Skip to Content
NoteSL
  • Home
  • Notification
  • Privacy Policy
  • About
  • Terms and Condition's
  • Class 9 Science
  • Student Helping
  • earn and referral
NoteSL
      • Home
      • Notification
      • Privacy Policy
      • About
      • Terms and Condition's
      • Class 9 Science
      • Student Helping
      • earn and referral

    আহোমসকল


    প্ৰশ্নাৱলী :

    ১। আহোমসকল আদিতে কোন জাতিৰ লোক আছিল?

    উত্তৰ: আহোমসকল মূলতঃ টাই জাতিৰ মানুহ আছিল ।

    ২। আহোমসকলৰ আদি বাসস্থান ক’ত আছিল?

    উত্তৰ: আহোমসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল, বৰ্তমানৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যত ।

    ৩। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল?

    উত্তৰ: আহোমসকলে অসমত ৬০০ বছৰৰ অধিক কাল ৰাজ্য শাসন কৰিছিল ।

    ৪। আহোমসকলৰ আদিভাষা কি আছিল?

    উত্তৰ: আহোমসকলৰ আদিভাষা আছিল টাই বা শ্যান ।

    ৫। আহোমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা।

    উত্তৰ: আহোমসকলৰ কেইটিমান উল্লেখযোগ্য পূজা আৰু উৎসৱৰ নাম হ’ল— মে-ডাম-মে-ফী, ওম্ফা, চাইফা, ৰিখন, জাচিংফা আৰু প-ফী-ছু ।

    ৬। চমুটোকা লিখা : 

    (ক) লাচিত বৰফুকন 

    উত্তৰ: অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি ক'লে বিশেষভাৱে লাচিত বৰফুকনৰ নামেই লোৱা হয় । তেওঁ ১৬২২ খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁৰ পিতৃ আছিল মোমাই তামুলী বৰবৰুৱা । সৰুৰে পৰা সাহসী লাচিতে দেউতাকৰ কাম-কাজ নিৰীক্ষণ কৰি ৰাজ-কাৰ্যাৱলীৰ বহু কথা শিকিছিল । নিজ দক্ষতাৰ বলত তেওঁ প্ৰথমে ‘হাঁচতিধৰা তামুলী’, তাৰ পিছত ‘ঘোঁৰা বৰুৱা’, ‘দোলীয়া বৰুৱা’ আৰু ‘শিমলুগুৰীয়া ফুকন’ৰ পদবী লাভ কৰিছিল । তেওঁৰ পৰাক্ৰম দেখি স্বৰ্গদেউ চক্ৰধ্বজ সিংহই তেওঁক বৰসেনাপতি পাতি বৰফুকন পদত নিযুক্ত কৰিছিল । লাচিত বৰফুকনৰ জীৱনৰ শ্ৰেষ্ঠ কীৰ্তি হ’ল ১৬৭১ চনৰ মোগলৰ বিৰুদ্ধে হোৱা শৰাইঘাটৰ যুদ্ধৰ নেতৃত্ব । এই যুদ্ধৰ সময়ত তেওঁ কৰ্তব্যত গাফিলতি কৰা বাবে নিজ মোমায়েকক হেংদাঙৰে কাটি দুছোৱা কৰি কৈছিল— ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ । আনকি অতিশয় অসুস্থ অৱস্থাতো তেওঁ মোগলৰ বিৰুদ্ধে যুঁজ দি অসমীয়া সেনাক অনুপ্ৰাণিত কৰিছিল আৰু ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল । যুদ্ধৰ কিছুদিন পিছতে গুৱাহাটীত এই মহান বীৰজনৰ মৃত্যু হয় । তেওঁৰ নিস্বাৰ্থ দেশপ্ৰেম আৰু সবল নেতৃত্ব আজিও অসমীয়াৰ বাবে আদৰ্শ ।

    (খ) সতী জয়মতী 

    উত্তৰ: সতী জয়মতী কুঁৱৰী আছিল আহোম ৰাজকোঁৱৰ গদাপাণিৰ পত্নী । তেওঁৰ সময়ত আহোম ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি অতি জটিল আছিল আৰু ল’ৰা ৰজাই লালুকসোলা বৰফুকনৰ কথাত চলি ৰাজকোঁৱৰসকলক অংগক্ষত বা হত্যা কৰিবলৈ আৰম্ভ কৰিছিল । গদাপাণি কোঁৱৰক ধৰিবলৈ লালুকসোলাই চলোৱা অভিযানৰ সময়ত জয়মতীয়ে নিজৰ স্বামী তথা দেশৰ ভৱিষ্যতৰ কথা চিন্তা কৰি গদাপাণিক নগাপাহাৰলৈ পলাই যাবলৈ অনুনয়-বিনয় কৰি মান্তি কৰাইছিল । গদাপাণিৰ বাতৰি উলিয়াবলৈ লালুকসোলাই জয়মতীক জেৰেঙা পথাৰৰ নিৰ্জন স্থানত চাওদাঙৰ হাতত অমানুষিক শাস্তি দিয়াইছিল । কিন্তু স্বামীৰ কোনো সন্ধান নিদি জয়মতীয়ে সকলো যন্ত্ৰণা নীৰৱে সহি গৈছিল । এইদৰে ১৪ দিন ধৰি জেৰেঙাত শাস্তি ভুগি ১৬৭৯ চনৰ ১৩ চ’তৰ দিনা সতী জয়মতীয়ে নশ্বৰ দেহ ত্যাগ কৰে । তেওঁৰ এই মহান ত্যাগৰ স্মৃতিত পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই জেৰেঙা পথাৰত ‘জয়সাগৰ’ পুখুৰী খন্দাইছিল আৰু সেই ঠাইত ৰাজধানী স্থাপন কৰি নাম দিছিল ‘ৰংপুৰ’ । জয়মতী অসমীয়া নাৰীৰ অপৰিসীম মনোবল আৰু পবিত্ৰ ত্যাগৰ এক বিৰল চানেকি ।

    (গ) টেঙাই মোহন 

    উত্তৰ: টেঙাই মহন আছিল অসমৰ প্ৰথম অভিধান প্ৰণেতা । তেওঁ ১৭১৫ চনত চৰাইডেউত মহুং-মাইচেউ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল । আহোম ৰাজত্বৰ শেষৰ ফালে যেতিয়া আহোম ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাৰ প্ৰসাৰ বাঢ়িবলৈ ধৰিছিল, তেতিয়া টেঙাই মহনে উপলব্ধি কৰিছিল যে ভাষা এটা লুপ্ত হ’লে এটা সভ্যতা নিঃশেষ হৈ যাব । সেয়েহে ভৱিষ্যত প্ৰজন্মৰ বাবে আহোম ভাষাটো জীয়াই ৰাখিবলৈ তেওঁ এখন অভিধান প্ৰণয়নৰ কাম হাতত লৈছিল । গৌৰীনাথ সিংহৰ ৰাজত্বৰ শেষৰ ফালে ১৭৯৫ চনত তেওঁ ‘বৰ কাকত হু মুং পুথি’ নামৰ এখন অভিধান পুথি ৰচনা কৰে । সাঁচিপাতত লিখা এই পুথিখনত আহোম শব্দৰ বিপৰীতে সম্ভাৱ্য সকলো অসমীয়া অৰ্থ দিয়া হৈছিল । ইয়াৰ বিশেষত্ব আছিল যে প্ৰতিটো শব্দৰ বিপৰীতে ‘বোলে’ অৰ্থত ‘চাম বা’ শব্দটো ব্যৱহাৰ কৰা হৈছিল । ১৯১২ চনত হেমচন্দ্ৰ গোস্বামীয়ে এই পুথিখন উদ্ধাৰ কৰে আৰু পৰৱৰ্তী সময়ত ইয়াৰ সম্পাদিত ৰূপটো ১৯৬৪ চনত ‘আহোম লেকচিকন’ নামেৰে প্ৰকাশ পায় । ১৮২৩ চনত ডিব্ৰুগড়ৰ খোৱাঙত এই মহান পণ্ডিতজনৰ মৃত্যু হয় ।

    (ঘ) পণ্ডিত প্ৰবৰ ডম্বৰুধৰ দেওধাই ফুকন 

    উত্তৰ: ১৯১২ চনত চৰাইডেউৰ আখৈয়া দেওধাই গাঁৱত ডম্বৰুধৰ দেওধাই ফুকনৰ জন্ম হয় । তেওঁৰ পিতৃ গংগাৰাম ফুকন এজন শিক্ষানুৰাগী ব্যক্তি আছিল । ডম্বৰুধৰ ফুকনে স্কুলীয়া শিক্ষাৰ পিছত ঘৰতে দদায়েকহঁতৰ পৰা টাই ভাষাৰ শিক্ষা গ্ৰহণ কৰি এজন টাই পণ্ডিত হিচাপে খ্যাতি লাভ কৰিছিল । ১৯৩১ চনত ড° সূৰ্যকুমাৰ ভূঞাই তেওঁক টাই আহোম বুৰঞ্জী অনুবাদৰ বাবে গুৱাহাটীলৈ মাতি আনিছিল । তেওঁ টাই ভাষা-সংস্কৃতিৰ পুনৰুদ্ধাৰৰ বাবে আজীৱন কাম কৰিছিল। তেওঁৰ নেতৃত্বত ১৯৩৬ চনত পাটসাঁকোত ফুৰালং সবাহ অনুষ্ঠিত হৈছিল । ১৯৬৪ চনত তেওঁ পাটসাঁকোত ‘কেন্দ্ৰীয় টাই একাডেমী’ প্ৰতিষ্ঠা কৰে । ১৯৮১ চনত দিল্লীত আৰু ১৯৮৪ চনত বেংককত অনুষ্ঠিত আন্তৰ্জাতিক টাই শিক্ষা সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ বিশ্বৰ টাই পণ্ডিতসকলৰ মাজত আহোম ভাষাৰ বিষয়ে আলোচনা কৰিছিল । তেওঁ ‘পূৰ্বাঞ্চল টাই সাহিত্য সভা’ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল । বহু বিদেশী গৱেষকেও তেওঁৰ ওচৰলৈ আহি টাই ভাষাৰ গৱেষণা কৰিছিল । ১৯৯৩ চনত ডিব্ৰুগড়ত এইগৰাকী মহান পণ্ডিতৰ পৰলোকপ্ৰাপ্তি ঘটে ।

    (ঙ) কৃষ্ণকান্ত সন্দিকৈ 

    উত্তৰ: ১৮৯৮ চনত যোৰহাটত জন্মগ্ৰহণ কৰা কৃষ্ণকান্ত সন্দিকৈ আছিল এজন অনন্য পণ্ডিত । তেওঁ যোৰহাট চৰকাৰী হাইস্কুল, কটন কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত উচ্চ শিক্ষা গ্ৰহণ কৰি এম. এ. পাছ কৰিছিল । ইয়াৰ পিছত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জীত এম. এ. লাভ কৰাৰ লগতে পেৰিছ আৰু বাৰ্লিনত গ্ৰীক, লেটিন আদি বহুতো ইউৰোপীয় ভাষা আয়ত্ত কৰিছিল । তেওঁ ১৯৩০ চনত যোৰহাট জে.বি. কলেজৰ প্ৰথম অবৈতনিক অধ্যক্ষ আৰু ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য নিযুক্ত হয় । সন্দিকৈদেৱৰ পাণ্ডিত্যৰ পৰিচয় পোৱা যায় তেওঁৰ গ্ৰন্থৰাজিৰ পৰা। তেওঁৰ প্ৰকাশিত উল্লেখযোগ্য ইংৰাজী গ্ৰন্থ তিনিখন হ’ল— ‘নৈষধ চৰিত’, ‘যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ’ আৰু ‘সেতুবন্ধন’ । ইয়াৰ উপৰিও তেওঁ অসমীয়া ভাষাতো বহুতো প্ৰবন্ধ লিখিছিল । ১৯৩৭ চনত তেওঁ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল । তেওঁক ভাৰত চৰকাৰে ‘পদ্মশ্ৰী’ আৰু ‘পদ্মভূষণ’ উপাধিৰে বিভূষিত কৰিছিল । তেওঁ নিজৰ ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়লৈ দান কৰি এক মহানুভৱতাৰ পৰিচয় দি গৈছে ।

    (চ) পদ্মনাথ গোহাঞি বৰুৱা।

    উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱা আছিল আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী স্বনামধন্য সাহিত্যিক । ১৮৭১ চনত উত্তৰ লক্ষীমপুৰত তেওঁৰ জন্ম হয় । শিক্ষা জীৱন শেষ কৰি তেওঁ শিক্ষকতাৰ লগতে সাহিত্য চৰ্চা আৰু সমাজ সেৱাত মনোনিৱেশ কৰিছিল । তেওঁৰ কবিতা পুথি ‘জুৰণি’, ‘লীলা’, নাটক ‘জয়মতী’, ‘গদাধৰ’, ‘লাচিত বৰফুকন’, উপন্যাস ‘ভানুমতী’, ‘লাহৰী’ আদি অসমীয়া সাহিত্যৰ অমূল্য সম্পদ । তেওঁৰ আত্মজীৱনীখনৰ নাম হ’ল ‘মোৰ সোঁৱৰণী’ । পদ্মনাথ গোহাঞি বৰুৱাই ‘বিজুলী’, ‘আসাম বন্তি’ আৰু ‘ঊষা’ নামৰ আলোচনী সম্পাদনা কৰিছিল । তেওঁ ১৯১৭ চনত শিৱসাগৰত বহা অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতি নিৰ্বাচিত হৈছিল । সাহিত্য চৰ্চাৰ উপৰিও তেওঁ তেজপুৰ পৌৰসভাৰ সভাপতি আৰু অসম ব্যৱস্থাপক সভাৰ সভ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । তেজপুৰৰ বাণ ৰংগমঞ্চৰ সৈতেও তেওঁ ঘনিষ্ঠভাবে জড়িত আছিল । ১৯৪৬ চনত এইজনা বিশিষ্ট সাহিত্যিকৰ মৃত্যু হয় ।











    কাছাৰৰ জনগোষ্ঠীসকল


    প্ৰশ্নাৱলী :

    ১। নৃগোষ্ঠীবিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে?

    উত্তৰ: বেলেগ বেলেগ ভাষা আৰু সংস্কৃতিৰ মানুহৰ সহাবস্থানৰ কাৰণে নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক Anthropological garden অর্থাৎ 'নৃতত্ত্বৰ বাগিছা' বুলি অভিহিত কৰিছে ।

    ২। বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ কি কি?

    উত্তৰ: বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ হ’ল— ভোজপুৰী, বঙ্গীয় সমাজ, মণিপুৰী, মণিপুৰী বিষ্ণুপ্রিয়া, ৰাজস্থানী, বর্মন (ডিমাছা), ৰংমাই নাগা, অসমীয়া, ৰাজবংশী, মাৰ, কার্বি, ৰিয়াং, খাচিয়া, ভেইকেই, কুকি, পৈতে, মিজো, সিমতেগাংতে, চাকমা, চিৰু, চৰৈ, ৰাংখল, শাকচেপ আৰু নেপালি ।

    ৩। বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি?

    উত্তৰ: বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা হ’ল— খেতি-বাতি, ব্যৱসায় আৰু চাকৰি ।

    ৪। ‘The background of Assamese Culture’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

    উত্তৰ: ‘The Background of Assamese Culture’ নামৰ উল্লেখযোগ্য গ্ৰন্থখন ৰাজমোহন নাথে ৰচনা কৰিছিল ।

    ৫। হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ কোন আছিল?

