Skip to Content
Note SL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
Note SL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test
    Unit I

    অসমীয়া চুটিগল্পৰ ইতিহাস (আৰম্ভণিৰ পৰা ২০০০ খ্ৰীষ্টাব্দলৈকে)


    অতি চমু প্ৰশ্ন উত্তৰঃ

    ১. প্ৰশ্ন: বিশ্বৰ আটাইতকৈ পুৰণি কথা-সাহিত্য সমৃদ্ধ দেশ কোনখন বুলি কোৱা হয়?

    উত্তৰ: ভাৰতবৰ্ষ।

    ২. প্ৰশ্ন: কোনগৰাকী জার্মান পণ্ডিতৰ ভাষাত ভাৰতবৰ্ষক 'সকলো গল্পৰ জন্মভূমি' বুলি অভিহিত কৰা হৈছে?

    উত্তৰ: বেনফি (Benfey)।

    ৩. প্ৰশ্ন: কোনখন দেশত আৰু কিমান শতিকাত চমু গদ্যত ৰচিত 'Novellino' নামৰ গল্পৰ জৰিয়তে চুটিগল্পৰ ইতিহাস আৰম্ভ হৈছিল?

    উত্তৰ: ইটালীত, এয়োদশ শতিকাত।

    ৪. প্ৰশ্ন: কোন দুটা শব্দৰ পৰা 'Novel' শব্দৰ উৎপত্তি হৈছে?

    উত্তৰ: Novelete আৰু Novella শব্দৰ পৰা।

    ৫. প্ৰশ্ন: চুটিগল্পৰ সম্পৰ্কে লক্ষ্য আৰু ফলশ্রুতিৰ একমুখিতাৰ বিশেষত্বৰ কথা কোনগৰাকী পণ্ডিতে উল্লেখ কৰিছে?

    উত্তৰ: ডব্লিউ. এইচ. হাডছন (W. H. Hudson)।

    ৬. প্ৰশ্ন: ফ্ৰান্সৰ কোনগৰাকী গল্পকাৰক চুটিগল্পৰ বাটকটীয়া (Pioneer) বুলি কোৱা হয়?

    উত্তৰ: হ’ন’ৰে দ্য বালজাক (Honoré de Balzac)।

    ৭. প্ৰশ্ন: বঙলা ভাষাৰ প্ৰথম সাহিত্য পত্ৰিকাখনৰ নাম কি?

    উত্তৰ: 'বংগদৰ্শন'।

    ৮. প্ৰশ্ন: অসমীয়া সাহিত্যত কোনখন আলোচনীৰ জৰিয়তে চুটিগল্পৰ ধাৰা সৃষ্টি হৈছিল?

    উত্তৰ: 'জোনাকী' আলোচনীৰ জৰিয়তে।

    ৯. প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম চুটিগল্পটিৰ নাম কি?

    উত্তৰ: 'সেউতী'।

    ১০. প্ৰশ্ন: কোন চনত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম চুটিগল্প সংকলন 'সুৰভি' প্ৰকাশ পায়?

    উত্তৰ: ১৯০৯ চনত।

    ১১। অসমীয়া চুটি গল্পৰ জনক কোন?

    উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।

    ১২। প্রথম অসমীয়া চুটিগল্পৰ নাম কি?

    উত্তৰ: 'সেউতী' (১৮৯২ চনত 'জোনাকী' আলোচনীৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত)।

    ১৩। লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পপুথিখনৰ নাম কি?

    উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম চুটিগল্প সংকলনখনৰ নাম হ'ল 'সুৰভি' (১৯০৯ চনত প্ৰকাশিত)। ইয়াৰোপৰি তেওঁৰ আন কেইখনমান গল্পপুথি হ'ল— 'সাধুকথাৰ কুকি', 'জোনবিৰি' আৰু 'কেহোঁকলি'।

    ১৪। চুটিগল্প শব্দটো ক'ৰ পৰা অহা?

