Skip to Content
NoteSL
  • Home
  • Privacy Policy
  • About
  • Terms and Condition's
  • Assam Veterinary Test
NoteSL
      • Home
      • Privacy Policy
      • About
      • Terms and Condition's
      • Assam Veterinary Test

    পাঠঃ ১১

    অৰণ্যযাত্ৰা


    পাঠৰ প্ৰশ্নোত্তৰ

    ১। চমুকৈ উত্তৰ লিখা :

    (ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?

    উত্তৰ: বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ।

    (খ) পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে?

    উত্তৰ: পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে ।

    (গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?

    উত্তৰ: পলে বাচন-বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি মচা আৰু নিজৰ খোৱা কাঁহী-বাটি ধোৱা আদি কামবোৰ ছোৱালীৰ কাম বুলি পাহিক কৈছিল ।

    (ঘ) লৰ্ড কাৰ্জন কোন?

    উত্তৰ: লৰ্ড কাৰ্জন ভাৰতৰ ব্ৰিটিছ ভাইচৰয় আছিল ।

    ২। ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?

    উত্তৰ: ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক সুধিছিল যে কোনে এই কামবোৰ পৃথক কৰিলে । তাইৰ মতে তাইও দাদাৰ দৰেই পঢ়া-শুনা কৰে, তেন্তে দাদাই কিয় নিজৰ কাপোৰ জাপি নথয় বা খোৱা কাঁহীখন নুধুৱে । মাকে পাহিক বুজনি দি কৈছিল যে যি বয়সত যিবোৰ কাম কৰিব পাৰি, সেইবোৰ শিকি থোৱাটো দৰকাৰ । নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে ভৱিষ্যতে লোকৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগিব আৰু তেতিয়া সময়ে আৰু মানুহে তেওঁলোকক ঠগিব পাৰে ।

    ৩। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?

    উত্তৰ: প্ৰকৃতিৰ গছ-গছনিৰ মাজত থকা মিলা-প্ৰীতিৰ নিয়মে পাহিক আকৃষ্ট কৰে । তাই লক্ষ্য কৰে যে প্ৰতিজোপা গছৰ ৰং আৰু পাতৰ আকাৰ ভিন্ন হ’লেও সিহঁত ওচৰা-উচৰিকৈ মিলা-প্ৰীতিৰে থাকে । যেনে— তামোল গছৰ কাষত আম গছ বা কলগছৰ কাষত থকা নেমুগছৰ কাঁইটে কেতিয়াও কলজোপাক বিন্ধিবলৈ নাযায় ।

    ৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?

    উত্তৰ: দেউতাকে উপদেশ দিছিল যে সিহঁতে যেন শিক্ষকৰ লগ নেৰে আৰু শিক্ষকৰ কথা মতে চলে । আনহাতে মাকে কৈছিল যে কাজিৰঙাৰ অৰণ্যৰ পৰা বহুত কথা শিকিব লগা আছে, গতিকে যিমান পাৰে সিহঁতে যেন শিকে আৰু নিজৰ লগতে বয়-বস্তুবোৰ চম্ভালি ৰাখে ।

    ৫। ‘কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।’—এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আতিগুৰি মাৰি লিখা।

    উত্তৰ: এই কথাষাৰৰ বক্তা হ’ল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ । অৰণ্যযাত্ৰাৰ বাছত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক দায়িত্ব দিওঁতে পাহি আৰু বিদিশাক ছাত্ৰ-ছাত্ৰী গণনা কৰাৰ কাম আৰু সৌৰভ তথা আফতাবক খাদ্য বিতৰণৰ দায়িত্ব দিছিল । কিন্তু সৌৰভে খাদ্য বিতৰণ কৰাটো টান কাম বুলি ভাবি পাহিহঁতক সেই কামটো দিবলৈ কৈছিল আৰু তেওঁলোকে ল’ৰা বাবে শাসন কৰা কামটো কৰিব বিচাৰিছিল । ল’ৰা-ছোৱালীৰ কামৰ এই বৈষম্যমূলক ধাৰণা দেখি ছাৰে এই কথাষাৰ ক’বলগীয়া হৈছিল ।

    ৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?

    উত্তৰ: কাজিৰঙাত পল, আফতাব আৰু সৌৰভে শিক্ষকৰ চকু চৰাই মনে মনে আৱাসৰ পিছফালে থকা এখন বিলত এখন ফুটা নাৱত উঠিছিল । নাওখন মাজবিল পাওঁতেই তলিৰ ফুটাৰে পানী সোমাবলৈ ধৰে আৰু নাওখন ডুবিব খোজে । সিহঁতে সাঁতুৰিবও জনা নাছিল । এই বিপদৰ পৰা সেই ঠাইৰে কেইজনীমান স্থানীয় ছোৱালীয়ে (দীপালী, ৰুমী, শেৱালি, জিনা আৰু লক্ষী) সিহঁতক পানীত জঁপিয়াই উদ্ধাৰ কৰিছিল ।

    ৭। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল বহলাই লিখা।

    উত্তৰ: পল, আফতাব আৰু সৌৰভে শিক্ষকৰ অনুমতি অবিহনে মনে মনে বিলত নাও চলাবলৈ গৈ বিপদ মাতি আনিছিল, যাৰ ফলত বিদ্যালয়খন বদনামৰ পৰা কথমপিহে ৰক্ষা পৰিছিল । ছাত্ৰৰ এনে বিশৃংখল আচৰণ আৰু সুৰক্ষাৰ কথা চিন্তা কৰি হাজৰিকা ছাৰে অৰণ্য দৰ্শন কাৰ্যসূচী বাতিল কৰিব খুজিছিল । ইয়াৰ পিছত গোটেই পৰিৱেশটো নীৰৱ হৈ পৰে । পাহিয়ে থিয় হৈ দোষ নকৰাসকলক শাস্তি নিদিবলৈ অনুৰোধ জনায় । শেষত পলেও নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খোজে । শিক্ষকসকলে আলোচনা কৰি সিদ্ধান্ত লয় যে যদি পলহঁতে নিজৰ ভুল স্বীকাৰ কৰি এখন ৰচনা লিখে, তেন্তে কাৰ্যসূচী পুনৰ বাহাল ৰখা হ’ব ।

    ৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?

