অতি চমু প্ৰশ্ন উত্তৰঃ
১. প্ৰশ্ন: "অসমীয়া উপন্যাসৰ ভূমিকা" গ্ৰন্থখনৰ স্ৰষ্টা কোন?
উত্তৰ: সত্যেন্দ্রনাথ শৰ্মা।
২. প্ৰশ্ন: কোন চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমীয়া জাতিৰ পাশ্চাত্যৰ লগত সংযোগ হৈছিল?
উত্তৰ: ১৮২৬ চনত।
৩. প্ৰশ্ন: আমেৰিকান বেপ্টিষ্ট মিছন প্ৰেছ ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ: ১৮৪৩ চনত শিৱসাগৰত স্থাপন কৰা হৈছিল।
৪. প্ৰশ্ন: খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত কিমান চনত 'অৰুনোদই' প্ৰকাশ পাইছিল?
উত্তৰ: ১৮৪৬ চনত।
৫. প্ৰশ্ন: প্ৰথম মৌলিক অসমীয়া উপন্যাস 'কামিনীকান্ত'ৰ লেখক কোন?
উত্তৰ: এ কে গাৰ্ণী।
৬. প্ৰশ্ন: হেমচন্দ্ৰ বৰুৱাৰ ব্যংগধর্মী উপন্যাসখনৰ নাম কি?
উত্তৰ: 'বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী'।
৭. প্ৰশ্ন: পোনপ্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া উপন্যাসখনৰ নাম কি?
উত্তৰ: 'মৃত্যুঞ্জয়' (বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য)।
৮. প্ৰশ্ন: পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰথমখন উপন্যাস কি আছিল?
উত্তৰ: 'ভানুমতী' (১৯০৮)।
৯. প্ৰশ্ন: ৰজনীকান্ত বৰদলৈক কোন উপাধিৰে জনা যায়?
উত্তৰ: 'উপন্যাস সম্ৰাট'।
১০. প্ৰশ্ন: অৰুণ শৰ্মাই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: 'আশীৰ্বাদৰ ৰং' (১৯৯৭ চনত)।
চমু প্ৰশ্ন উত্তৰঃ
১. প্ৰশ্ন: উপন্যাস বুলিলে কি বুজায়? সত্যেন্দ্রনাথ শৰ্মাৰ মতে উপন্যাসৰ সংজ্ঞা কি?
উত্তৰ: সাহিত্যৰ যিটো বিভাগে মানৱ জীৱনক পূৰ্ণ ৰূপত চিত্ৰিত কৰাৰ সুবিধা দিয়ে তাকে উপন্যাস বোলে। বিশিষ্ট সাহিত্যিক সত্যেন্দ্রনাথ শৰ্মাই 'অসমীয়া উপন্যাসৰ ভূমিকা' গ্ৰন্থত কৈছে যে, এটা বিশ্বাসযোগ্য কাহিনী, পৰিচিত নৰ-নাৰী, সমাজৰ বাস্তৱ সমস্যা আৰু মানুহৰ হৃদয়বেদনা আৰু আকাংক্ষাই যেতিয়া সুগঠিত আৰু সুসংহত ৰূপে প্ৰকাশ লাভ কৰে, তেতিয়াহে তাক উপন্যাস বুলি অভিহিত কৰা হয়।
২. প্ৰশ্ন: 'অৰুনোদই' কাকতৰ গুৰুত্ব সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ: ১৮৪৩ চনত শিৱসাগৰত স্থাপন হোৱা আমেৰিকান বেপ্টিষ্ট মিছন প্ৰেছৰ জৰিয়তে ১৮৪৬ চনত 'অৰুনোদই' প্ৰকাশ পায়। এই কাকতখনৰ পাততেই অসমীয়া আধুনিক কবিতা, গল্প, প্ৰবন্ধ, নাটক আৰু উপন্যাস সৃষ্টিৰ প্ৰথম কচৰৎ চলিছিল। অসমীয়া ভাষা-সাহিত্যৰ আধুনিকীকৰণ আৰু বিকাশৰ পথত এই কাকতখনৰ অৱদান অপৰিসীম।
৩. উপন্যাস বুলিলে কি বুজা?