    উত্তৰ: লেটিন ভাষাৰ 'Historia' শব্দৰ পৰা 'Story' শব্দটো আহিছে, আৰু তাৰ পৰাই ক্ৰমে 'চুটিগল্প' (Short Story) ৰূপটোৰ সৃষ্টি হৈছে।

    চমু প্ৰশ্ন উত্তৰঃ

    ১. প্ৰশ্ন: চুটিগল্পৰ উৎপত্তিৰ প্ৰাচীন উৎস আৰু লোক-কাহিনীৰ ভূমিকা সম্পর্কে চমুকৈ লিখক।

    উত্তৰ: চুটিগল্পৰ প্ৰথম ৰূপ আছিল প্ৰাগৈতিহাসিক সময়ৰ সাধুকথা বা মৌখিক লোক-কাহিনী। ঋকবেদ, ৰামায়ণ, মহাৰাভত, পুৰাণ, জাতক, পঞ্চতন্ত্ৰ আদিৰ কাহিনীৰে প্ৰাচীন ভাৰত সমৃদ্ধ আছিল। ধৰ্ম আৰু নীতি শিক্ষাৰ প্ৰেৰণাত জাতক সাহিত্য আৰু বাইবেলৰ পেৰাৱলছ আদিৰ সৃষ্টি হৈছিল। এই প্ৰাচীন ভাৰতীয় কাহিনীসমূহে ইউৰোপৰ সাহিত্যকো প্ৰভাৱিত কৰিছিল।

    ২. প্ৰশ্ন: চুটিগল্পৰ সংজ্ঞা নিৰ্ধূৰণ কৰি ইয়াৰ মূল বৈশিষ্ট্য সম্পৰ্কে ইডগাৰ এলেন পো (Edgar Allan Poe) আৰু ডব্লিউ. এইচ. হাডছনৰ মত কি?

    উত্তৰ: আমেৰিকান গল্পকাৰ ইডগাৰ এলেন পো-ৰ মতে, চুটিগল্প হ’ব লাগিব একোটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা আৰু ইয়াৰ ফলশ্ৰুতি হ’ব লাগিব একমুখী। আনহাতে, ডব্লিউ. এইচ. হাডছনৰ মতে চুটিগল্পত এটা মূলভাৱ থাকিব লাগিব আৰু লক্ষ্য তথা ফলশ্ৰুতিৰ একমুখিতাই হ’ল চুটিগল্পৰ প্ৰধান বিশেষত্ব।

    ৩. প্ৰশ্ন: কোন কেইটা ঐতিহাসিক ঘটনাই ইউৰোপত নব্য-ৰোমাণ্টিকতা আৰু নব্য মানবতাবাদৰ ভেটি প্ৰতিষ্ঠা কৰিছিল?

    উত্তৰ: অষ্টাদশ শতিকাত ইউৰোপত নব্য ৰোমান্তিকতাৰ ঢৌৱে চিন্তা-চেতনাক উদ্বেলিত কৰিছিল। ফ্ৰান্সত প্ৰৱৰ্তিত নতুন সামাজিক দৰ্শন, তুৰীয়বাদ আৰু ফৰাছী বিপ্লৱৰ দ্বাৰা ঘোষিত সাম্য-মৈত্ৰী-স্বাধীনতাৰ বাণী— এই তিনিটা ঐতিহাসিক ঘটনাই নব্য-ৰোমাণ্টিকতা আৰু নব্য মানবতাবাদৰ সুদৃঢ় ভেটি প্ৰতিষ্ঠা কৰিছিল।

    ৪. প্ৰশ্ন: উনবিংশ শতিকাত ইউৰোপ আৰু আমেৰিকাত চুটিগল্প বিকাশ লাভ কৰাৰ অন্যতম কাৰণ কি আছিল?

    উত্তৰ: উনবিংশ শতিকাত ইউৰোপীয় আৰু আমেৰিকান চুটিগল্প বিকাশ লাভ কৰাৰ অন্যতম প্ৰধান কাৰণ আছিল বিভিন্ন দেশৰ পৰা প্ৰকাশ হোৱা ক্ষুদ্ৰ পত্ৰিকা আৰু আলোচনীসমূহ। বিশেষকৈ আলোচনীবোৰৰ কলেৱৰ সৰু হোৱা হেতুকে লেখাবোৰ চুটি কৰিব লগা হৈছিল, যাৰ ফলত চুটিগল্পৰ বিকাশ খৰটকীয়া হৈ পৰিছিল।

    ৫. প্ৰশ্ন: পাশ্চাত্যৰ কোন কোন দেশৰ হাতত আধুনিক চুটিগল্পই পূৰ্ণ বিকাশ লাভ কৰিছিল?