    উত্তৰ: ১৯৫৭ চনত হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্রফি ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ আছিল সুনীল মোহন ।

    ৬। চমুটোকা লিখা :

    (ক) ৰাজমোহন নাথ

    উত্তৰ: ৰাজমোহন নাথ অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব চৰ্চাৰ ক্ষেত্ৰত এজন অসামান্য ব্যক্তি । পেচাত তেওঁ এজন অভিযন্তা আছিল যদিও তেওঁৰ অন্তৰ্নিহিত আগ্ৰহৰ মূল কেন্দ্ৰবিন্দু আছিল বুৰঞ্জী গৱেষণা । অসমীয়া সংস্কৃতিৰ ইতিহাসক বিশ্বদৰবাৰত চিনাকি কৰাই দিয়া তেওঁৰ অন্যতম শ্ৰেষ্ঠ কীৰ্তিস্তম্ভ হ’ল ‘The Background of Assamese Culture’ নামৰ গ্ৰন্থখন, যিখন প্ৰথমবাৰৰ বাবে ১৯৪৮ চনত প্ৰকাশিত হৈছিল । বুৰঞ্জীৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱৰ অনন্য সাহিত্য আৰু গভীৰ দৰ্শনৰ বিষয়েও তেওঁ চৰ্চা কৰিছিল । এগৰাকী দক্ষ সাহিত্য অনুৰাগী হিচাপে ১৯৫৮ চনত তিনিচুকীয়া চহৰত অনুষ্ঠিত হোৱা ‘অসম সাহিত্য সভা’ৰ ত্ৰয়োদশ অধিবেশনত তেওঁ বুৰঞ্জী শাখাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল । তেওঁৰ এই বৌদ্ধিক অৱদানসমূহে অসমীয়া সমাজক আজিও সমৃদ্ধ কৰি ৰাখিছে।

    (খ) কামালুদ্দীন আহমদ

    উত্তৰ: বুৰঞ্জীবিদ কামালুদ্দীন আহমদ আছিল একেধাৰে এজন বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক আৰু গৱেষক । তেওঁ কৰিমগঞ্জ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও পৰৱৰ্তী সময়ত সেই কলেজৰে অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল । বুৰঞ্জীৰ গৱেষণাৰ লগতে তেওঁ সৃষ্টিশীল সাহিত্যতো মনোনিবেশ কৰিছিল আৰু ‘দিগ্বলয়’ নামৰ এখন সাহিত্য পত্ৰিকা সম্পাদনা কৰিছিল । অসমৰ শিল্প আৰু স্থাপত্যৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি ১৯৯৪ চনত তেওঁ ‘The Art and Architecture of Assam’ নামৰ এখন মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰিছিল । ইয়াৰ উপৰিও তেওঁৰ শতাধিক গৱেষণা-নিৱন্ধ আৰু কেইবাখনো উপন্যাস প্ৰকাশ পাইছে, যিবোৰে তেওঁৰ বহুমুখী প্ৰতিভাৰ পৰিচয় দিয়ে ।

    (গ) নন্দলাল বৰ্মণ

    উত্তৰ: নন্দলাল বৰ্মণ আছিল বৰাক উপত্যকাৰ বৰ্মণ সমাজৰ এজন প্ৰতিপত্তিশালী সমাজসেৱক আৰু শিক্ষানুৰাগী ব্যক্তি । ৰাজমন্ত্ৰী বংশৰ এইগৰাকী ব্যক্তিয়ে এজন সফল ব্যৱসায়ী হিচাপে সমাজত বিশেষ মৰ্যাদা লাভ কৰিছিল । তেওঁৰ জনহিতকৰ কামৰ বাবে বৰ্মণ সমাজৰ লোকে তেওঁক ‘মিলাউ’ আৰু অন্যান্য সমাজৰ লোকে ‘মহাজন’ বুলি সম্বোধন কৰিছিল । বিশেষকৈ পিছপৰা অঞ্চলৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে তেওঁ অতিশয় আগ্ৰহী আছিল। সেই উদ্দেশ্য আগত ৰাখিয়েই ১৯০১ চনত তেওঁ কাছাৰ জিলাৰ বৰখলাত এখন স্কুল স্থাপন কৰিছিল । এই স্কুলখন বৰ্তমান ‘ৰাজা গোবিন্দচন্দ্ৰ মেমোৰিয়েল স্কুল’ নামেৰে জনাজাত । তেওঁৰ এই মহানুভৱতা আৰু সমাজহিতৈষী কাৰ্যক আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

    (ঘ) নলিনীন্দ্ৰ কুমাৰ বৰ্মণ।

    উত্তৰ: নলিনীন্দ্ৰ কুমাৰ বৰ্মণ আছিল এগৰাকী নিষ্ঠাবান শিক্ষক আৰু ডিমাছা সংস্কৃতিৰ এজন গভীৰ গৱেষক । তেওঁ ১৯৩০ চনত হাফলঙৰ মিচন স্কুলত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । ডিমাছা জাতিৰ ইতিহাস, ঐতিহ্য আৰু সাতামপুৰুষীয়া পৰম্পৰাৰ ওপৰত তেওঁ ব্যাপক অধ্যয়ন আৰু গৱেষণা কৰিছিল । তেওঁৰ এই গৱেষণাৰ ফচল হ’ল ‘The Queen of Cachar or Herambo and the History of the Cacharis’ নামৰ গ্ৰন্থখন । ইয়াৰ উপৰিও ডিমাছা সমাজৰ পৰম্পৰাগত শ্ৰাদ্ধৰ অংগস্বৰূপ কীৰ্তনসমূহক একত্ৰিত কৰি তেওঁ ‘হৈড়িম্বৰাজ গোবিন্দচন্দ্রকৃত হিন্দু শাস্ত্রীয় শ্রাদ্ধাদিৰ কীৰ্তন গীতিকা’ নামৰ এখন সংকলন প্ৰকাশ কৰি সমাজলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে ।

    (ঙ) ইৰুংবম চন্দ্ৰ সিংহ

    উত্তৰ: ইৰুংবম চন্দ্ৰ সিংহ মণিপুৰী সমাজৰ এগৰাকী অগ্ৰণী ব্যক্তি আছিল, যিয়ে সেই সমাজৰ পৰা প্ৰথমবাৰৰ বাবে অৰ্থনীতি বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল । তেওঁ বিশেষকৈ গাঁৱৰ দৰিদ্ৰ আৰু পিছপৰা ল’ৰা-ছোৱালীৰ শিক্ষাৰ দিশটোত গুৰুত্ব দিছিল । আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিবলৈ তেওঁ এটা বিশেষ পুঁজি বা তহবিল গঠন কৰিছিল । ইয়াৰ উপৰিও শৈক্ষিক বাতাবৰণ গঢ়ি তুলিবলৈ তেওঁ এখন বিদ্যালয় স্থাপন কৰিছিল, যাৰ বৰ্তমান নাম হ’ল ‘খেলম হাইস্কুল’ । এগৰাকী সমাজ সংস্কাৰক হিচাপে তেওঁৰ এনে ইতিবাচক প্ৰয়াসসমূহে মণিপুৰী সমাজৰ বৌদ্ধিক উত্তৰণত যথেষ্ট সহায় কৰিছিল।

    (চ) বিপিন সিংহ 

    উত্তৰ: মণিপুৰী বিষ্ণুপ্ৰিয়া সমাজৰ গুৰু বিপিন সিংহ ভাৰতীয় ধ্ৰুপদী নৃত্যকলাৰ জগতৰ এজন অবিস্মৰণীয় ব্যক্তি । মণিপুৰী নৃত্যকলাৰ সংৰক্ষণ আৰু চৰ্চাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অনন্য । তেওঁৰ এই অতুলনীয় সাধনাৰ স্বীকৃতিস্বৰূপে ১৯৬৬ চনত তেওঁক ‘সংগীত নাটক অকাডেমী বঁটা’ প্ৰদান কৰা হৈছিল । পৰৱৰ্তী সময়ত তেওঁ মধ্যপ্ৰদেশ চৰকাৰৰ পৰা সন্মানীয় ‘কালিদাস সন্মান’ লাভ কৰিছিল । নৃত্য শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁ কলকাতাত ‘মণিপুৰী নৰ্তনালয়’ নামৰ এক প্ৰসিদ্ধ শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰিছিল । ভাৰতীয় সংস্কৃতিৰ ধাৰাবাহিকতাক ধৰি ৰখাত তেওঁৰ দৰে শিল্প সাধকৰ ভূমিকা সদায় স্মৰণীয় হৈ থাকিব।









    কাৰ্বিসকল

    প্ৰশ্নাৱলী :

    ১। কাৰ্বিসকলক অসমৰ কলম্বাচ বুলি কোনে কৈছিল?

    উত্তৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ্বিসকলক আমেৰিকাৰ আৱিষ্কাৰক কলম্বাছৰ সৈতে তুলনা কৰি 'অসমৰ কলম্বাছ' বুলি আখ্যা দিছিল । কলিকতাৰ বিখ্যাত ইতিহাসবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়েও এই উক্তি সমৰ্থন কৰিছিল ।

    ২। কাৰ্বিসকলৰ পৰম্পৰাগত সাজ-পাৰৰ বিষয়ে লিখা।

    উত্তৰ: কাৰ্বিসকলৰ পুৰুষ আৰু মহিলাৰ সাজ-পাৰ পৃথক । তলত ইয়াৰ চমু আভাস দিয়া হ'ল:

    • পুৰুষৰ সাজ-পাৰ: পুৰুষসকলে সাধাৰণতে আঁঠুমূৰীয়া পে ছেলেং, চই হংথৰ (কাৰ্বি জেকেট), চই ইক্, চই লক্ আৰু পহ' (কাৰ্বি মাফ্লাৰ) পৰিধান কৰে । ডেকাল'ৰাসকলে 'চেপান আবু' নামৰ ৩ ইঞ্চি বহল আৰু ৬ ফুট দীঘল কড়ি লগোৱা ক'লা কাপোৰ ব্যৱহাৰ কৰে ।


    • মহিলাৰ সাজ-পাৰ: কাৰ্বি মহিলাৰ প্ৰধান সাজ-পাৰ হ'ল পিনি, পেকক আৰু ৱানকক । ইয়াৰ উপৰিও তেওঁলোকে পে ছেলেং, পে খনজাৰি, পে ছাৰপি আদি পৰিধান কৰে । কেঁচুৱাক বোকোচাত ল'বলৈ মহিলাসকলে 'পিবাঃ' নামৰ এখন বিশেষ ফুল তোলা ক'লা কাপোৰ ব্যৱহাৰ কৰে ।


    ৩। কাৰ্বিসকলৰ উৎসৱ-পাৰ্বণ সম্পৰ্কে লিখা।

    উত্তৰ: কাৰ্বিসকলৰ প্ৰধান উৎসৱসমূহ হ'ল— পেং হেমফু, ৰংকেৰ আৰু চজুন ।

    • পেং হেমফু: ই এবিধ ঘৰুৱা উৎসৱ । বছৰৰ আৰম্ভণিতে অপায়-অমংগল দূৰ কৰিবলৈ ইয়াত ৰিৎ আংলং, বুইচম আৰু পেং— এই তিনিটা পূজা কৰা হয় ।


    • চজুন (Family Festival): এইটো এটা পাৰিবাৰিক উৎসৱ যিটো প্ৰতিবছৰে অনুষ্ঠিত নহয় । এই উৎসৱ ৪, ৫ বা ৯ বছৰৰ মূৰে মূৰে উদযাপন কৰা হয় ।


    • ৰংকেৰ (Community Festival): ইয়াক গাঁৱৰ উৎসৱ বুলি কোৱা হয় । বছৰৰ আৰম্ভণিতে উপাস্য দেৱতাৰ সন্তুষ্টিৰ বাবে মূল বেদীত চৰাই, ছাগলী, কণী আদি উছৰ্গা কৰি এই পূজা পতা হয় ।


    • কাৰ্বি যুৱ মহোৎসৱ: প্ৰতি বছৰে ১৫ ৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ডিফুৰ তাৰালাংছ'ত এই বৃহৎ মহোৎসৱ অনুষ্ঠিত হয় ।


    ৪। কাৰ্বিসকলৰ মূল ফৈদকেইটা কি কি?

    উত্তৰ: কাৰ্বিসকলৰ মূল ফৈদ পাঁচটা । সেইকেইটা হ'ল— ১) টিমুং ২) টেৰন ৩) তেৰাং ৪) ইংহি ৫) ইংতি প্ৰতিটো ফৈদৰে আকৌ একাধিক উপফৈদ থাকে ।

    ৫। কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান সাজ-পাৰ তথা আ-অলংকাৰৰ নাম লিখা।

    উত্তৰ: কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান সাজ-পাৰ তথা আ-অলংকাৰৰ নাম -

    সাজ-পাৰ: পিনি, পেকক, ৱানকক, পে ছেলেং, পে খনজাৰি আৰু পে ছাৰপি ।

    আ-অলংকাৰ: লেক হিকি, নথেংপী, ন'লাংপং, ন'জাংছাই, লেক ৰূবে, লেক পাংখাৰা, লাং আৱ', ৰই পাংখাৰা আৰু ৰই পাহু আদি কাৰ্বি মহিলাৰ প্ৰধান অলংকাৰ ।

    ৬। চমুটোকা লিখা:

    (ক) হেমহবছিং ইংতি

    উত্তৰ: ছেমছনছিং ইংতি হ’ল আধুনিক কাৰ্বি আংলঙৰ স্বপ্নদ্ৰষ্টা আৰু ৰূপকাৰ । ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলঙৰ টিকা পাহাৰত তেওঁৰ জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম থেংকুৰছিং ইংতি আৰু মাতৃৰ নাম ৰুথ মাধৱী । তেওঁ ১৯২৮ চনত গোলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । উচ্চ শিক্ষাৰ বাবে কটন কলেজত নাম ভৰ্তি কৰিছিল যদিও স্বাধীনতা আন্দোলনৰ বাবে আধাতে পঢ়া এৰিছিল । পিছত ১৯৩৩ চনত চিলেটৰ মুৰাৰী চাঁদ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কাৰ্বি জাতিৰ প্ৰথম স্নাতক হোৱাৰ গৌৰৱ অৰ্জন কৰে । তেওঁ গোলাঘাট বেজবৰুৱা হাইস্কুলত শিক্ষকতা কৰাৰ উপৰি নগাঁও জিলাৰ শিক্ষা বিভাগত উপ-পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । কাৰ্বি ভাষাৰ বিকাশৰ বাবে তেওঁ নিজে 'বিতুছ আকিতাপ', 'কালাখা আকিতাপ', 'তেমপুৰু আৰু ৱপী' আদি কেইবাখনো পাঠ্যপুথি ৰচনা কৰিছিল ।

    (খ) ছামছিং হাঞ্চে

    উত্তৰ: ছামছিং হাঞ্চে আছিল একাধাৰে এজন সফল লেখক, কবি, ঔপন্যাসিক, কথাছবি প্ৰযোজক আৰু ৰাজনীতিবিদ । ১৯৪৮ চনৰ ১৮ এপ্ৰিলত নগাঁও জিলাৰ পণ্ডিতঘাট গাঁৱত তেওঁৰ জন্ম হয় । তেওঁৰ পিতৃ জয়সিং হাঞ্চে আৰু মাতৃ কাএৎ টেৰণপী । তেওঁ আৰম্ভণিতে সেনাবাহিনীত চাকৰি কৰিছিল যদিও পিছত ইস্তফা দি শিক্ষা জীৱন আগবঢ়াই নিয়ে আৰু ১৯৭৩ চনত স্নাতক ডিগ্ৰী লাভ কৰে । কাৰ্বি আৰু অসমীয়া ভাষাত তেওঁ বহুতো পুথি ৰচনা কৰিছিল, যাৰ ভিতৰত 'নাম তাই হাইমু', 'ছাবিন আলুন' (কাৰ্বি ৰামায়ণ), 'ৰোমীৰ এমুঠি কাৰ্বি কবিতা' আদি উল্লেখযোগ্য । তেওঁ কাৰ্বি সাহিত্য সভাৰ (কাৰ্বি লামেত আমেই) সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ৰাজনীতিৰ ক্ষেত্ৰতো তেওঁ সক্ৰিয় আছিল আৰু ১৯৮৫ চনত অসমৰ কেবিনেট মন্ত্ৰী পদ লাভ কৰিছিল । ১৯৯৮ চনৰ ১৩ জানুৱাৰীত এইগৰাকী মহান সাহিত্যিকৰ মৃত্যু হয় ।