উত্তৰ: সাহিত্যৰ বিভিন্ন বিভাগৰ ভিতৰত উপন্যাস হৈছে এনে এক গুৰুত্বপূৰ্ণ বিভাগ, যাৰ জৰিয়তে মানৱ জীৱনক পূৰ্ণ ৰূপত চিত্ৰিত কৰাৰ সুবিধা পোৱা যায়। সত্যেন্দ্রনাথ শৰ্মাদেৱৰ মতে— “এটা বিশ্বাসযোগ্য কাহিনী, পৰিচিত নৰ-নাৰী, সমাজৰ বাস্তব সমস্যা আৰু মানুহৰ হৃদয়বেদনা আৰু আকাংক্ষাই যেতিয়া সুগঠিত, সুসংহত ৰূপত প্রকাশ লাভ কৰে, তেতিয়াহে উপন্যাসৰূপে অভিহিত কৰা হয়।” দৰাচলতে বাস্তৱ জগতৰ বিশৃংখল আৰু উদ্দেশ্যবিহীন জীৱনক ঔপন্যাসিকে নিজৰ কলা-সুলভ কল্পনা আৰু সুন্দৰ ভাষাশৈলীৰে সুশৃংখল কৰি পঢ়ুৱৈৰ মাজলৈ আগবঢ়াই দিয়ে।
৪. উপন্যাসৰ উপাদানসমূহ কি কি?
উত্তৰ: উপন্যাস ৰচনাৰ ক্ষেত্ৰত প্ৰধান বুলি বিবেচিত উপাদানসমূহ হ’ল—
কাহিনী বা আখ্যান
চৰিত্ৰ
কথোপকথন বা সংলাপ
পৰিৱেশ সৃষ্টি
ঔপন্যাসিকৰ নিজা জীৱন দৰ্শন
কাহিনী কোৱাৰ বিশেষ ভংগী আৰু সাবলীল ভাষাশৈলী
৫. অসমীয়া উপন্যাসৰ অংকুৰণ কোন সময়ত হয়?
উত্তৰ: উনবিংশ শতিকাৰ প্ৰথম ভাগত অসমীয়া উপন্যাসৰ অংকুৰণ হৈছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসমীয়া জাতিৰ পাশ্চাত্যৰ লগত যোগাযোগ ঘটাৰ পিছত, খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত প্ৰকাশ পোৱা ‘অৰুনোদই’ (১৮৪৬) কাকতৰ পাততে অসমীয়া উপন্যাস সৃষ্টিৰ প্ৰথম কচৰৎ আৰম্ভ হৈছিল।
৬. ‘পিলগ্ৰীমুভ প্ৰ’গ্ৰেছ’ৰ অসমীয়া অনুবাদটো কি?
উত্তৰ: আমেৰিকান বেপ্টিষ্ট মিছনেৰী ড° নাথান ব্ৰাউনে জনপ্ৰিয় গ্ৰন্থ ‘পিলগ্ৰীমুভ প্ৰ’গ্ৰেছ’ (The Pilgrim's Progress)-ক অসমীয়ালৈ ‘যাত্ৰিকৰ যাত্ৰা’ নামেৰে অনুবাদ কৰিছিল। এই ৰূপকধৰ্মী অনুবাদৰ মাজেৰেই অসমীয়া পাঠক সমাজে প্ৰথম উপন্যাসৰ সোৱাদ লাভ কৰিছিল।
৭. ‘কামিনীকান্ত’ৰ ৰচক কোন?
