Skip to Content
NoteSL
  • Home
  • Notification
  • Privacy Policy
  • About
  • Terms and Condition's
  • NoteSL AI
NoteSL
      • Home
      • Notification
      • Privacy Policy
      • About
      • Terms and Condition's
      • NoteSL AI

    পাঠঃ ১০

    অৰুণিমা সিনহা

    পাঠভিত্তিক প্ৰশ্নোত্তৰ

    ভাব-বিষয়ক :

    ১। চমুকৈ উত্তৰ লিখা :

    (ক) অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? 

    উত্তৰ: অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী সুনামধন্য ভলীবল খেলুৱৈ আছিল ।

    (খ) অৰুণিমা সিনহাৰ ঘৰ ক’ত?

    উত্তৰ: অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত ।

    (গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?

    উত্তৰ: হস্পিতালৰ বিছনাত শুই থাকোঁতে অৰুণিমাৰ মনত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ হিমালয়ৰ মাউণ্ট এভাৰেষ্ট জয় কৰাৰ সপোনে তীব্ৰ ৰূপ লৈছিল ।

    (ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? 

    উত্তৰ: চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই প্ৰথম এভাৰেষ্ট বিজয়ী ভাৰতীয় মহিলা বাচেন্দ্ৰি পালক লগ ধৰিছিল। কাৰণ তেওঁ জানিছিল যে বাচেন্দ্ৰি পালেহে তেওঁক পৰ্বতাৰোহণৰ সঠিক পথ আৰু পৰামৰ্শ দিব পাৰিব ।

    (ঙ) মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?

    উত্তৰ: অৰুণিমাই ২০১৩ চনৰ ২১ মে' তাৰিখে মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল । তেওঁ সেই শৃংগত প্ৰায় ডেৰ ঘণ্টা সময় ধৰি আছিল ।

    ২। অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল? এই দুৰ্ঘটনাড অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল? 

    উত্তৰ: ২০১১ চনত লক্ষ্মৌৰ পৰা দিল্লীলৈ ৰেলযোগে গৈ থকা অৱস্থাত অৰুণিমা সিনহা এক ভয়ংকৰ দুৰ্ঘটনাৰ মুখামুখি হৈছিল। চলন্ত ৰেলত এদল ডকাইতে তেওঁৰ ডিঙিৰ সোণৰ চেইনডাল থপিয়াই নিবলৈ চেষ্টা কৰিছিল, কিন্তু অৰুণিমাই বাধা দিয়াত ডকাইতৰ দলটোৱে তেওঁক ৰেলৰ পৰা বাহিৰলৈ দলিয়াই দিছিল । সেই সময়তে বিপৰীত দিশৰ পৰা অহা আন এখন ৰেলত খুন্দা খাই তেওঁ ৰেলআলিৰ কাষত পৰি ৰৈছিল । এই শোকাৱহ দুৰ্ঘটনাত অৰুণিমাই তেওঁৰ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল ।

    ৩। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?

    উত্তৰ: বাচেন্দ্ৰি পালে অৰুণিমাৰ আত্মবিশ্বাস আৰু লক্ষ্যৰ প্ৰতি থকা একাগ্ৰতা দেখি তেওঁক সঠিক প্ৰশিক্ষণ আৰু সাহস যোগাইছিল । তেওঁৰ তত্ত্বাৱধানতে উত্তৰ কাশীত অৰুণিমাই পৰ্বতাৰোহণৰ কঠিন অনুশীলন কৰিছিল । বাচেন্দ্ৰি পালে অৰুণিমাক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি তুলিছিল আৰু প্ৰতিটো খোজতে অৰুণিমাৰ মনোবল অটুট ৰখাত সহায় কৰিছিল ।

    ৪। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?

    উত্তৰ: এভাৰেষ্ট বিজয়ৰ বাবে অৰুণিমাই প্ৰায় এবছৰ কাল কঠোৰ অনুশীলন কৰিছিল । এখন কৃত্ৰিম ভৰি আৰু আনখন ভৰিত থকা লোৰ ৰডৰ সহায় লৈ তেওঁ উত্তৰ কাশীত থকা 'ইকো এভাৰেষ্ট এক্সপেডিচন গ্ৰুপ'ত যোগ দিছিল । অনুশীলনৰ সময়ত কেতিয়াবা স্বাভাৱিক মানুহে দুমিনিটত কৰিব পৰা কাম এটা কৰিবলৈ তেওঁক তিনি ঘণ্টা পৰ্যন্ত সময় লাগিছিল । ভৰিৰে তেজ নিগৰিলেও তেওঁ থমকি নৰৈ নিজকে সম্পূৰ্ণৰূপে অনুশীলনত উৎসৰ্গা কৰিছিল ।

    ৫। অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামচেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?