    (গ) ৰংবং তেৰাং

    উত্তৰ: বংলং তেৰাং আছিল কাৰ্বি সাহিত্যৰ অন্যতম পুৰোধা ব্যক্তি আৰু তেৱেঁই কাৰ্বি সাহিত্যক প্ৰথম লিখিত ৰূপ প্ৰদান কৰিছিল । ১৯০৯ চনৰ ১০ অক্টোবৰত ডিলাই নদীৰ কাষৰ নিহাংলাংছ নামৰ ঠাইত তেওঁৰ জন্ম হয় । তেওঁৰ পিতৃৰ নাম ছাৰ তেৰাং আৰু মাতৃৰ নাম কাৰেং তিচ্ছপী । মাত্ৰ ১৩ বছৰ বয়সৰ পৰাই তেওঁ সাহিত্য চৰ্চা আৰম্ভ কৰিছিল । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল— 'Word Book', 'আদাম আছাৰ', 'হাঈমু', 'কাৰ্বি চ ৰংজে' আদি । কাৰ্বি সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৭৩ চনত কাৰ্বি সাহিত্য সভাই তেওঁক 'পুৰোধা ব্যক্তি' পুৰস্কাৰ প্ৰদান কৰে । ইয়াৰ উপৰি অসম চৰকাৰে তেওঁক সাহিত্যিক পেঞ্চন আৰু এককালীন মাননীৰে সন্মানিত কৰিছিল । ২০০১ চনৰ ১৭ জুলাইত এইজনা সাহিত্যিকৰ মৃত্যু ঘটে ।

    (ঘ) লংকাম তেৰণ 

    উত্তৰ: সু-সাহিত্যিক লংকাম তেৰণৰ জন্ম হৈছিল ১৯৩২ চনত । তেওঁৰ পিতৃ ডিগ্লু তেৰণ আৰু মাতৃ কাচাই হাঞ্চেপী । তেওঁ কাৰ্বি আদৰবাৰৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে সমাজসেৱাত জড়িত আছিল । লংকাম তেৰণ কাৰ্বি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি হোৱাৰ লগতে ১৯৮৬ চনৰ কামপুৰ অধিৱেশনত অসম সাহিত্য সভাৰ উপ-সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ অলংকৃত কৰিছিল । তেওঁ ৰচনা কৰা মুঠ গ্ৰন্থৰ সংখ্যা হ’ল ৪১ খন । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত 'ৰং কেছেং', 'কাৰ্বি জনগোষ্ঠী', 'কাৰ্বি ভাষা পৰিচয়', 'কাৰ্বি লামতাছাম' আদি প্ৰধান । তেওঁ চৰকাৰী চাকৰি হিচাপে মিকিৰ পাহাৰ জিলা পৰিষদৰ জনসম্পৰ্কৰক্ষী বিষয়া পদতো মনোনীত হৈছিল ।









    কোচ-ৰাজবংশীসকল


    প্ৰশ্নাৱলী :

    ১। কোচ-ৰাজবংশীসকল কোন ধৰ্মৰ লোক?

    উত্তৰ: কোচ-ৰাজবংশীসকল মূলতঃ হিন্দু ধৰ্মীয় লোক । তেওঁলোকৰ মাজত শৈৱ, শাক্ত, বৌদ্ধ আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ দেখা যায় । অৱশ্যে তেওঁলোকৰ ধৰ্মীয় আচাৰ-নীতিত প্ৰাচীন জনজাতীয় বৈশিষ্ট্য আৰু ছাব আজিও স্পষ্টকৈ জিলিকি আছে ।

    ২। কোচ-ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ বিষয়ে লিখা।

    উত্তৰ: কোচ-ৰাজবংশীসকলৰ ভাষা আৰু সংস্কৃতিৰ এক চমু বিৱৰণ তলত দিয়া হ’ল:

    • ভাষা: কোচ-ৰাজবংশীসকলৰ মাতৃভাষা হ’ল 'ৰাজবংশী ভাষা' । এই ভাষাৰ নিজস্ব শব্দ সম্ভাৰ, সৰ্বনাম, ক্ৰিয়াৰূপ, বাক্য গঠন পদ্ধতি আৰু উচ্চাৰণ ভংগী আছে । ভাষাবিদ জৰ্জ আব্ৰাহাম গ্ৰিয়াৰছনৰ মতে, এই ভাষা অন্যান্য আধুনিক ভাৰতীয় আৰ্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্ৰ বৈশিষ্ট্যসম্পন্ন ।

    • সংস্কৃতি: তেওঁলোকৰ সংস্কৃতি অত্যন্ত উজ্জ্বল আৰু বৈচিত্ৰ্যময় । আৰ্যসকলৰ বৰ্ণভিত্তিক সমাজ ব্যৱস্থাৰ পৰা তেওঁলোক পৃথক । তেওঁলোকৰ মাজত প্ৰকৃতি পূজা, বট গছৰ পূজা, টোটেমৰ প্ৰতি শ্ৰদ্ধা আৰু নানা ঐন্দ্ৰজালিক ক্ৰিয়াৰ প্ৰচলন আছে । জন্ম, মৃত্যু আৰু বিয়াৰ ক্ষেত্ৰতো তেওঁলোকৰ নিজস্ব স্বকীয় আচাৰ-নীতি আছে । তেওঁলোকৰ সংস্কৃতিত প্ৰাচীন জনজাতীয় ছাপৰ লগতে হিন্দু ধৰ্মৰ পৌৰাণিক প্ৰভাৱো পৰিছে ।

    ৩। কোচ-ৰাজবংশীসকলৰ খাদ্য আৰু সাজ-পোছাকৰ বিষয়ে লিখা।

    উত্তৰ: কোচ-ৰাজবংশীসকলৰ খাদ্য আৰু সাজ-পোছাকৰ বৈশিষ্ট্যসমূহ হ’ল:

    • খাদ্য: তেওঁলোকৰ খাদ্য-সম্ভাৰৰ ভিতৰত ছেকা, পেল্কা, ভেল্কা, সিদল, সুটকা আৰু টোপলাভাত স্বকীয় বৈশিষ্ট্যসম্পন্ন আৰু অতি জনপ্ৰিয় ।

    • সাজ-পোছাক: মহিলাসকলৰ পৰম্পৰাগত পোছাকৰ ভিতৰত পাটানী, বুকুনী, ফোতা আৰু ছেউটা উল্লেখযোগ্য । পুৰুষসকলে সাধাৰণতে ধুতী-কুৰ্তা ব্যৱহাৰ কৰে ।

    • অলংকাৰ: তেওঁলোকে ব্যৱহাৰ কৰা বিভিন্ন অলংকাৰৰ ভিতৰত মুঠাখাৰু, চুৰি, বাজু, সূৰ্যহাৰ, চন্দ্ৰহাৰ, সিক্কাহাৰ, মাকিৰি, অন্তি, নোলোক, তোলা খাৰু আৰু ফেলা খাৰু আদিয়েই প্ৰধান ।

    ৪। কোচ-ৰাজবংশীসকলৰ গীত-মাত সমূহ কি কি? 

    উত্তৰ: কোচ-ৰাজবংশীসকল গীত-মাতৰ দিশত অতি চহকী। তেওঁলোকৰ উল্লেখযোগ্য গীত-মাতসমূহ হ’ল:

    • ভাওয়াইয়া গান

    • কুশান গান আৰু দোতোৰা গান

    • বিষহৰি আৰু মাৰৈ পূজাৰ গান

    • ৰাবাণ গান, তুষ্কা গান আৰু লাহাংকাৰী গান

    • জাগ গান, ডাকনাম আৰু নটুয়া

    • বিভিন্ন পূজাৰ গান আৰু শাঙী ঢাকৰ গান।

    ৫। চমুটোকা লিখা :

    (ক) জননেতা শৰৎচন্দ্ৰ সিংহ 

    উত্তৰ: অসমৰ ৰাজনীতিৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ ব্যক্তি তথা প্ৰকৃত জনতাৰ নেতা হ’ল শৰৎচন্দ্ৰ সিংহ । ১৯১৪ চনৰ ১ জানুৱাৰীত জন্মগ্ৰহণ কৰা সিংহদেৱে ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ আদৰ্শগতভাৱে এগৰাকী প্ৰকৃত গান্ধীবাদী ব্যক্তি আছিল আৰু দুৰ্নীতিমুক্ত অসম গঢ়াটোৱেই তেওঁৰ জীৱনৰ সংকল্প আছিল । মুখ্যমন্ত্ৰী হিচাপে তেওঁ বহুতো জনকল্যাণমূলক আঁচনি হাতত লৈছিল, যাৰ ভিতৰত জৰুৰীকালীন ৰবিশস্য আঁচনি, গাঁও পঞ্চায়ত সমবায় সমিতি, কৃষি নিগম আৰু পঞ্চায়তীৰাজ উল্লেখযোগ্য । ইয়াৰ উপৰিও তেওঁৰ দিনতে অসমৰ অস্থায়ী ৰাজধানী চিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল । কেৱল মুখ্যমন্ত্ৰী হিচাপেই নহয়, তেওঁ ১৯৪৬ চনৰ পৰা ১৯৮২ চনৰ ভিতৰত কেইবাবাৰো বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । এইগৰাকী মহান জননেতাই ২০০৫ চনৰ ২৪ ডিচেম্বৰত ৯৩ বছৰ বয়সত মৃত্যুবৰণ কৰে ।

    (খ) অম্বিকাচৰণ চৌধুৰী 

    উত্তৰ: ১৯৩০ চনত বঙাইগাঁৱত জন্মগ্ৰহণ কৰা অম্বিকাচৰণ চৌধুৰী আছিল একাধাৰে এগৰাকী চিন্তাবিদ, ইতিহাসবিদ আৰু সমাজকৰ্মী । তেওঁ কটন কলেজৰ পৰা দৰ্শন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল । ছাত্ৰ অৱস্থাৰ পৰাই সামাজিক কামত জড়িত চৌধুৰীয়ে ১৯৫৩-৫৪ চনৰ বানপীড়িতক কৰা সহায়ৰ বাবে তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা প্ৰশংসা লাভ কৰিছিল । তেওঁ ইতিহাস আৰু সংস্কৃতি বিষয়ক প্ৰায় ৩২ খন গ্ৰন্থ আৰু শতাধিক প্ৰবন্ধ ৰচনা কৰিছিল । অসমীয়া, ইংৰাজী আৰু ৰাজবংশী— এই তিনিওটা ভাষাতে তেওঁৰ সমান দখল আছিল । তেওঁক ১৯৬১ চনত 'ৰত্নপীঠৰ ৰত্ন', ১৯৯২ চনত 'কামতাৰত্ন' আৰু পৰৱৰ্তী সময়ত 'শিক্ষাবান্ধৱ' উপাধিৰে বিভূষিত কৰা হৈছিল । কোচ-ৰাজবংশীসকলৰ ইতিহাস আৰু সংস্কৃতিৰ চৰ্চাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়।

    (গ) অৰুণ কুমাৰ ৰায়  

    উত্তৰ: ১৯২৫ চনত জন্মগ্ৰহণ কৰা অৰুণ কুমাৰ ৰায় আছিল এগৰাকী নিষ্ঠাবান বামপন্থী নেতা আৰু সাহিত্যিক । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহি তেওঁ আৰ চি পি আই (RCPI) দলত যোগদান কৰিছিল আৰু ৰাজনৈতিক আদৰ্শৰ বাবে কাৰাবৰণো খাতিছিল । তেওঁ ১৯৯৩ চনত কোচ-ৰাজবংশী সাহিত্য সভা গঠনত অগ্ৰণী ভূমিকা পালন কৰিছিল আৰু মৃত্যুৰ আগলৈকে এই সভাৰ জৰিয়তে ভাষা-সংস্কৃতিৰ সেৱা কৰিছিল । তেওঁ ৰাজবংশী ভাষাত নাটক, কবিতা আৰু শব্দকোষকে ধৰি মুঠ ১০ খন গ্ৰন্থ ৰচনা কৰিছিল । তেওঁক ২০১৩ চনত অসম চৰকাৰে 'লোক-সংস্কৃতিৰ গুৰু' সন্মানেৰে সন্মানিত কৰে । ইয়াৰ উপৰিও তেওঁক মৰণোত্তৰভাৱে 'সাহিত্য ৰত্ন' সন্মানেৰে বিভূষিত কৰা হয় ।

    (ঘ) ৰুক্মিণী কান্ত ৰায় 

    উত্তৰ: ৰুক্মিণী কান্ত ৰায় আছিল পশ্চিম অসমৰ এজন খ্যাতনামা বুদ্ধিজীৱী, শিক্ষাবিদ আৰু হাস্যৰসিক ব্যক্তি । এগৰাকী মেধাবী ছাত্ৰ হিচাপে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত স্নাতকোত্তৰ শ্ৰেণীত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰিছিল । তেওঁ কৰ্মজীৱন কেৰাণী হিচাপে আৰম্ভ কৰি পিছলৈ কলেজৰ অধ্যাপক, অধ্যক্ষ আৰু বিধায়ক পৰ্যায়লৈ উন্নীত হৈছিল । ৰুক্মিণী কান্ত ৰায়ে নিজৰ মাতৃভাষা ৰাজবংশীক বৰ ভাল পাইছিল আৰু বেছিভাগ বক্তৃতা এই ভাষাতে প্ৰদান কৰিছিল । সমাজৰ উন্নতিৰ বাবে তেওঁ বহুতো শিক্ষানুষ্ঠান আৰু মঠ-মন্দিৰ প্ৰতিষ্ঠা কৰিছিল । ইয়াৰ উপৰিও তেওঁ এজন ভাল ফুটবল খেলুৱৈ আৰু সুবক্তা হিচাপেও পৰিচিত আছিল ।

    (ঙ) ‘দুৰন্ত তৰুণ’ পানীৰাম দাস

    উত্তৰ: পানীৰাম দাস আছিল এগৰাকী ত্যাগী সমাজকৰ্মী আৰু স্বাধীনতা সংগ্ৰামী । ১৯১৭ চনত দৰঙৰ জলজলী গাঁৱত জন্মগ্ৰহণ কৰা দাসে মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু কাৰাবাস খাটিছিল । আজীৱন শুভ্ৰ খদ্দৰ পৰিধান কৰা এইগৰাকী ব্যক্তিক ভাৰতীয় সেনাবাহিনীয়ে 'খাদী পৰিহিত সেনাধ্যক্ষ' (The General in Khadi) উপাধিৰে বিভূষিত কৰিছিল । ২০০৫ চনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ. পি. জে. আব্দুল কালামে তেওঁক ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰে । ২০১০ চনত তেওঁৰ মৃত্যুৰ পিছত তেওঁক সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষ সন্মান জনোৱা হৈছিল । তেওঁৰ সমগ্ৰ জীৱন দেশপ্ৰেম আৰু আপোচহীন সংগ্ৰামৰ এক উৎকৃষ্ট উদাহৰণ।













    গৰিয়া, মৰিয়া আৰু দেশীসকল

    পাঠভিত্তিক প্ৰশ্নোত্তৰ :

    ১। বখতিয়াৰ খিলিজিয়ে কেতিয়া অসমত প্ৰৱেশ কৰিছিল?

    উত্তৰ: বখতিয়াৰ খিলিজিয়ে ১২০৫-০৬ খ্ৰীষ্টাব্দত অসমত (তৎকালীন কামৰূপত) প্ৰৱেশ কৰিছিল ।

    ২। বখতিয়াৰ খিলিজি কিহৰ বাবে অসম প্ৰৱেশ কৰিছিল?

    উত্তৰ: বখতিয়াৰ খিলিজিয়ে তিব্বত আৰু চীন দেশ জয় কৰাৰ মানসেৰে অসমৰ মাজেৰে প্ৰৱেশ কৰিছিল ।

    ৩। বখতিয়াৰ খিলিজিয়ে কাৰ হাতত পৰাস্ত হৈছিল?

    উত্তৰ: বখতিয়াৰ খিলিজিয়ে কামৰূপৰ ৰজা পৃথুৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছিল ।

    ৪। ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা প্ৰথম জনজাতীয় ৰজাজনৰ নাম কি?

    উত্তৰ: ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা প্ৰথম জনজাতীয় ৰজাজনৰ নাম হ'ল 'আলি মেচ' ।

    ৫। অসমত কাক গৰিয়া বুলি কোৱা হয়?