উত্তৰ: ‘কামিনীকান্ত’ নামৰ গ্ৰন্থখনৰ ৰচক বা ঔপন্যাসিক হ’ল এ কে গাৰ্ণী (A. K. Gurney)।
৮. প্ৰশ্ন: প্ৰথম মৌলিক অসমীয়া উপন্যাস 'কামিনীকান্ত'ৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: এ কে গাৰ্ণীৰ দ্বাৰা ৰচিত আৰু ১৮৭৭ চনত প্ৰকাশিত 'কামিনীকান্ত' হ’ল প্ৰথম মৌলিক অসমীয়া উপন্যাস। এই উপন্যাসখন পোন্ধটা অধ্যায়ত বিভক্ত। ইয়াৰ কাহিনীৰ পটভূমি বঙালী সমাজৰ লগত তুলনীয় আৰু চৰিত্ৰ তথা ঠাইৰ নাম বংগদেশীয়া যদিও ভাষাৰ ফালৰ পৰা ইয়াক প্ৰথম মৌলিক অসমীয়া উপন্যাসৰ স্বীকৃতি দিয়া হৈছে।
৯. প্ৰশ্ন: পদ্মনাথ গোহাঞিবৰুৱাৰ 'ভানুমতী' উপন্যাসৰ পৰিচয় দিয়া।
উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাই মাত্ৰ ১৯ বছৰ বয়সতে 'ভানুমতী' উপন্যাসখন লিখি উলিয়াইছিল আৰু ১৯০৮ চনত গ্ৰন্থাকাৰে প্ৰকাশ পায়। উপন্যাসখনত আহোম সমাজৰ জীৱনধাৰা, আভিজাত্য আৰু সমসাময়িক সাংস্কৃতিক জীৱনবোধৰ সুন্দৰ চিত্ৰ ফুটি উঠিছে। সাধাৰণ দোষ-ত্রুটিক বাদ দি ইয়াক প্ৰথম অসমীয়া আত্মজীৱনীমূলক নাৰীবাদী উপন্যাস বুলিও ক’ব পাৰি।
১০. প্ৰশ্ন: ৰজনীকান্ত বৰদলৈক কিয় 'উপন্যাস সম্ৰাট' আখ্যা দিয়া হৈছে? তেওঁৰ উপন্যাসসমূহৰ মূল সমল কি?
উত্তৰ: বঙালী সাহিত্যৰ ঔপন্যাসিক বংকিমচন্দ্র চট্টোপাধ্যায়ৰ দৰে বুৰঞ্জীৰ আলমত সৰ্বশ্ৰেষ্ঠ উপন্যাস ৰচনা কৰাৰ বাবে ৰজনীকান্ত বৰদলৈক অসমৰ 'উপন্যাস সম্ৰাট' উপাধিৰে আখ্যায়িত কৰা হয়। তেওঁৰ সমগ্ৰ ৰচনাৰাজিত স্বদেশ আৰু স্বজাতিৰ প্ৰতি গভীৰ শ্ৰদ্ধা-প্ৰেম, অসমীয়া ভাষা-সাহিত্য, ধৰ্ম, মঠ-মন্দিৰ, কলা-সংস্কৃতি, লোকাচাৰ আৰু লোকবিশ্বাস সুন্দৰভাৱে ফুটি উঠিছে।
১১. ‘কামিনীকান্ত’ প্ৰকাশৰ চন কিমান?
উত্তৰ: ‘কামিনীকান্ত’ গ্ৰন্থখন ১৮৭৭ চনত প্ৰকাশ পাইছিল।
১২. ‘জোনাকী’ আলোচনী কোন চনত প্ৰকাশ হৈছিল?
উত্তৰ: ‘জোনাকী’ আলোচনীখন ১৮৮৯ চনত প্ৰকাশ হৈছিল।
১৩. পদ্মনাথ গোহাঞিবৰুৱাৰ উপন্যাস দুখনৰ নাম কি কি?
উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাৰ দুখন বিখ্যাত উপন্যাস হ’ল—
১. ‘ভানুমতী’ (১৯০৮)
২. ‘লাহৰী’ (১৮৯২)
১৪. অসমীয়া ‘উপন্যাস সম্ৰাট’ কোন?
উত্তৰ: বংগৰ প্ৰখ্যাত ঔপন্যাসিক বংকিমচন্দ্র চট্টোপাধ্যায়ৰ দৰেই অসমীয়া সাহিত্যত বুৰঞ্জীৰ আলমত সৰ্বশ্ৰেষ্ঠ উপন্যাস ৰচনা কৰাৰ বাবে ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যৰ ‘উপন্যাস সম্ৰাট’ বুলি আখ্যা দিয়া হয়।
১৫. ‘মিৰি জীয়ৰী’ কোন চনত প্ৰকাশ হৈছিল?