    উত্তৰ: উনবিংশ শতিকাত চুটিগল্পৰ বিকাশ লাভ কৰা প্ৰধান চাৰিখন দেশ আছিল ফ্ৰান্স, ৰাছিয়া, জার্মানী আৰু আমেৰিকা। ফ্ৰান্সত মোপাছাৰ হাতত, ৰাছিয়াত পুস্কিন, গ'গ'ল, টলষ্টয় আৰু চেকভৰ হাতত, জার্মানিত গ্যেটে, হাইনে আদিৰ হাতত আৰু আমেৰিকাত আৰভিং, এডগাৰ এলেন পো, অ' হেনৰি আদিৰ হাতত চুটিগল্পই পূৰ্ণ বিকাশ লাভ কৰিছিল।

    ৬। চুটিগল্প বুলিলে কি বুজা?

    উত্তৰ: চুটিগল্প হৈছে সাহিত্যৰ এটা আকৰ্ষণীয় ধাৰা, যিটো সাধাৰণতে এওঁটা বৈঠকতে বা একে উশাহতে পঢ়ি শেষ কৰিব পাৰি। বিখ্যাত আমেৰিকান সাহিত্যিক এডগাৰ এলেন প’ৰ মতে, চুটিগল্প হ’ব লাগিব এনেকুৱা এটা ৰচনা যিটো এটা বহিঠকত পঢ়ি শেষ কৰিব পাৰি আৰু ইয়াৰ ফলশ্ৰুতি বা মূলভাৱ একেমুখী হয়। ইয়াৰ পৰিসৰ সৰু হয় আৰু ইয়াৰ জৰিয়তে মানৱ জীবনৰ কোনো এটা বিশেষ দিশ বা সত্য সুন্দৰভাৱে প্রকাশ পায়।

    ৭। চুটিগল্পৰ দুটা বৈশিষ্ট্য লিখা।

    উত্তৰ:

      • ক) চুটিগল্পৰ মূল লক্ষ্য আৰু ফলশ্ৰুতি একেমুখী হ’ব লাগিব, অৰ্থাৎ ইয়াৰ মাজত এটা কেন্দ্ৰীয়ভাৱ বা মূল আধাৰ থাকিব লাগে।

      • খ) ই আকাৰত চুটি হয় আৰু সাধাৰণতে এহ বসেই পঢ়ি শেষ কৰিব পাৰি।

    ৮। জোনাকী যুগৰ চুটিগল্পৰ বৈশিষ্ট্য লিখা।

    উত্তৰ: জোনাকী যুগৰ অসমীয়া চুটিগল্পসমূহ মূলতঃ নিম্ন-মধ্যবিত্ত গ্ৰাম্য জীৱনৰ পটভূমিত ৰচিত আছিল। এই যুগৰ গল্পসমূহত অসমৰ গাঁৱৰ জীৱন-প্ৰবাহ, নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ তথা বিভিন্ন সামাজিক ৰীতি-নীতিৰ প্ৰতিফলন দেখা যায়। ইয়াৰ লগতে পশ্চিমীয়া সাহিত্যৰ অধ্যয়নে গঢ় দিয়া উদাৰ মানৱতাবাদ, যুক্তিবাদী মন আৰু সমাজৰ কু-সংস্কাৰ তথা অন্ধবিশ্বাসৰ বিৰুদ্ধে ব্যংগাত্মক প্ৰকাশ এই যুগৰ চুটিগল্পৰ অন্যতম প্ৰধান বৈশিষ্ট্য আছিল।

    ৬. প্ৰশ্ন: ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত পাশ্চাত্যৰ প্ৰভাৱত কোন কোন সাহিত্যিকৰ হাতত আধুনিক চুটিগল্পৰ জন্ম হৈছিল?