    উত্তৰ: ধৰ্মান্তৰিত হোৱা যিসকল খিলঞ্জীয়া লোক আৰম্ভণিতে মূল সমাজখনৰ পৰা বাদ পৰি ৰোৱা সমাজখনৰ অন্তৰ্ভুক্ত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল, সেই লোকসকলক 'গৰিয়া' বুলি জনা যায় ।

    ৬। আহোম ৰাজত্বকাললৈকে অসমত একাংশ খিলঞ্জীয়া লোক ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কাৰণ দুটা বৰ্ণনা কৰা।

    উত্তৰ: আহোম ৰাজত্বকাললৈকে খিলঞ্জীয়া লোকসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ দুটা প্ৰধান কাৰণ হ’ল:

    • যুদ্ধবন্দী আৰু বৈবাহিক সম্পৰ্ক: বিভিন্ন সময়ত অসম আক্ৰমণ কৰিবলৈ আহি ৰৈ যোৱা যুদ্ধবন্দীসকলৰ সৈতে স্থানীয় খিলঞ্জীয়া লোকসকলৰ বৈবাহিক সম্পৰ্ক স্থাপন হোৱাৰ ফলত এটা সান্নিধ্যৰ সৃষ্টি হৈছিল, যাৰ প্ৰভাৱত বহুতে ধৰ্মান্তৰিত হৈছিল ।


    • পীৰ-সাধকসকলৰ প্ৰভাৱ: অসমলৈ অহা বিভিন্ন ধৰ্মপ্ৰচাৰক পীৰ-সাধকসকলৰ মহান বাণী আৰু তেওঁলোকৰ উদাৰ নীতিৰ প্ৰভাৱত একাংশ খিলঞ্জীয়া হিন্দু তথা অন্যান্য ধৰ্মাৱলম্বী লোকে স্বেচ্ছাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল ।


    ৭। মৰিয়া আৰু দেশী জনগোষ্ঠীৰ বিষয়ে বৰ্ণনা কৰা।

    উত্তৰ:

    • মৰিয়া: আহোম ৰাজত্বকালত কাঁহ-পিতলৰ শিল্পৰ কামৰ সৈতে জড়িত ইছলাম ধৰ্মী খিলঞ্জীয়া লোকসকলক 'মৰিয়া' বুলি কোৱা হয় । তেওঁলোক প্ৰধানকৈ উজনি অসমৰ কিছু অঞ্চল, নগাঁও জিলা আৰু নামনি অসমৰ হাজো তথা গুৱাহাটীৰ উজান বজাৰত বসবাস কৰে ।


    • দেশী: অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশী ভাষা-সংস্কৃতিসম্পন্ন খিলঞ্জীয়া ইছলাম ধৰ্মী লোকসকলক 'দেশী' বা 'দেশী মুছলমান' বুলি জনা যায় । তেওঁলোক মূলতঃ কোচ-ৰাজবংশী, মেচ-কছাৰী আদি জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা লোক ।

    ৮। চমুটোকা লিখা : 

    (ক) বাঘ হাজৰিকা 

    উত্তৰ: বাঘ হাজৰিকা অসমৰ বুৰঞ্জীৰ এজন অদম্য সাহসী আৰু পৰাক্ৰমী যোদ্ধা আছিল । তেওঁৰ প্ৰকৃত নাম আছিল ইছমাইল ছিদ্দিকী । লোকবিশ্বাস আৰু বুৰঞ্জী অনুসৰি, তেওঁ এবাৰ এটা বাঘৰ সৈতে যুঁজ দি বাঘটো পৰাস্ত কৰিছিল । তেওঁৰ এই অসাধাৰণ শক্তি আৰু সাহসৰ বাবেই তেওঁক 'বাঘ' নামেৰে জনা গৈছিল । আহোম ৰাজত্বকালত তেওঁৰ কৰ্মদক্ষতা আৰু সাহসিকতাৰ বাবে তেওঁক 'হাজৰিকা' পদবী প্ৰদান কৰা হৈছিল । বাঘ হাজৰিকাৰ দেশপ্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন পোৱা যায় শৰাইঘাটৰ যুদ্ধত। ১৬৭১ চনত মোগলৰ বিৰুদ্ধে হোৱা এই ঐতিহাসিক যুদ্ধত তেওঁ লাচিত বৰফুকনৰ এজন অত্যন্ত বিশ্বাসী সহযোগী আৰু পালি সেনাপতি আছিল । মোগল বাহিনীক প্ৰতিহত কৰিবলৈ তেওঁ যি বীৰত্ব প্ৰদৰ্শন কৰিছিল, সেয়া অসমৰ ইতিহাসত সদায় স্মৰণীয় হৈ থাকিব । তেওঁ কেৱল এজন যোদ্ধাই নাছিল, বৰঞ্চ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আত্মবলিদান দিয়া এজন মহান স্বদেশপ্ৰেমিক আছিল । তেওঁৰ জীৱন আৰু সাহসে অসমৰ খিলঞ্জীয়া ইছলামধৰ্মী লোকসকলৰ মাজত বীৰত্বৰ প্ৰতীক হিচাপে আজিও অনুপ্ৰাণিত কৰি আহিছে।

    (খ) আজান ফকীৰ চাহাব 

    উত্তৰ: অসমীয়া সমাজ আৰু সংস্কৃতিলৈ অপৰিসীম অৱদান আগবঢ়োৱা এজন মহান চুফী সাধক হ’ল আজান ফকীৰ । তেওঁৰ অন্য এক নাম আছিল শ্বাহ মিলান । কোনো কোনোৰ মতে তেওঁ সুদূৰ বাগদাদৰ পৰা ইছলাম ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ আহিছিল । অৱশ্যে তেওঁৰ জিকিৰত ব্যৱহাৰ হোৱা 'পৰদেশ' আৰু 'ভাটি' শব্দই তেওঁ পশ্চিম অসমৰ কামৰূপ বা গোৱালপাৰা অঞ্চলৰ পৰা অহাৰ সম্ভাৱনাকো সূচায় । তেওঁ ইছলাম ধৰ্মৰ বাণীসমূহ অসমীয়া সমাজৰ লোক-সংস্কৃতি আৰু ভাষাৰ সৈতে সংগতি ৰাখি অতি সহজ-সৰলকৈ প্ৰচাৰ কৰিছিল । আজান ফকীৰৰ আটাইতকৈ ডাঙৰ অৱদান হ’ল তেওঁ ৰচনা কৰা 'জিকিৰ'সমূহ । এই জিকিৰসমূহ অসমীয়া সাহিত্য আৰু সংগীত জগতৰ অমূল্য সম্পদ । ১৬৩৪ বা ১৭৩৪ খ্ৰীষ্টাব্দৰ ভিতৰত ৰচিত এই গীতসমূহত মানৱতা আৰু সম্প্ৰীতিৰ কথা কোৱা হৈছে । আহোম ৰজা গদাধৰ সিংহৰ দিনত ৰূপাই গৰীয়াৰ চক্ৰান্তত পৰি তেওঁ নিজৰ চকু হেৰুৱাবলগীয়া হৈছিল, যদিও পিছলৈ ৰজাই নিজৰ ভুল বুজিব পাৰি তেওঁক সৰাগুৰি চাপৰিত মাটি-বৃত্তি দি সংস্থাপন কৰে । তেওঁৰ মৃত্যুও সেই স্থানতেই হৈছিল । আজান ফকীৰে অসমীয়া সমাজত ধৰ্মনিৰপেক্ষতা আৰু ভাতৃত্ববোধৰ এক সুদৃঢ় ভেটি স্থাপন কৰি থৈ গৈছে ।

    (গ) চৈয়দ আব্দুল মালিক 

    উত্তৰ: চৈয়দ আব্দুল মালিক অসমীয়া সাহিত্য জগতৰ এজন মহীৰূহ আৰু এগৰাকী স্বনামধন্য সাহিত্যিক আছিল । ১৯১৯ চনৰ ১৬ মে'ত গোলাঘাট জিলাৰ নাহৰণি গাঁৱত তেওঁ জন্ম গ্ৰহণ কৰিছিল । ১৯৩৫ চনত 'বন্ধ কোঠা' নামৰ গল্পৰে তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ গল্প, উপন্যাস, নাটক আৰু কবিতাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে । তেওঁৰ 'অঘৰী আত্মাৰ কাহিনী' উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল । মালিকদেৱে ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত সভাপতিত্ব কৰিছিল । তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক 'পদ্মশ্ৰী' (১৯৮৪) আৰু 'পদ্মভূষণ' (১৯৯২) উপাধিৰে বিভূষিত কৰিছিল । ইয়াৰ উপৰি তেওঁ অসম উপত্যকা বঁটা, শংকৰদেৱ বঁটা আৰু সাহিত্য অকাডেমীৰ ফেল'শ্বিপো লাভ কৰিছিল । তেওঁ কেৱল এজন সাহিত্যিকেই নাছিল, বৰঞ্চ জিকিৰ আৰু জাৰী গীতৰ ওপৰতো গভীৰ গৱেষণা কৰিছিল । মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ আধাৰত তেওঁ ৰচনা কৰা 'ধন্য নৰ তনু ভাল' উপন্যাসখন তেওঁৰ এক অনন্য সৃষ্টি । ২০০২ চনৰ ১৯ ডিচেম্বৰত এইগৰাকী মহান সাহিত্যিকৰ দেহাৱসান ঘটে ।

    (ঘ) নবাব ছৈয়দুৰ ৰহমান।

    উত্তৰ: ভাৰতৰ স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া অসমৰ এজন সুযোগ্য সন্তান হ’ল নবাব ছৈয়দুৰ ৰহমান । তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠিত হোৱা 'আজাদ হিন্দ ফৌজ'ৰ এজন অন্যতম সাহসী নেতা আছিল । ভাৰতবৰ্ষক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে তেওঁ আজাদ হিন্দ ফৌজত যোগদান কৰি সক্ৰিয় ভূমিকা পালন কৰিছিল । নবাব ছৈয়দুৰ ৰহমানৰ নাম অসমৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা থাকিব, কাৰণ তেওঁ আছিল আজাদ হিন্দ ফৌজৰ হৈ প্ৰাণ আহুতি দিয়া প্ৰথমগৰাকী অসমীয়া শ্বহীদ । ১৯৪৫ চনৰ ৩১ মাৰ্চত দ্বিতীয় মহাযুদ্ধ চলি থকাৰ সময়ত মিত্ৰ বাহিনীৰ বোমা বৰ্ষণত তেওঁ মৃত্যুবৰণ কৰে । দেশৰ স্বাধীনতাৰ বাবে তেওঁ যি সৰ্বোচ্চ ত্যাগ কৰিছিল, সেয়া প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। তেওঁৰ এই আত্মবলিদানে অসমৰ গৰিয়া, মৰিয়া আৰু দেশী জনগোষ্ঠীৰ দেশপ্ৰেম আৰু জাতীয় স্বাৰ্থত থকা অৱদানক সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে ।












    গাৰোসকল


    প্ৰশ্নাৱলীৰ :

    ১। গাৰোসকলৰ উপ-জনগোষ্ঠীবোৰ কি কি? 

    উত্তৰ: বসতিস্থান আৰু ভাষাৰ ফালৰ পৰা গাৰোসকলক কেইবাটাও উপ-জনগোষ্ঠীত ভাগ কৰা হয়। সেইবোৰ হ’ল— আমবেং, মাতছি, মাতাবেং, গাৰাগানচি, দুৱাল, ৰুগা আৰু মেগাম ।

    ২। গাৰো বসতিপ্ৰধান অঞ্চলবোৰ কি কি?

    উত্তৰ: গাৰোসকল বৰ্তমান বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য অঞ্চলসমূহ হ’ল:

    • পশ্চিম বঙ্গৰ পৰা আদিকৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্য ।


    • মেঘালয়ৰ গাৰোপাহাৰ ।


    • বাংলাদেশৰ বিভিন্ন ঠাই ।


    • অসমৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ বিভিন্ন সীমান্তৱৰ্তী অঞ্চল ।


    ৩। গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয়?

    উত্তৰ: গাৰোসকলৰ পৰম্পৰাগত ধৰ্মীয় বিশ্বাস অনুসৰি যিসকল লোকে পূজা-অৰ্চনা কৰিছিল, তেওঁলোকক 'সংসাৰে' বুলি কোৱা হয় ।

    ৪। গাৰোসকল আদিতে কি ধৰ্মৰ আছিল আৰু পিছত কি ধৰ্ম গ্ৰহণ কৰিছিল?

    উত্তৰ: গাৰোসকল আদিতে নিজা পৰম্পৰাগত ধৰ্মৰ আছিল, য’ত তেওঁলোকে বিভিন্ন দেৱ-দেৱী (যেনে— চালজং, গৱেৰা আদি) পূজা কৰিছিল আৰু বলি-বিধান দিছিল । কিন্তু ঊনৈশ শতিকাৰ আৰম্ভণিৰ পৰা মিছনাৰীসকলৰ প্ৰভাৱত তেওঁলোকে ক্ৰমান্বয়ে খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰিবলৈ লয় ।

    ৫। গাৰোসকলৰ প্ৰধান বাদ্য-যন্ত্ৰসমূহ কি কি?

    উত্তৰ: গাৰোসকলৰ মাজত ব্যৱহৃত হোৱা প্ৰধান বাদ্য-যন্ত্ৰবোৰ হৈছে:

    • ঢামা খ্রাম (এক প্ৰকাৰৰ ঢোল) ।


    • গগনা ।


    • বাংসী (মহৰ শিঙেৰে নিৰ্মিত আৰু বাঁহৰ পাইপ লগোৱা বাঁহী) ।

    ৬। চমুটোকা লিখা :

    (ক) ৰামখে ওৱাঘ্ৰে মোমিন 

    উত্তৰ: ৰামখে ওৱাথে মোমিন আছিল গাৰো সমাজৰ এজন অন্যতম পথ-প্ৰদৰ্শক, শিক্ষাবিদ, লেখক আৰু সমাজ সংস্কাৰক । তেওঁ ১৮৩৪ চনত বৰ্তমান উত্তৰ গাৰো পাহাৰৰ মাটছক গ্ৰে নামৰ এখন সৰু পাহাৰীয়া গাঁৱত জন্মগ্ৰহণ কৰিছিল । ১৮৬৩ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত ড° মাইলচ ব্ৰনচনৰ হাতত খ্ৰীষ্টধৰ্মত দীক্ষিত হয় । তেওঁ গাৰো সমাজৰ শিক্ষাৰ প্ৰসাৰৰ বাবে ডামৰাত এখন বিদ্যালয় স্থাপন কৰিছিল, যিখন পিছলৈ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত কৰা হৈছিল । ৰামখে ওৱাথে মোমিন আছিল গাৰো সমাজৰ প্ৰথমজন লেখক আৰু গীতিকাৰ । তেওঁ ৪৫,০০০ শব্দৰ এখন 'বঙালী-গাৰো অভিধান' সংকলন কৰিছিল । তেওঁৰ দ্বাৰা ৰচিত ২১টা গীত 'আছিনি ৰিঙানিৰাং' নামৰ সংকলনত অন্তৰ্ভুক্ত আছে, যিবোৰ আজিও গিৰ্জাত উপাসনাৰ সময়ত গোৱা হয় । ১৯৯০ চনত মেঘালয় চৰকাৰে তেওঁৰ হাতে লিখা 'কলা আৰু সংস্কৃতি' বিষয়ক পুথিখন প্ৰকাশ কৰে । আধুনিক গাৰো সমাজ গঠনত তেওঁৰ অপৰিসীম অৱদানৰ বাবে কিছুমান মিছনাৰীয়ে তেওঁক 'Father of Modern Garo Community' বুলি আখ্যা দিছে ।