উত্তৰ: ৰজনীকান্ত বৰদলৈৰ প্ৰথমখন উপন্যাস ‘মিৰি জীয়ৰী’ ১৮৯৪ চনত প্ৰকাশ পাইছিল।
১৬. প্ৰশ্ন: বীণা বৰুৱা (বিৰিঞ্চি কুমাৰ বৰুৱা) ৰচিত 'জীৱনৰ বাটত' উপন্যাসখনৰ বিশেষত্ব কি?
উত্তৰ: ১৯৪৪ চনত প্ৰকাশিত বীণা বৰুৱাৰ 'জীৱনৰ বাটত' এখন শ্ৰেষ্ঠ উপন্যাস হোৱাৰ লগতে লোক-সংস্কৃতিৰো এক প্ৰামাণ্য দলিলস্বৰূপ। ঔপন্যাসিকগৰাকী নিজে লোক-সংস্কৃতিৰ গৱেষক হোৱাৰ বাবে উপন্যাসখনত অসমীয়া গণজীৱনৰ লোক-সাংস্কৃতিক আবেদন, লোকগীত, জন্ম, মৃত্যু আৰু বিবাহ সম্পৰ্কীয় লোকবিশ্বাস তথা লোকাচাৰ অতি সুন্দৰভাৱে প্ৰতিবিম্বিত হৈছে।
১৭. প্ৰশ্ন: বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ 'ঈয়াৰুইঙ্গম' উপন্যাসখনৰ পটভূমি চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ: বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যলৈ প্ৰথম জ্ঞানপীঠ বঁটা কঢ়িয়াই অনা 'ঈয়াৰুইঙ্গম' নগা জনজাতীয় জীৱনৰ পটভূমিত ৰচিত এখন সার্থক উপন্যাস। ঔপন্যাসিকে নগাসকলৰ লগত প্ৰত্যক্ষ সংযোগ আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ জৰিয়তে টাংখুল নগা সমাজৰ আৰ্থ-সামাজিক, ৰাজনৈতিক অস্থিৰতা, পৰম্পৰাগত বিশ্বাস তথা নতুন আৰু পুৰণিৰ মাজৰ দ্বন্দ্বৰ এক জীৱন্ত ছবি ইয়াত প্ৰকাশ কৰিছে।
১৮. প্ৰশ্ন: হোমেন বৰগোহাঞিৰ 'অন্তৰাগ' উপন্যাসৰ মূল বিষয়বস্তু কি?
উত্তৰ: ১৯৮৬ চনত প্ৰকাশিত হোমেন বৰগোহাঞিৰ 'অন্তৰাগ' এক ব্যতিক্ৰমি পাশ্চাত্য ভাবধাৰাভিত্তিক উপন্যাস। মানৱ জীৱনৰ বাৰ্ধক্যক প্ৰতিনিধিত্ব কৰা এই উপন্যাসখনত মানুহৰ মৃত্যু আৰু বাৰ্ধক্যৰ যাতনাকাতৰতা, গ্ৰাম্য জীৱনৰ সংগ্ৰাম তথা বৃদ্ধ কালৰ অসহায় অৱস্থাৰ এক জীৱন্ত আৰু মৰ্মস্পৰশী বৰ্ণনা দাঙি ধৰা হৈছে।
১৯. প্ৰশ্ন: মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ মূল সুঁতিটো কি বা তেওঁৰ সাহিত্যৰ বৈশিষ্ট্য কি?