    উত্তৰ: পাশ্চাত্যৰ প্ৰভাৱতে উনবিংশ শতিকাৰ শেষৰ ফালে ভাৰতবৰ্ষতো চুটিগল্পৰ বিকাশ ঘটে। ইয়াৰ ভিতৰত ওড়িয়া সাহিত্যত ফকিৰ মোহন সেনাপতিৰ হাতত, বঙলা সাহিত্যত ৰবীন্দ্রনাথ ঠাকুৰৰ হাতত, হিন্দী সাহিত্যত প্রেমচন্দ্ৰৰ হাতত আৰু অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত আধুনিক চুটিগল্পই জন্ম লাভ কৰে।

    ৭. প্ৰশ্ন: জোনাকী যুগৰ অসমীয়া চুটিগল্পৰ মূল বিষয়বস্তু আৰু বৈশিষ্ট্যসমূহ কি আছিল?

    উত্তৰ: জোনাকী যুগৰ অসমীয়া গল্পসমূহ আছিল মূলতঃ নিম্ন-মধ্যবিত্ত গ্ৰাম্য জীৱনৰ পটভূমিত ৰচিত। অসমৰ গাঁৱৰ জীৱন প্ৰবাহ, নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ, সৎ-অসৎ, পাপ-পুণ্য আদিৰ প্ৰতিফলন ইয়াৰ বিষয়বস্তু আছিল। বেজবৰুৱাই তেওঁৰ গল্পত মানুহৰ ভণ্ডামি, অন্ধবিশ্বাস আৰু কু-সংস্কাৰক তীব্ৰ ব্যংগ কৰাৰ লগতে নাৰীৰ প্ৰতি উদাৰ মানৱিক দৃষ্টিভংগী প্ৰকাশ কৰিছিল।

    ৮. প্ৰশ্ন: আৱাহন যুগৰ চুটিগল্পৰ অন্যতম বৈশিষ্ট্য আৰু মনস্তাত্ত্বিক প্ৰভাৱ বিষয়ে চমুকৈ লিখক।

    উত্তৰ: আৱাহন যুগৰ (১৯২৯ চনৰ পৰা) গল্পকাৰসকলৰ ৰচনাত পৰম্পৰাৰ পৰিৱৰ্তে ব্যক্তিহৃদয় আৰু সমাজৰ সমস্যাই নতুন ৰূপ ল’লে। ফ্ৰয়েড, এডলাৰ আদি মনোবিজ্ঞানীসকলৰ মনস্তাত্ত্বিক বিশ্লেষণ তথা মোপাছাৰ আৰু চেকভৰ প্ৰভাৱ এই যুগৰ গল্পত স্পষ্ট হৈ পৰিল। চৰিত্ৰৰ মনস্তাত্ত্বিক দ্বন্দ্ব-সংঘাত আৰু জৈৱিক কামনাবাসনাৰ বিশ্লেষণে আৱাহনৰ গল্পক সমৃদ্ধ কৰিছিল।

    ৯. প্ৰশ্ন: ৰামধেনু যুগৰ চুটিগল্পৰ পটভূমি আৰু ইয়াৰ গুৰুত্বপূৰ্ণ গল্পকাৰসকলৰ নাম উল্লেখ কৰক।

    উত্তৰ: দ্বিতীয় বিশ্বযুদ্ধ, ৰাজনৈতিক সংঘাত, দেশ বিভাজন আৰু সামাজিক-নৈতিক মূল্যবোধৰ অৱক্ষয়ৰ পটভূমিত ৰামধেনু যুগৰ চুটিগল্প গঢ় লৈ উঠিছিল। এই যুগৰ অসমীয়া চুটিগল্পক শক্তিশালী ৰূপত বিকশিত কৰা উল্লেখযোগ্য গল্পকাৰসকল হ'ল— চৈয়দ আব্দুল মালিক, মহিম বৰা, সৌৰভ কুমাৰ চলিহা, ভবেন্দ্ৰনাথ শইকীয়া, হোমেন বৰগোহাঞি, অতুলানন্দ গোস্বামী আদি।

    ১০. প্ৰশ্ন: সাম্প্ৰতিক যুগৰ (১৯৭০ ৰ পৰা ২০০০ চনলৈ) অসমীয়া চুটিগল্পৰ মূল বিষয়বস্তু কি আছিল?