    (খ) ৰেভা. গিলবাৰ্থ কে মাৰাক

    উত্তৰ: ৰেভা. গিলবাৰ্থ কে মাৰাক আছিল এজন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্ৰীষ্টীয় ধৰ্মতত্ত্ববিদ আৰু শিক্ষাবিদ । ১৯২৫ চনত পশ্চিম খাচিয়া পাহাৰ আৰু দক্ষিণ কামৰূপ জিলাৰ সীমান্তৰ ৰাংসাপাৰা গাঁৱত তেওঁৰ জন্ম হয় । তেওঁ আছিল ৰেভা. ৰামখে আৰু ছাংমাৰ একমাত্ৰ পুত্ৰ । তেওঁ উচ্চ শিক্ষাৰ বাবে চেৰাপুঞ্জি থিয়লজিকেল কলেজ আৰু পিছলৈ লিনাৰ্ড থিওলজিকেল কলেজৰ পৰা ধৰ্মীয় শিক্ষাৰ ডিগ্ৰী লাভ কৰে । কৰ্মজীৱনত তেওঁ গোহালকোনা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ উপৰিও যোৰহাট চেমিনাৰিৰ ৰেজিষ্ট্ৰাৰ পদত অধিষ্ঠিত হৈছিল । তেওঁৰ নেতৃত্বতে চেমিনাৰি স্কুলখনৰ নাম 'ইষ্টাৰ্ণ থিওলজিকেল কলেজ' ৰখা হৈছিল । তেওঁ চুইজাৰলেণ্ডৰ জেনেভাত থকা 'ৱৰ্ল্ড কাউন্সিল অব খ্ৰীষ্টিয়ান ইডুকেশ্বন'ৰ ভাৰতীয় পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰিছিল আৰু সেই সূত্ৰে বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিছিল । ১৯৭২ চনত তেওঁ ইংৰাজী বাইবেলখন পুনৰ গাৰো ভাষালৈ অনুবাদ কৰে । তেওঁ এগৰাকী কবিও আছিল, যাৰ কবিতা সংকলনসমূহৰ নাম হ'ল— 'আং গিসিক খু আনিং বিদল-১ আৰু বিদল-২' । ২০০৭ চনত তুৰাত তেওঁৰ মৃত্যু হয় ।

    (গ) সোনাৰাম ৰংৰকগ্ৰে চাংমা 

    উত্তৰ: সোনাৰাম ৰংৰকগ্ৰে সাংমা আছিল এজন অসাধাৰণ সাহসী, আত্মবিশ্বাসী আৰু সমাজৰ অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া এজন বিপ্লৱী নেতা । ১৮৬৭ চনত উত্তৰ-পূব গাৰো পাহাৰ আৰু গোৱালপাৰাৰ সীমান্তৰ নাছিৰংদিক গাঁৱত তেওঁৰ জন্ম হৈছিল । তেওঁৰ পিতৃ গাবিল মোমিন আৰু মাতৃ ছামৰে ৰংৰকগ্ৰে সাংমা । আৰ্থিক আৰু সামাজিক অসুবিধাৰ বাবে তেওঁৰ শিক্ষা ষষ্ঠ শ্ৰেণীতে সমাপ্ত হৈছিল । সোনাৰাম আছিল বৃটিছ চৰকাৰৰ শোষণমূলক নীতিৰ তীব্ৰ বিৰোধী । সেই সময়ত বৃটিছে জনসাধাৰণক বিনা মজুৰিত কাম কৰিবলৈ বাধ্য কৰিছিল আৰু গাৰোপাহাৰত ঝুম খেতি বন্ধ কৰি দিছিল । সোনাৰামে এই কঠোৰ নীতিৰ বিৰুদ্ধে থিয় দিছিল আৰু শ্ৰমিকৰ মজুৰি আদায় দিয়া তথা সংৰক্ষিত বনাঞ্চলৰ নিয়ম শিথিল কৰাৰ বাবে দাবী জনাইছিল । তেওঁ সদায় সমাজৰ উৎপীড়িত লোকৰ পক্ষত আছিল আৰু অন্যায়ৰ বিৰুদ্ধে আমৃত্যু সংগ্ৰাম কৰিছিল । ১৯১৬ চনৰ ২৭ আগষ্টত এইগৰাকী মহান দেশপ্ৰেমী নেতাৰ মৃত্যু হয় ।

    (ঘ) হাৱাৰ্ড ডেনিচন মোমিন।

    উত্তৰ: হাৱাৰ্ড ডেনিচন মোমিনক 'আধুনিক গাৰো সাহিত্যৰ জনক' বুলি অভিহিত কৰা হয় । ১৯১৩ চনৰ ২০ ফেব্ৰুৱাৰীত মেঘালয়ৰ তুৰাত তেওঁৰ জন্ম হয় । তেওঁৰ পিতৃ জবাং ডি মাৰাক আছিল আমেৰিকালৈ পঢ়িবলৈ যোৱা প্ৰথমজন গাৰো ব্যক্তি । হাৱাৰ্ডে ১৯৩৪ চনত প্ৰেছিডেন্সী কলেজৰ পৰা স্নাতক আৰু ১৯৩৬ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । তেওঁ আছিল ইংৰাজীত এম.এ. ডিগ্ৰী লাভ কৰা গাৰো সম্প্ৰদায়ৰ প্ৰথমজন ব্যক্তি । তেওঁৰ সাহিত্যিক অৱদান অতুলনীয়। তেৱেই পোনপ্ৰথমে 'Achik ku-rang' (গাৰো মানুহৰ মাত) নামৰ এখন গাৰো আলোচনী প্ৰকাশ কৰিছিল । ১৯৪০ চনত তেওঁ গুৱাহাটীৰ কটন কলেজত ইংৰাজীৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল আৰু তাতে গাৰো ছাত্ৰ-ছাত্ৰীৰ সহযোগত সাহিত্য চৰ্চা চলাই গৈছিল । তেওঁৰ কেইটামান উল্লেখযোগ্য কবিতা হ'ল— 'গাৰো মাত-বোল', 'SENGWAT' (জোনাকী পৰুৱা), 'BILSI GITAL' (নতুন বছৰ) আদি । তেওঁ তুৰাৰ এগৰাকী বিচাৰক হিচাপেও কাম কৰিছিল । ১৯৯০ চনত তেওঁৰ ৭৭তম মৃত্যু বাৰ্ষিকীত তেওঁক সন্মানজনক 'KA CHALANG' উপাধি প্ৰদান কৰা হয় ।




















    চাওতালসকল


    প্ৰশ্নোত্তৰ :

    ১। সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে ‘চাওতাল’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?

    উত্তৰ: সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে ‘চাওতাল’ শব্দটো সংস্কৃত ‘সামন্তৰাল’ শব্দৰ পৰা উৎপত্তি হৈছে ।

    ২। চাওতালসকলৰ প্ৰধান জীৱিকা কি?

    উত্তৰ: চাওতালসকলৰ প্ৰধান জীৱিকা হ’ল কৃষি ।

    ৩। ‘মোড়ে হোড়ৰ’ (পাঁচজনৰ) প্ৰধানজনক কি বুলি কোৱা হয়?

    উত্তৰ: ‘মোড়ে হোড়ৰ’ প্ৰধানজনক গাঁওবুঢ়া বা ‘মাঝহি’ বুলি কোৱা হয় ।

    ৪। চাওতালসকলৰ উপাধি (গোত্ৰ) কেইটা আৰু কি কি?

    উত্তৰ: চাওতালসকলৰ মুঠ বাৰটা গোত্ৰ বা উপাধি আছে । সেইবোৰ হ’ল— মুৰ্মু, হেন্ত্ৰম, কিস্কু, বেছৰা, টুডু, চৰেন, বাস্কে, হাসদাঃ, মাৰ্ডি, চোঁড়ে, পাউৰীয়া আৰু বেদেয়া ।

    ৫। চাওতালসকলৰ কলা-কৃষ্টিৰ বিষয়ে চমুকৈ লিখা।

    উত্তৰ: চাওতালসকলৰ কলা-কৃষ্টি অত্যন্ত চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ । তেওঁলোকৰ সাংস্কৃতিক জীৱনৰ এক অন্যতম দিশ হ’ল তেওঁলোকৰ সংগীত আৰু নৃত্য । চাওতাল সমাজত প্ৰচলিত বিভিন্ন গীত-নৃত্যসমূহৰ ভিতৰত দং নৃত্য আৰু দং গীত, লাংগঁড়ে নৃত্য আৰু লাংগঁড়ে গীত, চহৰাই আৰু বাহাগীত আদি প্ৰধান । এই গীত-নৃত্যসমূহ তেওঁলোকৰ বিভিন্ন সামাজিক উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত । গীত আৰু নৃত্য পৰিৱেশন কৰোঁতে তেওঁলোকে কিছুমান বিশেষ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে, যাৰ ভিতৰত টামাক, তুমদাঃ, কৰতাল আৰু ঢোল আদি অন্যতম । এই বাদ্যসমূহৰ তালে তালে পৰিৱেশন কৰা তেওঁলোকৰ নৃত্যবোৰ দেখিবলৈ বৰ মনোমোহা।

    সাজ-পাৰৰ ক্ষেত্ৰতো চাওতালসকলৰ এক সুকীয়া পৰিচয় আছে । তেওঁলোকৰ ভাষাত সাজ-পাৰক ‘হোৰঃ বান্দে’ বুলি কোৱা হয় । মহিলাসকলে শৰীৰৰ ওপৰৰ অংশত ‘পাঞ্চি’ আৰু তলৰ অংশত ‘পাড্হাণ্ড’ (লুংগী) পৰিধান কৰে । আনহাতে, পুৰুষসকলে পৰিধান কৰা প্ৰধান সাজ হ’ল ‘পাঞ্চি’ । উৎসৱ আৰু বিশেষ অনুষ্ঠানত তেওঁলোকৰ সাজ-পাৰৰ ধৰণ সলনি হয় । উদাহৰণস্বৰূপে, বিবাহ উৎসৱত চাওতাল পুৰুষসকলে ধুতি পৰিধান কৰে আৰু দৰাই মুৰত বগা কাপোৰৰ ‘টটড়বাঃ’ (টুপী) পিন্ধে । বিবাহৰ সময়ত কইনাই হালধি সনা যি কাপোৰ পৰিধান কৰে, তাক ‘সিন্দুৰ খাণ্ডি’ বুলি জনা যায় ।

    উৎসৱ-পাৰ্বনৰ ক্ষেত্ৰত চাওতালসকলৰ প্ৰধান উৎসৱ হ’ল ‘বাহা’ আৰু ‘চহৰাই’ । বিবাহ অনুষ্ঠানত তেওঁলোকে কাঁহৰ পাত্ৰ যেনে— থাল, বাটি আৰু লোটা আদি ব্যৱহাৰ কৰে । ইয়াৰ উপৰি চাওতাল মহিলাসকলে ৰূপৰ আ-অলংকাৰ পৰিধান কৰি ভাল পায় । এইদৰেই নৃত্য-গীত, সাজ-পাৰ আৰু পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে চাওতালসকলে তেওঁলোকৰ কলা-কৃষ্টি জীয়াই ৰাখিছে।

    ৬। চাওতাল সকলৰ সামাজিক জীৱনৰ বৰ্ণনা দাঙি ধৰা?

    উত্তৰ: চাওতালসকলৰ সামাজিক জীৱন-প্ৰক্ৰিয়া অত্যন্ত প্ৰণালীবদ্ধ আৰু স্বকীয় বৈশিষ্ট্যৰে ভৰপূৰ । তেওঁলোক সাধাৰণতে গাঁও পাতি একগোট হৈ বাস কৰে । তেওঁলোকৰ সমাজ ব্যৱস্থাৰ মূল ভেটি হ’ল একতা আৰু অনুশাসন। গাঁৱৰ জনসাধাৰণক সঠিকভাৱে পৰিচালনা আৰু শাসন কৰিবলৈ গাঁৱৰ ৰাইজৰ মাজৰ পৰাই পাঁচজন যোগ্য ব্যক্তিক বাছনি কৰা হয় । এই পাঁচজনীয়া সমিতিক 'মোড়ে হোড়' বুলি কোৱা হয় । এই গোটটোৰ যিজন প্ৰধান বা মূৰব্বী, তেওঁক গাঁওবুঢ়া বা 'মাঝহি' বোলে ।

    গাঁৱত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা বিশৃংখলতাৰ সৃষ্টি হ’লে মাঝহিৰ ওচৰতেই অভিযোগ দাখিল কৰিব লাগে । মাঝহিয়ে সেই অভিযোগ লাভ কৰাৰ পিছত পাঁচজনৰ মাজৰ এজন সদস্য, যাক 'গডেত' বুলি কোৱা হয়, তেওঁক গাঁৱৰ ৰাইজক একত্ৰিত কৰাৰ দায়িত্ব অৰ্পণ কৰে । এই প্ৰক্ৰিয়াৰে ৰাইজৰ উপস্থিতিত আলোচনাৰ জৰিয়তে সমাজৰ যিকোনো সমস্যাৰ সমাধান উলিওৱা হয় ।

    চাওতাল সমাজখন মূলতঃ পিতৃ-প্ৰধান । কৃষি তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰধান উপায় বা জীৱিকা । কৃষিৰ বাবে সাৰুৱা মাটিৰ সন্ধানত তেওঁলোকে মাজে মাজে বাসস্থান সলনি কৰা দেখা যায় । তেওঁলোকৰ মাজত সৰ্বমুঠ ১২ টা গোত্ৰ আছে আৰু প্ৰতিটো গোত্ৰৰে আকৌ নিজা নিজা উপগোত্ৰ আছে । সাজ-পাৰৰ ক্ষেত্ৰত তেওঁলোকৰ নিজস্ব পৰম্পৰা আছে, যাক তেওঁলোকৰ ভাষাত 'হোৰঃ বান্দে' বুলি কোৱা হয় ।

    ৭। শব্দাৰ্থ লিখা :

    • সিন্দুৰ খাণ্ডি — বিবাহত কইনাই পৰিধান কৰা হালধি সনা কাপোৰ ।


    • টট্ড়বা — বিয়াত দৰাই পিন্ধা বগা কাপোৰৰ টুপী ।


    • হোৰঃ বান্দে — চাওতালি ভাষাত সাজ-পাৰক ‘হোৰঃ বান্দে’ বোলে ।


    • মাঝি — চাওতাল গাঁৱৰ গাঁওবুঢ়াক ‘মাঝহি’ বা ‘মাঝি’ বোলা হয় ।


    • পাড্হাণ্ড — চাওতাল মহিলাসকলে তলফালে পিন্ধা লুংগী সদৃশ বস্ত্ৰ ।

    ৮। চমুটোকা লিখা : 

    (ক) বেনেডিক্ট হেমব্ৰম 

    উত্তৰ: বেনেডিক্ট হেন্ত্ৰম অসমৰ চাওতাল জনগোষ্ঠীৰ এজন বিশিষ্ট সাহিত্যিক আৰু সমাজহিতৈষী ব্যক্তি আছিল । তেওঁৰ জন্ম ১৯৬৭ চনৰ ১৮ অক্টোবৰত কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ পলাশগুৰি গাঁৱত হৈছিল । তেওঁৰ পিতৃৰ নাম ডাটু লক্ষণ হেন্ত্ৰম আৰু মাতৃৰ নাম ৰাণী চৰেন । ১৯৯৩ চনত কটন কলেজৰ পৰা উদ্ভিদবিজ্ঞানত এম. এছ. ছি ডিগ্ৰী লাভ কৰা তেওঁ নামনি অসমৰ চাওতাল জনগোষ্ঠীৰ ভিতৰত প্ৰথম এম. এছ. ছি ডিগ্ৰীধাৰী ব্যক্তি আছিল । তেওঁৰ কৰ্মজীৱন গ্ৰাহামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে আৰম্ভ হৈছিল । ইয়াৰ উপৰি তেওঁ চাওতালি ভাষা আৰু সাহিত্য গৱেষণা কেন্দ্ৰৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল । তেওঁৰ বলিষ্ঠ নেতৃত্বৰ ফলতেই অসম চৰকাৰে চাওতালি পাঠ্যপুথি বিনামূলীয়াকৈ যোগান ধৰিবলৈ লয় । তেওঁ অসমত প্ৰথমবাৰৰ বাবে চাওতালি ব্যাকৰণ প্ৰস্তুত কৰি উলিয়াইছিল । ২০১৩ চনৰ ৫ অক্টোবৰত এইজনা মহান ব্যক্তিৰ মৃত্যু হয় ।