উত্তৰ: জ্ঞানপীঠ বঁটা বিজয়ী লেখিকা মামণি ৰয়ছম গোস্বামী এগৰাকী কষ্টসহিষ্ণু ঔপন্যাসিক। জীবনৰ দুখ, সমাজৰ দুখ, নিপীড়িত আৰু শোষিত মানুহৰ বেদনা তেওঁৰ অন্তৰত সাগৰৰ দৰে লীন হৈছিল। সেই বেদনাৰ মাজেদি তেওঁ 'মামৰে ধৰা তৰোৱাল', 'পতাৰ হাতীৰ উয়ে খোৱা হাওদা' আদি একোখন মূল্যবান তথা প্ৰমূল্যৱান উপন্যাস অসমীয়া সাহিত্যলৈ উপহাৰ দি গৈছে।
২০. প্ৰশ্ন: অৰূপা পটঙ্গীয়া কলিতাৰ 'অয়নান্ত' উপন্যাসখনৰ পৰিচয় দিয়া।
উত্তৰ: ১৯৯৪ চনত প্ৰকাশিত অৰূপা পটঙ্গীয়া কলিতাৰ 'অয়নান্ত' স্বাধীনতাৰ পূৰ্বৰ অসমৰ বহল সামাজিক আৰু ৰাজনৈতিক পটভূমিত নির্মিত এখন নাৰীকেন্দ্রিক সার্থক উপন্যাস। এই উপন্যাসখনত বিশেষকৈ এগৰাকী ছোৱালীৰ মানসিক গঠন, বিকাশ আৰু বীণাপাণিৰ মাজেদি সমাজত নাৰীৰ স্থান তথা দশৰ প্ৰকৃত ছবি অতি সুন্দৰ আৰু মননশীলভাৱে চিত্ৰিত কৰা হৈছে।
২১. ‘নির্মল ভকত’ উপন্যাসৰ কাহিনীভাগ চমুৱাই লিখা।
উত্তৰ: ৰজনীকান্ত বৰদলৈৰ ঐতিহাসিক উপন্যাস ‘নির্মল ভকত’ৰ কাহিনীভাগ মানৰ দ্বিতীয় আৰু তৃতীয় আক্ৰমণৰ পটভূমিত ৰচিত। উপন্যাসখনৰ মুখ্য চৰিত্ৰ নিৰ্মলে এজন ডাঙৰীয়াৰ আগত নিজৰ জীৱনৰ দুখৰ কাহিনী প্ৰকাশ কৰি গৈছে। সৰুৰে পৰা একেলগে ফুৰি ডাঙৰ-দীঘল হোৱা নিৰ্মল আৰু ৰূপহীৰ শৈশৱৰ মৰম ক্ৰমে যৌৱনত প্ৰণয়লৈ ৰূপান্তৰিত হৈছিল। কিন্তু মানৰ আক্ৰমণৰ ফলυপৰি সৃষ্টি হোৱা ৰাজনৈতিক বিপর্যয় আৰু সামাজিক অস্থিৰতাই সিহঁতৰ সুন্দৰ জীৱনৰ ছন্দ ভাঙি পেলায়। সকলো দুখ-যন্ত্ৰণাৰ মাজেৰেও নিৰ্মল এজন একনিষ্ঠ প্ৰেমিক আৰু দেশপ্ৰেমিক হিচাপে প্ৰতিভাত হৈছে।
২২. ‘হত্যাকাৰী কোন’ উপন্যাসৰ ৰচক কোন?
উত্তৰ: ‘হত্যাকাৰী কোন’ নামৰ ৰহস্যমূলক তথা ডিটেক্টিভধর্মী উপন্যাসখনৰ ৰচক হ’ল দণ্ডিনাথ কলিতা।
২৩. ঔপন্যাসিক হিচাপে বীণা বৰুৱাৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: উত্তৰ-যুদ্ধ যুগৰ অসমীয়া উপন্যাস সাহিত্যত বীণা বৰুৱা (আচল নাম— বিৰিঞ্চি কুমাৰ বৰুৱা) এগৰাকী শীৰ্ষস্থানীয় ঔপন্যাসিক। তেওঁৰ ‘জীৱনৰ বাটত’ (১৯৪৪) আৰু ‘সেউজী পাতৰ কাহিনী’ (১৯৫৮) অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। ইয়া ভিতৰত ‘জীৱনৰ বাটত’খনে শ্ৰেষ্ঠত্বৰ দাবীদাৰ হোৱাৰ লগতে অসমীয়া লোক-সংস্কৃতিৰো এক প্ৰামাণ্য দলিলস্বৰূপ স্থান দখল কৰিছে। তেওঁৰ উপন্যাসত অসমীয়া জনজীৱনৰ বিয়া, জন্ম, মৃত্যুৰ লোকাচাৰ, লোকগীত আৰু লোকবিশ্বাস অতি স্বাভাৱিকভাৱে প্ৰতিফলিত হৈছে।
