পাঠঃ ৭
ভাৰতীয় সংস্কৃতি
ভাব-বিষয়ক প্ৰশ্নোত্তৰ:
১। ভাৰতীয় সংস্কৃতিৰ প্রাণ কি?
উত্তৰ: ক্ৰমবৰ্দ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্রাণ ।
২। ‘ফ্ৰম ভল্গা টু গংগা’ কাৰ ৰচনা?
উত্তৰ: ‘ফ্ৰম ভল্গা টু গংগা’ পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ৰচনা ।
৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ৰ কি আখ্যা দিছে?
উত্তৰ: সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ এক প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে ।
৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
উত্তৰ: বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ।
৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল?
উত্তৰ: শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰো আৰু হৰপ্পাৰ আৰ্য-পূৰ্ব সংস্কৃতিত আৱিষ্কাৰ হৈছিল ।
৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰ: গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ ।
৭। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি?
উত্তৰ: অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা হ’ল— এটা সন্ন্যাস জীৱন আৰু আনটো সমূহীয়া বা জাগতিক জীৱন ।
৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে?
উত্তৰ: গান্ধীজীৰ মতে নতুন যুগৰ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু হ’ব লাগে যিটো সমূহীয়া জীৱনৰ সম্পদ হ’ব ।
৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
উত্তৰ: সুকুমাৰ কলাৰ ভিতৰত চিত্ৰ-শিল্পক আটাইতকৈ বেছি স্থায়ী বোলা হৈছে ।
১০। হেম বৰুৱাৰ সাহিত্য-চৰ্চা সম্পর্কে পঁচিশটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।
উত্তৰ: আধুনিক অসমীয়া কবিতাৰ পথ-প্ৰদৰ্শক হেম বৰুৱা একাধাৰে এগৰাকী কবি, গদ্য লেখক আৰু কৃতী সুবক্তা আছিল । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল ‘বালিচন্দা’, ‘মনময়ূৰী’, ‘সাগৰ দেখিছা’, ‘ৰঙা কৰবীৰ ফুল’ ইত্যাদি । তেওঁ ‘জনতা’ আৰু ‘পছোৱা’ নামৰ দুখন আলোচনীও সম্পাদনা কৰিছিল ।
১১। ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ সাৰাংশ লিখা।
উত্তৰ: ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ ফল । আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয় আদি বিভিন্ন জাতিৰ মিলনৰ ফলত এই সংস্কৃতি গঢ় লৈ উঠিছে । ভাৰতীয় সাহিত্য, ভাস্কৰ্য, চিত্ৰকলা আৰু সংগীত— এই সকলোতে এক গভীৰ সমন্বয়ৰ চাব দেখিবলৈ পোৱা যায় । পাঠটোত সভ্যতা আৰু সংস্কৃতিৰ পাৰ্থক্য দেখুওৱাৰ লগতে বৌদ্ধ আৰু ইছলাম ধৰ্মৰ প্ৰভাৱে কেনেকৈ ভাৰতীয় সংস্কৃতিক অধিক চহকী কৰিছে, তাক বৰ্ণনা কৰা হৈছে ।
১২। ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু’। — এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ আধাৰত বিচাৰ কৰা।
উত্তৰ: ভাৰতীয় সংস্কৃতি কোনো এটা বিশেষ জাতিৰ দান নহয়, ই বিভিন্ন সংস্কৃতিৰ সোঁত-উপসোঁত লগ লাগি সৃষ্টি হোৱা এক বিৰাট সাগৰ । আৰ্যসকলে ভাৰতীয় অনাৰ্যসকলৰ দেৱ-দেৱী (যেনে শিৱ, শক্তি) আৰু পূজা পদ্ধতি গ্ৰহণ কৰিছিল । সেইদৰে ইছলামীয় ভাস্কৰ্যৰ লগত হিন্দু ভাস্কৰ্যৰ মিলন ঘটি এক নতুন ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে । গতিকে এই কথাষাৰ সম্পূৰ্ণ যুক্তিপূৰ্ণ।
১৩। ‘সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
উত্তৰ: পাঠটোৰ মতে সভ্যতা আৰু সংস্কৃতিৰ মাজত স্পষ্ট পাৰ্থক্য আছে:
সভ্যতা: ই এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বা সমাজ পদ্ধতি । ই সমাজক সু-শৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত সহায় কৰে ।
সংস্কৃতি: ই হৈছে এটা জাতি বা সমাজৰ জীৱন প্ৰতিভা । ভাষা, সাহিত্য, সুকুমাৰ কলা আৰু দৰ্শনৰ মাজেৰে সংস্কৃতিৰ পৰিচয় পোৱা যায় ।
ভাষা-বিষয়ক:
১। সন্ধি ভাঙা :
উত্তৰ:
সংস্কৃতি = সম্ + কৃতি
সমন্বয় = সম্ + অন্বয়
সম্বন্ধ = সম্ + বন্ধ
ভাৰাক্ৰান্ত = ভাৰ + আক্ৰান্ত
সন্মত = সম্ + মত
২। বিশেষ্য বা বিশেষণলৈ নিয়া :
উত্তৰ:
বৈচিত্ৰ্য (বিশেষ্য) → বিচিত্ৰ (বিশেষণ)
ভৌগোলিক (বিশেষণ) → ভূগোল (বিশেষ্য)
বিস্তৃতি (বিশেষ্য) → বিস্তৃত (বিশেষণ)
নৈৰাশ্য (বিশেষ্য) → নিৰাশ (বিশেষণ)
বিপ্লৱ (বিশেষ্য)→ বৈপ্লৱিক (বিশেষণ)