    (খ) বদন হাসদা 

    উত্তৰ: ১৯৫৭ চনত কোকৰাঝাৰ জিলাৰ খাপৰগাঁৱত বদন হাসদাৰ জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম আছিল মাঝি হাসদা আৰু মাতৃৰ নাম আছিল চলমা বেছৰা । তেওঁৰ নেতৃত্বত ১৯৮০ চনত ‘সদৌ অসম চান্থাল ছাত্ৰ সন্থা’ গঠিত হৈছিল । জনগোষ্ঠীটোক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে ১৯৮৬ চনত তেওঁৰ নেতৃত্বতে ‘আদিবাসী সেৱা সমিতি’ও গঠন কৰা হয়, য’ত তেওঁ ১৫ বছৰ ধৰি সভাপতিৰ পদত অধিষ্ঠিত আছিল । তেওঁ অসম চান্থালী সাহিত্য সভাৰ উপদেষ্টা আছিল । ১৯৯৬ চনৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়ত অঞ্চলটোত শান্তি স্থাপনৰ ক্ষেত্ৰত তেওঁ মুখ্য ভূমিকা লৈছিল, যাৰ বাবে উপায়ুক্তই তেওঁক ‘শান্তি আৰু ঐক্য’ৰ বঁটাৰে পুৰস্কৃত কৰিছিল । ২০০৩ চনত বি.টি.চি. চুক্তিৰ পিছত তেওঁ চান্থাল জনগোষ্ঠীৰ পৰা পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হয় । ২০০৭ চনৰ ১ মে’ত দুৰ্বৃত্তৰ আক্ৰমণত তেওঁৰ মৃত্যু ঘটে ।

    (গ) মিথিয়াছ টুডু 

    উত্তৰ: অসমৰ চাওতাল জনগোষ্ঠীৰ ৰাজনীতিত মিথিয়াছ টুডু এক উজ্জ্বল নক্ষত্ৰ আছিল । তেওঁৰ জন্ম ১৯৩০ চনত কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ মাটিয়াজুৰীত হৈছিল । তেওঁৰ পিতৃ আছিল ৰেভাৰেণ্ড কানহু টুডু আৰু মাতৃ আছিল মাৰথা মুৰ্মু । তেওঁ কটন কলেজৰ পৰা বি.এ. আৰু পশ্চিমবংগৰ পৰা বি.টি. ডিগ্ৰী লাভ কৰিছিল । ১৯৫৭ চনৰ পৰা ১৯৯১ চনলৈকে তেওঁ একেৰাহে সাতবাৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । তেওঁ অসম চৰকাৰৰ শ্ৰমিক কল্যাণ আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । সৰ্বমুঠ ৪০ বছৰ ধৰি অসম বিধানসভাৰ প্ৰতিনিধিত্ব কৰা তেওঁ নিজ জনগোষ্ঠীৰ একমাত্ৰ ব্যক্তি আছিল । ইয়াৰ বাহিৰেও তেওঁ সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল । ২০১৭ চনৰ ১০ জুলাইত তেওঁৰ মৃত্যু হয় ।

    (ঘ) ৰাহেল কিস্কু।

    উত্তৰ: ৰাহেল কিস্কু আছিল চাওতাল জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা স্নাতক । তেওঁৰ জন্ম ১৯২৫ চনত কোকৰাঝাৰ জিলাৰ বৰচনপুৰ গাঁৱত হৈছিল । ১৯৫১ চনত লক্ষ্ণৌৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৯৫২ চনত গ্ৰাহামপুৰ হাইস্কুলত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে আৰু পিছলৈ প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ লয় । তেওঁ সমাজৰ পৰা ডাইনী হত্যা, সুৰাপান আৰু দুৰ্নীতি নিবাৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল । বিশেষকৈ দৰিদ্ৰ মহিলাসকলৰ অৰ্থনৈতিক উন্নতিৰ বাবে তেওঁ নিজৰ পুঁজি খটুৱাই বিনামূলীয়া চিলাই প্ৰশিক্ষণ কেন্দ্ৰ খুলিছিল । তেওঁ নিজে এগৰাকী সুলেখিকা আৰু কবি আছিল । তেওঁৰ লেখাৰ মূল বিষয় আছিল মহিলা আৰু শিশুৰ কল্যান । ২০০১ চনৰ ৬ এপ্ৰিলত তেওঁৰ মৃত্যু হয় ।












    চাহ জনগোষ্ঠীসকল


    প্ৰশ্নাৱলীৰ :

    ১। অসমৰ প্ৰথম চাহ বাগিচা কোনখন আৰু কেতিয়া স্থাপন হৈছিল?

    উত্তৰ: অসমৰ প্ৰথম চাহ বাগিচাখন হ'ল উজনি অসমৰ চাবুৱা চাহ বাগিচা । ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৮৩৫ চনত চাবুৱাত প্ৰথমে চাহৰ পদ্ধতিগত ৰোপণ কাৰ্য আৰম্ভ কৰিছিল ।

    ২। অসমৰ প্ৰথম চাহ কোম্পানীৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল?

    উত্তৰ: অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম হ’ল অসম চাহ কোম্পানী (The Assam Tea Company) । এই কোম্পানীটো ১৮৩৯ চনত (১৮৩৫ চনৰ চাহ ৰোপণৰ চাৰি বছৰৰ পাছত) গঠন কৰা হৈছিল ।

    ৩। গিৰমিটিয়া আৰু আড়কাঠিয়া চালানৰ বিষয়ে কি জানা লিখা?

    উত্তৰ: চাহ শ্ৰমিক সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা 'মজদুৰ চালান' পদ্ধতিটো প্ৰধানকৈ দুই ধৰণৰ আছিল:

    • গিৰমিটিয়া চালান: এক লিখিত চুক্তি (Agreement) অনুসৰি নিৰ্দিষ্ট সময়ৰ বাবে চাহ শ্ৰমিক অনাটোক গিৰমিটিয়া চালান বুলি কোৱা হৈছিল ।


    • আড়কাঠিয়া চালান: কোনো ধৰণৰ লিখিত চুক্তি নকৰাকৈ চলে-বলে কৌশলে শ্ৰমিক সংগ্ৰহ কৰা পদ্ধতিটোক আড়কাঠিয়া চালান বুলি কোৱা হৈছিল ।


    ৪। চাহ জনগোষ্ঠী সমাজৰ দহটা জাতি-উপজাতিৰ নাম লিখা।

    উত্তৰ: চাহ জনগোষ্ঠী সমাজৰ মাজত থকা অনেক জাতি-উপজাতিৰ ভিতৰত দহটা উল্লেখযোগ্য নাম হ’ল— ওৰাওঁ, মুণ্ডা, চাওতাল, কুৰ্মী, তাঁতী, ঘাটোৱাৰ, গোৱালা, কমাৰ, কালিন্দী আৰু খাড়িয়া ।

    ৫। চাহ জনগোষ্ঠীৰ মাজত কি কি ধৰ্মৰ লোক আছে?

    উত্তৰ: চাহ জনগোষ্ঠীৰ লোকসকলৰ ভিতৰত প্ৰধানকৈ হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যাই সৰহ । ইয়াৰে হিন্দুসকলৰ বেছিভাগেই শাক্তধৰ্মী আৰু জড় উপাসক । তেওঁলোকে দুৰ্গা, কালি, মনসা আদি দেৱ-দেৱীৰ পূজা কৰে আৰু অনুকূল ঠাকুৰৰ অনুগামীৰ সংখ্যাও যথেষ্ট ।

    ৬। স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ কোন?

    উত্তৰ: ১৯২১ চনৰ অসহযোগ আন্দোলনত যোগদান কৰি প্ৰাণ আহুতি দিয়া শোণিতপুৰ জিলাৰ তেজপুৰ এণ্ড ঘগৰা টি ইষ্টেটৰ মাংৰি ওৰাওঁ হ'ল স্বাধীনতা সংগ্ৰামত অসমৰ প্ৰথম মহিলা শ্বহীদ ।

    ৭। অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ বাগিচাৰ প্ৰথম ছহিদ কোন?

    উত্তৰ: ১৯৮০ চনত মৃত্যু বৰণ কৰা দৰং জিলাৰ কৌপাতি চাহবাগিচাৰ বাধনা ওৰাওঁ হ'ল অসম আন্দোলনত মৃত্যু বৰণ কৰা চাহ জনগোষ্ঠীৰ প্ৰথম শ্বহীদ ।

    ৮। চমুকে লিখা: 

    (ক) মেঘৰাজ কৰ্মকাৰ

    উত্তৰ: চাহ জনগোষ্ঠীৰ মাজৰ পৰা অসমীয়া ভাষা-সাহিত্যলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ ভিতৰত মেঘৰাজ কৰ্মকাৰ এজন অন্যতম অগ্ৰণী ব্যক্তি । তেওঁ উজনি অসমৰ জামিতা চাহ বাগিচাৰ নিবাসী আছিল । অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক চাহ জনগোষ্ঠীৰ লোকসকলৰ ভিতৰত 'প্ৰথম সাহিত্যিক পেঞ্চনাৰ' হিচাপে স্বীকৃতি দিয়া হয় । কৰ্মকাৰৰ সাহিত্যিক জীৱন আছিল অত্যন্ত চহকী। তেওঁ ‘চালুক বচন’কে আদি কৰি বহুতো গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰিছে । তেওঁৰ সাহিত্যৰাজিৰ মূল্য উপলব্ধি কৰি অসম প্ৰকাশন পৰিষদে 'মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী'ও প্ৰকাশ কৰি উলিয়াইছে । সাহিত্য চৰ্চাৰ সমান্তৰালভাৱে তেওঁ এগৰাকী নিষ্ঠাবান শিক্ষক হিচাপেও কাম কৰিছিল । তেওঁ বৰবৰুৱা হাইস্কুলত শিক্ষকতা কৰি বহু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়ি দিছিল । তেওঁৰ আদৰ্শই আজিও চাহ জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমীয়া সমাজক অনুপ্ৰাণিত কৰে।

    (খ) সন্তোষ কুমাৰ তপ্ন 

    উত্তৰ: ১৯২৪ চনত জন্মগ্ৰহণ কৰা সন্তোষ কুমাৰ তপ্ন চাহ জনগোষ্ঠী সমাজৰ এগৰাকী বিশিষ্ট বুদ্ধিজীৱী আৰু সাহিত্যিক আছিল । মৰাণৰ নিবাসী তপ্নৰ পিতৃৰ নাম দয়াল তপ্ন আৰু মাতৃৰ নাম মাৰঠা তপ্ন আছিল । তেওঁ যোৰহাটৰ জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল । সমাজৰ প্ৰতি দায়বদ্ধ এইগৰাকী ব্যক্তিয়ে সাহিত্য চৰ্চাৰ লগতে সমাজ সেৱাতো নিজকে ব্ৰতী কৰিছিল ।

    সন্তোষ কুমাৰ তপ্নৰ এক ঐতিহাসিক কৃতিত্ব হ’ল তেওঁৰ দ্বাৰা ৰচিত ‘মুণ্ডা জাতিৰ চমু পৰিচয়’ নামৰ গ্ৰন্থখন । এইখন হ’ল চাহ জনগোষ্ঠীৰ ভিতৰত প্ৰথম প্ৰকাশিত গ্ৰন্থ । তেওঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল । ইয়াৰ উপৰি অসমৰ বিভিন্ন কাকত-আলোচনীত তেওঁৰ তথ্যগধুৰ লিখনিসমূহ নিয়মিতভাৱে প্ৰকাশ পাইছিল । অত্যন্ত সহজ-সৰল জীৱন যাপন কৰা এইগৰাকী মহান ব্যক্তিৰ ১৯৯৪ চনৰ ২১ নৱেম্বৰত মৃত্যু হয় । চাহ জনগোষ্ঠীৰ সমাজ গঠনত তেওঁৰ অৱদান চিৰস্মৰণীয় ।

    (গ) চাইমন সিং হ'ৰ

    উত্তৰ: চাইমন সিং হ'ৰ চাহ জনগোষ্ঠীৰ এগৰাকী মহান সমাজ সংস্কাৰক আৰু শিক্ষা অনুৰাগী ব্যক্তি আছিল । ১৯২৯ চনত জন্মগ্ৰহণ কৰা হ'ৰৰ পিতৃৰ নাম মাছিৰাম হ'ৰ আৰু মাতৃৰ নাম ছাৰা হ'ৰ । তেওঁ শিৱসাগৰৰ মিছন স্কুলত স্কুলীয়া শিক্ষা শেষ কৰি যোৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল । উচ্চ শিক্ষিত হোৱাৰ পিছতো তেওঁ চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি নিজ সমাজৰ সেৱাত নামি পৰিছিল ।

    হ'ৰ এগৰাকী অত্যন্ত উদাৰমনা ব্যক্তি আছিল । তেওঁ নিজে খ্ৰীষ্টান ধৰ্মৰ লোক হৈয়ো হিন্দু ধৰ্মৰ বাবে নামঘৰ সাজিবলৈ নিজৰ মাটি দান কৰি ধৰ্মীয় উদাৰতাৰ এক বিৰল নিদৰ্শন দাঙি ধৰিছিল । সমাজৰ পৰা নিৰক্ষৰতা দূৰ কৰিবলৈ তেওঁ পিছ পৰা আৰু ভিতৰুৱা অঞ্চলত স্কুল স্থাপন কৰি শিক্ষাৰ পোহৰ বিলাইছিল । ১৯৭৯ চনৰ ২৬ জুনত ইহলীলা সম্বৰণ কৰা এইগৰাকী ব্যক্তিক সন্তোষ কুমাৰ তপ্নৰ সৈতে একেলগে 'চাহ জনগোষ্ঠীৰ সমাজ নিৰ্মাণৰ খনিকৰ' বুলি সন্মান জনোৱা হয় ।















    চুতীয়াসকল


    প্ৰশ্নাৱলীৰ উত্তৰ :

    ১। চুতীয়াসকলৰ আদি বাসস্থান ক'ত আছিল?

    উত্তৰ: চুতীয়াসকলৰ আদি বাসস্থান আছিল হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত থকা স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চল । তাৰ পৰা তেওঁলোকে সোৱণশিৰি নদীৰ পাৰে পাৰে পশ্চিমলৈ প্ৰব্ৰজন কৰি বৰ্তমানৰ লখিমপুৰ অঞ্চল পাইছিলহি ।

    ২। চুতীয়া শব্দৰ উৎপত্তি কোন শব্দৰ পৰা হৈছিল?