    উত্তৰ: ১৯৭০ ৰ পৰা ২০০০ চনলৈকে সময়ছোৱাক অসমীয়া চুটিগল্পৰ সাম্প্ৰতিক যুগ বুলি কোৱা হয়। এই সময়ছোৱাৰ মূল বিষয়বস্তু আছিল অসমৰ ঐতিহাসিক আন্দোলন, বৈদেশিক প্ৰব্ৰজন সমস্যা, ৰাজনৈতিক অস্থিৰতা আৰু পুঁজিপতিৰ উত্থানে সৃষ্টি কৰা সমাজৰ বহুমূৰীয়া সংকট। ব্যক্তিকেন্দ্ৰিক ভোগবাদী প্ৰৱণতা আৰু অৰ্থনৈতিক অৱক্ষয়ে গ্ৰাম্য তথা নগৰীয়া সমাজত পেলোৱা প্ৰভাৱ এই সময়ৰ গল্পত বস্তুনিষ্ঠভাৱে প্ৰতিফলিত হৈছে।

    বহলাই আলোচনা কৰা :

    ১। চুটিগল্পৰ উৎপত্তি আৰু বিকাশ সম্পর্কে আলোচনা কৰা।

    উত্তৰ: চুটিগল্পৰ উৎস বিচাৰি গ’লে প্ৰাগৈতিহাসিক যুগৰ সাধুকথা বা মৌখিক লোককাহিনীলৈ যাব লাগিব, যিবিলাক লিখিত সাহিত্যতকৈও পুৰণি। ভাৰতবৰ্ষত ঋকবেদ, পুৰাণ, জাতক, হিতোপদেশ, পঞ্চতন্ত্র আদিৰ কাহিনীৰে প্রাচীন কালৰে পৰা কথা-সাহিত্য চহকী হৈ আছিল। জার্মান পণ্ডিত বেনফিৰ মতে, ভাৰতবৰ্ষ হ’ল “সকলো গল্পৰ জন্মভূমি”। ইউৰোপত ত্ৰৈদশ শতিকাত ইটালীত চমু গদ্যত ৰচিত গল্প 'Novellino' ৰ দ্বাৰা আধুনিক চুটিগল্পৰ বাট মুকলি হৈছিল। ঊনবিংশ শতিকাত ফ্ৰান্স, ৰাশিয়া, জার্মানি আৰু আমেৰিকাত চুটিগল্পই পূৰ্ণ বিকাশ লাভ কৰে। ফ্ৰান্সৰ বালজাক, মোপাছা, ৰাছিয়াৰ আলেকজেণ্ডাৰ পুস্কিন, এন্টন চেকভ, আমেৰিকাত ৱাছিংটন আৰ্ভিং আৰু এডগাৰ এলেন প’ আদিৰ হাতত চুটিগল্প এক স্বতন্ত্ৰ শিল্প হিচাপে পৰিপূৰ্ণ হৈ উঠে। পাছলৈ পাশ্চাত্যৰ প্ৰভাৱ আৰু বিভিন্ন সাহিত্য আলোচনীৰ প্ৰসাৰৰ ফলত ভাৰতৰ বিভিন্ন প্ৰদেশৰ লগতে অসমতো আধুনিক চুটিগল্পৰ জন্ম আৰু বিকাশ ঘটে।

    ২। চুটিগল্প সম্পর্কে পণ্ডিতসকলৰ মতামতম দি চুটিগল্পৰ সংজ্ঞা আগবঢ়োৱা।

    উত্তৰ: চুটিগল্পৰ সঠিক সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ গৈ বিভিন্ন পণ্ডিতে বিভিন্ন মত প্ৰকাশ কৰি গৈছে। ডব্লিউ. এইচ. হাডছনৰ (W. H. Hudson) মতে, চুটিগল্পত এটা মূলভাৱ (Idea) থাকিব লাগিব আৰু সেই ভাবটোকে একান্তভাৱে একমুখী কৰি প্ৰকাশ কৰিব লাগিব; লক্ষ্যৰ একমুখিতা আৰু ফলশ্ৰুতির একমুখিতাই হ’ল চুটিগল্পৰ মূল বিশেষত্ব। সেইদৰে, বিখ্যাত গল্পকাৰ এডগাৰ এলেন প’ৰ (Edgar Allan Poe) মতে— চুটিগল্প হ’ব লাগিব এনেকুৱা এটা ৰচনা, যিটো একেটা বৈঠকতে পঢ়ি শেষ কৰিব পাৰি আৰু যাৰ ফলশ্ৰুতি বা প্ৰভাৱ হ’ব লাগিব সম্পূৰ্ণ একমুখী। এই সকলোবোৰলৈ লক্ষ্য ৰাখি ক’ব পাৰি যে যি সাহিত্যিক ৰচনাত মানৱ জীৱনৰ এটা বিশেষ ঘটনা বা অনুভূতি সংহতভাৱে, আকৰ্ষণীয় শৈলীৰে আৰু একমুখী প্ৰভাৱ পেলাকৈ প্ৰকাশ পায়, তাকেই চুটিগল্প বুলি কোৱা হয়।