২৪. ঔপন্যাসিক হিচাপে চৈয়দ আব্দুল মালিকৰ এটি পৰিচয়মূলক টোকা লিখা।
উত্তৰ: : চৈয়দ আব্দুল মালিক অসমীয়া সাহিত্য জগতৰ এগৰাকী অত্যন্ত জনপ্ৰিয় গল্পকাৰ আৰু প্ৰবল প্ৰতিভাশালী ঔপন্যাসিক। তেওঁ ‘সূৰ্যমুখীৰ স্বপ্ন’, ‘ৰূপতীৰ্থৰ যাত্রী’, ‘অঘৰী আত্মাৰ কাহিনী’, ‘মাটিৰ চাকি’ আদি বহুমূলোৱা গ্ৰন্থ ৰচনা কৰি অসমীয়া উপন্যাসলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে। তেওঁৰ উপন্যাসৰ মূল বিষয়বস্তু হ’ল মানৱীয় মূল্যবোধ আৰু প্ৰেম। মালিকৰ উপন্যাসসমূহত প্ৰেমৰ বৈচিত্ৰ্যৰ লগতে সমাজৰ অৱক্ষয়, ব্যক্তিৰ সংশয়বোধ, হতাশা আৰু গভীৰ জীৱননিষ্ঠা সুন্দৰভাৱে ফুটি উঠিছে।
২৫. অসমীয়া উপন্যাসৰ বৰঁতী ধাৰাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অৱদান কি? সেই সম্পৰ্কে এটি আলোচনা যুগুতোৱা।
উত্তৰ: অসমীয়া উপন্যাস সাহিত্যক বিশ্বদৰবাৰলৈ নিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী ঔপন্যাসিক হ’ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁৰ ‘মৃত্যুঞ্জয়’, ‘ঈয়াৰুইঙ্গম’, ‘ৰাজপথে ৰিঙিয়াই’, ‘প্ৰতিপদ’ আদি উপন্যাস বাস্তৱ আৰু ৰাজনৈতিক পটভূমিত ৰচিত। বিশেষকৈ ‘ঈয়াৰুইঙ্গম’ উপন্যাসখন নগা জনজাতীয় জীৱন, ত্যাংখুলনগা সমাজৰ ৰাজনৈতিক অস্থিৰতা আৰু মানৱীয় মূল্যবোধৰ এক অনন্য দলিল। তেওঁৰ উপন্যাসবোৰক মূলত ৰাজনৈতিক ভাবধাৰা (সমাজবাদী, গণতান্ত্রিক) আৰু মানৱীয় প্ৰমূল্যৰ আধাৰত দুভাগত ভাগ কৰিব পাৰি।
২৬. হোমেন বৰগোহাঞিয়ে অসমীয়া উপন্যাস ক্ষেত্ৰখনত কেনে অৱদান যোগাইছে চমুৱাই লিখা।
উত্তৰ: হোমেন বৰগোহাঞি এগৰাকী সমাজসচেতন আৰু প্ৰতিভাশালী ঔপন্যাসিক। তেওঁৰ ‘সুবালা’, ‘তান্ত্ৰিক’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘পিতা-পুত্ৰ’, ‘অন্তৰাগ’, ‘মৎস্যগন্ধা’ আদি উপন্যাস অসমীয়া সাহিত্যৰ অমূল্য সৃষ্টি। তেওঁ সাধাৰণ গাঁৱলীয়া মানুহৰ জীৱন সংগ্ৰাম, মানুহৰ বাৰ্ধক্য আৰু মৃত্যুৰ যাত্ৰা অতি গভীৰ আন্তৰিকতা আৰু মমতাবোধেৰে ফুটাই তুলিছে। বিশেষকৈ ‘অন্তৰাগ’ আৰু ‘হালধীয়া চৰায়ে বাওধান খায়’ উপন্যাসে মধ্যবিত্ত সমাজৰ সংঘাত আৰু গ্ৰাম্য জীৱনৰ বাস্তৱ ছবি সুন্দৰভাৱে দাঙি ধৰিছে।