    উত্তৰ: চুতীয়া শব্দৰ উৎপত্তিৰ সন্দৰ্ভত দুটা মত পোৱা যায়:

    • প্ৰথম মত অনুসৰি, তেওঁলোকে স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে তেওঁলোকক 'স্বাতীয়া' বোলা হৈছিল । কালক্ৰমত এই 'স্বাতীয়া' শব্দৰ পৰাই 'চুতীয়া' শব্দৰ উৎপত্তি হ’ল ।
    • আন এক মত অনুসৰি, 'ছু' মানে নৈ আৰু 'ছু-টি' মানে পৱিত্ৰ নৈ; এই পৱিত্ৰ নৈৰ পাৰৰ মানুহ হোৱা বাবে তেওঁলোকক 'চুতীয়া' বুলি কোৱা হয় ।

    ৩। চুতীয়াসকলৰ এগৰাকী বীৰাংগনাৰ নাম লিখা।

    উত্তৰ: চুতীয়াসকলৰ এগৰাকী বীৰাংগনাৰ নাম হ’ল সতী সাধনী । তেওঁ আহোমৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুদ্ধ কৰিছিল আৰু শত্ৰুৰ ওচৰত হাৰ মনাৰ পৰিবৰ্তে চন্দনগিৰি পৰ্বতৰ পৰা তলৰ কুণ্ডলৈ জঁপিয়াই আত্মজাহ দিছিল ।

    ৪। তলত দিয়া যিকোনো এগৰাকীৰ বিষয়ে চমুকৈ লিখা। 

    (ক) সোণাৰাম চুতীয়া 

    উত্তৰ: বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ১৯১৫ চনত যোৰহাট জিলাৰ কাকজানৰ বাম কুকুৰাচোৱা গাঁৱত জন্মগ্ৰহণ কৰিছিল । তেওঁ কটন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে তেওঁ দুবছৰ কাৰাবাস খাটিবলগীয়া হৈছিল আৰু চৰকাৰে তেওঁক স্বাধীনতা সংগ্ৰামী হিচাপে স্বীকৃতি দিছিল । পৰৱৰ্তী সময়ত তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘত যোগদান কৰে আৰু নটা কাৰ্যকালৰ বাবে 'পদাধিকাৰ' হিচাপে সেৱা আগবঢ়ায় । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল— 'অসমৰ বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা', 'নামধৰ্ম প্ৰকাশ', 'মহাপুৰুষীয়া ধৰ্ম জিজ্ঞাসা' আদি । তেওঁৰ অনন্য অৱদানৰ বাবে অসম চৰকাৰে তেওঁক 'শ্ৰীমন্ত শংকৰদেৱ বঁটা' আৰু সংঘই 'বৈষ্ণৱ পণ্ডিত' উপাধিৰে বিভূষিত কৰিছিল ।

    (খ) ড° স্বৰ্ণলতা বৰুৱা 

    উত্তৰ: ড° স্বৰ্ণলতা বৰুৱা উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী অগ্ৰণী মহিলা বুৰঞ্জীবিদ । তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী তথা শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ আসনৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল । 'চুতীয়া জাতিৰ বুৰঞ্জী'ৰ মুখ্য সম্পাদিকা হিচাপে তেওঁ এই জনগোষ্ঠীৰ ইতিহাস চৰ্চাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । তেওঁৰ আন কেইখনমান তথ্যসমৃদ্ধ গ্ৰন্থ হ’ল— 'A Comprehensive History of Assam' আৰু 'Last Day of Ahom Monarchy' । বিশেষকৈ অসমৰ অ-জনজাতীয় সমাজত নাৰীৰ স্থিতিৰ ওপৰত কৰা তেওঁৰ গৱেষণা পত্ৰই ব্যাপক সমাদৰ লাভ কৰিছিল । বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰখনলৈ তেওঁ দি যোৱা অৱদান অসমীয়া বৌদ্ধিক জগতৰ বাবে এক অমূল্য সম্পদ ।

    (গ) চিদানন্দ শইকীয়া 

    উত্তৰ: চিদানন্দ শইকীয়া আছিল এগৰাকী আজীৱন শিক্ষাব্ৰতী, স্বাধীনতা সংগ্ৰামী আৰু সাম্যবাদী দৰ্শনৰ সমৰ্থক । ১৯২৪ চনত গোলাঘাটৰ বোকাখাতত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে মুঠ ২৭ খন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত 'ছোভিয়েট নাৰী', 'সীমান্ত গান্ধী', 'মহৰ্ষি কাৰ্লমাৰ্ক্স', 'জুয়ে পোৰা সোণ', 'স্বাধীনতা সংগ্ৰামত গোলাঘাটৰ অৱদান' আদি অন্যতম । তেওঁ ছোভিয়েট দেশ নেহৰু বঁটা, সাহিত্যিক পেঞ্চন আৰু শিক্ষক বঁটাও লাভ কৰিছিল । সাহিত্য চৰ্চাৰ লগতে তেওঁ সাংবাদিকতা আৰু সমাজসেৱাৰ লগতো জড়িত আছিল । ভূমিহীন লোকসকলক নিজৰ মাটি দান কৰি তেওঁ এগৰাকী দৰদী আৰু নিৰ্মোহ ব্যক্তিত্বৰ পৰিচয় দিছিল ।

    (ঘ) কোষেশ্বৰ বৰুৱা।

    উত্তৰ: 'দুবৰি বনৰ কবি' হিচাপে খ্যাত কোষেশ্বৰ বৰুৱা ১৯৩৬ চনত লখিমপুৰ জিলাৰ ঢলপুৰত জন্মগ্ৰহণ কৰিছিল । তেওঁ ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হোৱাৰ লগতে এগৰাকী নিষ্ঠাবান বুৰঞ্জীবিদ আছিল । তেওঁৰ সাহিত্যিক কৃতিসমূহৰ ভিতৰত 'কলেজৰ দুবৰি বন', 'আগন্তুক' আদি কবিতা পুথি আৰু 'ঐতিহাসিক বিৱৰ্তনত অসমৰ চুতীয়া জনগোষ্ঠী', 'সতী সাধনী', 'চুতীয়া ৰজা ৰত্নধ্বজ পাল' আদি বুৰঞ্জীমূলক গ্ৰন্থ প্ৰধান । ১৯৯২ চনত তেওঁ গহপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । সমাজসেৱা আৰু সাহিত্যৰ বাবে তেওঁ ড° আম্বেদকাৰ ফেল'শ্বিপ আৰু চুতীয়া জাতি উন্নয়ন পৰিষদৰ পৰা 'সতী সাধনী বঁটা' লাভ কৰিছিল ।

    ৫। চুতীয়াসকলৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা।

    উত্তৰ: চুতীয়াসকল অসমৰ অন্যতম প্ৰাচীন তথা আদিম অধিবাসী । এওঁলোক মংগোলীয় নৃগোষ্ঠীৰ বৃহৎ বড়ো জনগোষ্ঠীৰ অন্তৰ্গত । ষষ্ঠ শতিকাৰ পৰাই প্ৰাচীন চুতীয়া ৰাজ্যৰ ঐতিহাসিক তথ্য পোৱা যায় । এওঁলোকে ঘাইকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৰাজত্ব কৰিছিল আৰু ১৫২৩ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ চুহুংমুংৰ দিনত চুতীয়া ৰাজ্য আহোমৰ অন্তৰ্ভুক্ত হৈছিল । চুতীয়াসকলৰ আদি বাসস্থান আছিল হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূবত থকা স্বাত সৰোবৰৰ পাৰত ।

    চুতীয়া সভ্যতা এক উন্নত সভ্যতা আছিল। তেওঁলোকে কুণ্ডিল নগৰ, ভীষ্মক নগৰ আদি পাতি বাস কৰিছিল । সমাজত শ্ৰমৰ বিভাজন আছিল আৰু সোণাৰী, কমাৰ, তাঁতী আদি বৃত্তিগত শ্ৰেণীৰ অস্তিত্ব পোৱা যায় । তেওঁলোকে ভাস্কৰ্য শিল্পতো পাৰ্গত আছিল, যাৰ প্ৰমাণ তাম্ৰেশ্বৰী মন্দিৰ আৰু মালিনী থানৰ ধ্বংসাৱশেষে দাঙি ধৰে । সামৰিক ক্ষেত্ৰতো তেওঁলোক অতি শক্তিশালী আছিল। বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ মতে, আহোমসকলে চুতীয়াৰ পৰাই 'মিঠাহোলোং' নামৰ উৎকৃষ্ট বৰটোপ আৰু বন্দুক নিৰ্মাণৰ কৌশল আয়ত্ত কৰিছিল । ধৰ্মীয় দিশত তেওঁলোক শক্তি উপাসক আছিল আৰু শদিয়াৰ কেঁচাইখাতী গোঁসানীক পূজা কৰিছিল । বীৰাংগনা সতী সাধনীৰ দৰে মহান নাৰীৰ ত্যাগ আৰু বীৰত্বই চুতীয়া ইতিহাসক আজিও মহিমান্বিত কৰি ৰাখিছে ।











    ঠেঙাল কছাৰীসকল


    প্ৰশ্নাৱলীৰ :

    ১। মঙ্গোলীয় কিরাতসকলৰ শাৰীৰিক বৈশিষ্ট্য কি?

    উত্তৰ: মঙ্গোলীয় বা কিৰাত গোষ্ঠীৰ লোকসকলৰ শাৰীৰিক বা আবয়বিক বৈশিষ্ট্যসমূহ হ’ল— গাৰ বৰণ পীত বা পীত পিংগল, চুলি ক'লা, ডাঢ়ি-গোঁফ আৰু শৰীৰৰ নোম কম, মুখমণ্ডল বহল আৰু নাক চেপেটা । ইয়াৰ উপৰিও তেওঁলোকৰ কপালৰ হাড় স্পষ্ট আৰু চকুযোৰ ঠেক বা বক্ৰ হোৱাটো মঙ্গোলীয়সকলৰ এটি বিশেষ লক্ষণ ।

    ২। মঙ্গোলীয় কিরাতসকলক সংস্কৃত ভাষাত কি বুলি অভিহিত কৰিছিল?

    উত্তৰ: মঙ্গোলীয় কিৰাতসকলে সাধাৰণতে ডাঙৰ নদী বা পৰ্বতৰ দাঁতি-কাষৰীয়া ঠাইত বসবাস কৰিছিল । সেইবাবেই তেওঁলোকক সংস্কৃত ভাষাত 'কক্ষৱাট' বুলি অভিহিত কৰিছিল ।

    ৩। কছাৰী নাম কেনেকৈ উৎপত্তি হৈছিল?

    উত্তৰ: সংস্কৃত শব্দ 'কক্ষৱাট'ৰ পৰা 'কক্ষত' আৰু তাৰ পিছত 'কচ্ছ' শব্দৰ উৎপত্তি হৈছিল । এই 'কচ্ছ' শব্দৰ লগত 'অৰি' যোগ হৈ 'কচ্ছ অৰি' বা 'কছাৰী' নামৰ উৎপত্তি হৈছে ।

    ৪। ড° ভূৱন মোহন দাসে মঙ্গোলীয়সকলক কেইটা ভাগত ভাগ কৰিছে?

    উত্তৰ: প্ৰখ্যাত নৃতত্ত্ববিদ ড° ভূৱন মোহন দাসে উত্তৰ-পূব ভাৰতৰ মঙ্গোলীয়সকলক প্ৰধানকৈ ছয়টা (৬) ভাগত ভাগ কৰিছে । সেইসমূহ হ’ল— (১) খাছী, 

    (২) বড়ো, 

    (৩) লুচাই কুকী, 

    (৪) নগা, 

    (৫) অৰুণাচলৰ জনজাতি আৰু 

    (৬) অন্যান্য ।

    ৫। ঠেঙাল কছাৰীসকল পৌৰাণিক কোন গোষ্ঠীৰ পৰা অহা?

    উত্তৰ: ঠেঙাল কছাৰীসকল মঙ্গোলীয় প্ৰজাতিৰ বড়ো গোষ্ঠীৰ পূব শাখাৰ পৰা অহা বুলি ধৰা হয় । তেওঁলোক পৌৰাণিক পাণ্ডৱ বীৰ ভীমৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি জনাজাত ।

    ৬। ঠেঙাল কছাৰীসকলক বৰ্তমানৰ অৱস্থান সম্পৰ্কে উল্লেখ কৰা।

    উত্তৰ: ঠেঙাল কছাৰীসকল বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই বিস্তৃত হৈ আছে ।

    • দক্ষিণ পাৰত: যোৰহাট জিলাৰ তিতাবৰক কেন্দ্ৰ কৰি এক বৃহৎ অঞ্চলত তেওঁলোকৰ বসতি আছে । ইয়াৰ উপৰিও গোলাঘাটৰ ধনশিৰি পাৰৰ অঞ্চলসমূহ, শিৱসাগৰৰ সোনাৰি আৰু নাজিৰা, ডিব্ৰুগড়ৰ নাহৰণী আৰু চাচনী আদি ঠাইত তেওঁলোক বসবাস কৰে ।

    • উত্তৰ পাৰত: লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া, নাওবৈছা, লালুক, হাৰমোতী আদি অঞ্চল আৰু ধেমাজি জিলাৰ গোগামুখ, জোনাই আদি ঠাইত ঠেঙাল কছাৰীসকলৰ ঘন বসতিপূৰ্ণ গাঁও দেখা পোৱা যায় I

    ৭। চমুটোকা লিখা : 

    (ক) লৌহপ্ৰাণ গিৰিধৰ ঠেঙাল 

    উত্তৰ: অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ইতিহাসত এগৰাকী নিষ্ঠাৱান আৰু সংগ্ৰামী ব্যক্তি হিচাপে গিৰিধৰ ঠেঙালৰ নাম বিশেষভাবে উল্লেখযোগ্য । ১৯২১ চনৰ ১২ জানুৱাৰীত যোৰহাট জিলাৰ তিতাবৰৰ উলুতলী গাঁৱৰ এটি অতি দৰিদ্ৰ কৃষক পৰিয়ালত তেওঁৰ জন্ম হৈছিল । তেওঁৰ পিতৃ আছিল জিলিৰাম ঠেঙাল আৰু মাতৃ কান্দুৰী ঠেঙাল । শৈশৱতে মাতৃহাৰা হোৱা গিৰিধৰক তেওঁৰ বৰমাকে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল ।

    দৰিদ্ৰতাৰ সৈতে যুঁজি তেওঁ শিক্ষা জীৱনত যথেষ্ট সফলতা অৰ্জন কৰিছিল। বজালবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰাৰ পিছত তেওঁ যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয় । পৰৱৰ্তী সময়ত ১৯৫২ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বি.এল. ডিগ্ৰী লাভ কৰে ।

    কৰ্মজীৱনৰ আৰম্ভণিত তেওঁ শিক্ষকতা কৰিছিল যদিও ১৯৫৩ চনত সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে । তেওঁ তিতাবৰত ‘নন্দনাথ শইকীয়া মহাবিদ্যালয়’ আৰু ‘জালুকনিবাৰী হাইস্কুল’ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । কমিউনিষ্ট পাৰ্টিৰ এজন নেতা হিচাপে তেওঁ ভূমিহীন কৃষক আৰু শ্ৰমিকসকলৰ অধিকাৰৰ বাবে আজীৱন যুঁজ দিছিল । ১৯৭৮ চনত তেওঁ তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । যোৰহাটৰ পৰা বৰহোলালৈ যোৱা ‘ন-আলি’ পথটোৰ পকীকৰণ তেওঁৰেই এক বিশেষ অৱদান । ১৯৮৪ চনত তেওঁ চোভিয়েট ৰাছিয়াত অনুষ্ঠিত এক অৰ্থনৈতিক আলোচনাচক্ৰতো অংশগ্ৰহণ কৰিছিল । নিজৰ দৃঢ় মানসিকতাৰ বাবে তেওঁক ‘লৌহপ্ৰাণ’ বুলি অভিহিত কৰা হয়।

    (খ) কমল কছাৰী।

    উত্তৰ: ইস্তাহাৰ কবি' নামেৰে জনপ্ৰিয় কমল কছাৰী আছিল একেধাৰে এজন কবি, গীতিকাৰ, ভাস্কৰ্য শিল্পী আৰু চিত্ৰশিল্পী । ১৯৩৯ চনত যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ মৰধলি কছাৰী গাঁৱৰ এটি কৃষক পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰে । তেওঁৰ পিতৃৰ নাম আছিল উনিৰাম কছাৰী আৰু মাতৃ সৰু আইতী কছাৰী । পেচাগতভাৱে তেওঁ শিৱসাগৰ জিলাৰ নাজিৰাত স্বাস্থ্য বিভাগৰ ফাৰ্মাচিষ্ট হিচাপে কৰ্মৰত আছিল ।

    কমল কছাৰীৰ বহুমুখী প্ৰতিভাৰ নিদৰ্শন তেওঁৰ কৰ্মৰাজিত স্পষ্টকৈ দেখা পোৱা যায়। তেওঁৰ কবিতা আৰু প্ৰবন্ধসমূহ ‘অসমবাণী’, ‘নীলাচল’, ‘অগ্ৰদূত’, ‘সাদিন-প্ৰতিদিন’ আদি বিভিন্ন আগশাৰীৰ কাকত-আলোচনীত প্ৰকাশ পাইছিল । এজন সফল গীতিকাৰ হিচাপে তেওঁ আকাশবাণীৰ বাবেও বহু গীত ৰচনা কৰিছিল । কেৱল সাহিত্যই নহয়, চিত্ৰকলা আৰু ভাস্কৰ্য শিল্পতো তেওঁৰ অসাধাৰণ দখল আছিল । কিতাপৰ বেটুপাত অংকনৰ পৰা আৰম্ভ কৰি শিল-কাঠত স্থাপত্য খোদিত কৰালৈকে সকলোতে তেওঁ সিদ্ধহস্ত আছিল ।

    তেওঁ শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম সাহিত্য সভাই তেওঁক সন্মানীয় ‘বিষ্ণু প্ৰসাদ ৰাভা বঁটা’ প্ৰদান কৰে । অসম চৰকাৰে তেওঁক সাহিত্যিক পেঞ্চনো আগবঢ়াইছিল । বৰ্তমান শিৱসাগৰ সাহিত্য সভাই তেওঁৰ স্মৃতিত ‘কবি শিল্পী কমল কছাৰী সাহিত্য বঁটা’ প্ৰদান কৰি আহিছে । ২০১৩ চনত ৭৫ বছৰ বয়সত এইগৰাকী বৰেণ্য শিল্পীৰ মৃত্যু হয় । তেওঁৰ সাহিত্য আৰু শিল্পই অসমীয়া সংস্কৃতিলৈ এক সুকীয়া মাত্ৰা আনি দিছে ।














    ডিমাছাসকল


    প্ৰশ্নাৱলী :

    ১। ডিমাছাসকল প্ৰধানতঃ কেইটা বংশত বিভক্ত?

