জৈৱ গেছ।

    উত্তৰ :

    জীৱাশ্ম ইন্ধন (Fossil Fuels): কোটি কোটি বছৰ পূৰ্বে ভূ-ত্বকৰ তলত উদ্ভিদ আৰু প্ৰাণীৰ অৱশেষ পোত গৈ তাপ আৰু চাপৰ ফলত যি ইন্ধনৰ সৃষ্টি হয়, তাকে জীৱাশ্ম ইন্ধন বোলে । কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ইয়াৰ প্ৰধান উদাহৰণ । এইবোৰ পৰম্পৰাগত শক্তিৰ উৎস আৰু পৃথিৱীৰ অন্তৰ্ভাগত অতি সীমিত পৰিমাণত মজুত আছে । বৰ্তমানৰ দৰে ইয়াৰ ব্যৱহাৰ চলি থাকিলে অতি সোনকালে এই সম্পদ শেষ হৈ যোৱাৰ সম্ভাৱনা আছে ।

    সৌৰশক্তি (Solar Power): সূৰ্যৰ পৰা পোৱা তাপ আৰু পোহৰক ব্যৱহাৰ কৰি যি শক্তি উৎপন্ন কৰা হয়, তাক সৌৰশক্তি বোলে । সৌৰকোষৰ সহায়ত সূৰ্যৰ পোহৰক পোনপটীয়াকৈ বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি । ই এক নৱীকৰণযোগ্য আৰু পৰিবেশ অনুকূল শক্তিৰ উৎস । বিশেষকৈ গ্ৰীষ্মপ্ৰধান দেশবোৰত সৌৰশক্তি ব্যৱহাৰৰ যথেষ্ট সম্ভাৱনা আছে । ৰন্ধন কাৰ্যৰ পৰা আৰম্ভ কৰি বাট-পথৰ পোহৰ দিয়ালৈকে বিভিন্ন কামত ইয়াক ব্যৱহাৰ কৰিব পাৰি।

    পাৰমাণৱিক শক্তি (Atomic Energy): ইউৰেনিয়াম আৰু থ’ৰিয়ামৰ দৰে তেজস্ক্ৰীয় পদাৰ্থৰ অণুৰ বিভাজনৰ জৰিয়তে যি শক্তি আহৰণ কৰা হয়, তাকে পাৰমাণৱিক শক্তি বোলে । এই শক্তিক তাপ বিদ্যুৎ প্ৰকল্পত ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয় । আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ উন্নত দেশসমূহ পাৰমাণৱিক শক্তি উৎপাদনত আগবঢ়া । ভাৰতৰো বিভিন্ন ঠাইত পাৰমাণৱিক শক্তি কেন্দ্ৰ আছে। ই অতি শক্তিশালী উৎস হ’লেও ইয়াৰ পৰা নিৰ্গত তেজস্ক্ৰীয় বিকিৰণৰ পৰা সাবধান হোৱাটো প্ৰয়োজন।

    জোৱাৰ শক্তি (Tidal Power): সাগৰৰ জোৱাৰৰ পৰা উৎপাদন কৰা শক্তিক জোৱাৰ শক্তি বোলে । জোৱাৰৰ সময়ত উঠি অহা পানীৰ সোঁতক বান্ধৰ সহায়ত আৱদ্ধ কৰি তাৰ দ্বাৰা টাৰ্বাইন ঘূৰাই বিদ্যুৎ উৎপন্ন কৰা হয় । ৰাছিয়া, ফ্ৰান্স আৰু ভাৰতৰ কচ্ছ উপসাগৰীয় অঞ্চলত এনে শক্তি উৎপাদনৰ যথেষ্ট সুবিধা আছে । ই শক্তিৰ এক প্ৰদূষণহীন উৎস । অৱশ্যে ইয়াৰ কেন্দ্ৰ নিৰ্মাণ কৰোঁতে সাগৰীয় পৰিবেশৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে ।