    উত্তৰ: মহীচন্দ্ৰ মিৰি কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া আছিল । তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই দিছিল । ইয়াৰ জৰিয়তে কাজিৰঙা অৰণ্য যে গঁড়ৰ প্ৰধান বসতিস্থল, সেই কথা তেওঁ সমগ্ৰ বিশ্বক জনালে আৰু কাজিৰঙাক বিশ্বৰ মানচিত্ৰত চিনাকি কৰি দিলে ।

    ৯। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?

    উত্তৰ: নিগনা চিকাৰীৰ প্ৰকৃত নাম হ’ল বাপীৰাম হাজৰিকা । তেওঁ ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনক প্ৰথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল ।

    ১০। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল?

    উত্তৰ: শিক্ষাৰ্থীসকলে লাভ কৰা শিক্ষাসমূহ হ’ল:

    • নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে ।

    • গছ হ’ল মানুহ আৰু বন্যপ্ৰাণীৰ শ্ৰেষ্ঠ বন্ধু, গছ অবিহনে জীয়াই থকা অসম্ভৱ ।

    • ল’ৰা আৰু ছোৱালী সকলো সমান ।

    • আত্মৰক্ষাৰ জ্ঞান নোহোৱাকৈ মৰসাহ কৰাটো মূৰ্খামি ।

    • দলীয় যাত্ৰাত অনুশাসন আৰু শৃংখলা মানি চলাটো অপৰিহাৰ্য ।

    ভাষা-বিষয়ক :

    ১। বাক্য ৰচনা কৰা :

    উত্তৰ:

    • ককাই-ভনী: পল আৰু পাহি দুয়ো আদৰ্শ ককাই-ভনী ।

    • টুলুং-ভুটুং: ফুটা নাওখন পানীত টুলুং-ভুটুং কৰি লৰচৰ কৰিবলৈ ধৰিলে ।

    • চিঞৰ-বাখৰ: অৰণ্যলৈ যোৱাৰ কথা শুনি স্কুলত ছাত্ৰ-ছাত্ৰীৰ মাজত চিঞৰ-বাখৰ লাগিল ।

    • মানুহ-দুনুহ: দুপৰীয়া বিলৰ পাৰত কোনো মানুহ-দুনুহ নাছিল ।

    • তিতি-বুৰি: বৰষুণত তিতি-বুৰি অহা ল'ৰাকেইটাক দেখি শিক্ষকসকল আচৰিত হ'ল ।

    ২। মূৰ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দৰ্শোৱা :

    উত্তৰ:

    • অৰণ্য: ‘ৰ’ৰ পিছত থকা ‘ন’ মূৰ্ধন্য ‘ণ’ হয় (ণত্ব বিধি)।

    • অৰ্পণ: ‘ৰ’ (ৰেফ)ৰ পিছত থকা ‘ন’ মূৰ্ধন্য ‘ণ’ হয়।

    • কণ্ঠ: ‘ঠ’ (ট-বৰ্গীয় বৰ্ণ)ৰ লগত যুক্ত হোৱা নাসিকা বৰ্ণ ‘ণ’ হয়।

    • ওৰণি: ইয়াৰ ব্যতিক্ৰম বা স্বাভাবিকতে ‘ণ’ হোৱা শব্দ (অসমীয়া তদ্ভৱ শব্দ)।

    • পোৰণি: স্বাভাবিকতে ‘ণ’ হোৱা শব্দ।

    • আড়ম্বৰপূৰ্ণ: ‘ৰ’ৰ পিছত থকা ‘ন’ মূৰ্ধন্য ‘ণ’ হয়।




































































































































    🚨 Submit Complaint 🚨
    Hii , মই Doli
    কিবা প্ৰশ্ন আছিল নেকি ?
    Doli - NoteSL Student Review And Questions
    ×

    প্ৰশ্ন সোধক (Ask Doli)

    ⚠️ প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ WhatsApp Channel টো join হোৱাটো বাধ্যতামূলক।

    Please enter your real first and last name in English (minimum 2 words).
    Join WhatsApp Channel
    ⚠️ Image size must be less than 4MB!

    Thank You!

    আপোনাৰ প্ৰশ্নটো সফলতাৰে লাভ কৰা হৈছে।
    মনত ৰাখিব: উত্তৰ পাবলৈ নিজৰ শ্ৰেণীৰ হোৱাটছএপ চেনেলত join থকাটো আৱশ্যক।


    NoteSL

    FYUGP 1st to 6th Semester, along with Class 11 and Class 12 study materials, added to assist students in their exam preparation and academic studies. Access all the latest notes, solutions, and guides to boost your learning.

    notesl2026@gmail.com

    Quicks Links
    • About Us
    • Privacy Policy
    • Terms & Conditions
    • Contact Us
    • Affiliate Disclosure
    Follow Us

    We share educational news & study materials on social media.


    Copyright © 2026 NoteSL. All rights reserved.


    Powered by Odoo - Create a free website