    ৩। যুদ্ধোত্তৰ যুগৰ গল্পৰ পটভূমি সম্পর্কে আলোচনা কৰা।

    উত্তৰ: দ্বিতীয় বিশ্বযুদ্ধ, চল্লিছৰ দশকৰ ৰাজনৈতিক সংঘাত, স্বাধীনতা আন্দোলন, সাম্প্ৰদায়িক সংঘৰ্ষ আৰু দেশ বিভাজনৰ পৰিস্থিতিয়ে অসমীয়া সমাজ জীৱন তথা সাহিত্যত গভীৰ প্ৰভাৱ পেলাইছিল। যুদ্ধোত্তৰ বা 'ৰামধেনু যুগৰ' সময়ছোৱাত সামাজিক আৰু নৈতিক মূল্যবোধৰ অৱক্ষয়, মুদ্রাস্ফীতি, অভাৱ-অনাটন, নিবনুৱা সমস্যা আৰু শোষক শ্ৰেণীৰ উদ্ভৱ আদি নানা সমস্য সংকটে দেখা দিছিল। এই ঐতিহাসিক পটভূমিত জোনাকী যুগৰ ৰোমান্টিক ভাববিলাসিতাৰ অৱসান ঘটি, তাৰ স্থানত আধুনিক জীৱনৰ সংশয়, দুখবাদ, মনস্তাত্ত্বিক দ্বন্দ্ব, আৰু বাস্তৱবাদী ছবি ফুটি উঠিবলৈ ধৰিলে। 'ৰামধেনু' আলোচনীৰ জৰিয়তে চৈয়দ আব্দুল মালিক, যোগেশ দাস, মহিম বৰা, সৌৰভ কুমাৰ চলিহা, ভবেন্দ্রনাথ শইকীয়া, হোমেন বৰগোহাঞি আদি প্ৰতিভাশালী লেখকৰ হাতত যুদ্ধোত্তৰ সমাজৰ এই জটিল বাস্তৱতা আৰু মানৱ মনৰ বিবিধ অভিজ্ঞতা অতি সুন্দৰভাৱে গল্পৰ বিষয়বস্তু হৈ পৰিছিল।













    Student Review & Feedback

    আপোনাৰ মূল্যৱান মতামত দিয়ক (Share your thoughts & reviews)

    ⏳ Reviews will be verified & published within 24 hours

    📌 পৰীক্ষিত আৰু প্ৰকাশিত মতামত (Verified Reviews)

    🔒 100% Verified

    Loading verified reviews...

    ⏳

    মতামত সফলতাৰে জমা হ'ল!

    Thank you! Your feedback has been received.

    আপোনাৰ মতামত সংৰক্ষণ কৰা হৈছে। সুৰক্ষা আৰু পৰীক্ষণৰ পাছত ২৪ ঘণ্টাৰ ভিতৰত ইয়াক ৱেবচাইটত প্ৰকাশ কৰা হ'ব।












    🚨 Submit Complaint 🚨
    Hii, মই Doli Maam
    কিবা Problem আছিল নেকি Platformat?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    প্ৰশ্ন বাৰ্তা (Greeting)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    স্বাগতম, Student! Class details synced
    Please enter your real first and last name in English (minimum 2 words). Please enter a valid 10-digit Indian mobile number starting with 6, 7, 8, or 9. Please enter your authentic institution name (generic dummy entries like 'XYZ' are not allowed).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!
    Please accept the Terms & Conditions and Privacy Policy to continue.

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    আপোনাক সংশ্লিষ্ট WhatsApp চেনেললৈ লৈ যোৱা হৈছে...

    Join WhatsApp Channel Now
    Supplementary guidance only and always follow your teachers.


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website