    জৈৱ গেছ (Bio Gas): মৃত উদ্ভিদ, প্ৰাণীৰ অৱশেষ, গোবৰ আৰু পাকঘৰৰ পচনশীল আৱৰ্জনাৰ পৰা যি গেছীয় ইন্ধন প্ৰস্তুত কৰা হয়, তাকে জৈৱ গেছ বোলে । ই এক উৎকৃষ্ট ঘৰুৱা ইন্ধন আৰু ইয়াৰ দ্বাৰা ৰন্ধন কাৰ্যৰ লগতে পোহৰৰ ব্যৱস্থাও কৰিব পাৰি । জৈৱ গেছ প্ৰস্তুত কৰাৰ পাছত যি অৱশিষ্ট থাকে, তাক উৎকৃষ্ট জৈৱিক সাৰ হিচাপে কৃষিকামত ব্যৱহাৰ কৰিব পাৰি । ই কম খৰচী আৰু বিশেষকৈ গ্ৰামাঞ্চলত ই অতি জনপ্ৰিয় ।

    ২২। কোনো এখন ঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা?

    উত্তৰ : কোনো এখন ঠাইত জনবসতি ঘন হোৱাৰ মূল কাৰণসমূহ হ’ল— অনুকূল জলবায়ু, সমতল ভূমি, উৰ্বৰ মাটি আৰু পানীৰ সহজ উপলব্ধতা । যিবোৰ ঠাইত কৃষি কাৰ্যৰ সুবিধা থাকে আৰু যাতায়াত ব্যৱস্থা উন্নত, তেনে ঠাইতে মানুহে স্থায়ীভাবে বসবাস কৰিবলৈ ভাল পায় ।

    ২৩। বিভিন্ন ঠাইত বৰ্তমান পানীৰ নাটনি দেখা দিয়াৰ দুটা কাৰণ লিখা।

    উত্তৰ : 

    ১/ জনসংখ্যা বৃদ্ধিৰ ফলত পানীৰ চাহিদা দিনক দিনে বাঢ়ি যোৱা । 

    ২/ বৰ্ধিত প্ৰদূষণৰ ফলত ব্যৱহাৰযোগ্য পানীৰ উৎসসমূহ নষ্ট হোৱা ।

    ২৪। কি কি প্ৰক্ৰিয়াৰে পানী উৎসসমূহত জমা হয়?

    উত্তৰ  : পানী প্ৰধানকৈ জলচক্ৰৰ জৰিয়তে উৎসসমূহত জমা হয় । বৰষুণৰ পানী নদী, হ্ৰদ আৰু পুখুৰীত জমা হোৱাৰ উপৰি মাটিৰ তলেৰে সৰকি গৈ ভূ-তল জল হিচাপে জমা হয় ।

    ২৫। বনজ সম্পদক কি কি কাৰকে ক্ষতি কৰে?

    উত্তৰ :বনজ সম্পদক দুটা প্ৰধান কাৰকে ক্ষতি কৰে: 

    ১/ প্ৰাকৃতিক কাৰক: বনজুই, বানপানী আৰু ভূমিস্খলন । 

    ২/ মানৱ সৃষ্ট কাৰক: কৃষিভূমিৰ সম্প্ৰসাৰণৰ বাবে বনাঞ্চল ধ্বংস, অবৈজ্ঞানিক গছ কটা আৰু বন্যপ্ৰাণীৰ অবৈধ চিকাৰ ।

    ২৬। বতাহ শক্তি কি?

    উত্তৰ : বতাহৰ গতি শক্তিক ব্যৱহাৰ কৰি উইণ্ডমিলৰ (Windmill) জৰিয়তে যি বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়, তাকে বতাহ শক্তি বোলে । ই এক পৰিবেশ অনুকূল আৰু নৱীকৰণযোগ্য শক্তিৰ উৎস ।

    ২৭। সৌৰশক্তি ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাবোৰ কি কি?