    উত্তৰ: লাডাখত থকা মাউণ্ট চামচেৰ কাংৰিৰ উচ্চতম শিখৰলৈ উঠিবলৈ মাত্ৰ ৬৯০ ফুট বাকী থাকোঁতে বতৰ অত্যন্ত প্ৰতিকূল হৈ পৰিছিল । এনে বিষম পৰিস্থিতিত অভিযান চলোৱাটো অসম্ভৱ হৈ পৰাত তেওঁলোকে অভিযান সামৰি আধাতে তললৈ নামি আহিবলগীয়া হৈছিল ।

    ৬। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। 

    উত্তৰ: অৰুণিমাৰ এভাৰেষ্ট অভিযান আছিল অদম্য সাহস আৰু ত্যাৰ কাহিনী। তেওঁ কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । চাৰি নং কেম্প পাওঁতে তেওঁৰ ভৰিৰ পৰা তেজ নিগৰি ভয়াৱহ অৱস্থা হৈছিল আৰু হাতত থকা অক্সিজেনো প্ৰায় শেষ হৈ আহিছিল । শ্বেৰপাজনে তেওঁক প্ৰাণৰ মায়াত উভতি আহিবলৈ অনুৰোধ কৰিছিল যদিও তেওঁ থমকি নৰৈ আগুৱাই গৈছিল । বাটত বহু অভিযাত্ৰীৰ মৃতদেহ দেখা পালেও তেওঁ বিচলিত হোৱা নাছিল । অৱশেষত ৫২ দিনৰ যাত্ৰাৰ অন্তত ২০১৩ চনৰ ২১ মে'ত তেওঁ এভাৰেষ্ট শৃংগত ভাৰতৰ জাতীয় পতাকা উৰুৱাবলৈ সক্ষম হৈছিল ।

    ৭। ‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।’— কথাষাৰৰ যুক্তযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। 

    উত্তৰ: অৰুণিমা সিনহাৰ জীৱন এই কথাষাৰৰ এক জ্বলন্ত উদাহৰণ। এখন ভৰি হেৰুৱাই বিশেষভাৱে সক্ষম হোৱাৰ পিছতো তেওঁ ভাগৰি পৰা নাছিল । সমাজৰ নেতিবাচক মন্তব্য আৰু শাৰীৰিক প্ৰত্যাহ্বানক নেওচি তেওঁ এভাৰেষ্ট বিজয়ৰ দৰে অসম্ভৱ যেন লগা কাম এটা সম্ভৱ কৰি তুলিলে । তেওঁৰ এই সফলতাই প্ৰমাণ কৰিলে যে অদম্য ইচ্ছাশক্তি থাকিলে কোনো বাধাই মানুহক ৰখাব নোৱাৰে । তেওঁৰ কাহিনীয়ে সমাজৰ দুৰ্ভাগ্যগ্ৰস্ত লোকসকলক নতুন উদ্যমেৰে জীয়াই থকাৰ আৰু লক্ষ্যত উপনীত হোৱাৰ সাহস যোগায় ।

    ৮। ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?

    উত্তৰ: ক্ৰিকেটাৰ যুৱৰাজ সিঙে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধিক নিজৰ অদম্য মানসিক শক্তিৰে পৰাস্ত কৰি পুনৰ খেলপথাৰলৈ উভতি আহিছিল । তেওঁৰ এই সংগ্ৰামী জীৱন দেখি অৰুণিমাই উপলব্ধি কৰিছিল যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই জীৱনৰ অগ্ৰগতিত হেঙাৰ হ'ব নোৱাৰে । যুৱৰাজ সিঙৰ এই জয়ে অৰুণিমাৰ মনোবল দুগুণে বৃদ্ধি কৰিছিল ।

    ৯। চমুটোকা লিখা :

    উত্তৰ:

    • বাচেন্দ্ৰি পাল: বাচেন্দ্ৰি পাল মাউণ্ট এভাৰেষ্ট বিজয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা । তেওঁ অৰুণিমা সিনহাৰ প্ৰশিক্ষক আৰু পথপ্ৰদৰ্শক আছিল । অৰুণিমাৰ অদম্য ইচ্ছাশক্তি দেখি বাচেন্দ্ৰি পালে তেওঁক সঠিক প্ৰশিক্ষণ আৰু মানসিক সাহস যোগাইছিল । তেওঁৰ তত্ত্বাৱধানত চলোৱা অনুশীলন আৰু উৎসাহৰ বাবেই এগৰাকী বিশেষভাৱে সক্ষম যুৱতী হৈও অৰুণিমাই পৃথিৱীৰ সৰ্বোচ্চ শৃংগত ভৰি দি নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছিল ।
    • তেনজিং নৰগে: তেনজিং নৰগে আছিল মাউণ্ট এভাৰেষ্টৰ শৃংগত পোনপ্ৰথমে আৰোহণ কৰা দুঃসাহসী ব্যক্তিসকলৰ ভিতৰত অন্যতম। তেওঁৰ বিৰল কৃতিত্বৰ সোঁৱৰণত ভাৰত চৰকাৰে দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে সন্মানীয় 'তেনজিং নৰগে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা' (Tenzing Norgay National Adventure Award) প্ৰদান কৰে । এভাৰেষ্ট বিজয়ৰ পাছত ২০১৫ চনত অৰুণিমা সিনহাইও তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ হাতৰ পৰা এই গৌৰৱময় সন্মান লাভ কৰিছিল ।
    • ষ্টিফেন হকিং: ষ্টিফেন হকিং বিশ্বৰ বিজ্ঞান জগতৰ এগৰাকী অন্যতম প্ৰখ্যাত আৰু প্ৰতিভাশালী বিজ্ঞানী আছিল । শাৰীৰিকভাৱে গুৰুতৰভাৱে অক্ষম হোৱা সত্ত্বেও তেওঁ কেতিয়াও নিজৰ বিৰল প্ৰতিভা আৰু মেধাক ম্লান হ’বলৈ দিয়া নাছিল । তেওঁৰ বৈজ্ঞানিক চিন্তা আৰু গৱেষণাই সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰাৰ লগতে বিজ্ঞানৰ জগতখনলৈ অপৰিসীম অৱদান আগবঢ়াই থৈ গৈছে । তেওঁৰ জীৱন যিকোনো শাৰীৰিক প্ৰত্যাহ্বান নেওচি আগুৱাই যাবলৈ এক মহান প্ৰেৰণাৰ উৎস ।

    ভাষা-বিষয়ক :

    ১। সন্ধি ভাঙা :

    উত্তৰ:

    • সংশয় = সম্ + শয়

    • পৰ্বতাৰোহণ = পৰ্বত + আৰোহণ

    • উৎসাহ = উদ্ + সাহ

    • হিমালয় = হিম + আলয়

    • প্ৰত্যাহ্বান = প্ৰতি + আহ্বান

    • বিপদাপন্ন = বিপদ + আপন্ন

    ২। তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা :

    উত্তৰ:

    • অনুৰাগ = অনু + ৰাগ (উপসৰ্গ: অনু)

    • অনুভৱ = অনু + ভৱ (উপসৰ্গ: অনু)

    • অভিনয় = অভি + নয় (উপসৰ্গ: অভি)

    • প্ৰতিফল = প্ৰতি + ফল (উপসৰ্গ: প্ৰতি)




















    Hii , মই Doli AI
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli
    ×

    তোমালোকৰ প্ৰশ্ন ?

    প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join কৰা আৰু Class/Semester বাচি লোৱাটো বাধ্যতামূলক।

    🚨 Submit Complaint 🚨

    NoteSL

    We offer a unique, engaging experience that empowers students to become truly self-sufficient. By providing instant, high-quality solutions to every academic doubt, we remove learning roadblocks in real-time. Our mission is to transform the educational journey into a seamless, independent, and rewarding path toward mastery for every learner.

    notestudylearn@gmail.com

    Quicks Links

    About Us

    Privacy Policy

    Terms & Conditions

    Contact Us

    Affiliate Disclosure

    We share educational news & study materials on social media.

    Copyright © 2026 NoteSL

    Powered by Odoo - Create a free website