২৭. ঔপন্যাসিক হিচাপে লক্ষ্মীহন্দন বৰা বিষয়ে লিখা।
উত্তৰ: লক্ষ্মীনন্দন বৰা অসমীয়া গ্ৰাম্য জীৱনৰ এগৰাকী সার্থক ৰূপকাৰ তথা সফল আঞ্চলিক ঔপন্যাসিক। গাঁও আৰু নগৰৰ সংঘাত, আধুনিক প্ৰগতিবাদ তথা সমাজৰ বিভিন্ন সংস্কাৰ তেওঁৰ উপন্যাসৰ মূল উপজীব্য। তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহ হ’ল— ‘গংগা চিলনীৰ পাখি’, ‘পাতাল ভৈৰৱী’, ‘উত্তৰ পুৰুষ’, ‘মাটিত মেঘৰ খেদি’ আদি। তেওঁৰ গ্ৰন্থসমূহে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে।
২৮. অসমীয়া উপন্যাস সাহিত্যলৈ মামণি ৰয়ছম গোস্বামীৰ অৱদান কেনেবনৰ সেই বিষয়ে লিখা।
উত্তৰ: জ্ঞানপীঠ বঁটা প্ৰাপক ড° মামণি ৰয়ছম গোস্বামী অসমীয়া উপন্যাস জগতৰ এগৰাকী কষ্টসহিষ্ণু আৰু বিশ্ববিখ্যাত লেখিকা। তেওঁৰ ‘নীলকণ্ঠী ব্ৰজ’, ‘মামৰে ধৰা তৰোৱাল’, ‘আধালখা দস্তাবেজ’, ‘পাহাৰ হাতীৰ উয়ে খোৱা হাওদা’ আদি উপন্যাস মানৱীয় বেদনা আৰু নিপীড়িত শোষিত মানুহৰ সংগ্ৰামৰ দলিল। সমাজৰ গভীৰলৈ গৈ মানুহৰ দুখ-যন্ত্ৰণা আৰু সংস্কাৰৰ ছবি তেওঁ অতি নিপুণভাৱে নিজৰ উপন্যাসমূহত প্ৰতিফলিত কৰি গৈছে।
২৯. ঔপন্যাসিক হিচাপে অৰুণ শৰ্মাৰ বিষয়ে লিখা।
উত্তৰ: এগৰাকী স্বনামধন্য নাট্যকাৰ হোৱাৰ উপৰিও অৰুণ শৰ্মাই উপন্যাস খণ্ডতো নিজৰ পাৰদৰ্শিতা দেখুৱাই গৈছে। তেওঁৰ প্ৰকাশিত উপন্যাসসমূহ হ’ল— ‘উভলা শিপা’, ‘পৰশুৰাম’ আৰু ‘আশীৰ্বাদৰ ৰং’। ইয়াৰ ভিতৰত ‘আশীৰ্বাদৰ ৰং’ উপন্যাসখনৰ বাবে তেখেতে ১৯৯৭ চনত সন্মানীয় সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
৩০. ‘অসমীয়া উপন্যাসৰ ধাৰা’ এই শিতানত এটি আলোচনা যুগুতোৱা।
উত্তৰ: অসমীয়া উপন্যাসৰ ধাৰা বুলি ক’লে ১৮৪৬ চনৰ ‘অৰুনোদই’ৰ পাতৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে বিকশিত হোৱা বিশাল সাহিত্যিক গতিকে বুজায়। প্ৰথম অৱস্থাত খ্ৰীষ্টান মিছনেৰীসকলৰ হাতত ইয়াৰ শুভাৰম্ভ হৈছিল যদিও পিছলৈ পদ্মনাথ গোহাঞি বৰুৱা, ৰজনীকান্ত বৰদলৈ আদিৰ হাতত ই এক সুদৃঢ় ৰূপ লয়। কালক্ৰমে ইয়াণ্ডাবু সন্ধিৰ পৰা আৰম্ভ কৰি দ্বিতীয় বিশ্বযুদ্ধ, স্বাধীনতা আন্দোলন, অসম আন্দোলন আৰু বিভিন্ন সামাজিক পৰিৱৰ্তনৰ মাজেৰে ঐতিহাসিক, সামাজিক, ৰাজনৈতিক, আঞ্চলিক, মনস্তাত্ত্বিক আদি বিভিন্ন ধাৰাত অসমীয়া উপন্যাসে বিকশিত হৈ আজি এক বিশাল বৰপথাৰ সৃষ্টি কৰিছে।