    উত্তৰ :

    সুবিধা: ই কেতিয়াও শেষ নোহোৱা এক অক্ষয় সম্পদ আৰু ইয়াৰ ব্যৱহাৰে পৰিবেশ প্ৰদূষণ নকৰে ।

    অসুবিধা: মেঘাচ্ছন্ন বতৰত ইয়াৰ উৎপাদন ব্যাহত হয় আৰু ইয়াৰ প্ৰাৰম্ভিক সংস্থাপনৰ খৰচ যথেষ্ট বেছি।

    ২৮। পেট্ৰ'লিয়াম কি? ইয়াক কিয় পনীয়া সোণ বোলে?

    উত্তৰ :পেট্ৰ’লিয়াম হ’ল ভূ-ত্বকৰ শিলাস্তৰৰ মাজত পোৱা এবিধ জীৱাশ্ম ইন্ধন । ইয়াৰ উচ্চ বাণিজ্যিক মূল্য আৰু আধুনিক সভ্যতাত ইয়াৰ অপৰিহাৰ্য ভূমিকাৰ বাবে ইয়াক 'পনীয়া সোণ' (Liquid Gold) বুলি কোৱা হয়।

    ২৯। জোৱাৰ শক্তিৰ পৰা কেনেকৈ বিদ্যুৎ উৎপন্ন কৰা হয়?

    উত্তৰ :সাগৰৰ জোৱাৰৰ সময়ত উঠি অহা পানীৰ সোঁতক সংকীৰ্ণ খাদত বান্ধ দি আৱদ্ধ কৰা হয় । পাছত সেই পানী এৰি দি তাৰ গতি শক্তিৰে টাৰ্বাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয় ।

    ৩০। খালী ঠাই পূৰ কৰা: 

    ক) মানুহৰ কামত অহা প্ৰকৃতিৰ আটাইবোৰ উপাদানকেই ___________________ বোলে । 

    উত্তৰ  :মানুহৰ কামত অহা প্ৰকৃতিৰ আটাইবোৰ উপাদানকেই প্ৰাকৃতিক সম্পদ বোলে । 

    খ) পৃথিৱীৰ উপৰিভাগৰ ________________ শতাংশ হৈছে ভূমি । 

    উত্তৰ  :পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ হৈছে ভূমি । 

    গ) নদীৰ ক্ৰিয়াৰ বাবে পাৰৰ মাটি খহি পৰাকে _______________বোলে । 

    উত্তৰ :নদীৰ ক্ৰিয়াৰ বাবে পাৰৰ মাটি খহি পৰাকে গৰাখহনীয়া বোলে । 

    ঘ) পানী এবিধ _________________ প্ৰাকৃতিক সম্পদ । 

    উত্তৰ :পানী এবিধ অজৈৱিক প্ৰাকৃতিক সম্পদ । 

    ঙ) আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ মুঠ পানীৰ মাত্ৰ _______________________ ।

    উত্তৰ :আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ মুঠ পানীৰ মাত্ৰ ১ শতাংশ ।  

    চ) চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক _____________________বুলিও কোৱা হয় (সাধাৰণ জ্ঞান)। 

    উত্তৰ : চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক বৰ্ষাৰণ্য বুলিও কোৱা হয় (সাধাৰণ জ্ঞান)। 

    ছ) সৌৰকোষৰ জৰিয়তে ____________________উৎপন্ন কৰা হয় ।

    উত্তৰ :সৌৰকোষৰ জৰিয়তে বিদ্যুৎ উৎপন্ন কৰা হয় ।

    ৩১। আমি কি কি উপায়েৰে পানী সংৰক্ষণ কৰিব পাৰোঁ? 

    উত্তৰ : পানী সংৰক্ষণৰ উপায়সমূহ হ’ল: বৃক্ষৰোপণ কৰি ভূ-তল জল স্তৰ বৃদ্ধি কৰা, বৰষুণৰ পানী জমা কৰি থোৱা (Rainwater Harvesting), ব্যৱহৃত পানীৰ পুনঃচক্ৰায়ন কৰা আৰু পানীৰ অপচয় ৰোধৰ বাবে জনসচেতনতা বৃদ্ধি কৰা ।




    **********


    এই পাঠটোত থকা ১০০ টা MCQ প্ৰশ্ন






































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website