    উত্তৰ: ডিমাছাসকল প্ৰধানতঃ ৪০ টা পিতৃবংশ বা ক্লেনত বিভক্ত ।

    ২। ডিমাছা ভাষাৰ অসমৰ আন কোন ভাষাৰ সৈতে মিল থকা দেখা যায়?

    উত্তৰ: ডিমাছা ভাষাৰ অসমৰ বড়ো ভাষাৰ লগত প্ৰায় একেই মিল থকা দেখা যায় ।

    ৩। ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি?

    উত্তৰ: ডিমাছাসকলে জানুৱাৰী মাহৰ শেষভাগত খেতিৰ শেষত পতা উৎসৱটোৰ নাম হ'ল— বিছু ডিমা ।

    ৪। ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধাৰণতে কি হয়?

    উত্তৰ: ডিমাছাসকলৰ গোত্ৰসমূহৰ নামৰ শেষ আখৰটো সাধাৰণতে 'চা' হয় ।

    ৫। ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম লিখা।

    উত্তৰ: ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম হ’ল— লাংথাচা, ডিফুচা, গাৰ্লোচা, হোজাইচা আৰু মাইবংচা ।












    কলিতাসকল

    প্ৰশ্নাৱলীৰ উত্তৰ : 

    ১। কলিতা জনগোষ্ঠীৰ খাদ্য-পৰম্পৰাৰ বিষয়ে চমুকৈ লিখা।

    উত্তৰ: কলিতা জনগোষ্ঠীৰ লোকসকল মূলতঃ কৃষিজীৱী হোৱা হেতুকে তেওঁলোকৰ খাদ্য-পৰম্পৰাত থলুৱা কৃষি উৎপাদনৰ প্ৰভাৱ স্পষ্ট । কলিতাসকলৰ মূল আহাৰ হ’ল চাউল সিজাই প্ৰস্তুত কৰা 'ভাত' । ভাতৰ সৈতে তেওঁলোকে বিভিন্ন শাক-পাছলিৰ ব্যঞ্জন গ্ৰহণ কৰে। নিমখৰ প্ৰচলন হোৱাৰ আগতে তেওঁলোকে কলগছৰ ছাইৰ পৰা প্ৰস্তুত কৰা 'কলাখাৰ' ব্যঞ্জনত ব্যৱহাৰ কৰিছিল ।

    কিছুমান উল্লেখযোগ্য পৰম্পৰাগত খাদ্য হ’ল— আলু পোৰা, আলু পিটিকা, বেঙেনা পিটিকা, মাছ পোৰা, ঔ-টেঙাৰে মাছ, পচলা, কচু সিজোৱা, কোমোৰাৰে হাঁহৰ মাংস আৰু অমিতাৰে ৰন্ধা পাৰৰ মাংস । জলপান হিচাপে তেওঁলোকে কোমল চাউল (বকা চাউল), চিৰা বা সান্দহ-গুৰিৰ সৈতে কল, গাখীৰ আৰু গুৰ গ্ৰহণ কৰে । পথাৰৰ কামৰ পৰা আহি পঁইতা ভাত খোৱাটো কলিতা সমাজৰ এক পুৰণি নিয়ম । আলহী-অতিথিক তেওঁলোকে বিভিন্ন লাৰু (তিল, নাৰিকল আদি) আৰু পিঠা (তিল পিঠা, ঘিলা পিঠা, চুঙা পিঠা আদি) দি আপ্যায়ন কৰে । গাখীৰ আৰু দৈত কলিতাসকলৰ খাদ্যৰ অবিচ্ছেদ্য অংগ । উল্লেখনীয় যে কলিতা সমাজত কোনো ধৰণৰ সুৰা বা নিচাযুক্ত পানীয়ৰ স্থান নাই । আহাৰ গ্ৰহণৰ শেষত তামোল-পাণ খোৱাটো তেওঁলোকৰ এক অনন্য পৰম্পৰা ।

    ২। কলিতা জনগোষ্ঠীৰ আ-অলংকাৰ আৰু সাজ-পাৰৰ বিষয়ে চমুকৈ লিখা।

    উত্তৰ: কলিতা জনগোষ্ঠীৰ সাজ-পাৰ আৰু অলংকাৰত তেওঁলোকৰ আভিজাত্য আৰু স্বনিৰ্ভৰশীলতা প্ৰতিফলিত হয় । কলিতাসকলে পৰম্পৰাগতভাৱে কপাহ, এৰি, পাত আৰু মুগা পলুৰ পৰা সূতা উলিয়াই নিজৰ সাজ-পাৰ তাঁতশালত বৈ লয় । এৰি চাদৰ (এণ্ডি) শীতকালত উৰাৰ বাবে ব্যৱহাৰ কৰা হয় । পাত আৰু মুগাৰ কাপোৰসমূহ বিয়া-সবাহ বা বিশেষ অনুষ্ঠানত পৰিধান কৰা হয় ।

    মহিলাসকলৰ জাতীয় সাজ হ’ল মেখেলা-চাদৰ, ৰিহা, আগুৰণ আৰু টেলচ । বিবাহিতা মহিলাই জ্যেষ্ঠসকলৰ সন্মুখত ওৰণি লয় । পুৰুষসকলে গামোচা, চুৰিয়া আৰু চোলা পৰিধান কৰে । ৰঙা পাৰিৰ ফুলাম গামোচাৰে তেওঁলোকে সন্মান আৰু মৰম প্ৰকাশ কৰে । অলংকাৰৰ ক্ষেত্ৰত মহিলাসকলে সোণ, ৰূপ আৰু পিতলৰ গহনা ব্যৱহাৰ কৰে । ছোৱালী কালতে কাতি বা বহাগ মাহৰ পূৰ্ণিমাত 'কাণ-ফুটোৱা' উৎসৱ পালন কৰি কাণত অলংকাৰ পিন্ধাৰ ব্যৱস্থা কৰা হয় । মহিলাসকলে কপালত ফোঁট লয় আৰু বিবাহিতাসকলে সেন্দূৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক বুলি গণ্য কৰে । কলিতা সাজ-পাৰত বগা আৰু ৰঙা ৰঙৰ প্ৰাধান্য বেছি দেখা যায় ।

    ৩। কলিতা জনগোষ্ঠীৰ উৎসৱ-পাৰ্বনৰ বিষয়ে চমুকৈ লিখা।

    উত্তৰ: কলিতা জনগোষ্ঠীৰ সমাজখন মূলতঃ কৃষি আৰু নদীৰ সৈতে জড়িত হোৱা বাবে তেওঁলোকৰ বেছিভাগ উৎসৱেই কৃষিভিত্তিক । কলিতাসকলে অতি উলহ-মালহেৰে পালন কৰা উৎসৱসমূহৰ ভিতৰত প্ৰধান হ’ল ব'হাগ বিহু বা সাত বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু । গৰু বিহুৰ দিনা তেওঁলোকে গৰু-মহক গা ধোৱাই পূজা কৰে ।

    বিহুৰ উপৰি কলিতা সমাজত শাকেতি বা শাকতি, বাঁহ পূজা, ভথেলি, মহোহো (ম’হ খেদা উৎসৱ) আদিৰ বিশেষ গুৰুত্ব আছে । কৃষিকাৰ্যৰ সৈতে জড়িত ভূঁই ৰোৱা বা গজ দিয়া উৎসৱ, ধানৰ আগ অনা (লখিমী আদৰা) আৰু ধান তোলা উৎসৱ আদি পৰম্পৰাগতভাৱে পালন কৰা হয় । সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান হিচাপে ওজাপালি আৰু নাগাৰা নাম কলিতা সমাজৰ অন্যতম সাংস্কৃতিক সম্পদ । মহিলাসকলৰ বাবে 'পাচতি' আৰু ছোৱালী ডাঙৰ হোৱা পৰ্ব বা 'পুষ্পিতা উৎসৱ' পালন কৰা হয় । কৃষি চপোৱাৰ পিছত উদযাপন কৰা 'ন-খোৱা' উৎসৱে সমাজখনৰ একতা বৃদ্ধি কৰে । ড° কালীৰাম মেধিয়ে উল্লেখ কৰা মতে, অসমীয়া লোকসংস্কৃতিৰ মেৰুদণ্ডই হ’ল কলিতা লোকসংস্কৃতি, যিটো এই উৎসৱসমূহৰ জৰিয়তে প্ৰকাশ পায় ।

    ৪। চমুটোকা লিখা :

    (ক) আনন্দৰাম বৰুৱা

    উত্তৰ: আনন্দৰাম বৰুৱা আছিল প্ৰথমগৰাকী অসমীয়া স্নাতক তথা পঞ্চমগৰাকী ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া (আই.চি.এছ.) । ১৮৫০ চনৰ ২১ মে’ত উত্তৰ গুৱাহাটীত তেওঁৰ জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা । আনন্দৰাম বৰুৱা জিলা দণ্ডাধীশৰ পদত অধিষ্ঠিত হোৱা প্ৰথমজন অসমীয়া তথা দ্বিতীয়জন ভাৰতীয় ব্যক্তি আছিল । এজন সুদক্ষ প্ৰশাসক হোৱাৰ উপৰিও তেওঁ সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত আছিল । ১৮৮৯ চনৰ ১৯ জানুৱাৰীত মাত্ৰ ৩৯ বছৰ বয়সতে তেওঁৰ মৃত্যু হয় । তেওঁৰ বিৰল প্ৰতিভা আৰু কৃতিত্বৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে ২০০৫ চনৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক ‘আনন্দৰাম বৰুৱা বঁটা’ প্ৰদান কৰি আহিছে । তেওঁৰ জীৱন আৰু কৰ্মৰাজি আজিও প্ৰতিজন অসমীয়াৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ আছে।

    (খ) কুমাৰ ভাস্কৰ বৰ্মা

    উত্তৰ: প্ৰাচীন কামৰূপ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মা । ৰজা সুপ্ৰতিষ্ঠ বৰ্মাৰ মৃত্যুৰ পিছত ৫৯৩ খ্ৰীষ্টাব্দত তেওঁ কামৰূপৰ ৰজা হয় । তেওঁ সিংহাসনত আৰোহণ কৰা দিনটোৰ পৰাই অসমীয়া জাতীয় অব্দ 'ভাস্কৰাব্দ' গণনা কৰা হয় । উত্তৰ ভাৰতৰ সম্ৰাট হৰ্ষবৰ্ধনৰ সৈতে তেওঁৰ গভীৰ বন্ধুত্ব আছিল । তেওঁ হৰ্ষবৰ্ধনৰ সৈতে লগ হৈ গৌড়ৰ ৰজা শশাংকক পৰাস্ত কৰি কামৰূপৰ সীমা পশ্চিমে বিহাৰ আৰু দক্ষিণে উৰিষ্যালৈকে বিস্তাৰ কৰিছিল । চীনা পৰিব্ৰাজক হিউ ৱেন চাঙৰ টোকা অনুসৰি সেই সময়ত কামৰূপ ৰাজ্যৰ পৰিসীমা আছিল ১৬৭৫ মাইল । ভাস্কৰ বৰ্মাৰ দিনৰ ডুবি তাম্ৰলিপি, নিধানপুৰ তাম্ৰলিপি আৰু নালন্দাৰ মোহৰ আদি কলিতা জনগোষ্ঠী তথা অসমৰ ইতিহাসৰ অমূল্য সম্পদ । আনুমানিক ৬৫০ খ্ৰীষ্টাব্দত এইগৰাকী মহান ৰজাৰ মৃত্যু হয় ।

    (গ) মণিৰাম দেৱান

    উত্তৰ: মণিৰাম দেৱানৰ প্ৰকৃত নাম আছিল মণিৰাম দত্তবৰুৱা আৰু তেওঁক 'কলিতা ৰজা' বুলিও অভিহিত কৰা হৈছিল । ১৮০৬ চনৰ ১৭ এপ্ৰিলত শিৱসাগৰৰ চাৰিঙত তেওঁৰ জন্ম হৈছিল । তেওঁ পুৰন্দৰ সিংহৰ দিনত 'বৰভাণ্ডাৰ বৰুৱা'ৰ দায়িত্বত আছিল আৰু পিছলৈ ব্ৰিটিছৰ 'আচাম টী কোম্পানী'ৰ দেৱান পদত যোগদান কৰিছিল । ১৮৪৫ চনত তেওঁ যোৰহাট আৰু শিৱসাগৰত নিজাকৈ চাহ বাগিচা খুলি প্ৰথম ভাৰতীয় চাহ খেতিয়ক হিচাপে পৰিগণিত হয় । মণিৰাম দেৱান আছিল অসমত ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ বাটকটীয়া । তেওঁ কেৱল ৰাজনৈতিক নহয়, অৰ্থনৈতিক স্বাধীনতাৰ বাবেও লোহা, সোণ, নাৱ নিৰ্মাণ আৰু ইটা উদ্যোগ স্থাপন কৰি আধুনিক অৰ্থনীতিৰ ভেটি গঢ়িছিল । ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সূচনা কৰাৰ অপৰাধত তেওঁক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ৰাজহুৱাকৈ ফাঁচী দিয়া হয় ।

    (ঘ) ড° বাণীকান্ত কাকতি

    উত্তৰ: ড° বাণীকান্ত কাকতিৰ জন্ম ১৮৯৪ চনৰ ১৫ নৱেম্বৰত বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত হৈছিল । তেওঁ এজন অতি মেধাৱী ছাত্ৰ আছিল আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ১৯১৮ চনত কটন কলেজত অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । তেওঁ ‘Assamese- Its Formation and Development’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰিছিল । ড° কাকতিদেৱে প্ৰমাণ কৰিছিল যে অসমীয়া এটা স্বতন্ত্ৰ আধুনিক ভাষা । তেওঁ 'কলিতা জাতিৰ ইতিবৃত্ত'ৰ দৰে বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰি গৈছে । তেওঁৰ মতে কলিতা জনগোষ্ঠীয় ভাষাৰ আধাৰত অইন জনগোষ্ঠীৰ উপাদানৰ সংমিশ্ৰণতহে আধুনিক পৰিপক্ক অসমীয়া ভাষাৰ সৃষ্টি হৈছে । ১৯৫২ চনৰ ১৫ নৱেম্বৰত এইগৰাকী মনীষীয়ে ইহলীলা সম্বৰণ কৰে ।






















































    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli

    🚨 Submit Complaint 🚨

    NoteSL

    We offer a unique, engaging experience that empowers students to become truly self-sufficient. By providing instant, high-quality solutions to every academic doubt, we remove learning roadblocks in real-time. Our mission is to transform the educational journey into a seamless, independent, and rewarding path toward mastery for every learner.

    notestudylearn@gmail.com

    Quicks Links

    About Us

    Privacy Policy

    Terms & Conditions

    Contact Us

    Affiliate Disclosure

    We share educational news & study materials on social media.

    Copyright © 2026 NoteSL

    Powered by Odoo - Create a free website